পৰিচয়
পৰিচয়
শ্রীদণ্ডিনাথ কলিতা
পৰিচয়
শ্ৰীদণ্ডিনাথ কলিতা প্ৰণীত।
তেজপুৰ।
১৮৭২ শক।
(খৃঃ—১৮৫০)
মূল্য ১॥৽ টকা।
প্ৰকাশক—গ্ৰন্থকাৰ।
হিৰণ্যৰঞ্জন গ্ৰন্থকুটী।
লম্বোদৰ বৰা ৰোড,
তেজপুৰ।
এলেম প্ৰেছত—৬৩, বিডন ষ্ট্ৰীট, কলিকতা
শ্ৰীদেৱপ্ৰসাদ মিত্ৰ দ্বাৰা ছপা হ’ল।
অৰ্পণ
লেখকৰ সাহিত্য-চৰ্চাৰ প্ৰথম লগৰীয়া,
অগ্ৰজতুল্য নীৰব সাহিত্যিক
শ্ৰীযুত বেণুধৰ দাসৰ হাতত
পৰিচয়
অৰ্পণ কৰিলোঁ।
১০ পুহ, ১৮৬৯ শক। |
স্নেহাকাঙ্ক্ষী— গ্ৰন্থাকাৰ। |
পাতনি।
অলপ দিনৰ আগতে পুৰণি কাকত-পত্ৰ বিচাৰোঁতে তাৰ মাজতে এই উপন্যাসখানি পোৱা গ’ল। ইয়াক লিখা হৈছিল ১৯০৭ চনতে,—লেখকৰ প্ৰথম উপন্যাস “ফুলৰ” প্ৰায় লগে লগেই। তেতিয়া ইয়াৰ নাম আছিল “পদ্মাৱতী”। “ফুল” ওলোৱাৰ পাচত ইয়াক ছপাবলৈকো কেইজনমান প্ৰকাশক আগ বাঢ়িছিল, কিন্তু চৰ্ত্ত মনোমত নোহোৱাত কাকো দিয়া নহ’ল। তেতিয়াৰে পৰা ই পৰিয়েই থাকিল; আন কি, আছে নে হেৰাল তাকো ক’ব পৰা নাছিলোঁ। এতিয়া হঠাৎ পাই পঢ়ি চালোঁ আৰু প্ৰকাশ কৰা উচিত বুলি ভাবিলোঁ। কোৱা বাহুল্য যে দুকুৰি বছৰৰ পাচত উলিয়াব লগা হোৱাত কিতাপখনৰ আগৰ পৰা গুৰিলৈকে হাত ফুৰাই দিব লগা হৈছে আৰু নামটোও সলোৱা হৈছে।
আৰু এটা কথা ১৯০৭ চনত দেশ-কালৰ যেনে অৱস্থা আছিল আজি তেনে হৈ থকা নাই। সেই কাৰণে পাঠকসকলে দুকুৰি বছৰৰ আগৰ অৱস্থালৈ দৃষ্টি ৰাখি যেন ইয়াক পঢ়ে, এয়ে লেখকৰ অনুৰোধ। ইতি
১০ পুহ, ১৮৬৯ শক। |
বিনীত— গ্ৰন্থকাৰ। |
গোলক আৰু মহীধৰ দুয়ো প্ৰায় সমান বয়সীয়া। দুয়োৰে ঘৰ একে গাৱঁতে, তেজপুৰ নগৰৰ পৰা প্ৰায় তিনি মাইল দূৰৈত। সৰুৰে পৰা দুয়ো একে লগে উমলিছিল, একেলগে পঢ়িছিল আৰু একে লগে ফুৰিছিল। এনেকৈয়ে দুয়োৰে মাজত এনে বন্ধুতা জন্মিল যে এজনে আন জনক এৰি থাকিবলৈ টান পোৱা হ'ল। তেওঁলোকৰ মাজত পাৰ্থক্য ইমানেই যে মহীধৰে শাৰীৰিক পৰিশ্ৰমলৈ ভয় নকৰিছিল, কিন্তু গোলক কিছু পৰিমাণে আলসুৱা আছিল।
স্কুলত দুয়ো ভাল লৰা বুলি সুখ্যাতি লাভ কৰিছিল। অকল পঢ়াশুনাতেই নহয়, বাহিৰা কামতো দুয়ো আগৰণুৱা আছিল; শিক্ষকসকলেও মৰম কৰিছিল। এনেকৈয়ে দুয়ো একেলগে পঢ়ি ১৯০২ চনত প্ৰথম বিভাগত প্ৰবেশিকা পৰীক্ষা পাচ কৰে।
গোলকৰ দেউতাক গোপাল হাজৰিকা ধনী মানুহ, মৌজাদাৰ; খাত-পামো বহুত। বিদ্যালয়ত উচ্চ শিক্ষা নাপালেও মানুহজন জ্ঞানী, সৰ্ব্বসাধাৰণৰ লগত তেওঁৰ ব্যৱহাৰ অমায়িক। তেওঁৰ সন্তান তিনটা, প্ৰথম সন্তানেই গোলক। দ্বিতীয় সন্তান আছিল কন্যা; তেওঁৰ বিয়া হৈ গৈছে। তৃতীয় সন্তান ললিত এতিয়া স্কুলৰ ছাত্ৰ।
মহীধৰ পিতাকৰ একমাত্ৰ পুত্ৰ। পিতাকে খেতি-বাতি কৰি কোনোমতে পেটে-ভাতে খাইছিল আৰু লৰাটোকো পঢ়াইছিল। মহীধৰে প্ৰবেশিকা পাচ কৰা বছৰেই তেওঁৰ লোকান্তৰ ঘটে। তেওঁৰ ছোৱালী দুজনী, দুয়ো মহীধৰতকৈ সৰু। জীবিত কালতে তেওঁ ডাঙৰ জনীৰ বিয়া দি যায়।
প্ৰবেশিকাত উত্তীৰ্ণ হৈ মহীধৰে দেখিলে তেওঁৰ আৰু পঢ়িবৰ উপায় নাই। পিতাক ঢুকোৱাত ঘৰৰ বোজাও তেওঁৰ মূৰতে পৰিল; সৰু ভনীয়েকজনীকো বিয়া নিদিলে নহয়। ইফালে পিতাকে কোনো পুঁজি থৈ যাব পৰা নাছিল।সাত পাঁচ ভাবি কাছাৰীত চাৰে সোতৰ টকাৰ দৰমহাত এপ্ৰেন্টিচ সোমাল। এতিয়া ডেৰ কুৰি টকাত এটা চাবেক কাম পাইছে।কাছাৰীৰ আমোলা হলেও তেওঁ ঘৰত নানা বিষয়ৰ পুথি পঢ়ে আৰু তেনেকৈয়ে প্ৰায় সকলো বিষয়ৰে অলপ নহয় অলপ খবৰ ৰাখে। চাকৰিত সোমোৱাৰে পৰা কেইবা ঠাইৰ পৰাও তেওঁৰ বিবাহৰ প্ৰস্তাব আহিছিল, কিন্তু তেওঁ নিজৰ অৱস্থা টনকিয়াল কৰি ল'ব নোৱৰালৈকে আৰু ভনীয়েকক বিয়া নিদিয়ালৈকে তেনে প্ৰস্তাবব বিষয়ে ভাবিব নোৱাৰে বুলি জনালে। কিছু দিনৰ আগতে ভনীয়েকৰ বিয়া হৈ গৈছে, কিন্তু তেওঁৰ অৱস্থাৰ বিশেষ উন্নতি হোৱা নাই ৷
এণ্ট্ৰেস পাচ কৰি গোলক কলিকতাত পঢ়িবলৈ যায় আৰু যথাসময়ত এফ, এ, আৰু বি, এ; পাচ কৰে । বি, এ, পাচ কৰাৰ পাচতেই তেওঁ চাব ডেপুটি কলেক্টৰৰ চাকৰি পোৱাৰ আশা আছিল, কিন্তু তেওঁ চাকৰি কৰিবৰ ইচ্ছা নকৰি ল পঢ়িবলৈ হে মন মেলিলে ।এতিয়া ল পঢ়াও শেষ হৈছে, মাত্র শেষ পৰীক্ষা দিবলৈ বাকী।
কলিকতাত থকা কালত এৰা এৰি হলেও ঘৰলৈ আহিলেই গোলকে মহীধৰক বিচাৰে আৰু বন্ধৰ দিন কেইটা লৰা- কালিৰ দৰেই একেলগে কটায়। দুয়োৰে ভিতৰত নানা বিষয়ৰ আলোচনা হয়। গোলকে আচৰিত মানে যে কলেজৰ শিক্ষাৰ বাহিৰে অন্যান্য বিষয়ৰ জ্ঞান মহীধৰৰ বেচি ৷
বহাগৰ পাঁচ তাৰিখৰ দিনা আবেলি হয়ে। সাজ-পাৰ পিন্ধি ওলাল । দুয়োৰে হাতত কাকতেৰে মেৰিওৱা একোটা টোপোলা । তেওঁলোক ওলাইছে তেওঁলোকৰ পুৰণি সহ- পাঠী আৰু বৰ্ত্তমান মৌজাদাৰ হৰকান্তৰ ঘৰলৈ। আজি হৰকান্তৰ ভনীয়েকৰ বিয়া। বিয়াৰ আয়োজন বোলে বৰ ডাঙৰ । নগৰৰে পৰা আৰম্ভ পৰি দহ বাৰখন গাৱঁৰ মানুহ নিমন্ত্ৰণ কৰিছে। তেওঁলোকো নিমন্ত্ৰিত হৈছিল।
তেওঁলোকৰ ঘৰৰ পৰা হৰকান্তৰ ঘৰলৈ প্ৰায় আঢ়ৈ মাইল বাট। নগৰৰ পৰা তেওঁলোকৰ ঘৰৰ ওচৰে দি যোৱা আলি- টোৱেই হৰকান্তৰ ঘৰৰ কাষে দি গৈছে।দুয়ো খোজ কাঢ়ি গৈছিল।���
তেতিয়াও সাত বিহু পাৰ হোৱা নাই। আলিৰ দাঁতিৰ পথাৰবোৰত গৰু-ম'হ মুকলি মুৰেৰে চৰি ফুৰিছে, লগত কোনো ৰখীয়া নাই। কোনো কোনো ঠাইত লৰা-ডেকা লগ লাগি ঢোপ খেলিছে আৰু বুঢ়া মেঠাই বহি চাইছে। নিলগৰ বিহুতলীৰ পৰা ঢোল-পেঁপা-টকাৰ মাত বনগীতৰ সুৰেৰে সৈতে আহি তেওঁলোকৰ কাণত পৰিছে। যাওঁতে যাওঁতে গোলকে ক'লে –“বহাগ-বিহুতকৈ আনন্দৰ পৰ্ব্ব আৰু একো হ'ব নোৱাৰে। আন উৎসৱত কিছুমান মানুহেহে যোগ দিয়ে, কিন্তু ইয়াত যোগ নিদিয়া কোনো নাই।”
মহীধৰ।—সময়টোৱেই হৈছে আমোদৰ, খেল-ধেমালিৰ। চোৱাচোন প্ৰকৃতি নিজে কেনে উৎসৱত মতলীয়া। গছে গছে ৰঙচুৱা কুঁহিপাত, ৰমক জাক ফুল,চৰাইৰ ঐক্যতান, জাৰ জহৰ সমতা। ইফালে গোটেই বছৰৰ পৰিশ্ৰমৰ পাচত মানুহৰো অলপ আজৰিবৰ সময়। এনে দিনত যাৰ মনত আনন্দ নোপজে তাৰ জীৱনী শক্তিয়েই নাই।
গোলক।—সেইটো হ'লেও অতিপাত হোৱা ভাল নহয়। এইযে অশ্লীল বিহুনামবোৰ গায়, ই নিশ্চয় কুৎসিত প্ৰথা। আকৌ বিহুতলীৰ পৰা ছোৱালী চুৰ কৰাৰ কথাও শুনা যায়। মহীধৰ। — বিহুনামৰ অশ্লীলতাত আমি নাক কোঁচাব পাৰোঁ, কিয়নো সি সৰল চহাৰ সৰল মনৰ সৰল কথা, তাত আঁৰ-বেৰ নাই। কিন্তু সভ্যতাৰ গৌৰব কৰাসকলে কি কৰিছে! তেওঁ- লোকে সেই একে অশ্লীল কথাকে অলপ সাজ-পাৰ পিন্ধাই সভ্য কৰি উলিয়াইছে আৰু কোনো সঙ্কোচ নকৰাকৈ সমাজৰ মাজতে গোৱাৰ দিহা কৰিছে। আন নালাগে কালিদাসৰ কবিতাৰ কোনো অংশ নাইবা গীতগোবিন্দৰ কোনো গীত চহা মাত কথাত অনুবাদ কৰিলে এই বিহু গীতকেই পোৱা যাব। তই দেখিছ ৰাধাহৰণৰ নিচিনা পুথি কোনো সঙ্কোচ নোহোৱাকৈ যেয়ে সেয়ে পঢ়িব পাৰে, অথচ তাৰ কথা আৰু বৰ্ণনা এই বিহুগীত- তকৈও তলৰ খাপৰ। মুঠতে বিহুনামেই বোলা বা অশ্লীল গীতেই বোলা সমাজৰ সকলো স্তৰতে আছে! প্ৰভেদ মাথোন ইমানেই যে চহা মানুহৰ দৈহিক নগ্নতাৰ দৰেই ভাব আৰু কথা- বতৰাও নাঙঠা, ওপৰখাপৰ মানুহৰ দেহৰ দৰেই কথা-বতৰাটো সাজ-পাৰ। আকৌ যেনেকৈ বিহুতলীৰ পৰা মনে মনে মিলা ছোৱালী কোনোবাই নিব পাৰে, ঠিক তেনেকৈয়ে থিয়েটাৰ ঘৰৰ পৰাও নিনিয়াকৈ নাথাকে।
গোলক আৰু মহীধৰ কথা পাতি পাতি আগ বাঢ়ি গৈ আছে, বিয়াৰ ঘৰলৈ আৰু এমাইলমান হে বাকী। এনেতে তেওঁলোকে দেখিলে সম্মুখত এখন গাড়ী। গাড়ীখনৰ ওপৰত চৈ আৰু আগে পিচে আঁৰ কাপোৰ কোনোবা ভাল মানুহৰ তিৰুতা বিয়ালৈ আহিছে বুলি তেওঁলোকে অনুমান কৰিলে। তেওঁলোক গাড়ীখনৰ ওচৰ পাওঁ পাওঁ হৈছে, এনেতে সম্মুখৰ ফালৰ পৰা এজাক ম'হ আহিল। ম’হজাক গাড়ীৰ কাষেদি যাওঁতে আগত অহা ডাঙৰ ম'হটোৱে শিং জোকাৰিলে। গৰুহালে ভয় খাই এফলীয়া হৈ লৰ মাৰিলে।
আলিটোৰ দুয়োকাষে অলপ দ পথাৰ।আলিখাৱৈটোহে কিছু বেচি দ; বহলো চাৰি পাঁচ হাতমান।বিহুৰ সময়ত হোৱা বৰষুণৰ পানী তাত ডোঙা বান্ধি আছে।গৰুহাল এফলীয়া হৈ লৰ মাৰোতে গাড়ীৰ চকা এটা খাৱৈত পৰিল আৰু গাড়ী চিৎ খাই গ'ল। গাড়োৱানটো জাপ মাৰি পৰিল। পিচ ফালে এজনী ভাল সাজপাৰ পিন্ধা গাভৰু ছোৱালী আৰু এজনী বান্দী সৰি পৰিল। পিচে পিচে এটা চুট্কেচ্। এগৰাকী মহিলা পৰো পৰোঁ হৈ চৈত ধৰি ওলমি ৰ'ল। মহীধৰে বান্দী- জনীক তুলিবলৈ যাওঁতেই তাই নিজে উঠিল। বান্দীজনী পাৰৰ ফালে পৰিছিল আৰু কিছু দুখো পাইছিল। গাভৰুগৰাকী একে- বাৰেই পানীত পৰি গৈছিল আৰু কাপোৰ-কানিবোৰো আভজা হৈ পৰিছিল। গোলকে একেলৰে গৈ তেওঁক দাঙি ধৰিলে। ওলমি থকা মহিলাগৰাকী নিজে নামিল, তেওঁ কাৰো সাহায্য নল'লে।
এক মুহূৰ্ত্তৰ ভিতৰতে এইখিনি কাম হ'ল। গাভৰু গৰাকীয়ে বেচি দুখ পোৱা নাছিল, কাপোৰ-কানিহে লেতেৰা হৈছিল। গোলকে সুধিলে,—“দুখ পালা?”
গাভৰুৱে এবাৰ গোলকৰ মুখলৈ চাই মূৰটো জোকাৰি আকৌ তলমূৰ কৰিলে।
মহিলাগৰাকীয়ে বোধ কৰো এনে অযাচিত সাহায্য ভাল পোৱা নাছিল। তেওঁ এবাৰ গোলকলৈ চাই লাহেকৈ ক'লে, “এওঁলোক নিজেই উঠিব পাৰিলেহেতেন, গাড়ীখন তোলাহে টান হ'ব।”
গোলক গাভৰুৰ ৰূপত মুগ্ধ হৈ ৰ লাগি চাই আছিল। মহীধৰে টানি লৈ গ'ল। গাড়োৱানটোৱেও কিছু দুখ পাইছিল, কিন্তু সাংঘাতিক একো হোৱা নাছিল। এতিয়া তিনিওজনে ধৰি গাড়ীখন পাবলৈ তুলিলে। সকলোটি আলিলৈ উঠিল।
মহীধৰে সুধিলে,—“আপোনালোকে ক'ৰ পৰা আহি- ছিল?”
বান্দীয়ে ক'ব খোজোঁতেই মহিলাগৰাকীয়ে বাধা দি ক’লে,—“আমি মৌজাদাৰৰ ঘৰৰ বিয়ালৈ আহিছিলোঁ।”
মহিলাগৰাকীৰ উচপিচনি লাগিল। তেওঁ লাহেকৈ ক'লে,— "এওঁ কাপোৰ সলাব লাগে। আপোনালোকক ধন্যবাদ।”
গোলকে ক’লে,—“সলাবলৈ কাপোৰ লাগিলে আমি দিব পাৰোঁ।হাতত ভাল পাটৰ কাপোৰ আছে।”
মহিলাগৰাকীয়ে ক'লে,—“আমাৰ কাপোৰ আছে৷ এতিয়া নমস্কাৰ।” গোলকে আৰু কিবা সুধিব খুজিছিল কিন্তু মহীধৰে হাতত ধৰি টানি লৈ গ'ল। গোলোক আৰু মহীধৰৰ বিয়া খোৱা নহ'ল। গোলকৰ কাপোৰ-কানি লেতেৰা হোৱাৰ কাৰণে আৰু আগ নাবাঢ়ি দুয়ো উলটি খোজ ল'লে। অলপ বাট অহাৰ পাচত মহীধকে ক'লে—“তই এটা গাধ।”
গোলক। – কিয়? কি হ'ল?
মহী।—গাভৰু-গৰাকী উঠিবলৈ অক্ষম হোৱা৷ নাছিল; তোৰ লগত পৰিচয়ো নাছিল; তাতে কাপোৰ-কানিও ভালভাবে থকা নাছিল। এনে স্থলত ভই ঘপ কৰে ধৰিলিগৈ কিয়? ডেকা বয়সৰ ভাল মানুহৰ আগত এনেকৈ অপদস্থ হবলৈ কোনো গাভৰু বা মহিলাই ভাল নাপায়।
গোলক। — মই সিমানবোৰ ভাবিবলৈ নহ'ল। সাহায্য কৰা উচিত বুলি ভাবিয়েই তেনে কৰিছিলোঁ।
মহী। —নিজে উঠিব পাৰেনে নোৱাৰে সেইটো চাব লাগিছিল, বিশেষ প্ৰয়োজন নাথাকিলে লোকৰ গাভৰু ছোৱা- লীৰ গাত ঘপ কৰে হাত দিয়া শিষ্টাচাৰ নহয়।
গোলক।— তেওঁলোকে তেন্তে সাহায্য কৰাত বেয়া হে পালে? মহী।—মোৰ তেনেকুৱাই ধাৰণা। মহিলাগৰাকীৰ কথাৰ পৰাও তাকেই বুজা যায়।
গোলক।—-তেওঁ বাৰু পৰিচয় দিব নুখুজিলে কিয়?
মহী।—তাকো তই নুবুজিলি নে? তেওঁ কোনোবা ভাল মানুহৰ ঘৰৰ বোৱাৰী; ঘটনাটোত বৰ লাজ পাইছে। সেই দেখি তাক সদৰী কৰিব নোখোজে। মোৰ বিশ্বাস ঘটনাটো কোনেও নেদেখা হলেহে ভাল পালেহেতেন।
গোলক।— ঠিক তোৰ কথাই সঁচা। সেই কাৰণেই বোধ কৰো তেওঁ আমাক আঁতৰ হবলৈ ইঙ্গিত দিছিল।
মহী। —আমি তাৰ আগতে আঁতৰা উচিত আছিল, কিন্তু তই ছোৱালীজনীলৈ চাই ভেলেকা লাগিলি। সেয়েহে তেওঁ মনত পেলাই দিব লগাত পৰিল।
গোলক।—ছোৱালীজনী বৰ সুন্দৰী, অথচ গহীন। মোৰ মনত তেওঁৰ এটা ছাপ বহি গ'ল; ঠিক যেন মোৰেই কল্পনা ৰাজ্যৰ ছবি বাস্তবত পৰিণত হৈ দেখা দিলে।
মহী।—তই বৰ ভাৰপ্ৰৱণ, গাভৰুৰ পৰশত তোৰ মস্তিষ্ক বিকৃত হৈ গৈছে। তই তেনেকৈ ভবাই অনুচিত। আজি বাদে কালিলৈ তোৰ বিয়া। তই এতিয়া বাটত দেখা পোৱা গাভৰু এজনীৰ প্ৰতি এনেকৈ আকৃষ্ট হ'লে তোক বলিয়াৰ বাহিৰে আৰু কি বোলা যাব?
গোলক।—যিহকে বোল লাগিলে, মই সেই ছাপ মচিব নোৱাৰোঁ। তেওঁৰ পৰিচয় পাবলৈ মোৰ মন আকুল হৈ উঠিছে! মহী।—বাৰু পৰিচয় পালি, তেতিয়া কি কৰিবি? হয়তো তেওঁৰ বিয়াৰ বন্দবস্ত হৈ আছে; হয় তো তোৰ লগত মিলনত সামাজিক বাধা আছে। তেতিয়া?
গোলক।—মোৰ মনে কৈছে বাধা নাই। যদিও তেওঁক মই আজিয়েই প্ৰথম দেখিছোঁ তথাপি মোৰ মনত এনেহে লাগিছে যেন তেওঁ মোৰ বহু কালৰ চিনাকী। তেওঁ যেন মোৰেই।
মহী।—সেইটে৷ তোৰ অসংযত কামনাৰ অভিব্যক্তি মাথোন।
গোলক। নহয়! “সতাং হি সন্দেহপদেষু বস্তুষু প্ৰমাণ- মন্তঃকৰণ-প্ৰবৃত্তয়ঃ।” সন্দেহজনক বিষয়ত সজলোকৰ মনৰ ভাবটোৱেই সত্য।
মহী। --বেচ, বেচ! এইবাৰ দুৰ্ষ্যন্তই হ'লি! কিন্তু প্ৰথম দৰ্শনত ওপজা দুষ্যন্ত-শকুন্তলাৰ প্ৰেমৰ পৰিণতি কেনে হৈছিল তাকো মনত ৰাখিবি।
গোলক।—কেনে হৈছিল! পাতনিতে বেয়া হ'লেও পিচত ভাল হৈছিল।
মহী। - সি যিয়েই নহওক, সেই বিষয়ে তোৰ ভাবিবৰ প্ৰয়োজন নাই। এতিয়া ঘৰৰ লৰা ঘৰলৈ ব'ল। আজি বহাগৰ পাঁচ দিন, উনত্ৰিশ তাৰিখে তোৰ বিয়া। বিয়াখন হৈ গ'লেই লেঠা মৰিল। তেতিয়া আৰু লোকৰ চৈ দিয়া গাড়ীৰ ভিতৰত শকুন্তলাক বিচাৰিব নালাগিব; চকুৰ আগতে পাবি।
গোলক।—মই এতিয়া বিয়া নকৰাওঁ। পৰীক্ষাৰ আগতে বিয়া পাতিব নালাগে বুলি মই আগেয়ে কৈছিলোঁ। এতিয়াও বিয়াৰ দিন একেবাৰেই খাটাং হোৱা নাই।
মহী।—ভাৰ পৰা লাভ একো নহয়। বন্দবস্ত হৈ আছে যেতিয়া পৰীক্ষাৰ আগতেই হওক বা পিচতেই হওক তই তাতে বিয়া কৰাবলৈ বাধ্য। আজি দেখা ছোৱালীজনীৰ লগত মিলনৰ আন বাধা নাথাকিলেও এই বাধা তই গুচাব নোৱাৰ।
গোলক। —ক্ষন্তেকৰ ভোজ খাওঁতা নাই। পিচত যি হয় হ'ব, সম্প্ৰতি বিয়াখন বন্ধ কৰ। পৰীক্ষালৈ মাজত মাথোন দুমাহ আছে, এইটো কাৰণকে আগেয়েও দেখুওৱা হৈছে, এতিয়াও দেখুৱাবি।
এনেকৈয়ে কথা পাতি পাতি দুয়ো ঘৰৰ ওচৰ পালেহি আৰু এৰাএৰি হৈ নিজ নিজ ঘৰলৈ গ'ল। ⸻⸻
তৃতীয় অধ্যায়।
বিয়াৰ দিন।
দুবছৰমান আগতে ৰাধাকান্ত বৰুৱা চব ডেপুটি কালেক্টৰ তেজপুৰলৈ বদলি হৈ আহে। তেওঁৰ ঘৰ যোৰহাটৰ ফালে। তেওঁৰ পৰিয়ালত ছজন মানুহ, – তেওঁৰ মাক, ভনীয়েক, ঘৈণীয়েক আৰু দুটা লৰা-ছোৱালী। লৰাটো এবছৰীয়া, ছোৱালীজনী চাৰি বছৰীয়া। ইয়াৰ বাহিৰেও এটা চাকৰ আৰু এজনী চাকৰণী একেৰাহে আছে।
ভনীয়েকৰ বিয়াৰ বয়স হৈছে। ছোৱালীজনী ৰূপে গুণে চকুত লগা; নাম পদ্মা। এজন ভাল দৰা পাবলৈ ৰাধাকান্তই চেষ্টা কৰিবলৈ ধৰিলে। গোপাল মৌজাদাৰক তেওঁ ভালকৈ জানিছিল; তেওঁলোকৰ সকলো আঁতি-গুৰি লৈ গোলককেই তেওঁ উপযুক্ত বিবেচনা কৰিলে আৰু মৌজদাৰৰ ওচৰত তেওঁৰ ইচ্ছা প্ৰকাশ কৰিলে। সেইমতেই গোলকৰ মাকে ছোৱালী চালে, দেউতাকেও আঁতি-গুৰি, স্বভাৱ-চৰিত্ৰৰ সম্ভেদ ল'লে। সকলো মনোমত হোৱাত গোপালে এজন জ্যোতিষীক মাতি ৰাহি-জোৰা চোৱালে। গণনাত ভালকে পালে। তেতিয়া গোপালে ৰাধা- কান্তৰ প্ৰস্তাব গ্ৰহণ কৰিলে আৰু তেওঁৰ সিদ্ধান্তৰ কথা কলিকাতাত থকা গোলকক জনালে। গোলক সদায় পিতাকৰ বাধ্য, তাতে পিতাকৰ বিচাৰ-বুদ্ধিৰ ওপৰত তেওঁৰ উচ্চ ধাৰণা আছিল; সেই কাৰণে কোনো আপত্তি নুতুলিলে।
বিহুৰ আগতে গোলক কলিকতাৰ পৰা আহি পোৱাৰ কথা। সেই কাৰণে বহাগতে বিয়াখন পাতিব লাগিব বুলি দুয়ো পক্ষই সিদ্ধান্ত কৰিলে। ইয়াৰ ভিতৰতে যোৱা ফাগুনত হঠাৎ ৰাধা- কান্ত বদলি হ'ল; তেওঁ নগাওঁলৈ যাব লগাত পৰিল! তেওঁ ভাবিলে নগাৱঁত নতুনকৈ থান-থিত লৈ বিয়াৰ আয়োজন কৰাত কিছু অসুবিধা ঘটিব পাৰে। তেতিয়া হয় দৰাঘৰীয়াক নগাৱঁলৈ নিব লাগিব, নহয় তেৱেই তেজপুৰলৈ আহিব লাগিব।
তাৰ পৰা কিছুমান আহুকাল বঢ়াই লোৱা হ'ব মাথোন। সাত- পাঁচ গুণি ৰান্ধনি এটা মাথোন লগত লৈ তেওঁ নগাঁৱলৈ গ'ল। বাকী সকলোকে বিয়াখন হৈ নোযোৱালৈকে তেজপুৰতে ৰখাৰ দিহা কৰিলে!
