বিজ্ঞান আৰু বোলছবি/দা ইণ্ডিপেণ্ডেন্স ডে'
“Curiosity has its own reason for existing.”
—Albert Einstein
আইনষ্টাইনৰ উক্তিৰ ভেটিত থিয় হৈয়েই ক’ব পাৰি- এই Curiosity-য়েই অৰ্থাৎ মানুহৰ মনৰ অদমনীয় কৌতূহল অথবা উৎসুকতাই মানুহক অইন জীৱৰ পৰা পৃথক কৰিছে আৰু মানুহক জীৱশ্ৰেষ্ঠ বুলি গৌৰৱ কৰিব পৰাৰ অধিকাৰ প্ৰদান কৰিছে। চুকত সোমাই থকা ভেকুলী এটাই চিন্তা কৰিব নোৱাৰে। কিন্তু ভেকুলীয়ে কিয় চিন্তা কৰিব নোৱাৰে- সেই চিন্তাটো মানুহে কৰিব পাৰে, গৱেষণা কৰিব পাৰে নাইবা প্ৰশ্ন কৰিব পাৰে৷ আধুনিক দৈনন্দিন পৃথিৱীখনত ঘটি থকা অজস্ৰ-সহস্ৰ ঘটনাই মানুহৰ চেতন-অৱচেতন মনলৈ অসংখ্য কৌতূহলোদ্দীপক অনুভৱৰ সোঁত বোৱাই আনে আৰু মানুহক লৈ যায় বিচিত্ৰ প্ৰশ্নৰে পৰিপূৰ্ণ হৈ থকা অইন এখন জগতলৈ। কৌতূহলী মানুহৰ বিচৰণক্ষেত্ৰৰ পৰিধি ভাবিব নোৱৰা ধৰণে বিশাল। চিন্তাৰ দ্ৰুততম বেগে মানুহৰ কৌতূহলক পৰিচয় কৰাই দিছে পৃথিৱী,বেলি,জোন,সৌৰজগত,মহাকাশ,তাৰকাৰাজ্য তথা বিশাল ব্ৰহ্মাণ্ডৰ সৈতে আৰু মানুহৰ সন্মুখত উত্থাপন কৰিছে একো একোটা বিস্ময়কৰ প্ৰশ্ন। এই প্ৰশ্নবোৰৰ উত্তৰৰ অন্বেষণত নামি পৰিছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ মানুহজন, তীক্ষ্ণতকৈও তীক্ষ্ন মানৱ মগজু। নিৰলস সাধনা আৰু কঠোৰতম অধ্যৱসায়ৰ বলত অসাধ্য সাধন কৰা জীৱশ্ৰেষ্ঠই কৌতূহল দমনৰ অৰ্থে গমন কৰিছে কোটি কোটি কিলোমিটাৰ আঁতৰত থকা কোনোবা গ্ৰহলৈ,পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা চন্দ্ৰটোলৈ। পাইছে, অনুসন্ধিৎসু মানৱ জাতিয়ে তেওঁলোকৰ চিন্তাশক্তিক প্ৰত্যাহ্বান জনোৱা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ পাইছে। তথাপিতো যেন মানুহৰ কৌতূহল স্তিমিত হোৱা নাই। মনৰ অনুসন্ধিৎসু আৰু উৎসুকতা মাৰ যোৱা নাই। কিছুমান বিচিত্ৰ প্ৰশ্নই মানুহক অহৰ্নিশে খেদি ফুৰিছে, সঘনাই আমনি কৰিছে। কৌতূহলী মানুহৰ মনত যুগে যুগে জাগ্ৰত হোৱা তেনে এটা প্ৰাচীন প্ৰশ্ন, যিটো প্ৰশ্নৰ এটা বিশ্বাসযোগ্য উত্তৰ শুনিবলৈ বিশ্বৰ অগণন মানুহৰ পঞ্চেন্দ্ৰিয় উদ্বাউল হৈ আছে; সেইটো হ'ল- মানুহৰ দৰে চিন্তাশীল আৰু বুধিয়ক জীৱ পৃথিৱীৰ বাহিৰেও অইন ক'ৰবাত আছে নেকি? আছে নেকি ব্ৰহ্মাণ্ডৰ কোনোবা মুলুকত জীৱশ্ৰেষ্ঠৰ লগত মোকাবিলা কৰিব পৰা অইন কোনো প্ৰাণীৰ অস্তিত্ব?
