বনফুল
..বনফুল কেৱলীয়৷ প্রদ্বকাৰৰ
আপডাল নোপোৱা অন্তৰ-
বকবানিত আপোনাআপুনি ফুটি
ওলোৱা ফুলৰ কৰণি। বনফুল
যেতিয়া, গোন্ধৰ বাবে কবি
দায়ী হব নোৱাৰে । কোন
ফুলৰ গোন্ধৰ কেনে ৰাগী
পঢ়ুৱৈয়ে শুঙি চাব। কবিৰ
নাড়ীজ্ঞান থকা পাতনি লিখকৰ
মতে কিন্ত গন্ধৰ সৌৰভে
কবিক উন্মনা কৰি তুলিছে—
যেনেকৈ ‘নাভিকমলত’ফুটি
ওলোৱা গন্ধ-কলাইৰ গোন্ধে
গোন্ধ–পহুৰ দিক্ বিদিক জ্ঞান
হেৰুৱায় ।"
শ্রীবাণীকান্ত কাকতি
|
প্ৰকাশক–
|
|
বেচ দুটকা
|
|
৬৩, বিডন ষ্ট্ৰীটৰ
|
পাতনি
দুৱৰাৰ কাব্যৰ পাতনি লেখিবলৈ যোৱা ধৃষ্টতা নহলেও মোৰ পক্ষে যে দুঃসাহসিকতা তাক নকলেও হয় ।তথাপি বাধ্য হলো অনুৰোধ ৰক্ষা কৰিব লগত ব্যক্তিগত ঘনিষ্ঠতা ছেদৰ আকাঙ্ক্ষাতহে। দুৱবাৰ পুৰ্ব প্রকাশিত ‘আপোন সুৰ’ আৰু আজিৰ 'বনফুল'ৰ দুয়োখন কবিতাৰ পুথি মোৰ 'অত্যাচাৰত' প্ৰকাশ হৈছে ।'বনফুল'ৰ পাতনি লেখোৱাই কবিয়ে সেই অত্যাচাৰৰ প্ৰতিশোধ লবলৈ বিচাৰিছে । 'বনফুল'ৰ পাতনি লেখিবলৈ অনুৰোধ কৰি দুৱৰাই এখন চিঠিত লেখিছে-"... এইখনেই মোৰ শেষ কবিতাৰ পুথি । নতুনকৈ লেখাও নাই আৰু নোৱাৰিম; কাৰণ অৱস্থা প্রতিকূল। তুমি জানাই যে মই অৱস্থাৰ দাস আৰু তুমি নোহোৱাহেতেন মোৰ কবিতাবোৰ হাতে লিখা অৱস্থাতে মৰহি গলহেতেন।
....'অত্যাচাৰী' আৰু ‘নিপীড়ত’ৰ মাজৰ মধুৰ সম্বন্ধ অটুত ৰখাবৰ কাৰণেই তোমাৰ পৰা পাতনি এখন লাগিবই... ।” লাগ বোলা বস্তুটো নেপাই সৰু লৰাৰ দৰে ওফোন্দ পতা দুৱৰা কবিৰ অভ্যাস ।ঠেহ লাগিবলৈ দিয়াতকৈ ভুমুকিয়াই নিচুকুওৱা উত্তম পন্থা ।তাৰ ফলতে এই পাতনি ।
দুৱৰাৰ কবিতা সৰ্ব্বজন সমাদৃত হোৱাৰ সৰ্ব্বপ্ৰধান ওণ তেওঁৰ কবিতাৰ ভাষা । দুৱৰাৰ কবিতাত ভাষাৰ জটিলতা, শব্দৰ দুৰ্ব্বোধতা, অৰ্থৰ অস্পষ্টতা নাই। তেওঁৰ কাব্যৰ ভাষা শিশুৰ দৰে সৰল, স্বভাব সুন্দৰী ৰমণীৰ দৰে নিৰলঙ্কাৰ । ইংৰাজ কবি ওৱৰ্ডছৱৰ্থে এনে ভাষাকেই কাব্যৰ উপযুক্ত বাহন বুলি নিদ্দেশ কৰি লৈছে । কবিৰ কাব্যপ্ৰেৰণাও সহজ আৰু স্বতঃপূৰ্ণ । ই অসমীয়াৰ জাতিগত ভাবনাৰ অনুকূল । দুৱৰাৰ কবিতাত পাহৰি যোৱা অসমীয়া বনগীতৰ কথা সুৰ নতুন ৰূপত নবীন ছন্দত ধ্বনিত হৈছে। সেয়ে তেওঁৰ কবিতাক গীতাত্মক ‘লিৰিক’ কবিতাৰ পৰ্য্যায়লৈ তুলিছে। দুৱৰা এই বিষয়ত আধুনিক অসমীয়া কাব্য বুৰঞ্জীত যুগ প্রৱৰ্ত্তক কবি । তেওঁৰ প্রতিটি কবিতাতে কাব্যতকৈ কবিৰ পৰিচয় অধিকভাৱে পৰিস্ফুট প্ৰতি ফাঁকি কবিতা হৃদয়-বীণৰ 'ঝঙ্কাৰহে মাথোন । আপোন অন্তৰত সৃষ্টি পাতনিৰ ভঙ্গা পতা ছবি আঁকি কবি আপোন ভাবতে আপুনি বিভোৰ। আত্ম-নিমগ্ন কবিয়ে নিজেই গাইছে নিজেই শুনিছে—
মোৰ গান ময়ে গাওঁ
শুনি শুনি ময়ে তল যাওঁ।
গানৰ শেষত
শুনোতা গাওঁতা দুয়ো
একে হৈ পাৰকে নাপাওঁ ।
( মোৰ সৰগ )
দুৱৰা মুখ্যতে প্ৰেমৰ কবি ; সৌন্দৰ্য্যৰ উপাসক । তেওঁ ‘প্ৰেমৰ _ সপোন দেখে, প্ৰেমৰ কবিতা লেখে। দুৱৰা কবিৰ মতে প্রেম আৰু Ging ace পাহি ফুলেৰে বিভাজ্নব্যৰ্থ বৰ্ণ আৰু সৌৰভ । য'তে প্রেম ত’তে সৌন্দৰ্য্য। কবিয়ে এই প্রেম মানুহৰ অকপট প্রেম-প্ৰীতি, স্মেহ-ভালপোৱাৰ মাজত বিচাবি হাবাথুৰি খাইছে । কিন্তু পৃথিবীত অবিকল প্রেম-প্ৰীতি বিৰল প্ৰেমৰ লগত ব্যথা-বেদনা,বিচ্ছেদ-বিঘাদ, লাঞ্চনা-গঞ্জনা, অৱহেলা-অৱসাদ জড়িত হৈ সপ্তবৈকুণ্ঠৰ ৰঞ্জিত ইন্দ্ৰধনুৰ সৃষ্টি হৈছে (ইন্দ্ৰধনু) । সেই হেতুকেই দুৱবাৰ কবিতা নানাভাব বৈচিত্ৰ্যৰে সমৃদ্ধিশালী । কোনো কবিতাত মিলন আকাঙক্ষাৰ আনন্দ, কোনোটিত প্ৰত্যাখ্যান নিদাৰুণ মৰ্ম্মঘাত,কোনোটিত অতৃপ্তিৰ দীর্ঘশ্বাস, কোনোটিত বিদায়ৰ বেদনা ধ্বনিত হৈছে । সৌন্দৰ্য্য পিয়াসী কবিহৃদয়ে সমাজ-সংসাৰত অকপট প্ৰেম অনাবিল সৌন্দৰ্য্য বিচাৰি ব্যৰ্থ মনোৰথ হৈ নিখিল বিশ্বৰ বায়ু পানী সুৰ্য্যালোক, বিটপ-বিহঙ্গমৰ মাজত সহৃদয়তা স্থাপনৰ কল্পনা কৰিছে। বিশ্বব্যাপিনী সৌন্দয্যৰ বিচিত্ৰ ৰেখাই ধ্যান তন্ময় কবিৰ চিত্ত নানাভাৱে আলোড়িত কৰিছে। পখীৰ সঙ্গীত, মৌমাখিৰ গুঞ্জন, ফুলৰ সুষমা, পুৱাৰ পোহৰ, সন্ধিয়াৰ হেঙুলী ৰহণ, বিজুলীৰ চিকমিক হাঁহি, নিজৰাৰ কুলুকুলু ধ্বনি, জোনৰ পোহৰত তিৰবিৰাই জিলিকা লুইতৰ ৰূপালী চাপৰি, বাৰিষাৰ বগা ডাৱৰৰ শাৰী—সকলোৱেই কৰিব অন্তৰত এক অতীন্দ্রিয় অনুভূতিৰ সৃষ্টি কৰিছে । বিশ্বফুলনিত কবি জাকিমাৰি উৰিফুৰা সৌন্দৰ্য্যসন্ধানী পখিলা । 'পাখীত পোহৰ সানি' পখিলা যেনেকৈ ফুলৰ লগত এক হবৰ অভিলাস সেইদৰে কবিৰো বিশ্বসৌন্দৰ্য্য লগত একীভূত হবৰ ঐকান্তিক আকুতি—
কেতিয়ানো সুন্দৰৰ মধুৰ পৰশে
কাষে চাপি লবহি চপাই ।
( এটি উৰি যোৱা হাঁহলৈ )
কবিয়ে এইভাবে প্রকৃতিৰ বিভিন্ন ৰূপ-ভঙ্গিমাৰ লগত নিবিড় অন্তৰঙ্গ আকাঙ্খা কৰিছে। প্ৰকৃতিৰ ৰূপ ৰস গন্ধ স্পর্শ কবিয়ে প্রাণভৰি উপভোগ কৰিছে। প্ৰকৃতিৰ প্ৰতিটি ৰেখাই বননীৰ বনৰীয়া সুৰে,বৰ্ণৰ বৈচিত্র্যই, গন্ধৰ সৌৰভে কবিক উন্মনা কৰি তুলিছে। অতীন্দ্রিয় ৰহনেৰে ৰঞ্জিত হেতু চিৰ পৰিচিত গাওঁখনিৰ প্রতিটি ৰেখাই নবীন সৌন্দর্য্যেৰে দুৱৰাৰ কবিতাৰ শাৰীয়ে শাৰীয়ে “নাচি নাচি দেখা দিছে।” ( নাৱৰীয়া যাই ভটিয়াই স্থুল বস্তুসৌন্দৰ্য্যৰ পৰা ভূমাৰ সৌন্দৰ্য্য বিৰামবিহীনভাৱে অন্বেষণ, সন্ধিয়া জিলিকা সুদূৰ দেশৰ উদ্দেশ্যে অন্তহীন গতি ( এই বাটে নাহিবা দুনাই )—এয়ে দুৱৰাৰ কবিতাৰ দাৰ্শনিক পৰিচয় ৷ নদী, নাও, নাৱৰীয়া —এই প্রতীক ত্ৰয়ৰ সহায়ত কবিয়ে জীৱনৰ গতিধৰ্ম্মৰ ( বৌদ্ধধৰ্ম্মৰ universal flux)ইঙ্গিত দিছে। নদীৰ নিৰবিচ্ছিন্ন গতি-সোঁতত নাৱৰীয়াই জীৱন-নাও মেলি দিছে-
অজানৰ সুৰে নিয়ে টানি
সোঁত তাৰ চিলগৰীয়া ।
( চিৰলগৰীয়া )
আওকান কৰি সংসাৰবিৰাগী কবি আজি অন্তহীন সুদূৰৰ অভিসাৰত---
মুকলি মনেৰে দিম মেলি নাওখনি
পিচলৈ নেচাও দুনাই ।
অনন্তত বই থকা সুৰৰ সোঁতত
.......।
দুৱৰাৰ কবিতা সোনোৱালী দেশৰ পিনে অবিৰত যাত্ৰাৰ কাহিনী । তেওঁৰ কবিতাই ঐতৰেয় ব্রাহ্মণত দেৱতাই বোহিতক দিয়৷ উপদেশ স্মৰণ কৰায়--
চবন্ বৈ মধু বিন্দতি চৰন্ স্বাদুমৃদুস্বৰন্ ।
সূর্য্যস্য পশ্য শ্ৰেমানং যো ন তন্দ্রয়তে চৰন্ ।।
চৰৈবতি, চৰৈবতি ।
যাত্ৰাৰ উদ্যোগ কৰুণ বিননিৰে বিজড়িত, অতীত স্মৃতিৰে বিমণ্ডিত। বিদায়ৰ সময়ত পুৰণি পৃথিৱীৰ সনাতন ৰূপটো মধুৰ ;আৰু অৰ্ব্বাচীন হৈ মানসপটত ভাহি উঠে; এৰি যাওঁ বুলিও যাবলৈ সত নেযায়। যাত্রা-উদ্যোগ কালত মন এপিনে আসন্ন বিচ্ছেদৰ দুর্ভাবনাত আনপিনে আগন্তক ভবিষ্যতৰ অস্পষ্ট উদ্দীপনাত দোদুল্যমান । ই জানিবা নব-বধূৰ প্রথম স্বামীৰ ঘৰ কৰিবলৈ ওলোৱা ন যযৌ ন তস্থৌ অবস্থা। দুৱৰাৰ কবিতা জীৱন-মৰণৰ সীমা পাৰ হৈ যাবলৈ উদ্যোগ কৰা যাত্রাৰ ছবি⸺তেওঁৰ আশাবাদী জীৱনৰ চলন্ত ইতিহাস ।
১ আহাৰ , ১৮৭৪ শক। |
সূচীপত্ৰ
| ১। | বনফুল | … | … | ১ |
| ২। | জীৱন মহিমা | … | … | ৩ |
| ৩। | দুৰনিৰ সুৰ | … | … | ৫ |
| ৪। | সমৰ্পণ | … | … | ৬ |
| ৫। | তুমি মোৰ নাভাঙিবা ভুল | … | … | ৯ |
| ৬। | শিলৰ সপোন | … | … | ১০ |
| ৭। | শিলটিৰো সপোন ভাগিল | … | … | ১২ |
| ৮। | এটি উৰি যোৱা ৰাজহাঁহলৈ | … | … | ১৫ |
| ৯। | অতীত ভৱিষ্যত | … | … | ১৮ |
| ১০। | আন্ধাৰৰো আছে তেনে মান | … | … | ১৯ |
| ১১। | নোহোৱা সমল | … | … | ২১ |
| ১২। | চিৰ লগৰীয়া | … | … | ২২ |
| ১৩। | মেলানিৰ দান | … | … | ২৪ |
| ১৪। | এই বাটে নাহিবা | … | … | ২৬ |
| ১৫। | দূৰৰ যাত্ৰী | … | … | ২৯ |
| ১৬। | নাৱৰিয়া যায় ভাটিয়াই | … | … | ৩০ |
| ১৭। | মোৰ দীপালী | … | … | ৩৩ |
| ১৮। | সামৰণী | … | … | ৩৬ |
| ১৯। | শেহৰ আহুতি | … | … | ৩৭ |
| ২০। | স্মৃতি যুগমীয়া | … | … | ৩৯ |
| ২১। | সৰাপাত | … | … | ৪১ |
| ২২। | তোমালৈ | … | … | ৪২ |
| ২৩। | মোহনা মুখত | … | … | ৪৫ |
| ২৪। | পৰিব মনত জানো…? | … | … | ৪৭ |
| ২৫। | বিদায় বেলাৰ পৰশ | … | … | ৪৮ |
| ২৬। | সপোন কুঁৱৰী | … | … | ৫০ |
| ২৭। | অতীত মাধুবি | … | … | ৫২ |
| ২৮। | গুপ্ত বেঙ্কত | … | … | ৫৩ |
| ২৯। | শেহৰ ৰীণ | … | … | ৫৫ |
| ৩০। | সোঁৱৰণী | … | … | ৫৬ |
| ৩১। | বাটৰ শেহত | … | … | ৫৭ |
| ৩২। | মোৰ সৰগ | … | … | ৫৮ |
| ৩৩। | কবি | … | … | ৬১ |
| ৩৪। | অকলশৰীয়া | … | … | ৬২ |
| ৩৫। | হেবোৱা সুৰ | … | … | ৬৩ |
| ৩৬। | আবেলীৰ চিনাকীলৈ | … | … | ৬৪ |
| ৩৭। | জীৱন জেউতি | … | … | ৬৬ |
| ৩৮। | মৰম | … | … | ৬৮ |
| ৩৯। | আবেলিৰ সপোন | … | … | ৬৯ |
| ৪০। | শেষ অনুৰোধ | … | … | ৭১ |
| ৪১। | নালাগে | … | … | ৭২ |
| ৪২। | প্ৰেমৰ পোহৰ | … | … | ৭৩ |
| ৪৩। | সপ্তমীতে আউঁসী | … | … | ৭৫ |
| ৪৪। | ইন্দ্ৰধনু | … | … | ৭৬ |
| ৪৫। | ফাগুন সপোন | … | … | ৭৮ |
| ৪৬। | সোনোৱালী দেশ | … | … | ৮০ |
| ৪৭। | আশা | … | … | ৮৪ |
| ৪৮। | সমাপন | … | … | ৮৪ |
⸻
বনফুল
কোনোৱে দূৰতে চাই কোনোৱেবা চুই যায়
চেনেহ কনিকা বুলি কৰোঁ তাকে ভুল ।
সপোন আঁতৰি গলে দিঠকে জনায় দিয়ে,
বাটৰ কাঘৰ মই বননিৰ ফুল।
জীৱন মহিমা
( ১ )
জীৱনৰ বোৱা নইখনি,
পাৰত আবৰি থকা সপোন কুঞ্জৰ
আঁৰে আঁৰে ফুৰো নই লগৰী হেৰাই;
দুচকুত আকুল চাৱনি।
নিজৰ পাহৰা বাট
কোনে মোক দিব সোঁৱৰাই?
