বিজ্ঞান আৰু বোলছবি/দা ইমিটেছন গেইম
"I believe that at the end of the century the use of words and general educated opinion will have altered so much that one will be able to speak of machines thinking without expecting to be contradicted.”
Alan Turing
প্ৰথম বিশ্বযুদ্ধৰ শেষৰফালে জাৰ্মানীৰ এজন অভিযন্তা অৰ্থাৰ স্কিৰবিয়াছে ‘এনিগমা’ (Enigma) নামৰ এটি বিদ্যুৎ-চুম্বকীয় ঘূৰ্ণক যন্ত্ৰ সাজি উলিয়াইছিল। প্ৰধানতঃ সামৰিক বাহিনীৰ আভ্যন্তৰীণ যোগাযোগ কৌশলপূৰ্ণ আৰু বিপদশূন্য কৰাৰ স্বাৰ্থতেই এই বিশেষ সংকেতসূচক যন্ত্ৰবোৰ জাৰ্মানীয়ে ব্যৱহাৰ কৰিছিল। ’এনিগমা’ নামৰ অভিনৱ আৰু শক্তিশালী বাৰ্তাপ্ৰেৰক যন্ত্ৰটোৰ দ্বাৰা প্ৰেৰণ কৰা বাৰ্তা শত্ৰুপক্ষই উদ্ধাৰ কৰাত অসমৰ্থ হৈছিল। ইয়াৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি নাজী জাৰ্মানীয়ে দমন আৰু আক্ৰমণ অব্যাহত ৰাখিছিল।
১৯৩৯ চনত ব্ৰিটেইন আৰু জাৰ্মানীৰ মাজত যুদ্ধ আৰম্ভ হ'ল। এনিগম’ৰ কান্ধত উঠি জাৰ্মানীৰ সৈন্যই ব্ৰিটিছ সৈন্যৰ বিপক্ষে এঘড়ী ভালদৰে যুঁজিবলৈ কঁকালত টঙালি বান্ধি ল'লে। জাৰ্মানী সৈন্যৰ কূট-কৌশল আৰু পৰিকল্পনাৰ উমান ব্ৰিটিছৰ সৈন্যৰ উচ্চপদবীধাৰীসকলে নোপোৱাকৈ থকা নাছিল। ‘এনিগমা’ৰ জৰিয়তে প্ৰেৰণ কৰা বাৰ্তাৰ গোপনীয়তা ভংগ কৰিব পাৰিলে ব্ৰিটিছ সৈন্য কিমান লাভান্বিত হ’ব, সেইয়া তেওঁলোকে বুজি উঠিছিল। সেইবাবেই জাৰ্মানীৰ বিপক্ষে যুদ্ধ ঘোষণা হোৱাৰ পিছদিনাই নৌসেনাৰ কমাণ্ডাৰ এলাষ্টেয়াৰ ডেনিষ্টনে এলান টুৰিং (Alan Turing) নামৰ তীক্ষ্ণধী গণিতজ্ঞজনক তেওঁৰ কক্ষলৈ আমন্ত্ৰণ কৰিলে।
আধুনিক পৃথিৱীৰ কম্পিউটাৰ বিজ্ঞানৰ পিতৃস্বৰূপ তথা কৃত্ৰিম বুদ্ধিমত্তাৰ (Artificial Intelligence) পথপ্ৰদৰ্শক এলান টুৰিঙৰ নামটো কুৰি শতিকাৰ অন্যতম শ্ৰেষ্ঠ বিজ্ঞানীসকলৰ ভিতৰত তৰ্কাতীতভাৱে স্মৰণযোগ্য। এলান টুৰিঙৰ জন্ম হৈছিল ১৯১২ চনৰ ২৩ জুনত, লণ্ডনত। সেইসময়ত আমাৰ ভাৰতবৰ্ষ ব্ৰিটিছৰ অধীনত আছিল। এলানৰ পিতৃ জুলিয়াছ মেথিছন টুৰিঙে প্ৰশাসনীয় সেৱাৰ বিষয়া হিচাপে উৰিষ্যাত আৰু মাতৃ ইথেল ছাৰাই ৰে’লৰ মুখ্য অভিযন্তাৰ ৰূপত মাদ্ৰিজত কাৰ্যনিৰ্বাহ কৰি আছিল। অৱশ্যে মহান বিজ্ঞানীজনৰ জন্ম ভাৰতত হোৱা নাছিল। গৰ্ভৱতী অৱস্থাত থকা পত্নী ইথেলক জুলিয়াছে লণ্ডনলৈ লৈ গৈছিল অৰুি তাতেই ‘মেইড ভেল’ অঞ্চলত ২৩ জুন তাৰিখে এলান টুৰিঙৰ জন্ম হৈছিল।
এজন বিচক্ষণ অংকবিদ, তৰ্কবিজ্ঞানী আৰু সুনিপুণ কম্পিউটাৰ অভিযন্তা হোৱাৰ উপৰি এলান টুৰিঙে সাংকেতিক ভাষাৰ অৰ্থোদ্ধাৰ কৰাৰ কৰ্মতে (সংকেতবিশ্লেষক,Cryptanalyst) ঈৰ্ষণীয় পাৰদৰ্শিতা দেখুৱাইছিল। টুৰিঙে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ছোৱাত ‘চৰকাৰী সংকেত আৰু সংকেত বাৰ্তা বিদ্যালয়’ত (Government Code and Cypher School (GCCS)) কাম কৰিছিল। টুৰিঙৰ জীৱনৰ আন এটা বিশেষ সাফল্য— যাৰ বাবে এলান টুৰিঙক বিশ্বৰ বিজ্ঞানসমাজে গভীৰ শ্ৰদ্ধা আৰু আন্তৰিকতাৰে সেইটো হৈছে— টুৰিং যন্ত্ৰৰ ধাৰণা (Turing machine)। এলগৰিথিম (Algorithm) আৰু গণনা (Computation)ৰ প্ৰচলিত ধাৰণাৰ উত্তৰণ ঘটাই তেওঁ ‘টুৰিং যন্ত্ৰ’ নামৰ প্ৰাকল্পিক সৰ্বাত্মক কম্পিউটাৰটো তৈয়াৰ কৰিছিল। কম্পিউটাৰৰ জগতলৈ টুৰিঙে আগবঢ়োৱা অতুলনীয় অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই ‘এছ’ছিয়েচন ফ’ৰ কম্পিউটিং মেছিনেৰি’ (Association Computing Machinery) নামৰ সংস্থাটোৱে ১৯৬৬ চনত টুৰিং বঁটা (Turing Award) নামৰ এটি সন্মানীয় বঁটাৰ প্ৰতিষ্ঠা কৰে, যাক ন’বেল বঁটাৰ সমপৰ্যায়ৰ হিচাপে গণ্য কৰা হয়। কম্পিউটাৰৰ কাৰিকৰী আৰু তাত্ত্বিক দিশক নতুন চিন্তা তথা কৰ্মৰে সমৃদ্ধিশালী কৰা ব্যক্তি একোজনলৈ প্ৰতিবছৰে এই টুৰিং বঁটা প্ৰদান কৰা হয়।
