বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
নামঘোষা
লেখক শ্ৰীমন্ত মাধৱদেৱ
নামঘোষা
  1. ভজন, নমস্কাৰ, উপদেশ
  2. নিন্দা
  3. প্ৰাৰ্থনা আৰু অনুনাথনা
  4. মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ
  5. প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ
  6. নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন
  7. নমস্কাৰ, উপদেশ, খেদ
  8. নিন্দা, প্ৰাৰ্থনা
  9. নাম-মহিমা, নাম, প্ৰশংসা
  10. বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়
  11. ঈশ্বৰ নিৰ্ণয়, শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমাযুক্ত উপদেশ, আত্ম-উপদেশ
  12. নিন্দা, প্ৰাৰ্থনা, নিৱেদন, প্ৰশংসা, কলি-ধৰ্ম্ম, নাম, তাত্‍পৰ্য্য, বিৰকতি
  13. তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি
  14. নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি
  15. প্ৰাৰ্থনা, তাত্‍পৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়
  16. খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ
  17. শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমা, আত্ম-উপদেশ, নিন্দা, আত্ম-নিন্দা
  18. খেদ, মহিমা, কাৰুণ্য
  19. তাত্‍পৰ্য্য, কাকূতি, প্ৰাৰ্থনা, প্ৰাৰ্থনা-নিবেদন
  20. ঘোষা, খেদ
বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়
বস্তু-প্ৰকাশ

