| চম্পক।—
|
( অকলে অকলে) আজি আমাৰ সৰুবোপা অহাৰ কথা আছে। সি দেহি আজি বহুত দিন অহা নাই, কামতেই আছে।বজাৰৰপৰা মাছ—তাছ অলপমানো অনাব লাগে; জেপত বা আকৌ কিমান পইচা আছে! (জেপত হাত ভৰাই চাই) এ, দুঅনা পইচাহে আছে দেখোন! ইয়ানে নো কি কৰোঁ? (অলপ পৰ টলকা মাবি ৰৈ) অ, ভাল মনত পৰিছে! —আজি কঁটীয়াকো বেৰকেইখন বান্ধিবৰ কাৰণে মাতি পঠিয়াইছিলোঁ নহয়! সি আহিলেনো আজি ক’ৰ পইচা দিম? সি বৰ একা-চেকা মানুহ; হাততে পইচা নেপালে কামকে নকৰে, ভাল মৰণে পালে! মই এটা মানুহ;
|
|
|
দৰ্ম্মহা পাওঁ কুৰি টকা; তাৰে খামেই নে, পিন্ধিমেই নে, ঘৰকে সজাম নে, কি কৰিম? সিহঁতৰ তো এইবোৰৰ ফালে কাণ সাৰেই নাই, —বাগিচাত ঘৈণীয়েকহঁতক লৈ মহা আনন্দেৰে খাই থাকিব, কেৱল মোৰ হে মৰণ। (অলপ ৰৈ) মাছ একণ নহলে নো বাৰু সি শুদা ভাতগাল কেনেকৈ খাব? ভগা বেৰ দেখিলে তো যি লাগে কবই! পিচে মইহে বুজিছোঁ দেখা। সি যি কওক লাগে, ইয়াবেই অলপ মাছ আৰু চেনি অনাওঁ। (মোলোকাক মাতে) হেৰ মোলোকা অ’!
|
| চম্পক।—
|
তই বজাৰৰপৰা আহগৈচোন।
|
| মোলোকা।—
|
কি আনিব লাগে দেউতা পইচা দিয়ক, গধূলি হল, মই বেগাই যাওঁ; তেহে যদি বজাৰ পাওঁগৈ।
|
| চম্পক।—
|
বেগাই যা বাৰু। এই পইচা দুঅনা লৈ যা, (পইচা দি) ইয়াৰ এক অনাৰে ভাল চাই মাছ অলপমান আনিবি আৰু বাকী অনাৰে চেনি এপোৱা আনিবি।
|
| মোলোকা।—
|
দেউতা! এক অনাৰ নো মাছ কি পাব? আজি তাতে দেওবাৰ। ডোমবোৰ চাগৈ হাটলৈ গৈছে। মাছৰ যিহে দৰ হৈছে চাগৈ!
|
| চম্পক।—
|
বাৰু, ইয়াৰে যি পাৱ তাকেই আনিবি, কেৱল তই লাভ নেখাবি। আজি বতৰ ডাৱৰীয়া; ডোমহঁত হাটলৈ নাই যোৱা চাগৈ, মাছ সস্তা হব, যা।
|
| মোলোকা।—
|
ভাল দেউতা! (হাঁহি হাঁহি ) লাভ খাওঁ বুলি
|
|
|
ভয় কৰিব নেলাগে, মই ভাল কথাহে কৈছিলোঁ। (স্বগতঃ) এক অনা পইচাৰ মাছনো কাৰ নাকত দিব, তাতে আজি আমাৰ সৰু হাকিমো আহিব হব পায়!
|
| চম্পক।—
|
(অকলে অকলে) সি মোক কৈছে হয়, কিন্তু মইহে জানিছো কেনে টানত পৰিছো। কথাতে কয় নহয় বোলে “লুইতেহে জানে বঠা কিমানলৈ বহে।” এতিয়া কটীয়াও পাইহিহে লাগে। সি আহিলেনো কি কৰিম? বাৰু, তালৈকো এটা বুদ্ধি ওলাইছে। সি আহিলে কম, “মই তোক বাতিপুৱাই মাতিছিলোঁ নহয়! এতিয়াহে আহিছ?” এই বুলি কৈ তাক ওভোতাই পঠিয়াম।
|
| কটীয়া।—
|
দেউতা! অকলে অকলে নো কি কৰিছে?
|
| চম্পক।—
|
কোন সেইটো, কটীয়ানে কি? আজি আমাৰ সৰুবোপা অহাৰ কথা আছে; তালৈকে মোলোকাক কিবাকিবি অলপ বিচাৰিবলৈ পঠিয়াই এইখিনিতে বহি আছো।
|
| কটীয়া।—
|
দেউতা! আজিকালি বজাৰৰ বস্তুৰ দাম যিহে হৈছে, আপোনালোকৰ নিচিনা মানুহেহে যদি বজাৰৰ বস্তু খাব পাৰে। আমাৰ নিচিনা দুখীয়া-নিছলাই হলে হাতকে টোৱাঁব নোৱাৰে। আও! এনে জুই-ছাই মৰগ!
