সমললৈ যাওক

ফুল/দ্বাদশ অধ্যায়

ৱিকিউৎসৰ পৰা

দ্বাদশ অধ্যায়।

⸻:০:⸻

অনুসন্ধান।

 পদ্মকান্ত এতিয়া মহা বিমোৰত পৰিল। তেওঁ কি কৰিব, কি নকৰিব একো ঠিক কৰিব নোৱাৰি ভাবিবলৈ ধৰিলে। কিন্তু উভয় সঙ্কট। তেওঁ কাক বিচাৰিব? ৰম্ভাক বিচাৰিব নে শুদা দোলাৰ তত্ত্ব অনুসন্ধান কৰিব? পুবে যাব নে পশ্চিমে যাব? ৰিঙিয়াই মাতিব নে নীৰৱে বিচাৰিব? বাস্তৱতে, সৰহীয়া বিপদত পৰিলে মানুহৰ এনে দশাই হয়। বহুত বেলি ভবাৰ পাচত তেওঁ ৰম্ভাক বিচাৰিবলৈ ধৰিলে। কিন্তু ৰম্ভা এন্ধাৰেৰে সৈতে মিহলি হৈ ক'ত লয় পালে, তাক কোনে জানে? পদ্মই হাবি ভাঙি ভাঙি পিতপিতকৈ বিচাৰিবলৈ ধৰিলে। কোনো ঠাইত বগা হৈ থকা গছৰ মূঢ়া, কোনো ঠাইত কাটি পোৱা গছৰ ডালৰ শুকান পাত দেখি তেওঁ মনত ভাবে,—এয়ে ৰম্ভা; কিন্তু ওচৰ চাপি নিৰাশ হয়। এইদৰে নীৰৱে বহুত বেলি বিচাৰিও ৰম্ভাক নাপাই, তেওঁ ৰিঙিয়াবলৈ ধৰিলে। সেই ৰিঙি দূৰদূৰান্তৰ লতাকুঞ্জত প্ৰতিধ্বনিত হবলৈ ধৰিলে। তেওঁ ভাবিলে,—ৰম্ভাই মাতিছে। বেগাবেগিকৈ সেই ফাললৈ খোজ ল'লে। কিছুমান বাট গৈ কেনি মাত শুনিছিল ঠিক কৰিব নোৱাৰি আকৌ মাতিবলৈ ধৰিলে। আকৌ আন এফালে প্ৰতিধ্বনিত হ’ল; আকৌ তেওঁ সেইফালে বিচাৰিবলৈ ধৰিলে। এইদৰে, কেউফালে ৰম্ভাক বিচাৰি তেওঁ হায়ৰাণ হ'ল, কিন্তু ৰম্ভা ক'তো নোলাল। সাৱশেষত তেওঁ ভাগৰত ক্লান্ত হৈ এজোপা গছৰ তলত বহি ৰাতি পুৱালৈ অপেক্ষা কৰি ৰ'ল; নানা প্ৰকাৰ চিন্তা ভাবনাই তেওঁৰ মন উগুল-থুগুল লগাই পেলালে। পদ্মই ভাবিবলৈ ধৰিলে —“এই সংসাৰখন এটি ভাওনাৰ ঘৰ; নদ-নদী, পৰ্ব্বত-সাগৰ, বন-উপবন, দিন-ৰাতি আদি ইয়াৰ একো একো খন চিত্ৰিত পট। মানুহ-গৰু, হাতী-ঘোৰা বান্দৰ-ভালুক, কুকুৰ-মেকুৰী, কীট-পতঙ্গ আদি ভাৱৰীয়াবৃন্দই সততে এই ভাওনা ঘৰত ভাও দিব লাগিছে। এই অভিনয় অনন্তকাল চলি থাকিব, ইয়াৰ যবনিকাৰ পতন নহয়। জাল-জুৱাচুৰি, অন্যায়-অধৰ্ম্ম, কপটতা-কুটিলতা, মিছা-বেশ্যা প্ৰভৃতি লৈয়েই এই নাটকৰ প্ৰধান প্ৰধান অংশ গঠিত। ইয়াত বলীৰ নিমিত্তে সোণৰ সিংহাসন সজোৱা, দুৰ্ব্বলৰ নিমিত্তে ডুখৰি পীৰা এডোখৰো নাই। বুধিয়কে দায় লগায়, নিৰ্ব্বোধে শাস্তি ভোগ কৰে। চোৰে চুৰ কৰি ধন-ঐশ্বৰ্য্যৰ গৰাকী হৈ মহাসুখে খায়,

