সমললৈ যাওক

পৰাচিত (সামাজিক নাটক)/পঞ্চম অঙ্ক

ৱিকিউৎসৰ পৰা

পঞ্চম অঙ্ক।

প্ৰথম দৃশ্য।

কাছাৰী-ঘৰ।

(বিড্‌চন্‌, জয়নাথ, চন্দ্ৰকান্ত, ফজলুৰ ৰহমান, দুৰ্গানাথ
আদি বহি থাকে; পুনাই এদতীয়া হৈ ওচৰতে থিয়
হৈ থাকে)

বিড্‌চন্‌।— (জয়নাথলৈ চাই) Send for Gangaram and Champak.
জয়নাথ।— হেৰ পুনাই অ’! গঙ্গাৰাম আৰু চম্পকক মাতি আনচোন।

(পুনাইৰ প্ৰস্থান)

বিড্‌চন্‌।— Has their witness come?
জয়নাথ।— Yes sir, they have got their witness.
বিড্‌চন্‌।— (দুৰ্গানাথ আৰু ফজলুৰ ৰহমানলৈ চাই) On what side do you appear?
দুৰ্গানাথ।— We appear in the side of Gangaram, Sir
বিড্‌চন্‌।— (চন্দ্ৰকান্তলৈ চাই) You in which side?
চন্দ্ৰকান্ত।— I am in the side of Champak, Sir!

(পুনাইৰে সৈতে গঙ্গাৰাম আৰু চম্পকৰ প্ৰবেশ।)

(গঙ্গাৰাম আৰু চম্পকে চাহাবক চেলাম কৰে।)

জয়নাথ— (গঙ্গাৰামৰ প্ৰতি) তুমি কোৱাঁ—‘ইয়াত যি কওঁ সকলো সঁচা কম, নহলে ধৰ্ম্মে ঘটাব’।
গঙ্গাৰাম।— (পেস্কাৰৰ লগে লগে কৈ যায়।)
বিড্‌চন্‌।— থোমাৰ হাক্ষী খ’ত আছে?
গঙ্গা।— সৌৱা তাতে আছে, হজুৰ!
বিড্‌চন্‌।— Peshkar, tell the chaprassi to call his witness.
জয়নাথ।— (কাগজ চাই টেকেলাক কয়) ডম্বৰুধৰ হাজৰিকাক মাতচোন।
পুনাই।— (দুৱাৰ-মুখলৈ গৈ) ডম্বৰুধৰ হাজৰিকা!ডম্বৰুধৰ হাজৰিকা হাজিৰ!
বিড্‌চন্‌।— (উকীললৈ চাই) Commence the case.
ফজলুৰ ৰহমান।— (গঙ্গাৰামলৈ চাই) তোমাৰ গোচৰৰ কথা কি কোৱাঁচোন।
গঙ্গা।— ডাঙ্গৰীয়া, মোৰ গোচৰ এয়ে, “মই ঘৰত নাছিলোঁ; নথকাত (চম্পকক দেখুৱাই) এওঁ মোক হিংসা কৰি মোৰ মাজু বৌৰ অলঙ্কাৰৰ বাকচটো আৰু মোৰ বেগটো চুৰ কৰি নি থৈছে।
চন্দ্ৰ।— ( চম্পকক দেখুৱাই ) এওঁ চুৰ কৰাৰ তুমি কি প্ৰমাণ পালা?
গঙ্গা।— সেই সময়ত ঘৰত এওঁবিলাকৰ বাহিৰে কোনো নাছিল।
চন্দ্ৰ।– (চম্পকলৈ চাই) আপুনি চুৰি হোৱাৰ দিনা ঘৰত আছিলনে নাই?
চম্পক।— সেই দিনা অইনকি ম‍ই ৰাতিপুৱাই আহি বাৰ বজা ৰাতিলৈকে ঘৰলৈ ওলটা নাই।
গঙ্গা।— আছিলনে নাই মোব সাক্ষীক সোধক।
চন্দ্ৰ।– তোমাৰ সাক্ষীয়ে দেখিছিল জানো?
গঙ্গাৰাম।— হয়, দেখিছিল।
চন্দ্ৰ।– (ডম্বৰুলৈ চাই) তুমি এওঁৰ চুৰি হোৱাৰ বিষয়ে কিবা জানানে?
ডম্বৰু।– হয়, জানো।
চন্দ্ৰ!– (গঙ্গাৰামক দেখুৱাই) এওঁ কৈছে যে ঘৰত কোনো নাছিল, তেন্তে তুমি কেনেকৈ জানা?
ডম্বৰু।— হয়, ঘৰত কোনো নাছিল। ম‍ই আৰু গোলোক দুয়ো ফুৰিবলৈ আহিছিলোঁ; পিছে হাই শুনি এওঁবিলাকৰ ঘৰ সোমাওঁ, সোনাই এওঁক সোধোঁ, বোলোঁ কি হল। এওঁ কলে,—বৌৰ বাকচটো আৰু মোৰ বেগটো চুৰি হল। তেতিয়া বাহিৰত দেখোঁ যে (চম্পকক দেখুৱাই) এওঁবিলাক বাপেক-পুতেক দুয়োহে বহি আছে।
চন্দ্ৰ।– তুমি তেন্তে ইয়াকেহে দেখিছিলা? আৰু একো দেখা নাই নহয়!
ডম্বৰু।– হয়, মই আৰু ইয়াৰ বাহিৰে আন একো দেখা নাই।
চন্দ্ৰ।– বাৰু, এতিয়া ২য় সাক্ষীক সোধা যাওক।
জয়নাথ।— পুনাই, ২য় সাক্ষী ভোকোন্দাইক মাত।
পুনাই।— (দুৱাৰ-মুখলৈ গৈ) ভোকোন্দাই! ভোকোন্দাই হাজিৰ