ফুৰোঁ মই লগৰী হেৰাই।
( ২ )
পচিমত আবেলিৰ বেলি,
লাহে লাহে সন্ধিয়াই ঢাকিব ধৰণী,
অকনি পোহৰ তাৰ হেঙুলী ৰহন
নৈয়ে যেন লব আকোঁৱানি।
নিৰাশা নিজম বাট,
সমল মাথোন সোঁৱৰাই
যৌৱনৰ অৰুণ কিৰণ,
অতীতৰ হেঙুলী ৰহন।
( ৩ )
পথৰ পথিকে লগ পাই
দেখিও বিমোৰ মোক নেমাতে একোকে
আগবাঢ়ি নাতিলেও নিদিয়ে সন্ধান,
নিচিকি হাঁহিৰে গুচি যায়।
উৰনীয়া পখিটিয়ে
অচিন পথত ধৰে তান,
বই যায় বিষাদৰ গান।
( 8 )
কেতিয়াবা কোনো জনে আহি,
অযাচিতে ঢালি দিয়ে হিয়াৰ সম্ভাৰ,
খন্তেকীয়া লগ লই পথ উজলায়,
মুখত বিৰিঙে মোৰ হাঁহি।
আহি আহি থাকোতেই
কেনিবাদি হঠাতে লুকায়।
মুখৰ হাঁহিটি মাৰ যায়।
( ৫ )
অবিৰাম বয় নই খনি
পখীৰ সঙ্গীত আৰু ফুলৰ সুষমা,
সপোন কুঞ্জৰ যত মায়া মধুৰিমা,
অতীতৰ মধু সোঁৱৰণি।
সকলো সামৰি লই
আগুৱাঁও নজনা বাটত
কোনে ক’ব কত তাৰ সীমা?
হেৰুৱাই জীৱনৰ মধুৰ মহিমা।
আমি শুনি শুনি যাওঁ দূৰলই
হাবিৰ মাজেদি গই
পৰ্ব্বত বুকুত ৰই নাচি নাচি আহোঁ কাষলই
উৰি উৰি যাও দূৰলই ।
নিয়ৰৰ কণা যেন ফুলৰ পাহিত
থাকো আমি চিক চিক বিজুলী হাঁহিত,
ক্ষন্তেক পোহৰ ধৰি,
ক্ষন্তেক উজ্বল কৰি,
সাগৰৰ বুকুলই উৰি উৰি যাওঁ,
নিমিষতে কেনিবা লুকাওঁ।
আহিলোঁ আহিলোঁ আমি ধৰাহি আমাক
পখিলাৰ সতে উৰি
ফুলে ফুলে পৰি পৰি
চেনেহৰ মৌ টুপি বিলাওঁ তোমাক,
পাৰা যদি ধৰাহি আমাক ।
(শুনা সেই বননিৰ বনৰীয়া সুৰ,
মাতিছে আমাক আমি যাওঁ বহু দূৰ ।)
পোহৰৰ সতে য’ত আন্ধাৰ মিলিছে
দূৰ দূৰণিৰ সুৰ আপুনি বাজিছে,
নৌ মাখি উৰি উৰি
গুণ গুণ কৰি কৰি
বতাহত বননিৰ কঁপনি তুলিছে,-
সুদূৰত সুৰ শুনা আপুনি বাজিছে।
(মেলানি মাগিলোঁ আজিলৈ,
নাহোঁ নাহোঁ আৰু কাষলৈ,
আন্ধাৰ পুৰীত থাকি, আন্ধাৰ সপোন দেখি,
আন্ধাৰৰ ছবি আঁকি লই
উৰি উৰি যাওঁ দূৰ লই,
নাহোঁ নাহোঁ আৰু কাষলৈ,
( আমি ) মেলানি মাগিলো আজিলৈ।)
⸻
সমৰ্পণ
কোনোবা জোনাক নিশা,
জুৰীৰ পাৰত তুমি আৰু মই
বুকুত মৰুৰ তৃষা,
কোনোবা জোনাক নিশা ।
সুনীল আকাশ খনি,
তলত কোমল দুবৰি দলিচা
কামত মধুৰ বাণী,
সুনীল আকাশ খনি ।
চকুজুৰি জাপ খালে,
তোমাৰ কোলাৰ মধুৰ পৰশে
শীতল অমিয়া ঢালে,
চকুজুৰি জাপ খালে ।
প্ৰেনৰ সপোন মোৰ
দুখনি হিয়াৰ একেটি কঁপনি
নপৰে সুখৰ ওৰ,
প্ৰেমৰ সপোন মোৰ ৷
উঠি দেখো যাৰ পাই
পুৱাৰ পোহৰে চুমে ধৰণীক
তুমি মাথো মোৰ নাই,
উঠি দেখো সাৰ পাই ।
বীণ খনি এৰি গলা,
সুববোৰ মোৰ সিঁচি চাৰি কাষে
কেনি তুমি আঁতৰিলা,
বীণ খনি এৰি গলা ।
শেষৰ অৰূপ ধন,
মোৰ জীৱনৰ অযাচিত বৰ
তুমি দিয়া বীণ খন,
শেষব অৰূপ ধন ।
থাকো বীণ খনি বাই,
উঠে দিনে বাতি কৰুণ বিননি
হিয়া মোৰ ভাগি যায়,
থাকোঁ বীণ খনি বাই ।
ছিগিল বীণৰ তাঁৰ,
কোবাল বেগত পঁজা উৰি গল
সেই দিনা ধুমুহাৰ,
ছিগিল বীণৰ তাঁৰ ।
ধীৰে আগুৱালোঁ মই,
জীৱনৰ মোৰ শেষৰ সম্বল
বুকুত সাবটি লৈ
ধীৰে আগুৱালোঁ মই ।
তোমাৰ চেনেহী দান,
ভগা বীণা খনি দিলো সাগৰতে
আকুল উদাস প্রাণ,
তোমাৰ চেনেহী দান ।
ভাগিল দিনৰ মেলা,
মাৰ গল মোৰো সাগৰ বুকুতে,
শেষ লহৰীৰ লীলা,
ভাগিল দিনৰ মেলা ।
⸻
তুমি মোৰ নাভাঙিবা ভুল,
গাথিছিলে৷ মালা ধাৰি আকাশ কুসুন পাৰ
আবেগত পৰাণ আকুল ।
ওপৰত হাঁহি হাঁহি তৰাই পাতিলে খুन
দেখি মোৰ জীৱনৰ ভুল ।
এই থাকোঁ নাওখনি বাই,
জোনৰ পোহৰ পৰি চিক চিক কৰি কৰি
পানীৰ লহৰী নচা একে থিৰে চাই
জীৱনৰ গীত গাই নাই,
সৰগ নিজৰি পৰা সুৱদি মদিৰা চুমি
আবেগত পৰাণ উটাই
নাও খনি সোঁতে লই যায় ।
বতাহৰ বিয়াকুল সুৰ-----
দূৰ দূৰণিত ভাহি কেনিবাদি উৰি আহি
বুকুত লুকাই আনে অতীতৰ সুৰ,
সোঁৱৰণী অতি সুমধুৰ ।
হেৰোৱা জেউতি পৰি অন্তৰ জিলিকি উঠে
উলাহতে হিয়া ভৰপুৰ,
অতীতৰ সুমধুৰ সুৰ ।
সপোনৰ সৰগ আমাৰ
সুকীয়া সৰগ নাই মিছাতে বিছাৰি হায়
নকবা চকুলো টুকি সপোন অসাৰ,
নুতুলিবা ঢউ নিৰাশাৰ ।
দিঠকৰ দানৱৰ নিকৰুণ পৰশত
নেভাঙিবা কৰি চুৰমাৰ
সপোনৰ সৰগ আমাৰ ।
সপোনতে ফুলে যেন জীৱনৰ ফুল,
সপোনতে মিলি য'ক জীৱনৰ ইকুল সিকুল
তুমি মোৰ নেভাঙিবা ভুল ।
⸻
শিলৰ সপোন
শিলনিৰ ওপৰেদি
নাচি নাচি আহিছে বাগৰি
পৰ্ব্বতীয়া জুৰি
ভৈয়ামৰ সৰু নৈ খনি।
কাষৰ গড়াই
গছ লতা কহুঁৱা ফুলেৰে
বতাহ লগৰী কৰি
লৈছে মেৰাই
যতনেৰে উৰুৱাই
হিয়া ভৰা চেনেহ জাননী ।।
ওচৰতে পৰি আছে
এটি শিল--অকলশৰীয়া!
চেনেহৰ জৰী গছ
জীৱনত তাৰ
কোনে দিলে কেনি সোলোকাই :
বুজিব নোৱাৰি নিজে
বেজাৰত কাঢ়ে হুমুনীয়া।
পোহৰত নাচি নাচি
সৰু সৰু ঢউ বোৰে
ওপৰে টোৱাই এই
দিয়ে তাক চেনেহৰ মধুৰ পৰশ ;
হেঁপাহেৰে শিলে তাক ল'ই আঁকোৱালি
সারটি ৰাখিব খোজে
গোটেই জীৱন ।
মিছা তাৰ আশাৰ কিৰণ
খন্তেক ধেমালি কৰি
কেনিবা আঁতৰি
নিমিষতে ভাঙি দিয়ে সুখৰ সপোন ।
নিতে কত চউ আছে যায়,
তথাপি অবুজ শিলে
চেনেহ সঁফুৰা নেলি
দিনে ৰাতি আছে বাট চাই ;
কিজানিবা কেতিয়াবা
এখানি চেনেহ কৰা
নামি কোনো সুৰুঙাই
যদি তাৰ হিয়া উজলাই !