 বহঁতে কান্ধত জোলোঙা লৈ পদূলিয়ে পদূলিয়ে ফুৰিব লগাত পৰে। ধনীয়ে দৰিদ্ৰৰ ওপৰত অত্যাচাৰ কৰি ধনবস্তু কাঢ়ি নিয়ে। তাত সি মুখ বজাব নোৱাৰে; সেয়ে হ'লে তাৰ গুৰুতৰ শাস্তিৰ দিহা হ'ব। ইয়াত আলহীয়ে পঞ্চামৃত ভুঞ্জিবলৈ পায়, গৃহস্থ দাঁত চেলাই পৰি থাকে। প্ৰবঞ্চক, কপটী, চোৰ- ডকাইতৰ সুখ, ধাৰ্ম্মিক চিৰদুখী। সংসাৰৰ নিয়মেই এনে। পৰম ধাৰ্ম্মিক যুধিষ্ঠিৰ ৰজাই জীৱনৰ ভিতৰত এদিনলৈকো সুখ লভিব নোৱাৰিলে; চিৰদিন চকু-লো টোকোঁতেই গল। বলী ৰজাই ধৰ্ম্মৰ পৰা নিপিছলাৰ বাবেই পাতালত বন্দী হ'ল। মহাসতী সীতাদেবীয়ে জীৱনৰ ভিতৰত সুখৰ মুখ নেদেখিলে। গতিকে, এইটো ধুৰুপ যে, পৃথিবীত ধাৰ্ম্মিকৰ, সাধ্বী-সতীৰ মুখ নাই।

 “আৰু মনুষ্য জীৱন! তই অতি অসাৰ। কিয় আহ, কিয় যাৱ, কিয় দুদিনৰ নিমিত্তে টেটুত মায়া-ফাঁচ লগাই কলপ- জলপকৈ ফুৰ? সংসাৰৰ ভিতৰত ক'ৰবাত কিবা এটি ভাল বস্তু দেখিলে তই স্থিৰেৰে ৰ'ব নোৱাৰ, ততালিকে তাক লাভ কৰিলৈ যত্নৱান হৱ। আকৌ কিবা বিপদৰ আগন্তুক দেখিলে ভয়ত কোঁচ খাৱ। সুখৰ আগমন দেখিলে আনন্দত মতলীয়া হৱ, দুখত পৰা যেন দেখিলে ব্যাকুল হৈ পৰ। কিন্তু তই এবাৰো ভাবি চাৱনে সুখ কি, দুখ কি? ভাল কেনেকুৱা,? বেয়া কেনেকুৱা? তই দিনে ৰাতিয়ে মোৰ মোৰকৈ কতনাক সাবটি ধৰ, কতনাৰ মিলনত আনন্দাশ্ৰু টোক, কতনাৰ হাতত নিজক সঁপি দিয়, কিন্তু কেতিয়াবা ভুলতো তোৰ নিজৰ অস্তিত্বৰ বিষয় ভাবি চাৱ নে? এই তোৰ ইচ্ছা পূৰণৰ সুবিধা পালে আন কি, সৃষ্টিকৰ্ত্তাৰ বন্ধা নিয়মৰো বিপৰীতে চলিবলৈ পাচ হোঁহক নে? যদি তই ভূত-ভবিষ্যত একো নাভাবি,বৰ্ত্তমানৰ ক্ষন্তেকীয়া অসাৰ মায়াতেই বান্ধ খাই কাৰ্য্য় কৰ, তেন্তে আন আন পশু-পক্ষীৰ জীৱনতকৈ তই কেনেকৈ শ্ৰেষ্ঠ বোলাৱ? ধিক তই! ধিক তোৰ অহঙ্কাৰ!!  “হায়। এই অসাৰ সংসাৰত অসাৰ মনুষ্য-জীৱন ধৰি টেটুত অসাৰ মায়াডোল লগাই, অসাৰ সুখৰ আশাত ওলোম-ধোলোম হৈ কতনাই নিজ কুল-মান পৰিত্যাগ কৰিছে, কতই কত মহাপাপ আচৰিছে! কিন্তু কাৰো বুজিবৰ সাধ্য হোৱা নাই, কি মহাভুলত পৰিছে! এই মহাভুলত পৰাৰ কাৰণেই সংসাৰ বিবিধ জাতীয় ঘৃণিত প্ৰাণীৰ লীলাস্থলী হৈ উঠিছে। হায়! যদি মানুহে নিজৰ এই ভুল বুজিব পাৰিলেহেঁতেন। যদি এই ভুল বুজি সংশোধন কৰিলেহেঁতেন তেনেহলে এই পৃথিবীত কেনে শাস্তিয়ে বিৰাজ কৰিলেহেঁতেন। নিষ্ঠুৰতা, কপটা, প্ৰবঞ্চনা ঘৃণা, ভয় আদিৰ ৰঙ্গ-ভূমিত কি শোভাৰে সৈতে দয়া, ক্ষমা শান্তি, সুখ প্ৰভৃতিয়ে দেখা দিলেহেঁতেন! কিন্তু মোহান্ধ মানৱ, বুজিও নুবুজে, দেখিও নেদেখে। বাস্তৱতে, চকু থাকি খালত পৰা মানৱজাতিৰ দোষতেই হে এই সংসাৰ মৰুভূমিত পৰিণত হৈছে।

 “ফুল ফুলিছে, তাৰ গোন্ধ চৌদিশ আমোলমোল কৰিছে। সেই গোন্ধত বলিয়া হৈ কলীয়া ভোমোৰাই গুন্ গুন্ গীত গাই মৌ চুহিছে। তাত উভয়ৰে সুখ—ফুলৰো সুখ ভোমোৰাৰো সন্তোষ! ই এটা স্বাভাবিক ধৰ্ম্ম। কিন্ত এজনৰ বুকৰপৰা এটি বস্তু কাঢ়ি লৈ গৈ দুখৰ পুখুৰীত জুবুৰিয়াই পেলোৱা মানুহৰ কেনে ধৰ্ম্ম? ইয়াত অপহৃত আৰু অপহাৰকৰ বাসনাৰ গতি সম্পূৰ্ণ বিপৰীত। তেনেহলত মনুষ্য-জীৱন কোন্ গুণত শ্ৰেষ্ঠ?

 “এই সংসাৰত মই এটা কি বস্তু? অপাৰ সমুদ্ৰৰ অপাৰ জলৰাশিৰ মাজত মই এটা ক্ষুদ্ৰ কণিকা! মোৰ অস্তিত্বই বা কি! কি? মোৰ অৱস্থিতিয়েই বা কি? তেনেস্থলত মোৰ ইচ্ছা কেনেকৈ পূৰ্ণ হব? পূৰ্ণ হব জগৎ-নিয়ন্তাৰ ইচ্ছা। মোৰ কি সাধ্য যে তেওঁৰ ইচ্ছাৰ প্ৰতিকূলে বাট লওঁ! মোতকৈ লক্ষগুণে ডাঙৰ কত জীৱই সংসাৰ-চক্ৰৰ পাক-ঘূৰণিত পৰি লাল-কাল। হৈছে। তেনেহলে মোৰ এই ক্ষুদ্ৰ শক্তিৰে কেনেকৈ সংসাৰ ৰণৰ থলীত আগুৱাবলৈ সমৰ্থ হ'ম? সংসাৰৰ অধিপতি, জীৱন- নৌকাৰ গুৰিয়াল, জগৎ নিয়ন্তাৰ কৰুণাৰ নিৰ্ম্মালি এই কেশহীন মূৰত পৰিব নে?

 “বাৰু, সংসাৰ অসাৰ। কিন্তু বাসনাৰ সোঁতে প্ৰতি শিৰে শিৰে তিৰবিৰাব লাগিছে কিয়? এনে অসাৰৰ মাজত কি সাৰ দেখি মোৰ প্ৰাণ উত্ৰাৱল হৈ উঠিছে? “ধন জন পুত্ৰ ভাৰ্য্যা সবে অকাৰণ।” কিন্তু কি বাবে ৰম্ভাৰ নিমিত্তে প্ৰাণ কান্দে? কিয় প্ৰাণে ৰম্ভাক হৃদয়-আসনত বহুৱাবলৈ বিচাৰে। ৰম্ভাই নাজানে,—মই তেওঁক কেনে চকুৰে চাইছোঁ, ময়ো নাজানো ৰম্ভাৰ মনত মোৰ প্ৰতি কেনে ভাৱ! ইমানতো কিয় মোৰ হিয়াৰ মাজত ৰম্ভাৰ প্ৰতিমূৰ্তি জিলিকি উঠে? কিয় তেওঁৰ নাম হৃদয়তন্ত্ৰীত অফুট সুৰত বাজি উঠে? এতিয়া বুজিলোঁ দুৰ্ব্বল অন্তঃকৰণে সংসাৰৰ ধুমুহা সহ্য কৰিব নোৱাৰে। মোৰ প্ৰাণ অতি দুৰ্ব্বল! মই কেনেকৈ এই মহা আকৰ্ষণৰ বিপৰীতে বাট বুলিম?

 “বাৰু ৰম্ভাৰ লগত মোৰ কোনো সম্বন্ধ নাই। ৰম্ভাৰ সুখদুখ কৰ্ম্মফল বা বিধাতাৰ লিখন বুলি ক্ষান্ত থাকিলেও মোৰ একো হানি নহয়। মই ক'ব পাৰোঁ,—ৰম্ভা মোৰ কি? মই কিয় তেওঁৰ নিমিত্তে কষ্ট কৰিম। কিন্তু ৰম্ভা আন নহলেও, মোৰ লগত তেওঁৰ ভাই-ভনীৰ সম্বন্ধ আছে। কিয়নো, আমি দুয়ো একে জন পৰম পিতাৰ সন্তান। আৰু যদি মোৰ লগত তেনে সম্বন্ধও নাথাকে, তথাপি পৰৰ উপকাৰ কৰাত নো হানি কি? নিষ্কৰ্ম্মা হৈ পৰি থকাতকৈ, যিটো কামৰ পৰা নিজৰ বা পৰৰ একো অপকাৰ নহয়, তেনে এটা কামত লাগি যোৱাত দোষ কি? জ্ঞানী লোকে কৈছে,—

ধনানি জীৱিতং চৈৰ পৰাৰ্থে প্ৰাজ্ঞ উৎসৃজেৎ।
সন্নিমিত্তে বৰং ত্যাগো বিনাশে নিয়তে সতি॥

গতিকে, আজি মই মন বান্ধিলোঁ, ৰম্ভাক বিচাৰিম। যদি সোনকালে বিচাৰি উলিয়াব নোৱাৰোঁ, তেন্তে এবছৰলৈ বিচাৰিম। সিমানতো যদি মোৰ উদ্দেশ্যৰ গুটি নধৰে, তেতিয়া মূৰত কলঙ্কৰ বোজা লৈ, নিষ্কম্মা হৈ জড়ত্ব লভিবলৈ চেষ্টা কৰিম।”

 পদ্মই এইদৰে আগ-গুৰি নোহোৱা চিন্তাৰ সোঁতত ওপঙি ফুৰোতেই গগনবিহাৰী সূৰ্য্য়ই নিজৰ জুইৰ নিচিনা কিৰণ ছটিয়াই, মানুহৰ হাড়, ছাল আৰু মঙহ একেলগে গোটাই খিচিৰি পাগিবৰ মনেৰে গোটেই নিশা কামত ব্যস্ত থকা চন্দ্ৰক জিৰণি লবলৈ শোৱাপাটীলৈ পঠিয়াই দি, নিজৰ কৰ্ত্তব্যৰ মেটমৰা ভাৰখন কান্ধত তুলি ললেহি। লাহে লাহে গছৰ আগবিলাক সোণালী হৈ উঠিল। পুখুৰীৰ পানীৰ ঢৌৰ লগত তেওঁৰ ৰশ্মিয়ে নৃত্য কৰিবলৈ লাগিল। নৱ প্ৰস্ফুটিত কমলিনীয়ে আনন্দোৎফুল্ললোচনে তেওঁলৈ চাই থৰ লাগিল। পদ্মই বহাৰ পৰা উঠি আকৌ হাবিয়ে হাবিয়ে ভ্ৰমিবলৈ ধৰিলে।

⸺:0:⸺