বিননি/অৰ্পণ
অৱয়ব
< বিননি
অৰ্পণ
যাৰ দৰশনে মোৰ প্ৰাণত পূৰ্ণিমা হয়,
পৰশনে শীতলায় দেহ,
যাৰ মৌসনা মাত কাণত পৰিলে মোৰ
হিয়াত উথলি উঠে স্নেহ;
যাৰ অদৰ্শনে আজি জগৎ এন্ধাৰ দেখোঁ,
দিন হয় অমাৱস্যা ৰাতি;
যাক হেৰুৱাই আজি হৃদয় শ্মশান হ’ল,
হেৰাল মনৰ সুখ-শাঁতি;
সুৱঁৰি কেউটি সেই পৰাণ পুতলি মোৰ
ৰচোঁ মোৰ বিলাপ শোকৰ;
গুণীজনে নিজগুণে মৰষি সকলো দোষ
দেখুৱাব মহত্ত্ব মনৰ।
সেই স্মৰণত আজি মৰা মালঞ্ছত এই
ফুলিলে যি আধৰুৱা ফুল;
শোকাতুৰা জননীৰ শোকৰ বিলাপ বুলি
শুধৰাই ল’ব যেন ভুল।
সংসাৰৰ যত পাপী সকলো পাপীৰে আহি
সীমা মোতে পৰিছে যদিও;
তথাপি মানুহ মই মানুহৰ কাষ চাপি
বিননিৰে বেদনা জনাওঁ।
যিকেইটিক হেৰুৱাই অসমৰ সকলোৱে
টুকিছিলে এদিন চকুলো;
সিকেইটিৰ সোৱঁৰণী — সিসৱৰ ওচৰতে
পুত্ৰহাৰা জননীয়ে
শোকৰ “বিননি” সমৰ্পিলোঁ॥