বিৰল মেধাৰ গৰাকী এইজন জ্ঞানী টুৰিঙকে ব্ৰিটিছ নৌসেনাৰ কমাণ্ডাৰ ডেনিষ্টনে ব্লেট্ক্লি পাৰ্ক (Bletchley Park)ত সংস্থাপিত কৰিলে। ডেনিষ্টন আৰু টুৰিঙৰ মাজত হোৱা সাক্ষাৎকাৰটোও আমোদজনক। মাত্ৰ ২৭ বছৰীয়া টুৰিঙৰ মেধা আৰু প্ৰতিভাই ডেনিষ্টনক আকৃষ্ট কৰিছিল সঁচা কিন্তু টুৰিঙে জাৰ্মানী ভাষাৰ “জ’টোও জনা নাছিল। আশ্বৰ্যচকিত হৈ কমাণ্ডাৰে টুৰিঙক একপ্ৰকাৰ স্বগৃহলৈ উভতি যাবলৈকে নিৰ্দেশ দিছিল। পিছে টুৰিঙৰ মুখত উচ্চাৰিত হোৱা ‘এনিগ্মা’ সম্পৰ্কীয় তথ্য-যুক্তিয়ে কমাণ্ডাৰক শেষমুহূৰ্তত সিদ্ধান্ত সলাবলৈ বাধ্য কৰালে আৰু যাৰ ফলত ‘ব্লেট্ক্লি পাৰ্কত ইতিমধ্যেই গোট খোৱা অইন পাঁচজনীয়া বিজ্ঞানীৰ দলটোলৈ এজন নতুন যুৱকৰ আগমন ঘটিল-নাম যাৰ এলান মেথিছন টুৰিঙ।
টুৰিঙ আৰু দলটোৰ সন্মুখত মূল প্ৰত্যাহ্বানটো হ’ল-জাৰ্মানীয়ে প্ৰত্যেক নিশা বাৰ বজাত ‘এনিগ্মা’ৰ ছেটিংছ সাল-সলনি কৰে। এই বাৰ্তাটো ব্ৰিটিছ সৈন্যই পুৱা ছয় বজাতহে সংগ্ৰহ কৰে, কৰে। গতিকে ‘এনিগ্মা ক'ডৰ অৰ্থোদ্ধাৰ কৰিবলৈ দলটোৰ হাতত সময় থাকে সম্পূৰ্ণ ওঠৰ ঘণ্টা। ওঠৰ ঘণ্টাৰ ভিতৰতে যদি কিবাপ্ৰকাৰে সংকেতৰ পাঠোদ্ধাৰ কৰিব পাৰি, তেন্তে শত্ৰুপক্ষৰ বহুতো কূট-কৌশল প্ৰতিহত কৰিব পৰা যাব। অন্যথা মাজনিশা বাৰ বজাত পুনৰ ‘এনিগ্মা’ৰ ছেটিঙছ সলাই শত্ৰু জাৰ্মানীয়ে নতুন ৰণকৌশল ৰচনা কৰিব। দুৰ্ভাগ্যজনকভাৱে এই কামটো অৰ্থাৎ, ‘এনিগ্মা’ৰ ক’ডৰ অৰ্থোদ্ধাৰ কৰা কামটো এইপৰ্যন্ত সম্ভৱপৰ হৈ উঠা নাই, যিটো ব্ৰিটেইনৰ বাবে এইমুহূৰ্তত হৈ পৰিছে শংকা আৰু সংকটৰ অন্যতম কাৰণ।
সেই শংকা আৰু সংকটৰ গৰাহৰ পৰা ব্ৰিটেইনক উদ্ধাৰ কৰিবলৈ এলান টুৰিঙে সমস্ত একাগ্ৰতা আৰু নিষ্ঠাৰে কাম কৰিবলৈ যো-জা চলালে। প্ৰস্তুতিৰ প্ৰথমটো পদক্ষেপ হিচাপে তেওঁ কৰিলে কি; দলটোৰ বাকীকেইজন সতীৰ্থৰ লগত কাম নকৰি অকলশৰীয়াকৈ আনটো কোঠাত এটা বিশেষ যন্ত্ৰ সজাত লাগিল। টুৰিঙৰ দৃঢ় বিশ্বাস আছিল-তেওঁৰ এই যন্ত্ৰটোৱে জটিলৰো জটিল সাংকেতিক বাৰ্তাৰ অৰ্থ উদ্ধাৰ কৰিব পাৰিব। প্ৰথমাৱস্থাত কমাণ্ডাৰ ডেনিষ্টনে টুৰিঙৰ যন্ত্ৰ নিৰ্মাণৰ পৰিকল্পনাত সহযোগ কৰা নাছিল যদিও উইনষ্টন চাৰ্চিলৰ হস্তক্ষেপত ডেনিষ্টন অৱশেষত মান্তি হ’ল। চাৰ্চিলৰ নিৰ্দেশমৰ্মে টুৰিঙক দলটোৰ মুখীয়াল ঘোষণা কৰা হ’ল। নেতৃত্বৰ ভাৰ কান্ধত লৈয়েই টুৰিঙে দলটোৰ দুজন দুৰ্বল সদস্যক কামৰ পৰা অব্যাহতি দিলে। আৰু জোৱান ক্লাৰ্ক আৰু জেক গুড নামৰ এহাল যুৱক-যুৱতীক লিখিত সাক্ষাৎকাৰৰ জৰিয়তে এই বিশেষ কামটোৰ সদস্য কৰি ল’লে। পিছে পুৰুষৰ দলটোত একমাত্ৰ অকলশৰীয়া যুৱতী জোৱান ক্লাৰ্কে কাম কৰিবলৈ বিচৰা সিদ্ধান্তটো তেওঁৰ অভিভাৱকে পছন্দ কৰা নাছিল। প্ৰখৰ মেধাসম্পন্ন জোৱান ক্লাৰ্কৰ এই অসুবিধা দূৰ কৰাৰ হেতু এলান টুৰিং তেওঁলোকৰ ঘৰ ওলালগৈ। জোৱান ক্লাৰ্কৰ আগত মহিলাৰ সংকেত-বিশ্লেষকৰ গোট এটাৰ কথা উল্লেখ কৰিলে আৰু ক’লে যে জোৱান ক্লাৰ্কে মহিলাৰ এই দলটোত নিৰ্বিঘ্নে কমি কৰি যাব পাৰিব। ক্লাৰ্ক মান্তি হ’ল। তেওঁ মহিলাৰ গোটটোত চামিল হ’ল আৰু সংগ্ৰহিত নানান তথ্যপাতি, সংকেত গোপনে যন্ত্ৰ নিৰ্মাণত ব্যস্ত হৈ থকা টুৰিঙৰ হাতত গটাবলৈ ধৰিলে।
সপোনৰ যন্ত্ৰটোক বাস্তৱ ৰূপ দিবলৈ টুৰিঙ ইমানেই ব্যাকুল আৰু মনোযোগী হৈ পৰিছিল যে হতাশাগ্ৰস্ত সতীৰ্থৰ অনাকাংক্ষিত ব্যৱহাৰেও টুৰিঙৰ মন ভাঙিব পৰা নাছিল। দিন-ৰাতি অহৰ্নিশে টুৰিঙৰ মাত্ৰ এটাই লক্ষ্য আছিল-যন্ত্ৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলা আৰু দেশৰক্ষাৰ পৱিত্ৰ কৰ্মত ইয়াত উছৰ্গা কৰা৷
টুৰিঙৰ ঐকান্তিক প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ বলত এদিন এই যন্ত্ৰটোৰ নিৰ্মাণকাৰ্য সমাপ্ত হ’ল। কিন্তু টুৰিঙৰ দলটোৰ বাবে অস্বস্তিকৰ কথাটো হ’ল- ‘ক্ৰিষ্টোফাৰ’ নামধাৰী এই সংকেত-উদ্ধাৰকাৰী যন্ত্ৰটোৰ কাৰ্যপ্ৰণালী অত্যন্ত মন্থৰ, যিটো আছিল সন্দেহাতীতভাৱে অস্বস্তিকৰ। কাৰণ চৌবিশঘণ্টাৰ ভিতৰতে সলনি হোৱা জাৰ্মানীৰ সাংকেতিক বাৰ্তাৰ উদ্ধাৰ কৰাৰ পদ্ধতিটো হ’ব লাগিব পৰাপক্ষত বিস্ময়কৰভাৱে দ্ৰুত।
