সমললৈ যাওক

বিননি/সমৰ্পণ

ৱিকিউৎসৰ পৰা
'

সমৰ্পণ

বাটে বাটে গৈ থাকোঁতে
মাণিক কেইটিৰ বাট হেৰালে,
ইমান দিনৰ চিনাকি বাট
নিমিষতে অন্ত হ’লে।

চকু মেলি দেখা পালে—
অচিন বাটত ভৰি দিলে,
চিনা-জনা আই-ভাই
কাকোচোন নেদেখা হ’লে!

শৰত কালৰ বতাহত যেন
শেৱালি ফুলৰ সুৱাস পাই,
নিৰাশ অন্ধকাৰৰ মাজত
আশাৰ জ্যোতি দেখা পাই,

হ’ল অতি মুগুধপ্ৰায়;
যেন অমৃতৰ সন্ধান পাই
আশা নিৰাশা বুকুৰ মাজত
দুনাৱে দুভৰিপ্ৰায়।

আশা নিৰাশা মনত খেলাই
আছিল বিমোৰ হৈ,
মূৰ তুলি দেখিবলৈ পালে—
গৰাকী আছেহি ৰৈ।

দুবাহু মেলি আথে-বেথে
তুলি ল’লে পুষ্পক-ৰথে,
বিশ্ব-সাৰথিয়ে চলায় ৰথ
সৰগৰ দুৱাৰত ৰয়।

দেৱ-বালাই পাৰিজাত ফুলৰ
মালা পিন্ধাই দিলে,
গন্ধৰ্ব্ব-ৰজাই মৃদং বজাই
আদৰি-সাদৰি নিলে,

মেনকা ৰম্ভাই উৰুলি দিলে,
উৰ্ব্বশীৰ নৃত্য আৰম্ভ হ’লে,
শচী-ইন্দ্ৰৰ শাৰীত বহুৱাই
অভিনয় দেখুৱালে।

প্ৰভু অশেষ ধনেৰে ধনী হৈও
হেঁপাহ নপলায়?

মোক দিয়া মাণিক কেইটি
নিলা বাটত পাই!

দি মোক অমূল্য মণি
তুমি কৰিছিলা ধনী,
তোমাৰ কিনো হ’ল হানি
কাঢ়ি নিলা কৃপণ প্ৰায়।

তোমাৰ ধন তুমি নিলা
আৰু মোৰ একো নাই,
তোমাৰ পাৱত সঁপি দিলোঁ
দিবা চৰণত ঠাই।

অভাগিনী থাকিলোঁ পৰি
মাণিক কেইটি নিলা হ’ৰি,
চকু দি ৰাখিবা যাতে
মাউৰা বুলি গম নেপায়।