বিলাতী পিঠা/ভোদাৰাম ভাগ
ভোদাৰামৰ ভাগ্য
বুদুৰাম আছিল ভোদা; এই কাৰণেই গাঁৱৰ মানুহে তাৰ নাম
দিছিল ভোদাৰাম। বুদ্ধি কৰি কোনো কাম ভোদাৰামে কৰিব
নোৱাৰিছিল। তাৰ বুদ্ধি মতে কাম কৰিলে তোমাৰ সকলো কাম পণ্ড
হবই হব। ভোদাৰামক দেখিলেই সৰু সৰু লৰা-ছোৱালী বিলাকে
চিঞৰি চিঞৰি জোকাবলৈ ধৰে।
এদিন ভোদাৰামৰ মাকে ভোদাৰামক পইছা চাৰিটা দি ক’লে— “যি সস্তা পাৱ, তাকে আনিবি; কিন্তু দৰ দাম কৰিহে বস্তু কিনিবি।’’ “কিছু সময়ৰ পাছত ভোদাৰাম বজাৰৰ পৰা আহিছে—তাৰ মূৰত এটা ডাঙৰ বোজা। সকলো অবাক্- ভোদাৰামে এপাচি গোবৰ আনিছে। মাকে ক'লে— “এইবোৰ কি আনিছ?’ ভোদাৰামে কলে—“কিয়, তুমি কৈছিলা নহয় সস্তা বস্তু আনিবলৈ? চাৰি পইছাৰ ইমানখিনি বস্তু পালো দেখি তাকে আনিলো।” ভোদাৰামৰ কথা শুনি। মাকে কলে— “মই তোক শাক পাচলিৰ যি সস্তা হয় তাকেহে আনিবলৈ কৈছিলোঁ?”
আৰু এদিন মাকে ভোদাৰামক ক'লে— “বেগতে অলপমান মিঠাই কিনি আনচোন, পলম নকৰিবি।” ভোদাৰামে একে লৰে দোকানৰ পৰা কেইডোখৰ মান মিচিৰি আনি দিলে।
আৰু এদিন আবেলি ভোদাৰামে কাপোৰেৰে ঢাকি কিবা এটা বস্তু ঘৰলৈ আনিছে। তাৰ মাকে আচৰিত হৈ ক'লে— “এইবোৰ কি অ’, কাপোৰেৰে ঢাকি কি আনিছ?” ভোদাৰামে মিচিকিয়াই কলে-- “অশ্বত্থ ফল।” মাকে কলে— “অশ্বথ ফলনো কেনেকুৱা?” মাকৰ কথা শুনি ভোদাৰামে কলে- “হু, তোমালোকে মোক ভোদা, ভোদা বোলা; অথচ তোমালোকে অশ্বত্থ ফলৰ নামকে নাজানা। অথনি মই পুখুৰীত বৰশী বাই আছিলো, হঠাৎ দেখিলো পুখুৰীৰ পাৰত এজোপা প্ৰকাও অশ্বত্থ গছত ডাঙৰ ডাঙৰ ফল লাগি আছে। মই বহুত কষ্টেৰে। কাপোৰেৰে ঢাকি এইবোৰ আনিছে। তথাপি তোমালোকে মোক কোৱা—বুদুৰাম ভোদা!”
এই বুলি ভোদাৰামে কাপোৰখন গুচাই দিলে। কিন্তু যেই কাপোৰখন সোলোকালে, তৎক্ষণাৎ ভো ভো কৰে হাজাৰ বিজাৰ বৰল ওলাই ভোদাৰামক কামুৰিবলৈ ধৰিলে। মাকে দেখিলে সৰ্ব্বনাশ! ভোদাৰামে ফল বুলি ভাবি বৰলৰ বাহ ভাঙি আনিছে। শেহত জানিবা বহুত কষ্টেৰে বৰলৰ হাতৰ পৰা সাৰিল।
ভোদাৰামৰ মনত বৰ দুখ যে সদায় সকলো মানুহে তাৰ বুদ্ধিৰ দোষ ধৰে। এদিন কিবা এটা কাৰণত পিতাকে ভোদাৰামক বৰ কোবালে। ভোদাৰামে মনৰ বেজাৰত ঘৰ এৰিলে আৰু স্থিৰ কৰিলে যে সি কেতিয়াও এই গাঁৱত নাথাকে। যি ঠাইত তাক সকলোৱে বিদ্ৰুপ কৰে, ঘৰৰ মানুহে কথায় কথায় মাৰে, এনেকুৱা ঠাইত কোন থাকে?
