সমললৈ যাওক

বিননি/কল্যানী ৰূপিনী

ৱিকিউৎসৰ পৰা

কল্যাণী ৰূপিণী

ঘৰত আছিলা তুমি কল্যাণী ৰূপিণী,
লখিমী বোৱাৰী মোৰ অতি সুলক্ষণী।
শিৰত জিলিকি আছে সেন্দুৰৰ ৰেখা;
ধীৰে ধীৰে আহি দিলা সমুখত দেখা।
সজল নয়নে মোৰ মুখলৈ চাই;
ভক্তি ভাৱে সেৱা কৰি ল’লাহি বিদায়।
দুয়ো হাতে তুলি শিৰ স্নেহেৰে চুমিলোঁ,
কুশলে আহাঁগৈ বুলি আশীৰ্বাদ দিলোঁ।
সৰুৰে৷ সৰুটি হৈ মোৰ কাষত আই,
আপোনাক ৰাখিছিলা কিৰূপে লুকাই?
যিদিনা এৰিলা মোক মেলিলা দুৱাৰ,
সকলোকে দেখুৱালা স্বৰূপ তোমাৰ।
মৃত্যুৰ মাজত তুমি অমৃত মিলালা,
মৰণতো জীৱনৰ প্ৰিয়জন পালা।
সকলোৰে প্ৰিয় ৰূপে গুণে নিৰুপমা,
আছিলা স্বামীৰ তুমি অতি প্ৰিয়তমা।

প্ৰেম মন্দাকিনী সোঁতে স্বামীৰে বুৰিলা;
চেনেহৰ পুত্ৰ ননদকো সঙ্গে নিলা।
ব্যথাৰে উপচি থকা আকুল পৰাণে,
পালা শান্তি প্ৰণয়ৰ শেষ আলিঙ্গনে।
ক’লা জানো আধাফুটা মাতে “প্ৰিয়তম,
আজিহে সফল হ’ল দাসীৰ জনম।”
কিন্তু আই, পালা তোমাৰ চেনেহৰ ধন,
দুখুনীয়ে হেৰুৱালোঁ অমূল্য ৰতন।
বিধৱাৰে পৰা শান্তিপানী চেটিয়াই,
যি পুত্ৰে ৰাখিলে মোক আজিকো জীয়াই।
তেনে পুত্ৰ বিহনে নেযায় মোৰ প্ৰাণ,
কঠিন শৰীৰ মোৰ বজ্ৰতোকে টান।
যিকিটা আনন্দ দিন কটালা ৰঙেৰে,
মোহাৰি যাবানে তুমি আপোন হাতেৰে?
অনন্ত আনন্দ সেই অপূৰ্ব্ব লেখনী,
আপোন হাতেৰে লেখি গ’লা যে কল্যাণী।
সাধ্য নাই মছিবৰ কষটিৰ ৰেখা;
সূৰ্য্য কিৰণত দেখো সোণোৱালী লেখা॥