সমললৈ যাওক

পৰীক্ষা

ৱিকিউৎসৰ পৰা
 

পৰীক্ষা।

 

শ্ৰীরূপচন্দ্ৰ ভাগৱতীৰ দ্বাৰা

 

ৰচিত ।

 

 

প্ৰকাশক,

 

শ্ৰীজ্যোতিশ্চন্দ্ৰ দাস ।

 

⸻⸻

 

পুহ, ১৯১৫ চন ।

 

 

মূল্য ।• চাৰি অনা মাত্ৰ ।

 

কলিকতা,
৫১|২ নং চুকিয়া ষ্ট্ৰীট, মণিকা যন্ত্ৰত
শ্ৰীহেমচন্দ্ৰ দে দ্বাৰা মুদ্ৰিত।


 

পাতনি।

 এই সৰু পুথিখন লেখিবৰ বহুদিন হল। আৰু যেতিয়া লেখা হয়, তেতিয়া সংশোধন বা উৎসাহৰ অৰ্থে ইয়াক গণ্য মান্য দুজন মানৰ হাতত দিয়া হয়; কিন্তু ই কাৰৰ পৰা অলপো উৎসাহ বা ঔৎকৰ্ষ পোৱা নাই।

 পুথি ভাল-বেয়া বা ছপাকৰাৰ উপযুক্ত-অনুপযুক্ত তাক আমি বিচাৰ কৰিব নোৱাৰোঁ; নিজৰ কাজ নিজৰ চকুত ভাল লাগে; নিজৰ ল'ৰাটিৰ কুৰূপপ আনল’ৰাৰ সৌন্দৰ্য্যত কৈ বেছি মধুৰ। আমিও যে সেই মোহত মুগ্ধ হোৱা নাই। তাক ডাঠি কব নোৱাৰে। তেন্তে, দোষ-গুণ, ভাল-বেয়া সকলো গ্ৰন্থকাৰৰ; ইয়াক আন কোনোৱে অলপো ভাল বা বেয়া কৰিব পৰা নাই। গ্ৰন্থকাৰৰ বিশেষ বন্ধু দুইজন মানত বাদে ইয়াক কোনোৱে ভাল বোলা নাই বা প্ৰকাশক যুক্তিসঙ্গত বুলি কোৱা নাই। এওঁলোকৰ কথামতেই ইয়াক ছপা কৰা হ'ল। তেওঁলোকেয়ো যে বন্ধুৰ খাটিৰত হে ভাল বুলিছে, বা ছপা কৰিব খোত বাধা দিয়া নাই- ইও অসম্ভব নহয়। যি হক, সাধাৰণে যেনে বুজে ইয়াক তেনেকই বিচাৰ কৰিব, গ্ৰন্থকাৰ তাত উদাসীন। ইতি। ২০ পুহ, ১৩১৫ চন।

গ্ৰন্থকাৰ।

ভুল-সংশোধন ।

 ২ পৃষ্ঠাৰ ১২ শাৰীত, “আনন্দ-বিজুলী-যোগে” ইয়াৰ পাচত থকা “সেমিকোলন” (;) টি উঠি যাব।

 ১৮ পৃষ্ঠাৰ ৭ শাৰীত, “জীৱলৰ” ঠাইত “জীৱৱল” হ’ব।

পোৱাৰ ঠাই—

শ্ৰীগৌৰীকান্ত তালুকদাৰ,
৫৮ নং মেছুয়াবাজাৰ ষ্ট্ৰীট, কলিকাতা।

শ্ৰীচিত্ৰমল্ল বৰুৱা,
কটন হিন্দু হোষ্টেল, গুৱাহাটী।

অমৃত-এজেঞ্চি,
  নলবাড়ী।

কবিৰাজ
শ্ৰীতাৰানাথ চক্ৰবৰ্ত্তী কাব্যবিনোদ,
আয়ুৰ্ব্বেদীয় ঔষধালয়, তেজপুৰ।

 

মোৰ
পিতৃ আৰু মাতৃ দেৱতাৰ
শ্ৰীশ্ৰীচৰণকমলত
উৎসৰ্গিত।
গ্ৰন্থকাৰ।

 

পৰীক্ষা।

প্ৰথম দৃশ্য।

 মদন আৰু বসন্তৰ প্ৰবেশ।
মদন৷ —   ই বৰ অসহ্য সখি।
বসন্ত। —  নকবা। নকবা।
 গলিত-পলিত-কেশ বৃদ্ধৰ ই গৰ্ব্ব
 কোনেবা সহিব? তাতে, সখি! সংসাৰৰ
 অনন্ত যৌৱন, বিশ্বে অনন্ত আনন্দ,
 তাৰো আগে এনে অহঙ্কাৰ। নিশ্চয়
 নোৱাৰি সখি! নোৱাৰি সহিব।
মদন। —   বন্ধু হে।
 মোৰ এই পঞ্চশৰ কুসুম নিৰ্ম্মাণ
 একে নিমিষতে ব্যস্ত কৰে বিশ্বৰাজ্য।
 তাকো অৱহেলে বৃদ্ধে উপেক্ষিলে।
 চোৱা, বন্ধু। তোমাৰ অসীম শোভা,
 মোৰ ফুলবাণ— ভাঙ্গে যিহে অনায়াসে

হৰৰ কঠোৰ যোগ—তাৰ এনে অপমান।
এই কুল-ধনু লই, জুড়ি ফুল-বাণ,
আকৰ্ণ বিস্তাৰি কৰে যেতিয়া সন্ধান,
তিষ্ঠে তাৰ আগে কোন হেন ভূতলত?
সেই কুসুমৰ ধনু, কুসুমৰ বাণে,
সুকুমাৰ কুসুম সন্ধানে, যুৱতীৰ
মনোমোহা সাজে চাৰু সজায় বৃদ্ধাক,
বৃদ্ধ সাজে আনন্দতে যুৱকৰ প্ৰায়;
অতুল আনন্দে আনন্দৰ অজ্ঞানতা
কৰি আলিঙ্গন, অজ্ঞান আনন্দে মজে;
কঁপে হিয়া দুৰু দুৰু; ইন্দ্ৰিয় অবশ।
অনন্দ-বিজুলী-যোগে; কি যে এক ভাৱে,
কি যে এক স্পৰ্শে, সৰাজ অচল কৰে
জ্ঞান কৰ্ম্মেন্দ্ৰিয়ে। অজ্ঞাত অবৰ্ণ এক
স্বৰ্গৰ ৰাজ্যত, অজ্ঞাত অবৰ্ণ্য এক
ভাৱমোহে কৰে আবৰণ। তাতে, সখি!
অতুল সম্পদ তব, অনন্ত যৌৱন-
প্ৰফুল্ল কুসুম শোভা, পিককুহুতান,
ভ্ৰমৰ গুঞ্জন, মলয়াৰ আলিঙ্গনে
সুমধুৰ মৃদুমন্দ লতিকা-নৰ্ত্তন

 স্বৰ্গৰ অপাৰ সুখ ভৰে সন্মুখত—
 পাৰিজাত-পৰিমল, শীতল সমীৰ,
 নন্দন-কানন-শোভা, গীত অপ্সৰীৰ,
 মন্দাকিনী-কুলুধ্বনি, স্বৰ্গীয় কিৰণ—
 স্বৰ্গৰ সম্পদে সাজি নৈবেদ্য যেতিয়া
 নিবেদা যতনে, সখি! কোনে উপেক্ষিব
 তাক? কাৰ সেই যম, কাৰ সেই ধৃতি?
 কিন্তু, সখি। বৃদ্ধ এই জীৰ্ণ দেহ, শীৰ্ণ কেশ,
 অস্থিমাত্ৰ লই, তাকো কৰিছে অবজ্ঞা!
 বসন্ত-মদন সংসাৰৰ সুখ-সাৰ,
 সংসাৰৰ শোভা, সংসাৰৰ অতুল বিভব;
 তাৰ প্ৰতি সংসাৰৰে সামান্য জ্ঞানৰ
 এনে কটু অপমান, এনেহে অবজ্ঞা।
 অসহ্য, অসহ্য, সখি! অসহ্য নিশ্চয়।
বসন্ত। —  কিবা, সখি! বানৰৰ মণিময় হাৰ—
 মণিদলে অৱহেলে ই নিৰ্ব্বোধ কোন,
 যিবা জানে মহামূল্য মণিৰ মহিমা?
 কিন্তু অজ্ঞান বানৰ,
 সি কিবা বুজিব, সখি! মণিৰ আদৰ?
মদন৷ —   সঁচা কথা। কিন্তু অতুল সম্পদশালী

 গৰাকীয়ে যদি, আদৰে পিন্ধায় হাৰ
 নিৰবোধ আদৰৰ বানৰৰ গলে;
 নুবুজি হাৰৰ মূল, বানৰে যদিবা,
 নিজৰ অজ্ঞতা-দোষে, অজ্ঞান হাতেৰে,
 চিগিভাগি হাৰাৱলী কৰে চুৰমাৰ;
 থাকে কিবা হাৰ হাৰৰ নিচিনা?
 হাৰত্ব-বঞ্চিত-অংশে লোটায় ধৰণী,
 কাদে অপমান অভিমান অসম্মানে।
 অজ্ঞানতাকৃত, সখি! দুস্কৃতিৰ ফল
 নাযায় খণ্ডন। যি দুস্কৃতি সেয়ে পাপ।
 অজ্ঞানতাকৃত বুলি নাপায় নিষ্কৃতি।
বসন্ত।—   থিক কথা! কিন্তু এই—এই—আহে বৃদ্ধ!
নদন।—   আহে বৃদ্ধ! থিক কথা!
 নাজানো কিয়বা ইমান হিংসাৰ ভাৱ,
 ইমান অৱজ্ঞা, পাচতেহে ভৰি পৰে;
 আগত কিয়বা আমি নোৱাৰোঁ মাতিব!
 আগত দেখিলে যেন কঁপি উঠে হিয়া,
 অজানা কি এটি ভয়ে, মোহে গ্ৰাস কৰে।
 (জ্ঞানৰ প্ৰবেশ)।
মদন আৰু বসন্ত।—   প্ৰণাম কৰিছোঁ দেৱ!

