সমললৈ যাওক

বিননি

ৱিকিউৎসৰ পৰা
 

বিননি

 

হিমলা বৰুৱানী

 

সোণাৰি, আসাম
১৮৫৮

 

 

 বিননি – শ্ৰীপাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ দ্বাৰা প্ৰকাশ কৰা হ’ল আৰু ঠেঙালৰ “বাতৰি-প্ৰেছ”ত শ্ৰীডম্বৰুধৰ ফুকনৰ দ্বাৰা ছপা কৰা হল।

 

আঠ অনা

 

পাতনি

 ইংৰাজ-আমোলৰ আৰম্ভণতে অসমীয়া যি কেইটি সদ্বংশজাত পৰিয়াল সাহিত্যানুৰাগী আছিল তাৰ ভিতৰত পোন প্ৰথম অসমীয়া অভিধান ৰচোতা ৺যাদুৰাম ডেকা বৰুৱাৰ পৰিয়াল অন্যতম। এই পৰিয়ালত পুৰুষানুক্ৰমে ইংৰাজীত “কলচৰ” বোলা বস্তুটো ভালদৰে শিপাই আহিছে। এই পুৰুষত স্বৰ্গীয় ভগৱতী প্ৰসাদ বৰুৱা আৰু তেওঁৰ সহোদৰ কেইজনৰ গাতো সেই সুকাঠৰ সুগন্ধ পোৱা গৈছে। কালে অকালতে কুটি নেপেলোৱা হলে ভগৱতীৰ প্ৰস্ফুটিত জীৱনৰ সৌৰভ বহুত দূৰলৈকে গ’লহেতেন।

 সকলো বিষয়ত নিষ্ঠা আৰু নীতিৰ মাজত বৰ্দ্ধিত ভগৱতীপ্ৰসাদে সৰুৰেপৰা জীৱনৰ অমিয়া বোলা আপুৰুগীয়া বস্তুটি হৃদয়ত গুপুতভাৱে চাব জানিছিল, আৰু—তাতোকৈ ডাঙৰ গুণ—চাই তৃপ্ত হব পাৰিছিল। ভগৱতীপ্ৰসাদৰ দেহাৰ যিমানখিনি কান্তি আছিল, চৰিত্ৰৰ কমনীয়তাই তাক আৰু উজ্বল কৰি তুলিছিল। এই কাৰণেই স্বভাৱতে নিৰ্জ্জনপ্ৰিয় ভগৱতী নিজানৰ বিল এখনিত ফুলি থকা নিমজ ভেঁট পাহিৰ দৰে দীপ্তমুখ আছিল।

 ভগৱতী সৰুৰেপৰা ভাবুক আছিল। কিন্তু ভাৱ প্ৰৱণতাতকৈ ভাৱগ্ৰাহিতা গুণ তেওঁৰ অধিক আছিল। ভগৱতীপ্ৰসাদৰ চকু আছিল দাৰ্শনিকৰ, আৰু হৃদিপদ্মত সৌন্দৰ্য্যৰ শতদল পাহি মেল খাইছিল। ভাৱৰ আহিলা-পাতি লৈ নিজৰ এখনি সুকীয়া কল্পলোক সৃষ্টি কৰাৰ আনন্দতেই ভগৱতীৰ বিশ্ৰাম-সুখ আছিল। তেওঁ স্বল্পভাষী আছিল যদিও, তেওঁৰ কথাৰ ধাৰ বহুত দূৰলৈকে বৈ গৈছিল।

 ছাত্ৰ-জীৱনতেই ভগৱতী প্ৰসাদে দেশ-বিদেশৰ জ্ঞানৰাশি আহৰণ কৰি নিজ হৃদয়ত যিটি মৌ-কোঁহ পাতি লৈছিল তাৰ ৰসতেই নিজক সদায় সুমিষ্ট কৰি থব পাৰিছিল। জগত-কবি ৰবীন্দ্ৰ নাথৰ কবিতাৰ ৰসৰ ফুট ধৰিবপৰা গুণ তেওঁৰ গাত অতিকৈ আছিল। ভগৱতীপ্ৰসাদৰ নিজৰ লিখিত কবিতাতো ভাৱৰ গভীৰতা ইমান বেছি যে তাত যেয়ে সেয়ে থাউনি পোৱা টান। ইফালে গদ্য-সাহিত্যতো তেওঁৰ প্ৰতিভা জিলিকি উঠিছিল। তেওঁ লিখা চিঠিবিলাকত ইমানখিনি অভিজ্ঞতা আৰু সূক্ষ্ম-জগতৰ কথা প্ৰকাশ পাইছিল যে সেই কথা ইয়াত কৈ শেষ কৰিব নোৱাৰি; এনেজন সৰ্ব্বগুণী ডেকা অকালতে হেৰুৱাই অসম-জননী আজি যে সন্তাপিত সেই কথা নকলেও হব।