এই ধীৰ গতিৰ যন্ত্ৰটোৰ কথা যেতিয়াই গৈ কমাণ্ডাৰ ডেনিষ্টনৰ কণিত পৰিল, তেতিয়াই ক্ষোভিত, অসন্তুষ্ট ডেনিষ্টনে সদলবলে টুৰিঙৰ কোঠালৈ আহিল আৰু তেওঁক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত দিয়াৰ লগতে যন্ত্ৰটোকো ধ্বংস কৰিবলৈ কঠোৰতম আদেশ জাৰী কৰিলে। কিন্তু ডেনিষ্টনৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহিল টুৰিঙৰ সহযোগীবৃন্দ। টুৰিঙৰ অনুপস্থিতিত তেওঁলোকেও এই প্ৰকল্পত কাম নকৰে বুলি নিৰ্ভয়ে ঘোষণা কৰিলে। উপায়বিহীন হৈ ডেনিষ্টনে সিদ্ধান্ত সলাবলগীয়া হ’ল। এমাহৰ ভিতৰত প্ৰকল্পৰ এটা ইতিবাচক পৰিণতি আশা কৰি ডেনিষ্টনে বিদায় ল’লে।
এলান টুৰিঙে বাঞ্ছিত ফল লাভ কৰাত সফল হ’লনে!
হ’ল। সেই কাহিনীও পৰম আমোদজনক। এলানৰ সৈতে কাম কৰা জোৱান ক্লাৰ্ককে এসময়ত এলান টুৰিঙে বিবাহৰ প্ৰস্তাৱ দিলে। সেই উপলক্ষে আয়োজিত অভ্যৰ্থনা অনুষ্ঠানটিলৈ হেলেন নামৰ যুৱতী এগৰাকীৰ আগমন ঘটিছিল। হেলেন আছিল জোৱানৰ বান্ধৱী। ক’বলৈ গ’লে- হেলেনৰ সৈতে এলান টুৰিঙ আৰু তেওঁৰ সহযোগী হাগ এলেক্সজেণ্ডাৰৰ মাজত সংঘটিত হোৱা এটা বাৰ্তালাপেই জাৰ্মানীৰ ‘এনিগ্মা’ ক’ডৰ যৱনিকা মাতি আনিলে। এজন জাৰ্মান সৈন্যৰ প্ৰতি হেলেন আকৃষ্ট হৈছিল। কিন্তু সৈন্যজনৰ অইন কোনো যুৱতীৰ লগত সম্বন্ধ থকা বুলি সন্দেহ কৰি হেলেনে তেওঁক ত্যাগ কৰিছিল। জাৰ্মান সৈন্যজনে এক সাংকেতিক ভাষাৰে তেওঁৰ গোপন প্ৰেমিকালৈ বাৰ্তা প্ৰেৰণ কৰিছিল যাৰ অৰ্থ হেলেনে উদ্ধাৰ কৰিছিল। এই বিশেষ কথাটোৱেই এলেন টুৰিঙৰ মগজুত বিজুলীৰ দৰে ঢৌ খেলাই গ’ল। বিদ্যুৎসাহী এলান টুৰিঙে ততালিকে হেলেনৰ কাষ চাপিল আৰু কিদৰে তেওঁ সংকেতটোৰ পাঠোদ্ধাৰ কৰিছিল, তাৰ বিষয়ে জানিব বিচাৰিলে। হেলেনে তেতিয়া ক’লে যে জাৰ্মান সৈন্যজনে প্ৰেৰণ কৰা সকলো বাৰ্তায়েই সাইলাখ একে শব্দ একোটাৰে আৰম্ভ হৈছিল। তথ্যটো উদ্ধাৰ কৰিয়েই এলেন আৰু তাত ৰৈ নাথাকিল। নিজৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব-তেওঁ ততালিকে ধাৰণা কৰি ল'লে।