বৈকুণ্ঠ প্ৰকাশে         হৰি-নাম-ৰসে

প্ৰেম-অমৃতৰ নদী |

শ্ৰীমন্ত শঙ্কৰে         পাৰ ভাঙ্গি দিলা

বহে ব্ৰহ্মাণ্ডক ভেদি ||৩৭১

গোৱিন্দৰ প্ৰেম         অমৃতৰ নদী

বহে বৈকুণ্ঠৰপৰা |

চাৰি পুৰুষাৰ্থ         তাহাৰ নিঝৰা

হৰি নামে মূল ধাৰা ||৩৭২

হৰি-ভক্তি দান         দিয়া জগতকে

তাৰিলা সংসাৰ-সিন্ধু |

হেনয় কৃপালু         শঙ্কৰ বিনাই

নাহি নাহি আন বন্ধু ||৩৭৩

হৰি-ভকতিৰ         পাতিলন্ত হাট

শঙ্কৰে জগত জুৰি |

ৰাম-নাম-ৰত্ন         বেহায়া জগতে

চলয় বৈকুণ্ঠ পুৰী ||৩৭৪

শ্ৰীমন্ত শঙ্কৰ         হৰি-ভকতৰ

জানা যেন কল্পতৰু |

তাহান্ত বিনায়         নাহি নাহি নাহি

আমাৰ পৰম গুৰু ||৩৭৫


নিৱেদন

কতনো আমোষ         অপৰাধ হৰি

কৰিয়া আছো প্ৰচুৰ |

বুদ্ধিত থাকিয়া         নেদাহা সুবুদ্ধি

কৃপাৰ হুয়া ঠাকুৰ ||৩৭৬

যিহেতু তোমাৰ         চৰণ-পঙ্কজে

নভজিলো নাৰায়ণ |

সিহেতু অনাদি         অবিদ্যা আহ্মাৰ

কৰিল জ্ঞান উছন্ন ||৩৭৭

তুমি নিজ পিতৃ         গুৰু ইষ্টদেৱ

নভজো তোহ্মাৰ পাৱে |

এহি দোষে মোক         যম-দূতে ধৰি

যাতনা দুখ ভুঞ্জাৱে ||৩৭৮

তুমি প্ৰিয় আত্মা         পৰম দেৱতা

তোমাত ভৈলো বিমুখ |

এতেকে তোহ্মাৰ         মায়ায়ে আহ্মাত

দিলেক সংসাৰ-দুখ ||৩৭৯


কলি-ধৰ্ম্ম-নিৰ্ণয়

সত্যাদিৰ লোকে         কলিত জনম

বাঞ্ছা কৰে নিৰন্তৰ |

হৰি-গুণ গায়া         নিশ্চয়ে কলিত

হৈব নাৰায়ণ-পৰ ||৩৮০

ঘোৰ কলি-যুগে         পাইলে সৰ্ব্ব ধৰ্ম্ম

বৰ্জ্জিত ভৈল নিশ্চল |

নাৰায়ণ-পৰ         ভৈলে কৃতকৃত্য

হোৱয় নাহি সংশয় ||৩৮১

হৰি-গুণ-নাম         কীৰ্ত্তনে কলিৰ

কল্মষ কৰে বিনাশ |

অনায়াসে ঘোৰ         সংসাৰ তৰিয়া

পাৱয় কৃষ্ণৰ পাশ ||৩৮২

সমস্তে শাস্ত্ৰৰ         পৰম নিণাত

হৰি-গুণ-নাম মাত্ৰ |

কলিৰ পৰম         মলিন মনুষ্যে

সিধৰ্ম্মৰো ভৈল পাত্ৰ ||৩৮৩

কলিৰ লোকক         পৰম কৃপালু

কৃষ্ণে কৰিলন্ত দয়া |

মোৰ নাম-গুণ         গায়া মহাসুখে

তৰোক দূৰ্ঘোৰ মায়া ||৩৮৪

কলিৰ মনুষ্য         ভৈল ধৰ্ম্ম-হীন

পাপ-সাগৰত মজি |

হেন পাপীসৱো         কৃষ্ণ-গুণ গায়া

তৰয় কৃষ্ণক ভজি ||৩৮৫

কলিৰ লোকৰ         যি ভাগ্য মিলিল

কহিয়া অন্ত নপায় |

নিৰন্তৰে লোক         নাৰায়ণ-পৰ

হৈবে হৰি-গুণ গাই ||৩৮৬

মুকুত কোটিৰ         মাজত দুৰ্ল্লভ

জানা নাৰায়ণ-পৰ |

কলি-যুগ হেন         নাৰায়ণ-পৰ

হৈৱে লোক নিৰন্তৰ ||৩৮৭

কলিৰ হৰিৰ         কীৰ্ত্তনত সুখে

সৰ্ব্ব পুৰুষাৰ্থ পাই |

হৰিৰ কীৰ্ত্তন         বিনায়ে কলিত

আন মহালাভ নাই ||৩৮৮

কলিৰ মলত         মজিলো গোবিন্দ

গতি মোৰ নাহি আন |

তোহ্মাৰ নামক         কৰিলো আশ্ৰয়

জানিয়া ধৰ্ম্ম প্ৰধান ||৩৮৯


হৰবাৰ

চৈতন্য আদিত্য         হৃদয়-আকাশে

সৰ্ব্বদায়ে প্ৰকাশয় |

উদয়াস্ত নাহি         সন্ধ্যা উপাসনা

কৰিবো কোন সময় ||৩৯০

যিহেতু গোৱিন্দ         নিজ-যশ-প্ৰিয়

ভকত-বত্স ল হৰি |

সিহেতু সদায়         নাম-গুণ শুনি

থাকন্ত আনন্দ কৰি ||৩৯১

পৰম নিৰ্ম্মল         ধৰ্ম্ম হৰি যশ

জগত-পাৱনকাৰী |

তাতেসে আপুন         যশত সন্তোষ

ঈশ্বৰ প্ৰভু মুৰাৰী ||৩৯২
কৃষ্ণৰ পুৰুষ-লক্ষণ

ইশ্বৰ কৃষ্ণৰ         শুনিয়োক মহা-

পুৰুষ-লক্ষণ সাৰ |

ত্ৰিগম্ভীৰ সপ্ত         ৰক্ত পঞ্চ দীৰ্ঘ

উন্নত ছয় প্ৰকাৰ ||৩৯৩

গগন গম্ভীৰ         বচন গম্ভীৰ

গম্ভীৰ নাভি-কমল |

এহি ত্ৰিগম্ভীৰ-         স্মৰণে কৃষ্ণৰ

মিলয় মহামঙ্গল ||৩৯৪

অৰুণ নয়ন         অধৰ দশন

অৰুণ কৰ চৰণ |

নখ-ৰেখাচয়         অৰুণ কৃষ্ণৰ

স্মৰণে দুখ-তৰণ ||৩৯৫

সুদীৰ্ঘ নয়ন         গ্ৰীৱা বাহু পদ

আৱৰ অঙ্গুলিচয় |

এহি পঞ্চ-দীৰ্ঘ         স্মৰণে কৃষ্ণৰ

মিলে মহামহোদয় ||৩৯৬

কন্ধ উন্নত         ভ্ৰূৱ নাসা পদ

উন্নত নখ হৃদয় |

এহি ছয় থান         উন্নত কৃষ্ণৰ

স্মৰণে মোক্ষ মিলয় ||৩৯৭
যুগ-ধৰ্ম্ম-নিৰ্ণয়

মিনতি বচন         বোলো সৰ্ব্বজনে

শুনিয়ো শাস্ত্ৰৰ মৰ্ম্ম |

আপুন কুশল         চাৱা যেৱে তেৱে

নেৰিবাহা যুগ-ধৰ্ম্ম ||৩৯৮

সত্য-যুগে ধ্যান         ত্ৰেতা যুগে যজ্ঞ

দ্বাপৰ-যুগত পূজা |

কলিত হৰিৰ         কীৰ্ত্তন বিনাই

আৱৰ নাহিকে দুজা ||৩৯৯

কলিত হৰিৰ         কীৰ্ত্তন এৰিয়া

অন্যত্ৰ ধৰ্ম্ম আচৰে |

মিছাত কেৱল         শ্ৰম মাত্ৰ পাৱে

একোৱে ফল নধৰে ||৪০০

কলিত হৰিৰ         কীৰ্ত্তন এৰিয়া

আনমতে চাহে গতি |

যেন কুল-বধূ         নিজ স্বামী তেজি

ভজে গৈয়া উপপতি ||৪০১

সংসাৰ তৰিতে         ইছা আছে যাৰ

কৰিয়ো হৰি কীৰ্ত্তন |

পৰম নিৰ্ম্মল         গতি পাইবা সুখে

ছিণ্ডিয়া কৰ্ম্ম-বন্ধন ||৪০২

সকল নিগম         কল্পতৰু তাৰ

ফল মহাভাগৱত |

সেহি ফলৰস         হৰি-গুণ-যশ

পিয়োক সাধু-সঙ্গত ||৪০৩

পৰম কৃপালু         শ্ৰীমন্ত শঙ্কৰে

লোকক কৰিয়া দায়া |

হৰিৰ নিৰ্ম্মল         ভকতি প্ৰকাশে

কৰিলা শাস্ত্ৰক চায়া ||৪০৪