সমললৈ যাওক

ফুল/ত্ৰয়োবিংশ অধ্যায়

ৱিকিউৎসৰ পৰা

ত্ৰয়োবিংশ অধ্যায়।

⸻:০:⸻

সামৰণি।

 ওপৰত কোৱা ঘটনাৰ পৰা প্ৰায় ছমাহমান অতীত হৈছে। দেবেন্দ্ৰৰ লগত ফুলৰ আৰু পদ্মৰ লগত ৰম্ভাৰ মহা সমাৰোহেৰে বিয়া হৈ যোৱাও আজি চাৰি মাহ হ'ল। তেওঁলোক নতুন ৰসত নতুন আনন্দত, নতুন প্ৰণয়ত তল গৈ হিয়াৰ আবেগ সাল সলনি কৰি, স্বৰ্গীয় সুখ মন্দাকিনীত বুৰ দিছে। দুখ- যন্ত্ৰণাৰ পাচত পোৱা এই সুখ-শান্তি তেওঁলোকৰ মনত সঁচাকৈয়ে অতি মধুৰ লাগিছে। পাঠক! আমি তেওঁলোকৰ সুখ-শান্তি, হাব-ভাব, মৰম-চেনেহ আৰু প্ৰেমালাপৰ বিষয়ে বৰ্ণনা দি, আপোনাৰ লুভীয়া মনত চাব বহুৱাব নোখোজোঁ। সেই বাবে দোষ হলে বৰং ক্ষমা প্ৰাৰ্থনা কৰোঁ।

 ফুলক বিয়া দিয়াৰ পাচত কনক তীৰ্থ কৰিবলৈ গ'ল। পদ্ম- কান্তই নিজা ঘৰলৈ নগৈ কনকৰ ঘৰতে থাকিবলৈ ল'লে আৰু কনকৰ মাটি-বাৰীৰ উৎপন্নেৰেই জীবিকা নিৰ্ব্বাহ কৰিবলৈ ধৰিলে।

 চন্দ্ৰকান্তসিংহ স্বৰ্গদেৱে ভটীয়াই যোৱাৰ পাচত মনে মনে মানৰ হাতত আত্মসমৰ্পণ কৰিবলৈ ঠিক কৰিলে। তেওঁ ভাবিলে যে মানহঁতে তেওঁক ৰাজ্য দিবলৈ মাতিছিলেই, তেওঁ নিজে হে ন’গল। গতিকে, এতিয়াও সিহঁতে তেওঁক ক্ষমা কৰিব পাৰে। এই বুলি ভাবি তেওঁ উজাই গ'ল, কিন্তু তেওঁৰ আশা নিষ্ফল হল। মানহঁতে তেওঁক ৰাজ্য নিদি, ৰংপুৰত বন্দী কৰি থ'লে। তাৰ পাচত সিহঁতে কেউফালে অত্যাচাৰ কৰিবলৈ লাগিল আৰু লাহে লাহে ব্ৰিটিছৰ গাতো হাত দিবলৈ ধৰিলে। ব্ৰিটিছ সিংহ গৰ্জ্জি উঠিল। গৱৰ্ণৰ জেনেৰেল লৰ্ড আমহাৰ্ষ্ট চাহাবে মানৰ লগত যুদ্ধ কৰিবলৈ শ্ৰীহট্ট আৰু গোৱালপাৰা দুয়ো ফালৰ পৰা সৈন্য পঠিয়াই দিলে। দুয়োদল সৈন্যই মানহঁতক চেপি আনিলে আৰু কেপ্তেইন্‌ ৰিচাৰ্ড্‌চ্‌, চাহাবে সিহঁতক কেবাখনো ৰণত পৰাস্ত কৰিলে। তাৰ পাচত সিহঁতৰ ইচ্ছামতে, কিছুমানক দেশলৈ যাবলৈ আৰু কিছুমানক কোনো অত্যাচাৰ নকৰাকৈ ইয়াতে থাকিবলৈ দিলে। স্বৰ্গদেউ ভটীয়াই আহি গুৱাহাটীত থকিল।

 সিফালে, ইংৰাজৰ সৈন্যই ব্ৰহ্মদেশ আক্ৰমণ কৰিলে আৰু মান-সেনাক খেদি নগুৰ-নাগতি কৰিবলৈ ধৰিলে। মান ৰজাই নিৰুপায় হৈ ইংৰাজৰ লগত সন্ধি কৰিলে। সেই সন্ধি উপলক্ষে অসমদেশ মানৰ হাতৰ পৰা ইংৰাজৰ হাতলৈ গ'ল। লগেভাগে মানৰ অত্যাচাৰো আঁতৰিল। ব্ৰিটিছৰ শাসনৰ তলত,— দেবীতুল্যা মহাৰাণীৰ শাসনৰ তলত, অসমীয়াই নিৰ্ব্বিঘ্নে শান্তি লাভ কৰিবলৈ ধৰিলে। উন্মাদিনীৰ কথা কাৰ্য্যত পৰিণত হ'ল।

 পাঠক। আপুনি এই সুখময় ব্ৰিটিছ ৰাজত্বত নিৰ্ব্বিঘ্নে জিৰণি লওক, আমিও এই সুযোগতে বিদায় লওঁ।

—অন্ত—