|
| চম্পক।—
|
তই বজাৰলৈ গৈছিলি হবলা? মই তই আহিবি
|
|
|
আহিবি বুলি বাট চাই আছিলো। ৰাতিপুৱাই আহিব লগা মানুহ, ৰাতিপুৱা যে নাহিলিয়েই, দুপৰীয়াও বজাৰলৈ গুচি গলি। এতিয়া গধূলিনো আৰু কি কাম কৰিবি, পৰশুলৈ আহিবি যা।
|
| কটীয়া।—
|
দেউতা! কাইলৈ আহিলে জানো কৰিব পৰা নহব?
|
| চম্পক।—
|
কাইলৈ আহিলেও কৰিব পৰা হয়, কিন্তু কাইলৈ মোৰ অলপ সকাম আছে, পৰশুলৈকে আহিবি যা।
|
| কটীয়া।—
|
ভাল দেউতা! এতিয়া বিদায় হে লওঁ, পৰশুলৈ দুপৰীয়াই আহিম বাৰু।
|
| চম্পক।—
|
বাৰু যা, পবশুলৈ কিন্তু জৰুৰ আহিবি।
|
| কটীয়া।—
|
ভাল দেউতা, নাহো বুলি ভয় কৰিব নেলাগে। এতিয়া দেউতাক সেৱাহে জনালো।
|
| চম্পক।—
|
ওঁ, বাৰু যা। সি দেখোন বজাৰৰপৰা এতিয়াও নাহিল!
|
| মোলোকা।—
|
দেউতা, মাছ চাওকহি।
|
| চম্পক।—
|
কি, মাছ মৰগ নে কি?
|
| মোলোকা।—
|
দেউতা! সুধিছে হে আকৌ? মই নৌ যাওঁতেই নো কি কৈ গৈছিলো?
|
| চম্পক।—
|
বলচোন বাৰু চাওঁগৈ।
|
| গঙ্গা।—
|
আজি দুবছৰ নৌহওঁতেই ঘৰ ভাগে ভাগে হল। হেৰ গোলাই অ! অলঙ্কাৰৰ বাকচটো আৰু মোৰ বেগটো বৌক ভালকৈ থবলৈ কলিনে?
|
| গোলাই।—
|
কোৱা নাই। ভাল বাৰু কৈ আহোঁগৈ।(প্ৰস্থান।)
|
| চম্পক।—
|
( ধঁপাত হুঁপি হুঁপি ) সৰুবোপা, আজি ৰেল অহা পলম হলনে কি?
|
| গঙ্গা।—
|
(সেৱা কৰি) বেল অহাত পলম হোৱা নাই, ঠিকতে আহিছে; কেৱল মোৰহে বাটত মানুহবিলাকৰ আগত কথা পাতি অহাত বেলি হল।
|
| চম্পক।—
|
লৰাকেইটাৰ গা ভাল নে?
|
| গঙ্গা।—
|
হয়, ভাল; মাজতে সক মইনাৰহে খহুকেইটামান হৈ বৰ কষ্ট হৈছিল; এতিয়া অলপ বাৰু হৈছে।
|
| চম্পক।—
|
বৰ মইনা স্কুললৈ যায়নে?
|
| গঙ্গা।—
|
যাওঁতে সদায় যায়, কিন্তু তাৰ পঢ়াতহে বৰ মন দেখা নাই।
|
| চম্পক।—
|
তোৰ লগত গোলাই অহা নাইনে কি?
|
| চম্পক।—
|
ঘৰ পোৱাহি নাই হবলা?
|
| গঙ্গা।—
|
নহয় মোৰ লগতে আহিছে। ভিতৰলৈহে পঠিয়াইছোঁ।
|
(হাতত আমোলৰ বটা লৈ গোলাইৰ প্ৰবেশ।)
| গোলাই।—
|
( চম্পকৰ পিনে টোৱাঁই ) খাওক দেউতা।
|
| চম্পক।—
|
(তামোল খাই) কি, ভালে আছ?
|
| গোলাই।—
|
হয় দেউতা! আপোনালোকৰ আশীৰ্ব্বাদত ভালে আছোঁ।
|
| গঙ্গা।—
|
মোৰ বেগটোতে ‘চিলপট্' জোতাজোৰ আছে; গোলাই, আনগৈচোন যা।
|
(হোঁকা আৰু বটা লৈ গোলাইৰ প্ৰস্থান।)
| চম্পক।—
|
সৰুবোপা, বহুত ৰাতি হল, খাই-বই তহঁত শুবিগৈ তেন্তে।
|
| গঙ্গা।—
|
ভাল কথা কৈছে! এতিয়া শেছ ৰাতি খাই মৰিবলৈ দিছেনে?
