সমললৈ যাওক

ফুল/নবম অধ্যায়

ৱিকিউৎসৰ পৰা



নবম অধ্যায়।

⸺:0:⸺

নতুন বিপদ।

 ৰাতিপুৱা শোৱাৰ পৰা উঠি মদন সদলে মেলত বহিল। কামৰ তালিকা বিবৃত কৰাৰ পাচত ক'লেঃ—“মই আৰু মেহেঙা এতিয়া কালি কোৱালৈ যাওঁ, পাৰিলে দুপৰতে ঘূৰিম, যদি নোৱাৰোঁ তেন্তে হলি আৰু কলীয়াই এখন নাও লৈ যাবি। বাকীবিলাক কিবাকিবি বিচাৰি গাৱঁলৈ যাব লাগিব।”

 এনেতে এটাই মাত লগালেঃ—“ক'তা, হলি দেখোন এতিয়াও নাহিল?”  মদন।—কি! এতিয়াও অহা নাই? উঃ, ইহঁতত মুঠেই বিশ্বাস নাই। হেৰ কলীয়া, লৰ মাৰচোন, সি কলৈ গ’ল, চাগৈ।

 কলীয়াই হলিক চাবলৈ লৰ দিলে।

 মদন।—মই বুজিব পৰা নাই হলিৰ মতলবটো কি? নহলে সি তাত কি কৰিছে?

 মেহেঙা।—ভয় নকৰিব আপুনি, হলি বেয়া মানুহ নহয়। কানীয়া মানুহ, টোপনি আহিল মনেৰে, সাৰকে পোৱা নাই। সেই হে অহা নাই।

 মদন।—মই বুজিব পৰা নাই। মোৰ মনেৰে সি বিশ্বাস- ঘাতকতাৰ কাম কৰি কেনিবা পলাল।

 মেহেঙা।— সি তেনে কাম কৰিবৰ হলে নো কলৈ সাৰিব? আমাৰ আগত সি নো কিমান পানীৰ মাছ? মাগুৰ মাছ কচা দি কচিম নহয়!

 মদন। —হওঁতে সিও তেনে কামলৈ হাত মেলিব নাপায় আৰু তায়ো কম নহয়, হলিৰ নিচিনা মানুহে এলা-পেচাকৈ ভুলাব পৰা সহজ যেন নালাগে। মুঠেই যদি সি মুকলি কৰি দিবলৈ আহিছোঁ বুলি বিশ্বাস জন্মাই পলুৱাই নিয়ে, তেনে হলে হে লেঠা।

 দলৰ আন এটাই ক'লে—“অ”, ভাবি-চিন্তি মূৰৰ ঘিউ শুকুৱাব নালাগে; সৌৱা হলিহঁত আহিব লাগিছে।

 মেহেঙা।—মই আগেয়েই নকৈছিলোঁ হলি পলোৱা নাই বুলি।  এনেতে হলি আহি পাওঁ পাওঁ হ'ল। ৰম্ভাৰ প্ৰহাৰত মূৰ্চ্ছিত হোৱাৰ পৰা অলপ পাচতে হলিয়ে সংজ্ঞা লাভ কৰিছিল, কিন্তু দুৱাৰ মৰা কাৰণে ওলাব নোৱাৰিলে! নিৰুপায় হৈ কটাখিনিত গামোচা বান্ধি ৰাতিটো চটফটাই বহি থাকিল। কলীয়াই দুৱাৰ মেলি দিলত হে ওলাই আহিব পাৰিছে।

 হলি আহি ওচৰ পালতে মদনে পলম হোৱাৰ কাৰণ সুধিলে। হলিয়ে আচল কথা লুকুৱাই ৰাখি নানা প্ৰকাৰ কথাৰ মৰণা-মাৰি শেহত ক'লেঃ—“ৰম্ভা পলাল "

 কেতিয়া পলাল, কেনেকৈ পলাল, একো নুসুধি আটাইখনে অবাইচ মাত মাতি হলিৰ পিঠিত ঔ পাৰিবলৈ ধৰিলে — জাঁউৰিয়ে জাঁউৰিয়ে তাৰ পিঠিত কিল-ভুকু পৰিবলৈ ধৰিলে। হলিয়ে ৰক্ষাৰ উপাৰ নেদেখি মৰাভাও জুৰি পৰিল; চকু ঢেল খালে। তাকে দেখি সকলোৱে তাক মৰাৰ পৰা বিৰত হল।

 অলপ পাচত মদনে সুধিলেঃ—“তই অকল পলাল বুলি কলেই নহব। সকলো কথা ভাঙিছিঙি ক'ব লাগে।”