এই আশাতেই দেহি
পানীৰ কাষত পৰি
অকলই আছে বাট চাই
সোঁতে তাৰ হিয়াক কঁপায়!!
জীৱনত আশ৷ তাৰ কেতিয়া পুৰিব?
হেঁপাহেৰে কাক সিনো
আদৰি ধৰিব?
কালৰ চকৰি ঘুৰি
কৰে হায়! হায়!
হিয়াৰ কঁপনি তুলি
অকলশৰীয়া শিলে
মিছাতেই আশা পালি
আছে বাট চাই!
⸻
শিলটিৰো সপোন ভাগিল
যোঁৱা গই যোৱা এই যোঁৱা আগ বাঢ়ি
নেলাগে থমকি ৰব, নেলাগে উলটি চাব,
সাদৰেৰে কৰিলৈ বতাহ লগৰী.
যোঁৱা গই যোঁৱা গই যোঁৱা আগবাঢ়ি।।
সেইদিনা দেখিছিলা মধুৰ সপোন,
সেউজীয়া ধৰণীত, কুমলীয়া বননিত,
তুলি সেই জীৱনৰ সুৰ বিতোপন
সঁচাকৈয়ে সেইদিনা দেখিলা সপোন ॥
সৰগত বই যোৱা নিজৰা নমলা,
চেনেহী সুঁতিৰ ধাৰা, পৰাণ উতলা কৰা
হিয়াৰ মাজেদি নিজে তুমিয়ে বোৱালা ।
পৰ্ব্বতীয়া শিলটিৰো কঁপনি তুলিলা।।
লয়লাসে কাষ চাপি আপুনি আহিলা
বুকুত সাৱটি ল'লা, গুপুত বাতৰি কলা
আবেগতে হিয়া ভৰা চেনেহ যাচিলা ।
নিমিষতে অভাগাক আপোন কৰিলা ৷৷
পাহৰিলে সেইদিনা জীৱন মৰণ
মৰমতে ভোল গই বুকুৰ বেহানি লই
কুমলীয়া লতা ডালি কৰিলে বৰণ ।
সঁচাকৈয়ে পাহৰিলে জীৱন নৰণ ।।
সপোনতে এনেকৈয়ে দিন উৰি যায়,
প্ৰেমৰ সপোন দেখে, প্রেমৰ কবিতা লেখে,
মিলন কুঞ্জত দুয়ো বাঁহীটি বজায়।
কেনিবাদি সপোনৰ দিন উৰি যায়।
ধৰণীত বসন্তৰ বতাহ বলিলে
মলয় পৰশ পাই, হিয়াখনি উথলাই
কুমলীয়া লতা ডালি বলিয়া কৰিলে ।
শিলটিৰো বিৰহৰ কঁপনি তুলিলে ।।
গছজুপি আছে ৰই আকাশ ধিয়াই,
কুঁহি ফুল পাত লই, আছে জাতিকাৰ হই
ৰংমনে প্ৰকৃতিৰ জেউতি চৰাই ।
ওচৰতে গছ জুপি আছে বাট চাই ৷৷
উলাহত লতা ডালি আগ বাঢ়ি যায়,
গছৰ ওচৰ চাপি হিয়াতেই হিয়া থাপি
হেঁপাহে সাৱটি ধৰি মুখলই চাই,
কব খোজা কথাটিও লাজতে নোলায় ।
অতদিনে বাটচোৱা আশাটি পূৰিল
উলাহত নাচে বুকু, তলত নপৰে চকু
সেউজীয়া ধৰাখনি কেনি আঁতৰিল ।
পৰ্ব্বতীয়া শিলটিৰো সপোন ভাগিল ।।
বুকুত লগোৱা সাঁচ মাথো পৰি ৰ'ল,
মৰমৰ সুৰ তাৰ কেনি উৰি গ'ল ।
আকাশত পাখি মেলি পখীটি উৰিল
খন্তেকীয়া পোহৰত আন্ধাৰ নামিল ।
⸻
এটি উৰি যোৱা ৰাজহাঁহলৈ
উৰি যোৱা উৰি যোৱা আৰু কত পৰ
ৰবা এই বিলৰ মাজত,
প্ৰাণৰ লগৰী দেহি আছে বাট চাই
অকলই নিজান বনত।
সেউজীয়া ঘাঁহনিৰ কোমল কোলাত
চেনেহৰ বাঁহটি তোমাৰ
যতনে সজোৱা আছে হিয়াৰ বোলেৰে
উজলাই জেউতি আশাৰ ।
ক'লা ঢাকনিৰে ঢাকি দূৰ দূৰণিক
লাহে লাহে আন্ধাৰ নামিছে,
উৰি যোৱা আকাশত বগা পাখি মেলি
লগৰীৰ মৰমে মাতিছে।
জগতত ঘৰ বুলি এচমকা ঠাই
আছে পখী তোমাৰ নিজৰ,
বুকত সুমাই মূৰ ইটিয়ে সিটিৰ
দেখা ছবি সুখ সপোনৰ।
ইটিয়ে সিটিক ঢালি মৰমৰ ধাৰা
জগতত চেনেহ বিলাবা,
সুখে দুখে হাঁহি মাতি জীৱনৰ বাট
ৰং মনে দুয়ো বুলি যাবা ।
জীৱন সন্ধিয়া বেলা আহিলে ঘনাই
শেষ সুৰ তুলি আকাশত
হিমালয় ফালে দুয়ো যাবা উৰি উৰি
মানস সৰগী আছে য'ত।
সুৰতেই ঢালি দিবা গোটেই পৰাণ,
সুৰতেই ধীৰে পাবা লয়,
দুয়োটিৰে মিলনৰ ছবিটি আঁকিব
মৃত্যুৰ শীতল বায়ু বই।
নিজা বুলি নাই মোৰ এচনকা ঠাই
জগতত অকলশৰীয়া,
পুৱাতেই মেলি নাও অকলে সোঁতত,
লুইতত হলোঁ নাৱৰীয়া ।
পোৱা নাই এতিয়াও সাগৰৰ পাৰ,
হোৱা নাই গোৱা শেষ গান,
অহা নাই এতিয়াও বতাহত ভাহি
সুদূৰ আকুল আহ্বান ।
এটি সুৰ তুলি মাখোঁ মেলো নাও খনি
নাই কোনো আপোনাৰ জন,
আকাশে বতাহে মোৰ সুৰ মিলি গই
নোতোলাই প্ৰাণৰ স্পন্দন ।
সৰগ মৰত থাকে একে ঠিৰে চাই,
সময়ৰ সোঁত বলি যায়,
কেতিয়ানো সুন্দৰৰ মধুৰ পৰশে
কাষ চাপি লবহি চপাই ।
তোমাৰ দৰেই পখী সুৰৰ লগত
ঢালি দিব খোজো মন প্রাণ,
সাগৰ বুকুত উঠা মহা সঙ্গীতত
জীৱনৰো হ'ক অৱসান ।
জগতৰ কলবৰ বীৰে মাৰ গই
চেনেহৰ ছবি আঁতৰিব,
দুদিনীয়া সংসাৰৰ মায়াৰ বান্ধোন
লাহে লাহে সুলকি পৰিব ।
মুকলি মনেৰে দিন নেলি নাওখনি
পিচলই নেচাঁও দুনাই
অনন্তত বই থকা সুৰৰ সোঁতত
নাওখনি যাব ভটিয়াই ।
চাপিব যেতিয়া তৰী জুৰণি ঘাটত
চেনেহৰ পৰণ বুলাব,
বই থকা সঙ্গীতৰ সুমধুৰ সুৰে
জীৱন মৰণ পাহৰাব ।
দূৰত জিলিকে সউ মধুৰ পোহৰ,
সেয়ে দিব বাট উজলাই ;
জীৱনৰ নাৱৰীয়া গুৰি বঠা ধৰি
নাওখনি নিয়া আগুৱাই ।
⸻
তুমি মোৰ ক'লা কাণে কাণে
অতীতক নানিবা দুনাই,
অতীতেই মোহিনী বেষেৰে
দিলে হেনো অবাট চিনাই ।
জীৱনৰ উখৰা বাটত
আছে জানো চিনাকি অচিন,
তোমাকেই সুধিছো সাদৰি
পোৱা জানো কিবা তাৰ চিন?
পছিমৰ দূৰ আকাশত
জলে মানে হেঙুলী দাপোন,
গই থকা বাটৰ আগেদি
নাচি যায় সোনালী সপোন ।
ধীৰে ধীৰে নামিলে আন্ধাৰ
পৰ্ব্বতে ভৈয়ামে মিলি বায়;
এৰি অহা দীঘলীয়া পথ
হেঁপাছহৰে ঘূৰি ঘূৰি চায় ।
সমুখুৰ অচিন বাটত ;
আন্ধাৰেই লগৰীয়া তাৰ,
অতীতৰ জোৰাকী কিৰণে
দেখুৱাই দূৰৰ আন্ধাৰ ।
তেনে এটি আন্ধাৰ ক্ষণত
অতিতেহে ভবিষ্য চিনায়,
নামি অহা গধুলি পৰত
নতুন ভবিষ্য আৰু নাই ।
আজি এই বিয়ালি বেলিকা
হেঙুলীয়া৷ সপোনৰো ওৰ,
জীৱনৰ নিজান বাটত
অতীতেই ভবিষ্যত মোৰ ।
⸻
আন্ধাৰৰো আছে তেনে মান
আজি এই দিনৰ শেহত
পাহৰি পেলোৱা মোৰ গান ।
দূৰণিত মাৰ যোৱা লহৰী সমান ।
পছিমৰ হেঙুলি আঁচলে
দিগন্তত লুকা লুকি খেলে,
সন্ধিয়াৰ কলীয়া আন্ধাৰে
আবৰি নেৰাখে তাৰ মান,
তেনেহলে কিয় অভিমান ?
তুমিও পাহৰা মোৰ গান ।
পৃথিবীৰ শেহৰ ৰেখাত
মিলি যোৱা মুকলি পথাৰ,
তবা বচা ৰাতিৰ আকাশে
আঁতৰায় অবুজ আন্ধাৰ,
বিশ্বৰ বাঁহীত উঠে সকৰুণ তান।
তেনেহলে কিয় অভিমান ?
তুমিও পাহৰা মোৰ গান ।
দুপৰৰ তেজাল কিৰণে
পাৰে জানো কৰিব প্রকাশ
ৰাতিৰ কোলাতে থকা
মুকলি পথাৰ জোৰা
ৰিক্ততাৰ সৌন্দৰ্য উদাস ?
—গুপুতৰ আপোন আভাস ।
আন্ধাৰৰো আছে তেনে মান
তেনে হলে কিয় অভিমান ?
পাহৰি পেলোৱা মোৰ গান ।
আজি এই দিনৰ শেহত,
দূৰণিত মাৰ যোৱা লহৰী সমান,
তুমিও পাহৰা মোৰ গান ।
–––
লৰালি কালৰে পৰা ওৰে জনমত মোৰ
আশাৰ জেউতীকণ আঁতৰি পলায় ।
মৰমৰ ফুল পাহি নউ হাত মেলোতেই
অকলে আপুনি দেখোঁ লেৰেলি শুকায় ।।
জোনৰ ৰূপালী ধাৰা নপৰে পজাত আহি ,
নুশুনো পখীৰ কোনো সুমধুৰ গান ।
সন্ধিয়াৰ জুৰ বাৱে চেনেহৰ পৰশেৰে
নকৰে শীতল মোৰ উতলা পৰাণ ।।
দেও দিয়া জুৰিটিয়ে নিমাতে নিৰৱে ধীৰে
পজাৰ কাষেদি যায় সৰগ ধিয়াই ।
নানা বৰণীয়া শিল একে থৰে পৰি আছে
সোঁতৰ বুকুত ঘুৰি নানাচে দুনাই ৷
বাৰিষাৰ ওন্দোলোৱা ক'লা ডাৱৰৰ শাৰী
গুজৰি গুমৰি আহে চাবি কাষে মোৰ ।
জাৰত কুঁৱলী নামি পঁজাটি নেদেখা কৰে
নিজকে নিচিনা হও আন্ধাৰত ঘোৰ ৷৷
কেতিয়াবা সুদূৰৰ এটি যেন খীণ সুৰে
হিয়াত কঁপনি তুলি কেনিবা পলায় ।
কুঁৱলী আঁৰতে থকা খন্তেকীয়া সুৰুযৰ
জিলিঙনি এটি নামি আকউ লুকায় ॥
সিপাৰৰ গাওঁখনি নিতউ গধূলি পুৱা
উলাহে উজলি উঠে ৰঙে ভৰপুৰ
পুৱাৰ কিৰণ নামে জোনায়ে সুষমা ঢালে
সমীবত পনি যায় কেতেকীৰ সুৰ ।।
পথাৰৰ লখিনীয়ে বতাহত হালে জালে,
সোণোৱালী শইচৰ দুপৰীয়া হাঁহিটিত
চেৱে চেৱে নাচি উঠে হিয়া দাউনীৰ ৷৷
এনেদৰে সকলোটি সুখৰ সমল লই
হাঁহি মাতি আগুৱায় সপথতৰ নাজত ।
নোহোৱা সমল মোৰ বুকুত সামৰি লই
আগুৱাঁও অকলই জীৱন পথত ।।
⸻
চিৰ লগৰীয়া
এৰি খই মৰম মাধুৰী
নাৱৰীয়া আছে ভটিয়াই ;
দুগালেদি চকুৰো বাগৰি
অন্তৰৰ আবেগ জনায় ।
কোন এক অতীত যুগৰ এটি দুটি এৰি অহা ঢউ
সোনোৱালী পুৱা কিৰণত, এতিয়াও মাৰ যোৱা নাই ;
মেলিছিল জীৱনৰ নাও কেতিয়াবা কেনিবাদি আহি
আজি তাৰ নপৰে মনত লুইতৰকাষৰকঁপাই ।
মাজে মাজে ওখ বালিগড়া
খহি পৰে আপোনা আপুনি ;
যিমানেই আঁতৰাই নাও
সোঁতে নিয়ে কাষলই টানি ।
টুল বুল নাওখনি তাৰ
পাৰ হই কোন সুৰুঙাই
ভাহে পুনু সোঁতৰ মুখত
খহনীয়া পোত খাই যায়।
এটিবাৰ মাথো ঘূৰি চালে উজনিৰ চেনেহৰ সুৰে
টলমল পানী হেন্দোলনি ৰৈ ৰৈ মাতে বিঙিয়াই
নাৱৰীয়া গ'ল শাগুৱাই নাৱৰীয়া ! আন্ধাৰ নামিছে
পাচ পৰি থাকিল কঁপনি । নালাগেছো যাৰ ভটিয়াই।
বতাহৰ বোকোচাত অহা
শুনি সেই মৰম ৰিঙনি,
বঠা ডালি কাতি কৰি লই
ঘুৰাব খুজিলে নাওখনি ।
পছিমৰ এছাটি বতাহে কপালৰ কেঁচা ঘাস মচি
ভৰ পানী দিলে উথলাই বঠা এৰি বহে নাৱৰীয়া,
ধৰা বঁঠা হততেই ৰ'ল, অজানৰ সুৰে নিয়ে টানি
নাও তাৰ নিলে উটুৱাই। সোঁত তাৰ চিৰ লগৰীয়া ।
⸻
মেলানিৰ দান
মোৰ বাবে তুমি
নুৰুবা মালতী ফুল,
জীৱনত কিয়
মিছাতে বঢ়োৱা ভুল ?