|
| চম্পক।—
|
ভাত নেখাৱ যদি চাহকে এটোপা খাগৈ যা।
|
| গঙ্গা।—
|
এতিয়া আৰু একো নেখাওঁ। আমি দুয়ো বেলৰপৰা নামিয়েই ষ্টেচনতে চাই-মিঠাই খোৱাত পেট ওফন্দি আছে। এতিয়া খালে আৰু মৰিবহে লাগিব।
|
| চম্পক।—
|
একো নেখাৱ যদি তয়ে-গোলায়ে চৰাঘৰৰ কোঠাতে দুখন বিছনা পাৰি থোৱা আছে, তাতে শুবিগৈ।
|
| গোলাই।—
|
(চিলপট্ জোতা দি ) এইজোৰ জোতা, দেউতা!
|
| গঙ্গা।—
|
( হাতেৰে ভৰি মচি জোতা পিন্ধে। )
|
| চম্পক।—
|
গোলাই, তই সৰুবোপাৰ তাতে শুবিগৈ'; মই শোওঁগৈ আৰু।
|
| গোলাই।—
|
ভাল দেউতা, আপুনি শোৱকগৈ যাওক।
|
| গঙ্গা।—
|
গোলাই, ধঁপাত এচিলিম আন আৰু; খাই শুই থাকোঁগৈ,
|
(জেপৰপযা ঘৰী উলিয়াই চাই বাৰ বাজিল।)
| গঙ্গা।—
|
বৌহঁত চাগৈ শুবই পায়।
|
( চিলিমত ধঁপাত লৈ গোলাইৰ পুনঃ প্ৰবেশ। )
| গোলাই।—
|
কেতিয়াবাই দুৱাৰ মাৰি গুলেগৈ। এতিয়া মই বাহিৰৰ জুহালৰপৰাহে ধঁপাতত অঙ্গঠা ভৰাই আনিছো।
|
| গঙ্গা।—
|
বাকচটো ভালকৈ থবলৈ কলিনে?
|
| গঙ্গা।—
|
আহ তেন্তে, শোওঁগৈ।
|
| গোলাই।—
|
ভাল দেউতা, গৈছো, আপুনি বলক।
|
| গোলাই।—
|
(হোঁকা কাষত লৈ চিলিমত ধঁপাত খাই ) যাওঁ আৰু শোওঁগৈ; কাইলৈ আকৌ নিচেই ৰাতিপুৱাই উঠিব লাগিব।
|
(গঙ্গাৰাম, লাৱণ্য, প্ৰভাৱতী আৰু পুনাৰাম। )
| প্ৰভাৱতী।—
|
(লাৱণ্যক কয়) হেৰাঁ, এই ঠাইখন অঁটাই দিয়াঁচোন, সৰুবোপাক ভাত দিওঁ।
|
| লাৱণ্য।—
|
(লোটা-চৰিয়া দি আৰু ঠাই অঁটাই) ঠাই অঁটালোঁ। ভাত দিয়কহি।
|
| প্ৰভা।—
|
(ভাত দি) সৰুবোপা, ভাত খোৱাঁহি।
|
| গঙ্গা।—
|
(কাপোৰে-কানিয়ে ভাত খায়।)
|
| প্ৰভা।—
|
তুমিনো বাৰু কাপোৰে-কানিয়ে ভাত খাব পোৱানে? ইমান মেলেছ হলানে?
|
| গঙ্গা।—
|
ইস্, কাপোৰে-কানিয়ে ভাত খালে বৰ দায়টো লাগে!
|
| প্ৰভা।—
|
তোমাৰ নো মেলেছ মানুহৰ কি আছে? কুকুৰৰ দৰে ইয়াত এসাঁজ তাত এসাঁজ খাই ফুৰিবা! আমি আকৌ তেনেকৈ খাব পাৰিলেহে।
|
(পুনাৰামে ওচৰৰ বটাৰ তামোল খাই থাকে।)
| গঙ্গা।—
|
(ভাতৰ কাঁহী দলিয়াই দি ) তই কাক কুকুৰ বুলি গালি পাৰ? এতিয়াই তোৰ মুখ গুৰি কৰিব পাৰোঁ বুলি জনা নাইনে?
|
| পুনাৰাম।—
|
(তামোল খোৱাৰপৰা উঠি খঙ্গেৰে) তই চেলা কাৰ
|
|
|
আইক এনে গালি পাৰ? জোতাৰ কোবত তোৰ নাকটি
ভাঙ্গিম বুলি জনা নাইনে?
|
| গঙ্গা।—
|
(খেদা মাৰি গৈ) তই কুকুৰ, কাক জোতাৰে কোবাৱ?
|
( পুনাৰামক ভুকু এটাই আৰু চৰ এটাই মাৰে। )
| পুনাৰাম।—
|
মাৰিছা মাৰা বাৰু। তাৰ মজাটো পিচেহে পাবা।
|
| গঙ্গা।—
|
আকৌ কুকুৰ কি কং অ’?
|
| লাৱণ্য।—
|
সৰু বোপা, মনে মনে থাকাঁ। তেওঁ জোতাৰে কোবাব খুজিছে, কোবাব বাৰু।
|