(ভোকোন্দাইৰ প্ৰবেশ।)

ভোকোন্দাই।— (চেলাম কৰে।)
চন্দ্ৰ।— তুমি গঙ্গাৰামৰ মাল-পত্ৰ চুৰি হোৱাৰ বিষয়ে কি জানা?
ভোকোন্দাই।— মই সেইদিনা ফুৰিবলৈ যাওঁতে লোকে কোৱা শুনিছিলোঁ।
চন্দ্ৰ।— তেন্তে লোকে কোৱা কথাকে সঁচা বুলি তুমি সাক্ষী দিবলৈ আহিছা?
ভোকোন্দাই।— হয়, মই নিজ চকুৰে দেখা নাই।
বিড্‌চন্‌।— (পেস্কাৰৰ প্ৰতি) All right, call the Ist. Witness of the opposite party.
জয়।— (পুনাইৰ প্ৰতি) চম্পকৰ ১ম সাক্ষী গোলোকক মাত।
পুনাই।— (দুৱাৰ-মুখলৈ গৈ) গোলোক! গোলোক হাজিৰ!

(গোলোকৰ প্ৰবেশ।)

গোলোক।— (চেলাম কৰে।)
দুৰ্গা।— (গোলোকলৈ চাই) তুমি কি দেখিছিলা কোৱাঁচোন।
গোলোক।— ডাঙ্গৰীয়া, আমি এই কাণ্ডৰ সময়ত উপস্থিত নাছিলোঁ, পাচ দিনা এওঁৰ মুখে শুনিবলৈ পালোঁ যে ভায়েকৰ আৰু বোৱাৰীয়েকৰ কিবা বস্তু-বেহানি চুৰি হল।
দুৰ্গা।— আৰু তেন্তে তুমি একো দেখা নাই?
গোলোক।— হয় ডাঙ্গৰীয়া।
বিড্‌চন্‌।— Pashkar, call the 2nd witness.
জয়।— (পুনাইৰ প্ৰতি) ২য় সাক্ষী মনববক মাত।
পুনাই।— ( দুৱাৰ-মুখলৈ গৈ) মনবৰ! মনবৰ হাজিৰ!

