সমললৈ যাওক

ফুল/ষষ্ঠ অধ্যায়

ৱিকিউৎসৰ পৰা


ষষ্ঠ অধ্যায়।

⸺:০:⸺

মান সেনা।

 সন্ধ্যা-সময়ত দেবেন্দ্ৰনাথে তেওঁৰ সৈন্যবোৰৰ লগ পালে গৈ। সৈন্যবোৰে তেওঁৰ আগমন অপেক্ষা কৰি, ভৰলীৰ আন এটা ঘাটত বাহৰ কৰি আছিল। তেওঁ গৈ পোৱা মাত্ৰেই সকলোৱে জয়ধ্বনি কৰি উঠিল। সেই ধ্বনি কেউফালৰ গছ বিলাকত লাগি প্ৰতিধ্বনিত হবলৈ ধৰিলে আৰু লাহে লাহে ধীৰ বতাহৰ লগত মিহলি হৈ শূন্য়ত বিলীন হ’ল। তাৰ পাচত দেবেন্দ্ৰনাথ ঘোৰাৰ পৰা নামিল , এটা মানুহ আহি ঘোৰাটো ধৰিলে। তেওঁ গৈ গছৰ তলতে আসন গ্ৰহণ কৰিলে; সৈন্যবোৰ আহি তেওঁৰ কেইফালে বেৰি বহিল। দেবেন্দ্ৰনাথে সুধিলেঃ—“তোমলোক কেনে আছাহঁক?”  এজন সেনাই উত্তৰ দিলে-“আমি সকলো ভালে-কুশলে আছোঁ, আপুনি এতিয়া গা ধোওক।”

 দেবেন্দ্ৰনাথে ক'লেঃ—“মই এঘৰ চিনাকি মানুহৰ ঘৰত সোমাই খাই-বৈ আহিছোঁ।”

 তেতিয়া সন্ধিয়া লাগি আহিল। বেলিয়ে তাপৰ পোহাৰ সামৰি-সুতৰি লাহে লাহে নাইকিয়া হ’ল, লগে-ভাগে হজুৱা মানুহ-বিলাকেও কামকৰা সঁজুলি বান্ধি-কুন্ধি লৈ নিজ নিজ ঘৰলৈ বাট ললে। গৰখীয়াহঁতে পথাৰৰ পৰা গৰু আনি গোহলিত সুমুৱাই জলপান খাবলৈ লাগিল; বিদেশী পথিক থানথিত বিচাৰি ওলাল। শিয়ালে হাবিৰ মাজৰ পৰা ওলাই “হোৱা হোৱাকৈ” বনৰীয়া বৰগীতত সুৰ ধৰিলে। সত্ৰত গোসাঁই সকলে দবা কোবাই তাল বাই প্ৰসং কৰিবলৈ লাগিল। ৰান্ধনী- বিলাক গা-পা ধুই ভাত-চৰুলৈ গ'ল; পদূলি-মুখত বহি ভতুৱা কুকুৰে ভুকিবলৈ ধৰিলে। শহাপহুবিলাকে হাবিৰ পৰা ওলাই বাৰীচুকত সোমই দূবৰি খাবলৈ লাগিল। এৰাবাৰীৰ মাজৰ পৰা হুদুৱে মাত লগালে “হু-উ দু, মোৰ ভেটিৰ পৰা গুচোঁ।" হুদুৰ সেই কেৰ্ক্কেৰীয়া মাত শুনি নানা জনে নানা প্ৰকাৰ সমালোচনা কৰিবলৈ ধৰিলে। আকাশৰ চন্দ্ৰই লাহে লাহে নিজৰ বিমল কিৰণেৰে ঢাকি পৃথিবীক শুক্লবসনা সুন্দৰী সাজিলে। দেবেন্দ্ৰই সেই জোনৰ পোহৰত বহি লৈ সকলো সৈন্যক সম্বোধন কৰি কবলৈ ধৰিলেঃ—“সৈন্য়সকল! শুনা, দুৰাত্মা মানৰ অত্যাচাৰত আমাৰ স্বৰ্ণপ্ৰসবিনী জননী ৰসাতললৈ যাব লগাত পৰিল। লৰা-তিৰুতাৰ কান্দোনত, সতীৰ গগনভেদী চিঞৰত, দশোদশ পূৰ্ণ হ’ল; আজি অসমীয়াৰ খাবলৈ ভাত, পিন্ধিবলৈ কাপোৰ নোহোৱাত পৰিল। এতিয়াও তোমালোকৰ মনত প্ৰতিশোধ দিবলৈ ইচ্ছা হোৱা নাই নে? আৰু চোৱাঁ, আমিয়েই আমাৰ দুখুনী মাতৃৰ সন্তান। গতিকে, অসমৰ উন্নতি-অৱনতি, স্বাধীনতা-পৰাধীনতা, সকলো আমাৰ ওপৰত নিৰ্ভৰ কৰে। তেনেস্থলত, যদি আমি আওকণীয়া হৈ হাত সাবটি বহি থাকোঁ তেন্তে আমাতকৈ আৰু কোনোবা কুপুত্ৰ হ'ব পাৰে নে? আহাঁ, কেওঁ ভয় নকৰিবা। দেখা নাই নে এটোপাল এটোপালকৈ বৰষুণ পৰি কেনেকৈ গাওঁ-ভুই তল নিয়ায়? এতিয়াও যদি আমি একে লগে মিলি মাতৃভূমিৰ উদ্ধাৰাৰ্থে দেহা উছৰ্গা কৰোঁ, তেন্তে নিশ্চয় মান-পশুক খেদি মাতৃৰ ডিঙিৰ পৰা দাসত্ব-শৃঙ্খল সোলোকাই, স্বাধীনতা-কণ্ঠহাৰ পিন্ধাই দিব পাৰিম; ক্ষুদ্ৰ মান ৰণ-তৰঙ্গত ওপঙি যাব। হিংসা, খৰিয়াল, গাইগোটা ভাব আৰু পৰশ্ৰীকাতৰতায়েই আমাৰ পতনৰ মূল। যি দিনাই এইবোৰ চেঁকা আমাৰ মনৰ পৰা আঁতৰ হ’ব, সেই দিনাই অসমৰ গৌৰৱ বেলিয়ে দেখা দিব।”

