বিজ্ঞানৰ বিচিত্ৰ বতৰা
বিজ্ঞানৰ
বিচিত্ৰ বতৰা
প্ৰীতিমা কৌশিক বৰুৱা
বাণী মন্দিৰ
ডিব্ৰুগড় ● গুৱাহাটী ● তেজপুৰ
BIGYANOR BICHITRA BOTORA
Written by Pritima Kausik Baruah
and Published by Utpal Hazarika of
BANI MANDIR, Ranibari,
Panbazar, Guwahati : 781001, Assam. Price: Rs. 15.00
প্রকাশক
উৎপল হাজৰিকা
বাণী মন্দিৰ
ৰাণীবাৰী, পাণবজাৰ, গুৱাহাটী : ৭৮১ ০০১
ফোন : (০৩৬১) ৫২০২৪১, ৫৪০৪৬৫
মুখ্য কার্যালয়
নতুন বজাৰ, ডিব্ৰুগড় : ৭৮৬ ০০১
ফোন : (০৩৭৩) ২২৫১৩
শাখা কার্যালয়
দৰং কলেজ পথ (পশ্চিম), তেজপুৰ : ৭৮৪ ০০১
ফোন : (০৩৭১২) ৩০৪৮৫
প্রচ্ছদঃ অৰুণ নাথ
© প্রকাশক
প্রথম প্রকাশ : ১৯৯৫
মূল্য : ১৫.০০ টকা
ISBN 81-7206-060-2
মুদ্ৰক
চন্দ্রকান্ত প্ৰেছ প্রাইভেট লিমিটেড
জি এছ ৰ'ড, তৰুণ নগৰ
গুৱাহাটী : ৭৮১ ০০৫
ফোনঃ (০৩৬১) ৫৬৪৪৮৬/৫৬৪৪৮৮
মানৱ সভ্যতাৰ আৰম্ভণিৰে পৰা মানুহে বিভিন্ন স্তৰত, বিভিন্ন পৰিৱেশত বিজ্ঞানৰ লগত জ্ঞাতে-অজ্ঞাতে পৰিচিত হৈ আহিছে; লগে লগে মানুহে আৱিষ্কাৰ কৰিছে ন ন সত্য, ন ন বিস্ময়। বিশাল মহাশূন্যৰ পৰা সমুদ্ৰৰ অটলাণ্ট গভীৰতালৈ, সুউচ্চ শৃঙ্গৰ পৰা বিস্তীৰ্ণ মৰু প্ৰান্তলৈ মানুহে জ্ঞান-বিজ্ঞান আৰু সত্যৰ অন্বেষণত শ শ বছৰ আত্মনিয়োগ কৰি আহিছে । সত্যৰ সন্ধানত ব্ৰতী মানুহে বিভিন্ন প্রয়োজন আৰু পৰিস্থিতিৰ তাগিদাত যিদৰে আধুনিক বিজ্ঞান সমৃদ্ধ কৰি তুলিছে, তেনেদৰে জ্ঞানান্বেষী মানুহে উদ্ধাৰ কৰিছে বৈচিত্র্যময় প্ৰকৃতিৰ বিভিন্ন বিচিত্র সংবাদ। সৌৰজগত, জীৱজগত, মানৱ শৰীৰ আৰু আধুনিক বিজ্ঞান, এই সকলোতেই মানুহে বিবিধ বিচিত্ৰ বাতৰি উদ্ধাৰ আৰু আৱিষ্কাৰ কৰিয়েই আছে।
এই বাতৰিবোৰ এহাতে যেনেকৈ বিস্ময়কৰ, তেনেকৈ কৌতূহলীসকলৰ বাবে উপযোগী আৰু প্ৰয়োজনীয় তথ্যৰ সমল। এনেবোৰ বিচিত্ৰ বাতৰিয়ে আমোদ আনন্দ দিয়াৰ লগতে চিন্তা আৰু জ্ঞানৰো খোৰাক যোগাব পাৰে। তেনে এক উদ্দেশ্য আগত ৰাখিয়েই এই পুথিখন যুগুতাবলৈ প্ৰয়াস কৰা হৈছে। বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি অনা এই বাতৰিবোৰত অৱশ্যে আমাৰ নিজা অৱদান বিশেষ নাই, বিজ্ঞসকলে জানিবলগীয়া নতুন কথাও তেনেকৈ নাই। তথাপি ধূপতে গোটাই থোৱা এনেবোৰ বাতৰিয়ে আগ্রহীসকলক, বিশেষকৈ, উঠি অহা কিশোৰ-কিশোৰীসকলক সহায় কৰিব পাৰিব বুলি আশা কৰিয়েই পুথিখন যুগুতোৱা হৈছে। পুথিখনিত সন্নিৱিষ্ট বিষয়সমূহৰ সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যেৰে প্ৰতিটো অধ্যায়ৰ লগতে একোটি পৰিচয়জ্ঞাপক অধ্যায়ো সংযোগ কৰা হৈছে। বিদ্যা-বুদ্ধিৰ সীমাবদ্ধতা, অনভিজ্ঞতা আদিৰ বাবে পুথিখনত ভুল-ত্রুটি ৰৈ যাব পাৰে৷ সহৃদয় পাঠকসকলে পুথিখনৰ তাথ্যিক আৰু তাত্ত্বিক যিকোনো দিশৰ ত্রুটি আঙুলিয়ালে আমি উপকৃত হ'ম। পুথিখনে আগ্রহীসকলক আমোদ-আনন্দ দিয়াৰ লগতে কিছু জ্ঞানৰ সন্ধান দিলে আমাৰ পৰিশ্ৰম সার্থক হ'ব। পুথিখন যুগুতোৱাৰ পৰা ছপালৈকে বিভিন্ন স্তৰত আমাক অযাচিতে অশেষ সহায় কৰি প্ৰেৰণা যোগোৱা জ্যোতিপ্ৰসাদ পাঠক, কমল কুমাৰ ভাগৱতী, অৰুণ নাথ, শিৱাণু বৰা, দিগন্ত শৰ্মা আৰু ৰবীন শীলৰ নাম উল্লেখ নকৰিলে অশলাগী হ'ম। ব্যৱসায়িক সম্ভাৱনাৰ কথা চিন্তা নকৰি মোৰ দৰে নতুন লেখিকা এগৰাকীৰ জীৱনৰ প্ৰথমখন পুথি প্ৰকাশ কৰি মোক আশাতীতভাৱে উৎসাহিত কৰা বাণী মন্দিৰলৈ এই ছেগতে সশ্রদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিছো।
| পাঞ্জাবাৰী, চুকাফা পথ গুৱাহাটী-২২ |
প্ৰীতিমা কৌশিক বৰুৱা |
সূচীপত্ৰ
সৌৰজগত আৰু পৃথিৱীৰ বিচিত্ৰ বতৰা ১
আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ বিচিত্ৰ বতৰা ৩৫
সান-মিহলি ৪৩
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলভ্য।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