(মনবৰৰ প্ৰবেশ।)

মনবৰ।– (চেলাম কৰে।)
দুৰ্গা।— তুমি এই চুৰিৰ বিষয়ে কি জানা?
মন।— ডাঙ্গৰীয়া, মই পিচ দিনাহে শুনিবলৈ পালোঁ, সেই দিনা মই তালৈ যোৱা নাছিলোঁ; গোলোকে-ময়ে একে সময়তে এই খবৰ পাইছিলোঁ।
চন্দ্ৰ।– বাৰু, সেই সময়ত চম্পক বৰুৱা ঘৰত আছিল নে নাই?
মন।— আছিল নে নাই আমি কব নোৱাৰোঁ। আমি দুয়ো পাচদিনা চম্পকৰ মুখেহে চুৰি হোৱা কথা শুনিছিলোঁ!
চম্পক।– (সাক্ষীলৈ চাই) কেলেই মিছা কথা কৈছা?
মন।— আমি একো মিছা কথা কোৱা নাই।
ফজলুৰ ৰহমান।— ( চাহাবলৈ চাই) Sir, Champak's witnesses could not give evidence in his favour; whereas the complainant's witnesses depose that there was no one in the house except Champak and his son.
পুনা।– বিড্‌চন্‌।—It appears that Champak is the rea culprit, I shall however order the police to hold an enquiry and make house search on the 12th. In the meantime the accused may be released on bail of Rs. 500 if he desires.
জয়।– (চম্পকলৈ চাই) আপুনি চুৰি কৰাৰ প্ৰমাণ হৈছে। মাজিষ্ট্ৰেটে কৈছে যে তেখেতে ১২ তাৰিখে ঘৰক্ৰোক
কৰিবলৈ পুলিচক হুকুম দিব আৰু আপোনাক বৰ্ত্তমানলৈ ৫০০ টকাৰ জামিনত খালাচ দিব পাৰে।
চন্দ্ৰ।— (এখন কাগজ লিখি আনি) Sir, I beg to state that my client's son is going to stand surety for him.
বিড্‌চন্।— All right, I grant his prayer.
জয়।— (এখন কাগজ ওচৰলৈ দিয়ে।)

(কাগজখনত লিখে।)

বিড্‌চন্।— (পুলিচলৈ হুকুম লিখি) Peshkar, send this to the police office.
জয়।— Very well, Sir. —পুনাই, এই কাগজখন পুলিচ

অফিচত দেগৈ (পুনাইৰ হাতত কাগজ দিয়ে।)

বিড্‌চন্।— Now good-bye. (প্ৰস্থান।)

(সকলোৰে চাহাবক চেলাম কৰি প্ৰস্থান।)


দ্বিতীয় দৃশ্য।

মুনীন্দ্ৰৰ চৰাঘৰ।

(মুনীন্দ্ৰই চকীত বহি কিতাপ এখন চাই থাকে;
মোলোকাৰ কান্ধত ভাৰ দি চম্পকৰ
প্ৰবেশ।)