 হঠাৎ কেইটামান মানুহে কথা হোৱা যেন শুনা গল। ক্ষন্তেকলৈ সভা নীৰৱ—কাৰো মুখত একেষাৰো মাত-কথা

নাই, মাথোন উশাহ-নিশাহত যি শব্দ উঠিছে। যি ফালৰ

পৰা কথা কোৱা যেন শুনা গৈছিল, দুটা মানুহ গৈ সেইফালে চাই আহিল, কিন্তু ক'তো একো দেখা নাপালে। দেবেন্দ্ৰই আকৌ ক’বলৈ ধৰিলেঃ—“ আমি হাড়ক মাটি, তেজক পানী কৰি ধন ঘটিছোঁ, মানে তাৰে বাহাদুৰী কৰিছে, আমি খেতি, বাতি কৰি জীৱিকা উলিয়াইছোঁ, থাকিবলৈ ঘৰ সাজি লৈছোঁ, সিহঁতে আহি জুই লগাই বিহু কৰিছে! ইমানতো আমি সহি থকা উচিত নে? বন্ধুসকল! উঠাঁ, কঁকালত টঙালি বান্ধাঁ; সাহেৰে বুকু ডাঠ কৰা, নতুন ভাবেৰে, নতুন উছাহেৰে, সকলোৰে হিয়া পূৰ্ণ কৰি লোৱাঁ; প্ৰাণপণে যুদ্ধ কৰিবলৈ প্ৰতিজ্ঞা কৰি ৰণস্থলীলৈ অগ্ৰসৰ হোৱাঁ। তেতিয়া নিশ্চয় আমাৰ লুপ্তৰত্ন স্বাধীনতা উদ্ধাৰ হব; জগতে অসমৰ গৌৰৱ ঘোষণা কৰিব।”