গডজিলা আৰু ‘দী ডেই অফটাৰ টুমৰ’ৰ দৰে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক আৰু কাহিনীকাৰ ৰোলাণ্ড এমেৰিখৰ মনতো ঠিক এনেকুৱা এটা প্ৰশ্নয়েই খুন্দিয়াই আছিল। মনৰ সেই অনুভৱ তেওঁ ব্যক্ত কৰে ইউৰোপ মহাদেশত ’ষ্টাৰগেইট’ (Stargate) নামৰ কল্প-বিজ্ঞানধৰ্মী ছবিখনৰ প্ৰচাৰ কৰি থকা অৱস্থাত। অৰুি এই প্ৰশ্নটোকে মূলধন হিচাপে লৈ তেওঁ যে এখন ছবি নিৰ্মাণ কৰাৰ সপোন
দেখিছে, সেই কথাও লগতে সদৰী কৰে। এই সপোনটোৰে তেওঁ নাম থ’লে- 'ইণ্ডিপেণ্ডেন্স ডে’ (Independence Day)। ১৯৯৫ চনৰ জুলাই মাহৰ নিউ ইয়ৰ্ক চিটিত ছবিখনৰ চিত্ৰগ্ৰহণ আৰম্ভ হ'ল আৰু প্ৰায় এবছৰৰ অন্তত ১৯৯৬ চনৰ ২০ জুনত ছবি সম্পৰ্কীয় সকলো কাম শেষ হ’ল। সেই বছৰৰে ৩ জুলাইত ছবিখনক সমগ্ৰ বিশ্বতে মুক্তি দিয়া হ'ল। খুউব কম সময়ৰ ভিতৰতে ছবিখনে আজুৰি আনিলে অভাৱনীয় সফলতা। ডিন ডেভলিন আৰু ৰোলাণ্ড এমেৰিখৰ দ্বাৰা ৰচিত এটা কল্প-কাহিনীৰ আধাৰত নিৰ্মিত “ইণ্ডিপেণ্ডেন্স ডে’-হৈ পৰিল ১৯৯৬ চনৰ সৰ্বাধিক ধন-উপাৰ্জনকাৰী ছবি। ভিজুৱেল এফেক্টছৰ শিতানত ছবিখনে লাভ কৰিলে সন্মানীয় অস্কাৰ বঁটা।‘ধ্বনি মিশ্ৰণ’ৰ শিতানত অস্কাৰৰ মনোনয়ন লাভ কৰা ‘ইণ্ডিপেণ্ডেন্স ডে’-ত অভিনয় কৰিছিল উইল স্মিথ, বিল পুলমেন, মাৰ্গাৰেট কলিন আদি পৰিদৰ্শী অভিনয়-শিল্পীয়ে।
পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰা এখন অজ্ঞাত অথচ অতিকায় যানক কেন্দ্ৰ কৰি ছবিৰ কাহিনীভাগ গঢ় লৈ উঠিছে। ১৯৯৬ চনৰ ২ জুলাই তাৰিখে অতিকায় যানখনৰ পৰা নামি অহা আন কেইবাখনো মহাকাশযানে পৃথিৱীৰ প্ৰখ্যাত চহৰবোৰৰ ওপৰত অৱস্থান গ্ৰহণ কৰে৷ কেতিয়াও মুখামুখি নোহোৱা এই বিস্ময়কৰ পৰিঘটনাই চহৰবাসীৰ মাজত সৃষ্টি কৰে চেপা উত্তেজনা আৰু পৰম উৎকণ্ঠাৰ। কৃত্ৰিম উপগ্ৰহৰ জৰিয়তে লাভ কৰা এটা বিচিত্ৰ সংকেতৰ অৰ্থোদ্ধাৰ কৰি উঠি আতঙ্কিত হৈ পৰা ডেভিড