চম্পক।— Good morning Sir! কিনো কৰিছে?
মুনীন্দ্ৰ।— Good morning. ইয়াতে বহিহে আছোঁ, মই বচন পৰা নাই দেখোন! আপোনালোক কৰপৰা আহিছে?
চম্পক।— আমি ইয়াৰে মানুহ, ইয়াৰপৰাহে আহিছোঁ।
মুনীন্দ্ৰ।— (ওচৰৰ চকীলৈ আঙ্গুলিয়াই) সেই চকীতে বহক।
চম্পক।— (বহি মোলোকাক কয়) ভাৰখন থৈ বহ।
মোলোকা।— (ভাব থৈ মাটিত বহে।)
মুনীন্দ্ৰ।— আপুনি ইয়াৰে বুলি কলে; তথাপি মই চিনিব পৰা নাই; কৰনো ভাঙ্গি কওকচোন।
চম্পক।— মই লাদৈ গড়ৰপৰা আহিছোঁ, কালি কাছাৰী-ঘৰত যে মোকৰ্দ্দমা হৈছিল; আপোনাক যে চাহাবে ঘৰ ক্ৰোক কৰি মাল চাবলৈ কৈছিল—মোৰ ঘৰকে।
মুনীন্দ্ৰ।— অ’! আপোনাৰ নামেই নেকি চম্পক?
চম্পক।— হয়।
মুনীন্দ্ৰ।— অহাৰনো সকাম কি?
চম্পক।— (মোলোকালৈ চাই) ভাৰখন মেলি দেচোন।
মোলোকা।— (ভাৰখন মেলি মুনীন্দ্ৰৰ ওচৰত থয়।)
মুনীন্দ্ৰ।— এইবোৰ কি দিছে? ম‍ই সোধা কথাৰ উত্তৰ দিয়ক।
চম্পক।— ডাঙ্গৰীয়া, এইকেইটা ভিতৰলৈ নিবলৈ ভিতৰৰ পিনে কওকচোন। (বহাৰপৰা নামি মাটিত আঁঠু কাঢ়ি) ডাঙ্গৰীয়া, এইবাৰ মোক ৰক্ষা কৰক। মই নেজানি খঙ্গৰ ওপৰতহে এনে গৰ্হিত কাম কৰিলোঁ।
মুনীন্দ্ৰ।— (আচৰিত হৈ) মই আপোনাক কি ৰক্ষা কৰিব লাগে? বলিয়া হৈছেনে কি? আৰু এইবোৰ মোক কি দিছে?
চম্পক।— হয় ডাঙ্গৰীয়া, নিচেই ক্ষুদ্ৰ বস্তুহে দিছোঁ, আপুনি মোকৰ্দ্দমাত জিকাই দিলে মই লুকাই থোৱা বস্তুৰে আধাখিনি আপোনাক দিম।
মুনীন্দ্ৰ।— কি আপুনি লুকাই থোৱা মালৰে আধা দিব মই একো বুজা নাই।
চম্পক।— নহয় ডাঙ্গৰীয়া, মই গঙ্গাৰামৰ চুৰ কৰি থোৱা মালৰে আধা দিম, মোক মোকৰ্দ্দমাত জিকাই দিব লাগে মাথোন।
মুনীন্দ্ৰ।— অ’ এতিয়া বুজিলোঁ, আপোনাৰ ভেঁটী খাই মোকৰ্দ্দমাত জিকাই দিব লাগে! (খঙ্গেৰে) মই এই ভেঁটীৰে সৈতে চাহাবৰ ওচৰলৈ নৌ নিওঁতেই আপুনি নিজৰ বস্তু লৈ মোৰ ঘৰৰপৰা ওলাই যাওক, নহলে এতিয়া বেয়াহে হব।
চম্পক।— (আথে বেথে) নহয় ডাঙ্গৰীয়া, কিয় খং খাইছে? গৰীবক কৃপা কৰি ৰক্ষা কৰক।
মুনীন্দ্ৰ।— মই আপোনাক ভালে ভালে কৈছোঁ, আপোনাৰ বস্তু লৈ মোৰ ঘৰৰপৰা ওলাই যাওক, আপুনিয়েই চুৰি কৰে, ঘূৰি মোক ভেঁটী খুৱাই মোকৰ্দ্দমাত জিকাই দিবলৈ কবলৈ আহে!—বাৰু সাহ হয়! (ডাবি দি) যাওক, যাওক। আজি আপুনি গুণেহে সাৰিল; নহলে আজি মই বিচাৰ নকৰাকৈয়ে থানালৈ পঠিয়ালোঁহেঁতেন। মই আপোনাৰ ঘৰত কাইলৈ বিচাৰ কৰিবলৈ যাম।