ফুলো নুফুলিব
মৰহিব গছ পুলি
ফুলিলেও চাবা
ঢোপাতে সৰিব কলি
সেয়েহে কৈছো
নুৰুবা মালতী পুলি ।।
|
মাজ সাগৰত
|
জীৱনত মোৰ
|
চিকুণাই ৰাখা
তোমাৰ ফুলনি খনি,
উৰিব পখিলা
সোণালী কিৰণ সানি,
সমীৰণ ব'ব
নতুন বাতবি কই,
জোনায়ে হাঁহিব
তৰাক লগৰী লই ;
উলাহতে গাবা
মধু মিলনৰ গান,
সেয়ে হব মোৰ—
চেনেহ মেলানি দান ।
তুলিব যেয়েই
সন্ধিয়া সুৰৰ তান ৷৷
⸻
কেনি যোৱা বাটৰুৱা আন্ধাৰ বাটত ?
সমুখত মুকলি পথাৰ ;
আকাশে বৰণী চুমে দূৰ দিগন্তত
কতো তাৰ নাই পৰাপাৰ। ।
বহুদূৰ বাট বুলি আহিছা ভাগৰি
যাবলৈয়ো আছে বহু বাট ;
দূৰত জিলিকা দেখি পোহৰৰ ৰেখা
ভাবিছা আশ্রয় পাবা তাত ।
আথে বেথে আগবাঢ়ি নিব কাষলই
পাবা কত আদৰ সাদৰ,
চেনেহৰ মিঠা মাতে ধৰিব যোগান
পলুৱাবা প্ৰাণৰ ভাগব ।
দেখিছা দূৰত সউ দ'লৰ কলচী,
দেৱতা বিৰাজে ভিতৰত ;
শুনিবা পূজাৰ কত মঙ্গল উকলি,
পুৱাতেই মন্দিৰ মাজত ।
কাষ চাপি দেৱতাৰ চৰণ তল
দিবা ঢালি প্ৰাণৰ আৰতি ;
অতৃপ্তিত অতৃপ্তিৰ আশীষ লভিবা
ভকতিৰে জনাবা প্রণতি ।
ভাবিছা ইবাৰ তুমি পাবা ইয়াতেই
অশান্তিত শান্তিৰ জিৰণি
এই ঘাটতেই কত হাবিয়াস কবি
বান্ধিবাহি জীৱন তৰণী ।
মিছা আশা বাটকৱা সকলো কল্পনা
মায়া জুই, ৰেখা পোহৰৰ ;
নহয় অশ্রিয় স্থল বাটৰ মুখৰ
চাকনৈয়া মাথো বিপদৰ ।
এবাৰ পৰিলে আহি ইয়াৰ মাজত
উৱাদিহ নোৱাৰা ধৰিব ;
আজীৱন ঘূৰিফুৰি আন্ধাৰে মুধাৰে
ব্যুহচক্ৰ নোৱাৰা ভেদিব ।
আন্ধাৰতে শেষ হব জীৱন তোমাৰ
পোহৰৰ ৰেখা আঁতৰিব
এটি মাথো হুমুনীয়া বতাহ বুকুত
শূন্যে শূন্যে ওপঙি ফুৰিব ।
দূৰৰ মন্দিৰ যিটো অতি আচৰিত,
সিয়ে মাথো মায়ামৰিচীকা ;
নাই তাত দেৱতাৰ পূজা আয়োজন,
মিছাতেই দেখিছা জিলিকা।
শুনা সেই শতশত কৰুণ কান্দে,
দেৱতাৰ চৰণ ধিয়াই,
আন্ধাৰৰ বুকু ফালি উঠে নিতে নিতে,
শূশূন্যতেই উঠি মাৰ যায়।
যোঁৱা ঘূৰি অহাবাটে নৰবা ইয়াত
এতিয়াও থাকোতে সময়;
বিমান দীঘল হক আগুৱা তথাপি
সুখৰ দুখৰ বোজা লই।
জুহালৰ কাষ চাপি বহি অকলই
বিষাদৰ টৌকা চকুপানী;
অন্তৰৰ জ্বলা জুই আপুনি নুমাই
জীৱনত শান্তি দিব আনি।
পচিমত মাৰ যোৱা হেঙুলি কিৰণে
উজলাব জীৱনৰ বাট
সন্ধিয়া জিলিকা সউ সুদূৰ দেশত
আপুনি আশ্ৰয় পাবা তাত।
মুকলি চকুৰে চোৱা সুন্দৰ জগত,
মেলি দিয়া অন্তৰ দাপোন,
দেখা পাবা মৰণৰ অন্ধাৰ পাৰত
জীৱনৰ মধুৰ সপোন।
সৰা পাত জাৰকালি উপচি পৰিব,
সেয়ে দিব বাট দেখুৱাই,
বাটৰুৱা যোৱা তুমি নিজৰ ঘৰলই
এই বাটে নাহিবা দুনাই।
যাওঁ যাওঁ যাওঁ আমি বহু দূৰলই,
টোপনিৰ আঁৰে আঁৰে,
সপোনৰ পাৰে পাৰে,
জীৱনৰ মৰণৰ সীমা পাৰ হই ;
—যাওঁ যাওঁ যাওঁ আমি বহু দূৰলই।
কত আহি কত গল, আহিছে আহিব,
সৰগৰ সিংহাসন মনতে পাতিব,
চেনেহৰ মালাধাৰি মনতে গুঠিব,
আৱেগেৰে মৰমৰ ৰহণ সানিব,
কালৰ সোঁতত পৰি উটি বুৰি গই
ঢউৰ লগতে মাথোঁ নিজে ঢউ হই.
এৰি যাব, গুচি যাব, দূৰ দেশলই ।
জগতৰ বেচা কিনা জগততে থই ৷৷
—যাওঁ যাওঁ যাওঁ আমি বহু দূৰলই ।
ডাৱৰৰ সুৰুঙাই ঊজলে কিৰণ,
সন্ধিয়াৰ বেলিটিৰ হেঙুলি বৰণ,
মিচিকি হাহিৰে দিয়ে বাট দেখুৱাই,
দূৰণিত শুনো যেন যাতে কোনোবাই,
আহাঁ আঁহা আহাঁ অই,
পাৰতেই আছো ৰই,
মোহিনী মায়াত কিয় আছা ভোল গই,
আহাঁ আহাঁ আহাঁ চাপি মোৰ কাষলই,
—যাওঁ যাওঁ যাওঁ আমি বহু দূৰলই ।
আকাশে বতাহে উঠে মধুৰ সুৰ,
উৰি উৰি ভাহি বায়⸺যায় বহুদূৰ,
বতাহতে গীত গাই
বতাহতে নাও বাই
মনৰ শুকুলা পাল তাতে তৰি লই,
নাচি নাচি হাঁহি হাঁহি যাওঁ দূৰলই,
সুদুৰৰ সপোনৰ সুৰ পুৰীলই,
⸺যাওঁ যাওঁ যাওঁ আমি বহু দূৰলই।
নাৱৰিয়া যায় ভাটিয়াই
বসন্তৰ ফুল কুঁৱৰীয়ে
কোঁচ ভৰি মাধুৰী বিলায়,
উজনিত উলাহ বিলাহ,
নাৱৰীয়া যায় ভাটিয়াই।
|
ৰিণি ৰিণি পৰিছে মনত
|
পদূলিৰ শেৱালি জুপিয়ে,
|
এতিয়াও পুৱাৰ কিৰণে,
বাঁহনিৰ মাজে সুৰুঙাই,
জালী-কটা বিহাৰ আঁচিল
চোতালত পাৰি থৈ যায়।
কত কথা দূৰ অতীতৰ সমুখৰ শৰালি হালিয়ে,
একোখনি ধুনীয়া পটত জিলিকায় পাখি পোহৰত,
নাচি নাচি দেখা দিয়ে পুনু ৰংমনেনে মিলনৰ মেলা
উটি যায় সোঁতৰ লগত পাতি দিয়ে পানীৰ মাজত
পুৱাতেই ঘাটৰ কাষত,
পানী নই কলহ ভৰাই
গাৱলীয়া বোৱাৰী জীয়াৰী,
একেথৰে নাওখনি চায়।
বুকুভেদি এটা হুমুনিয়াহ দুপৰীয়া পৰেহি কাণত
উঠে তাৰ অন্তৰ কঁপাই উৰি অহা উলাহৰ গীত,
থাকোঁ, থাকোঁ, নোৱাৰে থাকিব হাঁহি নাতি গাৱঁৰ ডেকাই
নাৱৰীয়া যায় ভটিয়াই । বালিভাত খায় চাপৰিত ।
নাৱৰীয়া তলমুৰ কৰি
উটি যায় সোঁতৰ মুখত
কোনে জানে কেতিয়া চাপিব
নাও তাৰ জিৰণি ঘাটত ।
লাহে লাহে পচিনৰ পিনে এৰি থই অহা মাত ষাৰি
বেলিটিয়ে হেপাহেৰে চায়, পৰে যেন কাণত দুনাই,
গৰু লই আবেলি বেলিক এৰো বুলি নোৱাৰে এৰিব
গৰখীয়া ঘৰলই যায় । সোঁতে তাৰ নাৱক কঁপায় ।
বিহাখনি ডিঙিত মেৰাই
লখিনীয়ে সন্ধিয়া পৰত,
আথেবেধে চাকিটি জলাই
সেৱা কৰে তুলসী তলত ।
জিৰনিৰ পৰশ বুলাই সপোনক আকোঁৱালি ধৰি
ধীৰে ধীৰে আন্ধাৰ নামিছে, আপোনাক কৰি দিলি পৰ,
বিশ্ব বীণ নিৰৱ নিমাত এতিয়াযে যাব অকলই
আকাশত তৰা জিলিকিছে। নাৱৰীয়া ! কত তোৰ ঘৰ ?
