সমললৈ যাওক

ফুল/দ্বিতীয় অধ্যায়

ৱিকিউৎসৰ পৰা

দ্বিতীয় অধ্যায়।

⸺:0:⸺

যুবক কোন?

 যুবক কোন? এই ভৰলী দাঁতিত অকলে বহি কি কৰিছে। পাঠক! আমি এই খিনিতে কথাটো অলপ উজাই ধৰোঁ।

 মহাৰাজ চন্দ্ৰকান্ত সিংহৰ ৰাজত্ব কালত বদনচন্দ্ৰ গুৱাহাটীৰ বৰফুকন অৰ্থাৎ ৰাজ প্ৰতিনিধি আছিল। তেওঁ এজন বৰ উদ্ধত স্বভাৱৰ আৰু মইমতীয়া মানুহ আছিল। কামৰূপীয় মানুহৰ ওপৰত নথৈ অত্যাচাৰ কৰিছিল। সেই কাৰণে ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহায়ে তেওঁৰ পতনৰ উপায় বিচাৰিবলৈ ধৰিলে আৰু সাৱশেহত তেওঁক ধৰি আনিবৰ নিমিত্তে মহেশ্বৰ পৰ্ব্বতীয়া ফুকনক পঠিয়াই দিলে।

 বৰফুকনৰ জীয়েক পিজৌ গাভৰু বুঢ়াগোঁহাইৰ পুতেক ওৰেষানাথ গোঁহাইৰ সহধৰ্ম্মিণী আছিল; গতিকে, এই ষড়যন্ত্ৰৰ বিষয়ে সকলো সম্ভেদ পাই আছিল। বুঢ়াগোঁহায়ে পঠিওৱা মানুহে ধৰিবলৈ পালে দেউতাকৰ মৃত্যু ঘটিব পাৰে ভাবি তেওঁ সকলো সংবাদ মনে মনে বৰফুকনলৈ পঠিয়াই দিলে। বাতৰি পাই বৰফুকন প্ৰথমতে হতবুদ্ধি হ'ল। শেহত সপুত্ৰে পলায়ন কৰাকেই ৰক্ষাৰ উপায় ঠিক কৰিলে আৰু কোনেও বুজ

নোপোৱাকৈ ভটীয়াই বাট ললে। ইফালে, নতুনকৈ পতা ঘনশ্যাম বৰফুকনে পাচে পাচে খেদা দিলে। কিন্তু বদনৰমকপাল ভাল, অসমৰ সীমাৰ ভিতৰত তেওঁক কোনেও নাপালে। পাচত বঙ্গদেশৰ ভিতৰত লগ পাইছিল গৈ যদিও, সেই ঠাই ব্ৰিটিছ শাসনৰ তলত থকাৰ বাবে আনিব নোৱাৰিলে। বৰফুকন সুবিধা পাই কলিকতাত ওলাল গৈ। সেই সময়ত কলিকতা “ইষ্ট ইণ্ডিয়া কোম্পানীৰ” অধিকাৰত আহিল। “ইষ্ট ইণ্ডিয়া কোম্পানী” মানে ভাৰতত বেপাৰ কৰিবলৈ অহা এদল বিলাতী বেপাৰী। তেওঁলোক ষোড়শ শতাব্দীৰ আদি ভাগতে জাহাজেৰে আহি ভাৰতবৰ্ষত পদাৰ্পণ কৰে আৰু তেতিয়াৰে পৰা বেপাৰ কৰাৰ চলতে বঙ্গদেশ, বোম্বাই আৰু মান্দ্ৰাজ তেওঁলোকৰ শাসনৰ তললৈ আনে। কলিকতাত তেওঁলোকৰ “ফোট ৱিলিয়াম” নামেৰে এটা দুৰ্গ আছে। ই ভাৰতৰ সকলো

