বাৰ্তা:কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
বিষয় যোগ কৰকঅৱয়ব
Latest comment: ৪ মাহ পূৰ্বে by 2401:4900:3D39:EAB3:D099:24C6:C17D:DAF1 in topic অসমীয়া
মই কাঞ্চনজঙ্ঘা
তুষাৰ শুভ্ৰশিৰ
ময়ে অভ্ৰভেদী বীৰ
মোৰ জটা ঝৰি ঝৰি
নিজৰি নিজৰি বয়
নিগৰি নিগৰি
অবিৰল কল্কল্ ৷
শৈলজা পয়োধৰা
পিযুষ সলিলা
সুৰধনি গঙ্গা ;
প্ৰথমৰ
প্ৰভাতৰ
অৰুণৰ জ্যোতি,
অণ্বনৃ জুৰি মোৰ
আলোক-নৃত্য কৰি ৷
বিয়পাই বিশ্বত ৰঞ্জন দ্যূতি ৷
মোৰে আশেপাশে গায়
কিন্নৰী বালিকাই
আলোক-বোধন মহাগীত,
সন্ধিয়াই সন্ধিয়াই
বেলি-বিদায় গানে
দিগন্ত কৰে মুখৰিত ৷
উদয় আৰু অস্তৰ
বৰ্ণ-বৈচিত্ৰ্যৰ,
ছঁয়ামায়া কাচোনৰে কাচে
প্ৰহেলিকাময়ী সম নাচে
কুটজ কুসুমৰ
লগে লগে
লাখে লাখে
মৃদু মৃদু কম্পিত সমীৰণছন্দা
শৈলবালা দলে কস্তুৰীগন্ধা ৷
অসমীয়া
[সম্পাদনা কৰক]কাঞ্চনজংঘাৰ বুৰঞ্জী 2401:4900:3D39:EAB3:D099:24C6:C17D:DAF1 ২১:২০, ১৬ ডিচেম্বৰ ২০২৪ (IST)