 দেবেন্দ্ৰৰ ঘোৰাটো অলপ আঁতৰত বন্ধা আছিল। হঠাৎ চক খাই দুপ্ দুপাই উঠিল। দেবেন্দ্ৰনাথে কিবা আহিছে বুলি হাতত তৰোৱাল লৈ খেদা মাৰি গ'ল। তেওঁ দেখিলে তিনটা মান সেনাই ঘোৰাটো মেলিবলৈ ধৰিছে। তেওঁক দেখি তিনিওটাই ভিৰাই ধৰি লৰ মাৰিলে। দেবেন্দ্ৰই ঘোৰাটো বান্ধৰ পৰা মেলি একে চাবেই পিঠিত উঠিল আৰু সিহঁতৰ পাচে পাচে খেদা দিলে। মানকেটাই এটা মানুহে অকলৈ খেদি যোৱ দেখি বলে পাৰিম বুলি তিনি ডাল যাঠি লৈ সাজু হৈ ৰ'ল। দেবেন্দ্ৰক ওচৰ চপা দেখি এটাই তেওঁলৈ টোঁৱাই এপাট যাঠি মাৰি পঠিয়ালে। দেবেন্দ্ৰই গা কাতি কৰি ৰক্ষা পৰিল আৰু চকু চাওঁতেই আক্ৰমণকাৰীটোৰ মূৰ দেহাৰ পৰা বিচ্ছেদ কৰিলে; বপুৰা গুৰি কঠাল পৰাদি সেই ঠাইতে গিৰিংকৰে বাগৰি পৰিল। সেই মুহূৰ্ত্ততে আন এটাই ঘোৰাটোলৈ টোঁৱাই আকৌ এপাট যাঠি মাৰিলে। দেবেন্দ্ৰ- নাথৰ দৰে এজন বুদ্ধিমান আৰোহী নোহোৱা হ'লে, তেতিয়াই ঘোৰাৰ পতন হ'লহেঁতেন। কিন্তু তেওঁ তৎক্ষণাৎ উপস্থিত বুদ্ধিৰ সহায় লৈ, ঘোৰাৰ লেকামত বল দিলে, ঘোৰা জাঁপ মাৰি উঠিল, যাঠি ঠেঙৰ তলে সৰকি গ'ল। এনেতে তৃতীয়টোৱে তেওঁৰ বুকুলৈ পোনাই আৰু এপাট যাঠি মাৰিলে। দেবেন্দ্ৰই যাঠি ডাল ওপৰতে ঢোপ ধৰা দি ধৰিলে আৰু সেই যাঠিকে এটা সেনালৈ পোনাই মাৰি পঠিয়ালে। তৎক্ষণাৎ মান সেনাৰ পতন হ'ল আৰু প্ৰথমটো শৰ লগত শাৰী পূৰ কৰিলে। লগৰ দুটাৰ দশা দেখি, ইটোৱে তৰা-নৰা ছিঙি লৰিবলৈ ধৰিলে, দেবেন্দ্ৰয়ো পাচে পাচে খেদিবলৈ ধৰিলে। মানুহৰ বেগতকৈ ঘোৰাৰ বেগ বেছি হোৱাৰ কাৰণে, অলপ পাচতে তেওঁ মানসেনাৰ ওচৰ চাপিল; কিন্তু তৰোৱাল দাঙোতেই মানসেনা অদৃশ্য হ’ল। ক'লৈ গল, কি হ’ল তেওঁ তাৰ একো ততকে ধৰিব নোৱাৰিলে। তেওঁ বহুতো ভাবি চিন্তি কেউফালে অনুসন্ধান কৰি চালে, কিন্তু ক’তো মান সেনাৰ চিনো নোলাল। বিচাৰি বিচাৰি, বিফল মনোৰথ হৈ সৱাশেহত তেওঁ উভতি বাট ললে। হঠাৎ দহোটামান মানুহ তেওঁৰ চকুত পৰিল। প্ৰথম দৰ্শনত সিহঁতক তেওঁ মানসেনা বুলি জানিছিল, কিন্তু অলপ পাচতে চিনিলে যে সিহঁত তেওঁৰ নিজা মানুহ হে। তেতিয়া তেওঁ সেনাসকলৰ ফাললৈ চাই সুধিলেঃ—“তোমালোক আহিলা কেলেই?”

 সেনা।—আপোনাৰ পলম হোৱা দেখি কিবা দুৰ্ঘটনা ঘটিল বুলি আগবাঢ়ি আহিছোঁ। পাচে, খবৰ কি?

 দেবেন্দ্ৰ।—তিনটা মানসেনাই মোৰ ঘোৰাটো ধৰিছিল গৈ, মোক দেখিয়েই সিহঁতে তৰা-নৰা ছিঙি লৰ দিলে। মই খেদি আহি অলপ পাচত সিহঁতক পালোঁ আৰু দুটাক ধৰাশায়ী কৰিলোঁ। কিয়, তোমালোকে বাটত পাই অহা নাই নে?

