বিল্বেশ্বৰ/চৈকা ভাল্লি
-চৈকাভাল্লি-
পুৰণি চামৰ মাজত এটা পৰিচিত নাম চৈকা ভাল্লি তেওঁৰ আছিল স্বৰ্গীয় অমৃত শইকীয়া।
বিল্বেশ্বৰ দেৱালয়ত এখন সুকীয়া আসনৰ অধিকাৰী আছিল চৈকা ভাল্লি। এটা গেৰুৱা ৰঙৰ দৰ্জিয়ে চিলোৱা গেঞ্জি সদৃশ চোলা এটা আৰু চাদৰ এখন মাজে মাজে পুৰণি নামাৱলী এখনো লৈছিল। মান অভিমান বিচাৰ নকৰি নিজৰ কৰ্মত সদায় একানপতীয়া ভাবে লাগি থকা চৈকা ভাল্লি। ক'বলৈ গ'লে সচাকৈয়ে প্ৰভূ বিল্বেশ্বৰৰ চৈকা ভাল্লি আছিল সচা ভক্ত।
চৈকা ভাল্লিৰ সময়ত বেলশৰত চিকিৎসা পদ্ধতি ডাক্তৰ, ফাৰ্মাচী ইমান ওচৰত নাছিল এই ক্ষেত্ৰত চৈকা ভাল্লিৰ অৱদান আছিল উল্লেখনীয় কাৰোবাৰ বিষবেমাৰ, ল'ৰা-ছোৱালীৰ গাত দেখা দিয়া চিতিকা ঘা, বসন্ত, পেতফুলা, সন্তান সম্ভৱা তিৰোতাৰ প্ৰসৱ বেদনাৰ সময়ত চৈকা ভাল্লিৰ হাতৰ এডাল বতিয়া জাপ, অকণ জৰাপানী, আদাজাৰা, তেল জাৰাই যেন মানুহৰ দেহৰ বিভিন্ন ৰোগ নিৰাময় কৰে।
চৈকা ভাল্লিৰ সময়ত মন্দিৰৰ পৰিসীমা ইমান বহল নাছিল। মাজে সময়ে চৈকা ভাল্লি মঠৰ উত্তৰে থকা কেতেকী ফুলৰ বাগানৰ (কেটকী তুইপা) কেতেকী ফুল তুলি আনি প্ৰভূৰ চৰণত নিবেদন কৰে। চৈকা ভাল্লিৰ সময়ত আমি সৰু ল'ৰা। আমি যেতিয়া পাঠশালা স্কুলৰ পৰা চুটিৰ পিছত উলতি আহো চৈকা ভাল্লি আমাক মাতি আনি দাক্ষিণ ফালে থকা কঠাল জোপাৰ তলত বহিবলৈ দি হাত ধুবলৈ পানী আৰু একোখন সৰু কলপাত আমাক দিয়ে। তাৰ পিচত অলপ অলপ ভাত দুই তিনি টুকুৰা মাংসৰে সৈতে মাটি মাহৰ দালি দি যায়। চৈকা ভাল্লিৰ হাতৰ পৰশত সেই খাদ্য যেন অমৃতলৈ ৰূপান্তৰিত হয়। আজিয়ো পাহৰা নাই সেই সুস্বাদু ভোগৰ কথা।
সদা শান্ত নিৰ্জু চৈকা ভাল্লি মাজে সময়ে আমাক প্ৰসাদ আৰু লাৰু সদৃশ লুচি গধূলী ভোগৰ পিছত খাবলৈ দিছিল। বিল্বেশ্বৰ দেৱালয় থকা লৈকে চৈকা ভাল্লিৰ স্মৃতি জীয়াই থাকক। চৈকা ভাল্লি আদৰ্শ হৈ ৰওক।