সমললৈ যাওক

ফুল/তৃতীয় অধ্যায়

ৱিকিউৎসৰ পৰা

তৃতীয় অধ্যায়।

⸻:•:⸻

ডেকা-গাভৰু।

 গাভৰু অদৃশ্য হ’লত ডেকাই প্ৰথমতে একো স্থিৰ কৰিব নোৱাৰিলে। সঁচাকৈয়ে গাভৰু দেবী নে মানবী। যদি দেবী, তেনেহ'লে তেওঁক দেখিয়েই অন্তৰ্দ্ধান হ'ল; যদিহে মানবী, তেনেহলে নিশ্চয় পানীত পৰিল। যদিও একে সময়তে তেওঁৰ মনত এই দুই বিৰুদ্ধ ভাবনাই ঠাই পাইছিল, তথাপি তেওঁ তাকে ভাবি সময় নষ্ট কৰা নাছিল! ভাবনাৰ লগে লগেই তেওঁ গৈ পানীৰ কাষ পালে। হঠাৎ তেওঁৰ চকুত পৰিল— পানীৰ মাজত একোছা চুলি আৰু এটি সুগোল বাহু। তেওঁ আৰু অলপো অপেক্ষা নকৰিলে; সহজে সোলোকাব পৰা সাজ- পাৰ খিনি একে আজোৰেই সোলোকাই থৈ জাঁপ মাৰি পানীত পৰিল।

  নৈৰ পানী পাৰৰ ওচৰত ইমান কম আছিল যে অলপ নামি নগলে কলহ-টেকেলি ভৰাব নোৱাৰি। সেই বুলি বেছি মাজলৈ নামি গলে ঘুলিত সোমোৱাৰ ভয়ো আছে। ঘুলিটো পাৰৰপৰা দুই নল মান আঁতৰত, আৰু বৰ দ; দাঁতিটো এনে আওগৰীয়া আৰু পিছল যে এবাৰ তাত ভৰি দিলে একেবাৰেই তলি নেদেখাকৈ উলটি অহা অসম্ভব। গাভৰুৰো আজি সেয়ে হ’ল। আন সময়ত তেওঁ এই ঘুলিলৈ লক্ষ্য ৰাখি পানীত নামে; আজি কিন্তু সেই অপৰিচিত ডেকাক দেখি কিবা ভাবনাত মগ্ন হৈ সেই কথা পাহৰি গ'ল। অজ্ঞাতসাৰে ঘুলিৰ দাঁতিত ভৰি দিলে আৰু মুহূৰ্ত্ততে ঠাউনি নোপোৱা পানীত পৰি ককবক কৰিবলৈ ধৰিলে।

 অলপ সময়ৰ ভিতৰতে গাভৰুক লৈ ডেকাজন পাৰলৈ উঠিল। পানীত পৰাৰ পৰা গাভৰুৰ আন অপকাৰ বিশেষ একো হোৱা নাছিল, মাথোন হঠাৎ ভয় পোৱাৰ বাবে মূৰ্চ্ছা গৈছিল। অলপ পিচতে তেওঁৰ সম্পূৰ্ণৰূপে সংজ্ঞা আহিল; পানীত পৰোঁতে গাভৰুৰ সাজপাৰ বিশৃঙ্খল হৈ পৰিছিল। ৰিহাৰ আচল খহি গৈছিল, চুলিবিলাক সিচ্‌ৰতি হৈ পৰিছিল। এতিয়া এজন অচিনাকি মানুহৰ আগত তেওঁ নিজৰ অৱস্থাটো দেখি লাজতে ৰঙা পৰিল; লৰালৰিকৈ কাপোৰ-কানিখিনি ভালকৈ ল'লে। ডেকাজনে তেতিয়া কিবাকিবি কেইবাটাও প্ৰশ্ন সুধিলে, কিন্তু গাভৰুৰ মুখৰ পৰা কোনো কথা নোলাল। ডেকাই তেওঁক কেনে অৱস্থাত সাবটি ধৰি পাৰলৈ তুলিছিল, সেই কথা ভাবি তেওঁ লাজতে মূৰ দাঙিব নোৱৰা হ'ল; এবাৰ কি দুবাৰ যদিও চেষ্টা কৰিছিল, তথাপি ডেকাৰ চকুত চকু পৰা মাত্ৰকে আকৌ তলমূৰ কৰিলে। ডেকাই আন প্ৰশ্নৰ উত্তৰ নাপাই শেহত সুধিলেঃ–“তুমি জানো অকলৈ ঘৰলৈ যাব পাৰিবা?”  গাভৰুৱে মুৰ দুপিয়াই ক'লে –“ওঁ।”

 ডেকা।— ঘৰ কিমান দূৰৈত?