জ্ঞান।—

 শুভ তোমাসাৰ।
তোমা দুই সখি সততে বিহৰা সঙ্গে।
সংসাৰৰ ৰঙ্গালয়ে কৰা নব নব
মোহময় অভিনয়, নব নব দিনে।
উভয় সখিৰ পাই আনন্দ উৎসাহ,
উভয় সখিৰ দেখি কমনীয় কাম,
মোহে মোহনীয় নৰ থাকে মুগ্ধ হই—
অসাৰ সংসাৰ এই সাৰভূত বুলি
উভয়ৰ কৰ্ম্মমাজে হয় প্ৰতিভাত;
অনন্ত বিশ্বৰ সাধে অশেষ কল্যাণ।
এইদৰে পালা ভাল মহেশ-আদেশ।
কিন্তু বাছাধন!
ঈশ্বৰৰ আন আন আদেশৰ প্ৰতি
কিয়বা উপেক্ষা বৃথা এনে তোমাসাৰ?
সৃষ্টিৰ সৃজিলে কত কত সৃষ্টিকৰে
গছ-বৃক্ষ, তৰু-লতা, কীট-পতঙ্গম,
পশু-পক্ষী আদি কৰি সকলো সৃজন;
সৃষ্টিৰ উৎকৰ্ষ সাধি সৃজিলে মানবে।
মানব, বৎস! সৃষ্টিৰ উৎকৃষ্ট সৃষ্টি,
ঈশ-প্ৰিয়তম, ঈশ-প্ৰতিমা নিৰ্ম্মাণ৷

কিবা বা সৃষ্টিৰ, বৎস! উদ্দেশ্য মহান্
বুজা নাই হতজ্ঞান জ্ঞানে এতিয়াও;
নপশে বধিৰ কৰ্ণে ঈশ্বৰ-আদেশ।
কিন্তু, বৎস! দেখি প্ৰকৃতিৰ গতি, দেখি
প্ৰকৃতি-প্ৰকৃতি, মনে ভাবোঁ— প্ৰকৃতিয়ে
জগতৰ পৰমেশ-নিয়ম-নিয়ন্ত্ৰী।
প্ৰতিদিন তটিনীৰ গতি অবিৰাম,
স্থাবৰ জঙ্গম বৰ্দ্ধমান, মৃদুমন্দ
সমীৰৰ ভয়ঙ্কৰ ঝটিকা-আকৃতি,
ৰবিৰ প্ৰখৰ কৰ, গিৰি-তুঙ্গ-শৃঙ্গ,
সুশীতল শশধৰ কিৰণৰ মালা,
আকাশৰ নীলকক্ষহন্তে নক্ষত্ৰৰ
গবাক্ষে বেক্ষণ, সদা ভবায় মনক,
“নিয়ম অধীন সৃষ্টি, জীৱ নিয়ম অধীন,
নিয়ম অধীন এই বিশ্ব চৰাচৰ।”
মানবৰ দেখি ৰীতিনীতি, দেখি তাৰ
আচৰণ, প্ৰাকৃত-শিক্ষিত, মনে হয়—
উদ্দাম মানব মন উন্মত্ত কুঞ্জৰ;
তাৰ চালনাৰ হেতু মাহুত বিবেক;
জ্ঞান তাৰ চিৰচৰ, অঙ্কুশ স্বৰূপ;

 দয়া-মায়া-বিদ্যা-ধন বন্ধনৰ ৰজ্জু;
 কৰীৰ বন্ধক-চৰ দশেন্দ্ৰিয় আৰু।
 বিবেকৰ উপদেশে দশেন্দ্ৰিয়ে কৰে
 উন্মত্ত কৰীক বদ্ধ বন্ধন-ৰজ্জুৰে।
 বিবেক-চালনাহীন যেতিয়া কুঞ্জৰ,
 ৰজ্জু ধৰে বনৰূপ, বন্ধক ৰক্ষক;—
 দয়া-মায়া-বিদ্যা-ধন-কানন ভিতৰে
 লুকায় উদ্দাম মন; ৰক্ষে সাৱধানে
 তাক দশেন্দ্ৰিয়ে। সেই হেতু বাছাধন।
 মানবৰ হিতাকাঙ্ক্ষী তোমাদুয়োজনে
 হ’বা বিবেকৰ বন্ধু, জ্ঞানৰ সুহৃদ।
 তাৰ ব্যতিক্ৰমে, বৎস! কাঁদে মোৰ প্ৰাণ।
 কিয়নো বা আচৰিবা হিংসা মোৰ প্ৰতি,
 দ্ৰোহ ঈশ্বৰৰ। লোৱা, বৎস! পৰামৰ্শ,
 মানবৰ হিতে কৰা শক্তিৰ নিয়োগ।
মদন আৰু বসন্ত।— শিৰধাৰ্য্য দেৱ! সাধু উপদেশ তব।
জ্ঞান।—  কুশলে থাকিবা, বৎস! পালা ঈশ্বৰৰ
 মহৎ আদেশ; জ্ঞান-বিবেকৰ সদা
 উপযুক্ত উপকাৰী হোৱা অনুচৰ৷
 (প্ৰস্থান।)

মদন।—  নোৱাৰি সহিব, সখি! এই অহঙ্কাৰ।
 ইয়াৰ পাতন মোৰ জীৱনৰ ব্ৰত।
 ঈশ্বৰৰ নামে ভণ্ডে কৰে পাপাচাৰ,
 পাপ-অনুষ্ঠান, ভণ্ডৰ ই ৰীতি, সখি!
 নিজৰ নিজৰ পাপ, নিজৰ নিজৰ
 দোষ, নিজৰ নিজৰ দুষ্টমত, বোলে
 ঈশ্বৰৰ; লোক আগে বোলায় ভকত;
 ইৰূপ পাপৰ কুপ পুণ্যৰ আড়ত
 সিদ্ধ কৰে এই দৰে নিজ অভিলাষ।
 এই ভণ্ডামীৰ, এই মিছা গৰবৰ,
 পাতন নিশ্চয় জানা আমাৰ কৰ্ত্তব্য।
বসন্ত।—  নিশ্চয়! নিশ্চয়! শুনা শুনা তাৰ, সখি!
 গৰ্ব্বিত বচন—ভণ্ডামীৰ প্ৰবঞ্চক
 কথা। ভণ্ডৰ গৰব এনে! দেখোঁচোন
 হয় নে নহয় এই গৰ্ব্বৰ পতন।
 (প্ৰস্থান।)।

 

দ্বিতীয় দৃশ্য

অপ্সৰী সকল—মদন আৰু বসন্তৰ পূজা।
গীত৷

ৰজত-শুকিলা, শশধৰ-কৰ,
 ৰজতে ঢাকিছে ধৰা।
ফুল্ল ফুলদল, ফুল্ল জীৱবল,
 প্ৰফুল্ল যত অপ্সৰা॥
পিককুহুতানে পৰাণ কাঁদিছে,
মলয় পবনে শৰীৰ পূৰিছে,
অলিগুঞ্জৰণে মদনে হানিছে
 ফুলবাণ ফুলকৰা॥
বসন্ত-মদন, আনন্দ যৌৱন,
 আহা আহা পূজোঁ সব।
এই শুভদিনে, এই শুভক্ষণে,
 সঞ্চাৰা সৌন্দৰ্য্য নব॥


গীত।

আমি সুদিনে সুক্ষণে,
 যৌৱন-প্ৰদানে,
 আনন্দে ডুবাই ৰাখোঁ।
আমি সুজনে কুজনে,
 যৌৱন-প্ৰদানে,
 আনন্দে নিৰখি থাকোঁ।
আমি শৰতৰ ঘন,
 মলয় পবন,
 আনন্দ শৰীৰে মাখোঁ।
আমি  বসন্তৰ ফুল,
 সৌৰভে আকুল
 সততে কৰিহে থাকোঁ।
আমি  সম্মোহিনী আশা,
 প্ৰেমৰ ভৰষা,
 আকাশে প্ৰতিমা আকোঁ।
আমি  মেঘৰ বিজুলী,
 চমকতে খেলি
 সদা সুখে ডুবি থাকোঁ।
 বসন্ত মদনে
 পূজাৰ কাৰণে