জগতৰ চেনেহৰ সুৰে-
ৰই ৰই যাতে ৰিঙিয়াই,
নাও তাৰ চলিছে সোঁতত
সুদূৰৰ পোহৰ ধিয়াই ।
উলাহ বিলাই হিয়া উজলাই
জ্বলিছে অসংখ্য বাতি,
সৰগৰ তৰা নামিছে ধৰাত
আজি দীপালীৰ ৰাতি ।
বুকু ভৰা আশা হাঁহিভৰা মুখে
লগৰ লগৰী লই,
সোনালী সপোন সাৱটি ধৰিছে
ভাৱত বলিয়া হই ।
পদুলি মুখত পুতি কলা পুলি
দিয়ে শাৰী শাৰী চাকি,
মনৰ গুপুত আন্ধাৰ কণিকো
আদৰেৰে ধৰে ঢাকি ।
সোণৰ প্ৰদীপ সুগন্ধি তেলেৰে
ধনীয়ে শৰাই ধৰে ;
প্ৰাণৰ চাকিত শলিতা জ্বলাই
অজলাই পূজা কৰে ।
দুখীয়াৰ-চহকী সবাৰে প্ৰাণত
নাই উছাহৰ শেষ,
আই লখিমীৰ বাটটিত যেন
নাথাকে আন্ধাৰ লেশ।
পৰিলে মনত দূৰ দূৰণিৰ
টোকোবা-পঁজাটি মোৰ,
পোহৰৰ কণা নাই অকণিকে
ঢাকিছে আন্ধাৰে ঘোৰ ।
আহিলো উলটি বেজাৰ মনেৰে
প্ৰাণৰ আশাটি ধৰি
বস্তি জ্বলালো শলিতা যোগাই
অশেষ যতন কৰি ।
জিলিকি উঠিল দখীয়াৰ পঁজা
উলাহত নাচে প্রাণ
বাজে অন্তৰত কৌটি কলীয়া
উদাৰ অসীম তান ।
গোটেই ৰাতিটি জ্বলাম চাকিটি
থাকি উজাগৰে মই,
শত হৃদয়ৰ শতেক বাসনা
হব একেটিতে লয় ।
অতদিনে তোলা কামনা-কুসুম
দিন এটি এটি এৰি ;
ঊষা কিৰণত পানীৰ সোঁতত
যাব তিৰ বিৰ কৰি ৷
নইৰ সিপাৰে কবিতা কুঁৱৰী
আছে পোহৰত বহি,
অতি আবেগেৰে তুলি আঁচলেৰে
লব এটি এটি পাহি ।
মোৰ ফুলৰেই সাজিব মুকুট
মোহন হাঁহিটি লই,
ঢউ তুলি তুলি চাপিব যেতিয়া
মোৰ নাওখানি গই ।
আশাৰ বুকুত লুকাব নিৰাশা
উঠিব নধুৰ গীত,
নিজৰ ভাৱতে বলিয়া কৰিব
আপোন পাহৰা চিত ।
পচিনৰ এছাটি পচোৱা বতাহে
নানি কোন সুৰুঙাই,
থাকোতে ইদৰে প্ৰাণৰ প্ৰদীপ
দিলে আহি লুটিয়াই ।
আঁউসী আন্ধাৰে ঢাকিলে জীৱন
নুমাল চাকিটি মোৰ,
হল এনেদৰে জগতত আজি
মোৰ দীপালীৰ ওৰ ।
জুহালৰ কাষ চাপি আঁহা দুয়ো বহোঁ
আজি এই সন্ধিয়া পৰত,
সুদূৰৰ জিলিঙনি মায়া মৰিচিকা
আঁতৰক কুঁৱলী আঁৰত।
বলিছিল জীৱনত আমাৰো এদিন
বসন্তৰ বলিয়া বতাহ,
নাচিছিল যৌবনৰ উতলা পৰাণ,
অন্তৰত অনন্ত হেঁপাহ ।
সমুখৰ গছজুপি নতুন পাতেৰে
ফুলে ফলে জাতিষ্কাৰ হই
যাচিছিল উলাহেৰে চেনেহ বাতৰি,
পাতিছিল কথা ৰই ৰই।
শুকান গছৰ ডাল নেমাতে চৰায়ে
আজি তাক নোচোৱে বতাহে,
অতীতত মাৰ যোৱা চেনেহৰ সুৰে
নিবিলায় বাতৰি উলাহে।
বাহিৰত উটি যায় যৌৱনৰ নাও
লুইতৰ কোবাল সোঁতত,
আশাৰ নতুন পাল বতাহ বুকুত
দিয়ে তৰি পুৱা কিৰণত ।
চেৱে চেৱে নাচে নাও সোঁতৰ লগত
লগে লগে, নাচিছে পৰাণ
উৰিছে প্ৰাণৰ পখী অসীম ধিয়াই
গায় যায় সুমধুৰ গান ৷
ধুমুহাৰ সতে যুজি অকলে আপুনি
ভাগৰিব জীৱন পথত
এবাৰ উজলি উঠি নুমাব দুনাই
সপোনৰ বন্তি আন্ধাৰত ।
ভিতৰত বাহিৰৰ দুৱাৰ জপাই
জুই কুৰা ধৰো ভালকই
জীৱনৰ হঁহা কন্দা উলাহ বিলাহ
এই জুয়ে নিব লগতেই।
⸻
শেহৰ আহুতি
পুৰ্ণিমাৰ সুধাভৰা শুৱনি সম্ভাৰ
যতনে সজাই এই পদূলি মূৰত
দক্ষিণৰ মলয়াই মধু শিহৰণ
পুলকালে 'পঞ্চমীৰ' লাৱনি মুখত ।।
আপোন পাহৰা হই তাৰে এছাটিয়ে
কেনিবাদি উজ্বলাই দিলে পলকত,
অতদিনে পাতি থোৱা হিয়াৰ বেদীত
ক'লা পৰা আৱৰণ শীত পৰশত ।
ইকি দেখোঁ আবেগৰ জিলিকি উঠিল
ৰঙা শিখা আহুতিৰ স্বাহাবানী গাই,
অর্থহীন কামনাৰ শতেক কুসুম
জহি যায় আপোনাতে সুগন্ধি বিলাই ।
মোৰ এই অবুজন তীব্র হোমানল
অন্তৰত অকালতে খাপিলো যিদিনা,
জ্বলিজ্বলি নুমালেও সেই দিন ধৰি
ৰই যায় অৱশেষ ফিৰিঙটি কণা ।।
এনেদৰে বাহিৰৰ বলিয়া বতাহে
কেতিয়াবা স্বাহাবাণী আকৌ শুনায়।
জ্বলি উঠে হোমানল আপোনা-আপুনি,
সৰগৰ দেৱতায়ো গমকে নেপায় ।।
নিজ অন্তৰৰ যত আহুতি সমল,
শেষ কৰি ময়ে হম শেষৰ আহুতি :
সমাপন শঙ্খ মাথো বাজিব সিদিনা
আচম্বিতে মহাযজ্ঞ হ'ব পূর্ণাহুতি ৷৷
( কোনোবা এটি শ্রীপঞ্চমীৰ দিন লিখ )
⸻
দিনে দিনে দিন গণি অকলে আপুনি
চাপিছোঁহি ঘাটৰ কাষত,
শেষ আশা এটি বাৰ দুয়ো উটি বাম
একেলগে এখনি নাৱত ।
শতেক বাসনা মোৰ কলিতে শুকাল,
শত আশা জঁই পৰি গল,
নিয়তির নিদাৰুণ কঠোৰ হাতত
তাৰ মোৰ ভাষাহীন হল ।
অতীত আঁতৰি থক কুঁৱলি আঁৰত,
আজি তাক নকৰো আপোন,
সৰগৰ নন্দনৰ আন্ধাৰ চুকত
থক মোৰ মোহৰ সপোন ।
আজি এই সন্ধিয়াৰ মধু লগনত,
আকাশী অমিয়া কৰো পান,
সোনৰ সজাত যেনে বনৰ চৰায়ে
পাহৰিলে বননিৰ গান ।
তিৰবিৰ জিলিকায় জোনৰ পোহৰে,
সমুখৰ বালি চাপৰিটি,
বতাহত ভাহি আহে মন্দিৰৰ পৰা
সন্ধিয়াৰ মধুৰ আৰতি ।
উটি যক নাওখনি সাগৰৰ পিনে
ধীৰে ধীৰে সোঁতৰ লগত,
আমি দুয়ো ৰচোঁ আজি কল্পনা সৰগ
খন্তেকীয়া পোহৰ মাজত ।
অজান সুৰত বাজে অন্তৰত মোৰ
জীৱন ও মৰণৰ গীতি,
ঘনে ঘনে সংশয়ৰ কোলাত কঁপিছে
আশা আৰু নিৰাশাৰ প্রীতি।
একেৰাহে চিৰকাল চলিছে জগত
সুখ দুখ হাঁহি কান্দোনেৰে,
ডাৱৰ বুকত যেনে বিজুলীৰ ৰেখা
চিকনিক আন্ধাৰে পোহৰে ।
আঁতৰক জীৱনৰ ভয় ভ্রান্তি যত,
দূৰ হক মনৰ কালিমা,
সার্থক জনম মোৰ বুকুৰ মাজত
আছে আজি প্ৰাণৰ প্ৰতিমা ।
জীৱনৰ এনে এটি মধুৰ মিলন
মোৰ আৰু নাহিব দুনাই,
কালিলই নাও মেলি পুৰণি সোঁতত
অকলই যাম ভটিয়াই ।
ধৰিব জগতে পুনু নতুন পূৱতি
সুমধুৰ মঙ্গল ৰাগিনী,
দূৰ দূৰণিৰ নোৰ বীণত বাজিব
বিষাদৰ কৰুণ বিননি ।
প্ৰেমৰ সপোন আজি সাৱটি ধৰিছো
হব পাৰে সুখ খন্তেকীয়া,
সাঁচতীয়া চেনেহৰ মধু পৰশৰ
স্মৃতি মোৰ হক যুগমীয়া ।
––––
সৰাপাত
সকলোটি একে আছে সঁচা
কিন্তু যেন কিবা এটি নাই,
অতীতৰ বলিয়া বতাহে
কেনিবাদি দিলে উৰুৱাই ।
বাজে জানো সেই সুৰ আজি
অসীমৰ বননি কঁপাই ?
লুইতৰ বহল বুকুত
সেই সুৰ শুনা জানো যায়
লৰালিৰ সুখৰ-সপোন
আজি মোৰ কোনে হৰি নিলে ?
চেনেহৰ বীণৰ তাঁৰত
নিকৰুণ হাত কোনে দিলে ?
সৰাপাত উৰি আহি কয়
গছৰ কোলাত ঠাই নাই,
বেজাৰতে নারবীৱাটিয়ে
নাও মেলি যায় ভটিয়াই ।
––––
"তোমালৈ"
ভাগৰুৱা বেলি পছিমৰ পিনে
হেঁপাহেৰে জুনি চায়,
উজলি উঠিল পছিম আকাশ
হেঙ্গুলী পোহৰ পাই ৷
দূৰ দূৰণিৰ আন্ধাৰ কোলাত
সন্ধিয়াই মেলে চুলি,
দিয়ে চেনেহৰে সেউজী ধৰাক
জুৰণি পাটীত তুলি ।
অকনি পোহৰ দ্বিতীয়াৰ জোনে
বিলাই পৰিল ঢলি,
নুফুলা ফুলৰ কলিটি ফুলালে
শীতল মলয়া বলি ।
ধীৰে আঁতৰিল দিনৰ কোঢ়াল
ধৰণী নিজম হল ;
উটি উটি আহি নাওখনি মোৰো
তোমাৰ ঘাটতে ৰ'ল ।
সোঁতৰ লগত পুৱা পোহৰত
যাব পুন নাওখনি,
কোন সুদূৰৰ অজান দেশৰ
শুনি সপোনৰ বাণী ।
কেনেকৈ মোক ৰখাবা কোৱাচোঁ
চেনেহ জৰীৰে ধৰি,
গোটেই জীৱন উঠিছো বুৰিছোঁ
সোঁতৰ মুখত পৰি ।
মানুহৰ আও মানুহৰ ভাও ?
নুবুজোঁ মানবী ৰীতি,
নোৱাৰো মানিব কঠোৰ শাসন
নেলাগে সমাজ নীতি ।
লুইতৰ বুকুতে পাৰিদি অকলে
সোণালী সপোন দেখোঁ
বতাহৰ লগতে সুৰটি মিলাই
জীৱনৰ ঢউ লেখোঁ ।
বননিৰ সুৰে তোলায় কঁপনি
পৰাণ উজ্বলে মোৰ,
বিজুলী কোলাৰ মিচিকি হাঁহিৰে
-দুখৰ নপৰে ওৰ ।
বিচাৰা যদিহে কল্পনা ৰাজ্যৰ
উদাসী প্ৰাণৰ মেলা
সপোন লগৰী কৰি পাৰি দিয়া
এৰি দিঠকৰ খেলা ।
বজোৱা প্ৰাণৰ চেনেহৰ বাঁহী
জোনায়ে ধৰক গান,
দুখনি হিয়াৰ একোটি সুৰতে
উঠক মিলন তান ।
আঁহা দুয়ো যাওঁ এখনি নাৱতে
তৰি দি শুকুলা পাল,
অচিন দেশত অচিন বেশত,
ৰঙেৰে কটাম কাল ।
–––
অতীতৰ বেহানি সামৰি
আজি এই সন্ধিয়া পৰত,
টুল বুল নাওখনি মোৰ
বান্ধিলোহি মোহনা মুখত ।
ৰিণি ৰিণি পৰিছে কাণত
সাগৰৰ আকুল আহ্বান,
সিপাৰৰ সুদূৰ দেশৰ
বতাহত ভাহি আহে তান ।
আশা কৰি বহিছোঁ পাৰত
সময়ৰ সোঁত বলি যায়,
কেতিয়ানো মধু লগনত
নাও যাৰ সাগৰ ধিয়াই ।
যৌবনৰ মাধবী নিশাৰ
বুকুৰ মাধুৰী সানি লই,
কোন তুমি মৃদু পোহৰত
দিলা দেখা প্ৰাণৰ জুৰকই ।
লাহে লাহে কাষ চাপি মোৰ
চেনেহৰ চুমাটি যাচিলা,
মৰমৰ পৰশ বুলাই
পৰাণত জুৰণি ঢালিলা ।
বই গল নিৰাশা প্রাণৰ
শিৰে শিৰে মধু শিহৰণ,
হেপাহেৰে বুকুত সাবটি
পাহৰিলো জীৱন মৰণ ।
কোনো যেন জগতত নাই,
তুমি নোৰ অতিকে আপোন,
বাহিৰৰ সমাজ সংসাৰ
সকলোটি অলীক সপোন ।
আাবেশত পৰি থাকোতেই
ধৰণীক দিলেহি টোৱাই,
সোণোৱালী পুৱাৰ কিৰণে
তুমি মোৰ ওচৰত নাই ।
চকুনেলি দেখিলো তোমাক
নাও বাই যোৱা উজানত.
বাই অহা বঠাৰ শৱদে
আকুলতা ঢালেহি প্ৰাণত ।
বেজাৰতে ভাবোঁ নিৰলাত
তুমি মোক নিনিলা লগত,
যাবলৈকো ভটিয়াই মোৰ
নাই কোনো সমল হাতত ।
⸻
অযাচিতে ঢালি নিজে চেনেহৰ ধাৰা
শুকোৱা নিজৰা মোৰ দিলা যে বোৱাই
এতিয়া ইয়াতে মোক এবি নিৰলাত
কোন সতে যোৱা তুমি অকলে উজাই ?
তোমাৰ পুৱাত মোৰ বিয়লি বেলিকা,
থাকিলে লগত সঁচা পাবানে আমনি ?
নেলাগে নেচাপো তেনে কাষত তোমাৰ
বিচাৰি নিজৰ ঠাই লোৱাগে জিৰণি ।
সোণালী সপোনে যেন আবৰে জীৱন,
ধুনীয়া জোনক কোনে পায় অকলই ?