(চম্পক আৰু মোলোকাৰ প্ৰস্থান।)

মুনীন্দ্ৰ।— (অকলে অকলে) মানুহকেইটাৰ বুদ্ধিটো চোৱাঁ। নিজে চুৰ কবি নিজে মোক ভেঁটী খুৱাই মৰিবলৈ আহে! ইহঁতৰ বাৰু সাহ হয়! চম্পকক বৰ লাঠুৱা,
বৰ ধূৰ্ত্ত বুলি আনে কোৱা শুনিছোঁ। ইয়াৰ ভেঁটী খালে কৰবাত কেনেবাকৈ ই বিপদত পেলাব।

তৃতীয় দৃশ্য।

চম্পকৰ মাৰল-ঘৰ।

(চম্পক, প্ৰভাৱতী, পুনাৰাম আৰু মোলোকা।)

চম্পক।— (বেজাৰেৰে) বুঢ়াকালত এতিয়া ফাটকত মৰিব লগা হল! মোক তহঁতে বুদ্ধি দি ইয়াকে কৰালি! আগেয়ে যদি সৰাৰ কিবা উপায় আছিল, ভেঁটী খুৱাবলৈ গৈ ধৰা পৰি তাৰো মুদা মাৰিলোঁ। (কান্দি কান্দি প্ৰভাৱতীক ধৰি) বোপাটিৰ মাক, তোমাৰ লাৱণ্য মুখ আৰু কত দেখিবলৈ পাম! (পুনাৰামক গবা মাৰি ধৰি) মইনা, তোক ডাঙ্গৰ-দীঘল কৰি এতিয়া বুঢ়াকালত এৰি যাব লগাত পৰিছোঁ। যি হওক, ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন তোমালোক মঙ্গলে থাকা। মোলোকা, তোক মই বহুত দিগদাৰ আৰু কষ্ট দিলোঁ, তাৰ বাবে বেজাৰ নেপাই মোৰ এই অন্তিম কালত ক্ষমা কৰিবি দেই।
মোলোকা।— (বেজাৰ মনেৰে) দেউতা, কিয় এনে কথা কয়? আপুনি মোক কি দুখ দিছে?
চম্পক।— ( কান্দি কান্দি) বোপাটি, এতিয়া আমাৰ ঘৰ ক্ৰোক কৰিবলৈ পুলিচ আহিব। ঘৰত তো বস্তু নেপায়েই,
পুতি থোৱা ঠাইডোখৰৰ কথা কেতিয়াও নকবি। ভেটী খুৱাবলৈ গৈ এনেয়েই ধৰা পৰি আছোঁ।
পুনাৰাম।— বস্তুবোৰ উলিয়াই দিলে কিজানি অলপ শাস্তি কমেই!
চম্পক।— শাস্তি যি পাব লাগে পামেই; বস্তু আৰু এতিয়া উলিয়াই দিয়াৰপৰা একো লাভ নাই। পিচত তহঁতে এইবোৰকে ব্যৱহাৰ কৰিব পাৰিবি।
প্ৰভাৱতী।– (বৰ বেজাৰ মনেৰে মূৰে কপালে হাত দি থাকে। আৰু পুলিচ অহা দেখি এফলীয়া হয়।)

(মুনীন্দ্ৰ আৰু দুটা কনিষ্টবলব প্ৰবেশ।)

মুনীন্দ্ৰ।— (চম্পকলৈ চাই) বস্তু কত থৈছে উলিয়াই দিয়ক। এনেয়েই ধৰা পৰি আছে, অনৰ্থকত মোক জুলুম নিদিব।
চম্পক।— মই চুৰ কৰা নাই, আৰু মোৰ ঘৰত মালো নাই; লাগে যদি ঘৰ ক্ৰোক কৰি চাওক, ম‍ই হাক দিয়া নাই।
মুনীন্দ্ৰ।— (১ম কনিষ্টবললৈ চাই) তোম্ ইধাৰ বড়া ঘৰ্‌মে যাকে দেখ’।
১ম কঃ।— বহুত আচ্ছা হজুৰ!

