সমললৈ যাওক

বিননি/দিছাঙৰ পাৰত

ৱিকিউৎসৰ পৰা

দিছাঙৰ পাৰত

দেখা দেহি ঐ বৰমইনা
অভাগী মাৰাৰ প্ৰাণ যায়,
আইতা বুলি এষাৰি মাতাঁ
সকলো হক সপোনপ্ৰায়।

পুৱাৰপৰা ৰাতিলৈকে
মইনা বুলি কতনো মাতোঁ
প্ৰাণৰ পুত্ৰ তোক নেমাতি
এতিয়া মই কেনেকৈ থাকোঁ?

তুমিও মাতাঁ আইতা বুলি
মুখত মধুৰ হাঁহিটি,
সংসাৰ চলোৱা সকলোতে
আইতাৰ লাগে অনুমতি।

পুত্ৰ সৌভাগ্যৱতী বুলি
মনত অপাৰ আনন্দ পাওঁ,
প্ৰভুৰ অশেষ কৰুণা বুলি
চৰণে শত সেৱা জনাওঁ।

পুত্ৰ মোৰ মাতৃগত প্ৰাণ
কদাপি মোক নেযায় এৰি
নিঠুৰ কালে বলেৰে নিছে
থিয়েটৰ চোৱাৰ ছল কৰি।

দুখিনীৰ অমূল্য ৰতন
দিছাং-পানীত পৰি হেৰালি
অভাগীৰ প্ৰাণৰ পুতলা
আৰু তিনিটি লৈ গলি।

সেই তিনিটি এৰি থৈ গ’লে
মৰমৰ আইতাৰ দুখ হ’ব,
কেঁচুৱা তোলা ভনীটি দিয়া
বোৱাৰীৰ কান্দোন কেনেকৈ স’ব

সাধু পুত্ৰ মোৰ এবাৰ কোৱাঁ
আইতা তোক ভাল নেপাওঁ;
তাকে শুনিলেও অভাগী মাৰে
অলপ জানো শান্ত্বনা পাওঁ।

জ্ঞানতঃ বা অজ্ঞানকৃত
যত ক্ৰটী হ’ল মোৰ,
ক্ষমা কৰ পুত্ৰ মোৰ
হাঁহি মুখে ক্ষমা কৰ।