 সেনা— পাই আহিছোঁ, পাচে, সিটো⸺

 দেবেন্দ্ৰ।—সি দুটাক মাৰোঁতেই সেইটো আকৌ লৰ মাৰিলে। মই খেদি খেদি সৌখিনিতেই লগ ধৰিছিলোঁ, কিন্তু তৰোৱাল দাঙি লৈ কোব মাৰিব খোজোঁতেই হঠাৎ নোহোৱা হ’ল। বিচাৰি বিচাৰি ক'তো নাপাই, এতিয়া উভতি আহিছোঁ।

 সেনা।—তেনে হলে তো সৰ্ব্বনাশ! সি যদি আমাৰ বাতৰি সেনাপতিক দিয়ে গৈ তেন্তে আমি স্বৰ্গদেৱৰ লগ নৌ পাওঁতেই সিহঁতে আগ ভেটিবহি। গতিকে, বলকচোন আমিও বিচাৰোঁ গৈ।

 দেবেন্দ্ৰ।—সি জানো একে ঠাইতে ৰৈ আছে?

 সেনা।—কি ঠিক! সি জানো কম লৰিছে? কি জানি কৰবাত পৰিয়েই আছে। নহলে নো আপুনি নেদেখাকৈ সি কলৈ যাব? সি তো দেৱতা নহয়, যে অদৃশ্যভ'ৱে পলাব পাৰে!

 দেবেন্দ্ৰই আকৌ যাবলৈ সম্মতি প্ৰকাশ কৰিলে আৰু সকলো গৈ ঘটনাস্থলত উপস্থিত হ'ল; সকলোৱে পিয়াপি দি কেউকালে বিচাৰিবলৈ ধৰিলে। প্ৰতি গছৰ গুৰি, ডাল-পাত, জোপোহা, চাই চাই হাইৰাণ হল; কিন্তু ক’তো মানসেনাৰ শুংসুত্ৰও পোৱা নগল। “অতি আচৰিত কথা” বুলি কোৱা-কুই কৰি তেওঁলোক উলটি আহিবলৈ ধৰিলে। এনেতে মায়াৰাম নামেৰে এজন সৈনিকে “ঔ এইটো ঔ, পালোঁ ঔ” বুলি আটাহ পাৰি উঠিল। আটাহ শুনি আটাই- বিলাক সেই ঠাইলৈ চাপি গ'ল আৰু দেখিলে যে মানসেনাটো এটা এৰা খালত সোমাই আছে।

 দেবেন্দ্ৰনাথে ক'লেঃ—“তাক একো নকৰিবাহঁক, লাহে লাহে তুলি আনা ” তেতিয়া দুজনমানে কাপোৰ জোৰা দি, তাৰ ওচৰলৈ নমাই দিলে; সি তাতে ধৰি উঠি আহিল। দেবেন্দ্ৰই তাক একো নকৈ বন্দী কৰি লৈ গ’ল।

 তেতিয়া ৰাতি প্ৰায় এপৰমান অতীত হৈছিল। গতিকে, সকলো খোৱা-বোৱাত ব্যস্ত হ’ল। মান সেনাটোকো ভাত খাবলৈ দিলে।

 পক্ষটো শুক্ল। সন্ধিয়া লাগিবৰে পৰা গোটেই জগত জোনৰ পোহৰত হাঁহিব লাগিছে। সেই দেখিহে মান সেনাৰ পাচ লবলৈ দেবেন্দ্ৰৰ সুবিধা হৈছিল। এতিয়া খাই-বৈ উঠি সেই জোনাকতে সকলো বহিল। দেবেন্দ্ৰই মান সেনাটোক সুধিলেঃ—“কচোন বাৰু তই কোন আৰু কিয় নিশা আহি আমাক আমনি কৰিছিলি?