 সেই দিনা দিচাঙৰ ঘটনাটি আজি অসমত এটা ডাঙৰ লোমহৰ্ষক-কাণ্ড হৈ পৰিছে। দিচাঙৰ উত্তৰ পাৰে বাগিচাৰ বহাত খাই-বৈ ভগৱতীপ্ৰসাদ চিৰসঙ্গিনী ভাৰ্য্যা, চিৰৰঙিলী ভনীয়েক, দেৱদুত পুত্ৰ, পৰিয়ালৰ অন্যতম জীয়ৰীৰ দৰে সেৱিকা সৰুদৈক লগত লৈ ভায়েকৰ সৈতে দক্ষিণ পাৰে শিৱসাগৰত অভিনয় এটি চাবলৈ ওলাল। প্ৰতিমা-সদৃশ প্ৰতিমা আইদেওৰ আনন্দ “দাদাই উদয় শঙ্কৰৰ নৃত্যাভিনয় দেখুৱাব!” অভিনয় আৰু চোৱা হল নে? দিচাঙৰ ঘাটত মটৰ হঠাতে পানীত পৰি সকলোটিকে জলমগ্ন কৰিলে। বিধতাৰ বিধানত শ্ৰীমান পাৱ তিপ্ৰসাদক পাৰলৈ আনিব পৰা হ’ল, বাকী কেউটিপ্ৰাণীৰ সলিল সমাধি হ’ল। পাচোঁটি প্ৰাণীৰ ইহলীলাৰ যৱনিকা পৰিল। ইপাৰৰপৰা কৃ্ত্ৰিম অভিনয় ৰঙ্গমঞ্চত চাবলৈ যাওঁতে যি পৰপাৰ হল আৰু দুনাই উলটি অহা কথা ভাবি নেচালে ভগৱতীয়ে নিজৰ সোণৰ-সংসাৰ, খনিকেই তুলি নি কোন অজ্ঞান দেশত নিজৰ সুকীয়া এখনি বৈকুণ্ঠপুৰী পাতিছেগৈ কোনে কব?

 দিচাঙৰ পানী আফালি উঠিল, পাৰত অসংখ্য নৰনাৰীৰ সমাগমত সেই ঠাই তীৰ্থ-সদৃশ হৈ পৰিল! “ভগৱতী মইনা” বোলোঁতে পমি যোৱা মোমাইদেৱেক, আপোন-পৰ ইষ্ট-মিত্ৰ সকলোৱে কৰুণ-ক্ৰন্দন ধ্বনিয়ে আকাশ দুফাল কৰিলে। তাৰ পাছত অৱৰ্ণনীয় দৃশ্য! চকুৰ আগেদি জুই আঙনি যোৱা দৃষ্টিৰে যমকো থৰহৰি কম্পমান কৰাবপৰা মাতৃদেৱীৰ উন্মাদ অৱস্থা! “লক্ষ্মণ হেন” ভায়েকৰ মুহূৰ্ত্ততে মৰুৰ দৰে শুকাই যোৱা প্ৰাণৰ ছাটিফুটি!! সেই দৃশ বৰ্ণাৰপৰা জগতত ভাষা নাই। ইমানতে ইয়াত আঁৰকাপোৰ দিওঁ।

 জয়দেৱ কাকুতিত গছৰ পাত সৰিছিল। “প্ৰিয়তম পুত্ৰৰ অকাল-বিয়োগত শোকাতুৰা মাতৃৰ অন্তৰৰ কৰুণ “বিননি”ত সেই দিনা দিচাঙৰ পানীত খলকনি উঠিল। সেই বিননি এদিনৰ নে? নহয়, সি মাতৃ-স্নেহৰ দৰে চিৰন্তন সত্য। তাৰে সুৰ একোটি হৃদয়তন্ত্ৰীত আপুনি বাজি উঠি “বিননি”ত লয় পাইছে। ইহকাল পৰকাল শ্ৰদ্ধাৰে বিশ্বাস কৰি অহা এই গৰাকী মাতৃদেৱীৰ “বিননি”ত যি কেইটি সুৰ বাজি উঠিছে সি মাথোন অফুৰন্ত মাতৃস্নেহৰ একোটা ক্ষীণ-ধ্বনি। পুৱা-গধূলি গোসাঞ ঘৰত সোমাই ইষ্টদেৱতাক তুতি-নতি কৰি পৰমানন্দ-লোকত বাস কৰা, শাস্ত্ৰ-ভাগৱত আলোচনা যাৰ নিত্য নৈমিত্তিক ক্ৰিয়া, নিষ্ঠা সদাচাৰ যাৰ প্ৰতিমুহূৰ্ত্তৰ আচৰণ, ভ্ৰমতো যি পৰৰ গ্লানি গাই এধানো সুখ নেপায়, সেই গৰাকী দেৱী-তুল্যা মাতৃদেৱীৰ প্ৰতি বিধি নিদাৰুণ হল যদিও, সকলো কথা তেওঁতে “সমৰ্পণ” কৰি নিজক নিজেই সান্ত্বনা দিব পৰা আধ্যাত্মিক শক্তি তেওঁৰ “বিননিত” ফুটি ওলাইছে। কি বিশ্বাস! “মাণিক কেইটি নিলা হৰি, চকু দি ৰাখিবা যাতে মাউৰা বুলি গম নেপায়।” জানোচা অমৰ লোকতো মাতৃস্নেহৰপৰা বঞ্চিত হৈ নিজক মাউৰা বুলি ভাৱে, এই বাবেই এনে কাকুতি।

 ছায়াবাজীত দেখুৱাদৰে মায়াৰ আঁৰ-কাপোৰ খনত নিয়তিয়ে অনুক্ষণ ভৌতিক-ক্ৰিয়া দেখুৱাই প্ৰাণীৰ মন বিচলিত কৰি থাকে। এই আঁৰ-কাপোৰখন ডাঙি দিলেই বাজীকৰৰ হাতত নিৰ্ব্বাক পুতলা কেইটি ওলাই পৰে। নিয়তিৰ এই উন্মাদনাৰ হাত সাৰিবলৈ কাতৰ জননীয়ে কৈ উঠিছে—“তোমাৰ ধন তুমি নিলা আৰু মোৰ একো নাই, তোমাৰ পাৰত সঁপি দিলোঁ দিবা চৰণত ঠাই।” মাতৃস্নেহৰ প্ৰৱল সোঁতত নিয়তিৰ আকাশ-ভেদী “নীলা যৱনিকা”খনি কেনি উটি গল তাৰ সন্ধানো পোৱা টান। একে থৰে চাই থকা মাতৃৰ চকুৰ আগত চিৰ-চেনেহৰ প্ৰতিবিম্ব কেইটি আহি পৰিলহি—কণ্ঠধ্বনি উঠিল .....“চিনো চিনো কৰোঁ, গাৰ কাপোৰ-কানি লৰা দেখোঁ বতাহত। দেখি মনে মনে গুণো, কাৰ পদধ্বনি শুনো? শীতল হাতৰ পৰশ পাই যেন চেতনা লভিলো পুনু।” এয়ে চিৰ-চৈতন্য লোকত বাস কৰা আত্মাৰ অৱস্থা। এইটো মনৰ উদ্‌তাস্ত গতি নহয়।

 নিয়তিৰ লগত চিৰ-বিৰোধ চলিব নোৱাৰে যে এই সত্য “বিননিৰ” সুৰত ৰিণি-ৰিণি শুনা গৈছে। অথচ এই দ্বন্দ্বৰ হাত সৰাও টান। ইয়াত ঠকাসৰকা হৈ মৰ্ম্মাহত জননীয়ে “প্ৰাৰ্থনা” কৰিছে—“তোমাৰ ইচ্ছাকে পূৰ্ণ কৰি থাকা ইয়াকে কৰো কামনা। সবেও এৰিলে তুমি যেন নেৰা দাসীৰ এয়ে প্ৰাৰ্থনা॥”