তৰা নৰা চিঙি তেওঁ অনুষ্ঠানৰ পৰা ওলাই আহিল। অনুষ্ঠানত উপস্থিত তেওঁৰ সংগীসকল আৰু প্ৰেমিক কাৰ্যত আশ্বৰ্যচকিত হোৱা প্ৰেমিকা জোৱান ক্লাৰ্কে এলেনক অনুসৰণ কৰিলে। আটায়ে কৰ্মস্থলী অভিমুখে ৰাওনা হ’ল। এলেনৰ ধাৰণা আছিল,- সাংকেতিক বাৰ্তাবোৰত সঘনাই ব্যৱহৃত হোৱা কেতবোৰ শব্দ চিনাক্তকৰণ কৰিব পাৰিলে যন্ত্ৰটোৰ গতি বঢ়াব পৰা যাব। সেয়েহে তীক্ষ্ণ চকুৰে, দুৰন্ত গতিৰে আটায়ে কাম আৰম্ভ কৰিলে। আৰু এলেনে ভবামতে তেওঁৰ ধাৰণাই শেষত সৰ্বশুদ্ধ প্ৰমাণিত হ’ল। যন্ত্ৰটোৱে এইবাৰ খুব কম সময়ৰ ভিতৰতে ফলাফল দেখুৱালে। সেইয়াও সম্পূৰ্ণ সঠিক আৰু শুদ্ধ। আটাইকেইজন আনন্দত আত্মহাৰা। নহ’বয়েইবা কিয়! অতদিনৰ সাগৰসম পৰিশ্ৰম, নিৰলস সাধনা আৰু আন্তৰিক চেষ্টা নিহিত হৈ থকা এই প্ৰকল্পটোৰ সফলতাই এতিয়া দেশৰ আৰু জাতিৰ কিমান উপকাৰ সাধন কৰিব!
পিছে এইখিনিতে আন এটা নতুন সমস্যাই মূৰ দাঙি উঠিল। যদিহে ‘এনিগ্মা’ ক’ডত লুকাই থকা অৰ্থ বুজি ব্ৰিটেইনে শত্ৰুপক্ষ জাৰ্মানীৰ পানীজাহাজ, উৰাজাহাজ তথা সৈন্যবাহিনীৰ ওপৰত আক্ৰমণ চলায়; তেতিয়া শত্ৰুপক্ষই জানো নুবুজাকে থাকিব যে জাৰ্মানীৰ ‘এনিগ্মা’ ক’ডৰ পাঠোদ্ধাৰ কৰিবলৈ ব্ৰিটেইন সক্ষম হৈছে। ইয়াৰ পৰিণতিত হ’ব কি। জাৰ্মানীয়ে পুনৰ নতুন ক’ডৰ সৃষ্টি কৰিব, নতুন কূট-কৌশলৰ ৰচনা হ’ব, আক্ৰমণৰ স্থান-কাল- পৰিৱেশ ভিন্ন হ’ব। আৰু জাৰ্মানীৰ নতুন ৰণকৌশল ফাদিল কৰিবলৈ এলেনহঁতে পুনৰ পশুশ্ৰম কৰিব লাগিব।
এই দোদুল্যমান পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ এলেনহঁতে তেওঁলোকৰ সফলতা গোপনে ৰখাৰ সিদ্ধান্ত ল'লে। এলেন আৰু জোৱান ক্লাৰ্ক কাষ চাপিল মেজৰ জেনেৰেল ষ্টুৱাৰ্ট মেঞ্জিছৰ। এলেন আৰু জোৱানে মেঞ্জিছৰ ওচৰত প্ৰস্তাৱ ৰাখিলে - ‘এনিগ্মা’ৰ সম্পৰ্কীয় সমস্ত সংবাদ তেওঁলোকে ব্ৰিটেইনৰ প্ৰতিৰক্ষী বাহিনীৰ পৰা গোপনে ৰাখিব বিচাৰে। দ্বিতীয়তে, জাৰ্মানীৰ চকুত সন্দেহৰ উদ্ৰেক নঘটোৱাকৈ এলেনৰ দলটোৱে পৰিসংখ্যাৰ সহায়ত এনে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিব যাতে সাপো মৰিব আৰু লাঠিও নাভাঙিব। জেনেৰেল মেঞ্জিছ মান্তি হ’ল।