সকলোৰে জোন তুমি, তোমাৰ হাঁহিটি
কত জনে আশা পালি আছে পাবলই ।
চেনেহৰ চাৱনিৰে লগৰী লগত
ঢালিবা অমিয়া ধাৰা মিলন কুঞ্জত,
পৰিব মনত জানো নাৱৰীয়ালই
⸻
সখা মোৰ মাথোঁ এটিবাৰ
আজি এই আবেলি পৰত
ব'লা দুয়ো বহি অকলই,
গাথোঁ মালা ফুলনি মাজত ।
নিতে নিতে তোমাৰ ফুলনি
ফুলে ফুলে জাতিষ্কাৰ হব,
কতবাৰ বলিয়া ফাগুণ
জীৱনত আহি আহি যাব ।
হাঁহিভৰা তোমাৰ চকুৱে
দিলে যেন বাতৰি বিলাই,
এনে এটি নধুৰ সপোন
আৰু মোৰ নাহিব দুনাই ।
মিছাকৈয়ে নকৰিবা ভয়
ফুলনিত নকৰো পলম,
বিদায়ৰ চকুৰ পানীৰে
নিবিচাৰো তোমাৰ মৰম ।
অতীতৰ মধু সোঁৱৰণ
নেপেলাও তোমাৰ মনত,
যাক তুমি নিকৰুণ ভাবে
দিলা ঠেলি বিস্মৃতি বনত।
হিয়া ভৰা চেনেহৰ সুৰ
পৰে যদি দুনাই মনত,
ভয় নাই ভুলতো নকওঁ
বজাবলে তোমাৰ বীণত ।
মাথো দুয়ো ফুলা ফুল তুলি
যতনৰে গঁথা মালা ধাৰি,
চেনেহৰে ডিঙিত পিন্ধাই
লাহে লাহে আহিন আঁতৰি ।
তাৰ পাছে সন্ধিয়াত যেনে
পখীটিয়ে ঘৰণুৱা হই
আকাশেদি অকলে অকলে
উৰি আহে নিজ বহালই।
তেনেদৰে সৰাপাত ঠেলি
যাবা তুমি পঁজালে তোমাৰ,
কেনিবাদি ছবিটি লুকাব
ধীৰে ধীৰে নামিব আন্ধাৰ ।
মনে মনে নিজ ৰাতিত
বহি তুমি পঁজাৰ আগত,
নিৰলাত বজাবা এবাৰ
শেষ সুৰ তোমাৰ বীণত।
সকলোতি সামৰি সুতৰি
আন্ধাৰত বীণখনি বাই
যাম নই আগেদি তোমাৰ,
তুমি মোক নিচিনা দুনাই ।
মই দিয়া মালাধাৰি পুৱাত লেৰেলি গলে,
দিয়া যেন দলিয়াই নিজ হাতে টানি,
তোমাৰ পৰশ সেয়ে বিদায় বেলাত হব
হব সেৱে জীৱনত মেলানিৰ বাণী ।
–––––
সপোন কুঁৱৰী
নাম মোৰ সপোন কুঁৱৰী
সপোনতে নৰম বিলাওঁ
দিঠকত কেনিবা আঁতৰি
নিৰাশাত হিয়াক বুৰাওঁ ।
চেনেহৰ মৃদু পৰশত চেনেহৰ বাটৰুৱা মোৰ
হিয়া যদি কঁপে সপোনত, জগতত ফুৰা অকলই,
সপোনতে সাবতি ধৰিবা কোনো আছে কোৱাছো তোমাৰ,
নকৰিবা আশা দিঠকত। দিঠকত চাব মুখলই ?
মিছা আশা নেবান্ধিবা ঘৰ,
নাই কোনো আপোনাৰ জন,
চেনেহী মাতত ভোল গই
বিষাদক নকৰা বৰণ ৷
দেখিছিলা মায়া কাননত সিয়ে মাথো অচিন আলহী
ছবি এটি অতি মনোহৰ, খন্তেকীয়া তোমাৰ কাষত,
ভাবিছিলা অন্তৰত সেয়ে হেঁপাহেৰে বহিছে যদিও
জিলিকাব প্রেমৰ পোহৰ ৷ মন তাৰ আছে সুদূৰত।
কোন সেই অজান পুৰীৰ
বতাহত ভাহি আছে তান,
সুৰে সুৰে উঠিল আলহী
পাহৰিলে মৰমৰ দান ।
বেজাৰতে টুকি চকুপানী দুই হাতে সাৱটি ধৰিলো,
বহিছিলা আপুনি অকলে, চকু যুৰি পৰে জাপ খাই,
চেনেহৰ পৰশ বুলাই সপোনতে বিৰিঙে হাঁহিটি
কাষ চাপি আহিলো নিৰলে । চেনেহৰ ছবিটিক পাই ।
নাই মোৰ নিছা ফাকিফুকা,
খন্তেকীয়া সুখকে বিলাওঁ,
পৰাণত শান্তি বাৰি ঢালি
ধীৰে ধীৰে কেনিবা পলাওঁ ।
পাই দেহি মৰম জুৰণি দিঠকক আশা কৰি মিছা
নিকৰণ নৰৰ মাজত, নেমেলিবা হিয়াৰ দাপোন,
পাবলই আশা কৰে নিতে সপোনকে লোৱাচোঁ সাৱটি
হেৰোৱা মাণিক সপোনত । সপোনেই তোমাৰ আপোন।
⸻
লবানি সপোন মায়া
মিছাকৈয়ে আহি আহি
খুব কিয় চাৰি কাষে
মোৰ ?
সকলোটি আছে একে
মাথো সেই 'মই' নাই
আৰু সেই কল্পনাৰো
ওৰ ৷
নুশুনো এতিয়া কিয়
আকাশে বতাহে উঠা
শৈশৱৰ সুমধুৰ
গান
জোন বেলি তৰা দেখি
তাহানিৰ দৰে কিয়
নাচি মোৰ নুঠে মন প্ৰাণ ।
অতীত মাধুৰী ছাঁয়া
নেলাগে আহিব অই,
নাই তোক সামৰোঁতা
জন
কঠোৰ হেঁচাত পৰি
সিযে আজি মৰি গল,
হিয়া তাৰ পৰি গল চন।
কলীয়া ডাৱৰ নামি,
সোনালী সুৰুয ঢাকি,
আন্ধাৰতে এৰি থৈ গল ;
ঘনে হিয়া ভেদি উঠা
সোঁৱৰণী সুৰ তাৰ
শ্মশানত মথো পৰি বল ।
––––
গুপ্ত বেকত
গছৰ ডালত বহি এহালি চৰায়ে
ঠোঁটতেই ঠোঁটতি লগালে,
সেইদিনা জগতৰ নিজান চুকত
মৰমৰ বাতৰি বিলালে ।
পাতৰ আঁৰত ফুলে আঁৰতে নৰই
উলাহতে হিয়া মেলি দিলে,
কেনিবা লুকাই থকা পখিলাটি পৰি
চেনেহৰ মৌটুপি পিলে ।
পাখীত পোহৰ সানি আকাশ তলত
ৰংমনে পখিলা উৰিলে,
বসন্তৰ ধীৰে বোৱা জুৰ মলয়াত
কুঁহি পাত আপুনি কঁপিলে ।
ৰূপালী ৰহণ সানি প্ৰাণৰ উছাহে,
নৈয়ে গই সাগৰ চুমিলে,
হিয়া ভৰা আশা লই অনন্ত বুকুত
আবেগত আপুনি চাপিলে ।
অথিৰ প্ৰাণত এটি আনন্দৰ ধাৰ৷
বই ধীৰে হিয়া উথলালে,
সৰগৰ জিলিঙনি মৰতত পৰি
প্ৰকৃতিৰ জেউতি চৰালে ।
নিৰলে নিজানে কেনি প্রেম নন্দিৰত
কোনে ক'ত থাপনা পাতিলে,
গুপুত প্ৰেমৰ বাণী আপুনি প্ৰকাশি
জগতত খলক লগালে ।
⸻
আজি মই সামৰিলো গান,
ফাগুনৰ ফুলনিত সমীৰৰ বুলনীত,
নুঠে নোৰ হিয়া ভৰা তান,
মাৰ গল জীৱনৰ গান ৷৷
ৰিণি ৰিণি আশাৰ পোহৰ,
মিচিকি হাঁহিৰে চাই দূৰতে আঁতৰি যাই,
মাথো মোৰ নাচাপে ওচৰ,
সুদূৰৰ উজল পোহৰ ৷৷
নামানিবা পুৱাৰ সপোন,
কুলু কুলু গীত গাই নইখনি বই যাই,
কোনো কাৰো নহয় আপোন,
মিছা মোৰ মায়াৰ সপোন ।।
অভিমান আন্তৰত লই
জীৱনৰ বাট বুলি চেনেহ কুসুম তুলি
মিছাতে ওঠিলা নালা বহি অকলই,
অভিমান অন্তৰত লই ।
পচিনত বেলি মাৰ যায়,
চোৱা সৌ সুদূৰত ধীৰে ধীৰে আন্ধাৰত,
সেউজীয়া ধৰণীৰ ছবিটি লুকায়,
জীৱনৰ পোহৰ পলায় ।
লাহে লাহে পচিমত বেলি মাৰ যায় ৷৷
আৰু তুমি নবজাবা বীণ,
অতীতৰ পুথি পাঁজি সামৰা সকলো আজি
চেনেহৰ প্রতিধ্বনি ধীৰে হৈ ক্ষীণ
হক আজি অনন্তত লীন ।
বাটৰুৱা, তুলি থোৱা জীৱনৰ বীণ ।
–—–
সোঁৱৰণি
গছৰ ডালত পৰি মৰমৰ পখীটিয়ে
উৰি উৰি গাই গল গান,
আহিলো আহিলো বুলি শুকালে ফুলৰ কলি,
সুখ সপোনৰো অৱসান ।
জাৰৰ কুঁৱলি নামি ঢাকিলে ধৰণী খনি,
সৰা পাত উপচি পৰিল,
আকাশে বতাহে আজি বিষাদৰ সুৰ তুলি
বেদনাৰ বাঁহীটি বাজিল ।
হিয়াৰ মাজত জলা চেনেহৰ বন্তি গছো
কোনে যেন দিলে নুমুৱাই,
মৰম আঁতৰি গল, মনৰ হেপাহ বল,
সোঁৱৰণি কান্দিহে বিনাই ।
⸻
আহি ভাগৰত ঘাটৰ পাৰত, আহি কত জনে সাবটি বাটত
বহে বাটৰুৱা মোৰ, মৰম বাতৰি দিলে
পুৱাৰ কিৰণ নউ দেখোতেই কোনোৱে আকৌ নিকৰুণ ভাবে
বাটৰো পৰিব ওৰ । মৌকণি চুহি নিলে ।
এই বাটে দিয়ে অৱশ চৰণে আন্ধাৰে পোহৰে হাঁহি কান্দোনত
কত আহি কেনি গল ; বাটৰুৱা আগুৱাই ;
দুবৰি বনত চৰণৰ চাপ কমিও নকমে বুকুভৰা আশা
দুটি এটি মাথোঁ ৰ'ল । হিয়াত উথলি যায় ।
বুঢ়া লুইতেও ফেনে ফোটোকাৰে ভৰ দুপৰত কেনিবা ডাৱৰে
নিছিগা ধাৰেৰে বব, কলীয়া ঢাকোন মেলি ;
কোনে জানে কেনি, নিজেও নাজানো, পোহৰ লুকাই ঢাকিলে বেলিটি
বাটকৱা কত ৰব ? আশাৰ কিৰণ ঠেলি ।
পুৱাতেই উঠি বুলিছিলে বাট আন্ধাৰে সাৱটি ললে আন্ধাৰক
উলাহ ওপচা প্রাণ; উঠিলে প্রলয় বান,
দুধাৰে বাটৰ শুনি বননিৰ দিশা হেৰুৱাই বাটৰুৱাটিৰ
কুলি কেতেকীৰ গান । ভয়ত আকুল প্রাণ ৷
মনৰ গোপন সপোনৰ ছবি এনি তেনি ঘূৰি অলিয়া বলিয়া,
দিঠকত পাব বুলি ; বিচাৰি ফুৰিছে পথ:
দূৰণি সুৰত উজলি উঠলি, আন্ধাৰত কেনি কোনে জানে ক'ত
আশাৰ কসুম ফুলি । চলে নিয়তিৰ ৰথ ।
বাটৰ চিনাকি নেপালে এটিকো
একণি পোহৰো নাই ;
গভীৰ বনত অকলে অকলে
ফুৰে বাট থেপিয়াই ।
চাপিলে বেতিয়া বাটৰ শেহত
নুমালে সৰগী ৰাতি,
তাৰ জীৱনত নুপুৱাই আৰু
দুখৰ আন্ধাৰ ৰাতি !
দিনৰ শেহৰ হেঙুলীয়া ৰেখ
পছিমত পমি যায় ;
সেয়ে আন্ধাৰত সিপাৰৰ ঘাট
ৰিণি ৰিণি দেখুৱাই ।
⸻
মোৰ সৰগ
লাগে মোক অকলশৰীয়া কৈ
এখনি সৰগ,
একাকাৰ য'ত
আকাশ পৃথিবী দুয়ো,
নিৰাধাৰ জীৱন বিহগ ।
চউ পাশে য'ত
বেৰি লই ভক্তজনে,
কাণে কাণে নকৰে গুঞ্জন ।
নিন্দা বচনেও
যাব বজ্র প্রাচীরত
উফৰি উফৰি কৰে ৰণ ।
সজল চকুৰে স'তে
নাহে কামলই,
এষাৰি আয়ৈ দেহি নাত,
হুমুনিয়া লাগি লাগি
বতাহ তপত কৰি,
পোৰণিও নোতোলেহি গাত ।
আহি কোনোজনে
নলয় দুখৰ ভাগ,
হৰিষতো নিবিচাৰে লগ,
লাগে মোক
তেনেখনি
নিজান সৰগ !