 এগৰাকী নিষ্ঠাৱতী মাতৃৰ বুকু উদং কৰি যোৱা এটি পৰিয়ালৰ সোণৰ-সংসাৰখনি দিচাঙত উটি-বুৰি কোন দিকচৌ পালেগৈ সেই কথা একমাত্ৰ সৰ্ব্বনিয়ন্তা বিধতাই জানে। মাতৃৰ উদং বুকুত দিনে-ৰাতিয়ে সন্ধানৰ যি একোটা ৰিং দূৰদূৰণিৰপৰা আহি ঠেকা খাইছে সেয়ে “বিননিত” উচ্ছ্বাসৰ অফুৰন্ত সুৰ হৈ ৰূপ দিছে। মাতৃ-স্নেহৰ অমৃত-ধাৰাত ৰসাত্মক হৈ “বিননি” যথাৰ্থতে আজি “কবিতা ৰূপে প্ৰকাশ” পাইছে; লেখনীও সাৰ্থক হৈছে।

১৫ ফাগুন।
১৮৫৮ শঁক
“বিননিৰ” সুৰত মুগ্ধ
শ্ৰীনীলমণি ফুকন

 বিননি—প্ৰিয়তম পুত্ৰৰ সপৰিয়ালে অকাল বিয়োগত শোকাতুৰা মাতৃৰ অন্তৰৰ কৰণ বিননি। শোকাতুৰা জননীয়ে গুণী পুত্ৰৰ বিয়োগত কাতৰ হৈ “বিননিৰে অন্তৰৰ” তীব্ৰ বেদনা জনাই যি কেইটিক হেৰুৱাই এদিন দেশৰ সকলোৱে চকুপানী টুকিছিল,” সেইসকলোৰে ওচৰত শোকৰ কৰণ ‘বিননি’ সমৰ্পণ কৰিছে।

 যি ‘মাতৃগতপ্ৰাণ মইনাই’ মাতৃৰ অনুমতি নোপোৱাকৈ কোনো কামকে নকৰিছিল, যি মইনাই এৰি থৈ গলে ‘আইতা’ৰ আমনি হব বুলি লগতে কেউটি লগৰীয়া লৈ গল, যাৰ ব্যৱহাৰত কোনো লোকেই কোনো আমনি পোৱা নাছিল, যাৰ মনত আপোন-পৰ খিয়লা-খিয়লি ক্ষুদ্ৰ দলাদলি ভাৱে সমূলি ঠাই নাপাইছিল, ভ্ৰাতৃপ্ৰেমত যি জন শ্ৰীৰাম সদৃশ, পূৰ্ণচন্দ্ৰ সদৃশ মুখখনি যাৰ, যি জন জ্ঞান-পথৰ একান্ত পথিক, যি জন গুণত অতুলনীয়, যাৰ কাৰণে পুত্ৰ-সৌভাগ্যৱতী বুলি মাতৃয়ে প্ৰভুৰ অশেষ কৰুণাৰ বাবে প্ৰভুৰ ওচৰত শতবাৰ প্ৰণতি জনায়, সেই মাতৃৰ ইহজনমৰ পোনপ্ৰথমৰ অতি আদৰৰ ধন হিয়াৰ অমূল্য মানিকক অভাগীমাতৃৰ বুকু কুঠাৰেৰে ছিৰি নিয়াত নিষ্ঠুৰ নিয়তি ইচ্ছা পূৰ হল হয়, কিন্তু মাতৃৰ ঘৰ সুদা হল, বুকু উদং হল। আজি ঘৰৰ পূবৰ কোঠাত বহি কোনে ৰবীন্দ্ৰনাথৰ কাব্য উজুকৈ বুজাব; আজি পিৰালিকাষত কোনে বহি চেতাৰেৰে সুললিত গীত গাব; ঘৰৰ সকলোখিনি আজি কোনে চালে চকু ৰোৱাকৈ সজাই থ’ব; শেৱালি-তল কোনে দিনে চিকুণাব; লতা- কৰবীৰ ফুল আছি মাকৰ মূৰত কোনে পিন্ধাই দিব।

 চন্দ্ৰ, সূৰ্য্য গ্ৰহ নক্ষত্ৰ সকলোটিয়েই শূণ্যতে ঠাই পায়, হেৰোৱা অমূল্য মাণিক খিনি যদি শূণ্যতে বিলীন হল, তেনে আকাশ তোমাৰ নীলা যৱনিকাখনি আঁতৰোৱা, কাতৰ মাতৃয়ে হেৰোৱা ধন বিচাৰি হিয়া জুৰ কৰি লওক। আৱেগত জননীয়ে কয় –