 হলিয়ে আকৌ মাৰে বুলি ভয়ত মুখেৰে একো নামাতি পৰিয়েই থাকিল। গোটেইবিলাকে উটা-পুটাকৈ সোধেহে সোধে, হলিয়ে নামাতে। শেহত সিহঁতে আন একো উপায় নেদেখি, পানী একলহ আনি নাকে-কাণে ঢালি দিবলৈ দাঙি ল’লে; হলি জাঁপ মাৰি উঠিল। তাৰ কাণ্ড দেখি সকলোৱে গিৰ্ জনি মাৰি হাঁহিবলৈ ধৰিলে। তাৰ পাচত সি নিজৰ নিৰ্দ্দোষিতা প্ৰমাণ কৰিবলৈ এটা গল্পৰ সৃষ্টি কৰিলে, কিন্তু তাৰপৰা ৰম্ভাৰ পলায়নৰ কথা আগতকৈ একো বেছি জনা নগ'ল।

 সকলোৱে মিলি চাৰিওফালে বিচাৰিবলৈ ধৰিলে। হাবি, বন, খাৱৈ, জোপোহা, এৰাঘৰ, এৰাখাল—পিতপিতকৈ বিচাৰিলে, কিন্তু কতো ৰম্ভাৰ শুংসূত্ৰও নোলাল। তেতিয়া মদন সিহঁতৰ ঘাই মন্ত্ৰণাদাতা গোপাল বুঢ়াৰ ঘৰলৈ গ'ল।

 মদন যেতিয়া গোপালৰ ঘৰ পালে গৈ তেতিয়া বুঢ়া পাটীত পৰি শুই আছিল, মদন তালৈকে সোমাই গ'ল আৰু বুঢ়াই উস্ আস্ কৈ থকা দেখি সুধিলেঃ—“কিহে! দেখোন বেয়াকৈ দীঘল দিছা? কি হ'ল নো আকৌ?”

 বুঢ়া।—এ’ নকবা দেও, আজি পথাৰৰ পৰা ঘূৰি আহোঁতেই মঘা এডাল সোমাই ভৰিটো তেনেই দুছিটা কৰিলে। বিষত তৰণিকে পোৱা নাই।

 মদন।—এৰা, বোলে “দৰিদ্ৰ লঙ্কালৈ যায়, হুলে ফুটে, বৰলে খায়!”

 বুঢ়া।—পাচে, সকাম কি?

 মদন।—কি নো ক’ম! কালি ৰাতি আমি কলৈকো যাবলৈ নহ'ল, দুখে- ভাগৰে আহি শুই থাকিলোঁ। হলিক পঠিয়াই দিলোঁ। ৰম্ভাক কিবাকিবি অলপমান দি আহিবলৈ। পাচে, সি হেনো দুৱাৰ মেলি ভিতৰ সোমাওঁতেই উজুটি খাই পৰিল আৰু ভিতৰত পৰি থকা জেওৰা এচটাত পৰি হাতটোও কাটিলে। সি বিষত অচেতন হৈ পৰি থাকোঁতেই দুৱাৰ-ঘৰ মাৰি ৰম্ভা পলাল। কেনি গ'ল কি হ'ল, সি তাৰ একোকে ক'ব নোৱাৰে। আন কি, ৰাতি-পুৱাও কলীয়াই হে তাক উলিয়াই আনিছে গৈ।

 বুঢ়া।–পাচে, তোমালোকে বিচাৰ কৰিছিলা জানো?

 মদন –বিচাৰ কৰিছিলা বুলি আকৌ সুধিছা হে নে? সেই পুৱাৰ পৰা এতিয়ালৈকে বিচাৰি হায়ৰাণ হ'লোঁ, তেও খোজৰ চিন এটাও দেখা নাপালোঁ। সেই দেখিহে এতিয়া তোমাৰ ওচৰলৈ আহিছোঁ। এতিয়া কি কৰিম. এটা বুধি উলিওৱাঁ। তুমিয়েই হে আমাৰ বুধিৰ থুনুপাক।

 বুঢ়া। বাৰু সেইটো ভাৰ মই ললোঁ; তোমালোকে ধুম্খুলি বাই মৰিব নালাগে।

 মদন।—কিবা সম্ভেদ পাইছা নে কি?

 বুঢ়া — তোমাক বাৰু সেইবোৰ কথা নালাগে; তুমি আন কামলৈকে যোৱাঁ, সেই কামৰ ভাৰ মোৰ ওপৰত থাকিল। কিন্তু হলিয়ে মিছা কথা কৈছে, তাৰ কথা আন এটা হে; সি বিশ্বাস-ঘাতকী

 মদন।— কি কথা?

