সমললৈ যাওক

ফুল/পঞ্চম অধ্যায়

ৱিকিউৎসৰ পৰা

পঞ্চম অধ্যায়।

⸺:*:⸺

বিদায়।

 ৰাতি পুৱাই আহিছে। নিস্তব্ধ জগতৰ নিফুট প্ৰাণ-বীণা বাজি উঠিছে। পূবফালে ৰঙা বেলিয়ে অলপ অলপকৈ দেখা দিছে কিন্তু চোকা তেজ দেখুৱাব পৰা নাই। তৰাবিলাকে বেলিৰ ৰশ্মিৰ আগত নিজৰ ক্ষুদ্ৰ ৰশ্মি দেখুৱাবলৈ লাজ পাই বোৱাৰী ছোৱালীৰ দৰে মেঘৰ ওৰণি লৈছে গৈ। গৃহস্থৰ ঘৰৰ ওপৰেদি দুই এটা কাউৰীয়ে ‘ৰাতি পুৱাল’, ‘শুই নেথাকিবি', ‘কামলৈ যাহি’ বুলি সিহঁতৰ ভাষাৰে ৰিঙিয়াই ৰিঙিয়াই কৈ উৰি গৈছে। ৰাতি “নিউ নিউ" কৈ ভয়লগা চিঞৰ মৰা ফেঁচাই এতিয়া সুৱলা মাতেৰে কুৰুলি দিছে। দুটা এটা কেৰ্ক্কেটুৱাই মনে মনে লোকৰ ভঁৰালত সোমাই, ধানৰ চেঁই কঢ়িয়াইছে। কোনো তিৰোতাই গিৰিয়েকক কোনো দূৰৈ ঠাইলৈ পঠিয়াব লগা হোৱাত পাটীৰ পৰা উঠি কাষত কলহ লৈ পানী আনিবলৈ গৈছে। ধীৰে ধীৰে পুৱাৰ মলয়া বলিছে আৰু গছবোৰত লাগি শোঁ-শোঁকৈ শব্দ উঠিছে। দুই এজন পুৱাতে উঠা অভ্যাস থকা মানুহে শোৱাৰ পৰা উঠি পিৰালি কাথিত বহি মুখ ধুইছে। এনে সময়তে, আমাৰ ফুল আইদেৱেও শোৱাৰ পৰা উঠি কাযত কলহ এটা লৈ নৈ পালে গৈ , পানীত নামি হাত মুখ ধুলে আৰু তাৰ পাচত একলহ পানী লৈ উভতি আহিল। দেবেন্দ্ৰ আৰু কনক এতিয়াও উঠা নাই। ফুলে কাকো নজগাই চোতাল পদূলি সাৰিলে,—চ’ৰা ঘৰৰ দুৱাৰ মুখত দুখন পীৰা পাৰি ওচৰতে এটা লোটা আৰু এখন গামোচা ঠিক কৈ ৰাখিলে। কাষতে তমোলৰ বটাটো সজাই থলে। তাৰ পাচত, লাহে লাহে ফুলনিত সোমাল গৈ আৰু এজোপা বকুল গছৰ তললৈ গ'ল। বকুলৰ সৰু সৰু ধুনীয়া ফুলবোৰ তল ঢাকি সৰি মল্‌মলাই আছিল, ফুলে তাৰে কিছুমান বুটলি কোঁচত ভৰাই ললে;—কল গছ এজোপাৰ পৰা এডাল সূতা যেন আঁহ উলিয়াই আনিলে আৰু নাহৰ জোপাৰ তলতে বহি মালা গাঁথিবলৈ লাগিল।

 দেবেন্দ্ৰ আৰু কনক দুয়ো শোৱাৰ পৰা উঠি হাত মুখ ধুলে। তাৰ পাচত, তমোল-ছালি খাই কথা-বতৰা হবলৈ

লাগিল। দেবেন্দ্ৰই মনে মনে ফুলৰ কাৰ্য্য়-নিপুণতাক শলাগিবলৈ ধৰিলে।

 পাঠক সকলৰ সুবিধাৰ অৰ্থে তেওঁলোকৰ কথা-বতৰা তলত তুলি দিয়া গ'ল।

 কনক।—পিচে, যদি মোক অবিশ্বাস নকৰা, তেন্তে গধুলি কম বোলা কোৱাঁ এতিয়া।

 দেবেন্দ্ৰ।—আপোনাক অবিশ্বাস কৰিম! মই আপোনাৰ সন্তান। সন্তানে কেতিয়াবা বাপেকিক অবিশ্বাস কৰিব পাৰে নে?