 আহ্বান কৰিছোঁ আমি।
 আহা আহা, দেৱ!
 লোৱা লোৱা সেৱ
 চৰণে পৰিছোঁ নমি।
আমি সোণৰ বৰণ,
 কনক-কিৰণ,
 সদা যেন গাৱে মাখোঁ।
 সদা সুখে ডুবি থাকোঁ।
আমি  শৰতৰ ঘন,
 মলয় পবন,
 আনন্দ শৰীৰে মাখোঁ।
 সদা সুখে ডুবি থাকোঁ॥


 (মদন আৰু বসন্তৰ প্ৰবেশ।)
অপ্সৰী সকল।— দাসীসব নমে দেৱ-পদে।
মদন।— কোৱা, শুভে!
 কিয়বা অকালে আবাহন।
বসন্ত। কিবা কাম, ভদ্ৰে!
 সুন্দৰ মূৰতি, স্বৰগৰ জ্যোতি: তোমাসব;
 উপবন তোমাসাৰ নন্দন-কানন;

 ইন্দ্ৰ-চন্দ্ৰ-দেৱসবে সেৱে এই পদ।
 অই ৰাতুল চৰণ তলে ত্ৰিলোকৰ
 সকলো ঐশ্বৰ্য্যে সদা কৰে কৰ দান;
 মৰামৰে তৃপ্তিতৰে পুজে সৰ্ব্বদাই;
 কিবা বা অভাৱ, দেবি! অপ্সৰা সবাৰ?
উৰ্ব্বশী।—  সঁচা, দেৱ! ত্ৰিলোক-ঐশ্বৰ্য্য সঁচা
 আমাৰ অধীন। সদা আনন্দ-আহ্বানে
 মত্ত কৰোঁ ত্ৰিজগত আনন্দতে, সঁচা।
 কিন্তু, প্ৰভু! মনৰ ই অদ্ভুত ৰীতি—
 নিজ-ক্ষমতাক সদা কৰে অবিশ্বাস।
 যদিচ পাৰগ মন দেবেন্দ্ৰ-দমনে
 ভাবে তেও অপাৰগ মক্ষিকা-দলনে।
 নিজৰ শক্তিৰ কৰা সামৰ্থ্য়ে সন্দেহ
 এই চিৰৰীতি, দেৱ! উন্মত্ত মনৰ।
বসন্ত।—  সঁচা, দেবি! মনৰ এনেহে গতি। কিন্তু
 কিবা কামে আজি, শুভে! কৰিছা আহ্বান?
উৰ্ব্বশী।— পৃথিবী-প্ৰথিত-যশঃ কুৰুৰাজ বংশ;
 তাৰ জ্বল মণি যুধিষ্ঠিৰ নৃপমণি;
 তাহান তৃতীয় ভাই, বাসুদেৱ-সখা,
 পাৰ্থ, অস্ত্ৰশিক্ষা-আশে, আহে সুৰলোকে।

 অৰ্জ্জুন-জনক ইন্দ্ৰে পাতি দেৱসভা,
 সজায় সভাৰ ঠাই মনোমোহা সাজে,
 সঙ্গীত-নৰ্ত্তনে আজি আদৰিব পাৰ্থে
 সেই সভা মাজে। ধনঞ্জয় শুনো, দেব!
 নব-ঘন-বিনিন্দিত তনু, সুন্দৰ মূৰতি—
 শ্যাম শশধৰ-ৰূপ ত্ৰিলোকে অতুল।
 তাতে, ৰূপ জ্ঞান-গৰিমায় গৰবিত,
 উজলিত। নীৰব নিশীথে-যৱে স্তব্ধ
 সমীৰণ, স্তব্ধ বিহঙ্গম-গান,স্তব্ধ
 বিশ্ব চৰাচৰ— সেই নীৰব নিশীথে,
 সুনীল আকাশে হাঁহে পূৰ্ণিমাৰ চাঁদ;
 গম্ভীৰ অম্বৰে মিহে নীৰবে সি হাঁহি;
 হাঁহিৰ সৌন্দৰ্য্য়খিনি খঁহে সুগভীৰে;
 যামিনী সুন্দৰী পিন্ধি কৃষ্ণ পট্টবাস
 সুকোমল কৰে কৰে কোমলে কোমলে
 কোমল সৌন্দৰ্য্য় কোলে; উজলে যামিনী,
 উজলে জোনাক, মনোমোহা উজলে প্ৰকৃতি।
 যিমত সি নীৰব সৌন্দৰ্য্য়, গহীন গম্ভীৰ,
 পাৰ্থৰূপ, দেৱ! অল্প তুলে তাৰ লগে।
 সেই ধনঞ্জয়, প্ৰভু! থাকিব সভাত,

 পাৰোঁ যেন অপেশ্বৰী আমি নৃত্য-গীতে
 দানিব আনন্দ পাৰ্থে। এই বৰ মাগোঁ,
 প্ৰভু! দিয়া এই বৰ।
মেনকা।— মনসিজ, ঋতুৰাজ!
 ধনঞ্জয় ৰূপে-গুণে মহিমা-মণ্ডিত।
 কৃষ্ণ-গুণে-গুণী, ৰূপে-ৰূপী; কৃষ্ণৰ, প্ৰভু!
 ভকত পৰম। বিজ্ঞানে পৰম জ্ঞানী।
 মোহিত কৰিব পাৰ্থে পাৰোঁ যেন দেৱ।
 কনক কিৰণ আৰু অতুল সৌন্দৰ্য্য
 দিনেকত দিয়া মাখি, দিয়া দিয়া দেৱ!
 সৌন্দৰ্য্য়ৰ অবৰ্ণীয় কিৰণেৰে সেই
 কিৰণ’ক দেহ। ঋতুৰাজ! দিয়া তব।
 অনন্ত যৌৱন, অতুল বিভৱ, দিনমাত্ৰ।
মদন।— নকৰিবা চিন্তা, শুভে! বসন্তৰ সখা
 মদন অপেক্ষা জ্ঞান নোহে গুৰুতৰ।
 হৰ যোগ-ভঙ্গ, ভদ্ৰে! ভাবি চোৱা মনে,
 চোৱা আৰু পুৰুৰবা যৰ্যাতিৰ প্ৰতি;
 চোৱা ইন্দ্ৰে; চোৱা চন্দ্ৰে; মোহিনী-বেশৰ
 পাচে লৰি ফুৰা চোৱা যোগী মৃত্যুঞ্জয়ে।
 নোহে জানা ধনঞ্জয় জ্ঞানী গুৰুতৰ।

 শাস্ত্ৰৰ বচন শুনা, দেবি! ভয়াতুৰ,
 কামাতুৰ, ক্ষুধাতুৰ জনে দিয়ে জ্ঞানে
 জলাঞ্জলি। কাম-আদি প্ৰবৃত্তি নিচয়
 অসংযত অতি। জ্ঞানৰ সম্পূৰ্ণ শক্তি
 স্বল্পৰ মনত, দেবি! দেখিবা চিত্ৰিত।
 যোৱা, শুভে! নকৰিবা ভাব। অচিৰতে
 পূৰ্ণ বাঞ্চা হ’ক তোমাসাৰ।
বসন্ত।—  মোৰ বৰে, দেবি! হোৱা পৰম ৰূপসী;
 কামৰ কিৰণে হ’ক বিকচ নয়ন।
 ফুটি ফুটি বাজ হ’ক ৰূপৰ তৰঙ্গ,
 থেৱে থেৱে থেৱে নাচ’ক হাঁহ’ক।
 সেই স্ৰোত, সেই ৰূপ, সেই উৰ্ম্মি, ভদ্ৰে!
 পাৰ্থ তৃণে উটাব বুৰাব; সাগৰত
 অপাৰ মোহৰ ৰাখিব ডুবাই।
অপ্সৰী সকল।—  প্ৰণাম ৰাজীব-পদে। কৰা আশীৰ্ব্বাদ-
 হয় যেন সৌন্দৰ্য্য়ৰ লীলা-খেলা পূৰ।
 সৌন্দৰ্য্য সহিত মিলি সৌন্দৰ্য্য়ৰ স্ৰোত,
 তাহান সহিত উঠি সৌন্দৰ্য্য়-তৰঙ্গ,
 তাতে যেন ডুবি থাকে সভাসদ জন।
 (প্ৰস্থান)।

মদন।— উত্তম সুবিধা, সখি! ঈশ্বৰৰ দিয়া,
 বসন্ত-মদন-জ্ঞান-শক্তি-পৰীক্ষাৰ।
 আমাৰ শক্তিৰ কৰি প্ৰবল প্ৰয়োগ,
 দেখা যা’ক কেনে জ্ঞান অদম্য গৰ্ব্বিত।
 ক’ত জ্ঞানী ৰাজৰ্ষিক কৰিছোঁ বিজয়,
 কিমান তপস্বী জ্ঞানী, আমাৰ হাতত
 অসাৰ তপস্যা-জ্ঞানে দিছে বিসৰ্জ্জন,—
 পৰিত্যজি জ্ঞান-ধন কঠোৰ নীৰস,
 সৰস কোমল কামে কৰিছে আশ্ৰয়।
 তথাপিতো অহঙ্কাৰ! তথাপি গৰব!
 এইবাৰ কৰি জয় নিশ্চয় জ্ঞানক,
 চিৰকাল তাৰ, সখি! ধ্বংসিম গৰব।
বসন্ত।— সুনিশ্চয়, সখি! কৰোঁ আহা আয়োজন।
 (প্ৰস্থান।)