যি ফালেই তাৰ ভৰি দুটা যায় সি সেই ফালেই গৈ আছে। যেতিয়ালৈকে সি গাঁৱৰ ভিতৰত আছিল, তেতিয়ালৈকে লৰাবোৰে তাক পিছে পিছে হাঁহি-খিকিন্দালি কৰি খেদি গৈছিল। সিহঁতক কোনো কথা নকৈ একমনে গৈ আছে।
গধূলি সময়ত এটা সৰু পৰ্বত পালেগৈ। ভাগৰত তত নাপাই সি তাৰে এটা শিলৰ ওপৰত বহি জিৰাইছে, এনেতে সি শুনিবলৈ। পালে— কৰবাত যেন দুটা কেঁচুৱাই কান্দিছে!
এই নিৰ্জন পৰ্বতত লৰাৰ কান্দোন ক’ৰ পৰা ওলাল। বিচাৰি গৈ গৈ ভোদাৰামে দেখা পালে যে সেই পৰ্বতৰ গুহাত দুটা কেঁচুৱা লৰা পৰি আছে।
ভোদাৰাম সঁচাকৈয়ে ভোলা হলেও তাৰ মনটো আছিল বৰ কোমল। সি লৰা দুটাক কোলাত লৈ মানুহৰ ঘৰৰ ফালে যাবলৈ ধৰিলে।
পৰ্বতটোৰ সিপাৰে এজন ৰজাৰ ৰাজ্য৷ ৰাজ্যত মহা হুলস্থুল। ৰজাৰ যঁজা লৰা দুটাক ধায়ে তেল-কুৰ ঘঁহি ৰদত থৈছিল, এনেতে দুটা বান্দৰে লৰা দুটাক লৈ পলাল। আৰু কোনেও বিচাৰি পোৱা নাই৷
গোটেই ৰাজ্যৰ মানুহে বিচাৰিছে। ৰজাই নগৰত ঢোল পিটি তৎক্ষণাত ভোভো কৰে হাজাৰ বিজাৰ বৰল ওলাই ভোদাৰামক কামুৰিবলৈ ধৰিলে৷ শুনালে- “যি ৰজাৰ লৰা দুটাৰ কোনো সন্ধান দিব পাৰে— তাকে আধা ৰাজ্য দিব আৰু ৰাজ কন্যাক বিয়া দিব।”
ভোদাৰামে এইবোৰ একো নাজানে। লৰা দুটাক আশ্ৰয় দিবলৈ নি, সি সেই ৰাজ্য পালেগৈ। ভোদাৰামৰ কোলাত যুঁজা ল’ৰা দুটাক দেখি সকলোৱে চিনিব পাৰিলে যে সেই দুটাই ৰজাৰ হেৰোৱা যঁজা লৰা হাল।
সকলোৱে ভোদাৰামক ৰজাৰ ওচৰলৈ লৈ গল। লৰা দুটা পাই ৰজাই স্বৰ্গ ঢুকি পোৱা যেন পালে। তাৰ পাছত এদিন শুভ দিনৰ শুভ লগ্নত ৰাজ-কন্যাক বিয়া কৰাই ভোদাৰামে আধা ৰাজ্যৰ ভাৰ পালে।
ভোদাৰামৰ ভাগ্যৰ বলত তাৰ মাক হল আজি ৰাজমাও, আৰু তাৰ পিতাক ৰজাৰ পিতাক হৈ শ্ৰদ্ধা আৰু সন্মান পাইছে। ০০