 মানসেনা।—মই এটা মানসেনা আৰু মৰা দুটাও মোৰ লগৰীয়া।

 দেবেন্দ্ৰ।—মৰা দুটা তোৰ লগৰীয়া বুলি তই নোকোৱাকৈয়ে জানো। পিচে, কেলেই আহিছিলি, তাক ক।

 মানসেনা।—তহঁতৰ ৰজাটো পলাই গ'ল, আমি আৰু লুট-পাট কৰি ফুৰিছিলোঁ। আজি আহি তহঁতক দেখিলোঁ, বোলোঁ ভাল হ’ল, সেনাপতিক কৈ দিওঁ গৈ। পিচত মাটিয়ে গলে পলম হ'ব। সেই দেখি, তোৰ ঘোৰাটোকে লৈ যাব খুজিছিলোঁ। তই আৰু দেখিলি।

 দেবেন্দ্ৰ।—পিচে খালত পৰিলি কেনেকৈ?

 মানসেনা।—তই খেদি নিলি, আমিও লৰি গ'লো। পিচে তই আৰু দুটা মাৰিলি। লৰোঁতে মোৰো ভাগৰ লাগিল। বোলো যি কৰে কৰক, নপলাওঁ। তই আকৌ তৰোৱালখন দাঙ্গিলি, মোৰ ভয় লাগিল, আকৌ লৰ মাৰিলোঁ। খালটো আৰু ওচৰতে আছিল, হুৰুষ কৰে পৰিলোঁ।

 দেবেন্দ্ৰ।—পিচে, তোক এতিয়া কি শাস্তি দিব লাগে?

 মানসেনা।—তই আৰু যি কৰ। মই হলে এৰি দে বুলি ক'ম।

 এজন সেনা।—দেউতাও ভাল! কৰবাত নো চৰুক সুধি চাউল বহায় নে?  দেবেন্দ্ৰ।—মই তোক ছোৱাছোৱাকৈ কাটি কাউৰ-শগুণক বিলাই দিম।

 মানসেনা।—মই আৰু খালত পৰোতেই মৰিলোঁ‌। তই এতিয়া ৰাখিলেও ৰাখ, মাৰিলেও মাৰ। তই আৰু যি কৰিব খুজিছ, কৰ॥

 দেবেন্দ্ৰ।—বাৰু মই তোক নামাৰোঁ‌। তই তাৰ বাবে মোক কি কৰি দিবি?

  মানসেনা।—মই নো আৰু কি কৰিম। কি কৰিব লাগে, তই কবি, মই আৰু কৰি দিম।

 বেবেন্দ্ৰ।— তহঁতৰ সৈন্য ক'ত আছে?
 মানসেনা।—তহঁতৰ ৰজা বোলে আকৌ উজাই আহিছে, আমি সেই দেখি ভটীয়াই আহিছোঁ‌।

 দেবেন্দ্ৰ।—তহঁতৰ সৈন্য কোন কেনি আছে, মোক ক'ব লাগিব।

 মানসেনা।—তই যি কৱ, তাকে কৰিম, মুঠেই আমাৰ মানুহৰ লগত যুঁ‌জ কৰিবলৈ নকবি॥

 দেবেন্দ্ৰ।—তোক যুঁজ কৰিবলৈ কোৱা নাই। আন বিষয়ত হে—

 মানসেনা।— মই যি পাৰোঁ‌ কৰিম। তই দেখিবি নহয়।
 দেবেন্দ্ৰ।—বাৰু, মই তোৰ কথাত বিশ্বাস কৰি মান্তি হলোঁ‌। আৰু তোক স্বাধীনতা দিলোঁ‌। কিন্তু সাৱধান! কথা অলপ লৰ চৰ হলে, বৰ শোচনীয় পৰিণাম ভুঞ্জিব লাগিব।
 কথা বতৰা হৈ থাকোঁতেই ৰাতি প্ৰায় দুপৰ হ’ল; দেবেন্দ্ৰই সভা ভঙ্গ কৰিলে। তেতিয়া সকলোৱে অনন্ত নীলাকাশেৰে চোৱা, সেই প্ৰাকৃতিক অট্টালিকাৰ তলত, সুবিস্তৃত ভূমিশয্যাত পৰি, চাৰিওফালৰ সৌন্দৰ্য্যত মিহলি হৈ থকা ঈশ্বৰৰ অনন্ত কীৰ্ত্তিৰ জেউতি নিৰীক্ষণ কৰি লাহে লাহে দুখ-সন্তাপ-হাৰিণী, জগজ্জননী নিদ্ৰাদেবীৰ কোমল কোলাত মূৰ থৈ শান্তি লাভ কৰিলে।

—————