(প্ৰস্থান।)

মুনীন্দ্ৰ।— (২য় কনিষ্টবললৈ চাই) তোম্ ইধাৰ-উধাৰ তাল্লাচ্ কৰ’।
২ য় কঃ।— (মাল চাই) হজুৰ, হিয়া কুচ্ জিনিচ্‌ নাহি হে।

(১ম কনিষ্টবলৰ প্ৰবেশ।)

মুনীন্দ্ৰ— কুচ্‌ মিলাহে?
১ম কঃ।— কাঁহাচে মিলেগা হজুৰ? ও আদ্‌মি বড়া] দাঙ্গাবাজ,
বড়া হুচিয়াৰ। কাঁহা যাকে ৰাখ্‌ দিয়াহেই ক্যা জানি।
চম্পক।— দেউতাসকল, মই অইন ঠাইত থবলৈ মোৰ আৰু আন এখন ঘৰ নাই। (পুনাৰামহঁতক দেখুৱাই) লাগিলে ইহঁতকে সোধক।
মুনীন্দ্ৰ।— হয়তো, ঠিক সাক্ষী দিছে! আপোনাৰ নিজৰ লৰাই যদি নিছে বুলি নকয়, আনে আৰু তেনে কথা কবনে? আৰু বেচি কথা নকব, বৰ মস্কিল হব। কালি নিজে কোৱা কথা মতেই আপুনি দায়ী। তথাপি আপুনি মাল উলিয়াই নিদিলে। মোৰ গাত আৰু দোষ নাই। আপোনাৰ লৰা-তিৰোতাক কিবা কব লগাত আছে যদি কৈ লওক, আজিৰপৰা এইখন ঘৰ দেখিবলৈ আৰু আশা নকৰিব।
চম্পক।— একো কবলৈ নাই; বুঢ়াকালত লৰা-তিৰোতা এবি যোৱাটোৱেই সন্তোষ।
মুনীন্দ্ৰ।— (২য় লৈ চাই) ইস্‌কো পাকড়্‌কে লে চল।
১ম, ২য় কঃ।— (দুয়ো হাত-কেৰেয়া দি) আভি মজা লাগাহেই কি না?

(চম্পকক লৈ মুনীন্দ্ৰ আৰু কনিষ্টবলহঁতৰ গ্ৰস্থান।)

পুনাৰাম।— (কান্দি কান্দি) দেউতা, তোমাক কূটবুদ্ধি দি ইয়াকোঁ কৰিলোঁ!

(চকুলো টোকে।)

মোলোকা।— (কান্দে) আজিৰপৰা নো ম‍ই কাৰ কথা শুনিম? অস্ অস্ ঈশ্বৰ! ইয়াকেহে কৰিলা?
প্ৰভাৱতী।— (বিনাই বিনাই) আজিৰপৰা মোৰ নো কি গতি
মুনীন্দ্ৰ।— হব? কাৰ মুখনো চাই থাকিম? মই এতিয়া জীৱন্তে মৰা। হে প্ৰভু, ইয়াকে কৰিলা?

(বেজাৰেৰে সকলোৰে প্ৰস্থান।)


চতুৰ্থ দৃশ্য।

কাছাৰী ঘৰ।

(বিড্‌চন্‌ আৰু জয়নাথ এজলাচত বহি থাকে)

বিড্‌চন্‌।— Did the police go on enquiry yesterday and is the report submitted?
জয়নাথ।— No sir, it is not known to me and no report is as yet submitted to us.