 বুঢ়া।—এতিয়া মোৰ গা বৰ বেয়া লাগিছে। এতিয়া সেইবোৰ কথা যাবলৈ দিয়া, পাচে পৰেও ক’ম।

 তেতিয়া মদনে ফুলেশ্বৰী সম্পৰ্কীয় কথা-বতৰা আৰু এতিয়া কি কৰিবলৈ পাঙিছে, সকলো ভাঙি-ছিঙি ক'লে।

 বুঢ়াই ক'লেঃ—“বাৰু, যি ভাল পোৱা কৰি থকা, কিন্তু গা চাই ফুৰিবা।”  মদনে “বাৰু সেইটো কব নালাগে, কিন্তু ৰম্ভাৰ বিষয়ে সকলো ভাৰ তোমাৰ ওপৰতে অৰ্পিলোঁ; কাম সিদ্ধি হ'লে, তোমাক উচিত পুৰস্কাৰ দিম” বুলি কৈ প্ৰস্থান কৰিলে।

 এই খিনিতে গোপাল বুঢ়াৰ বিষয়ে দুষাৰমান কথা কোৱা বোধ কৰোঁ বেয়া নহয়।

 যিটো বুঢ়াই ৰম্ভাক পথাৰত পাই আনিছিল, সেই বুঢ়াৰ নামেই গোপাল। গতিকে, ৰম্ভা এতিয়া সম্পূৰ্ণৰূপে বুঢ়াৰ শাসনৰ তলত। বুঢ়া এটা সামান্য হালোৱা মানুহ আছিল। পিচে মদনৰ লগ পাই তাৰ প্ৰধান সহায় হৈ উঠে। ক'ত কি পায়, ক’লৈ কেনি সুবিধাজনক বাট-পথ আছে, এইবোৰৰ দিহা- পোহা কৰি দিয়াটোৱেই বুঢ়াৰ কাম আৰু সেই বাবে মদনৰ পৰা মাজে সময়ে টকাটো মহাটো পাই থাকে। ৰম্ভাৰ বিষয়েও এই বুঢ়ায়েই সকলো ঠিক কৰি দিয়ে। সেই দেখিহে ৰম্ভাক পথাৰৰ মাজত দেখি আচৰিত হৈছিল।

 বুঢ়াৰ পৰিয়ালৰ ভিতৰত ঘৈণীয়েক আৰু এটা পুতেক। ঘৈণীয়েকৰ বিষয়ে কবলগা বেছি একো নাই। কিন্তু এইটো ক'ব লাগিব যে তেওঁ বৰ মৰমিয়াল মানুহ। পৰৰ দুখ দেখিলে তেওঁৰ চকুলো ওলায় আৰু পৰাপক্ষত গুচাবলৈকো পিচ নোহোঁহকে।

 পুতেকেৰ নাম পদ্মকান্ত। বয়স ত্ৰিচ বছৰ, এতিয়াও অবি বাহিত, দেহাৰ গঠন ধুনীয়া, স্বভাব-চৰিত্ৰ ভাল। বাপেকৰ চৰিত্ৰৰ লগত তেওঁৰ চৰিত্ৰ সমূলি নিমিলে। আন কি, সুবিধা পালে তেওঁ বাপেকৰ দুষ্কাৰ্য্য়ৰ প্ৰতিবাদ নকৰাকৈ নাথাকে। সেই কাৰণে, বাপেকেও পৰাপক্ষত সকলো কাম পদ্মৰ অজ্ঞাতসাৰে কৰিবলৈ চেষ্টা কৰে, কিন্তু তেওঁ তলে তলে সকলো জানে। আজি মদন আৰু বাপেকৰ মাজত হোৱা কথা বতৰাও তেওঁ বাৰৰ আঁৰৰ পৰা শুনি আছিল। শুনি থাকি তেওঁ ভাবিবলৈ ধৰিলেঃ –“ই বৰ অন্যায় কথা! বিপদৰ হাত এৰাবৰ মনেৰে এজনে যদি কাৰবাৰ ওচৰত সাহায্য বিচাৰে, তেন্তে প্ৰাণপণ কৰিও তেওঁক ৰক্ষা কৰা উচিত। যদি তাকে নকৰি আশ্ৰিতজনক আৰু এটা নতুন বিপদত পেলোৱা যায়, তেন্তে সেইটো কিয় মহাপাপ নহ'ব? ঈশ্বৰৰ ৰাজ্যত এনে মহাপাপৰ পৰাচিত নাই নে? যদি ঈশ্বৰ আছে, যদি পৃথিবীত ধৰ্ম্ম আছে, তেন্তে নিশ্চয় এদিন ইয়াৰ উচিত দণ্ড হ'ব। তাৰ পাচত লাহে লাহে ক'লেঃ—“হায় ৰম্ভা! তুমি বাঘৰ চোঙৰ পৰা ওলাই সিংহৰ গাতত সোমালাহি। হায়! নিয়তিৰ কুটিল ইচ্ছা! সংসাৰৰ গতি নুবুজা নিৰ্দ্দোষী অবলাৰ এই দশা!”

⸻⸺