তৃতীয় দৃশ্য।
জ্ঞান আৰু অৰ্জ্জুন।

জ্ঞান।— কিবা ভয় ,বাছাধন!
অৰ্জ্জুন।—  সহায় যেতিয়া
 তুমি কাৰ প্ৰতি ভয়, প্ৰভু!
জ্ঞান।— তেনেহলে
 কিয়বা স্মৰিছা কোৱা কিবা বা কাৰণ?
অৰ্জ্জুন।— লভিব আশীষ তব লভিব সহায়।
জ্ঞান।— কিবা কামে কোৱা, বৎস! খুজিছা সহায়?
অৰ্জ্জুন।— দেব! উষাৰ মোহন হাঁহি দেখা পাই
 সজাগ যেতিয়া হওঁ, তেতিয়াৰে পৰা
 নাহে মানে নিদ্ৰাদেবী বিশ্ৰাম-সফুৰা
 সুকোমল হাতে লই,—নলয় নিজৰ
 কোমল কোলাত মানে অঙ্গ অৰ্জ্জুনৰ;
 শয়ন-আসনে মানে শ্ৰান্ত জীৱদল
 নকৰে শয়ন; পখী নেড়ে কল্ কল্,
 নীৰবে নাহাঁহে মানে চন্দ্ৰৰ কিৰণ
 নীলবাসা সুন্দৰীক কৰি আলিঙ্গন;
 অথবা নেদেখি চোৰ প্ৰিয়সমাগম

 নবহে সুন্দৰী নিশি পাতি মানে মান;-
 সেই বালাৰ্ক কিৰণে কিৰণাৰে পৰা
 সুনীল আকাশ নোহে মানে ভৰা
 ৰজতে অঙ্গাৰে কিম্বা; সুপ্ত পৃথিবীৰ
 জাগি জীব, জাগি বস্তু সুপ্ত প্ৰকৃতিৰ,
 আকউ নহয় মানে সুপ্ত ধৰাতল,
 স্বপিত প্ৰকৃতি দেবী, সুপ্ত জীৱল;
 নীৰব বিশ্ব সৰবত মাতি, সৰব
 বিশ্ব নহয় মানে আকউ নীৰব—
 যিমান কৰ্ত্তব্য আছে যত সৰু-বৰ,
 সকলো সময়ে সবে নকৰি বিচাৰ,
 বোলে মোক লব, প্ৰভু! সহায় তোমাৰ।
 কৰ্ত্তব্যে নৰৰ প্ৰাণ, কৰ্ত্তব্যে জীৱন,
 কঠোৰ কৰ্ত্তব্য-ব্ৰত জীৱন-যাপন।
 জ্ঞানৰ আলোকে যেন আলোকে সুন্দৰ,
 দৰশোঁ সুন্দৰ যেন কৰ্ত্তব্য সংসাৰ।
জ্ঞান।— সদায়েতো থাকা এই কৰ্ত্তব্য ভিতৰ।
অৰ্জ্জুন।— কৰ্ত্তব্যৰ কৰ্ত্তা-পাশে নাই সৰু-বৰ;
 তথাপি অবোধ মনে নামানে প্ৰবোধ,
 প্ৰবোধোঁ যিমানে মন তিমানে অবোধ।

 ভয়-চিন্তা পৰিহৰি বনৰ মাজত
 নিৰভয়ে ফুৰোঁ, ভয় থাকিলে মনত,
 বিদূৰ কৰিব তাক যিমানে যতন
 পৰিপূৰ কৰে সবে ভয়তে কানন।
 দুৰবল মনে কৰে কৰ্ত্তব্য-বিশেষ,
 বিশেষে সম্পন্নে এড়ি কৰ্ত্তব্য অশেষ।
 কিন্তু, প্ৰভু! নোৱাৰোঁ গুচাব দোষ;-
 দুৰ্ব্বল মানব মন, দুৰ্ব্বল মানব,
 বিৰোধে চেষ্টিও তাৰ সবিশেষে সব।
 বিপুদল-বাৰণৰ হেতু অস্ত্ৰ-আশে,
 ইন্দ্ৰৰ সমীপে, দেৱ! আহিছোঁ ত্ৰিদিবে।
 দেৱেন্দ্ৰ জনক মোৰ, কৰি সমাদৰ
 দেৱ-সভা-মাজে, প্ৰভু! আদৰিব মোক
 অপ্সৰীৰ নৃত্য-গীতে। শুনিছোঁ, হে দেৱ!
 অপ্সৰীৰ ৰূপানলে, কত কামী-কীট-
 জ্ঞানী মানী বুলি খ্যাতিমান্— দিছে জাপ,
 দেখি তাৰ সৌন্দৰ্য্য়-কিৰণ। কিন্তু হায়!
 উত্তপ্ত কিৰণে পৰি, ছটফট্ কৰি
 এড়িছে পৰাণ, পুৰিছে শৰীৰ আৰু!
 মানব, প্ৰভু! সদা অসম্পূৰ্ণ, সদা

 ভয়ে ভীত; জ্ঞানে কৰে পৰিহাৰ পৰি
 মহাকুটচক্ৰ মাজে ইন্দ্ৰিয় সবাৰ-
 মানব হৃদয়, প্ৰভু! ইমানে দুৰ্ব্বল।
 ভয় হয় পাচে, দেব! মোহে বিমোহিত,
 দুকৰ্ম্ম কেতিয়া কৰোঁ গুৰু সমীপত!
জ্ঞান।— সকলো প্ৰলাপ তোৰ, বৎস ধনঞ্জয়!
 গোলাপ-পদুম পাব কণ্টক-স্ফুটন
 সহন কৰিব লাগে; ভুগিব জোনাক
 লাগে হিমত তিতিব; প্ৰকৃতিৰ, বৎস!
 আপদীয়া বনে ফুটে কান্তি কমনীয়।
 অধমে আবৰে বাজ, ভিতৰ উত্তম;
 ভাল-ভোগ-শকতিত হয় সন্দিহান,
 শক্তি-পৰীক্ষাৰ অৰ্থে বেয়াৰ সৃজন।
 সহিব নোৱাৰে যিটো ব্যয় ঐশ্বৰ্য্য়ৰ,
 কিবা বা বুজিব সিটো বিতৰণ-সুখ।
 ইন্দ্ৰিয়ৰ মৰীচিকা দেখি খেদি যিটো
 ফুৰে তাক জল-আশে, নিৰ্ব্বোধ সিটো-
 সংসাৰৰ মৰুভূমি-গতি-অনভিজ্ঞ,
 জ্ঞান-বিজ্ঞানৰ জ্ঞান বঞ্চিত সমূলী,
 অচিৰতে মৰুভূমি-যাতে কৰে গ্ৰাস।

 অনাদি অনন্ত জ্ঞান, অটল, অচল,
 সাগৰ-গম্ভীৰ, বৎস!—কিন্তু নুঠে তাত
 বাত-বিক্ষোভিত-উৰ্ম্মি—জ্ঞান-সমুদ্ৰৰ
 জল সততে গম্ভীৰ জলদ-বিহীন
 তাৰকাখচিত মধ্য-ৰাত্ৰি-নতঃ প্ৰায়।
 ইন্দ্ৰিয়ৰ অল্প তাড়নাই,অল্প উত্তেজনা,
 চঞ্চলে কম্পয় যিবা, সিটো কিবা জ্ঞান!
 অতি ক্ষুদ্ৰ সফৰীৰ সামান্য আঘাতে
 যিবা উচ্ছে আন্দোলিত, সি কি পাৰাবাৰ!
 নৈবেদ্য়ৰ দেখি কিবা প্ৰাচুৰ্য্য় বা আন,
 সন্তোষ বা ৰোষ বাৰ, সি কি নিৰ্ব্বিকাৰ
 নিৰাকাৰ নিৰ্গুণ ঈশ্বৰ বিশ্বৰাজ!
 প্ৰকৃতে উপেক্ষে ভণ্ডে; তাৰ ঠাই থাপে
 কৃত্ৰিমক; প্ৰকৃত বুলি পূজা-বলি-দানে
 পূজে তাক; পৰীক্ষাৰ যেতিয়া সময়
 কৃত্ৰিমৰ কৃত্ৰিমতা হয় প্ৰকাশিত।
 সংসাৰৰ প্ৰলোভন নোৱাৰে এড়াব,
 ইন্দ্ৰিয়ৰ আজ্ঞা-দাস, অসংযত-চিত্ত,
 জ্ঞানৰূপ অজ্ঞানতা, দুঃখৰূপ সুখ,
 কনকে আবৃত সিটো পিতলৰ মণি।

