সমললৈ যাওক

বিননি/বাটৰুৱা

ৱিকিউৎসৰ পৰা

বাটৰুৱা

যেতিয়া গ’লা তুমি ৰাতি এপৰ প্ৰায়
কৃষ্ণ পক্ষ একাদশী তিথি।
তেতিয়া আকাশৰো পৰে চকুৰ পানী
লোকে যাক বোলে পুষ্প বৃষ্টি।
লেখা তোমাৰ আধা লেখাতে থাকিল
পঢ়া আধা পঢ়াতে এৰিলা;
আকাশ পথৰ পথিক হ’লা তুমি
আৰু চাৰিটি লগত ল’লা।
যাবৰ বেলা এষাৰিও নকলা কথা
নললা কাৰো বিদায় বাণী,
মায়াৰ বান্ধোন মুহূৰ্ত্তে ছিঙিলা তুমি
নুটুকিলা হায় চকুৰ পানী।
তুমি হ’লা আজি অতি নিৰ্ম্মম কঠিন
ঘূৰি চাবৰো সময় নাই;
তোমাৰ কাৰণে জানো কোন বিয়াকুল
গ’লা তেওঁৰ আহ্বান পাই।
ঘৰত আছিলা জ্ঞান পথৰ পথিক,
আজি হ’লা আকাশ পথৰ,

ঘৰৰ সকলোটিয়ে হেৰুৱাই জ্ঞান
কান্দে কোনে দেখাব পোহৰ?
প্ৰভুৰ নিয়ম মতে  সময় হ’লত
গ’লা তুমি প্ৰভুৰ সন্তান,
মাৰ্জ্জনা খুজিবৰ মোক নিদিলা সময়,
তাতে অতি বিয়াকুল প্ৰাণ।
হঠাৎ শুনিলা জানো  পথৰ মাজত
আতুৰ হৈ কৰিছে আহ্বান,
আতুৰক ৰখাটোৱে তোমাৰ স্বভাৱ
সিকাৰণে গলা মতিমান।
নতুবা শুনিলা বিশ্ব-মোহনৰ স্বৰ
মোহন বাঁহীত সুৰ ধৰি।
থাকিব নোৱাৰা হ’লা নাম ধৰি মাতে
মুহূৰ্ত্তে পালা অজান পুৰী।
মোহন বাঁহীৰ সুৰ ৰিণি ৰিণি আহি
অভাগীৰো কাণত পৰেহি;
তোমাক পাবলে’ আৰু বেছি পৰ নাই
অচিন পথ চিনাই নিবাহি।
ঘৰৰ ঠিকনা ম‍ই সমূলি নেজানো
মনে মোৰ কৰে যাওঁ যাওঁ।
ধ্ৰুব তৰা তুমি মোৰ য’ত জিলিকিছাঁ
সেই পথ চিনি যেন পাওঁ॥