বিননি/মাৰ্জ্জনা
অৱয়ব
< বিননি
মাৰ্জ্জনা
সুখৰ সপোন মোৰ অনন্তত লীন হ’ল,
হিয়াৰ আনন্দ দেখোঁ হিয়াতে লুকাল;
নিভৃতে হিয়াত ফুলা আনন্দ ফুলৰ পাহি
কালৰ সোঁতত আজি কেনি উটি গ’ল।
হৃদি আকাশত জ্বলা দুপৰ সূৰুয মোৰ
নেপালে সন্ধিয়া দুপৰতে মাৰ গ’ল;
ফুলনি শুৱাই থকা এডালি গোলাপলতা
ফুলোতে এপাহি ফুল গুৰি ছিগি গ’ল!
কালি মই দেখিছিলোঁ ধুনীয়া পদুম পাহি,
আজি দেখোঁ সৰি গ’ল ছিগি ভাগি পাহি;
ৰূপহী কিশোৰী লীলা ক্ষন্তেকতে মাৰ গ’ল
শিশুৰ লুকাল সেই মনমোহা হাঁহি।
লীলাময় লীলা-খেলা খেলিছা লগত যাৰ
ক্ষুদ্ৰাদপি ক্ষুদ্ৰা এই দুৰ্ভগীয়া নাৰী;
সকলো মাৰ্জ্জনা কৰা নোৱাৰোঁ সহিব আৰু
নুমুৱা জীৱন-বন্তি গছি শীঘ্ৰ কৰি॥