“বুকু ছিৰি নিয়া বুকুৰ তেজ কিটোপা
 আকাশত জিলিকা চাওঁ।”

 পুত্ৰৰূপী পূৰ্ণিমাৰ জোনটি যেতিয়া কাল ৰাহুৱে গিলিলে তেতিয়া ক্ষন্তেকলৈ এন্ধাৰ হলেও সকলোৰে পৰা আঁতৰ হলেও জননীৰ বুকুত সেই জ্যোতি আজীৱন বিৰাজ কৰে। সেই কাৰণে কৈছে—

“যি দুদিন থাকো বুকুৰ মাণিক,
বুকুতে জিলিকি থাকাঁ।”

আজি যেন পুত্ৰই জননীৰ আগত কৈছে—

চাব তই জানিলে নিতৌ দেখা পাবি
আজি অকল নহওঁ তোৰ;
বহুল চকু মেলি দেখিবলৈ পালোঁ
গোটেইখন ব্ৰহ্মাও মোৰ।
পুৱাৰ সূৰুযতে দেখিবলৈ পাবি
তোৰ মইনাৰ মিচিকি হাঁহি
গোলাপৰ গছতো চালে তই দেখিবি
ফুলিলে গোলাপ পাহি
দক্ষিণৰ মলয়াৰ বাত পৰশ পাবি
ডাৱৰত গহীন মাত
পূৰ্ণিমাৰ জোনটি একে থৰে চাবি
মুখখনি দেখিবি তাত।
এটি এটি কৰি কিমান কম আইতা
পৃথিবী জুৰি মোৰ জ্যোতি
তই মোৰ নহৱ মই তোৰ নহওঁ
ঈশ্বৰৰ এয়ে নীতি।

 ঈশ্বৰৰ এয়ে নীতি। এয়ে প্ৰকৃতিৰ আৰু নিয়তিৰ লীলা। এইখিনিতেই কবিতাৰ সীমা। মাতৃৰ প্ৰাণৰ পুতলা ৰূপে-গুণে নিৰূপমা লখিমী বোৱাৰীয়ে, যি গৰাকী কল্যাণী সতীয়ে মৰণতো আপোন সতীত্ব গুণেৰে জীৱনৰ প্ৰিয়-জনক সৰগপুৰীলৈ লৈ গল, যি মুৰ দোৱাই কালি মাথে বিদায় লৈছিল; কপালত সেন্দুৰৰ ৰেঘাৰে সেই সৰ্ব্বসুলক্ষণী প্ৰফুল্লময়ী ৰূপহী সাজে-পাৰে বিভূষিতা হৈ আজি দিচাঙৰ ধূলিত মাত-বোল নাইকীয়া হৈ পৰি থকা দেখি কোন নিঠুৰৰ চকু পানী নোলাব।

 যি সোণৰ ‘প্ৰতিম৷’ ফুলকুঁৱৰীয়ে নিতৌ শেৱালী তল চিকুনাইছিল, যাক ফুল পালে আন একোকে নালাগে—

(যি) বুকুত আনিছিলে মৌ ৰহঘৰা
মুখত মৌ সনা মাত;
(যাৰ) কৰুণ চকু জুৰী টান মাত শুনিলে
মুকুতা বৰষে তাত।
অতিকে কোমল লৱনু পুতলা
অলপতে পমি যায়।
(যি) মাত নিলগীয়াৰ চকুলো দেখিলে
উচুপি কান্দে মোৰ আই।

যি থিয়েটাৰলৈ যাবৰ সময়ত জননীৰ মুখত মুখ খনি লগাই কছিল।

“থাকিম আজিৰটো ৰাতি,
কাইলৈ আহি এইখিনি পামহি
দিম কেচা মুগা কাটি।
মোৰ খনি কাপোৰ ভাল কৰি ববি
মাজিউ ককাইদেউৰ বিয়াত,
এতিয়া হলে মই সুমুৱাইহে থম
তেতিয়াহে লম গাত।
মোৰ চেইন ডালি বেয়া হৈ আছে
নিপিন্ধো আইতা আৰু;
আজি ৰাতিখন থিয়েটাৰ চাওঁতে
কোনেনো দেখিব বাৰু।”

