বিননি/তোমাৰ দেখা
অৱয়ব
< বিননি
তোমাৰ দেখা
তোমাৰ বাতৰি পায় মোৰ মনে
নিশ্বাসৰ পৰশনে;
তুমি আহা বুলি গম দিয়ে মোক
দক্ষিণৰ সমীৰণে।
আৰু দেখা দিয়া নীল আকাশত
অসংখ্য তৰাৰ মাজে;
দেখা দিয়া তুমি ফুলৰ সু-গোন্ধে
দেখা দিয়া হিয়াৰ মাজে।
নেলাগে তুমি মোক বঞ্চিতা কৰিব
মৌন গম্ভীৰ কৰি;
নেলাগে বান্ধিব অচিন ডোলেৰে
দেখোঁ প্ৰাণ মন ভৰি।
মোহন বাঁহীৰ নুশুনাবা সুৰ
নুভুলাবা মোৰ মন;
তোমাক দেখাৰ শকতি বঢ়োৱাঁ
দেখোঁ হৃদয়ৰ ধন॥