সমললৈ যাওক

বিননি/কাকূতি

ৱিকিউৎসৰ পৰা

কাকুতি

তুমি আহাঁ বুলি  হে মোৰ দেৱতা
 হৃদয় দুৱাৰ মুকলি
কৰিলোঁ ঈশ্বৰ  নিৰাশ নকৰা
 দিয়াহি চৰণৰ ধূলি।
ৰাৱণৰ চিতাৰ  অগনি জ্বলিছে
 হিয়াৰ মাজে দিনে ৰাতি;
তোমাৰ চৰণৰ  শীতল ছাঁয়া দিয়া
 দাসীয়ে কৰোঁ কাকূতি।
অগনি তাপত  একোকে নেদেখোঁ
 জগৎ খনেই কোৱা-মোৱা;
কৰুণা ৰসৰ  কণিকা চেটিয়াই
 অগনি প্ৰভু নুমুৱা।
মনৰ মায়া-মোহ  আঁতৰাই নিয়া
 হৃদয়ত দয়া দিয়া;
কাকূতি কৰিছোঁ  হে মোৰ দেৱতা,
 তোমাক জানিবলৈ দিয়া।