দুৰ্গতকৈ শ্ৰেষ্ঠ। কলিকতা চহৰখনিকেইবা কি চাবা! যেনি চোৱা তেনি উচ্চ অট্টালিকা চূড়া —কেইওফালে আচৰিত কৌশলৰ অভিনয়। বাস্তুৱতে কলিকালত কলিকতায়েই স্বৰ্গীয় জেউতি লাভ কৰিছে। ওচৰেদি পবিত্ৰসলিলা ভাগীৰথীয়ে অনন্তত মিলিবলৈ লৰ দিছে আৰু মুখেৰে বিভুৰ মহিমা কীৰ্ত্তন কৰিছে। নতুনকৈ অহা মানুহে এনেখন চহৰ দেখি নিশ্চয় আপোন পাহৰা হ'ব। বদনচন্দ্ৰই এই কলিকতা চহৰতে সোমাই ব্ৰিটিছ গবৰ্ণমেণ্টৰ ওচৰত সাহায্য প্ৰাৰ্থনা কৰিলে গৈ, কিন্তু ইংৰাজ গবৰ্ণমেণ্টে “পৰৰাজ্য সম্পৰ্কীয় কাৰ্য্যত হাত নিদিওঁ” বুলি সহায় কৰিবলৈ অস্বীকাৰ কৰিলে। বদনে নিৰুপায় হৈ কৃষ্ণৰ ভয়ত পলাই ফুৰা দণ্ডীৰজাৰ নিচিনাকৈ যাকে দেখে তাৰে ওচৰত সহায় ভিক্ষা কৰিবলৈ ধৰিলে। অসমৰ দুৰ্কপাল! সেই সময়ত কিবা কামত মানদেশৰ পৰা এজন বিষয়া কলিকতালৈ আহিছিল, বদনে তেওঁৰ ওচৰলৈ গৈ সকলো কথা ভাঙি ছিঙি ক'লে। সুভদ্ৰাই দণ্ডীৰজাক সহায় কৰিবলৈ প্ৰতিজ্ঞা কৰি ভীমৰ হাতত সোধাই দিয়াদি, এই বিষয়াজনেও ফুকনক সহায় কৰিবলৈ গাত লৈ, তেওঁক নি, মান ৰজাৰ আগত থিয় কৰিলে। বদনে অসমৰ দুৰৱস্থাৰ কথা তিলকে তাল কৰি মান-ৰজাৰ আগত বৰ্ণনা কৰিলে আৰু দেশত শান্তি স্থাপন কৰিবলৈ কিছুমান সৈন্য খুজিলে। দেশৰ দুৰৱস্থাৰ কথা শুনি মান-ৰজাই ছহেজাৰ সৈন্য বদনৰ লগত পঠিয়াই দিলে, কিন্তু অসমৰ দুৰ্ভাগ্যবশতঃ সেই সৈন্যদলে দেশত শান্তি স্থাপন কৰা দূৰত থাকোক, অশান্তিৰ সাগৰতহে জুবুৰিয়াই পেলালে। সিহঁতৰ অত্যাচাৰত বুঢ়া-ডেকা, লৰা-ছোৱালী, জীয়াৰী-বোৱাৰী—সকলোৰে থান-থিত হেৰুৱাই, মান-মৰ্য্যাদাত জলাঞ্জলি দি, পলাবলৈ ধৰিলে। লৰা-বুঢ়াৰ আৰ্ত্তনাদত, সতীৰ গগনভেদী চিঞৰত আকাশ বিদীৰ্ণ হবলৈ ধৰিলে। এবাৰ নহয়, দুবাৰ নহয়, সিহঁত তিনিবাৰ এই দেশলৈ আহে। কিন্তু তাৰ বিস্তাৰিত বিবৰণ দি পুথিৰ কলেৱৰ বঢ়োৱাৰ আৱশ্যক নাই, বুৰঞ্জী-পাঠকসকলে তাক ভালকৈ জানে। তৃতীয় বাৰৰ মানৰ আক্ৰমণত স্বৰ্গদেৱে খেদা খাই ব্ৰিটিছ ৰাজ্যত সোমাল গৈ। ইফালে মানহঁতে প্ৰজাৰ ওপৰত অবৰ্ণনীয়

অত্যাচাৰ কৰি দেশ ছাৰ-খাৰ কৰিবলৈ লাগিল। স্বৰ্গদেৱে লাজ আৰু অপমানত মৰণান্তিক হৈ কিছুমান বাৰে বৰণীয়া সৈন্য গোটাই লৈ মানৰ বিৰুদ্ধে চোঁচা ল'লে আৰু দুই এটা সৰু-সুৰা মান-সেনাৰ দল পৰাস্ত কৰি উজাই আহিবলৈ ধৰিলে। তাকে দেখি, দুই এজন সাহিয়াল বীৰ পুৰুষে স্বৰ্গদেৱক সাহায্য কৰিবলৈ আগ বাঢ়িল। আমি নৈৰ দাঁতিত লগ পোৱা ডেকাজনো তাৰে এজন। স্বৰ্গদেৱ উজাই অহাৰ খবৰ পাই তেওঁ কিছুমান সৈন্য গোটাই লৈ তেওঁৰ লগ লবলৈ ওলাইছে। তেওঁ সৈন্যবোৰক তেওঁৰ সহকাৰী এজনৰ লগত আগেয়ে পঠিয়াই দি ভৰলী-ঘাটত ৰ'বলৈ কৈছিল। কিন্তু নিজে বাট ভুল কবি, নিৰ্দিষ্ট ঘাটলৈ নগৈ এইটো ঘাটত ওলাইছেহি আৰু নিজৰ ভুল বুজিব নোৱাৰি, কোনোবা ঘূৰণ বাটে আহোঁতে সৈন্যবিলাকৰহে পলম হৈছে বুলি ভাবি, বাট চাই বহি আছে।

——————