 কিয় ধনঞ্জয় তুমি কৰা মিছা ভয়-
 আছে ভক্তি ঈশ্বৰৰ মঙ্গল বিধানে।
 আদিত্য-উদয়ে যেনে অন্ধকাৰ লীন,
 কামৰো তেনুৱা গতি জানা জ্ঞানোদয়ে।
 কোনোবা অজ্ঞান যদি, লোকে জ্ঞানী বুলি
 খ্যাতিমান্, সিও মাত্ৰ অভিধান, বৎস!
 সত্য অৰ্থে নাখাটিব নাম তাৰ প্ৰতি।
 অন্ধ বিবাদৰে হয় কমললোচন,
 কৃষ্ণজন পূৰ্ণচন্দ্ৰ, অজ্ঞানৰ জ্ঞানী
 তেনে নাম, তেনে অভিধান। যোৱা, বংস!
 নকৰিবা একোকে সন্দেহ।
অৰ্জ্জুন।-  নমস্কাৰ প্ৰভুৰ পদত।
জ্ঞান।—   হোৱা সদা জ্ঞানী, বৎস!
 সকলো কৰ্ম্মত থাকা বিবেকৰ দাস।
 সদা যেন থাকে, বৎস! কৰ্ত্তব্যৰ জ্ঞান,
 পৰমেশ-পদে আৰু অচলা ভকতি।
 (প্ৰস্থান।)

চতুৰ্থ দৃশ্য।

মদন, বসন্ত আৰু উৰ্ব্বশী।

মদন।— দেৱি! সাধা দেৱকাজ। নকৰিবা হেলা।
উৰ্ব্বশী।— দাসীক চলনা কিয়, প্ৰভু! দেৱকাজ
 ইকি? কৰ্ত্তব্য দেৱৰ?
বসন্ত।—  কি বা অকৰ্ত্তব্য!
উৰ্ব্বশী।— কৰ্ত্তব্য কিহৰ, দেৱ! পৰম পবিত্ৰ
 পুণ্যৰ আকাশ, সদা আলোকিত পবিত্ৰ
 কিৰণে; অজ্ঞানৰূপ পাপ-অন্ধকাৰে
 নোৱাৰে পশিব তাক; অনন্ত শীতল
 কিৰণ-ভাসিত দেশ। পুণ্যজনে সদা
 অনন্ত আনন্দে বাসে। অপাৰ অনন্ত
 বিচৰণ কৰে তাত সদা সুখ—শিশু
 অৰুণৰ সদা বিভা বিতোপন, পুষ্প
 প্ৰস্ফুটিত, ঋতুৰাজ বসন্তৰ শোভা
 সৰ্ব্বাঙ্গীণ, ফুল্ল দেশ, ফুল্ল দেশবাসী।
 কিন্তু, দেৱ। বিভীষণ পাপৰ গহ্বৰ—
 বিঘোৰ তিমিৰাবাস; জ্ঞানৰ আলোকে

 নোহে উদ্ভাসিত দেশ; নাই তাত আৰু
 দয়া-মায়া-আদি সুখ-শান্তি-প্ৰস্ৰৱণ;
 জগত-জননী-আশা-স্নেহৰ বঞ্চিত;
 শ্বাসৰোধী প্ৰাণঘাতী পূৰ্ণ দোষ বায়ু।
 সদা বাস যাৰ পুণ্য পবিত্ৰ ধামত,
 নিৰ্ম্মল সমীৰ যাৰ নিৰ্ম্মল সলিল
 সদা ব্যৱহাৰ, তাক নিক্ষেপিবা এনে
 গহবৰত? ই কি, প্ৰভু! কৰ্ত্তব্য দেৱৰ?
 ই কি অপ্সৰাসবাৰ কৰণৰ কাম?
 কদাচিতো নোহে অপেশ্বৰীৰ কৰ্ত্তব্য;
 নোহে নিশ্চিততে নোহে দেবেন্দ্ৰ-বাঞ্ছিত।
 যদিও নৰ্ত্তকী আমি, স্বৰ্গৰ গায়িকা,
 তথাপিতো প্ৰবৃত্তিৰ উত্তেজিনী নোহোঁ।
 গীতৰ সৌন্দৰ্য্য, সাধু সৌন্দৰ্য্য আমাৰ,
 আৰু দেখি সৌন্দৰ্য্যৰ আধাৰ স্বৰগ
 মৰামৰ হয় মুগ্ধ। সৌন্দৰ্য্য়ৰ কাম
 সৌন্দৰ্য্য়-বিকাশ। দেখি সকলো সৌন্দৰ্য্য,
 মানব-হৃদয়—শ্ৰেষ্ঠ সৌন্দৰ্য্য়-ভাণ্ডাৰ—
 পূৰ্ণ হয় সৌন্দৰ্য্যেৰে। সৌন্দৰ্য্য়-চলনে
 কুৰূপ যাঁচিবা কিয়? নিদি তৃষ্ণাতুৰ

 পথিকক জলধাৰা, কিয়বা কৰিবা
 অশান্ত অশ্ৰান্ত তাক মৰিচীকাচৰ?
মদন|—  ভুল তযু, চন্দ্ৰাননে! প্ৰকৃতি-দেবীৰ
 সৌন্দৰ্য্যেই শ্ৰেষ্ঠৰত্ব। কৃশা তটিনীৰ
 বিলাস-বিভোৰ-নৃত্য, পখীৰ মধুৰ
 কল-কল-কল-গান, শ্যামল প্ৰান্তৰ,
 হৃদয়-আলোড়ি শোভা উচ্ছ ভূধৰৰ—
 হিমানী-মণ্ডিত-শৃঙ্গ গগন-গম্ভীৰ—
 বিকশিতা কমলিনী, পূৰ্ণ শশধৰ—
 সকলো সৌন্দৰ্য্যভৰা, সৌন্দৰ্য্য়-আধাৰ,
 সকলোৰে কমনীয় কান্তি নিৰূপম,
 তাৰো বেছি কমনীয় কামিনী-আনন।
 এই ফুল্ল শোভা, এই সৌন্দৰ্য্য়-আকৰ,
 তাৰো যদি পৰে শেষ আন্ধাৰ ভিতৰ,
 কিবা সৌন্দৰ্য্য়ৰ কাম, সৌন্দৰ্য্য কিহৰ?
 প্ৰকৃতিৰ লীলাভূমি গহন কাননে,
 পূৰ্ণ চন্দ্ৰমাৰ আভা নিস্তব্ধ নিশীথে,
 ফুটে পদ্ম জলাভূমি মাজে; সৌন্দৰ্য্য়ৰ
 উৎকৃষ্ট আধাৰ, ছায়া অতুল ৰূপৰ,
 ৰমণী-বদন; সিও যদি মানবৰ

 নোহে সুখলভনীয়, গতি প্ৰকৃতিৰ
 যাব ব্যতিক্ৰমি। শুভে! নকৰা আপত্তি।
 ইও দেৱ-কাম, তযু কৰ্ত্তব্য ভিতৰ।
 ইন্দ্ৰ-চন্দ্ৰ যেনে দেৱ, যেনে দেৱ বায়ু বা বৰুণ,
 বসন্ত-মদন নোহে অংশে মন্দতৰ।
 দেৱেন্দ্ৰৰ বাঞ্চা যদি দেৱ-কাম, নোহে
 কিয় বাঞ্চা বা আমাৰ? আৰু ছোৱা-শুভে!
 সংযমৰ পৰীক্ষাতে অধিক গৌৰব।
 দেৱতা-বাঞ্চিত, দেৱ-লোভনীয়, এনে
 মান-যশঃ-আদি কৰি লভিছে অৰ্জ্জুন।
 দেৱে কৰি অসম্মান, অৰ্জ্জুন বহিছে
 আজি দেবেন্দ্ৰেৰ পাশে। ব্ৰহ্মা-বিষ্ণু-হৰে
 নিজে খোজে যিবা মান, তাৰে আজি পাৰ্থ
 সম্মানিত। অসহনি দেৱতাৰ এনে
 অসন্মান। নোহে যদি সুসংযত-চিত্ত,
 ধনঞ্জয়-বিপতন সত্যৰ গৌৰব।
 দেৱতাৰ বাঞ্চা, ভদ্ৰে! দেৱ-অনুৰোধে
 কৰা এই কাম, কৰা পৰীক্ষা পাৰ্থক।
 যোৱা পাৰ্থ-পাশে; দেখাই অপ্সৰী-লাস,
 ভ্ৰুযুগত জুৰি কুটীল কটাক্ষ-বাণ,

 কৰা আজি অৰ্জ্জুনৰ শক্তি অবেক্ষণ।
 তুমি অপ্সৰীৰ ৰাণী, সৌন্দৰ্য্য়ৰ মণি,
 কোনে পাৰে উপেক্ষিব? বিধি জগতৰ
 সৌন্দৰ্য্যৰ ভঁড়ালৰ তিল তিল আনি,
 গঢ়িলে তোমাৰ, দেবি! সুন্দৰ প্ৰতিমা।
 আজিও নিশ্চয় দেখি সৌন্দৰ্য্য় তোমাৰ
 নিজ কৌশলতে নিজে বিমোহিত বিধি।
 সুবৰ্ণ-পৰীক্ষা যেনে পাবকেহে হয়,
 সংযমৰো পৰীক্ষাৰ তুমি হে পাবক।
 পুণ্যৰ পৰীক্ষা যদি নকৰিবা তুমি,
 কোন আৰু আছে, শুভে! তেৱে স্বৰগত?
উৰ্ব্বশী।— পাৰোঁ অনায়াসে, আৰ্য্য়। সাধিব ইকাম।
 কিন্তু নৰমুখ হৃদয়ৰ প্ৰতিবিম্ব—
 মনোমাজে উদয়ৰ যিবা, সকলোৱে
 সৰল বদনোপৰি হয় প্ৰতিভাত।
 লক্ষিছোঁ পাৰ্থৰ গতি, লক্ষিছোঁ পাৰ্থৰ
 উজ্জ্বল নয়ন-ভঙ্গী। কিন্তু প্ৰত্যেক কটাক্ষে,
 প্ৰত্যেক ভ্ৰভঙ্গী, আৰু প্ৰত্যেক মুখৰ
 হাৱ-ভাৱে, মাতৃভাৱে পৰশিছে মোক।
 উৰ্ব্বশী অপ্সৰী শ্ৰেষ্ঠা, অপ্সৰীৰ ৰাণী,