গালে মই গান
নোটোকে চকুৰ পানী
কোনো জনে সমবেদনাত,
সুৰৰ ৰাগীত
কাৰো যেন অন্তৰত
নুঠে ঢউ নিৰাশা আশাত
।
সুৰ বিশাৰদে
ভাল বেয়া তাল মান,
বিচাৰিও নকৰে ব্যাঘাত ।
দূৰ বিদূৰতো
হকে বা বিহকে নুঠে
মোক লই জল্পনা কল্পনা,
মোৰ ভুলবোৰে
নোদোহাৰে ভুল কাৰো
মোৰ বাবে নাপায় বেদনা ।
সিখন সভাত
মোৰ গান নয়ে গাওঁ
শুনি শুনি ময়ে তল যাওঁ,
গানৰ শেহত
শুনোতা গাওঁতা দুয়ো,
একে হৈ পাৰকে নাপাওঁ ।
যেনি চাওঁ তেনি
মইহে অকলশৰীয়া মোৰ
নেহেৰোৱা লগ,
লাগে মোক
তেনি খনি
নিজান সৰগ ।
––––
(আমি) সপোনৰ সুৰ ভাবৰ লহৰ
জগতত তোলোঁ আনি,
চেনেহ কুসুম ফুলাওঁ যতনে
প্ৰেমৰ সৌৰভ সানি,
জীৱন সাগৰ নিজন তীৰ,
ফুৰোঁ তাত অকলই,
লাজুকী জোনায়ে আমাকেই চাই
মেঘৰ ওৰণী লই ।
সংসাৰ বিৰাগী, সংসাৰ তিয়াগী,
সংসাৰ নাজতে থাকোঁ,
সৃষ্টি পাতনিৰ ভঙা পতা ছবি,
মনৰ মাজতে আঁকো ।
(আমি) সপোন বলিয়া, দিঠক ৰাজ্যত
থাকো একেঠিৰে চাই,
আমাৰ প্ৰাণৰ ৰীণৰ জোঁকাৰে
জগত কঁপায় যায় ।।
কপোৱে দিয়েছি ৰুণ, গছৰ ডালত বহি
অকলশৰীয়া হই লগৰী বিচাৰি
জাৰৰ বতাহ বলি সবাই গছৰ পাত,
নই খনি বই যায় আপোন পাহৰি ।
সোণালী কিৰণ সানি, পুৱাতেই পাখি মেলি,
উৰি গল দুয়োটিয়ে সৰগ ধিয়াই ;
আন্ধাৰ নামিল আহি লগৰী নাহিল চাপি,
কোনে জানে কেনি উৰে বাট হেৰুৱাই ।
আহিব আহিব বুলি, চেনেহৰ সুৰ তুলি,
আশাৰ মোহিনী ছবি আঁকে অন্তৰত ;
হয়তো আহিব ঘুৰি, পুনু দুয়ো একে লগে
কটাব গোটেই ৰাতি একোটি ডালত ।
নহলেবা আন্ধাৰত কেনিবা আঁতৰি যাব
জনমত দেখা আৰু নহব দুনাই ।
বিষাদৰ এটি সুৰ মাৰ যাব অসীমত,
নীৰব প্রকৃতি ৰব একেখিৰে চাই ।
–––––
বসন্তৰ মলয়াৰ সতে
যৌৱনৰ মাধুৰী মিলাই,
কোন আহি কেনি গুচি গল
অন্তৰৰ আবেগ তোলাই ।
জাৰ কালি সৰা পাত চাই
থাকে গছ নিৰৱে নিৰলে,
চেনেহৰ সুৰ হেৰুৱাই
থাকো মই একাষে অকলে ।
বই থকা কালৰ সোঁতত
জহ জাৰ বাৰিষা আহিব,
কুঁৱলীৰ ওৰণি গুচাই
ফাগুনৰ সপোনে নাচিব ।
গছে গছে কুঁহি ফুল পাতে
সপোনৰ সুষমা ঢালিব,
অজানৰ অচিন পখিয়ে
মৌসনা মাতেৰে মাতিব ।
বতাহত সৰু ঢৌ তুলি,
নাচি নাচি নই খনি যাব,
সাগৰৰ বুকুত লুকাই
নৰমৰ বাতৰি বিলাব ।
সকলোৱে পাব সকলোটি,
কাৰো কতো একো নেহেৰাই
মাথো মোৰ চেনেহৰ সুৰ
জীৱনত নেবাজে দুনাই ।
আবেলীৰ চিনাকীলৈ
চকুৰ পানীৰে সতে জীৱনৰ নাওখনি
নিৰলে এৰিলো আজি সুৰৰ সোঁতত,
দূৰৰ বতাহে পাই নিয়ে তাক উঠোৱাই
কোনে জানে কেতিয়ানো চাপিব ঘাটত।
পুৱাতে ওলোৱা বেলি পচিমত নাৰ যায়
ৰাতিৰ আন্ধাৰ নামি ঢাকেহি ধৰণী,
পোহৰত আন্ধাৰত, অবিৰাম গতি ধৰি,
একোটি সুৰতে মোৰ চলে নাওখনি ।
অজান পুৰীৰ সুৰ বতাহত কঁপি উঠি
দূৰতে বলিয়া কৰি পৰাণ কপায় ।
মৰমৰ মৌ মাত নাথোঁ মায়া নৰীচিকা,
সোনৰ হৰিণা মোৰ বনত হেৰায় ।
নিজেই নোৱাৰো কব কত দিন কত ৰাতি,
কেনেকৈ নাৰ গল কালৰ কোলাত :
হাতৰ মুঠিত লোৱা সৰা ফুলো সৰি যায়,
মিছাতে বোটলো ফুল নিৰাশা আশাত ।
লুকালে আঁৰত কেনি পুৱাৰ কিৰণ কণা,
আশাৰ জেউতিকনো নুমালে বাটত,
অকলই উটি যাওঁ আবেলি বেলিকা আহি
কোন তুমি গুৰি ধৰি বহিলা নাৱত ?
আছি যত জীৱনৰ মায়া ছবি সপোনৰ
আপুনি মূৰতি ধৰি উজলি উঠিল,
তোমাক পিন্ধান বোলা বেদনাত জুঁই পৰা
মালাবাৰি ঠন ধৰি জিলিকি পৰিল ।
নাহিলা ইমান দিনে নুঠিলা নাৱত আহি
লগৰ লগৰী হৈ প্ৰথম পুৱাত ;
জীৱন কুসুমে মোৰ পুৱাৰ পৰশ পাই
মেলিলে যিদিনা পাহি নতুন আশাত।
নোৱাৰি থাকিব আজি বিষাদ বিননিত,
নামি আহি অকুলত চিনাবাহি কুল,
আৰু কি গোটাম মই কোঁচ ভৰি জীৱনত
–––––
জীৱন জেউতি
( ১ )
গোটোৱা গোলাপ কলি
থাকোতে সময় সখি,
জীৱনৰ সোঁত বলি যায়।
যিটি ফুলে হাঁহি আজি
ফুলনি ফুলাই তোলে,
কালিলৈ পাহি মেলি নেহাঁহে দুনাই,
সময়ৰ সোঁত বলি যায় ।
( ২ )
পুৱাতে ৰথত উঠি
আকাশত বেলিটিয়ে
ঢালি দিয়ে সোণালী কিৰণ ;
দুপৰীয়া পাৰ হলে
উছাহ মোলান পৰি
পচিনত জিলিকাই হেঙুলী ৰহণ,
আঁতৰিল পুৱাৰ কিৰণ ।
( ৩ )
জীৱনৰ লগে লগে
তপত তেজৰ সোঁতে
পৰাণত কঁপনি তোলায়,
নতুন ৰহণ ঢালি
অন্তৰ আকুল কৰি
চিকিমিকি কিৰণত মন নচুৱায় ।
ভাবোঁ যেন হঠাতে হেৰায় !
( ৪ )
আবেলি আহিলে ধীৰে
আন্ধাৰৰ আৱৰণে
জগতৰ জেউতি কমায়,
বিষাদ কালিমা নামি
জীৱন বীণত হেৰা
সন্ধিয়াত পুৰবীৰ ৰাগিনী বজায়,
অতীতৰ স্মৃতি সোঁৱৰাই ।
( ৫ )
পুৱাৰ কিৰণ সানি
গোলাপৰ মালা ধাৰি
লোৱা তুমি ডিঙিত মেৰাই,
ফাগুনৰ মলয়াত
পৰাণ মিলাই দিয়া
জীৱন ফাল্গুন সোণ নাথাকে সদায়,
অৰুণ কিৰণ কণা কেনিবা লুকায় !
––⸻
মোৰ যে মৰম অখি গোলাপ পাহীৰ দৰে
ফুলে হিয়া ফুলনি শুৱায়,
ফাগুনৰ বহাহত প্ৰেমৰ ৰাঙলী বোলে
হিয়া মোৰ ৰঙেৰে বোলায় ।
শুৱনি সুমনা ঢলা ধৰণী উজল কৰা
সপোনত বিধাতাৰ দান,
সঙ্গীতৰ সুৰ তুলি অন্তৰ আকুল কৰা,
তুমিয়েই জীৱনৰ গান ৷
নগৰ সাগৰ হব, সাগৰ শুকাই যাব,
বগা বালি বতাহে উৰাব ;
পৰ্ব্বত কুমলি গই কোনোবা এসুতি তি হই,
কেনিবাদি আপুনি লুকাব ।
চেনেহ নিজৰা মোৰ একেটি সুৰতে বই
মৰুত তুলিব মধু তান ।
মৰমৰ পটখনি সদায় উজ্বলি বব,
কেতিয়াও নপৰে মোলান।
খন্তেক আঁতৰি যদি আহিছো লাহৰী মোৰ,
খন্তেকলে মাগিছো মেলানি,
নিৰলে নিজানে বহি হিয়াৰ দাপোন মেলি
হেঁপাহেৰে চাম ছবি খনি ।
দূৰ দূৰণিতো যদি থাকো কেতিয়াবা সোন,
কাষ চাপি আহিম দুনাই,
প্ৰেমৰ সৰগ দুয়ো পাতিন ধৰাতে মিলি,
নিতে নিতে চেনেহ বিলাই ।
⸻
আবেলিৰ সপোন
আছিলো একাষে মই নিজকে সামৰি লই
জগতৰ নিজান চুকত ।
গছ নাই লতা নাই শুকান বতাহ বয়,
নিকৰুণ মৰুৰ মাজত ।
সোণৰ পদুম মোৰ আপুনি মৰহি গই
ঠাৰি ছিগি মাটিত পৰিল ।
তাহানিয়ে হিয়া ভৰি বিলোৱা সুবাস তাৰ,
বতাহত কেনিবা উৰিল ।
সিপাৰত উলাহৰ মোহন মুৰুলি বাজে,
ইপাৰত নিৰাশা আন্ধাৰ ।
ইয়াতেই এৰি মোক পাব নাওখনি গই,
কেতিয়াবা পালেগে সিপাৰ ।
হিয়াৰ তেজৰ বোলে নই খনি ৰঙা কৰি,
বই যায় বিষাদৰ সুৰ ।
অপুৰণ বাসনাৰ আবেগতে অকলই
উটি উটি যাওঁ বহুদূৰ ।
এনেতে আহিলা তুমি চেনেহৰ পাল তৰি
মৰমৰ নাওখনি বাই
দুখনি কোমল হাতে বুকুত সাৱটি লৈ
ললা মোক কাষলে চপাই ।
মৰুত ফুলালা ফুল বোৱালা মলয়া বাৱ
বসন্তৰ পৰশ আনিলা ।
বিষাদ কুঁৱলি ঠেলি মৰম কিৰণ মেলি
হিয়া মোৰ উজল কৰিলা ।
মৰমৰ পখিটিয়ে অতীতৰ সুৰ তুলি
চেনেহেৰে কৰিলে আপোন,
জিলিকি উঠিল পুনু আবেলি পৰত আজি
জীৱনৰ হেৰোৱা সপোন ।
আজি মই সৰ্ব্বহাৰা, ৰিক্ত পৰাণত মোৰ
দিবলই একোটিকে নাই ।
নিজকে আপোন কৰি হিয়াৰ চেনেহ কণি
লোৱা যেন সাদৰী সোণাই ।
⸻
ধৰণীৰ কোলা এৰি আঁতৰি যেতিয়া যাম,
থোৱা যেন তুমি মোক স্মৃতি মন্দিৰত ।
তোমাৰ চকুলো দেখি যদিবা জগতে হাঁহে,
মনে মনে মচি থবা মনৰ মাজত ।
নতুন সোঁতৰ ধাৰে অতীত উটাই নিয়ে,
সপোন মৰহি যায় নতুন পুৱাত ।
উছাহত ভোল এই নেপাহৰা কথা মোৰ,
লুকুৱাই থবলই তোমাৰ হিয়াত ।
উলাহ উপচি পৰা তোমাৰ বীণত নিতে,
উঠক শতেক গান লগৰী লগত ।
মোৰ এই জীৱনৰ চাপিলে সন্ধিয়া কাষ,
বজাবা পুৰবী সুৰ নিজান চুকত ।
দুদিনীয়া সংসাৰত বিষাদৰ কুঁৱলীত,
অন্তৰ উজলি উঠে চেনেহী ভাষাত ।
দুদিন ধেমালী কৰি কেনিবা জাঁতৰি যায়
মৰণ মধুৰ হয় মৰম আশাত ।
⸻
নালাগে ৰচিব মোৰ জীৱনৰ শেষ শয্যা,
সেউজীয়া শান্তিময় ধৰণী কোলাত ।
অশাস্তিৰ সোঁতে যাৰ জীৱন উটাই দিলে
নালাগে নুমদো চকু শান্তিৰ আশাত ।
নালাগে চাপিব কাষ দুধাৰি চকুলো লই,
নিজকে আবৰি খোৱা নিজৰ সুখেৰে,
অভাগাৰ প্রাণ বায়ু শূন্যত মিহলি হলে
আদৰ মেলানি কিয় মিছা চকুলোৰে ?