 কনক।—বাৰু, কোৱাঁ তেনে হলে।

 দেবেন্দ্ৰ।—কথাটো এই,—মানৰ উপদ্ৰৱ বৰকৈ অসহনীয় হোৱাত, স্বৰ্গদেৱে ৰণ কৰিবৰ ইচ্ছাৰে কিছুমান সৈন্য় লৈ উজাই আহিছে। কিন্তু তেওঁৰ সৈন্য-সংখ্যা নিচেই অলপীয়া। সেই দেখি, তেওঁক সাহায্য কৰা কৰ্ত্তব্য় ভাবি, ময়ো কিছুমান সৈন্য লৈ তেওঁৰ লগ লবলৈ আহিছোঁ।

 কনক।—মোৰ মনেৰে কামটো বৰ ভাল নকৰিলা।

 দেবেন্দ্ৰ।—কিয়?

 কনক।—আজিলৈকে মানৰ লগত কেইখন যুঁজ হৈছে কিন্তু আমাৰ সৈন্য কোন বাৰ জিকিছে? যি মানৰ দিন, মানৰ দিনেই। কি জানি ইমানতে আহোম স্বৰ্গদেৱসকলৰ অন্ত পৰাটোৱেই বিধাতাৰ ইচ্ছা!  দেবেন্দ্ৰ।—সেইদেখি আপুনি মোক ঘুৰি যাবলৈ ক'ব খোজ নে কি?

 কনক।—ক’ব খুজিছিলোঁ। কিয়নো —

 দেবেন্দ্ৰ।—নক’ব ভাঙৰীয়া, আপোনাক মিনতি কৰি কৈছোঁ, আৰু সেইষাৰ কথা মুখত নানিব। চাওকচোন, পাষণ্ডহঁতে আমাৰ কি কৰিবলৈ বাকী থৈছে। ৰজাৰ ৰাজত্ব কাঢ়ি ল'লে, প্ৰজাৰ ওপৰত অবৰ্ণনীয় অত্যাচাৰ কৰি, অসমদেশ মৰুভূমিৰ তুল্য কৰিলে। সিহঁতৰ তাপত সতীৰ সতীত্ব নোৰোৱাত পৰিল; ইমানতো আপনি আমাক বহি থাকিবলৈ কয় নে? মোৰ মনেৰে জন্মভূমিৰ এনেকুৱা দশা চাই থকাতকৈ মৃত্যু শতগুণে শ্ৰেয়ঃ।

 কনক।—সেইটো ময়ো বুজিছোঁ, মোৰ মনতো তেনে ভাব খেলাইছে। কিন্তু—

 দেবেন্দ্ৰ।— কিন্তুলৈ নাযাব আৰু, যত্নৰ অসাধ্য একো নাই। আমি যদি সকলো মিলি যত্ন কৰোঁ, তেন্তে নিশ্চয় মানৰ পতন হ’ব। অকল ইচ্ছা কৰিলেই কোনো কাৰ্য্য সিদ্ধ নহয়, তালৈ চেষ্টা লাগে। কিয়নো, “উদ্যমেন হি সিধ্যন্তি কাৰ্য্য়ানি ন মনোৰথৈঃ। নহি সুপ্তস্থ সিংহস্য় প্ৰবিশন্তি মুখে মৃগাঃ।”

 কনক।—কিন্তু বলে নোৱৰা শিলক পৰি নমস্কাৰ। তাৰ প্ৰতিকূলে চলিবলৈ গলে বা কি লাভ হব?

