সমললৈ যাওক

বিননি/অৰ্পণ

ৱিকিউৎসৰ পৰা

অৰ্পণ

যাৰ দৰশনে মোৰ  প্ৰাণত পূৰ্ণিমা হয়,
 পৰশনে শীতলায় দেহ,
যাৰ মৌসনা মাত  কাণত পৰিলে মোৰ
 হিয়াত উথলি উঠে স্নেহ;

যাৰ অদৰ্শনে আজি  জগৎ এন্ধাৰ দেখোঁ,
 দিন হয় অমাৱস্যা ৰাতি;
যাক হেৰুৱাই আজি  হৃদয় শ্মশান হ’ল,
 হেৰাল মনৰ সুখ-শাঁতি;

সুৱঁৰি কেউটি সেই  পৰাণ পুতলি মোৰ
 ৰচোঁ মোৰ বিলাপ শোকৰ;
গুণীজনে নিজগুণে  মৰষি সকলো দোষ
 দেখুৱাব মহত্ত্ব মনৰ।

সেই স্মৰণত আজি  মৰা মালঞ্ছত এই
 ফুলিলে যি আধৰুৱা ফুল;
শোকাতুৰা জননীৰ  শোকৰ বিলাপ বুলি
 শুধৰাই ল’ব যেন ভুল।

সংসাৰৰ যত পাপী  সকলো পাপীৰে আহি
 সীমা মোতে পৰিছে যদিও;
তথাপি মানুহ মই  মানুহৰ কাষ চাপি
 বিননিৰে বেদনা জনাওঁ।

যিকেইটিক হেৰুৱাই  অসমৰ সকলোৱে
 টুকিছিলে এদিন চকুলো;
সিকেইটিৰ সোৱঁৰণী —  সিসৱৰ ওচৰতে
 পুত্ৰহাৰা জননীয়ে
 শোকৰ “বিননি” সমৰ্পিলোঁ॥