 এই কেইটি শেষ অথচ অনন্ত বাণী শুনাই সেই কালৰাতিৰ পুৱাতে যেতিয়া জানিলে— “মোৰ বোলে সকলো গল”—তেতিয়া মাতৃয়ে গোটেই জগৎ এন্ধাৰ দেখা স্বাভাৱিক।

 ‘আইতা’ৰ চোতালত আজিও লতাকৰবীৰ ফুল ফুলি আছে, কিন্তু তাৰ সৌৰভ আৰু সৌন্দৰ্য্য নাই। ‘আইতা’ৰ ‘দেহলাও দীপে’ আজি ফুল ছিঙি আনি লখিমী মাকৰ খোপাত গুজিবলৈ নাহে; এতিয়া লতাবোৰ দেখিলে আইতাৰ মনত ছাটিফুটি হে লাগে। এন্ধাৰ প্ৰাণৰ দীপশিখাটি নিঠুৰ নিয়তিয়ে দিনক ৰাতি কৰি লৈ গল।

 চেনেহৰ নিজৰা বনৰ হৰিণী যেন আহোম জীয়ৰী সৰুদৈয়ে কেৱে নেদেখাত দেহলাও পোণাটিক কত চুমা খায়। আজি সকলো শেষ। সকলোটি অবিহনে আজি ঘৰ নিমাত, নিটাল।

“বতাহ লাগে বুলি আঁচল দি ঢাকিলো
সেয়েহে নুমাল ঐ দীপ
কোমল গোলাপ পাহি বুকুত সুমাইছিলো
সেয়েহে সৰিল ঐ ফুল।”


 এই সকলোটিয়ে অন্তৰৰ সকলো আদৰ-চেনেহ উপেক্ষা কৰি আঁতৰি যোৱাত জননীৰ কবিতাময়ী হিয়া শুকান মৰুৰ তপত বালিৰে পূৰ হল। মাতৃয়ে এতিয়া অকল জীৱনপথৰ শেষ সীমা পাবলৈহে একান্ত মনে বাঞ্ছা কৰিছে; সকলো দুঃখৰ শান্তিয়নীস্বৰূপ মৃত্যু কামনা কৰিছে।

“পথৰ সীমাৰ শেষ চাই থাকো অনিমিষে
কেনেকৈ ভাঙো ই প্ৰাচীৰ।”
        
“সকলো মাৰ্জ্জনা কৰা নোৱাৰো সহিব আৰু
নুমুৱা জীৱন-বন্তি গছি শীঘ্ৰ কৰি।”
        

“পৰাণে বিচাৰে মোৰ হে মৃত্যুসুন্দৰ,
শান্তিময় আলিঙ্গন জুৰুৱা অন্তৰ।
জ্বলিছে হৃদয় মোৰ নেপাওঁ তৰণি,
বুকুত সাৱটি ঢালা মৃত্যু শান্তিয়নী।

নহলে—

“শক্তি দিয়া প্ৰভু মোক   হৃদয়ৰ যত দুখ
হাঁহি মুখে উপেক্ষিব পাৰো,
শক্তি দিয়া প্ৰভু মোক  তোমাৰ চৰণে শিৰ
দিনে ৰাতি ৰাখিব যেন পাৰো।
শক্তি দিয়া ক্ষুদ্ৰ জনক  নকৰো যেন হীন জ্ঞান
বলী জনৰ চৰণে নপৰো;
শক্তি দিয়া তোমাৰ প্ৰভু  অভয় চৰণ তলে
সকলো মোৰ সমৰ্পিব পাৰো॥
        

 প্ৰাণৰ আৱেগত হিয়া উবুৰিয়াই দিয়া অন্তৰৰ সুকোমল ভাবৰাশিয়েই কবিতাৰূপে প্ৰকাশ পায়। শোকৰ কৰুণ “বিননি”ও কবিতা। আৰু ই মধুৰ।

শ্ৰীতুলসীনাৰায়ণ শৰ্ম্মা
যোৰহাট ১৪ ফাগুন ১৮৫৮

নিয়তি

আজি নিশা সোণ, নালাগে ওলাব,
নালাগে জলাব বিজুলী বাতি;
লখিমী বোৱাৰী নাযাবা লগত,
নালাগে ভেদিব পিশাচী ৰাতি।
নিজান নিটাল সান্ধ্য গগণ,
তেজেৰে ৰাঙ্গলী ৰবিৰ কিৰণ;
বিনামেঘে আজি চমকে বিজুলী
কাল-অজগৰে ধৰিছে ছাটি।