{{gap}{বিয়াৰ দিন ঠিক হৈছিল উনত্ৰিশ বহাগত। গোলকে তাত আপত্তি কৰিছিল আৰু পৰীক্ষাৰ পিচলৈ নিবলৈ কৈছিল। কিন্তু গোপালে তেওঁৰ পূৰ্ব্বৰ সিদ্ধান্ত লৰাব নুখুজিলে।
এতিয়া গোলকৰ অনুৰোধত মহীধৰে গোপালৰ ওচৰত পুনৰ সেই কথা তুলিলে। গোপালে ক'লে— “কথাটো ভাল নহ'ব নহয়। বিয়াখন সোনকালে হ'ব বুলিয়েই তেওঁ গোটেইটো পৰিয়াল ইয়াতে ৰাখিছে আৰু দুখন ঘৰৰ নিমিত্তে খৰচ কৰিব লগা হৈছে। বিয়া হোঁহকাবৰ হ'লে তেওঁ হয় তেওঁৰ পৰিবাৰ লৈ যাব লাগিব, নাইবা অনাহকতে দুখন ঘৰৰ খৰচ ভৰি থাকিব লাগিব। এইটো তেওঁৰ প্ৰতি অত্যাচাৰ নহব জানো?"
মহী। —কিন্তু পৰীক্ষাৰ আগতে এনেবোৰ জঞ্জালত সোমাব লাগিলে পৰীক্ষাৰ ফল বেয়া হ'ব বুলি গোলকে ভয় কৰিছে।
গোপাল। —বিয়াৰ বিষয়ে সি ভাবিবলৈ একো নাই। সি এতিয়াৰ দৰেই পঢ়া-শুনা কৰি থকাত বাধা কি! বৰ বেচি হয় যদি এসপ্তাহ পঢ়া খতি হব; তাৰ পৰা একো নহয়। মই কথা লৰাব নোৱাৰোঁ।
এনেতে পিয়নে চিঠি-পত্ৰ দি গ'ল। তাৰে এখন ৰাধাকান্তৰ পৰা আহিছে। তেওঁ সেইখনকে প্ৰথমেই পঢ়িলে। শ্ৰদ্ধাস্পদেষু,
আপোনাৰ চিঠি পাইছোঁ। উনত্ৰিশ বহাগতে বিয়াখন পাতিম বুলি একপ্ৰকাৰ আয়োজনো কৰিছিলোঁ। ছুটীৰ দৰ্খাস্তও দিলো। কিন্তু তাৰ উত্তৰ পোৱাৰ আগতে ভিতৰুৱাভাবে জানিব পাৰিলোঁ মোক অস্থায়ীভাবে একষ্ট্ৰা এসিষ্টেন্ট কমি- শ্যনাৰৰ পদত গুৱাহাটীলৈ নিয়াৰ কথা হৈছে আৰু অলপ দিনৰ পিচত স্থায়ী হোৱাৰ আশাও আছে। এতিয়া যদি মই ছুটীত থাকোঁ তেন্তে আন কাৰবাক সেই পদত ল'ব পাৰে। সেই কাৰণে আপোনাৰ আপত্তি নাথাকিলে মই ছুটীৰ দৰ্খাস্তখন উঠাই ল'ব খোজো। বিয়াখন পৰীক্ষাৰ পিচত হ'লেহে লৰাই ভাল পায় বুলি আপুনি আগতে লিখিছিল, কিন্তু মোৰ অসুবিধালৈ চাই আপুনি তাত মত দিয়া নাছিল। এতিয়া যদি লৰাৰ মততেই মত দিয়া যায়, তেনেহলেই বোধ কৰোঁ দুয়ো পক্ষৰে ভাল হয়। সেই বিষয়ে মই আপোনাৰ উপদেশ বিচাৰোঁ। আপুনি যি সিদ্ধান্ত কৰে সেইমতেই কাম কৰিবলৈ মই সাজু।
মাজত বেচি দিন নাই। চিঠি পোৱা মাত্ৰেই যেন উত্তৰ দিয়ে। সকলোলৈকে বিহু-সম্ভাষণ জনালোঁ।
আপোনাৰ—
ৰাধা
চিঠিখন পঢ়ি গোপালে মহীধৰক দেখুৱালে। মহীধৰে
পঢ়ি চাই কলে, – “গোলকে যি বিচাৰিছিল সেয়ে। এতিয়া
আৰু তেওঁলোকৰ আহুকালৰ বাবে আমাৰ কোনো দায়িত্ব নাথাকে, অথচ গোলকৰ মনতো ভাল লাগিব।”
গোপালে অলপ ভাবি ক'লে, – “এৰা সেয়েই ভাল। তেওঁক আহুকালত নেপেলাওঁ বুলিহে খৰধৰ কৰিছিলোঁ। এতিয়া তেওঁৰেই যেতিয়া অসুবিধা, যিদৰে সুবিধা হয় তাকে কৰক। ” সেইমতেই গোপালে তেতিয়াই এখন চিঠি লিখি ডাকত দিবলৈ পঠালে। বিয়া হুহকিল।
চতুৰ্থ অধ্যায়।
অনুসন্ধান।
গাভৰুক লগ পোৱাৰে পৰা গোলকৰ মন অস্থিৰ। পৰীক্ষাৰ পঢ়া, বিয়াৰ ভাবনা আৰু সেই অচিন-চিনাকী গাভৰুৰ ছবি আটাইকেইটাই একেলগে তেওঁক ব্যাকুল কৰি তুলিলে। পৰীক্ষাৰ পঢ়া পঢ়ি থাকোঁতেই অজ্ঞাতসাৰে সেই দিনাৰ সকলো দৃশ্য সেই চৰকাৰী আলি, সেই ম'হৰ জাক,তেওঁৰ চকুত পৰে। সেই গাড়ী, সেই গাভৰুক। অন্তৰৰ পৰা দুষ্যন্তৰ উক্তি ওলাই আহে-
“অনাঘ্ৰাতং পুষ্পং কিসলয়মলূনং কৰুৰহৈ-
ৰণাবিদ্ধং ৰত্নং মধু নৱমনাস্বাদিতৰসম্।
অখণ্ডং পুণ্যানাং ফলমিৱ চ তদ্ৰূপমনঘং
ন জানে ভোক্তাৰং কমিহোপস্থা্ষ্যতি ৱিধিঃ॥"
বিয়া সম্প্ৰতি স্থগিত হোৱাৰ বাতৰিত যদিও পিচদিনা তেওঁ অলপ সান্ত্বনা লাভ কৰিলে, তথাপি সেই গাভৰুৰ পৰিচয় বিচৰাৰ হেপাহ অলপো নকমিল। মহীধৰৰ তিৰস্কাৰেও তেওঁৰ মনৰ গতি লৰাব নোৱাৰিলে।
তৃতীয় দিনা গোলক আৰু মহীধৰ হৰকান্তৰ ঘৰলৈ গ'ল। তেওঁলোকক ৰীতিমতে অভ্যৰ্থনা কৰি হৰকান্তই ক'লে,— “তোমালোক বিয়ালৈ আহিবা বুলি বৰকৈ আশা কৰিছিলোঁ। নহাত বৰ বেজাৰ পালে॥”
তেওঁলোকে তেতিয়া কি কাৰণত বিয়ালৈ গৈও বাটৰপৰা উলটিব লগা হ'ল, তাক ভাঙি-পাতি ক’লে। হৰকান্তই সুধিলে, – “তেওঁলোক কোন ক'ব পাৰা জানো?”
মহীধৰ। — মুঠেই একো নাজানো। তেওঁলোকে আমাৰ লগত কথা পাতিবলৈ অনিচ্ছা দেখুওৱা দেখি আমি একো সুধিবলৈ নহ'ল। মাত্ৰ বিয়ালৈ অহাৰ কথাটো জানিব পাৰিলোঁ।
হৰ।—তেতিয়া হ'লে ইয়াত তো কথাটো ওলাব লাগিছিল। কিন্তু ক'তা, এতিয়ালৈকে কোনেও তেনে ঘটনাৰ কথা কোৱা নাই।
গোলক।— - গাড়ীত কাৰ ঘৰৰ তিৰুতা আহিছিল, সেইটো জানিব পাৰিলেই পৰিচয় ওলাব।
হৰ। —গাড়ী জানো এখন আহিছিল! তোমালোকে কোৱাৰ নিচিনা গাড়ী দহ-বাৰ খনৰ কম নহ'ব। কোন খনৰ তেনে দুৰ্ঘটনা ঘটিছিল তাক অনুমান কৰিবৰো উপায় নাই।
মহীধৰ। — মহিলাগৰাকী বৰ গহীন; আত্মসম্মানৰ ভাব বৰ বেচি।
হৰ।—সেইটো বুজাই যায়। যেই-সেই তিৰুতা হোৱা হ'লে সেই ঘটনাৰ কথাৰেই বিয়াঘৰ তাল-কাল লগালেহেতেন। বাৰু ৰ'বাচোন ভিতৰত কোনোবাই কিবা জানেনে সুধি আহোঁ।
হৰকান্ত ভিতৰলৈ গ'ল আৰু তাত শুধি-পুছি ওলাই আহি ক'লে,—“নাই, কোনেও ঘুণাক্ষৰেও একো শুনা নাই।”
গোলক। —বৰ আচৰিত! সাধাৰণতঃ দেখা যায় অতি সামান্য কথা এটাও তিৰুতাৰ মুখত পৰিলে বৰ ডাঙৰ হৈ পৰে। তেনেস্থলত এনে ভাবে মুখ জপাই থোৱা মহিলা কেইগৰাকীৰ ধৈৰ্য্য আৰু মনোবল নিশ্চয় অসাধাৰণ।
মহী।—মই তেতিয়াই কৈছিলোঁ নহয় তেওঁ ঘটনাটোৰ কথা আনে জনা ভাল নাপায়। সেই কাৰণেই তেওঁলোকে আমি সাহাৰ্য্য কৰাত ভাল পোৱা নাছিল আৰু পৰিচয় দিবলৈকো অনিচ্ছা প্ৰকাশ কৰিছিল। তেওঁলোকৰ আদেশমতেই বোধ কৰোঁ চাকৰণী আৰু গাড়োৱানটোৱেও মুখ জপাই থৈছিল। এনেতে জা-জলপান আহিল। গোলক আৰু মহীধৰে বিয়াৰ জলপান বুলিয়েই ভালকৈ পেট ভৰাই খালে। সেই দিনা ওলোটাই অনা উপহাৰৰ টোপোলা দুটা আজিও তেওঁলোকে লৈ গৈছিল; এতিয়া হৰকান্তৰ হাতত দি তেওঁলোক ঘৰলৈ উলটিল।
মুঠতে সেই গাড়ী আৰু তাৰ আৰোহিণীৰ সম্পৰ্কে তেওঁলোকে নতুন আলোক একো নেদেখিলে।
⸻ ⸻
পঞ্চম অধ্যায়।
পূৰ্ণিমা।
দুৰ্গানাথ বৰুৱা এজন আবকাৰী বিভাগৰ কৰ্ম্মচাৰী আছিল; ঘৰ তেজপুৰতে। শিক্ষাত ইংৰাজী স্কুলৰ দ্বিতীয় শ্ৰেণীলৈকে পঢ়িছিল। তথাপি তেওঁ চাকৰিত উন্নতি কৰি সেই বিভাগৰে ইন্সপেক্টৰ হৈছিল; আন কি, অৱসৰ লোৱাৰ আগতে অস্থায়ীভাবে ছমাহমান চুপাৰিন্টেণ্ডেটো হৈছিল।অৱসৰ লোৱা এতিয়া প্ৰায় দুবছৰ হৈছে। এতিয়া তেওঁ অনৰেৰী মাজিষ্ট্ৰেট।
শুনা যায় তেওঁ বহুতো ধন ঘটিলে। নগৰৰ মাজ ঠাইতে তেওঁৰ দুখন ভাল ঘৰ আছে, — এখনত তেওঁ সপৰিবাৰে থাকে, আনখন ভাৰাত দিয়ে। বেংকত বোলে বহুতো টকা জমা আছে। মানুহে কয় বোলে অনৰেৰী মাজিষ্ট্ৰেট হোৱাৰ পৰা তেওঁৰ পেন্সনৰ এটা টকাও খৰচ কৰিব নালাগে; উপকৱা উপাৰ্জনেৰেই ঘৰ চলি যায়। যোৱা বছৰ ৰজাৰ জন্মদিন উপলক্ষে তেওঁ ৰায় চাহাব খিতাপ পাইছে।
এতিয়া তেওঁৰ পৰিয়ালৰ মানুহ হৈছে তেওঁ, তেওঁৰ গৃহিণী, দ্বিতীয়া কন্যা আৰু এটা ল'ৰা।ডাঙৰজনী ছোৱালীৰ বিয়া ছবছৰমান আগতে হৈ গৈছে। লৰাটো পেটমোচা, এতিয়া ইংৰাজী স্কুলৰ প্ৰথম শ্ৰেণীত পঢ়ে। ছোৱালীজনীৰ নাম পূৰ্ণিমা। পূৰ্ণিমাক লিখা-পঢ়া শিকাবলৈ বৰুৱাৰ ইচ্ছা আছিল, কিন্তু অসমীয়া ছোৱালীৰ নিমিত্তে কোনো স্কুল নথকাত তেওঁৰ ইচ্ছা পূৰ নহ'ল। যিবা বঙলা স্কুলতে নাম লগাই দিছিল তাতো কিতাপৰ ভাষা আৰু শিক্ষয়িত্ৰীৰ মাত কথা নুবুজাত বেচি দিন পঢ়িব নোৱাৰিলে। ডাঙৰজনী ছোৱালীৰ বিয়াৰ পিছৰে পৰা তেওঁ পূৰ্ণিমাৰ বিয়াৰ নিমিত্তেও যত্নৰ ত্ৰুটি কৰা নাই, কিন্তু এতিয়াও বিয়াখন পাতিব পৰা নাই। ছোৱালীক বেচি উপযুক্ত কৰিবৰ মনেৰে তেওঁ আজি এবছৰ- মান দুজন শিক্ষক ধৰি দিছে। এজন লিখা-পঢ়া শিকাবলৈ, আন জন গান-বাজনাৰ শিক্ষা দিবলৈ। যোৱা বহাগতে গুৱা- হাটীৰ এজন উকীলৰ লগত পূৰ্ণিমাৰ বিয়া হোৱাৰ কথা আছিল, কিন্তু কিবা কাৰণত নহ'ল।
এদিন আবেলি গোলক ডাকঘৰত চিঠি দিবলৈ গৈছিল। এনেতে কাছাৰীৰ পৰা দুৰ্গা বৰুৱাও সেই ফালেই আহিছিল। তেওঁ কিছু সময় গোলকলৈ চাই থাকি মাত লগালে, “হেৰ বোপা, এইফালে আহাচোন। ” গোলক চাপি আহিল আৰু নমস্কাৰ জনালে।
দুৰ্গানাথে সুধিলে,—“তুমি আমাৰ গোপাল মৌজাদাৰৰ লৰা নোহোৱা নে?”
গোলক। — হওঁ।
দুৰ্গা। তোমাৰ নাম গোলক?
গোলক। —হয়।
দুৰ্গা।—তুমি এতিয়া ল পঢ়িছা?
গোলক। — হয়। পঢ়া শেষেই হ'ল। এতিয়া “ফাইনেল” দিবলৈ হে বাকী।
দুৰ্গা।—পৰীক্ষা কেতিয়া?
গোলক।—সাত জুলাইৰ পৰা।
দুৰ্গা।—কলিকতালৈ কেতিয়া যাবা?
গোলক। — এমাহ মানৰ আগতে যাব লাগিব।
দুৰ্গা।—এৰা, ৰেল এখন নোহোৱাত আমাৰ বৰ অসুবিধা। ইয়াৰ পৰা গোৱালন্দ পাবলৈকে বোধ কৰে। এসপ্তাহমান লাগে।
গোলক। —কেতিয়াবা বেচি দিনো লাগে। কেতিয়াবা জাহাজ বালিত লাগিলে ছদিন তিনদিন একে ঠাইতে থাকিব লগা হয়।
দুৰ্গা। —সেই দেখি হাতত কিছুদিন ৰাখি যোৱাই ভাল। পিচে লটো পাচ কৰিবাই। এাতয়া চাকৰি কৰিবা নে উকীল হ'বা! গোলক। - চাকৰি কৰিবৰ মোৰ মন নাই।
দুৰ্গা।—সেইটো ঠিক নহয়। দেখিছাই নহয় অসমত ইমানবোৰ ই, এ, চিৰ ভিতৰত অসমীয়া মুঠেই চাৰি নে পাঁচ জন। বাকী গোটেইবোৰ বঙালী। ইহঁতক লাহে লাহে খেদাব লাগে। তোমালোকৰ দৰে উপযুক্ত ডেকাই যদি চাকৰি নকৰে তেন্তে সিহঁতক একচেতীয়াকৈ এৰি দিয়াহে হ'ব।
গোলক! — হওঁ বুলিলেই জানো ই, এ, চি, হব পাৰি!
দুৰ্গা।—নোৱাৰিবৰ কোনো কাৰণ নাই। ইমানবোৰ ই, এ, চিৰ ভিতৰত গ্ৰেজুৱেট নো কেইটা আছে? কমিশ্যনাৰ চাহাবে মোক সদায় কৈয়েই আছে বোলে মোৰ জোঁৱাই বা লৰা গ্ৰেজুৱেট হ'লেই তেওঁ ই, এ, চি কৰি দিব। পিচে মোৰ লৰাই এতিয়াও এণ্ট্ৰেঞ্চকে পাচ কৰা নাই, সৰু লৰা। ডাঙৰটো জোৱাই আকৌ গ্ৰেজুৱেট নহয়। এতিয়া ইজনী ছোৱালী গ্ৰেজুৱেটক দিব পাৰিলেই ই, এ, চি কৰি দিব পাৰোঁ। পিচে এটা কথা, – যেই সেই গ্ৰেজুৱেটকে জানো!. ছোৱালীজনী দিব পাৰি! গুৰি-গছ, অৱস্থা, আচাৰ-ব্যৱহাৰ সকলো মনোমত নহলে অকল গ্ৰেজুৱেট হ'লে কি হ'ব! এতিয়াই দুই-তিনটা গ্ৰেজুৱেট লাগি আছে। পিচে এটাও মোৰ পছন্দ হোৱা নাই। কোনোটো দেখিবলৈকে আপচু, কোনোটোৰ গোড়া-গোষ্ঠী ভাল নহয়, কোনোটোৰ আকৌ! কিবা কেলেঙ্কাৰী আছে। যেনে-তেনে ছোৱালী হোৱা হলেও এক কথা আছিল। পিচত মোৰ ছোৱালী নামত যেনে পূৰ্ণিমা গুণতো তেনে। লিখা-পঢ়া, গান-বাজনা আদিত তাইৰ লগত জোৰ দিব পৰা ছোৱালী আৰু এজনী নোলায়। অলপতে সৌ হৰকান্ত মৌজাদাৰৰ ঘৰৰ বিয়ালৈ গৈছিল। বহুতে ধৰিলত তাই এটা নে দুটা গান গালে। শুনি নশলগা মানুহ নাই।
এনেভাবে জীয়েকৰ গুণ-যশস্যা বৰ্ণনা কৰাত যে বৰুৱাৰ কিবা এটা অভিপ্ৰায় আছে তাক গোলকে অনুমান কৰিলে। তেওঁ কি ক'ব, কি নক'ব একো ঠিক কৰিব নোৱাৰি ক'লে---- “বিয়ালৈ জানো আপুনিও গৈছিল?”
দুৰ্গা।—যাবৰ কথা আছিল, পিচে যাব নোৱাৰিলোঁ।
গোলক। – কিয়?
দুৰ্গা। — ভাবিছিলোঁ বোলো ঘোৰাৰ গাড়ী এখন ভাৰা কৰি সপৰিবাৰে যাম। পিচে গাড়ী নাপালোঁ। এই নগৰত তেনে ঘোৰাৰ গাড়ী মুঠেই এখন। তাৰে এখন চাকা ভাগি পৰি আছে, ইখন সেইদিনা পুৱাতে কোনোবাই দিনটোলৈ নিলে। তেতিয়া নোযোৱাটোকে ঠিক কৰিলোঁ। পিছে সৌ চিৰস্তাদাৰৰ পৰিবাৰে গৰুৰ গাড়ী এখন ভাৰা কৰি যাবলৈ "ওলাল। তেওঁৰ চাকৰণী জনীৰ বাহিৰে আৰু লগ নাছিল; সেই দেখি পূৰ্ণিমাৰ মাকক লগ ধৰিলেহি। তেওঁ কিন্তু গৰুৰ গাড়ীত যাব নুখুজিলে। শেহত চিৰস্তাদানীৰ অনুৰোধ এৰাব নোৱাৰি পূৰ্ণিমাকে যাবলৈ দিলো।”
কথা কোৱাৰ লগে লগে ৰায় চাহাব গৈ আছিল। গোলকো বাধ্য হৈ যাব লগাত পৰিছিল।এনেকৈয়ে দুয়ো গৈ দুৰ্গা বৰুৱাৰ পদূলি পালে। বৰুৱাই ক'লে,–“এইখনেই মোৰ ঘৰ। এনেকুৱা ঘৰ আৰু এখন আছে, ভাৰালৈ দিওঁ। ইমান বাট আহিলা যেতিয়া আহাঁ, এটোপা চাহকে খাই যোৱা।”
হঠাৎ দুৰ্গা বৰুৱাৰ এনে আত্মীয়তা আৰু ঘাইকৈ এজন ডেকা মানুহৰ আগত জীয়েকৰ গুণ বৰ্ণনাৰ ভিতৰত যে তেওঁৰ এটা উদ্দেশ্য আছিল তাক গোলকে নুবুজাকৈ থকা নাই। প্ৰথমতে তেওঁ কেনেকৈ বৰুৱাৰ হাত সাৰিব তাকেই ভাৰিছিল। কিন্তু যেতিয়া গৰুৰ গাড়ীত এগৰাকী মহিলা আৰু এজনী বান্দীৰে সৈতে জীয়েক বিয়ালৈ যোৱাৰ কথা শুনিলে তেতিয়া তেওঁৰ মনৰ ভাবৰ সলনি হ'ল; ছোৱালীজনী চাবলৈ ইচ্ছা জন্মিল। কি জানি পূৰ্ণিমাই তেওঁ বিচৰা ছোৱালীজনী। তেওঁ আপত্তি নকৰি বৰুৱাৰ লগে লগে গ'ল।
গোলকক চ'ৰাত বহুৱাই ৰায় চাহাৰ কাপোৰ সলাবলৈ ভিতৰ সোমাল। গোলকে মেজৰ ওপৰত থকা বাতৰি কাকত- খনকে হাতত লৈ কিবাকিবি ভাবিবলৈ ধৰিলে। মাজে মাজে বাৰত ওলোমাই থোৱা ফটো কেইখনতো চকু ফুৰালে। গাভৰু ছোৱালীৰ ফটোও তাত আছিল, কিন্তু এখনতো তেওঁ বিচৰা ছোৱালীজনী নাই।
এনেকৈ দহ মিনিটমান যোৱাৰ পাচত দুৰ্গানাথ সাজ-পাৰ সলাই আহিল আৰু গোলকৰ ওচৰতে বহিল। এটা চাকৰে
প্ৰথমতে পানী আৰু গামোচা থৈ গ'ল। তাৰ পাচত চাহ- জলপান আহিল। দুয়ো খাবলৈ ধৰিলে, লগে লগে কথা বতৰাও চলিল।
ৰায় চাহাবে ক’লে,—“মই আকৌ কওঁ, তুমি ই, এ, চি, হোৱা উচিত। তুমি হওঁ বোলা মুঠেই, মই তাৰ সকলো দিহা কৰি দিম। তুমি আন একো কৰিব নালাগে, মাত্ৰ এখন দৰ্খাস্ত দি প্ৰাৰ্থী হ'ব লাগিব আৰু কমিশ্যনাৰে মাতিলে এবাৰ দেখা কৰিবলৈ যাব লাগিব।”
গোলক।—আগেয়ে ল, পাচ কৰি লওঁ। তাৰ পিচতহে আন কথা ভাবিম।
ৰা, চা।—অকল ভাবিলেই নহয়, তুমি ই, এ, চি, হ’বই লাগিব।
গোলকে একো নামাতিলে। ৰায় চাহাবে আকৌ ক'লে, — “আমি একে ঠাইৰে মানুহ। সেই কাৰণেt তোমালোকৰ সুখ্যাতি শুনিলে নিজৰ লৰাৰ সুখ্যাতি শুনাৰ সমানে আনন্দ পাওঁ। তুমি মাজে সময়ে মোৰ ওচৰলৈ আহিলে আৰু আনন্দ পাম। গোলক।—মই এতিয়া পঢ়া-শুনাত লাগিছোঁ, কাম থাকিলেহে নগৰলৈ আহোঁ। মাজে-সময়ে গাৱঁতে ইফালে সিফালে ফুৰো।
ৰা, চা।—সেইটো মই ভাল নোবোলোঁ।গাৱঁৰ মানুহ বোৰ অসভ্য; গম নোপোৱাকৈয়ে সিহঁতৰ বেয়া স্বভাৱে আনৰ গাতো লম্ভিব পাৰে। গোলকে তাৰ কোনো উত্তৰ দিব নুখুজি বিদায় ল'লে। পূৰ্ণিমাক তেওঁ নেদেখিলে; সন্দেহ ভঞ্জন নহ'ল।
দুৰ্গা বৰুৱাই গোলকক পদূলি-মূৰত আগ বঢ়াই থলে।
⸻⸻
ষষ্ঠ অধ্যায়।
ঠিকাদাৰ।
দুৰ্গা বৰুৱাৰ ঘৰৰ পৰা অলপমান আঁতৰতে মিনাইৰ ঘৰ।
তেওঁ মিনাই ঠিকাদাৰ নামে জনাজাত। প্ৰথমতে এওঁ খেৰী
ঘৰ মেৰামত কৰা, ভেটা-জেওৰা দিয়াৰ নিচিনা সৰুসুৰা ঠিকা
লৈছিল আৰু কোনোমতে পেট প্ৰবৰ্তাইছিল। এইবোৰ কামত
বাঁহ-কাঠ, খেৰ, ইকৰা বিচাৰি তেওঁ মাজে মাজে গাৱঁলৈকো
যাব লগা হয় আৰু তেনেকৈয়ে বহুতো গাৱঁৰ মানুহৰ
লগত চিনা-পৰিচয় ঘটে। এবাৰ তেওঁৰ এশ জাতি বাঁহৰ
প্ৰয়োজন হয়। তেওঁ সোণাই বুলি গাৱঁলীয়া মানুহ এটাৰ
লগত ছটকাত এশ বাঁহৰ বন্দৱত কৰি মানুহ লৈ কাটিবলৈ
যায়। কিন্তু সোণায়ে দেখুৱাই দিয়া মতে বাঁহত ঘাপ মাৰোঁ-
তেই বুদাই বুলি আন এটা মানুহ আহি তাত বাধা দিয়ে আৰু
কয় যে সেই বাঁহ সোণাইৰ মাটিত নাই, বুদাইৰ মাটিত হে
আছে। তেতিয়া সিহঁত দুয়োটাৰ কাজিয়া লাগে আৰু শেহত
মৰামৰি লাগি জখম হয়। তাৰ ফলত দুয়ো দুয়োৰে ওপৰত
ফৌজাদাৰী মোকদমা কৰে।সোণায়ে মিনাইক সাক্ষী দিয়ে
আৰু মিনাইৰ সাক্ষ্যৰ বলতেই সোণাইৰ জয়
হয়। মিনায়ে সাক্ষী দিয়াৰ বেচ স্বৰূপে, সোণাইৰ পৰা এশ বাঁহ বিনামূল্যে
পায় আৰু শাক পাচলি, কেৰেলা-বেঙেনা আদিও লাভতে খাবলৈ
পায়। মিনায়ে দেখিলে ঠিকাদাৰিতকৈ এইটো বৃত্তি বেচি লাভ
জনক। তেতিয়াৰে পৰা তেওঁ প্ৰায়ে কাছাৰীলৈ যোৱা হ'ল
আৰু কাৰোবাৰ সাক্ষীৰ অভাৱ হ'লে সাক্ষী হ'বলৈ আগ
বাঢ়িল। নেদেখা নুশুনা ঠাইৰ ঘটনা হ'লেও তেওঁ ঠিকাৰ
বাঁহ-কাঠ বিচাৰি গৈ ঘটনাস্থলত উপস্থিত হৈছিল বুলি ক'বলৈ
চল পাইছিল। এনেকৈয়ে তেওঁ মিছা সাক্ষী কোৱাত পাকৈত
হৈ পৰিল কিন্তু তেতিয়াও এটা অসুবিধা থাকিল যে এনে
সুযোগ সদায় নিমিলে। তেওঁ তেতিয়া আৰু এটা কাৰবাৰত
ধৰিলে। তেওঁ সোনকালে গৈ কাছাৰীৰ আগত থিয় দি থাকে।
গাৱঁলীয়া হোজা মানুহ নাইবা বাগিচাৰ বহুৱা আদি কাছাৰীৰ
ফাললৈ অহা দেখিলে তেওঁ বাটতে ধৰেগৈ আৰু গোচৰৰ
সকলো কথা বুজি লৈ তাৰ ভাল ব্যৱস্থা কৰি দিবলৈ গাত লয়।
আদালতৰ আও ভাও নুবুজা মানুহে তাত ভালেই পায় আৰু
হিচাপ মতে যি ধন লাগিব বুলি কয় দি দিয়ে। মিনায়ে তাৰে
এটকা বা দুটকা উকীলক, চাৰি অনামান মহৰীক আৰু কাকত
আৰু টিকটৰ বেচ যি লাগে দি বাকীখিন নিজলৈ ৰাখে,
প্ৰয়োজনমতে সাক্ষীও হয়। এনেকৈয়ে তেওঁৰ অৱস্থা কিছু ভাল
হৈ আহিল। ঠিকাৰ কামো অলপ অচৰপ চলিয়েই থাকিল।
দুৰ্গা বৰুৱা অনৰেৰি মাজিষ্ট্ৰেট হোৱাৰ পৰা তেওঁৰ আৰু অলপ সুবিধা হ'ল। যিসকল গুচৰীয়া পদকীয়াই পোনে পোনে হাকিমৰ ওচৰ চাপিবলৈ সাহ নকৰে, তেওঁলোকে তেওঁ লোকৰ কাম মিনাইৰ যোগেদিয়েই সমাধা কৰে। ধনৰ ভাগ মিনায়েও কিছু পায়। এনে ভাবে যদিও মিনায়ে অৱস্থা বিশেষ ভাল কৰিব পৰা নাই, তথাপি বিশেষ অভাবত নপৰাকৈ চলি আছে।
ঘৰত তেওঁ আৰু ঘৈণীয়েক। তেওঁলোকৰ সন্তান মাত্ৰ একেজনী ছোৱালী। তেওঁক কেইবা বছৰৰ আগতে এজন পোষ্ট অফিচৰ কেৰাণীলৈ বিয়া দিয়া হৈছে। জীয়েক-জোৱায়েক এতিয়া গুৱাহাটীত।
গোলকৰ লগ পোৱাৰ পিচ দিনা দুৰ্গা বৰুৱাই মিনাইক মাতি পঠালে আৰু তেওঁ চৰাতে বহি কিবা গোচৰৰ ৰায় লিখি থাকিল। এনেতে এটা মানুহ আহি তেওঁক নমস্কাৰ জনালে। মূৰ দাঙি চাই বৰুৱাই ক'লে,–“অ' জাতিৰাম, আজি তহঁতৰ মোকৰ্দমাৰ ৰায় দিয়াৰ দিন আছে, নহয় নে?”
জাতি।— হয় দেউতা। পিচে বন্দীক বা মাতিছিলে কিয়?
দুৰ্গা।—মাতিছিলোঁ তোৰ ভালৰ নিমিত্তে। মোকৰ্দমাৰ ফল তোৰ ফালে ভাল নহব, মিতি পেলাগৈ।
জাতি৷—মিতিম কেনেকৈ! মই মানুহটো ঘৰতেই নাই, দেউতাই সেইটো সাক্ষীৰ পৰা প্ৰমাণ পাইছেই। মই নথকাকৈ কাতিক মাৰিলোঁ কেনেকৈ! এতিয়া মিছা মোকৰ্দমা বুলি সি এৰি দিলেহে মিতিব পাৰোঁ।
দুৰ্গা।—তই ঘৰত নাই বুলি প্ৰমাণ দিছ, সিও মাৰিছে বুলি প্ৰমাণ দিছে। মই কাৰটো মানিম! সেই দেখি কৈছোঁ মিত-মাত কৰি পেলোৱা ভাল, নহ'লে তোক কুৰি টকা জৰিমনা কৰিম।
জাতি।–দেউতা, মৰাক মৰিয়াই নামাৰিব; মোৰ গাত কোনো দোষ নাই।
দুৰ্গা।—সেইবোৰ মই নাজানো। মিত-মাত কৰিব খোজ যদি আজিও ৰায় নিদিওঁ।
জাতি।—কৈছে৷ নহয় মিতিৰ উপায় নাই। দুখীয়ালৈ অলপ চাব দেউতা।
দুৰ্গা।– তেনেহলে জৰিমনাৰ টকা কুৰি লৈ আহিবি, আজিয়েই ৰায় দিম।
জাতি।—একুৰি টকা ক'ত পাম দেউতা!
দুৰ্গা।—নাপাৱ, যি কৰ কৰিবি। তোক শাস্তি দিবৰ মোৰ মন নাছিল, পিচে কি কৰিম! ই হৈছে আইনৰ কথা।
জাতি।—আইনো দেউতাৰ হাততেই হে।
দুৰ্গা।—সেইটো হওঁতে হয়, পিচে মানুহে লাভৰ মুখ নেদেখিলে জানো অন্যায় কৰে?
কাতি হাকিমৰ ওচৰলৈ অহাৰ কথা জাতিয়ে জানে, কিন্তু কাতিৰ সাক্ষী-বাদী ভাল হোৱা নাছিল। সেই কাৰণে সি খালাচ পাব বুলিয়েই ভাবি থৈছিল। এতিয়া হাকিমৰ কথা শুনি সি বুজিলে টকা নাপালে হাকিমে তাক খালাচ নিদিয়ে। মিত-মাত কৰিবলৈ গৈ কাতিক টকা দিয়াতকৈ হাকিমকেই যাতে দিয়ে, এই উদ্দেশ্যেই নিশ্চয় হাকিমে তাক মাতিছে। ইয়াকে ভাবি সি টকা পাঁচোটা উলিয়াই ক'লে,—“কুৰি টকা ভৰিব লাগিলে মই তেনেয়ে মৰিম। এই পাঁচ টকা ধাৰ কৰি আনিছিলোঁ, ইয়াৰেই লেঠাটো মাৰি লওক।”
দুৰ্গা।—পাঁচ টকাৰে কুৰি টকাৰ লেঠা নমৰে।খালাচ পাব খোজ যদি বেচি নহলেও আৰু পাঁচ টকা লাগিব।”
জাতি।— আৰু নায়েই দেউতা।
দুৰ্গা।—চাওঁ বাৰু তোৰ হাচতিখন মেল।
জাতিয়ে হাচতিৰ গাঁথিটো মেলিলে, টকা এটা ওলাল।
দুৰ্গা।—নাই বুলিছিলি, সেইয়া নহয় ওলাল।ফাঁকি দিয় কিয়?
জাতি।—নহয় দেউতা, মই ফাঁকি দিয়া নাই। লৰাটোলৈ চিলঠ এখন আৰু কিতাপ দুখন লাগে। ভালৈকে মাকে কেতিয়াবাই লুকুৱাই থোৱা টকাটোকে দি পঠিয়াইছে।
দুৰ্গা।—কিতাপ আন এদিন কিনিলেও হ'ব, কিন্তু গোচৰৰ লেঠা পৰি নাথাকে।
জাতিয়ে দেখিলে উপায় নাই। সেইটো টকাও হাকিমলৈ আগ বঢ়াই ক'লে, “মোৰ ইমানেই হে সম্বল আছিল। দেউতা যেন ইয়াতেই সন্তুষ্ট হয়।” দুৰ্গা।–তোৰ আৰু নাই যেতিয়া কি কৰিবি! বাৰু যা, ভয় নাই; তোৰ নিমিত্তে অন্যায়কে কৰিব লগাত পৰিলোঁ।
জাতিয়ে নমস্কাৰ জনাই বিদায় ল'লে।
ইয়াৰ অলপ পাচতে মিনাই ঠিকাদাৰ হাকিমৰ ওচৰত উপস্থিত হ'ল। বেঞ্চখনতে বহি মিনায়ে সুধিলে, – “আপুনি বোলে মোক মাতিছিল?”
দুৰ্গা।—এৰা, এটা বৰ ডাঙৰ লেঠাত পৰিলোঁ। ছোৱালী- জনীৰ বিয়াখন ভাগিল।
মিনাই।—কিয়?
দুৰ্গা।— আজি-কালিৰ লৰাহঁতৰ কথা জানাই নহয়। লৰাই বোধ কৰো নিজে ক'ৰবাত পছন্দ কৰি থৈছে। সেই কাৰণে বাপেকে কৰা বন্দৱস্ত মিছা হ'ল!
মিনাই।—পিচে মোক মাতিলে কিয়?
দুৰ্গা। — কওঁ। গোপাল মৌজাদাৰৰ লৰাটোৱে বি, এ, পাচ কৰি এতিয়া ল পঢ়ে। তোমাৰ লগত মৌজাদাৰৰ চিনা- জনাও আছে। যেনে তেনে এই লৰাটোৰ লগতে বন্দৱন্ত কৰিব নোৱাৰা নে?
মিনাই।—সেইটো পৰা টান হ'ব। ইয়াত যে চৰ ডেপুটি আছিল ৰাধা বৰুৱা, তেওঁৰ ভনীয়েকক ইয়াত থাকোঁতেই আঙঠি পিন্ধাই থৈছে। ব'হাগত বিয়া হবৰ কথাই আছিল।
দুৰ্গা।—সেইটে৷ ময়ো গম পাইছিলোঁ। পিচে ক'তা! বহাগ গলেই, বিয়াৰ দেখোন কোনো উম-ঘাম নাপালোঁ। কি জানি ভাগিলেই।
মিনাই।—কিবা অসুবিধাৰ কাৰণেহে পিচুৱাইছে, ভগা যে নাই সেইটে৷ মই জানো।
দুৰ্গা।—কেনেকৈ ভাঙিব পাৰি তাৰ এটা উপায় উলিওৱা। তুমি যদি মৌজাদাৰৰ পুতেকৰ লগত পূৰ্ণিমাৰ বিয়াখন পাতি দিব পাৰা তোমাক নগদ দুশ টকা দিম।
অলপ পৰ ভাবি মিনায়ে ক'লে, – “কি হয় ক'ব নোৱাৰোঁ, চেষ্টা কৰি চাব পাৰোঁ। এতিয়া প্ৰথমে মৌজাদাৰৰ ওচৰলৈ যোৱাতকৈ গুৱাহাটীলৈ যোৱাহে ভাল হ'ব। বিয়াখন ভঙাৰ দিহা কৰিব নোৱাৰিলে, মৌজাদাৰক ধৰাৰ পৰা লাভ নহ'ব।”
দুৰ্গা।--কৰা যিহকে ভাল দেখা।
মিনাই। — অহা-যোৱা কৰিবলৈ কিছু খৰচ লাগিব।
দুৰ্গা। — খৰচ পাবা। কেতিয়া কি লাগে মুঠেই মোক জানিবলৈ দিবা।
মিনাই।—বাৰু তেন্তে৷ এতিয়া মোৰ ঘৰ এটাৰ কাম অলপ বাকী আছে, দুই এদিনতে শেষ হ'ব। তেতিয়া আন কাম এৰি আপোনাৰ কামতে লাগিম।
এনেকৈ কৈয়েই মিনায়ে বিদায় ল'লে; দুৰ্গা বৰুৱাই নীৰৱে কিবাকিবি ভাবিলৈ ধৰিলে।
এসপ্তাহৰ মূৰত মিনাই গুৱাহাটীলৈ গ'ল; জীয়েকৰ ঘৰতে থাকিল। দ্বিতীয় দিনা আবেলি লাহে লাহে ৰাধা বৰুৱাৰ ঘৰলৈ খোজ ল'লে।
সেই দিনা দেওবাৰ। ৰাধাকান্ত চ'ৰাতে বহি বাতৰি কাকত পঢ়ি আছিল। এনেতে মিনাই গৈ তেওঁক নমস্কাৰ জনালে।
হাকিমে মিনাইক তেজপুৰত থাকোঁতেই চিনি পাইছিল। তেওঁ মিনাইক বহিবলৈ কৈ সুধিলে,— “ক’ৰ পৰা ওলালা?”
মিনাই।—আহিছিলোঁ ছোৱালীজনীৰ ঘৰলৈ।মোৰ ছোৱালীজনী ডাক ঘৰৰ কেৰাণী এজনলৈ পৰিছে। মাজে মাজে ভু-ভা লবলৈ আহি থাকোঁ। হওঁতে আন কামো অলপ আছিল। পিচে তেজপুৰত থাকোঁতেই আপোনাৰ লগত চিনা- জনা। সেই দেখি বোলো একেষাৰ মাত লগাই যাওঁ।
ৰাধা। —ভাল কবিলা। পুৰণি চিনাকী মানুহ লগ পালে ভাল লাগে। পিচে কেইদিনমান থাকিবা।
মিনাই।—বেচি দিন থাকিব নোৱাৰোঁ। জানেই নহয় ঠিকাদাৰ মানুহ, সদায় কাম লাগিয়েই থাকে। তাতে আকৌ অনৰেৰী মাজিষ্ট্ৰেট ৰায় চাহাবে জীয়েকৰ বিয়াৰ গোটেইখিনি ভাৰ মোৰ গাতে পেলাইছে। সেই দেখি কালিমানলৈকে পাৰিলে যাব লাগে। তেওঁ জীয়েকৰ নিমিত্তে এজোৰ ভাল বন কৰা পাটৰ কাপোৰ বিচাৰিবলৈ কৈছে। তেজপুৰত নাপালে, জানে। ইয়াত পাওঁ নে নাপাওঁ!
ৰাধা। —তুমি দুৰ্গ৷ বৰুৱাৰ জীয়েকৰ কথা কোৱা নাই জানো?
মিনাই।―হয়, তেওঁৰ কথাকেই কৈছোঁ।
ৰাধা। — তেওঁৰ দেখোন বিয়া ভাগিল বুলি শুনিছোঁ! ইয়াৰ নৰেন্দ্ৰ ফুকনৰ লগত হে বিয়াৰ কথা আছিল।
মিনাই।―হয়, সেই বিয়া ভাগিল। এতিয়া তেজপুৰতে ঠিক হৈছে।
ৰাধা।— দৰা কোন?
মিনাই।—গোপাল মৌজাদাৰৰ পুতেক গোলক। অলপতে ল পৰীক্ষা দিব। পৰীক্ষা দি আহিলেই বিয়া |
ৰাধাই আচৰিত মানি ক'লে— “কথাটো সঁচা যেন লগা নাই। ক'তা! মই দেখোন খবৰ পোৱা নাই।”
মিনাই। —নিশ্চয় পাব। আপোনাক আৰু নমতাকৈ থাকিব নে? দুৰ্গা বৰুৱাই জীয়েকৰ লগত নগৰৰ এখন ঘৰ, আৰু সম্পত্তিৰে৷ আধা দিব খুজিছে। নিদি নো কৰিব কি! লৰাও সেই একেটাই হে। আধা সম্পত্তি পালেও তালৈ ঢেৰ হ'ব। ৰাধাকান্ত গম্ভীৰ হ'ল। তেওঁ আৰু মিনাইৰ বেচি কথা একো নুসুধিলে। মিনায়ে বিদায় ল'লে।
ৰাধাই একো বুজিব নোৱাৰিলে; তেওঁৰ মনলৈ নানা দুৰ্ভাবনা আহিল। তেওঁ ভাবিলে যদিহে কথাটো সঁচা তেন্তে ধন-সম্পত্তিৰ লোভত পৰিয়েই গোপাল মৌজাদাৰে এনে নীচভাবে কাম কৰিবলৈ ওলাইছে। কিন্তু সেয়ে হ'লেও তেওঁক জনোৱা উচিত আছিল। তেওঁতো গোপাল মৌজা- দাৰক এনে প্ৰতাৰক বুলি কল্পনাও কৰা নাছিল। আৰু সঁচা নহলে মিনায়েই বা তেনেকৈ ক'বৰ কি কাৰণ থাকিব পাৰে।
ৰাধাকান্তৰ ভাৰ্য্যা যোগমায়াই ৰাধাক মন মাৰি থকা দেখি আচৰিত হৈ কি হৈছে সুধিলে। ৰাধাই মিনাইৰ পৰা শুনা সকলো কথা ক'লে।
অলপ পৰ থৰ হৈ থাকি যোগমায়াই ক'লে,—“বাটৰুৱা মানুহ এটাৰ কথাতে আপুনি ইমানকৈ মন মাৰিছে কিয়? তাৰ কথা সঁচা নহবও পাৰে। আৰু যদি হে সঁচা হয় তেন্তে মৌজাদাৰৰ নিচিনা নীচ মানুহ আৰু কোনো হব নোৱাৰে। তেনে মানুহৰ হাতত আমাৰ ছোৱালী নপৰাই ভাল। আপুনি মিছাতে দুখ নকৰিব।”
ৰাধাকান্তই বহুত সময় চিন্তা কৰিলে। প্ৰথমতে তেওঁ গোপাললৈ এখন চিঠি লিখিব খুজিছিল, কিন্তু শেহত নি লিখাকে ঠিক কৰিলে৷ তেওঁ ভাবিলে যদি সঁচাকৈয়ে গোপাল মৌজাদাৰ তেওঁৰ অজ্ঞাতসাৰে ইমান খিনিলৈ আগ বাঢ়িছে তেন্তে তেওঁ একো নিলিখাই ভাল; লিখাৰ পৰা লাভ নহয়। তাতকৈ পৰীক্ষাৰ পাচত আগৰ বন্দবস্তুমতে বিয়াৰ দিন ঠিক কৰিবলৈ লিখিব। তাকে কৰিলেই প্ৰকৃত সত্য ওলাই পৰিব। সেই মতেই তেওঁ সম্প্ৰতি একো নিলিখি মনে মনে থাকিল।
অষ্টম অধ্যায়।
নৰিয়া।
হৰকান্তৰ ঘৰত বিফল মনোৰথ হৈ যাদও গোলক আক মহীধৰ উলটি আহিল, তথাপি সেই ছোৱালী জনীৰ বিষয়ে জানিবলৈ গোলকৰ আগ্ৰহ নকমিল। অনুসন্ধানৰ সহজ উপায় হ'লহেতেন সেই দিনা বিয়ালৈ অহা মহিলাসকলৰ তালিকা সংগ্ৰহ কৰি আঁতি-গুৰি বিচৰা। কিন্তু আচল উদ্দেশ্য প্ৰকাশ নকৰাকৈ হৰকান্তক তেনে তালিকাৰ বাবে অনুৰোধ কৰিবৰ উপায় নাছিল।
মহীধৰে গোলকক ক'লে— “তই চিন্তা কৰিব নালাগে, মই তাৰ তত্ত্ব উলিয়াম। ছোৱালীজনী ক'ৰো বিলাতৰ পৰা অহা নাই। অনুসন্ধান কৰিলে নিশ্চয় এঠাইত নহয়, এঠাইত ওলাব। অৱশ্যে সেই চেষ্টা আনে গম নোপোৱাকৈ কৰিব লাগিব আৰু তাৰ বাবে সময়ো যথেষ্ট লাগিব।” গোলক মহীধৰৰ আশ্বাসত সন্তুষ্ট হ'ল। কিন্তু মহীধৰে বহুত দিন চেষ্টা কৰিও সেই বিষয়ে একো শুং-সূত্ৰ উলিয়াব নোৱাৰিলে।
তাৰ পাচত হয় সেই দিনা দুৰ্গা বৰুৱাৰ লগত গোলকৰ দেখা। বৰুৱাৰ লগত কথা বতৰা পাতি তেওঁৰ মনত নানা চিন্তা হ'ল। আনবোৰ কথালৈ তেওঁ বিশেষ মন-কাণ দিয়া নাছিল, কিন্তু ছোৱালীজনী গৰুৰ গাড়ীত বিয়া খাবলৈ যোৱা, লগত এগৰাকী মহিলা আৰু এজনী বান্দী থকাৰ কথাই তেওঁৰ মনলৈ এটা নতুন ভাব আনিলে, পূৰ্ণিনাই সেই ছোৱালী- জনী বুলি তেওঁৰ বিশ্বাস জন্মিল। তেওঁ ভাবিলে যদি সেয়ে হয় তেন্তে ছোৱালীৰ ফালৰ পৰা তেওঁৰ অভিলাষ পূৰ্ণ হোৱাত কোনো বাধা নাই। কিন্তু তেওঁৰ ফালৰ বাধা গুচাব কেনেকৈ! তেওঁৰ যে বিয়া ঠিক হৈ আছে। যেনে তেনে বিয়াখন ভগা হ'লে তেওঁৰ মনোৰথ সিদ্ধি হলহেতেন।
ঘৰলৈ আহি গোলকে মহীধৰক সকলো কথা ক'লে। মহীধৰে ক’লে,—“তোৰ অনুমানটো মোৰ হ'লে সঁচা যেন লগা নাই। দুৰ্গা বৰুৱাৰ জীয়েকৰ বিয়া আগতে কোনোবা গুৱাহাটীৰ উকীল এজনৰ লগত হোৱাৰ কথা আছিল, সেই কাৰণে মই তেওঁক চোৱাৰ কথা ভবাই নাছিলো। এতিয়া তোৰ কথাৰ পৰা বুজিছোঁ সেই বিয়া কিবা কাৰণত ভাগিল; নহলে তেওঁ তোৰ গাত নালাগিলহেতেন৷ সি যি কি নহওক, এবাৰ চাই সন্দেহ ভঞ্জন কৰাই উচিত। দুই এদিনতে মই তাৰ দিহা কৰিম।” কিন্তু মহীধৰে পূৰ্ণিমাক দেখা নাপালে। তেওঁৰ হেনো বৰ টান গ্ৰহণী। দিনে-ৰাতিয়ে ডাক্তৰ আৰু ধাই লাগিয়েই আছে। পূৰ্ণিমাক ভিতৰ খোটালী এটাত ৰখা হৈছে। তালৈ ডাক্তৰ আৰু ধাইৰ বাহিৰে আন মানুহৰ প্ৰবেশ নিষেধ। মহীধৰে যদিও ঘটনাটোত কিবা ৰহস্য থকা যেন পাইছিল আৰু আন মানুহেও কোৱাকুই কৰিছিল, তথাপি গোলকক সেই সম্পৰ্কে একো নজনাই ক'লে, “এতিয়া চাবৰ উপায় নাই, নৰিয়া ভাল হ'লে চোৱাৰ ব্যৱস্থা কৰিম।”
ইয়াৰ কেইদিনমানৰ পিচতে গোলকে পৰীক্ষা দিবলৈ কলিকতালৈ যাত্ৰা কৰিলে।
⸻⸻
নবম অধ্যায়।
বিয়াৰ প্ৰস্তাৱ
গোলক কলিকতালৈ যোৱাৰ পিচ দিনা দহমান বজাত মিনাই ঠিকাদাৰ গোপাল মৌজাদাৰৰ ঘৰলৈ গ'ল। মৌজাদাৰ তেতিয়া তেওঁৰ অফিচতে বহি আছিল। মিনাইক দেখি তেওঁ বহিবলৈ ক'লে আৰু যোৱাৰ কাৰণ সুধিলে৷ মিনায়ে ক'লে, – “আহিছিলোঁ সোঁ মণ্ডলৰ ঘৰত তক্তা বেচে বুলি শুনি। পিচে নাই, কেইখনমান আছিল হেনো, বিক্ৰী হৈ গ'ল। মনতে ভাবিলোঁ বোলো এই ফালে আহিলোঁৱেই যেতিয়া, আপোনাকো মাত লগায়েই যাওঁ।
গোপাল।— ভাল কৰিলা।মানুহৰ আন কিবা থাকক বা নাথাকক মাতষাৰেই ঘাই।বহুত সময়ত ধন-বস্তুতকৈও একেষাৰ মাতৰ মূল্য বেচি।
মিনাই।—মই এই ফালে যেতিয়াই আহোঁ, আপোনাৰ ঘৰত মাত নলগোৱাকৈ কেতিয়াও নাযাওঁ।
গোপাল। – জানো। সেই কাৰণেই ময়ো ভাল পাওঁ, আৰু কিবা কাম কাজ থাকিলে তোমাক বিচাৰোঁ।
মিনাই।—-সেইটো আপোনাৰ অনুগ্ৰহ। আপোনালোকৰ দয়াতেই আমাৰ দৰে সৰু-সুৰা ঠিকাদাৰবোৰ তৰি আছে। পিচে বোপাই নো এতিয়া কি কৰিব খুজিছে?
গোপাল।— আগেয়ে পৰীক্ষাটো পাচ কৰক; তাৰ পাচত যি ভাল দেখে তাকে কৰিব।
মিনাই।— ইমানতে বোপাৰ ঘৰখন পতা ভাল আছিল।
গোপাল।—সেই বিষয়ে ভাবিব নালাগে; ছোৱালী ঠিক হৈ আছে। পৰীক্ষাটো হৈ গ'লেই বিয়াখন পাতিব লাগিব।
মিনাই৷—ছোৱালী ক'ত?
গোপাল।—আমাৰ ইয়াত যে আছিল ৰাধা চব ডেপুটি, তেওঁৰে ভনীয়েক।
মিনাই।—তেওঁৰ বিয়া দিবলগীয়া ভনীয়েক কেইবাজনীও আছে হবলা? গোপাল।—নাই। সেই একেজনীয়েই।
মিনাই।—–কথাটো দেখোন আচৰিত যেন লাগিল।
গোপাল। -কিয়?
মিনাই। মই গুৱাহাটীলৈ গৈছিলোঁ—-ছোৱালীজনীৰ তালৈ। তাতে শুনিলোঁ বোলে অলপতে তাৰে কোনোবা উকীলৰ লগত ৰাধা হাকিমৰ ভনীয়েকৰ বিয়া। লগতে ইয়াকো শুনিলোঁ বোলে হাকিমে ভনীয়েকক তেজপুৰতে দিবৰ মন কৰি তেওঁৰ পৰিয়াল এৰি থৈ গৈছিল; পিছে গুৱাহাটীত বন্দবস্ত হোৱাত লৈ গ'ল। গোলক বোপালৈকে যে দিয়াৰ কথা আছিল, সেইটো এতিয়াহে শুনিলোঁ।
গোপাল আচৰিত হৈ কলে, – “ক’তা? মোক দেখোন সেই বিষয়ে একো জনোৱা নাই!
মিনাই।—নজনালেও কথাটো যে সঁচা, তাক মই নিজে জানো।
গোপাল।—সঁচা হলেও মোৰ কোনো হানি নাই। মোৰ লৰালৈ ভাল ছোৱালীৰ অভাব নহয়।
মিনাই।—সেইটো আৰু কব লাগিছে নে! পিচে এটা কথা,—অচিন কাঠৰ ঠোৰাকো লগাবলৈ বুঢ়ালোকে হাক দি গৈছে। সেই দেখি আঁতি-গুৰি একো নজনা মানুহৰ লগত সম্বন্ধ পতা মই হ'লে ভাল নেদেখোঁ। আমাৰ ইয়াতে জানো বোপাৰ জোৰৰ ছোৱালী নোলাব! কিয়, সৌ অনৰেৰী মাজিষ্ট্ৰেট দুৰ্গা বৰুৱাৰ ছোৱালীজনীয়েই মই দেখাত বোপাৰ যোগ্য। কি ৰূপত, কি গুণত তেওঁৰ লগত জোৰ দিব পৰা ছোৱালী এই অঞ্চলত নাই।ভাল গ্ৰেজুৱেট লৰা পালে তেওঁ জীয়েকৰ লগত নগৰৰ ঘৰ এখন আৰু সম্পত্তিৰো আধা দিব খুজিছে। জোৱায়েক গ্ৰেজুৱেট হ'লে ই, এ, চি কৰি দিব বুলি কমিশ্যনাৰে বৰুৱাৰ ওচৰত কথা দি থৈছে।আপুনি কয় যদি মই সেইজনীকে বন্দবস্ত কৰি দিব পাৰোঁ।
গোপাল।—— এতিয়া তুমি একো কৰিব নালাগে।লৰাই পৰীক্ষা দি আহক; তাৰ পিচত সেইবোৰ কথা ভাবিম। আক তুমি যে ধন-সম্পত্তিৰ কথা কৈছা, সেইটো কোনো কথাৰ কথা নহয়। মাত্ৰ ছোৱালীজনী ভাল হব লাগে। ঈশ্বৰৰ কৃপাত মোৰ যি সম্পত্তি আছে সেয়ে লৰাহঁতলৈ যথেষ্ট হব।
মিনাই।—বাৰু তেন্তে এতিয়া যাওঁ। লৰা ঘূৰি আহিলে খবৰ কৰিম। কথাটো হ'লে কিন্তু বৰ ভাল হয়।
মিনায়ে বিদায় ল'লে। গোপালে ভাবিচিন্তি একো ঠাৱৰাব নোৱাৰিলে। এই বিষয়ে ৰাধালৈ লিখা ভাল হ'ব নে বেয়া হব তাকো ঠিক কৰিব নোৱাৰিলে।
গধূলি গোপালে মহীধৰক মতাই আনিলে আৰু মিনাইৰ পৰা শুনা সকলো কথা কৈ তেওঁৰ কি মত সুধিলে। মহীধৰে ক'লে –“মিনাইৰ নিচিনা মানুহ এটাৰ কথাতে একো সিদ্ধান্ত কৰিব নোৱাৰি। আপুনি তাৰ বিষয়ে ভালকৈ নাজানে, কিন্তু আমি কাছাৰীত থাকি সকলো জানো। সি অকল ফাঁকি-ফুকা দি মানুহক ঠগিয়েই খাই আছে। মোৰ বিশ্বাস তাক দুৰ্গা বৰুৱাই পঠিয়াইছে। বৰুৱাৰ জীয়েকৰ বিয়া যোৱা বহাগতে হ'ব লগা আছিল; পিচে কিবা কাৰণত ভাগিল। সেই দেখি গোলকক হাত কৰাৰ চেষ্টাত আছে।”
গোপাল।—তেন্তে ৰাধালৈ এখন চিঠি লিখোঁ। তেতিয়া আচল কথা কি বুজা যাব।
মহী।—মোৰ মতে এই সম্পৰ্কে আপুনি একো নিলিখাই ভাল। গোলক পৰীক্ষা দি আহিলে ৰাধা হাকিমে নিজেই খবৰ কৰিব। যদি নকৰে তেতিয়া বুজিম মিনাইৰ কথা মিছা নহয়।
গোপাল। —এবা, তোমাৰ কথাই ঠিক।খৰখেদা কৰিব লগীয়া আমাৰ একো হোৱা নাই। সেইমতেই গোপাল নীৰৱে থাকিল। চিঠিও নিলিখিলে, আন প্ৰকাৰেও একো খা-খবৰ নকৰিলে।
⸻⸻
দশম অধ্যায়।
স্বস্তিৰ নিঃশ্বাস।
নৰেন্দ্ৰ ফুকনৰ ঘৰ গুৱাহাটীত। দেউতাক এজন মোক্তাব। নৰেন্দ্ৰই যোৱা বাৰ বি, এল পাচ কৰি ওকালতি আৰম্ভ কৰিছে। 'ব'হাগত দুৰ্গা বৰুৱাৰ জীয়েক পূৰ্ণিমাৰ লগত তেওঁৰ বিয়া হোৱাৰ কথা আছিল, কিন্তু কিবা কাৰণত ভাগিল। এতিয়া নতুনকৈ ক’তো ঠিক কৰা নাই। গোলক নৰেন্দ্ৰতকৈ এবছৰ পিছত কলিকতালৈ যায়। তেতিয়াৰে পৰা দুয়ো একেটা মেচতে আছিল আৰু একে কলেজতে পঢ়িছিল। দুয়োৰে বন্ধুত্ব বৰ গাঢ়।পৰীক্ষা দি উলটি আহোঁতে গোলক গুৱাহাটীত নামিল। নৰেন্দ্ৰলৈ আগতে খবৰ দিছিল। নৰেন্দ্ৰই ঘাটলৈ গৈ তেওঁক আগ বঢ়াই আনিলে; বাটে বাটে পৰীক্ষাৰ খবৰ সুধিলে। মুঠতে গোলকৰ পৰীক্ষাৰ ফল ভাল হ'ব বুলিয়েই তেওঁ বুজিব পাৰিলে।
{{gap}{জাহাজ গুৱাহাটী পাইছিল দুপৰ বেলিকা। আহিয়েই দুয়ো গা-পা ধুই ভাত খালে আৰু এখন্তক বিশ্ৰাম ল'লে। তাৰ পাচত দুয়ো দুয়োৰে ঘৰুৱা বিষয় লৈ কথা পাতিবলৈ লাগিল।
নৰেন্দ্ৰ।—পাচ যে হ'বা সেইটো নকলেও জানো। পিচে চাকৰি কৰিবা নে ওকালতি কৰিবা?
গোলক। মোৰ চাকৰি কাৰবৰ মন নাই, দেউতাৰো তেনে আগ্ৰহ নাই। এতিয়া যদি মত সলায় ক'ব নোৱাৰোঁ।
নৰেন্দ্ৰ।—এৰা ভাই, পৰা পক্ষত চাকৰি নকৰাই ভাল। যাৰ ধন-মান একো নাই, তেনে মানুহে চাকৰিৰ লোভত নপৰাকৈ থাকিব নোৱাৰে। কিন্তু তোমাৰ ধন, মান, জ্ঞান আটাই কেইটা আছে। ওকালতিয়েই তোমাৰ পক্ষে ভাল। তেতিয়া কৰোঁ বুলিলে দহ জনৰ উপকাৰো কৰিব পাৰিবা।
গোলক।—পৰীক্ষাৰ খবৰটো আগেয়ে ওলাওক, তাৰ পাচত যি হয় কৰা যাব। মই ভাবিছোঁ গৈয়েই নগৰত এটা ঘৰ সজাম। মাটি আগৰে আছে। নৰেন্দ্ৰ। —পিচে বিয়াৰ জলপানটো কেতিয়া খুৱাবা?
গোলক।— তোমাৰটো খোৱাৰ পাচত।
নৰেন্দ্ৰ। তেতিয়া হ'লে কিমান দিন বাট চাব লাগিব তাৰ ঠিক নাই।
গোলক। – কিয়? তুমি দেখোন সোনকালে বিয়া হ'ব বুলি কেতিয়াবাই লিখিছিলা, যদিও কন্যাঘৰৰ কথা মুঠেই উনুকিৱা নাছিলা। মই বিয়া কিজানি হৈয়েই গ'ল বুলিহে ভাবিছিলোঁ।
নৰেন্দ্ৰ।—বিয়া হৈ গ'লে তুমি খবৰ নোপোৱাকৈ থাকিলা হেতেন নে?
গোলক।— —পাহৰিবও পাৰা।
নৰেন্দ্ৰ। —অইনক পাহৰিলেও তোমাক পাহৰিব নোৱাৰে।
গোলক।— তেন্তে বিয়া এতিয়াও হোৱা নাই। কেতিয়া হ'ব?
নৰেন্দ্ৰ |—সেই বিয়া আৰু নহয়। আকৌ নতুনকৈ সম্বন্ধ পাতিলেহে হ'ব।
গোলক। - কিয়?
নৰেন্দ্ৰ। - সি বহুত কথা।
গোলক। - কি কথা? মই জানিব নোৱাৰোঁ নে?
নৰেন্দ্ৰ। - নিশ্চয় পাৰা। ৰ'বা তেন্তে। নৰেন্দ্ৰ ভিতৰলৈ গ'ল আৰু এখন চিঠি লৈ আহিল।
নৰেন্দ্ৰই ক'লে,—“বিয়ালৈ প্ৰায় এমাহ থাকোতেই ককাই- দেউৰ পৰা এই চিঠিখন পালোঁ।”
গোলক।—ককাইদেউ মানে? তোমাতকৈ ডাঙৰ জানো আৰু এজন আছে?
নৰেন্দ্ৰ।—তেওঁ মোৰ জেঠাইৰ পুতেক, নাম মহেন্দ্ৰ, পুলিচ চব ইন্সপেক্টৰ। আজি ছবছৰমান ডিব্ৰুগড়তে আছে।
গোলক।—তেওঁনো কি লিখিলে?
নৰেন্দ্ৰ। পঢ়ি চোৱা।
গোলকে চিঠিখন মেলি ক'লে, – “আও! ই দেখোন চিঠি নহয়, এখন মহাভাৰত।”
নৰেন্দ্ৰ।—কথাও মহাভাৰতৰ দৰেই। পঢ়ি যোৱা। গোলকে পঢ়িলে :- ভাইটি, তোমাৰ চিঠিখন পঢ়ি মই হাঁহিমেই নে কান্দিমেই ক'ব পৰা নাই। মানুহে গৰু-ছাগলী কিবা এটা কিনিলেও ভালকৈ আঁতি-গুৰি লৈহে কিনে। তেনেস্থলত বিয়াৰ নিচিনা এটা বিষয়ত তুমি এনেকৈ চকু মুদি আগ বঢ়া দেখি মই আচৰিত মানিছোঁ। তুমি জানা দুৰ্গাবৰুৱা ইয়াতে আবকাৰী ইন্সপেক্টৰ আছিল আৰু ময়ো ইয়াতে ছবছৰ আছোঁ। তেওঁ ইয়াৰ পৰা যোৱা দুবছৰেই হোৱা নাই। বিয়াৰ বন্দবস্ত কৰাৰ আগতে অন্ততঃ একেষাৰ মোক সুধি লাগিছিল। এতিয়া মূৰামূৰি সময়ত মোক নজনোৱা হ'লেই ভাল আছিল। তথাপি
জানিলোঁ যেতিয়া, মোৰ ক'বলগীয়া খিনি কোৱা উচিত বুলি ভাবিছোঁ।
দুৰ্গা বৰুৱা মই অহাৰ দুই-এবছৰ আগৰে পৰা ইয়াত আছিল। তেওঁৰ দুজনী ছোৱালী আৰু এটা লৰা।ডাঙৰ ছোৱালীজনীৰ বিয়া মই অহাৰ আগতে হৈ গৈছিল; সৰুজনীও তাৰ আগতে মানুহ হৈছিল। কিন্তু তেওঁৰ চৰিত্ৰৰ ওপৰত মানুহৰ সন্দেহ থকাত দৰা পোৱা টান হৈছিল। এইখিনিতে বৰুৱাৰ গৃহস্থালিৰ বিষয়েও একেষাৰ কোৱাৰ প্ৰয়োজন। বৰুৱা বৰ কৃপণ আছিল।দৰমহাৰ কথাই নকওঁ, উপৰুৱাকৈ পোৱা টকাও তেওঁ খৰচ নকৰিছিল। তেওঁৰ গৃহিণীয়ে প্ৰয়োজনীয় প্ৰায় সকলো বস্তুকে মহলদাৰবিলাকৰ পৰা আদায় কৰিছিল। এনেকৈয়ে মহলদাৰ বিলাকৰ তেওঁৰ ঘৰত অবাৰিত দ্বাৰ আছিল। এইবোৰ দেখি-শুনিয়েই বোধ কৰোঁ মানুহৰ মনত বেয়া ধাৰণা জন্মিছিল।তেওঁলোকৰ অনুমান সঁচা নে মিছা তাক ক'বৰ উপায় নাই।
সৰুজনী ছোৱালীৰ নাম পূৰ্ণিমা। মই অহা বছৰতে গোলাঘাটৰ এজন দাৰোগাৰ লগত পূৰ্ণিমাৰ বিয়াৰ বন্দবস্ত হয়। তেতিয়া মোৰ ইয়াত থকা ছমাহমান হৈছিল। দুৰ্গাবৰুৱাৰ ঘৰ ওচৰতে। মাজে সময়ে তেৱোঁ মোৰ ঘৰলৈ আহে, ময়ো যাওঁ। মই তেতিয়া থানাৰ চাৰ্জ্জত আছিলোঁ।
বিয়াৰ বন্দবস্ত হোৱাৰ কিছু দিন পাচত বৰুৱাৰ ৰান্ধনি ঘৰটো মেৰামত কৰিব লগা হয় আৰু ঠিকা লয় এজন অবিবাহিত ডেকা ঠিকাদাৰে। তেওঁৰ চেহেৰাটোও চকুত লগা আছিল। কাম চাবলৈ তেওঁ দিনৌ দুই বেলা আছে, পোন্ধৰ কুৰি দিন মান। ইন্সপেক্টৰ প্ৰায়ে ঘৰত থাকিবলৈ নাপায়। কেইদিন- মানৰ ভিতৰতে এওঁ পূৰ্ণিমা আৰু মাকৰ অতি আপোন হৈ পৰিল। আজি মিঠাই এটোপোলা, কালিলৈ এচেঞ্চ এবটল, কোনোবাদিনা তেল, কোনোবাদিনা এখন শাৰী এওঁ পূৰ্ণিমালৈ উপহাৰ আনিবলৈ ধৰিলে। এনেকৈ বস্তু অনা তেওঁলোকৰ ঘৰত একো নতুন কথা নহয়, সেই কাৰণে মাকেও তাত একো দোষ নেদেখিলে! ঘৰৰ কাম হৈ যোৱাৰ পাচতো ঠিকাদাৰৰ অহা-যোৱা আগৰ দৰেই চলি থাকিল।
এদিন ৰাতিপুৱাতে বৰুৱানীয়ে মোক মাতি পঠালে। ইন্সপেক্টৰ ঘৰত নাছিল! তেওঁ আগ দিনাই মফচললৈ গৈছিল। মই গ'লত পূৰ্ণিমাৰ মাকে ক'লে, “বৰ ডাঙৰ কথা এটা হ'ল; পূৰ্ণিমা ঘৰত নাই। ৰাতি শুই থকাৰ পৰাই নোহোৱা হ'ল।”
মই।—আপুনি ক'লৈ গ'ল বুলি ভাবে?
বৰুৱাণী।—মই একো ক'ব পৰা নাই। কালি গধূলি বেলিকা সেই ঠিকাদাৰটো আহিছিল। সিয়েই কিজানি পলুৱাই নিলে।
মই শোৱা কোঠাত সোমাই কিবা চিঠি-পত্ৰ পাওঁ বুলি চালোঁ, কিন্তু একো নাপালোঁ। তেতিয়া বৰুৱানীক ক'লো- “আপুনি এই বিষয়ে কাকো একো নক'ব। কোনোবাই যদি ছোৱালীজনী ক'লৈ গ'ল বুলি সোধে তেন্তে ক’ব,—“মোমায়েক আহিছিল, পূৰ্ণিমাকো তেওঁৰ লগতে নগাওঁলৈ লৈ গ'ল। কেইদিনমানৰ ভিতৰতে থৈ যাবাহি।”
তেতিয়াৰে পৰা মই গোপনে অনুসন্ধান কৰিবলৈ ধৰিলোঁ। কিন্তু তিন দিনলৈকে একো শুং-সূত্ৰ উলিয়াব নোৱাৰিলো। ইয়াৰ ভিতৰতে দুৰ্গা বৰুৱা আহিল, তেৱোঁ মোৰ কথাকে সমৰ্থন কৰি গোপনে অনুসন্ধান কৰিবলৈকে মোক ক'লে আৰু তেওঁ নিজেও বিচাৰ-খোচাৰ কৰিলে।
সাত দিনৰ মূৰত ঠিকাদাৰ আৰু পূৰ্ণিমাক তিনচুকীয়াৰ ঘৰ এটাত পালে॥ যদিও কথাটো গোপনে ৰখাই মোৰ উদ্দেশ্য তথাপি ঠিকাদাৰক হাত-কেৰেয়া লগাই থানালৈ আনিম বুলি ভয় খুৱালোঁ। ঠিকাদাৰে ক'লে, – “মোৰ গাত দোষ নাই। তেওঁ নিজে বিয়াৰ ভয়ত পলাই আহিছে। বয়সিয়াল ছোৱালী, কোনো মতামত নোলোৱাকৈ বিয়া পতা দেউতাকৰেই অন্যায়। তথাপি যদি মোক দোষী কৰে, মোৰ ক'বলৈ একো নাই। পূৰ্ণিমায়েই তাৰ উত্তৰ দিব।”
পূৰ্ণিমাক সুধিলত ক'লে,—“মই যি আহিলে৷ আহিলোঁৱেই,
আকৌ ঘৰলৈ নাযাওঁ।”
মই কলোঁ,—“নাযাওঁ বুলিলে নহয়; যাবই লাগিব। ভালে ভালে নগ'লে চিপাহী লগাই চোচোৰাই নিয়াম।”
বহুত ভাবি ধমক দিয়াৰ পাচত ক'লে, “মোৰ বিয়া হ'লে ঠিকাদাৰৰ লগতে হ'ব লাগিব; নহলে ঘৰতে থাকিম। আনলৈ বিয়া নোসোমাওঁ।” মই। — বাৰু সেইবোৰ হ'ব। প্ৰথমতে ঘৰলৈ ব'লা। ঠিকাদাৰলৈ দিব লাগিলেও নিয়মমতে বিয়া দিব লাগিব। এনে ভাবে এৰিলে পৰিয়ালটোৰ বদনাম এটা কাললৈকে থাকি যাব।
বহুত চেষ্টাৰ মূৰত কোনো গোলমাল নকৰাকৈ তেওঁ ঘৰলৈ আহিল। যদিও কাম অতি গোপনেই হৈছিল, তথাপি কথাটো সম্পূৰ্ণ গোপনে নাথাকিল। আনে নাজানিলেও ইয়াৰ পুলিচ কৰ্ম্মচাৰী প্ৰায়বোৰেই কথাটোৰ গম পালে। যাৰ লগত বিয়া হোৱাৰ কথা আছিল, তেওঁকো কোনোবাই জনালে। তাৰ ফলত তেওঁ বিয়া কৰাবলৈ অসম্মত হ'ল।
পূৰ্ণিমাৰ কিন্তু ঘৰত মন নবহা হ'ল; ঠিকাদাৰৰ কথা ভাবিয়েই বাউলী হৈ পৰিল। সুবিধা পালে যে তেওঁ আকৌ ঠিকাদাৰক বিচাৰি পলাব সেইটো স্পষ্টকৈ বুজা গ'ল।
ৰখীয়া-পৰীয়া দি জীয়েকক ৰাখিব লগা হোৱাত দুৰ্গা বৰুৱাৰ মনত সুখ-শান্তি নোহোৱা হ'ল। শেহত তেওঁ এটা বেলেগ অভিসন্ধিত ধৰিলে। ইয়াত সকলোৱে জনা এটা নামজ্বলা চোৰ আছিল। সি মাজে মাজে কোনো কোনো পুলিচ কৰ্ম্মচাৰীৰ ওচৰলৈ আহে। তাত যে কিবা ভিতৰুৱা ৰহস্য আছিল তাত সন্দেহ নাই। দুৰ্গা বৰুৱাই এই কথাৰ গম পাইছিল। তেওঁ চোৰটোক হাত কৰি লৈ তাৰ লগত কিবা এটা ফন্দী আউটিলে।
কেইদিনমানৰ পিচত এদিন ৰাতি নগৰৰ এজন দোকানীৰ
দোকানৰ পৰা সোণৰ অলঙ্কাৰ, নগদ টকা আৰু কেইখনমান দামী কাপোৰ চুৰি হ'ল। দোকানীয়ে থানাত এজাহাৰ দিলে। পুলিচে অনুসন্ধান কৰি সকলো মাল ঠিকাদাৰৰ ঘৰত পালে আৰু তেওঁক হেণ্ড-কাফ দি ধৰি আনি চোৰ বুলি চালান দিলে। যদিও ঠিকাদাৰে সেই ৰাতি ঘৰৰ পৰ৷ ক'লৈকো ওলোৱা নাই বুলি প্ৰমাণ দিলে, তথাপি চোৰাই মাল ৰখাটো প্ৰমাণ হৈ গ'ল। হাকিমে তেওঁক ছমাহ ফাটেকত দিলে। তেওঁ আপীল কৰিছিল, কিন্তু মুক্তি নাপালে।
ঠিকাদাৰ ফাটেকত পৰাৰ পৰা পূৰ্ণিমাৰ উদ্ভণ্ডালি কমিল, কিন্তু দৰা নোলাল। একেবাৰেই যে নোলাল এনে নহয়, প্ৰত্যেক বছৰতে একো জনৰ লগত বন্দবস্তু হৈছিল, কিন্তু মূৰামূৰ্তি ৰহস্য ওলাই পৰে আৰু বিয়া ভাগি যায়। এনেকৈয়ে 'চাৰি বছৰত চাৰিখন বিয়া ভাগিল। ইয়াৰ পৰা যোৱাৰ পাচত কি হৈছে মই নাজানিছিলোঁ। তোমাৰ চিঠি পাইহে বুজিলোঁ, এইবাৰ তুমিয়েই বান্ধত পৰিছা। পতা বিয়াখন ভঙা যদিও অনুচিত তথাপি আচল কথাখিনি তোমাক নোকোৱাটো তাতোকৈ অনুচিত বুলি ক'ব লগাত পৰিলোঁ। এতিয়া তোমাৰ যি অভিৰুচি তাকে কৰিবা। আৰু এটা কথা। পূৰ্ণিমা বয়সত তোমাতকৈ ডাঙৰ নহলেও সৰু যে নহয়, তাত সন্দেহ নাই।
তোমাৰ শুভাকাঙ্ক্ষী
মহেন্দ্ৰ।
গোলকে পূৰ্ণিমাৰ সম্পৰ্কে তেওঁৰ ধাৰণাকে লৈ আছিল। গাড়ীৰ দুৰ্ঘটনাত লগ পোৱা গাভৰু গৰাকীয়েই পূৰ্ণিমা বুলি তেওঁৰ বিশ্বাস জন্মিছিল। তেওঁৰ মনত আৰু ধাৰণা বহিছিল যে যিজনী ছোৱালীয়ে তেওঁৰ নিৰ্ম্মল মনত ছাপ ৰাখি যাব পাৰিছিল, তেওঁ কেতিয়াও বেয়া হ'ব নোৱাৰে। চিঠিখন পঢ়ি তেওঁৰ ধাৰণ৷ সলনি হ'ল। তথাপি তেওঁ ভাবিলে,—হয় তো তেওঁৰ ধাৰণা ঠিকেই, পূৰ্ণিমা সেইজনী ছোৱালী নহয়। তেওঁ নৰেন্দ্ৰক সুধিলে,—“তুমি ছোৱালীজনী দেখা নাছিলা জানো?”
নৰেন্দ্ৰ।—নাই। দেউতাই চাইছিল। মই অৱশ্যে ফটো দেখিছোঁ।
গোলক।— চাওঁ ফটোখন আনাচোন।
নৰেন্দ্ৰ।— কিয়?
গোলক।— এনেকুৱা কীৰ্ত্তিমতী কামিনীৰ লগত চিনাকিটো থকা ভাল।
নৰেন্দ্ৰই ফটোখন আনিলে। ফটোখন দেখি গোলকে স্বস্তিৰ নিশ্বাস এৰিলে। যি হওক, এওঁ তেওঁৰ মানস-প্ৰতিমা নহয়, এতিয়াও তেওঁৰ বিষয়ে নিজৰ বিশ্বাস ভুল বুলি প্ৰমাণ হোৱা নাই।
গোলকে ফটোখন মনোযোগেৰে চাই ক'লে,— “ছোৱালীজনীৰ গঢ়টো ধুনীয়াই, কিন্তু ৰুগীয়া যেন দেখি। বৰ ক্ষীণ, গাল দুখন অলপ সোমোৱা, কিছু আৰি-কুঁজাও। বয়স অতি কমেও তেইশ-চৌবিশ হ’ব। কিন্তু আগেয়ে সকলো কথা নজনা হ'লে এইবোৰ দোষ ঘপৰাই চকুত নপৰিল হেতেন।” নৰেন্দ্ৰ। —মোৰ চকুতেই তেতিয়া পৰা নাছিল।
গোলক। —চিঠি পোৱাৰ পাচত তুমি কি কৰিলা?
নৰেন্দ্ৰ। তাই চিঠিখন দেউতাক দিলো। দেউতাই সেই দিনাই বিয়া নহয় বুলি দুৰ্গা বৰুৱালৈ চিঠি লিখিলে।
গোলক। --কাৰণ দিলে কি?
নৰেন্দ্ৰ। কাৰণ আৰু কি দিব! দেউতাই লিখিলে কোনো ৰহস্যজনক ভিতৰুৱা কাৰণ থকাত তাত বিয়া কৰোৱা নহব। তেওঁ আন ঠাইত ব্যৱস্থা কৰক।
গোলক।—তেওঁৰ বাৰু আন ঠাইত ব্যৱস্থা কৰিবলৈ দিলা, পিচে তোমাৰ ব্যৱস্থা কৰিছা ক'ত?
নৰেন্দ্ৰ। — -এতিয়ালৈকে ক'তো হোৱা নাই। সেইহে কৈছোঁ বোলে৷ মোৰ বিয়ালৈ বহুত দিন বাট চাব লাগিব। পিচে তোমাৰ বিয়া বোলে অলপতে হ'ব?
গোলক।—কোনে ক'লে?
নৰেন্দ্ৰ। -কোনে ক'ব! কন্যাৰ যি গৰাকী। তুমি ইমান দিনে মোক কথাটোকে জনোৱা নাই।
গোলক।—আগ ধৰি জনোৱা জানো ভাল! মূৰামূৰিত কি হয় কোনে জানে! তোমাৰ নিজৰ কথাটোকে ভাবাচোন।
নৰেন্দ্ৰ। - তোমাৰ মোৰ কথা একে নহয়। ৰাধা হাকিমৰ ভনীয়েকৰ নিচিনা হোৱালী যাৰে তাৰে ভাগ্যত নিমিলে। ৰূপে-গুণে একোতে আঁৰ ধৰিবলৈ নাই।
গোলক। --তুমি কেনেকৈ জানিলা? নৰেন্দ্ৰ। তেওঁলোকৰ ঘৰ বৰ বেচি আঁতৰত নহয়, মাহঁত মাজে-সময়ে যায়। হাকিমনীও ননদেকৰে সৈতে কেতিয়াবা ফুৰিবলৈ আহে। মাহঁতৰ পৰা শুনিছোঁ বোলে বোৱা—কটা, ৰন্ধা-বঢ়া, ঘৰ-দুৱাৰ সজোৱা আদি কানত তেওঁ বৰ পাকৈত। নিজেই চেষ্টা কৰি লিখা-পঢ়াও শিকিছে। স্বভাৱ চৰিত্ৰও বৰ ভাল; আন ছোৱালীৰ চঞ্চলতা তেওঁৰ গাত নাই। ঘাইকৈ তেওঁ পৰাপক্ষত চাকৰ-চাকৰনীৰ ওপৰত নিৰ্ভৰ নকৰে। মুঠতে, আগতে তোমাৰ লগত ঠিক হৈ নথকা হ'লে ইয়াতে তেওঁৰ বহুতো প্ৰাৰ্থী ওলালহেতেন। ৰূপতো ক'বলৈকে নাই। এদিন আমাৰ ঘৰলৈ আহোঁতে নিলগৰ পৰা দেখাৰ সৌভাগ্য ঘটিছিল। তেতিয়া অৱশ্যে তোমাৰেই ভাবী পত্নী বুলি জনা নাছিলোঁ। পিচত হে শুনিলোঁ বোলে তোমাৰ লগত বিয়া ঠিক হৈ আছে; তোমাৰ পৰীক্ষা হৈ গ'লেই বিয়া হ'ব।
গোলক।—এক প্ৰকাৰ তেনেকুৱাই কথা আছিল।
নৰেন্দ্ৰ। —তুমি পাচে ছোৱালীজনী দেখিছা নে নাই?
গোলক।— নাই।
নৰেন্দ্ৰ। —ফটো একা?
গোলক।—নাই দেখা। মই কলিকতাত থাকোঁতেই দেউতাই বন্দবস্ত কৰিলে। তাৰ পাচত দেউতাক কেনেকৈ ফটোৰ কথা কওঁ! তাৰ উপৰি ঠিক-ঠাক হৈ যোৱাৰ পাচত ফটো চোৱা নোচোৱা একে কথা। নৰেন্দ্ৰ। -ব'লা তেন্তে হাকিমৰ ঘৰলৈকে যাওঁ। তুমি ইয়ালৈ আহিছা যেতিয়া এবাৰ দেখা কৰা উচিতো।
গোলক।—নহয় ভাই, মই যাব নোৱাৰা। হাকিমৰ লগত মোৰ চিনাকি নাই বুলিলেই হয়। সম্বন্ধ পতাৰ আগতে কেতিয়াবা নিলগৰ পৰা দেখিছিলো; তেৱোঁ তেনেকৈয়ে দেখিব পাৰে। কথা-বতৰা কেতিয়াও পতা নাই। সম্বন্ধ স্থিৰ কৰাৰ পাচত মই কলিকতাত থাকোঁতেই তেওঁ বদলি হৈ যায়। সেই কাৰণে মোৰ যাবলৈ বেয়া লাগে।
নৰেন্দ্ৰ। —তোমাৰ যাবলৈ বেয়া লাগিলেও হাকিমে নিজেই যাদ তোমাক বিচাৰি আহে! তুমি জানো গুৱাহাটীত নামিবা বুলি লিখা নাই?
গোলক।—মই তেওঁলৈ কেতিয়াও এটা আখৰো লিখা নাই। যি লিখিছে দেউতাই হে।
নৰেন্দ্ৰ।—কিন্তু আহিছা বুলি গম পালে নিশ্চয় তেওঁ তোমাক বিচাৰিব।
গোলক। তোমালোকে নজনালে তেওঁ কেনেকৈ গম পাব। মই কালিলৈ যামেই। ইয়াৰ ভিতৰত তোমালোকে কাকো নক'বা। মই এতিয়া তেওঁৰ লগত দেখা কৰিব নোখোজোঁ।
নৰেন্দ্ৰ।—শিক্ষিত মানুহ ইমান লাজকুৰীয়া হয় নে?
গোলক।—হয় নে নহয় মই ক'ব নোৱাৰোঁ। কিন্তু মই গ’লে বহুতে ছোৱালী চাবলৈকে আহিছিলোঁ বুলি কোৱা-মেলা
কৰিব। সেইটো মই ভাল নাপাওঁ। দেউতাৰ তপৰতে নিৰ্ভৰ কৰিছোঁ যেতিয়া, মানুহক আন প্ৰকাৰে ভাবিবলৈ সুযোগ দিব নোখোজোঁ। বিশেষকৈ এতিয়া ছোৱালী চোৱা-নোচোৱাৰ কোনো মূল্য নাই।
কথা ইমানতে শেষ কৰি দুয়ো চাহ-জলপান খাই ফুৰিবলৈ ওলাল আৰু ৰাতি থাবৰ সময়তহে ঘৰলৈ উলটিল। পিচ দিনা পুৱা বেলাও দুয়ো তেনেকৈয়ে ঘূৰি-পকি কথা পাতি কটালে আৰু দুপৰীয়া আহাৰৰ পাচত জাহাজলৈ খোজ ল'লে।
নৰেন্দ্ৰ সেই দিনা কাছাৰীলৈ যোৱা নাছিল। তেওঁ গোলকক জাহাজত আগ বঢ়াই থলেগৈ।
⸻⸻
একাদশ অধ্যায়।
নিৰুপায়।
গোলকে ঘৰ পাবৰ দিনাই গধুলি মহীধৰক লগ ধাৰবলৈ
গ'ল। মহীধৰ তেতিয়া কাছাৰীৰ পৰা আহিছিল মাত্ৰ।
পৰীক্ষাৰ খা-খবৰ লোৱাৰ পাচত মহীধৰে ক'লে, – “তোৰ
মানসী প্ৰতিমাক মই বিচাৰি উলিয়াব নোৱাৰিলোঁ।
লগত সম্বন্ধ পাতিব পৰা যিমান মানুহ নগৰত আছে, তেওঁ-
লোকৰ কাৰো ঘৰত সেই ছোৱালী নাই। অকল সেয়ে নহয়,
নগৰৰ ওচৰ চুবুৰীয়া গাৱঁতো তোৰ লগত সম্বন্ধ পাতিব পৰা
মানুহৰ খা-খবৰ কৰিলোঁ; কিন্তু তেওঁ ক'তো নোলাল। মোৰ
এতিয়া পূৰা বিশ্বাস তেওঁ ইয়াৰ নহয়; আন কোনোবা ঠাইৰ
পৰাহে আহিছিল। দুৰ্গা বৰুৱাৰ ছোৱালীও দেখিলোঁ; তেওঁ
নহয়।”
গোলক।তেওঁ যে নহয়, ময়ো জানিব পাৰিছোঁ।
মহী।—কেনেকৈ?
গোলকে তেতিয়া নৰেন্দ্ৰৰ ঘৰত পূৰ্ণিমাৰ সম্পৰ্কে জনা সকলো কথা মহীধৰক ক’লে। মহীধৰে কলে, “দেখিছ কি ভুল কৰিব খুজিছিলি! যি হওক, ইমানতে ৰক্ষা। নতুবা আৰু কিছু আগ বঢ়া হ'লে কথা বিষমেই হ'লহেতেন। পিছে ৰাধা বৰুৱাৰ লগত দেখা হৈছিল নে নাই?
গোলক।— নাই। তেওঁ কেনেবাকৈ লগ ধৰে বুলি গুৱা- হাটীত এৰাতি থাকিয়েই পলালোঁ।
মহী।বেয়া কৰিলি। লগ পোৱা হ'লে ভাল আছিল।
গোলক।— কিয়?
মহীধৰে তেতিয়া মিনাইৰ পৰা যি শুনিছিল সকলো গোলকক ক'লে। গোলকে ক’লে—“মিনাইৰ কথা বোধ কৰোঁ সঁচা নহয়। হোৱা হ'লে নৰেন্দ্ৰই গম পালেহেতেন। কিন্তু তেওঁ মোৰ লগতে হাকিমৰ ভনীয়েকৰ বিয়া হব বুলিহে জানে।”
মহী।-মিনাইৰ কথা মিছা বুলি মই তেতিয়াই অনুমান কৰিছিলোঁ। গোলক।--মিছায়েই হ'ব লাগে। অৱশ্যে সঁচা হোৱা হ'লেই মই ভাল পালোঁহেতেন।
মহী।— তেতিয়া কি লাভ হ'লহেতেন? দুৰ্গা বৰুৱাৰ ছোৱালী বিয়া কৰালিহেতেন নে কি?
গোলক।—নকৰাওঁ।
মহী।— তেন্তে? এঠাইত নহয় এঠাইত তই বিয়া কৰাবই লাগিব।
গোলক।—লাগিব। তথাপি কিছু দিন ৰেহাই পালোহেতেন।
মহী। যাৰ লগত বিয়া হ'ব লাগে হ'বই। মিছাতে বলিয়ালি নকৰাই ভাল।
গোলক।—কিন্তু সেই প্ৰথম পৰশৰ মাদকতা এতিয়াও যোৱা নাই।
মহী।—বিয়া কৰালেই যাব।
গোলক।মোৰ বিশ্বাস নহয়।
মহী। —বিশ্বাস হওক বা নহওক, তই বিয়া কৰাবলৈ বাধ্য। দেউতাৰৰ কথাৰ ওপৰত কথা ক'ব পাৰিবি জানো? তাতে আগতে তই মত দি থৈছ।
গোলক। এৰা, উপায় নাই। গোলক ঘৰলৈ অহাৰ কেইদিনমান পাচতে গোপাল মৌজাদাৰে বাধা বৰুৱাৰ পৰা এই চিঠিখন পালে।—
পৰমাত্মীয়বৰেষু,
শ্ৰীযুত গোলক পৰীক্ষা দি আহিল। গুৱাহাটীত এৰাতি আছিল। পিচ দিনা খবৰ পাই মই বিচাৰি গৈছিলো; নাপালোঁ। তেওঁ তাৰ আগতে গুৱাহাটী এৰিলে। গুৱাহাটীলৈ আহিও এবাৰ দেখা নিদিয়াত আমি সকলোৱে বেজাৰ পাইছোঁ। কোন দিনা আহিব আগ ধৰি গম পোৱা হ'লে জাহাজলৈকে গলোঁহেতেন আৰু মোৰ ঘৰতে থকাৰ দিহা কৰিলোঁহেতেন। তেওঁ অহাৰ খবৰটোও আমাক নিদিলে। বিয়াখন আগতে হৈ যোৱা হ'লে, তেওঁ এতিয়াও আমাক এনেকৈ পৰ ভাবিব নোৱাৰিলেহেতেন। সি যি কি নহওক, এতিয়াও সোনকালে বিয়াখন পতা ভাল বুলি ভাবোঁ। সেই বিষয়ে মই সম্পূৰ্ণৰূপে আপোনাৰ ওপৰতে নিৰ্ভৰ কৰিছোঁ। আপুনিয়েই দিন-বাৰ চোৱাই কেতিয়া সুবিধা হয় ঠিক কৰিব; সেই মতেই মই আয়োজন কৰিম।
আৰু এটা কথা। বিয়া ক'ত পাতিব খোজে? গুৱাহাটীত নে তেজপুৰত? গুৱাহাটীত হ'লে মোৰ সুবিধা হয়। তেতিয়া দীঘলীয়া ছুটীৰ প্ৰয়োজন নহয়। আপোনালোকৰ থকা-মেলাৰো সহজে ব্যৱস্থা কৰিব পাৰিম। যদি আপোনাৰ আপত্তি থাকে আৰু পূৰ্ব্বৰ কথামতে তেজপুৰত হে পাতিব খোজে তেন্তে তাকো জনাব। মুঠতে এইটোও আপোনাৰ ইচ্ছাৰ ওপৰতে নিৰ্ভৰ কৰে।
আমাৰ ভাল। আপোনালোকৰো ভাল বুলিয়েই আশা কৰিলোঁ। উত্তৰলৈ বাট চাই থাকিলোঁ। ইতি
আপোনাৰ
ৰাধা।
চিঠিখন পঢ়ি গোপালে বুজিলে মিনাইৰ কথা মিছা। কিন্তু তেনে মিছা কথা ক'বৰ তাৰ কি প্ৰয়োজন আছিল!
সেই দিনা মহীধৰ আহিলত মৌজাদাৰে ৰাধাৰ চিঠিৰ কথা ক'লে। মহীধৰে ক'লে, – “মিনাইৰ কথা মিছা বুলি মই তেতিয়াই বুজিছিলোঁ। তেতিয়াই মই আপোনাক কৈছিলোঁ নহয় তাক দুৰ্গা বৰুৱাই পঠিয়াইছে বুলি। আচল কথা হৈছে বৰুৱাৰ জীয়েকৰ স্বভাৱ ভাল নহয়; য'তে বন্দবস্ত কৰে তাতে ভাগে। এইবাৰো নৰেন্দ্ৰ ফুকনৰ লগত ঠিক হৈছিল, বহাগতে বিয়াৰ কথা আছিল। কিন্তু ইয়াৰ ভিতৰতে তেওঁৰ কীৰ্ত্তি ধৰা পৰিল; বিয়া ভাগিল। সেই হে গোলকক ধৰিবলৈ নিজে জাল পেলোৱাৰ উপৰিও মিনাইৰ হতুৱাই জাল পেলোৱাইছিল।”
মহী। — তুমি ইমানবোৰ খবৰ ক'ত পালা? তেতিয়া মহীধৰে গোলকৰ পৰা শুনা সকলো কথা গোপালক ক'লে। মৌজাদাৰৰ মনৰ সকলো সন্দেহ আঁতৰ হ'ল। মহীধৰে ক'লে,— “মিনায়ে ইয়াত চেষ্টা কৰিয়েই যে বহি আছে, মোৰ মনে নধৰে। সি গুৱাহাটীলৈ মাজে মাজে গৈয়েই থাকে। মোৰ বোধেৰে সি হাকিমকো আমাৰ বিষয়ে লগাইছে কিজানি।”
গোপাল।--অসম্ভৱ নহয়। নেই কাৰণে বিয়াখন সোন- কালে পতাই ভাল। সেয়ে হ'লে সকলো সন্দেহৰ মূৰ মৰিব।
মহী।— সোনকালে বুলি এতিয়াই সুবিধা নহয়। এতিয়া ভাদত হ'বই নোৱাৰে। আহিনতো সুবিধা নহয়। সেই কাৰণে মোৰ মতে আঘোণত পতাই ভাল!
গোপাল।—এৰা, তেনেকৈয়ে লিখি দিওঁ। বিয়াৰ দিন চোৱাই-চিতাই পিচত জনাম।
এই কথা-বতৰাৰ কিছু সময়ৰ পাচত মিনাই মৌজাদাৰৰ ওচৰলৈ আহিল আৰু কিবা কিবি কথা-বতৰাৰ পাচত ক'লে— “পিচে বোপা পৰীক্ষা দি আহিল। এতিয়া মই কোৱা কথাটো কি কৰে?”
গোপাল।—কি কথা?
মিনাই।–বোপাৰ বিয়াৰ কথা। ৰায় চাহাবৰ জীয়েকৰ বিষয়ে যে কৈছিলোঁ।
গোপাল।— সেইটো ন'হব মিনাই।—কিয়? আন কৰবাত ঠিক কৰিব খুজিছে নে কি?
গোপাল।—তোমাৰ সেইবোৰ দৰকাৰ নাই। তাত নহ'ব বুলি কৈছোঁ, সেয়ে খাটাং কথা।
মিনাই।—হোৱা হ'লে ভাল আছিল।
গোপাল। -কিয়? তোমাৰ কিছু উপাৰ্জনৰ আশা আছিল হবলা? সেই সুবিধা তোমাক দিব নোৱাৰিলোঁ। যোৱাঁ।
মিনাইৰ মুখ ক'লা পৰিল। তেওঁৰ অভিসন্ধি ধৰা পৰিল বুলি বুজি কথা ক'বলৈকে সাহ নোহোৱা হ'ল, তল মুৰ কৰি লাহে লাহে ওলাই গ'ল।
ত্ৰয়োদশ অধ্যায়।
মোহন।
দোলন বৰাৰ ঘৰ তেজপুৰৰ পৰা সাত মাইল আঁতৰত, এখন গাৱঁত। মানুহ জন বৰ দুখীয়া। ছবিঘামান ৰুপিত মাটি আছে; তাতে হাল-কোৰ বাই ধান খেতি কৰি কোনো মতে প্ৰবৰ্তি আছে। কেই জনীমান গাই, কেই জনী মান ছাগলী, আৰু পাৰও যোৰ চেৰেক পোহে। তাৰ পৰাও সামান্য উপাৰ্জন হয়। তাৰেই ৰাজহি-ততহি মাৰি কাপোৰ একোডোখৰ লয়।তেওঁৰ ছোৱালী এজনী আৰু লৰা এটা। ছোৱালীজনী ওচৰৰে এজন পঢ়াশালিৰ পণ্ডিতলৈ বিয়া দিছে।
লৰাটোৰ নাম মোহন। বাপেকে কোনোমতে ক- ম দুটা- মান চিনক বুলি পঢ়াশালিত নাম লগাই দিয়ে। তাতে ভিনীহিয়েক পণ্ডিত হোৱাত মাছুলো দিব নালাগিছিল। বাপেকৰ উদ্দেশ্য আছিল যাতে আন নহলেও লৰাই পট্টাখন চাই খাজানা আৰু মাটিৰ পৰিমাণ ধৰিব পৰা হয়। কিয়নো কোনো কোনো বাৰ মহৰীয়ে সৰহকৈ টকা নি কম টকাৰ ৰচিদ দি ঠগে বুলি তেওঁৰ ধাৰণা আছিল।
মোহন পঢ়া-শুনাত বৰ চোকা আছিল। সেই কাৰণে
কোনো শ্ৰেণীতে নোৰোৱাকৈ আগ বাঢ়িবলৈ ধৰিলে।
শ্ৰেণীত পঢ়োতে মাটি জোখা আৰু কালি উলিয়াই খাজানা
কচা দেখি বাপেকে ৰং পাইছিল আৰু আন মানুহক কৈছিল,
—“এতিয়া আৰু মণ্ডলে ঠগিব নোৱাৰে, মোৰ লৰায়ো মণ্ডলৰ
কাম কৰিব পাৰিব। ”
এনেকৈয়ে প্ৰাইমাৰী পৰীক্ষাত উত্তীৰ্ণ হৈ মোহনে বৃত্তি লাভ কৰিলে। বাপেকৰ আৰু পঢ়াবৰ মন নাছিল। ওচৰ চুবুৰীয়াৰ দুই-এজনে যদিও পঢ়াবলৈ কৈছিল, তথাপি বেচি ভাগে মানা কৰিছিল। তেওঁলোকে কৈছিল,—“তুমি দুখীয়া মানুহ, জিলাৰ স্কুলত পঢ়াবলৈ ধন ক'ত পাবা। লৰা এতিয়া বুজন হৈছে, তোমাৰো বয়স হৈছে। তাক হাল-কোৰত লগাই দিয়াই ভাল।” আচল কথা হৈছে দোলনৰ নিচিনা এটা দুখীয়া মানুহৰ লৰাই ইংৰাজী পঢ়ি তেওঁলোকৰ লৰাতকৈ ভাল হ'ব বুলি তেওঁলোকে বেয়া পাইছিল। মোহনৰ কিন্তু পঢ়িবলৈ বৰ মন; তাতে বৃত্তিও পাইছে। ভিনীহিয়েকেও পঢ়াব লাগে বুলি টানি ক'লে। শেহত দোলন সম্মত হ'ল। ভিনীহিয়েকেই লৈ গৈ জিলাৰ ইংৰাজী স্কুলত মোহনৰ নাম লগাই দিলে। মোহনেও মনোযোগেৰে পঢ়িবলৈ ধৰিলে।
শপঢ়াশালিত মোহনৰ বৰ কষ্ট গ'ল। স্কুললৈ আহোঁতে যাওঁতে দিনৌ চৈধ্য মাইল বাট খোজ কাঢ়িব লাগে। পুৱা আঠমান বজাতে কৰ্কৰা-পইত৷ যি পায় দুটামান খাই ওলায় আৰু গধুলি সাত-আঠ বজাত ঘৰ পায়গৈ। ঘৰত পঢ়িবলৈ নিচেই অলপ সময় হে পায়। তাতে আঠ দহ ঘণ্টা একো “নোখোৱাকৈ থাকি আকৌ সাত মাইল বাট খোজ কাঢ়ি যোৱাত বৰ ভাগৰ লাগে। ৰাতি প্ৰায়ে পঢ়িব নোৱাৰে। পুৱতী নিশা শোৱাৰ পৰা উঠি দুই তিনি ঘণ্টামান যি পঢ়ে সেয়েই মাথোন পঢ়া।
তথাপি তেওঁ কোনো শ্ৰেণীতে ৰ'ব লগা নহ'ল। মোহনৰ অৱস্থাৰ কথা জানি বৃত্তি ঢুকালতো হেডমাষ্টৰে ইন্সপেক্টৰলৈ লিখি মাছুল মাফ কৰাই দিয়ালে। এনেকৈয়ে চাৰি বছৰৰ আগতে তেওঁ দ্বিতীয় বিভাগত এন্ট্ৰেন্স পাচ কৰিলে। যদিও মোহনে শেহলৈকে ঘৰৰ পৰাই অহা-যোৱা কৰিছিল আৰু মাছুলো মাফ আছিল, তথাপি অন্যান্য খৰচৰ বাবে শেহ ছোৱাত বাপেকে দুশমান টকা ধাৰ কৰিব লগাত পৰিছিল। তেতিয়া খাবলৈ তেওঁৰ সিমান ভয় নাছিল। পুতেকে কিবা কামত সোমাই ধাৰ মাৰিব পাৰিব বুলি তেওঁৰ আশা হৈছিল।
এন্ট্ৰেন্স পাচ কৰাৰ লগে লগেই মোহনৰ শিক্ষা শেষ হ'ল। তেওঁ চাকৰি বিচাৰিবলৈ ধৰিলে। দাৰোগা হোৱাই তেওঁৰ অভিপ্ৰায় আছিল। সেই উদ্দেশ্যে তেওঁ দৰ্খাস্ত দিলে। ইফালে অস্থায়ী চাকৰিত সোমাই দুপইচা উপাৰ্জ্জন কৰাতো লাগিল। এনেকৈয়ে দুবছৰ গ'ল; তেওঁৰ চেষ্টাৰ একো ফল নহ'ল। যাৰ খাটনি ধৰোঁতা আছিল, নাইবা যাৰ লগা-ভাগ মানুহে পুলিচত চাকৰি কৰিছিল তেনে লোকে এন্ট্ৰেন্স পাচ নকৰাকৈয়ে চাকৰি পাইছিল। কিন্তু তেওঁৰ হৈ মাতোঁতা কোনো নাছিল, সেই কাৰণে তেওঁৰ আবেদন বিফল হৈছিল।
মিনাই ঠিকাদাৰৰ শহুৰেকৰ ঘৰ দোলনৰ ঘৰৰে লগালগি। মিনাই মাজে মাজে শহুৰেকৰ ঘৰলৈ যায় আৰু সেই আলমতে মোহনহঁতৰ লগতো তেওঁৰ চিনা-পৰিচয় ঘটে। দুৰ্গা বৰুৱাৰ ঘৰৰ কাষতে মিনাইৰ ঘৰ। আগৰে চিনাকী। এতিয়া অৱসৰ লৈ অহাৰ পিচত নানা কামত দুয়োৰে মাজত ঘনিষ্ঠতা বাঢ়ে। এদিন দুৰ্গা বৰুৱাই তেজপুৰৰ কোন কোন লৰাই কিমান পঢ়িছে তাৰ খবৰ মিনাইৰ পৰা লয়। মিনায়ে আন আন লৰাৰ লগতে মোহনৰ কথাও ক'লে আৰু কেনেকৈ তেওঁ দাৰোগাৰ চাকৰিৰ নিমিত্তে দৰ্খাস্ত কৰি এতিয়ালৈকে পোৱা নাই তাকো জনালে। দুৰ্গা বৰুৱাই সকলো আঁতি-গুৰি লৈ মোহনক এবাৰ তেওঁৰ ওচৰলৈ আনিবলৈ ক'লে।
মোহন আহিল আৰু বৰুৱাৰ প্ৰশ্নৰ উত্তৰত তেওঁৰ সকলো কথা ভাঙি-পাতি ক'লে। তাৰ পাচত ক'লে— “মোৰ কোনো সম্পৰ্কীয় মানুহ পুলিচ বিভাগত নাই; সেই কাৰণেই মোৰ দৰ্খাস্তৰ গুণ নধৰে।”
দুৰ্গা।— কেইটামান নাম দিলেই হয়। সম্পৰ্ক আছে নে নাই কোনে জানিব! এই যে পুলিচৰ চাকৰিত সোমায়, তেওঁলোকৰ দৰ্খাস্তুত দেখিবা কিমান চব ইন্সপেক্টৰ, ইন্সপেক্টৰৰ নাম। কাৰবাক বুলিছে দদাই, কাৰবাক মোমাই, কাৰবাক ভিনীহি; অথচ কাৰো লগত কোনো সম্পৰ্কই নাই।
মোহন।—ওপৰৰ পৰা যদি সোধে ধৰা নপৰিব নে?
দুৰ্গা।—সেইটো আগতে বন্দৱস্ত কৰি ৰাখিব লাগে, যাতে কোনোবাই সুধিলে তেওঁলোকে হয় বুলি কয়।
মোহন।—সেইটো কেনেকৈ কৰিম?
দুৰ্গা। — তুমি পুলিচত চাকৰি কৰিব খোজা, অথচ এই সামান্য কামটোকে কৰিব নোৱাৰা। এনেকৈ হ'লে তুমি চাকৰি পালেও উন্নতি কৰা টান হ'ব।
মোহন ওখই-ডাঙৰে, গঢ়ে-গতিয়ে সঁচাকৈয়ে চকুত লগা ডেকা। সেই বাবেই হ'ব পায় বৰুৱাৰ মৰম লাগিল। তেওঁ ক’লে,—“বাৰু ভয় নাই, মই তোমাক সাহাৰ্য্য কৰিম। চৰকাৰী চাকৰিত আমাৰ ইয়াৰ মানুহ নোহোৱাৰ নিচিনা;
যি দুই এজন উপযুক্ত আছে তেওঁলোকে চাকৰি নাপাব কিয়? তুমি দৰ্খাস্ত এখন লিখি লৈ মোৰ ওচৰলৈ আহিবা, মই দেখিম চাকৰি দিয়ে নে নিদিয়ে।
সঁচাকৈয়ে দুৰ্গা বৰুৱাই সকলো প্ৰকাৰে মোহনক সাহাৰ্য্য কৰিলে আৰু তাৰ ফলত তেওঁ এইবাৰ হেপাহৰ চাকৰি লাভ কৰিলে। দুৰ্গা বৰুৱাৰ প্ৰতি কৃতজ্ঞতাৰে তেওঁৰ অন্তৰ ভৰিল।
বৰুৱাই উপযাচি মোহনক ইমান সাহাৰ্য্য কৰাৰ উদ্দেশ্য আছিল। ডিব্ৰুগড়ত থাকোঁতে তেওঁ চাৰিবাৰ ঠিকঠাক কৰিও জীয়েকৰ বিয়া পাতিব নোৱাৰিলে। তেজপুৰলৈ আহিও বিশেষ আশা নেদেখিলে। মিনাইৰ পৰা মোহনৰ কথা শুনি আৰু লৰাটোৰ চেহেৰা দেখি তেওঁ ভাবিলে মোহনক হাতত ৰখা ভাল। যদি কোনোমতেই আন ক'তো দিহা নহয়, তেন্তে তেওঁৰ হাততেই পূৰ্ণিমাক গতাব পাৰিব। কিন্তু সেই কথাৰ আভাস তেওঁ কাকো দিয়া নাই; আন কি মিনায়েও অলপ অনুমান হে কৰিছে। চাকৰি পালত তেওঁ মোহনক ক’লে,—“এতিয়া হাতত দুপইচা গোটাই লোৱাঁ, বিয়া-বাৰুৰ কথা ভাবিব নালাগে। অলপ টনকিয়াল হৈ উঠিলে ময়ে তাৰ দিহা কৰি দিম। সেই ভাৰ মই ললো। মোৰ লগত বহুতো ভাল মানুহৰ চিনা-জনা আছে।”
পেটৰ কথা পেটতে ৰাখি ইফালে তেওঁ পূৰ্ণিমাৰ নিমিত্তে দৰা বিচাৰিবলৈ লাগিল। নৰেন্দ্ৰ ফুকনৰ লগত এক প্ৰকাৰ ঠিক হৈছিলেই, কিন্তু মূৰামূৰি সময়ত ভাগি গ'ল। এতিয়া গোলকক হাত কৰিব পাৰে বুলি চেষ্টাত আছে।
গোপাল মৌজাদাৰৰ ঘৰৰ পৰা মিনাই পোনে পোনে দুৰ্গা বৰুৱাৰ ওচৰলৈ আহিল। মিনাইৰ চেহেৰা দেখিয়েই উদ্দেশ্য যে সিদ্ধি নহল, বৰুৱাই বুজিব পাৰিলে। তথাপি সুধিলে,— “কি উত্তৰ দিলে?”
মিনাই। —উত্তৰ ভাল নহয়।
দুৰ্গা।—কাৰণ?
মিনাই। কাৰণ তেওঁলোকে মোৰ ফাঁকি ধৰা পেলাইছে। মই বাটত গোলকক লগ পাইছিলোঁ। তেওঁ বোলে কলিকতাৰ পৰা আহোতে গুৱাহাটীত ৰৈছিল; নৰেন্দ্ৰ ফুকনৰ ঘৰতে আছিল। বোধ কৰো নৰেন্দ্ৰই কিবা কৈছে।
দুৰ্গা।—চাৰিওফালে ইমান শত্ৰু যে ক'তো একো ঠিক কৰিব নোৱাৰি! কি যে কৰিম, মই ভাবিয়েই পোৱা নাই।
মিনাই। মোৰ মনেৰে ইবোৰ-সিবোৰ এৰি মোহনলৈকে দিয়ক। তেওঁ আপোনাৰ কথা পেলাব নোৱাৰে। লৰাটোও ভাল, চাকৰিটোও ধন ঘটা চাকৰি। মই হ'লে একো বেয়া দেখা নাই।
দুৰ্গা।—সি বা আকৌ কি কয়! জানাই নহয় উপকাৰীক অজগৰে খায়।
মিনাই।—মোৰ বোধেৰে মোহনে আপত্তি নকৰে, বাপেকৰ মত হ'লেই হ'ব। দুৰ্গা।—এৰা, আৰু বাট চাব নোৱাৰি। তাকে কৰা। তুমি বাপেকৰ মতটো আনা।
মিনাই।—মই আজিয়েই তাৰ দিহা কৰিম।
মিনাই গ'ল। দুৰ্গা ৰকৱা খঙে-বিষে অধীৰ হৈ নানা প্ৰকাৰ চিন্তা কৰিবলৈ ধৰিলে।
চতুৰ্দ্দশ অধ্যায়
বিয়াৰ কথা-বতৰা
দুৰ্গা বৰুৱাৰ ঘৰৰ পৰা আহি সেই দিনাই মিনাই শহুৰেকৰ ঘৰলৈ গ'ল। শহুৰেকৰ ঘৰত জা-জলপান খাই গধুলি দোলনক লগ ধৰিলে। দোলনে বহিবলৈ কৈ তামোল-চালি আনি দিলে আৰু কি সকামত আহিছিল সুধিলে। মিনায়ে ক’লে,—“শহুৰহঁতৰ ঘৰলৈ বুলিয়েই আহিছিলোঁ। পিচে তোমাৰ লগতো অলপ কথা আছিল; সেই দেখি হে সোমালো।
দোলন।– কি কথা?
মিনাই।—কথা হৈছে বোপাই চাকৰি কৰিছে যেতিয়া, এতিয়া আৰু টকা-পইচাৰ অভাব নহয় : তাতে পুলিচৰ চাকৰি। এতিয়া মোহনৰ ঘৰখন পতাৰ দিহা নকৰা কিয়?
দোলন।—চাকৰি কৰা দুবছৰেই হোৱা নাই। মোৰ অৱস্থা জানাই। বিয়া বুলিলেই জানো বিয়া হয়। হওঁতে ছোৱালী দিবলৈ আগ বঢ়া মানুহৰ লেখেই নাই। পিচে মই ভাবিছোঁ, আৰু দুবছৰমান কাম কৰি যি হয় অলপ ধন গোটাই লওক, ঘৰ-চুৱাৰ খিনিও ভাল কৰা হওক। তাৰ পাচত এঠাইত যি হয় কৰা যাব।
মিনাই।—ইয়াৰ ভিতৰতে কিছু টকা জমা নোহোৱাকৈ থকা নাই। অলপ অচৰপ লাগিলে আনৰ পৰাও আনিব পাৰিব।
দোলন।—জমা ক'ৰ পৰা হ'ব! চাকৰি কৰিছে মুঠেই উনৈশ নে কুৰি মাহ। ইয়াৰ ভিতৰতে আগৰ দুশ টকাৰ ধাৰ বাঢ়িয়ে সৈতে শুজিব লগা হৈছে। ঘৰ কেইটাও মানুহ থাকিব নোৱাৰা হৈছিল, তাক নেৰামত কৰোতেও এশমান খৰচ হ'ল। মুঠতে তাৰ হাতত টকা নাই।
সিনাই।— টকা নাই যদি নাই। এনে মানুহো ওলাব যি অলঙ্কাৰ পাতি টকা পইচা সকলো দি বিয়া দিব। দোলন কিছু সময় অবাক হৈ মিনাইৰ মুখলৈ চাই থাকিল। তাৰ পাচত ক’লে,— “আপুনি কোনোবা বঙালী ছোৱালীৰ কথা কৈছে নে কি? মোহনৰ পৰা শুনিছিলোঁ বোলে বঙাল দেশত হে টকা দি দৰা কিনা নিয়ম আছে।”
মিনাই।—মই বঙাল দেশৰ দৰা কিনাৰ কথা কোৱা নাই। ইয়াত কোনো দৰ-দামৰ কথা নাই। শহুৰেক-জোঁৱায়েকে দৰকাৰ দেখিলে ইজনে সিজনক সহায় কৰা এটা মৰম-চেনেহৰ কথা। সেইটো কিনা-বেচাৰ কথা নহয়।
দোলন। — আপুনি নো বাৰু কাৰ কথা ক'ব খুজিছে?
মিনাই।—তুমি জানা দুৰ্গা বৰুৱাই সহায় নকৰা হ'লে মোহনে চাকৰি নাপায়। অৱশ্যে মই নলগা হ'লে বৰুৱায়ো সেইখিনি নকৰিলেহেতেন। এতিয়াও মোহনলৈ তেওঁৰ বৰ চেনেহ। ছোৱালীজনী কেনে ধুনীয়া তুমি নিজেই দেখিছ৷। তায়ো বৰুৱাৰ বৰ মৰমৰ। মই ভাবিছো দুয়োৰে বিয়াখন হ'লে বৰ ভাল হয়। তেওঁৰ ছোৱালী গুৱাহাটীৰ এজন উকীললৈ আৰু আমাৰ মৌজাদাৰৰ পুতেকলৈকো ধৰিছে। তেওঁ এতিয়াও কাকো কথা দিয়া নাই। এতিয়াই চেষ্টা কৰিলে মই মোহন বোপালৈকে ঠিক কৰিব পাৰিম বুলি ভাবোঁ।
দোলন।—ইমান ডাঙৰ মানুহ এৰি তেওঁ আমাৰ নিচিন৷ মানুহৰ ঘৰলৈ ছোৱালী দিব নে?
মিনাই।—দিব বুলিয়েই মোৰ বিশ্বাস। আৰু তোমাৰ লৰা জানো এতিয়া সৰু মানুহ! হাকিম-উকীলতকৈও তেওঁৰ অৱস্থা ভাল হে হ'ব।
দোলন।—আৰু এটা কথা। আমি হলো হালোৱা চহা মানুহ। তেওঁৰ ছোৱালী জানো আমাৰ ঘৰত চলিব পাৰিব।
দোলনৰ ঘৈণীয়েকে সকলো কথা শুনি আছিল। এতিয়া তেওঁ মাত লগালে, “আমাক হাকিম-মুন্সিফৰ ছোৱালী নালাগে। ঘৰ ধৰি খাব পৰা হালোৱা চহাৰ ছোৱালীহে লাগে হাকিমৰ ছোৱালীয়ে আমাক বন কৰি খুওৱাহে নালাগে শাহ-শহুৰ বুলিবলৈকে লাজ পাব। আমিহে তেওঁৰ আল-পৈচান ধৰিব লাগিব।”
মিনায়ে হাঁহি হাঁহি ক'লে, – “তোমালোকৰ কথাত মোৰ হাঁহিহে উঠিছে। তোমালোক হালোৱা-চহা হ'ব পাৰা, কিন্তু তোমাৰ লৰা জানো চাকৰি এৰি হাল বাবলৈ আহিব? পুলিচৰ চাকৰি কৰা মানুহ, কেতিয়া ক'ত থাকে কোনে জানে! ঘৰলৈ কেতিয়াবা ছুটী লৈহে যদি এপাক মাৰিব পাৰে। য'তে বিয়া নকৰাওক, ছোৱালীজনী গিৰিয়েকৰ লগত নাৰাখি ইয়াতে ৰাখিব খুজিছা নে?তোমালোকে লৰাৰ কথা নাভাবি নিজৰ কথাটো হে ভাবিছা। লৰা যদি গাৱঁতে থাকিলহেতেন তেন্তে গাৱঁলীয়া ছোৱালী নিশ্চয় ভাল হ'লহেতেন। কিন্তু তোমালোকৰ লৰা ফুৰিব জিলাই জিলাই ঘূৰি। জিলাৰ একো নজনা ছোৱালী এজনী বিয়া কৰালে তেওঁ যেতিয়াই তেতিয়াই লাজত পৰিব লাগিব। তেনেকৈ লাজত পৰাৰ ভয়ত যদি লগত নাৰাখি ইয়াতে এৰি থব লগা হয়, তেন্তে বিয়া কৰোৱাৰ পৰা লাভ হ'ব কি?”
মিনাইৰ কথা শুনি অলপ পৰ ভাবি দোলনে ক'লে,— “এৰা, হওঁতে কথাটো হয়। আমি নো কি ক'ম! লৰাক সুধি চাওক। সি ইংৰাজী পঢ়া লৰা; আমাতকৈ বেচি বুজে। সি যদি মত দিয়ে আমাৰ একো ক'বলৈ নাই।”
“বাৰু তেন্তে মই মঙ্গলদৈলৈ গৈ লৰাক সুধি হা-না এটা লৈ আহি তোমলোকক জনাম।”—এনেকৈ কৈয়েই মিনাই
উঠিল। পঞ্চদশ অধ্যায়।
লেঠাৰ হাত।
পিচ দিনা মিনায়ে সকলো কথা দুৰ্গা বৰুৱাক জনালে। বৰুৱাই ক'লে,—“মোৰ বিশ্বাস মোহনে মত দিব। কিন্তু বাপেকৰ দৰেই বোধ কৰো টকা-পইচা নাই বুলি আপত্তি উলিয়াব।”
মিনাই। – বিয়াৰ খৰচটো দিয়াই ভাল। পলম হ'লে আকৌ বা কি হয় কোনে জানে! আন নহলেও ডেকা লৰা আন কাৰবাৰ ফান্দত পৰিব পাৰে।
দুৰ্গা। —যদি এই আহিনতে বিয়া কৰাবলৈ গাত লয় তেন্তে বিয়াৰ খৰচৰ বাবে দুশমান টকা দিব পাৰে। অলঙ্কাৰ পাতি, কাপোৰ-কানি, দান-মান একো নিদিলেও হ'ব। তুমি কালিলৈকে মঙ্গলদৈলৈ যোৱ৷ আৰু এটা খাটাং বাতৰি লৈ আহা।
মিনাই।—আপুনি কোৱাৰ আগতে ময়ো তাকেই ভাবি আছো। পিচে মোৰ হাতত সমূলি টকা-পইচা নাই; জাহাজৰ খৰচটোৱেই নাই।
দুৰ্গা।—বাৰু খৰচ পাবা। তেতিয়াই তেওঁ ভিতৰলৈ গ'ল আৰু এখন পাঁচ টকীয়া নোট আনি মিনাইৰ হাতত দিলে। টকা কেইটা লৈ মিনাই ঘৰলৈ গ'ল।
পিচ দিনা পুৱা খাৰুপেতীয়ালৈ তৃতীয় শ্ৰেণীৰ টিকট এখন কিনি মিনাই জাহাজত উঠিল আৰু দুপৰীয়া নিৰ্দিষ্ট ঘাট পাই নামিল।তাৰ পৰা খোজ কাঢ়ি গৈ মঙ্গলদৈ পালে। সেই দিনা মোহন ক’লৈকো যোৱা নাছিল, মিনায়ে ঘৰতে তেওঁৰ লগ পালে। মোহনে মিনাইৰ পৰা ঘৰৰ আৰু দুৰ্গা বৰুৱাৰ বা-বাতৰি ল'লে আৰু অকস্মাৎ তেওঁ তালৈ যোৱাৰ কাৰণ সুধিলে। মিনায়ে ক’লে,—“কাম আছে; একৰকম ডাঙৰ কামেই। লাহে ধীৰে ক'ম। সম্প্ৰতি গাটো ধুই লওঁ।”
মোহনে মিনাইক গা ধোৱাৰ দিহা কৰি দি ভাতৰ ব্যৱস্থা
কৰালে। মিনায়ে গা ধুলে আৰু ভাত-পানী খাই এখন্তক
জিৰাই ল'লে। তাৰ পাচত তেওঁৰ উদ্দেশ্যৰ কথা ভাঙি পাতি
ক'লে। লগতে পিতাকে যে সম্মতি দিছে তাকো জনালে।
কিছু সময় তলকা মাৰি থাকি মোহনে ক'লে, – “মই বিয়াৰ বিষয়ে সমূলি ভবাই নাছিলোঁ। কমকৈও আৰু ছবছৰমান কাম কৰাৰ পাচতহে ভাবিম বুলি স্থিৰ কৰিছিলোঁ। এতিয়ালৈকে যিবিলাকে বিয়াৰ প্ৰস্তাৱ কৰিছিল তেওঁলোকক তেনেকৈয়ে উত্তৰ দিছোঁ। মোৰ এতিয়াই বিয়া কৰাবৰ মন নাই।”
মিনাই। কিন্তু ৰায় চাহাবে তোমালৈ বৰকৈ আশা- কৰিছে! তোমালৈ তেওঁৰ চেনেহ পুতেকতকৈ কম নহয়। মোহন।—ময়ো তেওঁক পিতাৰ দৰেই শ্ৰদ্ধা কৰোঁ। কিন্তু এই বিয়াত দুটা ঘাই অসুবিধা আছে। প্ৰথমতে এতিয়াই বিয়া কৰাবৰ মোৰ মন নাই। দ্বিতীয়তে তেওঁ হ'ল নগৰীয়া ধনী মানুহ, মই হলো গাৱঁলীয়া, দুখীয়া। মই দুখীয়া মানুহৰ ছোৱালী বিয়া কৰালেহে শুৱাব।
মিনাই।—কোন ধনী, কোন দুখীয়া কোনেও ক’ব নোৱাৰে; কালত সকলো ওলট-পালট হয়। এই দুৰ্গা বৰুৱাকে ধৰা। চাকৰিত সোমাওঁতে তেওঁৰ অৱস্থা তোমাতকৈও বেয়াহে আছিল। লিখা-পঢ়াও তোমাতকৈ কম। পিচে নেদেখিছা আজি তেওঁৰ অৱস্থা। তোমাৰ অৱস্থা যে তেওঁতকৈও ভাল হ'ব সেইটো ধৰা-বন্ধা কথা। তুমি 'আজিৰ মানুহটোৱেই সদায় থাকিবা বুলি ভাবিছা নে?
মোহন।—আগলৈ যি কি নহওক, এতিয়াৰ কথাটোও তো ভাবিব লাগিব। এতিয়া বিয়া পাতিব খুজিলে আন নালাগে, বিয়াৰ খৰছটোকে নো উলিয়াওঁ কেনেকৈ?
মিনাই।—সেই বিষয়ে তুমি ভাবিব নালাগে। ধনৰ যোগাৰ মই কৰি দিম। বিয়াখনত নো কিমান টকা লাগিব! দুশমান টকা হ'লেই হ'ব। জোৰণৰ বস্তু সকলো ৰায় চাহাবেই দিব। তুমি মুঠেই দৰাটো হৈ যাব লাগিব।
মোহন।—টকা লৈ বিয়া কৰাবলৈ মোৰ মন নাই।
মিনাই। — মন নাই যদি পিচত ঘূৰাই দিবা। এতিয়া কাকো নজনালেই হ'ল। মোহনে কিছু সময় ভাবিলে। তাৰ পাচত ক'লে, “মই এতিয়াই একো ক'ব নোৱাৰে॥ ভালকৈ ভাবি-চিন্তি চাওঁ।
মিনাই।—মোৰ মতে ইয়াত ভাবিব চিন্তিবলৈ একো নাই। ৰায় চাহাবৰ যহতেই তোমাৰ চাকৰি; তেওঁৰ কথা নাৰাখিলে ভাল হ'ব জানো! তাতে ছোৱালীজনী বেয়া হোৱা হলেও এক কথা আছিল। তুমি নিজে ছোৱালী দেখিছা, আঁৰ ধৰি বলৈ একো নাই বৰং ৰূপেগুণে আন ছোৱালীতকৈ বহুত গুণে ভাল। তেনেস্থলত আপত্তিৰ কোনো কাৰণেই থাকিৰ নোৱাৰে। মোৰ মতে এই আহিনতে বিয়াখন পাতিব লাগে।
মোহন।—আহিনতে! মাজত এমাহো পূৰাকৈ নাই। ইমান লৰালৰি কৰাৰ কাৰণ কি?
মিনাই। — কাৰণ আছে। তেওঁৰ ছোৱালী এজন গুৱা হাটীৰ উকীললৈ ধৰিছে।তেজপুৰৰ গোপাল মৌজাদাৰৰ পুতকলৈকো ধৰাৰ কথা ওলাইছে।ৰায় চাহাবে এতিয়াও কাকো কথা দিয়া নাই। তোমালৈ তেওঁৰ এটা আপোন ভাব জন্মিছে; সেই দেখি আনলৈ দিবৰ মন নকৰে। তেওঁৰ মত এতিয়াই বিয়াখন হ'ব লাগে। নহলে যদি তোমাৰ আশাত হাততে পোৱা ভাল লৰাও এৰি দিয়ে, আৰু শেহত তোমাৰ লগতো বিয়া নহয়, তেতিয়া তেওঁ বৰ অসুবিধাত পৰিব।
মোহন।—বন্দবস্ত হৈ থাকিলে পিচত নহ'বৰ কাৰণ কি?
মিনাই। সেইটো কেনেকৈ কবা!দৰা ৰভাতল পোৱাৰ পিচতো একোটা বিয়া ভগা নাই জানো?
মোহনে তাৰ একো উত্তৰ দিব নোৱাৰিলে। কিছু সময় মনে মনে থাকি শেহত ক'লে,–“আজি আৰু লৰালৰি কৰি তেজপুৰলৈ ঘূৰিব নালাগে। আজি ৰাতিটো ইয়াতে থাকক, কালিলৈ ৰাতিৰ জাহাজত যাব পাৰিব। ইয়াৰ ভিতৰতে যি হয় মই ঠিক কৰি ক'ম।”
মোহনৰ কথামতেই মিনাই সেই ৰাতি তাতে থাকিল আৰু মোহনক নানা প্ৰকাৰে বুজাবলৈ ধৰিলে৷ শেহত ইচ্ছা নথকাতো মোহন সম্মতি দিবলৈ বাধ্য হ'ল। তেওঁ ক'লে,- “এতিয়াই বিয়া কৰাবলৈ মোৰ অলপো ইচ্ছা নাছিল, কিন্তু বৰুৱা মোৰ পিতৃ-তুল্য, তেওঁকো বেজাৰ দিবলৈ টান পাওঁ। সেই কাৰণে আপোনাকে সকলো ভাৰ দিলোঁ। আপুনিয়েই বৰুৱা আৰু পিতাইৰ লগত কথা-বতৰা পাতি যি হয় কৰিব। মই পিতাইলৈকো লিখিম।”
মোহনৰ মত পাই মিনায়ে ৰং পালে। দিনটো, খাই-বৈ তাতে থাকি গধুলিতে ঘাটলৈ আহিল আৰু ৰাতিৰ জাহাজত তেজপুৰমুৱা হ'ল।
মিনায়ে দুৰ্গা বৰুৱাক তেওঁৰ চেষ্টাৰ সফলতাৰ কথা জনালে, বৰুৱাই আনন্দ পালে। সেই দিনাৰে পৰা দৰা কন্যাৰ দুয়ো ঘৰতে বিয়াৰ আয়োজন চলিবলৈ ধৰিলে। ৰায় চাহাবে দোলনক দুশ টকা দিলে। দৰাঘৰীয়া আয়োজনত মিনায়েই সৰ্ব্বেসৰ্ব্বা হ'ল। বিয়াৰ দিন ঠিক হ'ল ন আহিনত।
নিৰ্দ্দিষ্ট দিনত মোহন ছুটী লৈ আহিল। কোনো আলৈ আহুকাল নোহোৱাকৈ পূৰ্ণিমাৰ লগত তেওঁৰ বিবাহ সম্পন্ন হৈ গ'ল। ইমান দিনৰ চেষ্টাৰ মূৰত দুৰ্গা বৰুৱা এটা ডাঙৰ লেঠাৰ হাত সাৰিল।
ষোড়শ অধ্যায়।
হালোৱা চহা।
মোহনে বিয়া কৰাবলৈ মাত্ৰ এসপ্তাহৰ ছুটী লৈ আহিছিল। খোবাখুবীৰ পিচ দিনাই তেওঁ অকলশৰে মঙ্গলদৈলৈ যাত্ৰা কৰিলে। পূৰ্ণিমাক পঠিওৱাৰ ভাৰ দুৰ্গা বৰুৱাৰ গাতে থাকিল।
দিন বাৰ চোৱাই চাৰি দিনৰ পাচত দুৰ্গা বৰুৱাই যৌতুকীয়া বস্তু-বাহানিৰে সৈতে জীয়েকক মঙ্গলদৈলৈ পঠিয়াই দিলে। লগত গ'ল এজনী সম্পৰ্কীয়া তিৰুতা, পূৰ্ণিমাৰ ভায়েক আৰু মিনাই। কেইদিনমানৰ পাচত তেওঁলোক উলটি আহিল। পূৰ্ণিমাই নতুন ঠাইত নতুন জীৱন আৰম্ভ কৰিলে।
মোহন আৰু পূৰ্ণিমাৰ নতুন জীৱন প্ৰথমতে শান্তিৰেই গৈছিল। কিন্তু দিন যোৱাৰ লগে লগে মোহনৰ মনলৈ অলপ অশান্তিৰ ভাব আহিবলৈ ধৰিলে। পূৰ্ণিমাই কোনো ঘৰুৱা কামলৈ ভালকৈ চকু নিদিয়ে। দেউতাকৰ ঘৰৰ পৰা লৈ যোৱা বটতলাৰ উপন্যাস পঢ়া, গান গোৱা আৰু চিঠি লিখাৰ বাহিৰে তেওঁৰ প্ৰধান কাম হ'ল মূৰ-গা-অঁতোৱা, সাজ-পাৰ পিন্ধা, খোৱা আৰু শোৱা। নতুন ঠাইত নতুন মানুহৰ মাজত নতুন জীৱন-যাত্ৰা আৰম্ভ কৰিব লগা হোৱাত তেওঁ যে কিছু আহু- কালত পৰিছিল, তাক মোহনে বুজিছিল। কিন্তু এমাহ পাচতো যেতিয়া তেওঁৰ একো পৰিবৰ্ত্তন নহ'ল, তেতিয়া মোহনৰ মনলৈ কিবাকিবি অস্বস্তিকৰ ভাব আহিবলৈ ধৰিলে।
মাজে মাজে ওচৰৰ তিৰুতা ফুৰিবলৈ পূৰ্ণিমাৰ ঘৰলৈ আহে, পূৰ্ণিমাও তেনেকৈয়ে কেতিয়াবা কেতিয়াবা তেওঁলোকৰ ঘৰলৈ যায়। তেওঁলোকৰ লগত কথা পাতোতে পূৰ্ণিমাই প্ৰায়েই দেউতাকৰ ধন-সম্পত্তি, ক্ষমতা আদিৰ কথা কৈ গৌৰৱ কৰে। মোহন যে বৰ দুখীয়া, আনকি বিয়াৰ খৰচটোও যে দেউতাকেহে দিছে তাকো নোকোৱাকৈ নেৰে। মুঠতে তেওঁ যে মোহনৰ ঘৰত থাকি ভাল পোৱা নাই, সেইটো কথাই তেওঁৰ কথা- বতৰাত প্ৰকাশ পায়। এইবোৰ কথা কেতিয়াবা মোহনৰ কাণতো পৰে, শুনি তেওঁৰ মনৰ অসন্তোষ আৰু বাঢ়ে।
মোহনৰ ৰান্ধনিটো নতুন সি ভালকৈ ৰান্ধিব নাজানে। কেতিয়াবা এনেকৈ ৰান্ধে যে মোহনৰ খোৱাই নহয়। তেওঁ পূৰ্ণিমাক ক'লে,—“অলপ ৰান্ধনি ঘৰলৈকো চকু দিবাচোন। নহ'লে অকল ৰান্ধনিৰ ওপৰতে সকলো ভাৰ দিলে খোৱাৰ আহুকাল নুগুচে।"
পূৰ্ণিমাই কিন্তু ৰান্ধনিটোক ভালকৈ ৰান্ধিবি বুলি আদেশ দিয়েই কৰ্ত্তব্য শেষ কৰিলে। ইয়াৰ কেইদিনমানৰ পিচত এদিন গধূলি মোহনে ৰৌমাছৰ পেটি, বিলাহী বেঙেনা কিনি আনিছিল। অলপ পাচতে এটা মানুহে এচমকা পহুৰ মাংস দি ক'লে,—“আজি দেউতা পহু চিকাৰলৈ গৈছিল, এটা হৰিণা পাইছিল; সকলোকে ভগাই দিছে। আপোনালৈকে৷ অলপ দি পঠাইছে।”
মোহনে ভাবিলে আজি ভালকৈ এসাজ খোৱা হ'ব।তেওঁ ৰান্ধনিটোক ক'লে,—“আলু, পিয়াজ, গৰম মচলা, ঘিউ সকলো ঘৰতে আছে। ভালকৈ ৰান্ধিবি, মাছৰ টেঙা কৰিবি।”
পূৰ্ণিমাক ক'লে, – “মোৰ অলপ কাম আছে। অহা পলম হ'ব পাৰে। তুমি দিহা-পোহা দি ভালকৈ ৰন্ধাবা।”
খাবৰ সময়ত মোহন ঘৰলৈ আহিল। ভাত হৈ আছে বুলি শুনি হাত-ভৰি ধুই গৈ পাতত বহিল। ভাতত আঞ্জা সানি এগৰাহ খায়েই তেওঁৰ ভোক কেনিবা পলাল। মুঠতে আলু, পিয়াজ, মাছ, মাংস, গৰম মচলা, বিলাহী বেঙেনা ঘিউ, তেল, অতিপাত জলকীয়া আৰু লোণ মিলাই এনে এবিধ আঞ্জা প্ৰস্তুত কৰি ৰাখিছে যে তাক খাবৰ সাধ্য নাই। তেওঁ মুখ ধুই উঠি আহিল। খঙৰ বেগত ৰান্ধনিক দুটা চৰ শোধাই দিলে আৰু কাকো মাত-বোল নকৰাকৈ শুই থাকিল।
পিচ দিনা পুৱা পূৰ্ণিমাক ক'লে, – “আজিৰ পৰা তুমি ৰান্ধিব লাগিব। এই ৰান্ধনি আৰু নাৰাখে৷। ইয়াক ৰাখি অকল খৰচ কৰাহে হয়, খাব নোৰাৰোঁ। তাতে ই থাকিলে তুমিও ৰন্ধা-বঢ়ালৈ চকু নিদিয়া।” পূৰ্ণিমা।—মই ৰান্ধিব নোৱাৰোঁ। দেউতাহঁতৰ তাত সদায় ৰান্ধনিয়ে বান্ধে; আবিয়ৈ ছোৱালীক চৰুলৈ যাবলৈ নিদিয়ে। মোৰ ৰন্ধা অভ্যাস নাই।
মোহন। — অভ্যাস নাই, কৰিব লাগিব। এতিয়াতো আবিয়ৈ ছোৱালী নোহোৱা।
পূৰ্ণিমা। —মই ৰান্ধিলে ৰান্ধনিতকৈও বেয়া হয় যদি?
মোহন।— হয় যদি হ'ব৷ লাহে লাহে নিজেই শিকিবা।
পূৰ্ণিমা। মই নোৱাৰোঁ। হাত পুৰিব, কাপোৰ-কানি লেতেৰা হ'ব; ৰন্ধাও বেয়া হ'ব।
মোহন। —যদি ভাত মুঠিও সিজাব নোৱাৰা, তেন্তে নো তুমি কি কাম কৰিব পাৰা?
পূৰ্ণিমা।—ডাঙৰ মানুহৰ ছোৱালীয়ে যিবোৰ কাম কৰে তাকে কৰিব পাৰিম। হালোৱা চহাৰ ছোৱালীৰ নিচিনা কৈ কাম কৰিব নোৱাৰোঁ।
মোহন নিজে হালোৱাৰ লৰা;গতিকে পূৰ্ণিমাৰ কথাত বৰ আঘাত পালে। পূৰ্ণিমায়ো যে তেওঁৰ মনত আঘাত দিবৰ মনেৰেই তেনেকৈ কৈছিল, তাত সন্দেহ নাই। পূৰ্ণিমাৰ এই মনোভাব যদিও নানা সময়ত প্ৰকাশ পাইছিল তথাপি মোহনে ইমান দিন সহি আছিল। আজি কিন্তু তেওঁৰ অসহা হ'ল। তেওঁ ক'লে,—“যদি দেউতাৰা ইমান ডাঙৰ মানুহেই হয়, হালোৱা-চহাৰ ভৰিত ধৰিব নালাগিছিল। এতিয়াও যদি ইয়াত থাকি দুখ পাইছা, দেউতাৰাৰ ঘৰলৈকে যাব পাৰা।" পূৰ্ণিমা।—যাব পাৰোঁ, পঠিয়াই দিলেই হয়। দেউতাই মোক খুৱাব পিন্ধাব নোৱাৰিব নে?
মোহন। বাৰু, তাকে কৰা যাবা। এনেকৈ কৈয়েই মোহন ওলাই গ'ল; ৰান্ধনিক আৰু খেদোৱা নহ'ল।
⸻⸻
সপ্তদশ অধ্যায়।
বেনামী চিঠি।
পূৰ্ণিমাক মঙ্গলদৈত থৈ অহাৰ পাচত দুৰ্গা বৰুৱাৰ পৰা প্ৰতিশ্ৰুত টকা দুশ পাব বুলি মিনায়ে বৰকৈ আশা কৰিছিল। দিনৌ তেওঁ বৰুৱাৰ ওচৰলৈ গৈছিল আৰু আকাৰে ইঙ্গিতে কথাটোৰ আভাসো দিছিল। কিন্তু বৰুৱাৰ পৰা একো সমিধান নাপালে। এনেকৈ এসপ্তাহমান যোৱাৰ পাচত এদিন তেওঁ পোন-পটিয়াকৈ কথাটো উলিয়ালে। তেওঁ বৰুৱাক ক’লে,—“আপোনাৰ কামত মই বহুত ঘূৰিলোঁ, বহুতক টেঙাও লগালোঁ। ইফালে মোৰ নিজৰ কামৰো বহুত খতি হ'ল। -সকলো কথা ভাবি চাই কিবা এটা কৰিব লাগে।”
দুৰ্গা বৰুৱাই একো নামাতি ভিতৰলৈ গ'ল আৰু কুৰিটা টিকা আনি মিনাইৰ হাতত দিলে।
টকাৰ পৰিমাণ দেখি মিনায়ে ক'লে, “আপুনি নিজেই দুশ টকা দিম বুলিছিল; এতিয়া কম নকৰিব।”
দুৰ্গা।—মই যি কাম কৰিলে দুশ টকা দিম বুলিছিলোঁ। তাক জানো কৰিব পাৰিলা? মৌজাদাৰৰ পুতেকক ঠিক কৰিব পৰা হ'লে তুমি নৌ কওঁতেই মই সেই টকা দিলোঁহেতেন।
মিনাই। — মই কামটো কৰিব নোৱাৰিলেও কমকৈ খটা নাই। কেইবাৰ গুৱাহাটী তেজপুৰ ঘূৰিলোঁ, কিমান কৌশল উলিয়ালোঁ, কিমানৰ লগত অখাতিৰ হ'লোঁ, তাক দেখোন আপুনি জানেই। এতিয়াও এইখন বিয়াতো জানো কমকৈ ঘূৰিছো!
দুৰ্গা। — ঘূৰিছা সঁচা, কিন্তু তাৰ বাবে খৰচ সদায় মোৰ পৰাই পাই আছা। আৰু তুমি নলগা হ'লেও মোহনক মই ঠিক কৰিব পাৰিলোঁহেতেন। সি মোৰ হাতৰ মানুহ। আৰু চোৱাঁ, গোলকৰ লগত বিয়া হোৱা হ'লে মোহনক দিয়া দুশ টকা দিব নালাগিলহেতেন। তেতিয়া সেই টকা তোমাক দিয়াত টান নাপালোঁহেতেন।
মিনাই। —মোহনক দুশ টকাহে দিলে; গোলকক দেখোন আধা সম্পত্তি দিম বুলিছিল।
দুৰ্গা। – দিম বোলা আৰু দিয়া দুটা বেলেগ কথা। কাৰ্য্য-সিদ্ধি কৰিবলৈ মানুহে নানা কথা কয়। তুমিয়েই মৌজাদাৰ আৰু ৰাধা হাকিমৰ ওচৰত বহুত কথা কৈছিলা; সেইবোৰ জানো সঁচা? মিনাই।—সেইবোৰ বাৰু এৰি দিয়ক। আপোনাৰ কামত ঘূৰোঁতে মোৰ কিমান কাম খতি হ'ল, আৰু কিমান লোক চান হ'ল সেইটো অন্ততঃ ভাবি চাব লাগে। সিমান দিনত মই কুৰি টকাহে উপাৰ্জ্জন কৰিলোঁহেতেন নে? ইমান অন্যায় কৰে কিয়?
মিনাইৰ কথাত বৰুৱাৰ খং উঠিল। তেওঁ ক'লে,—“তুমি কুৰি টকা নহয়, কুৰি হেজাৰ উপাৰ্জন কৰিলাহেতেন। কিন্তু মই কুৰি টকাতকৈ বেচি দিব নোৱাৰোঁ। লাগে যদি লোৱাঁ, নহলে ঘূৰাই দিয়া। আৰু তৰ্ক নকৰিবা।”
মিনায়ে দেখিলে তৰ্ক কৰাৰ পৰা লাভ নহয়, বৰং দিয়া ৰূপ কুৰ্ত্তি ঘূৰাই লোৱাৰ হে ভয়। ইয়াকে ভাবি তেওঁ টকাকেইটা লৈ বেজাৰ মনেৰে ওলাই আহিল।
যাওঁতে যাওঁতে মিনায়ে ভাবিলে,–“দুৰ্গা বৰুৱাই পাৰ পাই এতিয়া ভুৰত লাথি মাৰিছে। তাক শিকাব লাগিব।”
কিন্তু শিকায় কেনেকৈ? প্ৰথমতে মিনায়ে ভাবিছিল ভেটী খোৱা ধৰি দি তেওঁক ফৌজাদাৰী আদালতত হাজিৰ কৰিব। যদিও ধৰা পেলাবলৈ মিনাইৰ যথেষ্ট সুযোগ আছিল, তথাপি হাকিমৰ বিৰুদ্ধে সাক্ষী গোটোৱা তেওঁৰ পক্ষে সম্ভব নহ'ল। এই চেষ্টাৰ ফলত আগেয়ে দুৰ্গা বৰুৱাৰ লগত লেন-দেন কৰি যি দুপইচা আৰ্জ্জিছিল তাৰো মূদাহে মৰিল।
এমাহমান চেষ্টা কৰিও যেতিয়া মিনায়ে দুৰ্গা বৰুৱাক একো কৰিব নোৱাৰিলে, তেতিয়া তেওঁ আন এটা উপায়
বিচাৰিলে। তেওঁ ভাবিলে, তেওঁৰ চেষ্টাৰ বলতেই দুৰ্গা বৰুৱাই পূৰ্ণিমাৰ লেঠাৰ হাত সাৰিছিল, এতিয়া আকৌ পূৰ্ণিমাৰ দ্বাৰায়েই তেওঁৰ অশান্তি সৃষ্টি কৰিব লাগিব। ইয়াকে ভাবি তেওঁ নানা উপায়েৰে, ঘাইকৈ গুৱাহাটীত থকা জোৱাঁয়েকৰ যোগে দি নৰেন্দ্ৰই পূৰ্ণিমাক বিয়া নক ৰোৱাৰ কাৰণটো উলিয়ালে। ইয়াৰ বাহিৰেও আৰু এটা কথা মিনাইৰ জনা আছিল। মাজতে যে পূৰ্ণিমাৰ গ্ৰহণী হোৱাৰ কথা ওলাইছিল সেইটো মিছা। আচলতে গান শিকোৱা শিক্ষকজনৰ লগত পূৰ্ণিমাৰ সম্পৰ্ক ঘটাৰ ফলত যি লেঠাত পৰিছিল তাক গুচাবলৈ কৰা চেষ্টাৰ ফলস্বৰূপেহে ডাক্তৰ আৰু ধাইৰ সমাগম হৈছিল। মিনায়ে এই সকলো- বোৰ কথা মোহনক জনাবলৈ স্থিৰ কৰিলে। কিন্তু তেওঁ নিজে ঘৰ পাতি দি এতিয়া দেখাদেখিকৈ সেইবোৰ কথা জনাই কেনেকৈ! তেওঁ নিজে ভাবি-চিন্তি সকলো বৰ্ণাই মোহনলৈ এখন বেনামী চিঠি দিবলৈকে শেহত সিদ্ধান্ত কৰিলে। কিন্তু তাতো কিছু লেঠা আছিল; ইমানবোৰ কথা ভাঙি-পাতি লিখিবৰ জোখাই তেওঁৰ বিদ্যা নাছিল। তেওঁ এজন বিশ্বাসী তৰণীৰ কাষ চাপিল আৰু সকলো কথা বাহুল্যভাবে লিখাই এখন বেনামী চিঠি মোহনলৈ পঠিয়াই দিলে। চিঠিখন পঠিয়াই মিনায়ে মনে মনে আনন্দ উপভোগ কৰিলে। তেওঁৰ আশা হ'ল, নিশ্চয় এই চিঠি পালে মোহনে পূৰ্ণিমাক এৰি দিব।
ভাত ৰন্ধাৰ কথা লৈ খৰিয়াল লগাৰ দিন ধৰি মোহন আৰু পূৰ্ণিমাৰ মনত আপোন ভাবৰ অভাব হৈ আহিল; ব্যৱধান দিনে দিনে বাঢ়িবলৈ ধৰিলে; এটা বিৰক্তি, এটা অশান্তি তেওঁলোকৰ মনৰ পৰা নুগুচা হ'ল। এনেকৈয়ে আৰু কিছু দিন গ'ল।এনেতে মিনাইৰ বেনামী চিঠিখন মোহনৰ হাতত পৰিল। দুইৰো ভিতৰত সদ্ভাব থকা হ'লে বেনামী চিঠিত মোহনে বেচি গুৰুত্ব আৰোপ নকৰিলে - হেতেন। কিন্তু তেওঁলোকৰ সম্পৰ্ক যেনে হৈ পৰিছিল, তাৰ পৰাই তেওঁ সেই চিঠিৰ সকলো কথা সত্য বুলি বিশ্বাস কৰিলে। তেওঁ বলিয়াৰ দৰে হৈ উঠিল। উৎকট মানসিক যন্ত্ৰণাত তেওঁ কিছু সময় চৰগ পৰা মানুহৰ দৰে থৰ হৈ ৰ'ল। তাৰ পাচত খোটালীটোৰ ভিতৰতে উদ্ভ্ৰান্ত ভাবে ঘূৰিলে। এনেকৈ কিছু সময় কটোৱাৰ পাচত নৈৰ দাঁতিৰ ফাললৈ ওলাই গ'ল। লাহে লাহে তেওঁ প্ৰকৃতিস্থ হ'ল; নিজে নিজে ক'লে, – “মই কি মূৰ্খ! মই আগতে বুজ৷ উচিত আছিল। ধনী মানুহৰ ধুনীয়া ছোৱালী যেতিয়া লৰালৰিকৈ দুখীয়া মানুহক দিবলৈ ওলায়, তেতিয়াই বুজা উচিত,— হয় ছোৱালীৰ চৰিত্ৰ-দোষ আছে, নহয় কিবা পাৰিবাৰিক কেলেঙ্কাৰী আছে।”
সেই দিনাৰ পৰা মোহন আৰু পূৰ্ণিমাৰ ব্যৱধান আৰু বাঢ়িল। মোহনে কিন্তু চিঠিৰ বিষয়ে পূৰ্ণিমাক একো নুসুধিলে। সুধিলেই বা লাভ কি! প্ৰতীকাৰৰ যেতিয়া উপায় নাই, গতস্য শোচনা নাস্তি বুলি মনে মনে থকাৰ বাহিৰে আৰু কি কৰিব! মাত্ৰ তেওঁ পূৰ্ণিমালৈ তেতিয়াৰ পৰা অলপ বেচিকৈ লক্ষ্য ৰাখিলে।
ইয়াৰ পাচত আৰু এটা ঘটনা হ'ল। মঙ্গলদৈত দীলিপকুমাৰ ঘোষ নামে এজন ফটোগ্ৰাফাৰ আছিল। মানুহ- জন ৰূপহ ভেকা; ওখই ডাঙৰে লনী। মূৰত ঢৌ উঠা দীঘল চুলি, গাত চিল্কৰ পাঞ্জাবী, ভৰিত পাম্প ছু। বিয়াৰ পাচতে মোহনে এওঁৰ হতুৱাই তেওঁৰ আৰু পূৰ্ণিমাৰ ফটো তোলাইছিল। ফটোৰ সম্পৰ্কতে তেওঁ কেইবা দিনো মোহনৰ ঘৰলৈ আহিছিল। এনেকৈয়ে চিনাকী হৈ দীলিপ মাজে মাজে মোহনৰ ঘৰলৈ আহে আৰু কথা-বতৰা পাতি কিছু সময় কটাই গুচি যায়।
বেনামী চিঠিখন পোৱাৰ এসপ্তাহমান পাচত এদিন গধুলি মোহন অলপ দূৰৈলৈ বুলি ওলাই গৈছিল। প্ৰায় খাবৰ সময়ত তেওঁ ঘূৰি আহিল।তেওঁ ঘৰ পোৱাৰ আগে আগে কোনোবা এজন মানুহ তেওঁৰ ঘৰৰ পৰা ওলাই গ'ল। তেওঁ মানুহজন কোন ভালকৈ চিনিব নোৱাৰিলে।
ঘৰ সোমাই মোহনে দেখিলে সম্মুখৰ খনৰ বাহিৰে ঘৰৰ বাকী দুৱাৰ-খিৰিকিবোৰ বন্ধ। পূৰ্ণিমা দুৱাৰৰ ওচৰতে; ৰান্ধনিটো ৰান্ধনি-ঘৰত।
মোহনে ক’লে,—“দুৱাৰ খিৰিকিবোৰ বন্ধ কৰি থৈছা কিয়?”
পূৰ্ণিমা। - নহলে মহবোৰ সোমায়।
মোহন।—এতিয়া কোন আহিছিল?
পূৰ্ণিমা।— ফটোগ্ৰাফাৰে আপোনাক বিচাৰি আহিছিল; নাই বুলিলত গুচি গ'ল।
মোহনে একো নক'লে; কিন্তু মনত এটা দাৰুণ সন্দেহ জন্মিল। তেওঁ ওলাই যাওঁতে দীলিপৰ ঘৰৰ আগে দিয়েই গৈছিল; দীলিপে বাৰাণ্ডাত বহি থকাৰ পৰা তেওঁক দেখি- ছিল। তেনে স্থলত আকৌ ঘৰত বিচাৰি আহিব কিয়? তদুপৰি দুৱাৰ-খিৰিকিবোৰ বন্ধ। মুখৰ দুৱাৰখনো সম্ভবতঃ অলপ আগতেহে মেলিছে। দুৱাৰৰ ওচৰত পূৰ্ণিমাৰ অৱ- স্থিতিয়েও তাকেই সমৰ্থন কৰে। হ'ব পাৰে দীলিপক মোহন নথকাৰ কথা জনাবলৈ তেওঁ দুৱাৰমুখলৈ আহিছিল। কিন্তু খিৰিকিবোৰ বন্ধ কিয়? মহ জানো আজিয়েই প্ৰথমে আহিছে! আগে পিচে তো এনেকৈ বন্ধ নকৰে।
সেই দিনা মোহনৰ টোপনি নাহিল। যিমানেই ভাবিবলৈ ধৰিলে, সন্দেহো সিমানেই বাঢ়িবলৈ ধৰিলে। তেওঁ ভাবিলে - মানুহৰ চৰিত্ৰ-দোষ নাযায়; এঙাৰ গাখীৰেৰে ধুলেও বগা নহয়।
মোহনৰ মনত শান্তি নোহোৱা হ'ল। তেওঁৰ পক্ষে পূৰ্ণিমা হ'ল ভালুকৰ সাঙী; বোৱাও টান, থোৱাও টান। আঘোণৰ সাতাইশ তাৰিখে গোলকৰ বিয়াৰ দিন ঠিক হ'ল। বিয়া গুৱাহাটীতে হ'ব। দৰাঘৰীয়াৰ নিমিত্তে থকা মেলাৰ সকলো দিহা ৰাধাকান্ত বৰুৱায়েই কৰিছে। বিয়াৰ খৰচ পাতি কৰিবলৈকো তেওঁ গাত লৈছিল, কিন্তু, গোলাপ মৌজাদাৰ তাত সম্মত নহ'ল। অকল মানুহৰ সাহাৰ্য্যৰ বাহিৰে এটা ফুটা কড়ি ল'বলৈকো তেওঁ ইচ্ছা নকৰিলে।
বিয়াৰ এসপ্তাহৰ আগতে বৰযাত্ৰী গুৱাহাটীলৈ গৈছিল, মতাই তিৰুতাই চল্লিশ জন মান। মৌজাদাৰে তেওঁৰ মৌজাৰ সকলোকে বিয়ালৈ মাতিছিল। আন মৌজাৰ আৰু নগৰৰো প্ৰধান লোকসকলে নিমন্ত্ৰণ পাইছিল। তেজপুৰৰ বাহিৰত থকা তেজপুৰীয়া মানুহলৈকো তেওঁ পাহৰা নাছিল। নিমন্ত্ৰণ কৰোঁতে তেওঁ এইটোও জনাই থৈছিল যে যিসকল গুৱাহাটীলৈ যাব নোৱাৰে তেওঁলোকে যেন খোবা-খুবীৰ দিনাই তেওঁৰ নিজা ঘৰত বৰ-কন্যাক একেষাৰ আশীৰ্ব্বাদ দি যায়। গুৱাহাটীতো বিয়াৰ আয়োজন ভালমতেই হৈছিল নগৰৰ চিনাকী অচিনাকী প্ৰধান লোকসকলক নিমন্ত্ৰণ কৰা হৈছিল।
গোলক দৰা হৈ গৈছে যদিও মনত উৎসাহ নাই। বিয়াখন নোহোৱা হ'লেই তেওঁ ভাল পালেহেতেন। কিন্তু তাকে কৰিবৰ উপায় নাই। কন্যা ঘৰত ধুমধাম আৰু বেচি।নগৰৰ প্ৰায় সকলোৱেই নিমন্ত্ৰিত হৈছিল। আয়োজনো যথেষ্ট ৰূপে হৈছিল। জোৰণৰ দিনাৰে পৰা মানুহৰ সমাগম বিয়াৰ দৰেই। ঢুলীয়া আৰু বেণ্ডপাৰ্টিৰো ব্যৱস্থা কৰা হৈছিল।
পদ্মা এনেয়ে গহীন স্বভাবৰ ছোৱালী।জোৰণৰ দিনাৰ পৰা সেই গাম্ভীৰ্য্য আৰু বাঢ়িল। মনত যেন এটা গভীৰ অৱসাদ, এটা অব্যক্ত বেদনা। মুখ বিবৰ্ণ, চকুৰ পৰা যেন চকুলো ওলাব খুজিছে। উপস্থিত মহিলাসকলৰ কোনোৱে কৈছে,— “আইটি, মন মাৰি আছা কিয়? তিৰুতাৰ জনম ধৰিছা যেতিয়া এদিন নহয়, এদিন ঘৰ এৰি যাবই লাগিব। এইখন তোমাৰ ঘৰ নহয়, যাৰ লগত বিধাতাই জোৰা মিলাইছে, তেওঁৰ ঘৰেই হে তোমাৰ আচল ঘৰ।"
আন এজনীয়ে কৈছে,— “ইস্ নেদেখিছা! এওঁহে যেনিবা শহুৰি খাটিবলৈ ওলাইছে! এতিয়া বেজাৰত ঠায়েই নাই! দুদিন পিচত এইখন ঘৰলৈ মনতেই নপৰা হ'ব!”
কোনো সমনীয়া গাভৰুৱে কৈছে,— “তেহেলেই বেজাৰেই কৰা বা আনন্দই কৰা, আমালৈ হ'লে নাপাহৰিবা।”
পদ্মাই সকলো শুনিলে, কিন্তু একো উত্তৰ নিদিলে। গুৱাহাটীলৈ যোৱাৰে পৰা মালতীৰ লগত পদ্মাৰ বৰ মিল আছিল। মালতীৰ ঘৰ ওচৰতে। তেওঁ ৰেভিনিউ চিৰস্তাদাৰৰ ছোৱালী; পদ্মাৰে প্ৰায় সমান বয়সীয়া। দুয়ো প্ৰায়ে লগ লাগে আৰু নানা বিষয়ৰ কথা পাতে। মালতীৰ বিয়াও ঠিক হৈ আছে; দুই এমাহৰ পাচতে হ'ব। কেতিয়াবা তেওঁলোকৰ কথাৰ মাজত বিয়াৰ বিষয়েও কথা-বতৰা ওলায়। মালতীয়ে ভাবী গিৰিয়েকৰ সম্পৰ্কে নানা কথা কয়, কিন্তু পদ্মাই নিজৰ স্বামীৰ সম্পৰ্কে একো নকয়। মালতীয়ে বৰকৈ সুধিলে কয়,–“এতিয়াও আমি কোনেও কাকো চিনি নাপাওঁ; পৰৰ মুখৰ কথা ধাৰকৈ কোৱাৰ পৰা কি লাভ! সময়ত সকলো জানিবা।”
জোৰণৰ পিচ দিনা পদ্মাৰ গঢ়-গতি দেখি মালতীৰ মনত কিবা এটা আশঙ্কা জন্মিল। তেওঁ পদ্মাক থোটালী এটালৈ মাতি নি সুধিলে, “তোমাৰ মতি-গতি দেখি মোৰ মনত এটা সন্দেহ জন্মিছে। এই বিয়াত তোমাৰ মত নাই নে কি?”
পদ্মাই প্ৰথমতে একো নামাতিলে, মাত্ৰ তেওঁৰ দুয়ো চকুৰ পৰা চকু-লো বৈ আহিল। মালতীয়ে ক'লে,— “মই বুজিছোঁ, তোমাৰ মনত কিবা এটা ডাঙৰ দুখ আছে, অথচ তুমি মোক ইমান দিনেও কোৱা নাই। তুমি মোক এতিয়াও বিশ্বাস নকৰা! অথচ মই মোৰ অতি ভিতৰুৱা কথাও তোমাৰ পৰা কেতিয়াও লুকুওৱা নাই।
পদ্মা।— তুমি ভুলকৈ নাভাবিবা; অবিশ্বাস কৰি মই নোকোৱাকৈ থকা নাই। কিন্তু যাৰ প্ৰতিকাৰ নাই, তাক কোৱাৰ পৰা লাভ কি!
মালতী।—তথাপি আপোন জনৰ আগত প্ৰকাশ কৰিলে। অলপ সান্ত্বন৷ আহে।
পদ্মা।—মোৰ সান্ত্বনাৰ ঠাই নাই। মালতী।—তথাপি তুমি মোকো জানিবলৈ নিদিয়া নে?
পদ্মা। —মোৰ ক'বৰ মন নাছিল। মনৰ কথা মনতে ৰখাই ভাল হ'লহেতেন। তথাপি তুমি যেতিয়া অবিশ্বাস কৰিছো বুলি ভাবিছা, কওঁ শুনা। তেতিয়া মই তেজপুৰত। ককাইদেৱে মোৰ বিয়া ঠিক কৰিলে। যাৰ লগত ঠিক কৰিলে তেওঁক মই দেখ৷ নাই। ৰোধ কৰে। তেৱেঁ৷ মোক দেখা নাই। ককাইদেৱে মোৰ কোনো মতামত লোৱা নাছিল আৰু সঁচাকৈয়ে মোক সোধা হলেও মই একো মত দিব নোৱাৰিলোহেতেন। মই সেই বিষয়ে নিজাকৈ একো ভবা নাছিলোঁ। তাৰ কিছু দিনৰ পাচতে দৈবক্ৰমে এজন ডেকা মানুহৰ লগত মোৰ সাক্ষাৎ হয়। অকল সাক্ষাতেই নহয়, তেওঁৰ হাতৰ পৰশে৷ মোৰ গাত অনুভব কৰিছিলোঁ। মাত্ৰ এক মুহূৰ্ত্তৰ নিমিত্তে, তাৰ পাচত তেওঁ অদৃশ্য হ'ল। তেওঁ কোন, ক'ৰ পৰা আহিছিল, ক'লৈ গ'ল একো ক'ব নোৱাৰিলোঁ, কিন্তু মোৰ হিয়াত তেওঁৰ এটা ছাপ ৰৈ গ'ল। ইয়াৰ কেইদিন মানৰ পাচতে আমি গুৱাহাটীলৈ আহিলোঁ, কিন্তু ইমান দিন যুঁজিও সেই ছাপটো মচিব নোৱাৰিলে॥ এতিয়া মোৰ বিয়া হ'ব। হিয়াৰ মাজত এজনৰ ছবি লৈ আন এজনৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগিব। ই কিমান গৰ্হিত কাম হ'ব ভাবি চোৱাচোন। তথাপিও জীয়াই থাকিলে তাৰ প্ৰতিকাৰৰ উপায় নাই। মৃত্যুৰ বাহিৰে একোৱে মোক এই সঙ্কটৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে।”
কথাখিনি শুনি মালতীৰ বেজাৰ লাগিল, কিন্তু প্ৰতিকাৰৰ কোনো উপায় বিচাৰি নাপালে। তথাপি পদ্মাক সান্ত্বনা দি ক'লে, – “সখি, তুমি এনেকৈ ধৈৰ্য্য নেহেৰুৱাবা। জনম, মৰণ, বিবাহ এইবোৰত মানুহৰ হাত নাই, ই ঈশ্বৰৰ ইচ্ছাত নিৰ্ভৰ কৰে। তেওঁৰ চৰণত আত্মনিবেদন কৰি তোমাৰ কৰ্ত্তব্য কৰি যোৱা। হতাশাক প্ৰশ্ৰয় নিদিবা।”
পদ্মা। —আন উপায় নাই দেখিয়েই তো মই তোমাকো মোৰ মনৰ কথা জনোৱা নাছিলোঁ।
দৰা-কন্যা এজনৰো আগ্ৰহ নাথাকিলেও নিৰ্দ্দিষ্ট দিনত গোলক আৰু পদ্মাৰ বিবাহ সম্পন্ন হ'ল। অপৰিচিত দুটি প্ৰাণীক মন্ত্ৰৰ বন্ধনেৰে বান্ধি লগুণ-গাঁঠিৰে লগ লগোৱা হ'ল।
বিংশ অধ্যায়।
নিমন্ত্ৰণ ৰক্ষা।
আগতে কোৱা হৈছে গোপাল মৌজাদাৰে তেজপুৰৰ বাহিৰত থকা তেজপুৰীয়া মানুহকো বিয়ালৈ নিমন্ত্ৰণ কৰিছিল। মোহনো নিমন্ত্ৰিত হৈছিল। স্কুলত পঢ়োতে "মোহন গোলক- মহীধৰতকৈ দুটা শ্ৰেণীৰ তলত পঢ়িছিল, কিন্তু তেওঁলোকৰ ভিতৰত ভাল চিনা-পৰিচয় আছিল। মোহনৰ বিয়াত গোলক আৰু মহীধৰ দুয়ো নিমন্ত্ৰণ ৰক্ষা কৰিছিল আৰু মূল্যবান উপহাৰো দিছিল। তাতে তেওঁৰ ঘৰ গোপাল মৌজাদাৰৰ মৌজাতে। পঢ়া কালত মোহনে কেতিয়াবা কেতিয়াবা মৌজাদাৰৰ পৰা অলপ-অচৰপ সাহাৰ্য্যও পাইছিল। সকলো কথা ভাবি চাই তেওঁ বিয়াত যোগ দিবলৈকে স্থিৰ কৰিলে। তেওঁ হিচাপ কৰি দেখিলে তেওঁ যদি বিয়াৰ দিনা দুপৰীয়া যায় তেন্তে সেই দিনাৰ নিমিত্তে ছুটী নল'লেও হব, কিন্তু ঘূৰিব পাৰিব পিচ দিনা আবেলি, গতিকে এদিনৰ ছুটী ল'ব লাগিব। সেই মতেই ব্যৱস্থা কৰি তেওঁ বিয়াৰ দিনা প্ৰায় এক বজাত খাৰুপেতীয়া ঘাটত জাহাজত উঠিল আৰু পাঁচ বজাৰ সময়ত গুৱাহাটী পালেগৈ। তেওঁ যাওঁতে বাটত উজান-জাহাজ লগ নাপালে। গুৱাহাটী পাই শুনিলে সেই দিনা উজান জাহাজ তেতিয়ালৈকে তাহা নাই; অন্ততঃ আৰু দুঘণ্টাৰ ভিতৰত আহি পোৱাৰ আশা নাই। কথাটো শুনি তেওঁ ভাবিলে যদি পিচ দিনাও তেনেকৈয়ে জাহাজ অহাত পলম হয় নাইবা নাহেই তেন্তে তেওঁ বৰ অসুবিধাত পৰিব। ইয়াকে ভাবি সম্ভব হ'লে সেই ৰাতিয়েই ঘূৰিবৰ মন কৰিলে।
মোহন পোনে পোনে বিয়া ঘৰলৈ গ'ল। মোহনক দেখি গোলক, মহীধৰ, মৌজাদাৰ সকলোৱে আনন্দ পালে আৰু যথাৰীতি অভ্যৰ্থনা কৰি জা-জলপান খুৱালে। মৌজাদাৰে মোহনক ক'লে, – “তুমি যে মোৰ নিমন্ত্ৰণ ৰক্ষা কৰিলা তাত পৰম সন্তোষ পালোঁ। আমি একে ঠাইৰে মানুহ, এনে উৎসৱতো দেখা নোপোৱা হ'লে বেয়া লাগিলহেতেন।” মোহনে ক'লে—“সেই দেখিয়েই তো ছুটী লৈয়েই এবাৰ মাত লগাবলৈ বুলি আহিলে॥”
ৰভাতলত বহুতো মানুহ আছিল। মোহনো তাতে বহিল ইজন সিজনৰ লগত কথা-বতৰা পাতি কাৰো কাৰো লগত চা- চিনাকীও হ'ল। এনেকৈয়ে এঘণ্টামান কটাই তেওঁ অলপ ইফালে-সিফালে ফুৰিলে। লাহে লাহে আঠ বাজিল। বৰ- যাত্ৰী যাত্ৰাৰ আয়োজনত লাগিল। মোহনো দৰাৰ লগত যাবলৈ ওলাল। এনেতে জাহাজৰ দীঘলীয়৷ উকি শুন৷ গ'ল। মোহনে ভাবিলে, তেওঁৰ বিয়া খোৱা হ'লেই, কৰিবলগীয়া কামো একো নাই; ইফালে জাহাজ আহিল যেতিয়া তেওঁ এই জাহাজতে ওলটাই ভাল। পিচ দিনা বা জাহাজ পায় নে নাপায় তাৰ কি ঠিক।
তেওঁ মৌজাদাৰৰ ওচৰ চাপি নিজৰ অভিপ্ৰায় জনালে। মৌজাদাৰে ক'লে, “থাকিলে যদিও বেচি ভাল পালোঁহেতেন তথাপি তোমাৰ সুবিধাটো এৰিবলৈ নকওঁ। দেখ৷ পালোঁ, এয়েই আনন্দ।”
গোলক-মহীধৰেও তাকেই ক'লে। তেতিয়া সকলোৰে ওচৰত বিদায় লৈ মোহন ঘাটলৈ আহিল আৰু জাহাজত উঠিল। আধা ঘণ্টামানৰ পাচতে জাহাজে গুৱাহাটী এৰিলে।
পিচ দিনা ৰাতিপুৱাতে মোহনক ঘাটৰ ফালৰ পৰা ঘৰলৈ অহা দেখা গ'ল। তেতিয়া তেওঁৰ ঘৰত ভয়ানক হুলস্থুল। ইন্সপেক্টৰকে আদি কৰি পুলিচ কৰ্ম্মচাৰী আৰু আন মানুহেৰে ঠাইডোখৰ ভৰি পৰিছে৷ ঘৰৰ দুৱাৰ মুকলি। দুৱাৰমুখৰ ওচৰতে পূৰ্ণিমা তেজেৰে ৰাঙলী হৈ মৃত অৱস্থাত পৰি আছে। ওচৰতে এটা ৰিভলভাৰ।
মোহন অলপ সময় থৰ লাগি থাকিল তাৰ পাচত কাণ্ডটো কি হ'ল জানিব খুজিলত ৰান্ধনিটোৱে ক'লে, – “ৰাতি দুই বজাৰ ঘণ্টা শুনাৰ অলপ পাচতে ঘৰৰ ভিতৰত হিলৈৰ শব্দ শুনিলো। মই উঠি আহি এওঁক এনেকৈয়ে পৰি থকা দেখিলোঁ, আৰু কোনো নাই। তেতিয়া সকলোকে খবৰ দিলোঁ। কেনেকৈ কি হ'ল একো ক'ব নোৱাৰোঁ।”
ইন্সপেক্টৰে মোহনক সুধিলে, “আপুনি আজি আবেলিহে গুৱাহাটীৰ পৰা অহাৰ কথা আছিল। পুৱাতে এইখিনি পালেহি কেনেকৈ?”
মোহন। কালি জাহাজ অহা পলম হৈছিল, সেই কাৰণে আজিলৈ নাথাকি ৰাতিয়েই ঘূৰিলোঁ।
ইন্সপেক্টৰ। খাৰুপতীয়া পালেহি কিমান সময়ত? মোহন। ৰাতি প্ৰায় ডেৰ বজাত।
ইন্স। পিচে ৰাতি থাকিল ক'ত?
মোহন। ঘাটৰ ওচৰৰে দোকানখনত।
ইন্স। আপোনাৰ বন্দুকটো ক'ত আছিল? মোহন। মেজৰ ড্ৰৱাৰত।
ইন্স। ছাবি কাৰ হাতত আছিল? মোহন। ড্ৰৱাৰত তলাই নাই।
ইন্স্। মই বাহিৰে ভিতৰে চাবলগীয়া সকলো চাইছোঁ। এতিয়া আপোনাৰে সৈতে আকৌ এবাৰ ভিতৰখন চাওঁ।
তেতিয়া দুয়ো লগ লাগি ভিতৰখন চালে, কিন্তু একো লৰচৰ নাপালে। শেহত ছাবি বিচৰাই ইন্সপেক্টৰে পূৰ্ণিমাৰ বাকচটো মেলালে। তাত কিছুমান কাপোৰ-কানি আৰু দুপদমান অলঙ্কাৰ আছিল; বাচৰ এটা চুকত এট৷ কাগজৰ বাকচ আছিল; তাৰ ভিতৰত কিছুমান চিঠি। ইন্সপেক্টৰে চিঠিৰ বাকচটো ল'লে।
তাৰ পাচত দুয়ো ওলাই আহিল। পূৰ্ণিমাৰ শটো পোষ্ট- মৰ্টেম পৰীক্ষাৰ নিমিত্তে ডাক্তাৰখানালৈ পঠিওৱা হ'ল। এইখিনি কাম সমাধা কৰি ইন্সপেক্টৰে মোহনক মাতি নি নিভৃতে ক’লে,—“ঘটনাটো যে আত্মহত্যা নহয় সি একেবাৰেই ঠিক। দুৱাৰখন মেলি লৈ দুৱাৰ মুখত এনেকৈ মানুহে আত্মহত্যা নকৰে। তাতে গুলি লাগিছে কাণ-সঁতাৰ কাষেদি পিচ ফালে। নিজে এনেভাবে গুলি কৰা সম্ভব নহয়। নিশ্চয় ই হত্যা। কিন্তু হত্যা কৰিলে কোনে? ৰাতি দুই বজাত বাহিৰৰ মানুহ সোমাল কেনেকৈ? পূৰ্ণিমাই নিজে দুৱাৰ মেলি হত্যাকাৰীক সোমাবলৈ দিয়াৰ বাহিৰে আন উপায়ে সোমোৱাৰ সম্ভাবনা দেখা নাযায়। চাকৰটোৰ দ্বাৰা যে এই কাম হোৱা নাই সিও ধুৰুপ।”
মোহন।—-আপোনাৰ অনুমান কি? ইন্স।—মোৰ অনুমান ই দেখাদেখি হত্যা। ইয়াত বাহিৰা মানুহো জড়িত আছে। কিন্তু প্ৰকৃত হত্যাকাৰী কোন আপুনি জানে।
মোহন।মই! মই কেনেকৈ জানিম!
ইন্স। —কাৰণ হত্যাকাৰী আপুনি নিজে।
মোহন।—মই হত্যাকাৰী!
ইন্স।—এৰা আপুনিয়েই।
মোহন। — মই ঘৰতেই নাই। ৰাতি জাহাজৰ পৰা নামি ঘাটৰ দোকানখনতে আছিলোঁ; দোকানীক সুধিলেই গম পাব। ইন্স।—আপুনি দোকানত থাকিব পাৰে, কিন্তু ঘৰৰ পৰা উলটি গৈ।
মোহন।—তেন্তে আপুনি মোকেই সন্দেহ কৰিছে?
ইন্স।—সন্দেহ কি! নিঃসন্দেহে জানিছোঁ। আপুনি যে আহিছিল আৰু বন্দুকৰ আৱাজ হোৱাৰ পাচতে উলটি গৈছিল, সেইটো সঁচা কথা। পহৰাৱালা তাৰ সাক্ষী। মই সেইবোৰ তদন্ত আগতে কৰিছোঁ। মই সকলো কথা এতিয়া গোপনেই ৰাখিছোঁ, সেই বাবেই আন মানুহৰ আগত এইবোৰ বিষয়ে প্ৰশ্ন কৰা নাই।
মোহন বিবৰ্ণ হ'ল; কি উত্তৰ দিব ঠিক কৰিব নোৱাৰিলে।
ইন্সপেক্টৰে ক'লে, “এটা কথাৰ বাহিৰে সকলো কথা স্পষ্টকৈ জনা গৈছে।
মোহন।—কি কথা?
ইন্স।— আপুনি আহোঁতে আপোনাৰ ঘৰৰ ভিতৰত কোনোবা এটা মানুহ আছিল। কিন্তু সি কোন জানিব পৰা নাই। সেই বুলি তাক উলিয়াবলৈকে৷ বেচি অনুসন্ধান কৰিব নালাগিব।
মোহন। আপুনি এইটো কেনেকৈ গম পালে?
ইন্স৷—শোৱাপাটীৰ একাষে এটা চিঙ্কৰ পাঞ্জাবী থকা আপুনিও দেখিছে। সেইটো যে আপোনাৰ নহয় তাক ঠিককৈ জানো। আপোনাক তেনে চোলা পিন্ধা কেতিয়াও দেখা নাই। তাৰ উপৰি আপুনি ঘৰত নাছিল; সেই কাৰণে শুবৰ সময়ত সোলোকাই থৈছিল বুলিবৰ উপায় নাই। আপুনি আহোঁতে সেই চোলাৰ যি মালিক সিয়েই ভিতৰত আছিল।
মোহনে কবলৈকে কথা বিচাৰি নাপালে।
ইন্সপেক্টৰে আকৌ ক'লে, – “চাওক, আপুনি এজন কৰ্ত্তব্য পৰায়ণ নিপুণ কৰ্ম্মচাৰী; স্বভাৱ-চৰিত্ৰৰ বিষয়েও মোৰ ধাৰণা৷ উচ্চ। সেই বাবেই আপোনাক ভাল পাওঁ। আপুনি যে সামান্য কাৰণত এনে সাংঘাতিক কাম কৰা নাই মই তাক ভালকৈ বুজিছোঁ। তথাপি আপুনি মোক প্ৰকৃত ঘটনাটো নিজে জানিবলৈ দিয়া উচিত। আপোনাৰ যাতে কোনো বিপদ নহয় তাৰ বাবেই তদন্ততো মই সতৰ্কতা অৱলম্বন কৰিছোঁ। মই এতিয়া আপোনাৰ লগত বন্ধু ভাবেহে কথা পাতিছে।; তদন্তকাৰী হিচাপে নহয়।”
কওঁ-নকওঁকৈ অলপ সময় থাকি মোহনে ক'লে, —“আপোনাৰ অনুমান সত্য। কেনে পাক-চক্ৰত পৰি অনিচ্ছা- তো মই বিয়া কৰাব লগত পৰিলোঁ তাক আপুনি জানে। বিয়া কৰাই অশান্তিৰ বাহিৰে মই একো পোৱা নাছিলো। বিয়াৰ কিছু দিন পিচৰে পৰা মোৰ পূৰ্ণিমাৰ ওপৰত সন্দেহ জন্মিল; তেওঁ যে চৰিত্ৰহীনা তাকে৷ এখন বেনামী চিঠিৰ পৰা জানিব পাৰিলোঁ। অকল সেয়ে নহয় সেই দীলিপ বোলা ফটোগ্ৰাফাৰটো এদিন অসময়ত সন্দেহজনক ভাবে মোৰ ঘৰৰ পৰা যোৱা দেখি মোৰ ধৈৰ্য নোহোৱা হৈ আহিল। তথাপি সকলো যন্ত্ৰণা নীৰৱে সহি থাকিলোঁ। কালি বিয়ালৈ যাওঁতে কালিয়েই ঘূৰিম বুলি ভবা নাছিলোঁ, কিন্তু সৌভাগ্যৰ কাৰণেই হওক বা দুৰ্ভাগ্যৰ কাৰণেই হওক আহিবৰ সুযোগ মিলিল। ৰাতি ডেৰ বজাত ঘাট পাই প্ৰথমতে তাতে থাকোঁ বুলিয়েই ভাবিছিলোঁ। কিন্তু পিচত ঘৰলৈ আহিবলৈকে মন গ'ল। মই যাওঁতে চাইকেলখন আৰু বন্দুকটো লৈ গৈছিলোঁ। এতিয়া বাটত কিবা আহুকাল ঘটে বুলি বন্দুকত গুলি ভৰাই ল'লে। আৰু বেগেৰে চাইকেল চলাই দিলোঁ।
মই ঘৰলৈ আহোঁতে কোনো বেয়া ভাব মনত লৈ অহা নাছিলোঁ। কিন্তু দুৱাৰ-মুখ পোৱাৰ লগে লগেই মনৰ গতি সলনি হ'ল। ভিতৰত তেতিয়া কোনোবাই ফুচফুচাই কথা পাতিছিল। মই দুৱাৰত খুন্দিয়াই দুৱাৰ মেলি দিবলৈ ক'লে॥ কিন্তু কথাহে বন্ধ হ'ল, দুৱাৰ মেল নাখালে। মই আকৌ মাতিলোঁ, মোৰ পৰিচয় দিলোঁ, গুৱাহাটীৰ পৰা যে ঘূৰি আহিলোঁ তাকো জনালোঁ, তথাপি দুৱাৰ বন্ধই থাকিল। এনেকৈ পাঁচ মিনিটমান যোৱাৰ পাচত পূৰ্ণিমাই দুৱাৰখন মেলি দিলে। মই ভিতৰ সোমালো; পূৰ্ণিমাক একো নুসুধিলে॥ পূৰ্ণিমা তেতিয়া একে ঠাইতে থিয় হৈ থাকিল; তেওঁৰ মুখখন মৰা মানুহৰ মুখৰ দৰে হৈছিল।
“ঘৰত সোমায়েই মই ঢিমাই থোৱা লেম্পটো বেচিকৈ জ্বলাই দিলোঁ। তৎক্ষণাৎ আপুনি কোৱা পাঞ্জাবীটো চকুত পৰিল; সেইটো মোৰ নহয়। মই চোলাটোৰ জেপত এটুকুৰা কাগজ পালে।। এতিয়াও কাগজ টুকুৰা মোৰ হাততে আছে।” মোহনে কাগজ টুকুৰা ইন্সপেক্টৰক দেখুৱালে। তাত লিখা আছিল, “আজি তেওঁ গুৱাহাটীলৈ গৈছে, কাইলৈ আহিব। বাৰমান বজাত মই তোমালৈ বাট চাম।”
মোহনে ক'বলৈ ধৰিলে,—“ তেতিয়া মই বুজিলোঁ যাৰ চোলা তেওঁলৈ লিখা এইখন পূৰ্ণিমাৰ চিঠি। মানুহটো যে ভিতৰতে আছে ঘটনাৱলীয়ে তাকো স্পষ্টকৈ দেখুৱালে। মোৰ মনত তেতিয়া কি লাগিছিল মই নিজেই বুজিব নোৱাৰিছিলোঁ। মই ৰিভলভাৰ উলিয়ালোঁ; গুলি ভৰোৱাই আছিল। এহাতে লেম্পটো আৰু আনহাতে ৰিভলভাৰটো লৈ মই ইফালে সিফালে চাবলৈ ধৰিলোঁ। এবাৰ অলপ চাপৰি খাটৰ তলৰ ফালে চাব খোজোতেই হঠাৎ দীলিপ ওলাই লৰ মাৰিলে। তৎক্ষণাৎ মই গুলি এৰিলোঁ। কিন্তু দীলিপ সাৰিল; গুলি লাগিল পূৰ্ণিমাৰ গাত। পূৰ্ণিমা ঢাচ কৰে পৰিল আৰু তেতিয়াই ধাতু গ'ল! মই অলপ সময় চাই থাকি ওচৰতে বন্দুকটো পেলাই অহা বাটেই উভতি গলে। আৰু বাকী সময়খিনি দোকানতে ছটফটাই পৰি থাকিলোঁ।
ইন্সপেক্টৰ।—ঘটনাটো আপুনি কোৱাৰ আগতে বুজি- ছিলোঁ। এতিয়া মাত্ৰ মানুহটো কোন জনা গ'ল। আৰু এটা কথা জনা গ'ল যে যদিও পূৰ্ণিমা মৰিল, আপোনাৰ গুলিৰ লক্ষ্য দীলিপহে আছিল।
মোহনে 'ক’লে, “আপোনাক সকলো কথা জনালোঁ। এতিয়া কেনেকৈ এই বিপদৰ হাত সাৰিম তাৰ উপায় দিয়ক।”
ইন্স।—বাৰু সেই বিষয়ে আলোচনা কৰিম। আগেয়ে এই চিঠিবোৰত কি পাওঁ চাওঁ।
চিঠিবোৰত চকু ফুৰাই ইন্সপেক্টৰে ক'লে, – “আপুনি বোধ কৰো এইবোৰ চোৱা নাই। এই বোৰৰ পৰা যি দেখা যায় পূৰ্ণিমাৰ চৰিত্ৰ আপুনি ভবাতকৈও জঘন্য। ভালেই হৈছে, এনে তিৰুতা জীয়াই নথকাই ভাল।”
মোহন।—এতিয়া কি কৰিম?
ইন্স।—সঁচা কথা ক'লেও ইমানবোৰ প্ৰমাণৰ ওপৰত আপোনাৰ শাস্তি নহব পাৰে আৰু হলেও লঘু শাস্তিয়েই হ'ব। তথাপি এইবোৰ কেলেঙ্কাৰী প্ৰচাৰ নোহোৱাকৈ ৰাখিব পৰাই ভাল। মুঠতে ডাক্তৰে আত্মহত্যা বুলি ৰিপোৰ্ট দিলেই সহজে লেঠা মৰে। কিন্তু মই যি বুজিছোঁ ডাক্তৰে তেনে ৰিপোৰ্ট নিদিব।
মোহন। – দিয়াবৰ উপায় কি?
ইন্স।— ডাক্তৰক ধৰিব লাগিব।
এনেতে খবৰ আহিল যে ডাক্তৰী পৰীক্ষা হৈ গ'ল; শৱদাহ কৰিবলৈ নিব লাগে। মোহনে ইন্সপেক্টৰক ক'লে, – “মই মৰিশালিলৈ যাব লাগিল; আপুনিয়েই ডাক্তৰৰ লগত পৰামৰ্শ কৰি মোক এই আছকালৰ পৰা উদ্ধাৰ কৰক।”
তাৰ পাচত মোহন জনচেৰেক চিপাহী আৰু আন মানুহেৰে সৈতে পূৰ্ণিমাৰ শেষ-কৃত্য কৰিবলৈ গ'ল। ইন্সপেক্টৰো লগতে গৈছিল। তেওঁ মৰিশালিলৈ নগৈ ডাক্তৰক ভিতৰুৱাকৈ লগ ধৰিলে।
ডাক্তৰ প্ৰথমতে সম্মত নহৈছিল যদিও শেহত আত্মহত্যা বুলিয়েই ৰিপোৰ্ট দিলে। শুনা যায় এই বাবে মোহনৰ অলপ বাৰুকৈয়ে খৰচ হ'ল।
এই ঘটনাৰ পাচত মোহনে কৈছিল, – “লোকৰ কথাৰে কেতিয়াও বাট বুলিব নালাগে। মই যদি আকৌ বিয়া কৰাও, মোৰ নিচিনা অৱস্থাৰ মানুহৰ ঘৰতহে বিয়া কৰাম। মানুহ চিনা টান। মিনাইৰ দৰে মানুহক বিশ্বাস কৰাৰেই এই পৰিণাম।
দীলিপ সেই ৰাতিয়েই ক'ৰবালৈ গ'ল। তাৰ পাচত কোনেও তেওঁক মঙ্গলদৈত দেখা পোৱা নাই।
দ্বাবিংশ অধ্যায়।
তেৱেঁই এওঁ।
গোলকৰ বিয়াৰ পিচ দিনাই বৰযাত্ৰী তেজপুৰলৈ উলটিল। কন্যাৰ লগত আহিল তেওঁৰ মাক, খুৰাকৰ পুতেক আৰু এজনী লিগিৰী।
তৃতীয় দিনা দুপৰীয়া বৰযাত্ৰীসকল আহি ঘৰ পালে। সেই দিনাই ৰাতিলৈ খোবাখুবী সবাহ। পূৰ্ব্বৰ বন্দৱপ্তমতে সেই দিনাই স্থানীয় লোকসকলক অভ্যৰ্থনা কৰা হ'ল। নিমন্ত্ৰিত লোক প্ৰায় সকলোৱেই আহিছিল আৰু জা-জলপান খাই বৰ- কন্যাক আশীৰ্ব্বাদ কৰি গৈছিল।
ৰাতি খোবাখুবী সবাহ। গাৱঁৰ ৰাইজ গোট খাই সবাহ পাতিলে আৰু এজন বাপুৱে দৰা-কন্যাক খোবাখুবীৰ আখ্যান গাই শুনালে। সবাহ ভাগিল । সকলো ঘৰাঘৰি গ'ল। তাৰ পাচত গৃহস্থ, আলহী সকলোৱে খাই-বৈ শয্যাৰ আশ্ৰয় ল'লে। এতিয়ালৈকে গোলক আৰু পদ্মা আঁতৰে আঁতৰেই আছিল। সকলোৱে বিশ্রাম লোৱাৰ পাচত তেওঁলোকৰ সাক্ষাৎ হ'ল । প্ৰথমতে পদ্মাৰ ওৰণী-তলৰ অস্পষ্ট মুখখন দেখি গোলকৰ মনত কিবা এটা সন্দেহ জাগিল ; তেওঁ ঘপকৰে ওৰণীখন গুচাই পেলালে । তাৰ পাচত অলপ সময় থৰ হৈ ৰ'ল ; এটা আনন্দৰ জেউতি মুখত বিৰিঙি উঠিল। তেওঁ হঠাৎ কৈ উঠিল,-- “তুমি পদ্মা !”
পদ্মাৰ লাজকুৰীয়া মুখখনতো এটা নতুন আভা ফুটি ওলাল ।
গোলকে ক'লে, – “যোৱা বহাগত বিয়া খাবলৈ যাওঁতে যে গাড়ীৰ পৰা পৰিছিলা, তেতিয়া কোনে তুলিছিল মনত আছে ?”
পদ্মাই মূৰ দুপিয়াই ক'লে, – “ওঁ । ”
● ● ● ●
পিচদিনা পদ্মাই সখীয়েক মালতীলৈ লিখিলে :-
“সখি, বৰ আনন্দৰ বাতৰি এটা তোমাক দিবলৈ বুলি ইমান লৰালৰিকৈ কলম ললোঁ ৷ যাৰ ছবি মোৰ হিয়াৰ মাজত, যাৰ পৰশৰ অনুভূতি মোৰ প্ৰত্যেক অঙ্গত, তেৱেঁই এওঁ। ভাগ্যে ভুল নকৰিলোঁ। ঈশ্বৰক ধন্যবাদ।"
অন্ত
গ্ৰন্থকাৰৰ বিবিধ গ্ৰন্থ।
|
উপন্যাস।
কাব্য আৰু কবিতা।
ছপা হ'ব লাগিছে :—
|
নাটক
জীৱনী।
স্কুল-পাঠ্য।
আন কিতাপ।
|
- ঠিকনা :-
- ১। হিৰণ্যৰঞ্জন গ্ৰন্থকুটী, তেজপুৰ, অসম ।
- ২। বি, আৰ, কলিতা এণ্ড কোং তেজপুৰ, অসম ।
- আৰু
- সকলো ডাঙৰ কিতাপৰ দোকান ।
তৰুণ কবি হিৰণ্যৰঞ্জন কলিতাৰ
হিৰণ্য-গ্ৰন্থাৱলী (প্রথম ভাগ ) ।
বোর্ড বন্ধা —৩৲, ৰাজ-সংস্কৰণ ৫৲ ।
গ্ৰন্থাৱলীৰ কিতাপবিলাক বেলেগেও কিনিবলৈ পোৱা যায় ।
| ১। হিৰণ্যৰঞ্জন (জীৱনী) | ... | ... | ৷৷৹ |
| ২। বিপ্লবী আৰু বীৰনাৰী (কবিতা) | ... | ... | ৸৹ |
| ৩৷ বনফুল ( " ) | ... | ... | ৸৹ |
| ৪। কলিযুগ (খুহুটীয়া কবিতা) | ... | ... | ৸৹ |
| ৫। মৌ-চাক | ... | ... | ১৲ |
'কলিযুগ' আৰু ‘মৌ-চাক'— অসমীয়া সাহিত্যত আপুৰুগীয়া সম্পদ হৈ ৰ'ব । ” “ ⸻ বিহলঙনি” ( ২৭।৮।৫০)
হিৰণ্য-গ্রন্থাবলী ( ২য় ভাগ ) — যন্ত্রস্থ।
| ইয়াত আছে :— | |
| ১। বসন্তৰ পৰশ | (গীতি-নাট্য)। |
| ২। পাষাণ দেৱতা | (নাটক)। |
| ৬। ভদ্রলোক | (ধেমেলীয়া নাট)। |
| ৪। নাট-ঘৰ | (৫খন এক দৃশ্যৰ চুটি নাটক)। |
| ৫। প্রবন্ধাবলী | (বিবিধ প্রবন্ধ)। |
- ঠিকনা :-
- ১। হিৰণ্যৰঞ্জন গ্ৰন্থকুটী, তেজপুৰ, অসম ।
- ২। বি, আৰ, কলিতা এণ্ড কোং তেজপুৰ, অসম ।
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )