সমললৈ যাওক

বিলাতী পিঠা/নমুলী

ৱিকিউৎসৰ পৰা

নুমলী

"অকণমান তাই   নুমলী ছোৱালী
বাটত উমলি ফুৰে,
কেকোৰা-কেকুৰি   চুলিটাৰি আহি
গালে-মুখে ঢাকি ধৰে।”

 ওঁ, তাই অকণমানি! নাম নমুলী। ৰঙচুৱা বাবৰি চুলিকুছি তাইৰ, গাল-মুখ ঢাকি ধৰিলে ওপৰ-মুখ হৈ জোকাৰ মাৰি তৰা যেন চকু দুটি মুকলি কৰি লয়। বাটে-পথে য’তে-ত’তে উমলিবলৈকে বৰ ভাল পায় তাই।

 ডাঠ হাবিখনৰ সিপাৰে নুমলীৰ অকলশৰীয়া বুঢ়ীমাকৰ টোকোৰা পঁজাটি, নিমাওমাওকৈ তাতে বুঢ়ী নৰীয়া পাটিত পৰি আছে। খৰাহি এটা কোঁচত গুজি দি মাকে নুমলীক ক'লে, “বুঢ়ী আয়েৰ পৰি আছে। এয়া এফেৰা মাখন, চাইটা কণী আৰু অকণ মৌ দিছো, তয়ে দি আহগৈ। ঘৰত আৰু কেও নাই। চাবি, বাটত উমলি ৰাতি নকৰিবি। সাঁজ লাগাতে হাবিত বনৰজা ওলায় একা!

 হাবিতলীয়া লুঙলুঙীয়া বাটটি। দুয়ো কাষে কতনো চৰায়ে উমলিছে, গীত জুৰিছে। সিহঁত আটায়ে যেন নুমলীক মাতিছে, ‘আহ, ওমলোগৈ!' কেইপাহমান অতিকৈ ধুনীয়া বনৰীয়া ফুল বতাহত হালি- জালি থকা তাই মন কৰিলে। নিমিষতে মাকৰ হাক, বনৰজাৰ ভয় সকলো পাহৰিলে। খৰাহিটো মাটিত থৈ তাই ফুল ছিঙিবলৈ লাগিল। সেইদৰে থাকোতে তাতে সন্ধ্যা লাগিলহি। তাইৰ পেটত ভয় লাগিল। ছাঁটোকে বনৰজা যেন দেখিবলৈ ধৰিলে আৰু মাকৰ কথালৈ মনত পৰিল। খৰাহিটো কাষত লৈ তাই কোবাকুবিকৈ কিৰ ঘৰৰ ফালে যাবলৈ ধৰিলে।

 ‘হওম! হওম!!’ হাবিৰ পৰা এটি বনৰজা ওলাই আহিল। তাক


‘হওঁম! হওঁম!!’
হাবিৰ পৰা এটি বনৰজা
ওলাই আহিল। তাক দেখি নুমলীৰ বুকু কঁপিল।

দেখি নুমলীৰ বুকু কঁপিল। তাই ভিৰাই ধৰি লৰ মাৰিব খোজোতেই

বনৰজাই আগচি ধৰি ক'লে- নুমলী! সেই বাটে আন মানুহৰ লগত বুঢ়ীমাকৰ ঘৰলৈ যোৱা সি নুমলীক আগেয়েও দেখিছে। ‘ভয় খাইছা কেলেই, নুমলী? মই তোমাক একো নকৰো নহয়।” ‘সঁচাকৈয়েনে?’ নুমলীয়ে হেঁপাহকৈ সুধিলে। ‘ওঁ, তোমাৰে শপত, ভনীটী। পিছে তুমিনো ক-ল-ই যোৱা?’ বনৰজাই লেন লগাই মাতিলে। চল পাই নুমলীয়ে কলে- ‘বুঢ়ী আইৰ ঘৰলৈ।’

 বনৰজা - ‘অ’ নুমলী! অ’ নুমলী।
 খৰাহিত সেয়া কি?
 নুমলী – “বুঢ়ী আইলৈ   পঠাইছে আয়ে
 মাখন এফেৰা দি।”
 বনৰজা – ‘অ’ নুমলী!   অ’ নুমলী।
 খৰাহিত সেয়া কি?
 নুমলী : ‘বুঢ়ী আইলৈ   পঠাইছে আয়ে
 কণী চাইটা দি।’’
 বনৰজা - ‘অ’ নুমলী!   অ’ নুমলী!
 আৰু কি আনিছ ঔ!’
 নুমলী :- ‘বুঢ়ী আইলৈ   দিছে আয়ে
 পঠাই অকণ মৌ।’