 দেবেন্দ্ৰ।— বলে নোৱাৰিম কিয়? ইমাম এখন ডাঙৰ ৰাজ্যৰ সকলো প্ৰজা যদি একেলগ হওঁ, তেন্তে ক্ষুদ্ৰ মান কি বস্তু! বতাহত ধূলি উৰা দি উৰি যাব। “অল্পানামপি বস্তূনাং সংহতিঃ কাৰ্য্য়সাধিকা। তৃণৈৰ্গুণত্বমাপন্নৈৰ্বধ্য়ন্তে মত্তদন্তিনঃ।।” আৰু সেই দৰে যদি সকলোৱে মিলি কাম কৰিব নোৱাৰোঁ, তেনেহলেও এই ক্ষুদ্ৰ শক্তিৰেই এবাৰ চেষ্টা কৰি চোৱা নিতান্ত কৰ্ত্তব্য। কিয়নো, যদি সঁচাকৈয়ে ভাই বন্ধুৰ দুখ গুচাব নোৱাৰোঁ, সতীৰ সতীত্ব ৰাখিব নোৱাৰোঁ, জননীৰ—জন্মভূমিৰ দুৰ্গতি গুচাব নোৱাৰোঁ, তেন্তে এই নিষ্কৰ্মা দেহা থকাৰ পৰা লাভ কি? সেই কাৰণে, মাতৃ-সেৱাকে জীৱনৰ ব্ৰত কৰি, মাতৃভূমিৰ উদ্ধাৰাৰ্থে এই দেহা বলি দিবলৈ কেতিয়াও কুণ্ঠিত নহওঁ।

 কনক।—তোমাৰ উদ্দেশ্য, মহৎ। গতিকে, মই তোমাক হাক নিদিওঁ। আশীৰ্ব্বাদ কৰিছোঁ যেন পাষণ্ড মানক— মাতৃভূমিৰ শত্ৰুবিলাকক সিহঁতৰ যোগ্য শাস্তি দি, ভালে কালে উভতি আহিব পাৰা।

 দেবেন্দ্ৰ।—আপোনাৰ অতিথি-সৎকাৰৰ বাবে আপোনাৰ ওচৰত যিমান ধৰুৱা, এই আশীৰ্ব্বাদৰ বাবে তাতোকৈ বেছি ধৰুৱা থাকিলোঁ।

 এনে সময়তে কনকৰ লগুৱাটো আহি ওলাল। সি আগদিনা নৈৰ ঘাটৰ পৰা অহাৰ পাচতে মিতিৰ এঘৰলৈ গৈছিল। দেবেন্দ্ৰক দেখি মাত লগালে—“অ’, আপুনি কালি ইয়াতে থাকিল নে কি?"  দেবেন্দ্ৰ।—এৰা।

 লগুৱাটোৱে চিনাকি ভাবেৰে কথা কোৱা শুনি কনকে সুধিলে,—“তুমি নো এওঁক কেনেকৈ চিনিলা?”

 লগুৱা— কালি যি জনে আইদেউক পানীৰ পৰা তুলিছিল তেৱেঁই এওঁ।

 কনকে মনে মনে দেবেন্দ্ৰৰ শলাগ লৈ আনন্দাশ্ৰু টুকিলে; আৰু ফুলক কেনেকৈ উদ্ধাৰ কৰিবলৈ পালে দেবেন্দ্ৰক সুধিলে। দেবেন্দ্ৰয়ো যথাযথৰূপে সকলো ঘটনা বৰ্ণনা কৰিলে। কনকে অন্তৰেৰে সৈতে দেবেন্দ্ৰৰ শলাগ লৈ ক'লে— “বোপা, তোমাৰ দয়া নোহোৱা হ'লে আজি মই নিঃসন্তান হব লাগিলহেঁতেন। তোমাৰ যোগ্য পুৰস্কাৰ দিবলৈ মোৰ একো নাই। তথাপি, যদি সময় আৰু সুবিধা পাওঁ, তেন্তে এটি ক্ষুদ্ৰ পুৰস্কাৰেৰে তোমাৰ দয়াৰ শলাগ লব পাৰিম বুলি আশা কৰিলোঁ।”

