বিননি/নাৱৰীয়া
অৱয়ব
< বিননি
নাৱৰীয়া
কাকূতি কৰিছোঁ হেৰা নাৱৰীয়া,
নাও মেলি মোক সিপাৰলৈ নিয়াঁ
তোমাৰ চৰণে অভাগী দাসীয়ে
কৰোঁ শত কোটী সেৱা
মোক পাৰ কৰি নিয়াঁ।
যিমান আহিছে ধুমুহা আহক,
পৰ্ব্বতৰ সমান ঢৌ উঠি থক,
জয় ৰাম বুলি নাও মেলি দিয়া
বিপদ আঁতৰি যক;
নাও মোৰ সিপাৰ হক।
উলটি নেযাওঁ নাই মোৰ ঘৰ,
কোন নো আপোন কোন নো পৰ,
যেতিয়া তোমাৰ লগ পাম গৈ
সকলোৱে একাকাৰ;
তোমাক কৰিছোঁ নমস্কাৰ।
এন্ধাৰে পোহৰে খেলি বহু খেলা
এতিয়া যাবৰ হল মোৰ বেলা,
কিয় ভাবি গুণি পলম কৰিছা,
কিয়নো নিঠুৰ হ’লা
মেলা তোমাৰ নাও মেলা।
কাকূতি কৰিছো নাও মেলি দিয়া,
নাৱৰ বুকুত মোক তুলি লোৱা
মাথো তুমি থাকা আৰু মই থাকো
নাও তুমি মেলি দিয়া;
কৰোঁ শত কোটী সেৱা॥
—অন্ত—