বনৰজাৰ জিভাৰ পানী পৰিল। সি সুধিলে- ‘তোমাৰ বুঢ়ীমাৰ ঘৰনো কেনেকুৱা?’
 নুমলীয়ে হাঁহি হাঁহি অঙ্গি-ভঙ্গি কৰি আঙুলিয়াই দেখুৱালে— ‘সৌটি, সৌটি! হাতী দাঁতৰ ৰুৱা; ৰদ জিলিকে পুৱা।”
 বনৰজাই ‘বা-ৰু' বুলি শলাগি বেগাবেগিকৈ আন এটা বাটে গৈ নুমলীৰ বুঢ়ীমাকৰ ঘৰ ওলালগৈ। সি লাহে লাহে দুৱাৰত টুকুৰিয়াবলৈ ধৰিলে। নুমলীৰ বুঢ়ী মাকে পাটিত পৰি থাকি সুধিলে ‘কোন সেয়া?
 বনৰজাই কলে—‘মই নুমলী।’
 বুঢ়ী- ‘ক’ৰ নুমলী?
 বনৰজা— তোমাৰ নাতিনীয়েৰা।  বুঢ়ী— ‘কেলেই আহিছ?’
 বনৰজা—‘তোমাৰ গা বেয়া বুলি শুনি আয়ে পঠিয়াইছে’।
 বুঢ়ী— ‘মোলৈ কি আনিছ?’
 বনৰজা— ‘কণী, মৌ আৰু মাখন।’
 বুঢ়ী— ‘ওঁ, দুৱাৰ মেলা আছে, সোমাই আহ।’
 দুৱাৰ মেলি সোমাই গৈয়ে বনৰজাই “হওম্” বুলি বুঢ়ীক খাবলৈ মুখ মেলি খেদি গল।
 বুঢ়ীয়ে ভয়তে একে লৰেই ৰান্ধনী ঘৰত দুৱাৰ দাং মাৰি সোমালগৈ।
 বনৰজা নিৰাশ হৈ উলটি আহি মূৰে-গায়ে বুঢ়ীৰ ফটাকঠাখন লৈ পাটিত শুই পৰিল। এনেতে নুমলী আহি দুৱাৰত টুকুৰিয়ালে।
 বনৰজা— “কোন সেয়া?”
 নুমলী— ‘মই নুমলী!’
 বনৰজা— ‘ক’ৰ নুমলী?’
 নুমলী— 'তোমাৰ নাতিনীয়েৰা।
 বনৰজা— ‘কেলেই আহিছ?’
 নুমলী— ‘তোমাৰ গা বেয়া বুলি শুনি আয়ে পঠাইছে।
 বনৰজা— ‘মোলৈ কি আনিছ?’
 নুমলী— ‘মৌ, মাখন আৰু কণী।’
 বনৰজা- “ওঁ, দুৱাৰ মেলা আছে, সোমাই আহ।”
 নুমলী দুৱাৰ মেলি সোমাই গ'ল। বনৰজাক বুঢ়ী বুলি ভাবি তাই কলে— “বুঢ়ী আই, তোমাৰ চকু দুটা ইমান ডাঙৰ কিয়?”
 বনৰজা— “তেহে তোক ভালকৈ দেখিম।”
 নুমলী— “তোমাৰ হাত দুখন ইমান দীঘল কিয়?”
 বনৰজা- “তেহে তোক ধৰিব পাৰিম।’’
 নুমলী— “তোমাৰ দাঁতকেইটা ইমান ডাঙৰ কিয়?”
 বনৰজা— “তেহে তোক কামুৰিব পাৰিম।”
 এইবুলি বনৰজাই একে জাপে পাটিৰ পৰা নামি গৈ তাইক খাব খুজিলে।
 নুমলীয়ে ভয়ত “খালে ঔ” বুলি চিঞৰ মাৰিলে আৰু তাৰ লগে লগে খৰাহীৰ পৰা কণী দুটা লৈ তাৰ দুইটা চকুলৈ মাৰি দিলে। কণী দুটা ভাগি বনৰজাৰ চকু দুটা খন্তেকলৈ কণা হল। সি কাণি-মুনি খাই নুমলীক ধৰিব নোৱাৰিলে। ৰান্ধনী ঘৰৰ পৰা আইতাক ওলাই হয় আহিল আৰু ওচৰ-চুবুৰীয়া মানুহবোৰ চাপি-কুচি হাতে হাতে টাঙোন টোকোন লৈ বনৰজাক মৰিয়াই মাৰি পেলালে। তাৰ পাছত নুমলীয়ে আটাইকে সকলো কথা কলে। বুঢ়ীমাকে ৰং পাই নুমলীক মৰম কৰিলে। জা-জলপান খাবলৈ দিলে আৰু তেওঁলৈ অনা মাখন আৰু মৌৰো অকণ অকণ দি মৰম কৰি পাছদিনা ঘৰলৈ পঠাই দিলে।

 কলে মেলিলে থোৰ। আমাৰ কথাৰ পৰিল ওৰ॥
 তামোলে মেলিলে ডাবি। কোন কলৈ যাবি॥
 কঠালে পেলালে মুচি। যাওঁ ঘৰঘৰি গুচি॥ ০০