গাভৰুৱে ওচৰৰ বাৰীখন আঙুলীয়াই দেখুৱালে।

 ডেকা।—বেলি পৰিবৰ হল; তুমি তেন্তে এতিয়া লাহে লাহে যোঁৱা।

 গাভৰু যাবলৈ ওলাল; এবাৰ শৰীৰ আৰু মনৰ সকলো- খিনি শক্তি প্ৰয়োগ কৰি মূৰটো দাঙিলে আৰু যুবকৰ প্ৰতি দৃষ্টিপাত কৰিলে। ইমান বেলি যুবকে যিবোৰ প্ৰশ্ন কৰিছিল, তাৰ সকলো উত্তৰ যেন এই দৃষ্টিত মিহলি হৈ আছিল। কিন্তু সেই দৃষ্টি দীঘলীয়া নহয়, পিচ মুহুৰ্ত্ততে আকৌ মূৰ দোঁ খাই আহিল। ডেকাই কলে—“যোৱাঁ, ঈশ্বৰে তোমাৰ মঙ্গল কৰক।”

 গাভৰুৱে এই বাৰ প্ৰথম কথা ক'লেঃ—“আপুনি মোৰ প্ৰাণ ৰক্ষা কৰিছে, মই আজীৱন আপোনাৰ ওচৰত ধৰুৱা হৈ থাকিম।”

 ডেকা।—মই মাথোন মোৰ কৰ্ত্তব্য কৰিছোঁ। তোমাৰ প্ৰাণ ৰক্ষা কৰাত মোৰ কোনো হাত নাই, সি ঈশ্বৰৰ কৰুণা মাথোন।

  গাভৰু।—তথাপি আপুনি ঈশ্বৰৰ হাতৰ অস্ত্ৰ স্বৰূপে কাম কৰিছে।

 ডেকা।—গতিকে, প্ৰশংসাৰ ভাগো ঈশ্বৰে পাব। অস্ত্ৰই শলাগ পাব নোৱাৰে।  গাভৰুৱে কিবা এটা ক'ব খুজিছিল, এনেতে ফুলনিত এটা শব্দ উঠিল গাভৰুৱে দেখিলে যে তেওঁলোকৰ বুঢ়া লগুৱাটোৱে কিবা ডাল এটা কাটিছে। “এজন ডেকাৰ লগত এইদৰে কথা পাতি থকা দেখিলে তেওঁ কি বুলিব” ইয়াকে ভাবি তেওঁ যুবকৰ ওচৰত কৰযোৰে বিদায় লৈ যাবলৈ ওলাল আৰু সতৃষ্ণ দৃষ্টিৰে এবাৰ যুবকলৈ চাই ক'লে,-“আপুনি অকলশৰীয়া, সন্ধিয়াও লাগি আহিল; যদি অলপ কষ্ট কৰি, দুখীয়াৰ ভগা বহাত ৰাতিটোৰ—”

 হঠাৎ কিবা এটা ভাবে তেওঁৰ কথাৰ মাজত বাধা জন্মালে। কিন্তু ডেকাই বুজিবলৈ একো বাকী নাথাকিল। লাহেকৈ ক'লে,–-“বাৰু, ভাবি-চিন্তি চাই যি হয় কৰিম।”

 এনেতে লগুৱাটোও তাতে ওলালহি। গাভৰুলৈ চাই কলেঃ—“আইদেউ! এই সন্ধিয়া পৰত তুমি ইয়াত কি কৰিছা?”

 গাভৰু লাজত ৰঙা পৰি লাহে লাহে সকলো কথা ক'লে।

 লগুৱাটোৱে তেতিয়া ডেকাজনলৈ চাই সুধিলে,—“আপুনি ক'ৰ পৰা আহিছে?”

 ডেকা।— মই বহুত দূৰৰপৰা আহিছোঁ।

 লগুৱা।—পাচে, ইয়াতে দেখোন আন্ধাৰ হ’লহি ৰাতিটো নো ক’ত থাকিব খুজিছে?

 ডেকা।—য'তে সুবিধা হয়।

 লগুৱা।—তেনেহলে আমাৰ ঘৰলৈকে আহক।  ডেকা।-সম্প্ৰতিকে মই কলৈকো যাব নোৱাৰোঁ, মোৰ কেইজনমান লগৰীয়া আছে, তেওঁলোক এতিয়াও আহি পোৱা নাই।

 লগুৱা—যদি তেওঁলোক আজি নাহে।

 ডেকা।—তেতিয়া যি হয়, এটা কৰা যাব।

 লগুৱা।— বাৰু, আপোনাৰ যি ইচ্ছা তাকে কৰক। আমি এতিয়া আহিলোঁহে। কিন্তু এটা কথা। আপুনি যেনে তেনে দুখীয়াৰ বহাত যেন এবাৰ ভৰিৰ ধূলা পেলাই আনন্দ দিয়ে।

 তাৰ পাচত, আগে আগে লগুৱাটো আৰু পাচত গাভৰু ঘৰমুৱা হৈ যাবলৈ ধৰিলে। যাবৰ সময়ত গাভৰুৱে ডেকাৰ ফাললৈ কেৰাহিকৈ চাই যাবলৈ ধৰিলে। ই কিহৰ চাৱনি! কৃতজ্ঞতা প্ৰকাশৰ দৃষ্টি নে? নিশ্চয় নহয়। এই দৃষ্টিত হৃদয়ৰ অন্ত স্থলৰ কিবা এটি গুপুত বাসনাৰ ৰহণ জিলিকি পৰিছে।

 ডেকায়ো চকুৰে দেখালৈকে একেথৰে গাভৰুলৈ চাই থাকি, অদৃশ্য হলত, আকৌ আগৰ শিলটোতে বহি কিবাকিবি ভাবিবলৈ ধৰিলে। তেওঁৰ দৃষ্টিতো যেন কিবা এটি বাসনাৰ ছাঁ পৰিছিল।

————