 পৰাজয় নসহিব, নসহিব প্ৰত্যাখ্যান।
 দলিতা ফণিনী যেনে, জানিবা নিশ্চয়
 উপেক্ষায় প্ৰত্যাখিতা উৰ্ব্বশীকো তেনে।
 উৰ্ব্বশীৰ লয়-লাস, বিলাস-বিভ্ৰম,
 সংযম-সমৰে যদি হয় পৰাজিত,
 নাজানো কিবা বা হয় তাৰ পৰিণাম।
মদন।— নকৰিবা চিন্তা, ভদ্ৰে! তোমাৰ সদায়
 সহায় বসন্ত, চিৰদাস কামদেৱ।
 প্ৰত্যেক ঈক্ষণ আমি প্ৰত্যেক লক্ষণ
 প্ৰত্যক্ষিছোঁ সতামাজে, সকলোৱে কয়
 পাৰ্থৰ অস্থিৰ চিত্ত। কৰা কৃপা, শুভে!
 (উৰ্ব্বশী লাহে লাহে যাব ধৰে।)
বসন্ত।— যোৱা তেৱে, দেৱি। সাধা দেৱ-কাম,
 তোমাৰ দাসৰ প্ৰতি কৰা অনুগ্ৰহ।
মদন।— বিজয়ৰ সূত্ৰপাত আশাৰ কিৰণ,
 আদিত্যৰ আগে, সখি! অৰুণৰ প্ৰায়।
 পৰম্পৰা কাৰ্য্য়াৱলী মিলে মনোমত,
 সিদ্ধিৰ নিশ্চয়, সখি! প্ৰধান লক্ষণ।
 (প্ৰস্থান।)

পঞ্চম দৃশ্য।

অৰ্জ্জুন আৰু উৰ্ব্বশী।


উৰ্ব্বশী।— মিছা ভাবোঁ, ধনঞ্জয়! প্ৰত্যাখান তযু।
 সুবৰ্ণ-উদ্দেশে লোক মৰে ঘুৰি ফিৰি,
 কিবা তাক অৱহেলে যেতিয়া হাতত?
 কপট ভাবিছা নেকি উৰ্ব্বশী-প্ৰস্তাব?
অৰ্জ্জুন।— মাতৃ তুমি দেবী। তোমাপ্ৰতি জ্ঞান মোৰ
 মাতৃৰ সদৃশ, ভক্তি মাতৃৰ সমান।
 অনুচিত তব, দেৱি! এহেন প্ৰাৰ্থনা।
 নীৰক্ষিলোঁ ঘনে ঘনে তোমাপ্ৰতি সঁচা।
 সভা-মাজে নৃত্য-সময়ত; কিন্তু ভাবি—
 আচৰিত! কেনেকই প্ৰাচীনা উৰ্ব্বশী
 আছে এতিয়াও নব যুবতীৰ প্ৰায়।
 সন্তানৰ প্ৰতি এনে অনুচিত ভাব।
উৰ্ব্বশী।—  কিবা কোৱা অনুচিত তুমি! তেৱে পাৰ্থ,
 আছে কিবা উচিত লোকত ? সংসাৰৰ
 সুখ জানা ক্ষণস্থায়ী, অতীব চঞ্চল।
 পুত্ৰ-পৰিবাৰ-আদি-বন্ধুজনে আজি
 থাকিবা বেষ্টিত; কালি চোৱা মৃত পুত্ৰ,

 ভাৰ্য্যা দুষ্টমতি, বন্ধুজন শঠাচাৰী—
 সুখৰ সংসাৰ তব দুখৰ আলয়।
 আছা আজি ৰাজ্য়েশ্বৰ, ধনৰ কুবেৰ,
 কালি চোৱা হৃতৰাজ্য, নষ্ট ধনৰাজি—
 দুৱাৰে দুৱাৰে ফুৰা অন্নুমুঠি বাবে।
 আবৰ্ত্তন প্ৰকৃতিৰ ৰীতি চিৰন্তন,
 পৰিবৰ্ত্তনতে চোৱা চলিছে সংসাৰ।
 পৃথিবীৰ তল চোৱা নোহে সমতল,
 পৰ্ব্বতত বন্ধুৰতা, আকাশতো সদা
 পৰিবৰ্ত্তনৰ খেলা; নোৱাৰা বিশ্বত
 প্ৰশান্ত শান্তিৰ পাব আৰাম সুন্দৰ।
 সকলোৰে দেখা পৰিবৰ্ত্তন স্বভাব,—
 কেতিয়াবা কাৰ হয় কিহৰ উৎপাত—
 কেতিয়া মলয়া ধৰে ধুমুহা-আকাৰ,
 কেতিয়াবা শশধৰ-কৰে পোৰে দেহ,
 কেতিয়া চন্দন-লতা সাপৰূপে আহি
 কৰেহি দংশন, তাৰ থিক নাই বিশ্বে।
 সাৰহীন বিশ্বৰাজ্য। তাতো যদি তুমি
 নকৰিলা সুখভোগ, নাচালা সৌন্দৰ্য্য,
 আনন্দ-মগন সদা নাথাকিলা তাত,

 কোৱা তেন্তে, বীৰবৰ! কিহৰ কাৰণে
 এই জীৱন-ধাৰণ? কিহৰ কাৰণে
 ভুগি কষ্ট নানাবিধ, এই সংসাৰত
 মিছাতে জীৱন যায়? কোৱা কি সকাম?
 এতেকতে, ধনঞ্জয়! কৰা আজি মোৰ
 অভীষ্ট পূৰণ, আনন্দৰ সাগৰত
 দিয়া ডুব, ভোগ কৰা অপাৰ আনন্দ।
অৰ্জ্জুন।— কৰা মোক, মহাদেৱি! কৃপা বিতৰণ।
 সংসাৰৰ আবৰ্ত্ততো আছে স্থিৰ, আছে
 অচঞ্চল, আছে এক নিত্য নিৰঞ্জন।
 ঈশ-ধৰ্ম্ম-ন্যায়-নীতি সততে একক,
 পৰিবৰ্ত্তনৰ বাজ, অতীব মহৎ।
 বিশ্বৰ সকলো কৰ্ম্ম, সকলো আবৰ্ত্ত,
 সিদ্ধ হয় এই স্থিৰ অচঞ্চল হেতু—
 মধ্য অঙ্গুলীত যথা বন্ধৰ কাৰণে।
 গোলক তুৰন্তে ঘুৰে সূত্ৰৰ বলত।
 আৰু চোৱা সাংসাৰিক আনন্দ-লক্ষণ,
 অবসাদ আনন্দৰ যেন অনুচৰ-
 সুখ বুলি লবা যাক আজিৰ দিনত,
 ধৰিব সি দুখৰূপ দু’দিনৰ বাদে।

 সংসাৰৰ অনিত্যতা ক’লা যতমান
 সকলোৱে সঁচা, দেবি! সকলো প্ৰমাণ।
 এই অনিত্যতাৰেই গঠিত জীৱন?
 নোহে কদাচিতো তেনে। শৰীৰৰ এই
 সাৰহীন পঞ্চভূত গঠন-পদাৰ্থ;
 আত্মা অনন্ত কিন্তু নিত্য চিৰকাল,
 মহানিত্য মহেশৰ ব্যৈক্তিক বিকাশ।
 নিত্য বস্তু অনিত্যত সন্তুষ্ট নহয়,
 চিৰন্তন চিৰস্থায়ী নিত্য-সুখাকাঙ্খী।
 ইন্দ্ৰিয়ৰ পৰিতৃপ্তি, উতনুৱা ভাব,
 তাৰপৰা পোৱা সুখ, অতীব চঞ্চল—
 আদিত্যৰ প্ৰতিবিম্ব যেনে দৰ্পণত৷
 স্বাধীন নিত্যতাকাঙ্খী নোহে তাত সুখী
 ন্যায়-নীতি-ধৰ্ম্ম-জ্ঞান-সঙ্গীজনসহ
 সুচৰিত্ৰ-পথে কৰি গতি অবিৰাম,
 লভে আসি যাত্ৰা-শেষে পৰমেশ-পদ—
 অনন্ত সৌন্দৰ্য্য়পূৰ্ণ, প্ৰশান্ত বিৰাম,
 আবেগ-উদ্বেগ-আদি-বিকাৰ–বিহীন—
 থাকে তাত চিৰসুখে-অনন্ত অমৃত
 পানে থাকে সদা তৃপ্ত অনন্ত সুখত।

