সমললৈ যাওক

বিল্বেশ্বৰ

ৱিকিউৎসৰ পৰা
 

 

 শ্ৰীশ্ৰীবিল্বেশ্বৰ দেৱালয়, বেলশৰ

 

"বিল্বেশ্বৰ"
 লিখক: শ্ৰীপ্ৰভাত হালৈ ডোইনাপালী)
 দূৰভাষ: ৯৮৬৪৮৫৬৪৪২


প্ৰথম প্ৰকাশ : ২০ জানুৱাৰী ২০১৭
প্ৰকাশক : লিখক
গ্ৰন্থস্বত্ব : লিখক
ব্যৱস্থাপনা : শ্ৰীদেৱজিৎ হালৈ
সমগ্ৰ পৰিকল্পনা : লিখক
বেটুপাত : বিল্বেশ্বৰ দেৱালয় সমিতি
মুদ্ৰনত : গ্লোৱেল অফছেট প্ৰেছ
বেলশৰ চ'ক বজাৰ শিঙিমাৰা
৯৬১৩৫৬০৮৩৯
 
মূল্য: ২০ টকা মাত্ৰ 
 

 

পদূলিতে

 ১৯৯৮ ইং চনতে মই “বিল্বেশ্বৰ দেৱালয়ৰ আদিকথা” নামৰ সৰু কিতাপ এখন লিখি প্ৰকাশ কৰিছিলো, কিন্তু কিতাপ খনে প্ৰয়োজন অনুসৰি পাঠকৰ মনৰ খোৰাক দিব পৰা নাই। সেয়েহে পুনৰ আগৰ কিতাপখনত ৰৈ যোৱা খুতি-নাতি বোৰ পাৰ্য্যমানে শুধৰণি কৰি “বিল্বেশ্বৰ" নামেৰে কিতাপখন প্ৰকাশ কৰিলো। বিল্বেশ্বৰ বেলশৰৰ ইতিহাস যথা সাধ্যে মই প্ৰকাশ কৰিবলৈ যত্ন কৰিছো তাৰ মাজতে যদি কিবা ৰৈ গৈছে তাব বাবে পাঠক আৰু বেলশৰ বিল্বেশ্বৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছো।

 বিল্বেশ্বৰ দেৱালয়ৰ বহুল প্ৰচাৰ আৰু জন মানসত মন্দিৰৰ ইতিহাস প্ৰচাৰ কৰিবলৈ আৰু ইতিহাস প্ৰসিদ্ধ বেলশৰ বিল্বেশ্বৰ গাঁওৰ বহু অলিখিত তথ্য নতুন প্ৰজন্মৰ কাষ চপাই নিবলৈ প্ৰয়াস কৰিছো। আশা কৰো নতুন চামে নিজৰ অস্তিত্ব বুজি পাব। কিতাপখন প্ৰকাশৰ বাবে দেৱালয়ৰ দলৈ শ্ৰীযুত ৰঞ্জিত মিশ্ৰ, শ্ৰীযুত দিলীপ মেনা, শ্ৰীযুত কনক শৰ্মা, শ্ৰীযুত যাদব সেন ডেকাই মোক যথেষ্ট উদ্‌গনি দিয়াৰ বাবেহে কিতাপখনৰ প্ৰকাশ সম্ভৱ হ'ল।

 সদৌ শেষত আটাইবোৰলৈ মোৰ অন্তৰৰ শ্ৰদ্ধা, মৰম আৰু পাঠকলৈ মোৰ বিনম্ৰ অনুৰোধ যাতে কিতাপখন আদৰেৰে গ্ৰহণ কৰে।

 ভুল ত্ৰুটিৰ বাবে ক্ষমা বিচাৰিছো। ইতি—

লিখক 

 

 ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰীবিল্বেশ্বৰ দেৱালয়, ইয়াৰ পৰম্পৰা ৰীতিনীতি, অতীতৰ পৰা আজিৰ দিনতোলৈ বিল্বেশ্বৰ দেৱালয়ৰ নতুনত্বৰ সাম্যক আভাস দি মাননীয় প্রভাত হালৈ ডাঙৰীয়াই 'বিল্বেশ্বৰ’ নামৰ মন্দিৰ সম্বলিত কিতাপ খন ভক্ত প্রাণ ৰাইজলৈ আগবঢ়াই দিয়াত নথৈ আনন্দিত হৈছো। ভক্ত সমাজে কিতাপখন আকোৱালী লব বুলি আশা থাকিল।

 

ধন্যবাদেৰে 
ৰঞ্জিত মিশ্ৰ (দলৈ) 
শ্ৰীশ্ৰীবিল্বেশ্বৰ দেৱালয়, বেলশৰ 
৯৫০৮১৫১২৮৩৬ 

নিয়ৰৰ টোপাল

 ধৰ্মই মানুহক শান্তি, পবিত্রতা কৰি ধৰি ৰাখে। শ্ৰীশ্ৰীবিল্বেশ্বৰ দেৱালয় এখনি ধর্মীয় পাহাৰ। শত শত লোকে শত শত প্রণাম জনায়। ইয়াৰ মাহাৎত্মাই চিৰযুগমীয়া স্মৃতি বহন কৰি আছে। প্রতিটো শিলৰ টুকুৰাত প্রাণ পাই জীৱন্ত হৈ থাকি আশীষ বিলাইছে। অবিনাশ। ই ৰজা মহাৰজাৰেই কীৰ্ত্তি স্তম্ভ নহয়, শত সহস্ৰ লোকৰেই প্রাণৰ স্পন্দন।

 ভাতৃ স্বৰূপ প্ৰভাত হালৈ এজন অতি বিল্বেশ্বৰ ভক্ত কাৰণেই “বিল্বেশ্ববৰ আদি কথা" নামৰ কিতাপ এখন লিখিও সুনিপুণ হাতৰ পৰিচয় দিব পাবিছিল। আকৌ ‘বিল্বেশ্বৰ’ লিখিলে। ইয়াৰ স্থায়িত্ব থাকি গ'ল। ‘সাপৰ সৰু ডাঙৰ নথকাৰ দৰে’ কিতাপখনেও মহত্ব বহন কৰিছে। উৎসাহ দিবই লাগিব।

 

যাদৱ সেন ডেকা 
সাহিত্যিক পেঞ্চনাৰ 
বেলশৰ 
০১-০১-২০১৭ ইং চন 

সূচীপত্ৰ

মহাপ্ৰভুৰ মঠৰ চাৰিসীমা

মন্দিৰ নিৰ্মাণৰ আগকথা

মঠ মন্দিৰ নিৰ্মাণ

ৰজাৰ প্ৰতি স্বপ্নাদেশ

ৰজাৰ অভিলাস ত্যাগ

বিষয়বাব আৰু চুবুৰীৰ নাম১০

বিল্বেশ্বৰ দেৱালয়ৰ বাৰ মাহৰ পৰ্ব১৫

দুৰ্গা পূজা১৭

মুৰ্ত্তি বিশেষত্ব১৮

কাত্যায়নী পূজা১৯

উল্কাদান শ্যামাপূজা১৯

ৰাস উৎসৱ২০

ভোগৰ বিধি২০

উপাধিসমূহ২১

ধৰ্ম২২

মোৰ গাওঁ২২

দেৱালয়ৰ দলৈ সকল২৬

বিধি পাঠক সকল২৭

বৰদেউৰীসকলৰ বাসস্থান২৭

পুজাৰী সকলৰ নাম২৭

চৈকা ভাল্লি২৯

দেৱালয়ৰ পৰিচালনা৩০

প্ৰভু দৰ্শন৩১

 

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলভ্য।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।