 

‘আজি নিশা সোণ, নিনিবা লগত
বংশ-প্ৰদীপ পোনাটি মোৰ,
চউপাশে শুনে৷ অমঙ্গল-ধ্বনি
উঠিছে প্ৰাণত বিননি সুৰ।
তৰাই তৰাই কিনে৷ কথা কয়,
জলিছে পুৰিছে জননী-হৃদয়।
আজি নিশা সোণ, নালাগে ওলাব,
নামানে বুজনি পৰাণে মোৰ।’

কোন মায়াবিনী মেঘৰ আঁৰত
মিচিকি হাঁহিৰে দেখালি পথ?
‘ক্ষমা কৰা, আই, নোৱাৰো থাকিব,
আপুনি চলিছে বিজুলী ৰথ।
আকাশে বতাহে উঠে হাঁহাঁকাৰ,
চকু পানী বয় ৰূপহী তৰাৰ,
সজল-নয়না অসম জননী,
নোৱাৰে কোনেও ৰোধিব পথ!

 

কি খেলা খেলিলি নিঠুৰ নিয়তি!
তোৰ কথা দেখো নহয় লৰ;
তোৰ ইঙ্গিতত নাচে গ্ৰহ তৰা,—
তয়েনে আপোন সকলো পৰ?
ভায়ে ভায়ে মিলি সাবটা-সাবটি,
কাষতে আছিলি কঠুৱা নিয়তি!
তোৰ লীলা-খেলা তয়েই বুজিলি,—
ভাইৰে অতিথি ভাইৰে ঘৰ।

তই তুলি দিলি ভাইৰে হাতত
বিজুলী ৰথৰ ভাগ্য চকা;
ভাইকে কৰিলি নিমিত্তৰ ভাগী,—
তোৰেই মায়াতে সকলো ঢকা।
ভাই মোৰ সাৰথি নালাগে নামিব,
ভায়ে আনায়াসে দিচাং তৰাব;
কুহকী নিয়তি মিচিকি হাঁহিৰে
ভাইৰে হাততে ঘূৰালি চকা।

 

মুখ মেলি আছ পাষাণ-জীয়ৰী,
নোৱাৰিলি তই উলটি ব’ব?
কাক খাবলই জনম ধৰিলি?
জগতত তোৰ খিয়াতি ৰ’ব!
ডুবিলে জোনাই নীল আকাশত,
সোণোৱালী তৰা লুকুৱা মেঘত,
দিচাঙ্গে গিলিলে সোণৰ পুতলা,
নোৱাৰা সহিব, নালাগে চাব।

কৰে নাৱৰীয়া! লখিমী বিচাৰি
সন্ধিয়া বেলিকা চাপিলি ঘাট?
চকুৰ আগতে লখিমী ডুবিলে,
দেখিও নিদিলি এষাৰি মাত!
শুন নাৱৰীয়া! চিৰঞ্জীৱী হই,—
ৰবি চিৰকাল পৃথিবীত তই,—
নিতউ সন্ধিয়া শুনিবি এবাৰ
মৃত্যু-কাতৰ কিশোৰী মাত।

 

ধনকে চিনিলি, ধনতে মজিলি!
নালাগে মেলিব জুৰুলা হাত;
তেজেৰে ৰাঙ্গলী দিচাং পানীৰে
খাই যা এসাজি সন্ধিয়া ভাত!
তেজকে দেখিবি, তেজকে ৰান্ধিবি,
তেজৰ পানীৰে পিয়াহ গুচাবি;
যতদিন জীবি দেখিবি আগত
পোনাটিৰ সেই মুকুতা দাঁত!!

শুন নাৱৰীয়া! নিয়তি আদেশ,—
ধনেৰে ভৰাবি দুখনি নাওঁ?
ধান হলে তই নাপাবি বিচাৰি,
ৰ’ব চিৰকাল লখিমী শাও।
পতান ধানেৰে ভৰাল ভৰাবি,
কাকনো খুৱাবি, কাকনো তুষিবি?
পাবিনে সহায় দেৱতা-মানৱ,
যেতিয়া আহিব ধুমুহা বাও?