জেনেৰেল মেঞ্জিছৰ পৃষ্ঠপোষকতাত এলেন টুৰিঙৰ দলটোৱে কাম কৰি গ'ল। জাৰ্মানীয়ে গম নোপোৱাকৈ অতি সংগোপনে, নিৰৱে এই দলটোৱে
‘এনিগমা’ ক'ডৰ ৰহস্য ভেদি লক্ষাধিক লোকৰ প্ৰাণ বচালে।
যুদ্ধ যেতিয়া যুদ্ধ শেষ হ’ল, তেতিয়া জেনেৰেল মেঞ্জিছৰ নিৰ্দেশমৰ্মে ‘ক্ৰিষ্টোফাৰ’ নামৰ চমৎকাৰী যন্ত্ৰটোৰ লগতে এই প্ৰকল্পৰ লগত জড়িত সমস্ত তথ্য-নথি ধ্বংস কৰি দিয়া হ'ল। লগতে প্ৰকল্পত জড়িত ব্যক্তিসকলক তেওঁলোকৰ জীৱনৰ পৰম সাফল্যটোৰ কথা আমৃত্যু পৰ্যন্ত গোপনে ৰাখিবলৈ পৰামৰ্শ দিয়া হ'ল।
বিশ্বখ্যাত এলান টুৰিঙৰ জীৱন, যৌৱন আৰু তেওঁৰ অতুলনীয় কৰ্ম-সাধনাক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা বহুল প্ৰশংসিত আৰু বহুজন সমাদৃত “দা ইমিটেছন গেইম” (The Imitation Game) নামৰ ছবিখনৰ কাহিনীৰ সাৰাংশ এইয়া। দেশপ্ৰেমৰ পবিত্ৰ চেতনাৰে উদ্বুদ্ধ হৈ এলেন টুৰিঙ নামৰ এইজন প্ৰচুৰ মেধাসম্পন্ন অংকবিদ তথা কম্পিউটাৰ বিজ্ঞানীয়ে যৌৱনৰ গুৰুত্বপূৰ্ণ সময় এছোৱা এটা বিশেষ সংকেতৰ ৰহস্য ভেদ কৰিবলৈ দিন-ৰাতি একাকাৰ কৰি দিছিল আৰু নিজৰ চিন্তা আৰু বুদ্ধিমত্তাৰে এটা জটিল ক্ষণত সঠিক সিদ্ধান্ত গ্ৰহণ কৰি শত্ৰুৰ ৰণকৌশলক যথোপযুক্ত প্ৰত্যুত্তৰ দিছিল।
“দা ইমিটেছন গেইম” ছবিখনৰ সবাতোকৈ সৌন্দৰ্যশালী উপাদানটো হ'ল এলান টুৰিঙৰ চৰিত্ৰত বেনেডিক্ট কাম্বাৰবেটছে্ প্ৰদৰ্শন কৰা উৎকৃষ্টতম অভিনয়। তাৰ প্ৰমাণ-২০১৪ বৰ্ষৰ শীৰ্ষ দহটা অভিনয়ৰ ‘টাইম’-এ কাম্বাৰবেটছৰ অভিনয়ক প্ৰথম স্থানত ৰাখিছে। এণ্ড্ৰিউ হোজেছৰ ‘এলান টুৰিঙ-দা এনিগ্মা’ (Alan Turing: The Enigma) নামৰ জীৱনভিত্তিক গ্ৰন্থখনৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰিছে গ্ৰাহাম ম'ৰে। মৰ্টেন টিলডামৰ সুদক্ষ পৰিচালনাত প্ৰায় জীৱন্ত ৰূপ পৰিগ্ৰহ কৰা ছবিখনত কেইৰা নাইট্লি, মেথিউ গুডে, ৰ’ৰি কিনিয়েৰ, মাৰ্ক ষ্ট্ৰংগ আদিয়ে মননশীল অভিনয় কৰিছে। ৮৭তম একাডেমী বঁটাৰ ‘শ্ৰেষ্ঠ ছবি’, ‘শ্ৰেষ্ঠ পৰিচালক’ ‘শ্ৰেষ্ঠ অভিনেতা’, ‘শ্ৰেষ্ঠ সহ অভিনেত্ৰী’কে ধৰি মুঠ আঠটা শিতানৰ বাবে ছবিখনে মনোনয়ন লাভ কৰে আৰু ‘শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য’ (Best Adapted Screenplay)ৰ শিতানত ছবিখনে অ’স্কাৰ অৰ্জন কৰে।