চেনেহ ফুলৰ মালা নালাগে যাচিব আনি,
সুখৰ দুখৰ সীমা অনন্তত লীন।
জীয়াই থাকোতে যাক নাভাবিলা এটিবাৰো,
শেষত নালাগে বাব বিষাদৰ বীণ ।
সাগৰৰ বুকুতেই জীৱন লুকাই থক
বিশাল জলধি ৰাশি গৰজি উঠক ;
চাৰি কাষে ঢৌবোৰে চিন স্মৃতি নুমোৱাই
বাহু মেলি মেলি যেন সাৱটি ধৰক ।।
⸻
চেনেহৰ পখী জুৰি অনন্তৰ পিনে,
উৰি যায় সন্ধিয়া পৰত,
" যাওঁ আমি জলে যত সেই দেশলই
শুকতৰা পুৱা পোহৰত।”
বিদায়ৰ শেষ বাণী বাজিল বুকুত
হিয়া মোৰ উঠলি উঠিল,
বিৰহ মিলন ছবি দূৰ অতীতৰ
আছি পুনু জিলিকি পৰিল ৷
দেখিলো দুনাই সেই প্ৰাণৰ সপোন,
ছয়াঁময়া সাগৰ তীৰত,
কেনিবাদি উটি অহা মৰমৰ সুৰ
ৰিণি ৰিণি পৰিল কাণত ।
বাহিৰত জাৰ কালি বলিয়া বতাহে
সৰাপাত দিয়ে ওপচায়,
ওপৰত আন্ধাৰৰ কলা ঢাকনিয়ে
নামি ধীৰে পোহৰ লুকায় ।
ভিতৰত অকলই পজাঁৰ তলত,
ধৰো মই বিষাদৰ গান ।
কোন সুদূৰত মোৰ হেৰাল সপোন
সুমধুৰ জীৱনৰ তান ?
ভাগৰত লালকাল অৱশ পৰাণ,
চকুযুৰি যায় সুদ খায় ।
সপোনত কোনে যেন আন্ধাৰ ৰাতিত
চেনেহৰ পৰশ বুলায় ।
সাৰ পাই উঠি দেখো উজলে ধৰণী,
চিকমিক পুৱা কিৰণত,
আকাশে বতাহে এটি নতুন জীৱন,
উৰি উৰি ফুৰে উলাহত ।
চকুলো দুধাৰি দেখি সু্ৰুয কিৰণে
চুমি মোক বাতৰি বিলায়,
“মিছাতে বেজাৰ কিয় প্ৰেমৰ পোহৰ
একেৰাহে জলিব সদায় ।"
⸻
শৰতৰ পূৰ্ণিমাৰ ধুনীয়া জোনাক সানি
মধুৰ হাঁহিটি লই লাৱনি মুখত,
চাপিছিলা কাষ মোৰ বিয়লি বেলিকা আহি
অকলে বোলোতে বাট জীৱন পথত ।
সেইদিনা জোন মোৰ বেচিকে ৰূপহী হই
ৰঙৰ ৰূপালী ধাৰা বোৱালে ধৰাত,
আধা মেলা হাত খনি হেঁপাহে সাৱটি ধৰি
আগবাঢ়ি গলো মই নতুন আশাত ।
ভাগৰুৱা পৰাণত ছঁয়াময়া সুখছবি,
আপুনি দূৰতে যেন জিলিকি উঠিল ।
উলাহৰ সুৰ এটি অতীতৰ বুকু ভেদি
নিজৰি নিজৰি বই বিয়পি পৰিল ।
অতীতৰ অচিনাকী, আজিছো চিনাকী হ'লা,
হিয়াৰ বেহানি লই পাতিলা পোহাৰ ;
চেনেহৰ বন্তি গছ জলাই সুৱদী হাতে
গুচালা হিয়াৰ মোৰ নিৰাশা আন্ধাৰ ।
এনেতে হঠাতে কেনি এছাটি পচোৱা বলি,
চেনেহৰ বস্তি গছ দিলেহি নুমাই ;
যেতিয়া সময় আহে পচোৱা আপুনি বলে,
তুমিও নোৱৰা কব মোৰো দোষ নাই ।
পূবেদি ওলোৱা জোন পচিম ডাৱৰে আহি
ধীৰে ধীৰে লুকোৱালে কলীয়া কোলাত,
সপ্তমীতে আউঁসীত আপোনাকে হেৰুৱাওঁ,
আন্ধাৰে আবৰি ধৰে চকা মকা বাট ।
দুখৰ নিশাহ লাগি
ওপঙি ওপঙি
চঞ্চল কবিতাবোৰে যেতিয়া ব্যাকুল কৰে,
থৰ লগা বতাহৰো নিজম হৃদয় ।
তোমাৰ বুকুত তেওঁ নাপাবনে চেনেহ নিলয় ?
যৌৱনৰ ৰঙীন দিনত
নোখোজা লগাব নেকি
দুখৰ মলয় ?
⸻
ইন্দ্ৰধনু
হাঁহি আৰু চকুলোৰ কৰুণ মিলন,
এয়ে হায়! মানৱ জীৱন,
খস্তেকীয়া কিৰণত,
প্ৰাণৰ পখিলা নাচে,
খন্তেকৰ মধু পৰশন,
তাব পাচে অশ্রু বৰিষণ ।
দুদিনীয়া মানৱ জীৱন ।।
যৌৱন উথলি উঠে সেই পোহৰতে,
সুখৰ চৰায়ে গায় গান ।
কোনোবা দেশৰ পৰা
উলাহত উঠি আছে,
নজনা নুশুনা এটি গান,
আবেগত আকুল পৰাণ ।
সুখৰ চৰায়ে গায় গান ।।
হৃদি সৰগত হয় মাধুৰী বিকাশ
ইন্দ্ৰধনু সাত বৰণীয়া,
আশীষ শিৰত লই,
প্ৰেমৰ সজুলি আনি,
সাজে ঘৰ কৰি যুগমীয়া,
ভাবে প্রেন যাউতিযুগীয়া ।
ইন্দ্ৰধনু সাত বৰণীয়া ।।
বিচ্ছেদৰ বান পানী ওকন্দি উঠিলে,
চেনেহৰ ছবিটি লুকায়,
বিৰহ সোঁতত পৰি
প্ৰেমৰ মন্দিৰ ভাগে
জীৱন সাধনা উটি যায় ।
খন্তেকীয়া পোহৰ পলায় ।।
বিষাদৰ ডাৱৰত
প্ৰেমৰ কিৰণ সানি
⸻
আজি ফাগুনৰ পুৱাতে ৰঙেৰে,
ঢালিছে সুৰৰে সোণালী ধাৰা,
উঠাছোঁ লগৰী চোঁৱাহি এবাৰ,
ধুনীয়া ধৰণী সুখেৰে ভৰা ৷
অলিয়া বলিয়া, ফাগুনী মলয়া,
পাতিছে মধুৰ মিলন মেলা,
নেঘে মেঘে মিলি, সাবটা সাবটি,
আকাশে বতাহে প্ৰেমৰ মেলা ।
চেনেহ মদিৰা ঢালি পৰাণত,
কৰিছো পৰাণ প্রেনেৰে পূৰ ।
বিশ্ব বিয়পাই তোলাছো দুনাই,
প্রেমৰ মধুৰ মোহিনী সুৰ ।
হাবি বননীয়ে বলা দুয়ো যাওঁ,
শুনি বননিৰ পখীৰ গান,
কুলি কেতেকীৰ সুৱদি সুৰত
বনকুঁৱৰীৰ আকুল প্রাণ ।
নাচি গছে গছে কুঁহি ফুল পাতে,
উলাহে আদৰি শৰাই ধৰে,
চেনেহী চাৱনে ফাগুনী কোঁৱৰে
মনৰ বিষাদ কালিমা হৰে ।
জাৰৰ কুঁৱলী সৰা গছপাত,
আজি মলয়াই উৰাই নিয়ে।
কোন সাগৰৰ দেৱতা নামিছে
নতুন বাতৰি বিলাই দিয়ে ।
দূৰ সাগৰৰ আন্ধাৰ বুকুতে,
আঁতৰি অতীত লুকাই থক ।
চকুৰ আগেদি সোণালী সপোনে
ৰাঙলী নিচান উৰাই যক।
পখিলাৰ দৰে ফুলে ফুলে উৰি,
নানা বৰণৰ ৰহন সানি,
দুখ বেজাৰৰ ঢাকনি গুচাই
ফুটোৱা মুখত অমিয় বাণী ।
মিলনৰ এনে শুভ লগনত
আহিছোঁ কাষলে বাঁহীটি বাই,
তোলা হিয়া ভৰি সুৰৰ লহৰি
নহলে লগন বিফলে যায় ।
সুখৰ কণিকা উৰিছে উজলি,
গোটেই জগত সুখেৰে ভৰা ।
মুকলি মনেৰে মধুৰ হাঁহিৰে
⸻
(১)
আজি এই জোনালী ৰাতিত
নাওখনি মেলি দিলো নই,
লুইতৰ সুদূৰ সিপাৰে
সোনাৱালী সেই দেশলই ।
(২)
হাঁহি হাঁহি সুধিছে তৰাই,
অকলই অচিন পথত,
কিয় তুমি যাবা নাৱৰীয়া
আমি হয় সাৰথি লগত ।
(৩)
আকাশৰ জোনৱায়ে কয়,
নিয়া মোকো লগতে তোমাৰ,
ডাৱৰৰ মাজে মাজে হাঁহি
মেলি যাম ৰূপৰ পোহাৰ ।
(৪)
দখিনৰ মলয়া ছাটিয়ে
উৰি উৰি বাতৰি বিলাই,
নাৱৰীয়া নকৰিবা ভয়
যাম আমি বাট দেখুৱাই ।
( ৫ )
পৰি থাকা পূৰণি সংসাৰ,
তুমি মোৰ নীলা আপোন
চাই থাকা নিজৰ মুখকে
মেলি লই পুৰণা দাপোন ।
( ৬ )
ধৰণীৰ বচা বচা খিনি
চেনেহেৰে বুকুত সুমাই
জীৱনৰ জয় মালা ধাৰি
হেঁপাহৰ দিয়াহি পিন্ধাই।
( ৭ )
তেওঁলোকে দুই বাহু মেলি,
গাই যক তোমাৰেই গান;
শুনি নিজে নিজৰ কাহিনী
উলাহত নাচক পৰাণ।
( ৮ )
নিজে মই আচুতীয়া হই
আছিলো অকলে নিৰাশত
নপৰিল তোমাৰ চাৱনি
দুখীয়াৰ নিৰলা পজাত ।
( ৯ )
সিকাৰণে অকনো বেজাৰ,
আজি মোৰ নাই অন্তৰত,
সুদূৰৰ মধুৰ আহ্বান
ৰিণি ৰিণি পৰিছে কাণত ।
( ১০ )
নাওখনি মেলি এটিবাৰো
পিচলই নাঁচাও দুনাই ;
অতীতৰ অতীত কাহিনী
থক আজি পাততে লুকাই ।
( ১১ )
বতাহত সৰু ঢউ তুলি,
নৈখনি ধীৰে বই যায় ;
উলাহৰ নতুন পৰশে
নাওখনি নিয়ে নচুৱাই ।
( ১২ )
সোনোৱালী দেশৰ ৰেখাটি
ধীৰে ধীৰে জিলিকে দূৰত ;
সঙ্গীতৰ সুমধুৰ সুৰ
উৰি উৰি আহে বতাহত ।
( ১৩ )
অতীতৰ বিষাদ কালিমা
বতাহতে কেনি উৰি যায় ;
সাঁচতীয়া নিৰাশা আন্ধাৰ
কোনে আহি দিয়ে পোহৰায় ।
( ১৪ )
চেনেহেৰে বুকুত সাৱটি,
কোনে যেন কাণে কাণে কয়,
নাৱৰীয়া পালা বহু দুখ,
আঁহা আঁহা মোৰ কাষলই ।
( ১৫ )
মিছাকৈয়ে মায়াৰ মোহত
সপোনক কৰিলা আপোন,
চাবলই নিজকো এবাৰ
আন্ধাৰত নাপালা দাপোন ।
( ১৬ )
সোনোৱালী উজল পোহৰে
আঁতৰাব যত দুখ ক্লেশ ;
আজি তুমি বুকুৰ মাজত,
—ইয়ে মোৰ সোনোৱালী দেশ ।।
⸻
মোৰ চিৰ জনমৰ
চিৰ চনেহৰ
যত অপৰণ আশা,
হয়তো কাৰোবা মধু পৰশত
পাব কেতিয়াৱা ভাষা ।
দেৱৰ আশীষ হয়তো নামিব
ফলাব শুকোৱা কলি,
মাথোঁ মই যান কেনিবা আঁতৰি
⸻
সমাপন
সপোনত হেৰাপোৱা ধন
দিঠকত কোনে ক'ত পালে,
কলপনাৰ মায়া কাননত
কিনো বীণ কোনেবা বজালে,
জীৱনৰ আবেলি বেলিকা
আজি তাৰ নকৰো বিচাৰ,
মাৰ যক অন্তৰতে যত
সুখ দুখ আশা নিৰাশাৰ ।।
⸻
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )