ফুল/দশম অধ্যায়
দশম অধ্যায়।
উন্মাদিনী।
আজি পূৰ্ণিমা তিথি। অকাশৰ পূৰঠ জোনে ৰূপালী কিৰণ ছটিয়াই জগতক আলোকিত কৰিছে; চাৰিওফালে বেৰি তেওঁৰ মুখলৈ চাই তৰাবিলাকে আনন্দত নাচিব লাগিছে, দুই এটাই লাজুকী বোৱাৰীৰ দৰে মেঘৰ আঁৰত মুখ লুকুৱাইছে। যদিও জোনৰ হাঁহিত সকলো হাঁহিছে, তথাপি চকু ঘাইকৈ তেওঁৰ চেনেহৰ প্ৰণয়িণী ভেঁট পাহিৰ ওপৰত হে আছে। বিৰহিণী ভেঁট ফুলেও দিনটো আঁতৰি থকা হৃদয়ৰ মণি চন্দ্ৰক দেখা পাই, মন মুহিবৰ মনেৰে হাঁহি হাঁহি ঘনে ঘনে মন-প্ৰাণ-হৰা কটাক্ষ নিক্ষেপ কৰিছে। এনে সময়ত কনকচন্দ্ৰৰ ফুলনি বাৰীত অসংখ্য ধুনীয়া ফুলেৰে পৰিবেষ্টিত হৈ প্ৰস্ফুটিত কমলিনীৰ নিচিনা সৌখিনি কাৰ প্ৰতিমা জিলিকি আছে? কাৰ নিৰাশাব্যঞ্জক দীঘলীয়া হুমুনিয়াৰ বা লাগি ফুলবিলাকৰ মুখ মলিন হৈ পৰিছে? ওপৰত অসংখ্য নক্ষত্ৰৰ মাজত চন্দ্ৰৰ আৰু তলত এই অলেখ ক্ষুদ্ৰ ফুলৰ মাজত এই ধুনীয়া মুখৰ গৰাকিনীৰ দেহত কি অপৰূপ সৌন্দৰ্য্য়ই লীলা কৰিছে। জোনৰ দৰেই তেৱোঁ ওচৰৰ ফুলত চকু দিয়া নাই। তেওঁৰ চকুৱে কল্পনা- আৰ্চ্চীৰ মাজেদি, কোনোৱা দূৰ দেশত থকা কিবা বাঞ্ছিত বস্তুৰ সৌন্দৰ্য্য চাই তৃপ্তি লাভ কৰিছে। তেওঁ কোন? তেওঁ আমাৰ পৰিচিতা ফুল আইদেউ,— জোনৰ পোহৰত জেউতি চৰা ফুলনিত সোমাই জুৰ লৈছে। কিবা পুৰণি কথাৰ ঢৌ তেওঁৰ মাজত তোলপাৰ লগাই লাহে লাহে দীঘল হুমুনিয়াৰূপে বাহিৰ ওলাইছে , হিয়া উপচি যোৱা মনৰ আবেগ লুকুৱাই ৰাখিব নোৱাৰি, তেওঁ কৰুণ সুৰেৰে প্ৰকাশ কৰিছে,—“দুৰাশা, দুৰাশা মাথোন, একেবাৰেই দুৰাশা। নাজানি নুশুনি কাম কৰাৰ,—বাওনা হৈ চন্দ্ৰ ধৰিবলৈ হাত মেলাৰ, অৱশ্যে প্ৰতিফল পাব লাগিব। যাক একেবাৰে প্ৰাণ সঁপি দিলোঁ, যাৰ নিমিত্তে আজিও এই ভগা শৰীৰ টানি লৈ ফুৰিছোঁ, প্ৰতি মুহূৰ্ত্ততে যাৰ দেৱ-প্ৰতিমাক পূজা কৰিছোঁ, তেওঁ কি জানি মোক পাহৰিলেই! উঃ! দিন-ৰাতি একেকুৰা চিন্তাৰ জুই! একেটি চিন্তাৰ প্ৰৱল দহন। মোৰ চকুত আকাশ পৃথিবী সকলো শূন্য,—যেনি চাওঁ তেনি শুদা। হায় শান্তি। দুখীয়াৰ নিমিত্তে পৃথিবীত শান্তি নাই। চাৰিওফালে অশান্তিৰ ৰাজত্ব! পূৰ্ণিমাৰ জোনৰ সুধাময় কিৰণ, ফুলৰ মনমোহা গোন্ধ, নৈৰ কুল্কুলনি এসময়ত মোৰ মানত কেনে সুখৰ বস্তু আছিল,— কেনে তাপিত হিয়া চেঁচা কৰাৰ সৰ্ব্বোৎকৃষ্ট মহৌষধ আছিল। কিন্তু আজি সেইবোৰ দেখি শুনি, সুখ-শান্তি পোৱা দূৰত থাকোক, হৃদয়ৰ মাজত অশান্তিৰ জ্বালামুখীৰ উদ্ভৱ হৈছে। ইডালৰ পৰা সিডাললৈ জঁপিয়াই জঁপিয়াই পাতৰ মাজত লুকাই কুলিয়ে সুললিত গীত গোৱা শুনিলে, আগেয়ে মোৰ মন কেনেকৈ নাচি উঠিছিল; কিন্তু হায়! আজি সেইবোৰ মোৰ মোৰ কাণত কঠুৱা গালি যেন হে লাগিছে? গা চেঁচা পেলাই নিয়া মলয়াৰ বাত যেন কিবা বিপদৰ বাতৰি ওপঙি আহিছে। উঃ, অন্তৰৰ বলে নোৱৰা চিন্তাৰ বোজাৰ ভৰত প্ৰাণ অস্থিৰ হৈছে!”