লেভিনছন নামৰ মানুহজনে হোৱাইট হাউচত থকা তেওঁৰ প্ৰাক্তন পত্নীৰ লগত যোগাযোগ কৰি এই ভয়ংকৰ বিপদৰ আগজাননী দিয়ে। যিকোনো ক্ষণতে পৃথিৱীবাসী সন্মুখীন হ’ব পাৰে এক অনাকাংক্ষিত পৰিস্থিতিৰ, নামি আহিব পাৰে প্ৰলয়। ৰাষ্ট্ৰপতি হোৱাইটম’ৰকো এই বিপদৰ আগজাননী দিয়া হয়। মুহূৰ্ততে হৈ-চৈ আৰম্ভ হয়। নিজৰ প্ৰাণটো বচাই কিদৰে চহৰ এৰি নিৰাপদ দূৰত্বলৈ যাব পাৰি, তাৰেই এক ব্যাপক প্ৰস্তুতি আৰম্ভ হয় জনগণৰ মাজত। ইতিমধ্যেই লচ এঞ্জেলছকে ধৰি দুখনমান বিখ্যাত চহৰত সেই বিচিত্ৰ যানকেইখনে ধ্বংসলীলা। আৰম্ভ কৰে। তাৰ পিছদিনা আন্তঃৰাষ্ট্ৰীয় সামৰিক বাহিনীৰ নেতৃত্বত সেই যানকেইখনৰ ওপৰত প্ৰচণ্ড আক্ৰমণ চলোৱা হয়। আৰু সেই আক্ৰমণৰ
পৰিণতিতেই সুদক্ষ সেনা, পাইলট ষ্টিভেন হিলাৰে বহিৰ্জগতৰ কিম্ভুতকিম্বাকাৰ প্ৰাণী এটাক কৰায়ত্ব কৰিবলৈ সমৰ্থ হয় আৰু অচেতন অৱস্থাত প্ৰাণীটোক গৱেষণাৰ হেতু পৰীক্ষাকেন্দ্ৰলৈ লৈ যোৱা হয়। চিকিৎসাৰত অৱস্থাত সেই প্ৰাণীটোৱে সংজ্ঞা ঘূৰাই পায় আৰু এজন চিকিৎসক-বিজ্ঞানীক আক্ৰমণ কৰে। বিজ্ঞানীজনৰ মনত প্ৰৱেশ কৰি সেই অদ্ভুত প্ৰাণীটোৱে তেওঁৰ কণ্ঠনলীৰে ৰাষ্ট্ৰপতি হোৱাইটম’ৰেৰ লগত বাৰ্তা-বিনিময় কৰে৷ বাৰ্তালাপৰ অন্তত ৰাষ্ট্ৰপতি হোৱাইটম’ৰে এই প্ৰাণীবোৰৰ যাত্ৰাৰ ৰহস্য অৰু ধ্বংসকামী উদ্দেশ্যৰ বিষয়ে অৱগত হয়। আৰু সিহঁতৰ পৰিকল্পনা ব্যৰ্থ কৰিবলৈ দৃঢ় সংকল্প লয়।
৪ জুলাই। আমেৰিকাৰ স্বাধীনতা দিৱস। ছেটেলাইট টেকনিচিয়ান ডেভিড লেভিনছনে বৰ্হিজগতৰ প্ৰাণীবোৰক পৰভূত কৰা আৰু যানকেইখন ধ্বংস কৰাৰ একমাত্ৰ কৌশলটো আৱিষ্কাৰ কৰে। যানকেইখনৰ চৌপাশ আৱৰি ৰখা শক্তিশালী সুৰক্ষা বেষ্টনীখন নিষ্ক্ৰিয় কৰিব লাগিব আৰু তাকে কৰিবলৈ তেওঁলোকে মুখ্য যানখনত এটা ভাইৰাছ সংস্থাপিত কৰিব লাগিব। পৃথিৱী ৰক্ষাৰ এই গুৰুত্বপূৰ্ণ অভিযানৰ মুখ্য দায়িত্ব অৰ্পণ কৰা হয় পাইলট ষ্টিভেন