বিননি/লখিমী আই
লখিমী আই
লখিমী আই মোৰ লুকাই আছিলা
কোন সৰগৰ তলত?
অমৃতৰ ঘট লৈ দেখা মোক দিলাহি,
পালোঁ কি পুণ্যৰ বলত!
বুকুত আনিছিলা মৌ ৰহঘৰা,
মুখত মৌ-সনা মাত;
কৰুণ চকু জুৰি টান মাত শুনিলে
মুকুতা বৰষে তাত।
অতিকে কোমল লৱনু পুতলা
অলপতে পমি যায়;
সাত নিলগীয়াৰ চকুলো দেখিলে
উচুপি কান্দে মোৰ আই।
মুঠিতে লুকুৱা সৰু কঁকালটিৰ
তলত পৰি থাকে বেণী;
মুকলি-মূৰীয়া পখিলাটি যেন
ফুৰি ফুৰে যেনি তেনি।
কুহুম বুলীয়া মুগাৰ সাজটি
পৰিপাটি কৰি পিন্ধি,
চিছা উবুৰিয়াই গাত সানি ল’লে
আছিলে যত সুগন্ধি।
আহি কলে মোক,— “জানিছ আইতা,
এই থিয়েটৰত হেনো,
“উদয় শঙ্কৰৰ নাচোন নাচিব
মোৰ দাদাই কোৱা শুনো;
“সেয়েহে আইতা যাবলৈ ওলাইছোঁ,
নকৰিবি তই মানা,
“বৰ ককাইদেউ নবৌও যাব,
মই আৰু “দীপ” পোনা।”
মুখতে মুখখনি লগাই কৈছিলা,—
“থাকিম আজিৰটো ৰাতি;
“কাইলৈ আহি এইখিনি পামহি,
দিম কেঁচা মুগা কাটি।
“মোৰ খনি কাপোৰ ভাল কৰি ববি
মাজু ককাইদেউৰ বিয়াত,
“এতিয়া হ’লে মই সুমুৱাই হে থম,
তেতিয়াহে লম গাত।
“মোৰ চেইন ডালি বেয়া হৈ আছে
নিপিন্ধো আইতা আৰু;
“আজি ৰাতিখন থিয়েটৰ চাওঁতে
কোনেনো দেখিব বাৰু?”
হে অন্তৰ্য্যামী, তেতিয়ানো তুমি
না নোবোলালা বাণী,
হাঁ বোলাই হৰি সকলো হৰিলা
জ্বলালা বুকুত অগণি।
এই কেইটি কথা শেষৰ কথা আইৰ
মোৰ হল অনন্ত বাণী;
চকু দুটিৰ পানী পৰোঁ পৰোঁ কৰি,
উঠিল গাৰীত কল্যাণী।
তাৰ পাছত আৰু একোকে নাজানো
কেনেকৈনো কিটো হ’ল;
কাল ৰাতিটোৰ পুৱাতে শুনিলো
মোৰ বোলে সকলো গ’ল।
জ্ঞান শ্ৰুতি মোৰ সকলো হেৰালে
পৃথিবী শূণ্য দেখিলোঁ;
গোটেই জগৎ খন এন্ধাৰ দেখিলোঁ
সেইপোনে ঢলি পৰিলো॥