অলপমান বেলি নিতাল মাৰি থাকি আকৌ ভাবিবলৈ ধৰিলে,—“নহয়, ই মোৰ বৰ অন্যায় হৈছে। তেওঁ মোক পাহৰা নাপাহৰাৰ লগত মোৰ মনৰ গতি সলনি হোৱা নিতান্ত অনুচিত। নই নাপাহৰিলেই হল। যদি তেওঁ ভাল পোৱাৰ আশাতেই হে মই ভাল পাওঁ, তেম্ভে সি নিস্বাৰ্থ প্ৰেম নহব। মই তেওঁৰ চৰণত এবাৰ মন-প্ৰাণ সঁপি দিলোঁয়েই। গতিকে, এতিয়া তাৰ বিপৰীতে ভবাৰ আৱশ্যক নাই। যদি তেওঁক ইষ্টদেৱতা পাতি তেওঁৰ চৰণত ভক্তি-ফুলেৰে পূজা কৰোঁ, তেনে হলেই মোৰ কৰ্ত্তব্য সাধন কৰা হ'ব। নিষ্কাম ভকতি আৰু নিস্বাৰ্থ প্ৰেমেই জগতৰ নিভাঁজ পদাৰ্থ। গতিকে, দান কৰি প্ৰতিদান বিচৰা মোৰ কোনোমতেই উচিত নহয়।"
এনেতে এজনী মলিন কাপোৰ-কানি পিন্ধা তিৰুতা আহি ফুলনিত সোমাল। তেওঁ চিঞৰি আহিছে — “সংসাৰ সমূলি অসাৰ। ইয়াত ধৰ্ম্ম নাই, ধাৰ্ম্মিকৰ সুখ নাই; ৰজাৰ অট্টালিকা, ধনীৰ ধনৰ ভঁৰাল তেনেই মিছা,—মৰিশালি—গোটেই সংসাৰ মৰিশালি। ইয়াত অধৰ্ম্মৰ ৰাজত্ব, পাপীৰ সুখ আৰু পাপকাৰ্য্য় সকলোৰে আদৰণীয়। যি চোৰ, লোকৰ বয়-বস্তু কাঢ়ি-ঢুঁহি নিয়াটোৱেই যাৰ কাম, যি মাকৰ বুকৰপৰা সন্তান কাঢ়ি নিব পাৰে, যাৰ হিয়া লোহাৰ নিচিনা কঠিন, তাৰ সুখ। যি কাৰো কুটা এগছো কাহানিও তুলি নলয়, যি পৰা পক্ষত পৰৰ উপকাৰ কৰিবলৈ পাচ নোহোঁহঁকে তাৰ সুখ নাই, তাৰ পদে পদে বিপদ, পদে পদে শত্ৰু। সেই হে মানুহে ঈশ্বৰক কণা বোলে। বাস্তৱতে বিধতা কণা।—”
ফুলে একেৰাহে এই অদ্ভুত ধৰণৰ তিৰুতাজনীলৈ চাই থাকি সুধিলেঃ—“আপুনি কোন? কিয় সংসাৰৰ আৰু ইয়াৰ স্ৰজোঁতাৰ ওপৰত ইমান খং। কোনোবা শত্ৰুৱে আপোনাৰ কিবা চেনেহৰ বস্তু কাঢ়ি নিলে নে কি? আপুনি ঈশ্বৰৰ ওপৰত দোষ নিদিব, ঈশ্বৰ নিৰপেক্ষ। তেওঁ সকলোৰে পাপ-পুণ্য দেখি আছে। কাপোৰৰ মাজৰ জুইৰ ফিৰিঙতি লাহে লাহে জ্বলি উঠা দি, পাপীৰ অন্তৰো সময়ত পাপ জুয়ে পুৰি ছাই কৰিব। যদি আপোনাৰ কিবা বিপদ —।”