 নকৰা এতেকে মোক পাপত মগন,
 নীতিৰ সুন্দৰ সীমা নিদিবা লঙ্ঘিব।
উৰ্ব্বশী।— শুনা, পাৰ্থ! দেৱেন্দ্ৰৰ ইচ্ছাক্ৰমে আজি
 উৰ্ব্বশী অপ্সৰী-ৰাণী মাগে ৰতিদান।
 সামান্য মানব তুমি, উৰ্ব্বশীক কৰা
 অৱহেলা, অৱহেলা আৰু দেৱেন্দ্ৰক!
 কিহৰ কাৰণে কৰা গৰব ইমান?
অৰ্জ্জুন।— বিবেকৰ মহাসত্য আজ্ঞা অনুসৰি
 যিবা চলে, স্বাধীনতা সকলোতে তাৰ।
উৰ্ব্বশী।— দেখিছোঁ মানব বহু, বহু আৰু মই
 দেখি আছোঁ ৰাজ-ঋষি তোমাৰ নিচিনা—
 ভণ্ডামিৰ ভাণ্ড আৰু শঠতাৰে ভৰা।
 কোন ক্ষুধাতুৰে কৰে খাদ্যে আওকাণ,
 দিলেও অপৰে আনি মুখত সুমাই?
 চকুৰ লাজত কোনে ত্যজে নিজ-স্বাৰ্থ?
 ইকাৰণে, ধনঞ্জয়! এড়া তযু ছল,
 কৰা আজি উৰ্ব্বশীৰ বাসনা-পূৰণ।
অৰ্জ্জুন।— নধৰিবা দোষ, দেৱি! তেজস্বী ৰাজৰ্ষি
 সবে কৰে কাম; পাপে নোৱাৰিব পাৰে
 পৰশিব তাসবাক। কিন্তু হীনবল,

 ক্ষীণতেজ, লীনশক্তি তোমাৰ ই দাস,
 আচৰিব নোৱাৰিব কদাপি অন্যায়,
 নোৱাৰিব থুথুয়াব নীতিৰ মুখত,
 জ্ঞানৰ মুৰত দিব নোৱাৰিব ভৰি,
 পাপ-অনলৰ স’ব ভীষণ দহন।
 পুনু, নোহোঁ ভণ্ডাচাৰী, ভণ্ডামি-মুৰতি,
 সত্যৰ পাশত নাই ভণ্ডামিৰ ঠাই।
 নিদাঘৰ উৎকট গ্ৰীষ্মৰ তাপতো,
 অসত্যৰ নাই ছায়া পাৰ্থৰ মনত।
উৰ্ব্বশী।- দেৱেন্দ্ৰক নকৰিবা আজি অপমান,
 নকৰিবা উৰ্ব্বশীক, যদি চোৱা ভাল।
 যাৰ চক্ষু-ভঙ্গী দেখি মাৰ্ত্তণ্ডে থমাই
 ৰথ, মাৰুতিও হয় নিশ্চল নীৰব,
 আকাশত গণে গ্ৰহে প্ৰলয়-প্ৰমাদ,
 কটাক্ষত বিশ্ব-জীৱ থৰে চাই ভৰে,
 সেই অপ্সৰীৰ ৰাণী তোমাৰ ভিখাৰী
 কি সাহসে প্ৰত্যাখ্যিবা? কি সাহসে তুমি,
 সামান্য কুটীৰবাসী সামান্য মানবে,
 নুশুনিব খোজা সেই উৰ্ব্বশীৰ কথা?
 চোৱা যদি, ধনঞ্জয়! তোমাৰ মঙ্গল,

 শুনা উপদেশ মোৰ, চঞ্চল মনৰ
 গতি স্থিৰ কৰি ভাবা; বিবেক-বিহীন
 ভাৱৰ স্ৰোতত নাভাহিবা তৃণসম।
 অচিৰে মনৰ কৰা সংযত মিলন।
 নতুবা ঘটিব তব বিঘোৰ বিপদ।
অৰ্জ্জুন।—  নকৰিবা অহঙ্কাৰ পাৰ্থৰ আগত।
 ধৰ্ম্ম মোৰ বিসৰ্জ্জন নোৱাৰোঁ কৰিব,
 নোৱাৰোঁ এড়িব মোৰ জ্ঞানৰ সুনীতি,
 বিবেকৰ অতিস্ফুট গম্ভীৰ আদেশ,
 নোৱাৰোঁ কৰিব কাম ন্যায়ৰ বিৰোধে।
 যেয়ে লাগে অন্য়ায়ৰ কৰ’ক প্ৰাৰ্থনা,
 যেয়ে হ’ক প্ৰাৰ্থী মোৰ, নোৱাৰোঁ কদাপি,
 নোৱৰিমো উত্তমৰ অন্য আচৰিব।
 বিবেক-বিৰোধে আৰু ধৰ্ম্মৰ বিৰোধে।
 যিয়ে বা আদেশ, তাক লঙ্ঘনৰ পৰা।
 উঠে বুলি কালকূট নাই মোৰ ভয়;—
 কোন কাপুৰুষে ক’ত বেশ্য়াক ডৰায়?
উৰ্ব্বশী। —  কি! বেশ্য়া! উৰ্ব্বশী বেশ্য়া! সকীট মানব!
 তোৰ এই সাহ! এই অপমান হেতু
 চিৰদিন বীৰ্য্যহীন থাকিবি ধৰাত,

 হ’বি নপুংসক এই প্ৰত্যাখ্যান বাবে।
 (উৰ্ব্বশী বেগেৰে যাব খুজোঁতে জ্ঞানৰ প্ৰবেশ।)
জ্ঞান।—  দেৱি! দেৱি! ইকি—ইকি আচৰণ তব!
 সৌন্দৰ্য্যৰ উপাসিকা, সৌন্দৰ্য্য়-শিক্ষক,
 স্বৰগৰ অপেশ্বৰী সব। সৌন্দৰ্য্য়তে
 লীলা-খেলা, সৌন্দৰ্য্য়ৰ সদা আবৰণ,
 সৌন্দৰ্য্য়-বিকাশ কাম; ইকি আচৰণ!
 ধৰ্ম্মৰ আদেশ মানি, কৰি প্ৰতিপাল
 সত্য নীতিৰ বচন, চলিছে অৰ্জ্জুন,
 তাত কিয় তযু ক্ৰোধ, কিয় অপমান?
 নোহে তো উচিত ইটো সৌন্দৰ্য্য়-ভক্তৰ।
 (অৰ্জ্জুনৰ প্ৰতি) বুলিলা দুৰ্ব্বাণী, বৎস! মনৰ বেগত
 সৌন্দৰ্য্য়ৰ সাৰভূতা উৰ্ব্বশীৰ প্ৰতি,
 কৰা প্ৰণিপাত, খোজা সবিনয়ে ক্ষমা।
অৰ্জ্জুন। -  মানবৰ মন, দেবি! ক্ৰোধ-বশীভূত,
 ভাল-বেয়া বিচাৰৰ অলপ শকতি।
 বুলিলোঁ অবাক্য ঘোৰ, কৰা ক্ষমা-দান,
 কৰা দয়া মোৰ প্ৰতি হে সৌন্দৰ্য্য়-ৰাণী!
উৰ্ব্বশী।-  শাপ নোহে, বৎস! সত্য তোমাৰ আশ্ৰয়
 কৰ্ম্মমাত্ৰে ঈশ্বৰৰ কল্যাণ-ৰাজ্যত

 বিশ্বৰ সত্যৰ আৰু মঙ্গলৰ হেতু।
 যদিওবা শাপ মোৰ ক্ৰোধৰ প্ৰসূতি,
 সেয়ে বৰৰূপে তয়ু হ’ব চত্ৰধৰ।
 এড়া তাপ, ধনঞ্জয়! নহ’বা বিষণ্ণ;
 সন্তোষিতা মই আচৰণত তোমাৰ।
 ন্যায়-ধৰ্ম্ম প্ৰতি সদা থাক’ক ই জ্ঞান,
 চিৰকাল থাকা অপাৰ সুখত। কিন্তু—
জ্ঞান।— মৰণও বাঞ্ছনীয় মহৎ হাতত,—
 আৰোহা অপেক্ষা ভাল গৰ্দ্দভ-পৃষ্ঠত,
 ছিন্ন হোৱা কেশৰীৰ নখৰ তলত।
 বৰষ-অজ্ঞাত-বাসে তোমাৰ সহায়
 পুৰুষত্ব-বিহীনত্ব; নকৰিবা ভয়।
 মহতৰ সমসৰ্গ অতীব বাঞ্চিত ,
 শাপ গুছি বৰ হয় এনে আচৰিত!
উৰ্ব্বশী।— কিন্তু ক্ষমা, ধনঞ্জয়! উৰ্ব্বশীৰ দোষ।
 যদি শেষে অমঙ্গলে মঙ্গলো ফলায়
 ঈশ্বৰৰ সুমঙ্গল বিশাল বিশ্বত,
 যদিও বা ব্ৰহ্মাণ্ডৰ কৰ্ম্ম-কাণ্ড মানে
 ফল মাত্ৰ বিধাতাৰ বিপুল বাঞ্চাৰ,
 দোষ তেও পশে আসি কৰ্ত্তৃ-মানসত।

