বিননি/সিহঁত নাই
অৱয়ব
< বিননি
সিহঁত নাই
ঘৰ আজি শূন্য হ’ল;
সিহঁত কেইটি ক’লৈ গ’ল?
আজি ঘৰত সিহঁত মোৰ নাই!
অনন্ত আনন্দময়
সিহঁতেই মোৰ আশ্ৰয়
হ’ল আজি সিহঁত মোৰ ছাই।
কত দিনৰ কত কথা
মনত পৰি জাগে বেথা
চকুলোৰে বুকু তিতি যায়;
মোৰ অসুখ-বিসুখ হ’লে
কোন ব্যস্ত হ’ব হাঁয়
সিহঁত কেইটি ঘৰত মোৰ নাই!
সচাকৈ সিহঁত নাই,
মৰম-চেনেহ হ’ল ছাই,
অগনিয়ে সকলো পুৰিলে।
মোৰ এই আকুল আহ্বান
সকলোটি মিছায়ে নে?
সকলো শূন্যলৈ উৰি গ’লে!
চন্দ্ৰ সূৰ্য্য নক্ষত্ৰচয়
সকলো শূন্যতে ৰয়,
শূন্যতে সকলো থান পায়;
তেনেহ’লে মোৰ হেৰোৱা
অমূল্য ৰতন কেইটি
শূন্যত নেপাব জানো ঠাই?
গুচুৱাঁ আকাশ তোমাৰ
নীলা যৱনিকা খনি,
কৰোঁ মই অশেষ কাকূতি;
বিচাৰি চাবলৈ দিয়া,
চাই জুৰ কৰোঁ হিয়া
হেৰোৱা অমূল্য ধন কেইটি