(কৃষ্ণৰাম আৰু গঙ্গাৰামৰ প্ৰবেশ;
দুয়ো চাহাবক চেলাম কৰে।)

বিড্‌।— কি, খালি থোমালোকৰ বস্তু পুলিচে ফালে?
গঙ্গাৰাম।— কতা হুজুৰ, একো কব নোৱাৰোঁ।

(হাত-কেৰেয়া দিয়া চম্পকক লৈ মুনীন্দ্ৰ
আৰু কনিষ্টবলৰ প্ৰবেশ।)

মুনীন্দ্ৰ।— Good morning sir!

(কনিষ্টবল দুটায়ো চাহাবক
দীঘল চেলাম দিয়ে।)

বিড্‌চন্‌।— Good morning. Have you recovered any stolen article on house search?
মুনীন্দ্ৰ।— Sir, I beg to submit my report and to say that no stolen article was found in his possession. The day before yesterday he came to me personally and wanted to bribe me. So I have grave suspicion on him and have arrested accordingly. He flatly denied of having any knowledge of theft although he had already entreated me to save his life.
বিড্‌চন্‌।— Oh, that’s funny! Now it appears that he is the real culprit (আইন চায়?)
জয়নাথ।— (মুনীন্দ্ৰক কয়) মালখিনি কৰবাত থৈছেগৈ চাগৈ! আপুনি কি সন্ধান পাব?
মুনীন্দ্ৰ।— নকব আৰু! এওঁ কম বিধৰ মানুহ নহয়। ডাঢ়িয়ে-গোঁফে দেখিবলৈহে ভালটি, ইফালে ‘বদমাছ’ৰ শিৰোমণি। চাওকচোন বাৰু, নিজব ভায়েকহঁতৰো মাল চুৰ কৰিব পায়নে? এনে বিশ্বাসঘাতক মানুহ ক’ত দেখিছে?
বিড্‌চন্‌।— চিপাহী!
কনিষ্টবল।— হজুৰ!
বিড্‌চন্‌।— ইস্কু জেল্‌মে লে যাও। (সকলোলৈকে চাই) I convict the accused Champakdhar Barua and sentence him to 2 years’ rigorous imprisonment. (মোকৰ্দ্দমাৰ ‘ৰায়’ লিখে।)
জয়নাথ।— (মোকৰ্দ্দমাৰ ‘ৰায়’ বুজাই দিয়ে ) চম্পকধৰ বৰুৱা, আদালতে মাল চুৰ কৰা অপৰাধৰ বাবে তোমাৰ ওপৰত দুবছৰ সশ্ৰম কাৰাদণ্ডৰ হুকুম দিছে।
১ম কনিষ্টবল।— (চম্পকৰ ওচৰ চাপে।)
২য় কনিষ্টবল।— (চম্পকক গতিয়াই) আভি চল।
১ম আৰু ২য়।— (দুয়ো চাহাবক চেলাম দি গতিয়াই-ভুকুৱাই চম্পকক জেললৈ লৈ যায়।)
বিড্‌চন।— (কৃষ্ণৰাম আৰু গঙ্গাৰামলৈ চাই) আচ্ছা, এথিয়া থোমালোক যাব ফাৰে। থাক্ মই দুবছৰ ফাটেক দিছোঁ।
গঙ্গাৰাম আৰু কৃষ্ণৰাম।— (চেলাম দি প্ৰস্থান।)

[ সকলোৰে প্ৰস্থান। ]


পঞ্চম দৃশ্য।

জেইলৰ ভিতৰ

(নিজ-কোঠালীত চম্পক বহি থাকে।)