 

মেঘে আৰি গ’ল বিজুলী হাৰ,
গগণে পিন্ধালে মুকুতা-মালা;
কোন সৰগত থিতাতে লুকাল
লক্ষ্মীৰূপিণী অসম-বালা!
আকাশী বতাহে কাণে কাণে কয়,
নোৱাৰো বুজিব কিবাটো জনায়!
কোন নন্দনত পাতিলে আসন,
আদৰি নিলেহি ত্ৰিদিব বালা!

শান্ত, সৌম্য, সুকোমল তনু,
তুমি বলোৰাম অথবা শিৱ,
কিম্বা পূণ্যশ্লোক নল অৱতাৰ,
প্ৰিয়ম্বদ তুমি সবাৰে প্ৰিয়।
আত্মপৰ ভেদ খিয়লা-খিয়লি;
নাছিল তোমাৰ ক্ষুদ্ৰ দলাদলি;
ৰোগ, শোক, তাপে তাপিতা ধৰাত
চিৰকাল তুমি থাকিবা কিয়?

 

যোৱা তেনে ভাই! যাচিছো বিদায়
চকুৰ পানীৰে আজলি ভৰি;
যোৱা পতিপ্ৰাণা লখিমী বোৱাৰী
সীতা-সাৱিত্ৰীৰ পূৰোৱা শাৰী।
যোৱা দেৱদূত জননী কোলাত,
হাঁহিবা যিদৰে হাঁহিলা ধৰাত;
যোৱা পুণ্যপ্ৰভা অসম কিশোৰী,
স্বৰগ বালাৰ মূৰতি ধৰি।

গ্ৰহ-তৰা আৰু সুনীল আকাশ!
শুনি যোৱা মোৰ এষাৰি কথা,
মালাধাৰি মোৰ নহল পূৰণ,
বনফুল পাহি নহল গঁথা।
‘সৰু’ এটি ফুল ফুলিলে বনত,
মৰহি পৰিলে কাৰ চেনেহত?
নীৰলে ফুলিলে, নীৰলে সৰিলে,
কোনে বাৰু তাৰ বুজিব বেথা।

“নিজৰা”
—শ্ৰীশৈল্যধৰ ৰাজখোৱা বি-এ।

সূচী

অৰ্পণ ...  ...  ...  
দিছাঙৰ পাৰত ...   ...  ...  
সিহঁত নাই ...  ...  ...  
শূন্য ঘৰত ...  ...  ...  
সমৰ্পণ ...  ...  ...  ১২
পৰশ পাওঁ ...  ...  ...  ১৫
মাৰ্জ্জনা ...  ...  ...  ১৭
তোমাৰেই ইচ্ছা পূৰ হল ...  ...  ...  ১৮
মন থাকে ছাটি-ফুটি কৰি ...  ...  ...  ২০
জগৎ মৰুভূমি ...  ...  ...  ২২
তোমাৰ দেখা ...  ...  ...  ২৪
মৃত্যু-আৱাহন ...  ...  ...  ২৫
ৰাক্ষসী প্ৰকৃতি ...  ...  ...  ২৬
হেৰোৱা ৰতন ...  ...  ...  ২৮
বাটৰুৱা ...  ...  ...  ৩০
বুকুৰ মাণিক ...  ...  ...  ৩২
অনুভৱ ...  ...  ...  ৩৪
প্ৰাৰ্থনা ...  ...  ...  ৩৬
কল্যানী ৰূপিনী ...  ...  ...  ৩৭
সতী   ...  ...  ...  ২৯
কাকূতি  ...   ...  ...  ৪০
লখিমী আই   ...  ...  ...  ৪১
লীলাময়ী  ...  ...  ...  ৪৪
শেৱালি  ...  ...  ...  ৪৫
নিবেদন  ...  ...  ...  ৪৬
দেহলাও দীপ  ...  ...  ...  ৪৭
বেছি আশা []  ...  ...  ...  ৪৯
লতা কৰবী  ...  ...  ...  ৫০
সৰুদৈ  ...  ...  ...  ৫২
ঘৰ  ...  ...  ...  ৫৩
নাৱৰীয়া  ...  ...  ...  ৫৫

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )

 
  1. ৰবীন্দ্ৰনাথৰপৰা