হিলাৰৰ ওপৰত। তেওঁৰ নেতৃত্বত যাবলগীয়া দলটোৱে বৰ্হিজগতৰ প্ৰাণীৰ মুখ্য যানখনত সেই ভাইৰাছটো সংস্থাপিত কৰিব আৰু তাৰ পিছত নিউক্লিয়াৰ অস্ত্ৰ নিক্ষেপ কৰি যানখন ধ্বংস কৰিব। সামৰিক বাহিনীৰ শক্তি বঢ়োৱাৰ উদ্দেশ্য উৰাজাহাজ চলোৱাৰ অভিজ্ঞতা থকা মানুহৰ সন্ধান কৰা হয়। স্ব-ইচ্ছাই ওলাই অহা তেনে এজন ব্যক্তি হ’ল কাচ্ছে।
এসময়ত আক্ৰমণ আৰম্ভ হয়। বহিৰ্জগতৰ প্ৰাণীৰ সুৰক্ষা বেষ্টনী নিষ্ক্ৰিয় কৰি উঠাৰ পিছত পাইলটসকলে মুখ্য যানখন ধ্বংস কৰিবলৈ প্ৰস্তুতি চলায়। কিন্তু ‘কাচ্ছে’ৰ উৰাজাহাজে কঢ়িয়াই অনা মিছাইলটোৰ জঁট লাগে। এক যান্ত্ৰিক বিজুতিৰ কাৰণে তেওঁ মিছাইলটো নিক্ষেপ কৰিব নোৱৰা হয়। অনাকাংক্ষিত এই পৰিস্থিতিৰ সন্মুখীন হৈ ‘কাচ্ছে’-এ সিদ্ধান্ত ল'লে-দেশ আৰু জনতাৰ ভৱিষ্যতৰ কাৰণে তেওঁ নিজৰ জীৱন উছৰ্গা কৰিব। আৰু সেয়াই হ’ল। মিছাইলটোৰ সৈতে তেওঁ বৰ্হিজগতৰ প্ৰাণীৰ যানখনত আক্ৰমণ কৰিলে৷ সিফালে ষ্টিভেন হিলাৰৰ নেতৃত্বত চলি থকা আক্ৰমণেও বৰ্হিজগতৰ প্ৰাণীবোৰৰ সংখ্যা কমাই আনিছে। কেইটিমান মুহূৰ্তৰ পিছত ‘কাচ্ছে’ৰ মিছাইলৰ টাইমাৰটোত ‘শূন্য’ অংকটো জিলিকিল৷ প্ৰকাণ্ড যানখনক এক বিশাল জ্যোতিৰে আৱৰি ধৰিলে আৰু পৃথিৱীত সন্ত্ৰাসৰ সৃষ্টি কৰা সেই প্ৰলয়ংকাৰী যানখন আকাশৰ পৰা খহি ভূখণ্ডত পৰি চূৰ্ণাকৃত হ'ল। পৰিমাপহীন আতংক আৰু ভীতিত ধুঁৱলি-কুঁৱলি হৈ থকা মানুহৰ চকুবোৰত লগে লগে আনন্দ আৰু বিজয়ৰ উছাহে ঢৌ খেলি গ’ল। বহিৰ্জগতৰ প্ৰাণীৰ পৰা জনতাই ‘স্বাধীনতা’ লাভ কৰিলে। পৃথিৱী নামৰ গ্ৰহটোৰ মানুহে পুনৰ এবাৰ জীৱশ্ৰেষ্ঠতাৰ প্ৰমাণ দিলে।
এইয়াই হৈছে ’ইণ্ডিপেণ্ডেন্স ডে’ নামৰ সু- পৰিচালিত ছবিখনৰ থুলমূল কাহিনী।
উল্লেখযোগ্য যে, ২০১৬ চনৰ ২৪ জুনত ‘ইণ্ডিপেণ্ডেন্স ডে’ৰ ছিকুৱেল ‘ইণ্ডিপেণ্ডেন্স ডে- ৰিচাৰজেন্স’-এ মুক্তি লাভ কৰে। কিন্তু ছবিখনে পূৰ্বৰ দৰে ইতিবাচক সঁহাৰি নাপালে।