 দেবেন্দ্ৰৰ অন্তৰত এটা প্ৰৱল খুন্দ লাগিল। মনে মনে ভাবিলে “সেই ক্ষুদ্ৰ পুৰস্কাৰ কি?” ফুটাই কলে,— আপোন লোকে মোৰ এনে এটা ক্ষুদ্ৰ কাৰ্য্য়ৰ বাবে শলাগ লৈ মোক লাজ নিদিব। কিয়নো, ঈশ্বৰৰ ইচ্ছাতহে সকলো ঘটিছে। সি যেই নোহোক, মই এতিয়া আপোনালোকৰ ওচৰত বিদায় হে গ্ৰহণ কৰিব খোজোঁ। কিয়নো, মোৰ পলম হোৱা দেখি সৈন্যবোৰ চাগৈ নিৰুৎসাহ হৈ পৰিছে।

 কনক।—“নহয় বোপা। বেলিও উঠি আহিল, এতিয়া তুমি এমুঠি নোখোৱাকৈ কেনেকৈ যাবা? তুমি যদি ইচ্ছা কৰা,

তেন্তে সৌ নৈৰ দাঁতিত এপাক ফুৰি আহাঁ গৈ। মই ভাত এমুঠিৰ দিহা কৰোঁ।” এই বুলি কনক ভাত ৰান্ধিবলৈ গ'ল, দেবেন্দ্ৰও ফুলনিৰ ফালৈ সোমাই গ'ল।

 নাহৰ গছজোপাৰ তলত বহি ফুলে মালা গাঁথি আছিল। দেবেন্দ্ৰও গৈ সেইখিনি পালে গৈ, ফুলৰো মালা গঁথা হ'ল। তেওঁ লৰালৰিকৈ মালাধাৰ কাপোৰৰ তলত সুমুৱালে।

 ফুলক অকলে বহি থকা দেখি দেবেন্দ্ৰই সুধিলে—“কি হে! অকলে অকলে ইয়াত বহি কি কৰিছা?”

 ফুল।— একো কৰা নাই।

 দেবেন্দ্ৰ —একো নকৰাকৈ মানুহ এইদৰে বহি থাকে নে?

 ফুলে উত্তৰ দিবলৈ কথা নাপাই নীৰৱে তলৰ মু কৰিলে।

 দেবেন্দ্ৰ।— 'কিহে, মই অহাত বেয়া পালা নে কি? তেনে বুলি জনা হলে মই ইয়ালৈ নাহিলোঁহেঁতেন।

 ফুল অপ্ৰস্তুত হ'ল। লাহেকৈ, ক'লে—“কিবা এটা ভাবিছিলোঁ।”

 দেবেন্দ্ৰ।—কি ভাবিছিলা?

 ফুল বিমোৰত পৰিল। কি উত্তৰ দিব, একো ঠিক কৰিব নোৱাৰি নিমাত হৈ ৰ'ল। অলপ পাচত কথা পাহৰাবৰ চলেৰে ক'লেঃ—“আপুনি কাহানিলৈ যাব?”

  দেবেন্দ্ৰই মিচিক কৰে হাঁহি কলেঃ —“আজিয়েই— এতিয়াই।”

 ফুল।—এতিয়াই। ইমান খৰধৰ নো কিয়?  দেবেন্দ্ৰ।—কাৰণ আছে, পুৱাতে যাব খুজিছিলো; পাচে, তোমাৰ দেউতাৰাই হে বেলি কৰাইছে।

 ফল।—আজি নগ'লে নহ’ব জানো?

 দেবেন্দ্ৰই মনে মনে ভাবিলে,—“ইয়াৰ মানে কি? আজি নগলে নহব জানো সোধাৰ মানে কি?” ফুটাই ক'লে—“নহয়। আৰু মিছাতে তোমালোকক আমনি কৰিবও নোখোজোঁ।”

 ফুল।—আপুনি নো আমাক কি আমনি কৰিছে? মোৰ মনেৰে আহুকাল কৰাতকৈ আপোনাৰ শুভাগমনে আমাৰ আনন্দ হে বঢ়াইছে।

 দেবেন্দ্ৰ।—সেইটো মুখৰহে কথা।

 ফুলে কোনো উত্তৰ নিদিলে; ওঁঠ দুটা কঁপি উঠিল, চকু ঢুল–ঢুলীয়া হ’ল; শৰীৰো অবসন্ন হৈ আহিল। দেবেন্দ্ৰই দেখিলে ফুলে তেওঁৰ কথাত বৰকৈ বেজাৰ পালে। তেওঁ ক'লেঃ –“ফুল, ক্ষমা কৰিবা, সঁচাকৈয়ে মই ধেমালিহে কৰিছোঁ, বেজাৰ নকৰিবা। ”

 ফুল অলপ স্থিৰ হৈ দেবেন্দ্ৰলৈ চালে; কিন্তু মুখেৰে একো নক'লে। দেবেন্দ্ৰই কলেঃ—“ফুল, মোৰ এটা কথা আছে।”

 ফুল।— কি?