তিৰুতা।—কিবা বিপদ!—মোৰ যি বিপদ, যি কষ্ট, যেনে বেজাৰ, তাক কোনোবাই ভুগিবলৈ পাইছে নে নাই, সন্দেহ। পাপাত্মহঁতে মোৰ হৃদয়-সৰ্ব্বস্ব, চকুৰ মণিটি কাঢ়ি নিলে; সেই কাৰণে, আজি মই কণা! আইদেউ! পলম নকৰিবা, তুমি সোনকালে পলোৱাঁ। নহলে যদি তোমাৰ কোনোবা আছে তেন্তে তেৱোঁ মোৰ নিচিনা হ’ব। পলম নকৰিবা আইদেউ। এক্ষন্তেকৰ পলম কৰিলেই বিপদত পৰিবা। এতিয়াও পলাবৰ সময় আছে। মোৰ কথা পাগলীৰ কথা বুলি দলিয়াই নেপেলাবা। সঁচাকৈয়ে মই উন্মাদিনী; কিন্তু এতিয়া যি কেষাৰ কথা ক'লো, সি বলিয়াৰ প্ৰলাপ নহয়; মই জানিশুনিহে কৈছোঁ। আইদেউ! মোৰ কথা শুনা। এতিলো ন’ৰৈ এতিয়াই ইয়াৰ পৰা আঁতৰ হোৱাঁ। নহলে পাচে অনুতাপ কৰিব লাগিব।
ফুল।—আপুনি কি অশুভ বাতৰি পাইছে, কওকচোন।
“সোনকালে আঁতৰ হোৱাঁ, নহলে বিপদত পৰিবা” বুলি কৈ উন্মাদিনী তৎক্ষণাত উৰি যোৱা চৰাইৰ দৰে কেনিবা গুচি গ'ল।
ফুলে সেইবোৰ কথাৰ একো মোৰ ধৰিব নোৱাৰিলে; ক’ৰবাৰ পাগলীয়ে কিবা বলকি গুচি গ'ল বুলি ভাবি মনে মনে থাকিল। এনেতে মানুহজনী আকৌ ঘূৰি আহি ক'বলৈ ধৰিলেঃ—“আইদেউ! তুমি এতিয়াও যোৱা নাই? মোৰ কথা অবিশ্বাস কৰিছা? মই সঁচাকৈয়ে কৈছোঁ, তোমাৰ বিপদ অতি ওচৰত। সৌৱা নৈ লৈ চোৱাঁচোন।”
বাস্তৱতে, নৈৰ শতসহস্ৰ ঢৌৰ বাধাবিঘিনি অতিক্ৰম কৰি এখন নাও ফুলে পানী অনা ঘাটতে লাগিলহি। দেখিয়েই পাগলীৰ কথা সঁচা বুলি ফুলে ঘৰৰ ফাললৈ লৰ মাৰিলে। কিন্তু হায়! কেউফলে বিপদ! তেওঁ চাৰি খোজমান যাওঁতেই এটা মানুহ গছৰ পৰা জাপ মাৰি পৰি আগ ভেটি ধৰিলে। “নৰাধম, সাৱধান। তই সতীৰ দেহ স্পৰ্শ নকৰিবি।” এই বুলিয়েই পাগলীয়ে কাপোৰৰ তলত লুকুৱাই থোৱা কটাৰী এখন উলিয়াই ফুলৰ আক্ৰমণকাৰীটোৰ বুকত বহুৱাই দিলে আৰু নিমিষৰ ভিতৰতে অদৃশ্য হ’ল। ফুলে বিচুৰ্ত্তি হৈ আকৌ লৰ মাৰিব খোজোঁতেই আৰু এটা মানুহ গছৰ পৰা জাঁপ মাৰি পৰি তেওঁক গবা মাৰি ধৰিলে। পাঠক সকলক বোধ কৰোঁ নকলেও হব যে এই দুটা মানুহ আমাৰ চিনাকি মদন আৰু মেহেঙা। মদন গোপালৰ ঘৰৰ পৰা অহাৰ পাচত সিহঁত দুয়ো ফুলৰ উদ্দেশ্যে যাত্ৰা কৰে আৰু দুজনক নাও লৈ আহিবলৈ কয়। তাৰ পাচত সিহঁত আহি কনকৰ ফুলনিত সোমাই গছৰ-ডালত বহি নাওলৈ অপেক্ষা কৰি থাকে। নৈৰ ঘাটত দেখা খন সিহঁতৰেই নাও। নাও অহাৰ পাচত ফুলক ধৰিবলৈ গৈ পাগলীৰ হাতত প্ৰাণ শোধোৱাটোৱেই মেহেঙা।
মদনে ধৰাৰ পাচত ফুল দুবাৰমান চিঞৰি অচেতন হৈ পৰিল। মদনে তেওঁক বোকোচাকৈ লৈ আহি নাৱত তুলি দি লৰালৰিকৈ নাও মেলি দিলে। কাঁৰ যোৱা দি নাও ভটীয়াই যাবলৈ ধৰিলে।
⸺:০:⸺