এলান টুৰিঙৰ জীৱন কাল আছিল মাত্ৰ ৪১ বছৰ। সমকামিতাকে ধৰি একাধিক বিতৰ্ক আৰু সংঘাতে টুৰিঙৰ জীৱন-যৌৱন তোলপাৰ লগাই আছিল। যুদ্ধৰ সময়ত টুৰিঙৰ অনুপস্থিতিয়ে আৰক্ষীৰ চকুত সন্দেহৰ উদ্ৰেক ঘটাইছিল যাৰ বাবে তেওঁলোকে যুদ্ধৰ পিছত টুৰিঙক জেৰা কৰিছিল। সেই জেৰাৰ সন্মুখীন হৈয়েই এজন আৰক্ষী বিষয়াৰ সন্মুখত টুৰিঙে তেওঁৰ যৌৱনৰ প্ৰতিখিলা পৃষ্ঠা উন্মোচন কৰে। জেৰাৰ অন্তত টুৰিঙৰ শান্তি ঘোষণা হয়। কাৰাবাস খাটি থাকোঁতেই টুৰিঙে ১৯৫৪ চনত আত্মহত্যা কৰে। আৰু এইদৰেই এলেন টুৰিঙ নামৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ কম্পিউটাৰ বিজ্ঞানীজনৰ জীৱননাটৰ সামৰণি পৰে।
টুৰিঙে জীৱন আৰু তেতিয়াৰ যুদ্ধবিধ্বস্ত সমাজখনক বৰ গভীৰ আৰু সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিল। তেওঁৰ ভাষ্যত বাস্তৱবাদৰ স্পষ্ট পৰশ ফুটি উঠাটোও লক্ষণীয় কথা। টুৰিঙৰ ব্যক্তিত্বৰ এইটো দিশ দেখুৱাবলৈ ছবিখনত টুৰিঙৰ মুখত দিয়া হৈছে। কেইবাটাও অৰ্থৱহ সংলাপ। "Sometimes we can't do what feels good. We have to do what is logical.", "Hardest time to lie to somebody is when they are expecting to be lied to." "Sometimes it's the very people who no one imagine anything of who can do the things that no can imagine."– তাৰে কেইটামান চিন্তা-উদ্ৰেককাৰী সংলাপ।
অৱশ্যে ছবিখনৰ অবিস্মৰণীয় সংলাপটো মোৰ বোধেৰে উচ্চাৰিত হৈছে এলেনৰ অন্যতম এজন সহযোগী হাগ এলেক্সজেণ্ডাৰৰ মুখত। যেতিয়া এলেন টুৰিঙৰ বুদ্ধি আৰু মেধাৰ জোৰত তেওঁলোকে যন্ত্ৰটো সঠিকভাৱে সম্পাদনা কৰাত সফল হৈছিল তেতিয়া পৰম উচ্ছসিত হৈ এলেক্সজেণ্ডাৰে মন্তব্য কৰিছিল-
"You just defeat Nazism with a crossword puzzle."