 দেবেন্দ্ৰ।—কালিৰ ঘটনা তোমাৰ মনত থাকিব নে?

 ফুল।—তাক মই এই জীৱনত পাহৰিব নোৱাৰোঁ।  দেবেন্দ্ৰ।—সেয়ে যদি হয়, তেনেহলে মই তাৰ এটা চিন ৰাখি যাব খোজোঁ। ৰাখিবা নে তুমি?

 ফুল।—কি?

 উত্তৰত দেবেন্দ্ৰই আঙ্গুলীৰ পৰা এটা বাখৰ পতা আঙ্গঠি সোলোকাই ল'লে; ফুলে একো নামাতিলে। দেবেন্দ্ৰই ক’লে :—“যদি খং নকৰা, তেনেহলে মোৰ কঠুৱা হাতেৰেই তাক উপযুক্ত ঠাইত থ’ব খোজোঁ।”

 ফুলে একো নামাতিলে; দেবেন্দ্ৰই ফুলৰ হাতৰ উদ্দেশ্যে হাত মেলিলে। ফুলৰ গোটেই শৰীৰ কঁপি উঠিল, লাহে লাহে সোঁহাতখন আগ বঢ়াই দিলে। ফুলৰ হাতত থকা মালাধাৰ হঠাৎ হাতৰ পৰা সবি দেবেন্দ্ৰৰ ভৰিত পৰিল, দেবেন্দ্ৰই তাক আগ্ৰহেৰে তুলি লৈ ডিঙিত পিন্ধিলে। তাৰ পিচত আঙঠি পিন্ধাবলৈ ফুলৰ হাতত ধৰিলে। কিবা এটা অবৰ্ণনীয় পুলকত তেওঁৰ গোটেই গা কঁপি উঠিল; স্বৰ্গীয় পাৰিজাতৰ গোন্ধ নাকত সোমোৱা যেন লাগিল। তেওঁ আঙঠিটো লাহে লাহে ফুলৰ আঙুলীত সুমুৱাই দি তেওঁৰ হাতখন অলপমান বেলি দুয়োখন হাতৰ মাজত সুমুৱাই ৰাখিলে। তাৰ পিচত ফুলৰ হাতটো লাহে লাহে ওপৰলৈ তুলি—ছি, ছি,—দেবেন্দ্ৰই চুমা খালে।

 ফুলৰ হাত এৰি দেবেন্দ্ৰই মালাধাৰ সোলাকাই লৈ কলেঃ—“তোমাৰ মালাধাৰ তুমি ইচ্ছা কৰি দিয়া নাই, সেই কাৰণে তাক মই লোৱা অনুচিত। এই লোৱাঁ তোমাৰ মালা, ”

 ফুলে মালাধাৰ নলৈ ক'লেঃ—“আপুনি পিন্ধক।”

 দেবেন্দ্ৰ —মই নিজে এবাৰ পিন্ধিলোঁ, এতিয়া তুমি নিজে পিন্ধাই নিদিলে, মই নিপিন্ধোঁ।

 দেবেন্দ্ৰই মালাধাৰ ফুলৰ হাতত দিলে, ফুলে অগত্যা কঁপা হাতেৰে তাক দেবেন্দ্ৰৰ ডিঙিত পিন্ধাই দিলে। যি জনে প্ৰাণ বক্ষা কৰিছে, তেনে জনৰ অনুৰোধ তেওঁ উপেক্ষা কৰিব কেনেকৈ?

