সমললৈ যাওক

বিননি/ঘৰ

ৱিকিউৎসৰ পৰা

ঘৰ

আজি কিয় ঘৰ  নিটাল নিমাত
 সাৰ সুৰ কিয় নাই
কাৰ বিহনে  মৌন-ব্ৰত ধৰিলি
 কাহঁ পৰি জীণ যায়।
শৰীৰৰ তেজ দি  তিল তিল কৰি
 কোনে সাজিছিলে তোক,
পুৱা গধূলি  হেঁপাহেৰে চাই
 লভিছিল কোনে সন্তোষ।
পূবৰ কোঠাটিত  কোনে দিনে ৰাতি
 সাহিত্যৰ চৰ্চ্চা কৰি
ৰবীন্দ্ৰ নাথৰ  কঠিন শব্দ কোনে
 বুজাইছিল উজু কৰি।
দক্ষিণৰ বাৰাণ্ডাত  কোন অপেস্বৰাই
 হাতত চেতাৰ লৈ
“আমাৰ পৰাণ যাহা চায় তুমি তাই”  বুলি
 সুৰ ধৰে গহীনকৈ।

কেউটি কোঠাতে  সুৰ বিয়পিলে
 থাক তই অমৃতত বুৰি
তাকে হেৰুৱাই  সেইহে আজি তই
 আছ মৌন ব্ৰত ধৰি।
কোন দেৱবালা  কিশোৰী কল্যাণীৰ
 হাতৰ পৰশ পাই
দিনৰে দিনটো  মছি মোহাৰি তোক
 ৰাখে জেউটি চৰায়।
সৰগৰপৰা  শিশু ৰূপে আহি
 এপাহি পাৰিজাত ফুল
গোটেই ঘৰতে  সৌৰভ বিলাই
 কৰিছিল আমোল-মোল।
সকলোৱে আজি  এৰি গুছি গ’ল
 হিয়া তোৰ শূন্য কৰি
সেইহে আজি তই  নিটাল নিমাত
 আছ মৌন ব্ৰত ধৰি।