 সৌন্দৰ্য্য অপ্সৰী সব—সৌন্দৰ্য্য়ৰ কাম
 মনৰ ঔৎকৰ্ষ্য় সাধা, সৌন্দৰ্য্য়-সৃজন।
 অসীম সৌন্দৰ্য্যশালী, অনন্ত সুন্দৰ
 পৰমেশ; আৰু এই অসীম সুন্দৰ
 সৌন্দৰ্য্য়-গঠন বিশ্ব; সৌন্দৰ্য্য়-আধাৰ,
 সৌন্দৰ্য্য়ৰ পূৰ্ণতাও মানবৰ মন।
 মিলোৱা তিনোটি আনি সৌন্দৰ্য্য়ৰ ধাৰা—
 সৃষ্টি কৰা সৌন্দৰ্য্য়ৰ ত্ৰিবেণী-সঙ্গম—
 দেৱতা-মানব য’ত কৰি অবগাহ,
 অচিৰতে পুণ্যময় সম্পূৰ্ণ সুন্দৰ
 জ্ঞানৰ ধামত পায় চিৰন্তন বাস,
 পৰমেশে পায় আৰু সহায় স্বৰূপে,—
 অপ্সৰী সবাৰ এয়ে কৰ্ত্তব্য মহান্।
 স্বৰগৰ বিদ্যাধৰী বিদ্যা-ধাত্ৰী আমি,
 নোহোঁ নিষ্ঠে অবিদ্যাৰ উপাসিকা দাসী।
(জ্ঞানৰ প্ৰতি) কিন্তু কিয় হ’ল, দেৱ! হেন বিপৰীত।
জ্ঞান।-  নকৰিবা চিন্তা, ভদ্ৰে! নাই তযু দোষ।
 পাৰদ-সংযোগে যেনে সুন্দৰ সুবৰ্ণ।
 ৰজত বৰণ ধৰে, প্ৰবৃত্তি-বশত
 সৌন্দৰ্য্য প্ৰকাশ পায় প্ৰলোভন-ৰূপে।

উৰ্ব্বশী।— বুজিছোঁ এতিয়া, দেৱ! কাম-বসন্তৰ
 এই কদাচাৰ। পুণ্যময় যি সৌন্দৰ্য্য
 পবিত্ৰ উত্তম, যাৰ স্পৰ্শে পুণ্যলোক
 পায় তেতিক্ষণে, তাৰ এনে ব্যভিচাৰ!
 নিশ্চয় শাপিম আজি মদন-বসন্তে।
 অনঙ্গত্ব যাৰ মহাদেৱৰ শাপত,
 হ’ব আজি আত্মাশূন্য় উৰ্ব্বশী কোপত।
 (মদন আৰু বসন্তৰ প্ৰবেশ।)
মদন।— ক্ষমা কৰা, দেৱি! ক্ষমা কৰা আমাসাক।
 নুবুজি কৰিলোঁ আমি অতি দুৰাচাৰ,
 নুবুজিলোঁ দুষ্টবুদ্ধি তোমাৰ মহিমা,
 দয়া কৰি এইবাৰ কৰা কৃপা-দান।
বসন্ত|—  ৰূপদানে, মহাদেৱি! সৌন্দৰ্য্য়-আধাৰ!
 সজাওঁ তোমাক সদা। ক্ষমা এইবাৰ,
 ভবিষ্যতে যাতে দাসে সাধিব কৰ্ত্তব্য।
জ্ঞান।—  দোষহীন, হে সুভগে! বসন্ত-মদন।
 চোৱা শুভে! ঈশ্বৰৰ সুৰাজ্য বিশ্বত
 উত্তম-অধম-ভেদ, সুনীতি-কুনীতি,
 একোৱেই সাবশেষ অস্তিত্ব নাথাকে।
 পৰম বিজ্ঞানী আৰু পৰম উজ্জ্বল,

 অনন্ত শকতিমান্, অসীম সুন্দৰ,
 ঈশ্বৰৰ সুৰাজ্যত অধম অভাৱ;
 সীমাবদ্ধ বুদ্ধিদোষে ভেদে ভাল-বেয়া।
 বিপুল বিস্তীৰ্ণ এক সুন্দৰ উত্তমে
 ব্য়াপে বিশ্বৰাজ্য সূক্ষ্ম সমীৰৰ প্ৰায়।
 নিৰদোষ ইকাৰণে বসন্ত-মদন,
 তোমাৰ ক্ষমাৰ পাত্ৰ। কৰা ক্ষমা, শুভে!
উৰ্ব্বশী।—  যিবা প্ৰভু সানুগ্ৰহে কৰিছে আদেশ।
মদন।—(জ্ঞানৰ প্ৰতি) অজ্ঞানৰ প্ৰতি হয় দেৱ-অনুগ্ৰহ।
 ঈৰ্ষান্বিত হই প্ৰভু তব মহিমাত
 কৰিছিলোঁ বহুবিধ বিৰোধাচৰণ;
 অৰ্জ্জুনৰ পৰীক্ষাও তাৰেই কাৰণ।
 বুজিলোঁ এতিয়া তুমি সকলোেৰে গুৰু,
 অসত্যৰ সদা লয় তোমাৰ আগত।
বসন্ত।—  ক্ষমা হয় যেন, দেৱ! আদেশ দাসৰ।
জ্ঞান।—  নকৰিবা তাপ, বৎস! যুবক মনৰ
 জ্ঞান স’তে অবিৰত ঘটিছে সংঘৰ্ষ।
 থাকে যদি কিন্তু ধৰ্ম্ম-ন্যায়-নীতি মাজে
 সকলো নিষ্পত্তি ভাল। আৰু নাই দোষ;
 চোৱা, বৎস! মঙ্গল-নিলয় বিশ্বৰাজ,

 আচৰিত নীতি তাৰ, আশ্চৰ্য্য শকতি;
 বুজিব নোৱাৰা ক'ত নিহিত মঙ্গল।
 ভাবিলে কঁপয় হিয়া, ভকতি আশ্চৰ্য্যে
 অবশ হৃদয় কৰে; স্তব্ধ আশ্চৰ্য্যেৰে
 অবশ চিন্তাক লই চাওঁ উৰ্দ্ধমুখে।
 সংসাৰৰ তমোময় অমঙ্গল-খনি,
 মঙ্গল-হীৰক জক্জকে তাৰ মাজে—
 অমঙ্গল-আবৰণী মাজে মঙ্গল নিহিত—
 নাৰিকেল মাজে যথা সলিল বিৰাজে,
 অথবা বৰ্ষাৰ পঙ্কে জীৱন-উপায়।
 বিশ্ব ভগৱান-ৰাজ্য। বিশ্বৰ মঙ্গল
 হেতু ঘুৰে গ্ৰহ, বহে বায়ু, চন্দ্ৰে কৰে,
 আহে যায় দিন-ৰাতি, গৰ্জ্জয় সাগৰে।
 সূক্ষ্মাদপি সূক্ষ্ম যিবা তৃণ, সিও জানা
 বিশ্বৰ মঙ্গল হেতু নিৰত সদায়—
 সৰু-বৰ, ভাল-বেয়া, উত্তম-অধম,
 সকলোৰে শেষ এক অস্তিত্ব পৰম।
 অপ্সৰীৰো কাম জানা বিশ্বৰ মঙ্গল।
 সাধুৰ মঙ্গল, বৎস! সত্যৰ বিজয়,
 কৰ্ত্তব্যৰ পোৱা আৰু সমুচিত ফল,

 এই বিশ্ব-নীতি। সিকাৰণে অজ্ঞাততে
 কতনা ঘুৰিছে যন্ত্ৰ বিশ্বে অবিৰত,
 আমিও সকলে সেই যন্ত্ৰ একোজন।
 এইদৰে অপ্সৰীৰ ৰূপানলে পৰি
 কত তাপসীৰ তপ, সংযমীৰ যম,
 পবিত্ৰতা লভিছে পৰম। অপেশ্বৰী
 সৌন্দৰ্য্য়-আধাৰ আৰু পবিত্ৰ পাবন,
 কঠোৰ ব্ৰতীৰ, বৎস! ব্ৰতৰ সাধন।
 এতেকতে নাই দোষ। কিন্তু আহা সবে,
 কৰা আশীৰ্ব্বাদ প্ৰিয় বৎস অৰ্জ্জুনক।
সকলে |—  হোৱা জয়ী, বীৰবৰ! জ্ঞানৰ সেৱক ,
 পালা সদা ন্যায়-নীতি-ধৰ্ম্ম-আচৰণ,
 অন্তিমত লোৱা গৈ ঈশ্বৰ-শৰণ।
অৰ্জ্জুন |—  ধন্য হলোঁ আজি লভি দেৱ-পৰসাদ।
 থাকিলে সততে সত্য-ধৰমৰ প্ৰতি,
 পালিলে সততে জ্ঞান-বিবেক-আদেশ,
 চলিলে সততে ন্যায়-নীতি-অনুসৰি,
 সকলোতে জয় তাৰ, সদাই আনন্দ;
 পৰমেশ-অনুগ্ৰহে সকলো কুফলী
 সুফলৰ গছৰূপে যোগায় অমৃত।