 দেবেন্দ্ৰই ক'লেঃ —“এই মালাধাৰিয়ে আজিৰ ঘটনাৰ বাহিৰেও তোমাৰ নামটি সদায় মোৰ মনত পেলাই থাকিব।”

 ফুল।—মোৰ নামেৰে নো কি কৰিব?

 দেবেন্দ্ৰ।— তোমাৰ নামেৰে কি কৰিম?—থাওক এতিয়া নকওঁ। যদি পাচেবৈ সময় পাওঁ, যদি প্ৰাণ লৈ উলটিব পাৰোঁ, যদি ঈশ্বৰ কৃপাত ভালে-কালে আকৌ এই খিনি পাওঁহি, তেতিয়া কম; তেতিয়া বুজিবা—তোমাৰ নামেৰে কি কৰিম।

 বতাহত কঁপা মাধৈমালতীৰ দৰে ফুলৰ গোটেই গা কঁপিবলৈ ধৰিলে। “যদি পাচেকৈ সময় পাওঁ”—“যদি প্ৰাণ লৈ উলটিব পাৰোঁ।” – “যদি ভালে কালে আকৌ এই খিনি পাওঁহি”—এইবোৰৰ মানে কি? লাহে লাহে ক'লেঃ— “আপোনাৰ কথাৰ অৰ্থ একো নুবুজিলোঁ।”  দেবেন্দ্ৰ।—বুজাই দিবও নোখোজোঁ।

 ফুল।—কিয়?

 দেবেন্দ্ৰ।—শুনিলে তুমি ভয় পাবা।

 ফুল।— নুশুনিলেহে বেছি চিন্তিত হ'ম।

 দেবেন্দ্ৰ।—নিতান্ত নকলে নহয় যদি কওঁ, শুনাঃ—মানৰ বিৰুদ্ধে স্বৰ্গদেৱে সৈন্য গোটাইছে, ময়ো তেওঁৰ সাহায্যৰ নিমিত্তে ওলাইছোঁ। ৰণৰ ফলাফল কেনে হয়, তাক কোনে জানে।

 ফুল।— দেশৰ মঙ্গলৰ নিমিত্তে স্বদেশৰ শত্ৰু-নাশ কৰিবলৈ ওলাইছে, ই আপোনাৰ মহৎ জীৱনৰ উপযুক্ত কাম হৈছে। ভগবানে নিশ্চয় আপোনাক সাহায্য কৰিব।

 দেবেন্দ্ৰই ফুলৰ পৰা এনে বীৰাঙ্গনাৰ যোগ্য কথা শুনি বৰ সন্তোষ পালে; মনে মনে ক'লেঃ —“ধন্য তোমাৰ স্বদেশ- প্ৰেম! আন কাৰণত নহলেও অকল এই বাবেই তোমাক ভাল নাপাই নোৱাৰোঁ।”

  ঠিক এনে সময়তে কনকে ফুলক মাতিলে। ফুল ধীৰে ধীৰে ঘৰলৈ গ'ল; দেবেন্দ্ৰও নৈ লৈ নামিল। হৈ যোৱা সকলো ঘটনা জুকিয়াই লৈ কিছুমান বেলি তেওঁ নীৰবে ভাবিলে। তাৰ পিচত গা ধুই কনকৰ ঘৰলৈ আহিল আৰু কাপোৰ-কানি সলালে।

  কনকৰ তেতিয়া ভাত ৰন্ধা হৈছিল। দেবেন্দ্ৰ লগতে তেওঁ ভাত বাঢ়ি দিলে; তেৱোঁ লৰালৰিকৈ ভোজন-কাৰ্য্য সমাধা

কৰিলে। তাৰ পাচত তামোল-ছালি খাই, কাপোৰ-কানি

সলাই যাবলৈ ওলাল; কনক আৰু ফুলৰ ওচৰত কৃতাঞ্জলি- পুটে বিদায় লৈ দেবেন্দ্ৰ ঘোৰাত উঠিল। ঘোৰা বিজুলী- বেগেৰে চেকুৰিবলৈ ধৰিলে। কনক আৰু ফুলে চাই থাকোঁতেই নিমিষৰ ভিতৰতে দেবেন্দ্ৰ তেওঁলোকৰ দৃষ্টিৰ বহিৰ্ভূত হৈ পৰিল।

—————