চম্পক।— ( অকলে অকলে ) উস্‌, মই কি কাম কৰিলোঁ! মোৰ এই মহাপাপৰ প্ৰায়শ্চিত্ত অলপো নহল। ইয়াতকৈও কঠোৰ যন্ত্ৰণা দিয়া হলে মোৰ অপ প্ৰায়শ্চিত্ত হলহেঁতেন! একেটা বোপাইৰে তিনিও ভাই-ককাই, প্ৰভেদ মাত্ৰ—সিহঁত মাহী আইৰ পুতেক; তেও সিহঁত মোৰ ভাই। সিহঁতক ভাল বুদ্ধি দি ভাল পথে চলাওঁ
ছাৰি মই দেউতা ঢুকাবৰেপৰা সিহঁতক হিংসা কৰিলোঁ; মাহীক আনৰ লগত বদনাম দিলোঁ; ভাইহঁতক দেশ এৰুৱালোঁ! সিহঁতে ইমান কষ্টেৰে অৰ্জ্জা সম্পত্তি খাবলৈ বুঢ়াকালত মন কৰিলোঁ! হায় হায়! মোৰ গতি আৰু কি হব? ‘চকুৰ আগত নৰকৰ ভীষণ প্ৰতিমূৰ্ত্তি মুহূৰ্ত্তে মুহূৰ্ত্তে দেখিছোঁ! কি যন্ত্ৰণা!—কি অত্যাচাৰ! (কঁপি কঁপি) উস্ কি ভীষণ! কি ভীষণ!! মোক নৰকলৈ নিবলৈ আহিছে। কি ভয়ঙ্কৰ যমদূত মোৰ আগত থিয় হৈ আছে!–কৃষ্ণৰাম গঙ্গাৰাম!—ভাইহঁত! আহা, আহা, মোক ৰাখাঁহি; বেগতে আহাঁ। (পতন আৰু মূৰ্চ্ছা।)

(অলপ বেলিৰ পিচত ওৱাৰ্দ্দাৰৰ প্ৰবেশ।)

ওৱাৰ্দ্দাৰ।— কি! ইয়াৰ কি হল? চম্পক, চম্পক! অ’ নমতাই হল দেখোন! (অলপ পানী আনি মূৰত দিয়ে।)
চম্পক।— (মূৰ দাঙ্গি) ভাই গঙ্গাৰাম! মোক ক্ষমা কৰাঁ, মোক ৰক্ষা কৰাঁ।
ওৱাৰ্দ্দাৰ।— হেৰ তোৰ কি হল অ’?
চম্পক।— ভাই গঙ্গাৰাম! মোক যমদূতৰ হাতৰপৰা ৰক্ষা কৰাঁ। সৌৱা সৌৱা, জৰী লৈ বান্ধিবলৈ আহিছে!
ওৱাৰ্দ্দাৰ।— সৰ্ব্বনাশ! ই পগলা হল। বেগতে ডাক্তৰ আৰু জেইলৰ বাবুক খবৰ দিওঁগৈ, নহলে আমাৰ ফালেও পতং।

[ওৱাৰ্দ্দাৰৰ প্ৰস্থান।]

চম্পক।— কি জ্বালা! কি যন্ত্ৰণা! মোৰ কি গতি হব? মোক
কোনে ৰক্ষা কৰিব? মই লোকৰ বস্তুত মোহ কৰাৰ ফল!—হায় হায়! মই কি কুকাম কৰিলোঁ!

(ওৱাৰ্দ্দাৰ, জেইলৰ আৰু ডাক্তৰৰ প্ৰবেশ।)

ডাক্তৰ।— চাওঁ তোমাৰ কি হৈছে।
চম্পক।— কি হব লাগে? তইনো কোন? ‘বদমাচ্,’ বেগতে বাহিৰ হ। তই মোক সুধিবলৈ কোন? ‘চুপ ৰও।’
ডাক্তৰ।— (জেইলাৰৰ প্ৰতি) জেইলাৰ বাবু, এই কয়দীৰ অৱস্থা বৰ বেয়া। সোনকালে ইয়াক ইয়াৰপৰা নিয়াওক।
জেইলাৰ।— হয়, নিয়াওঁ। (ওৱাৰ্দ্দাৰৰ প্ৰতি) ওৱাৰ্দ্দাৰ, ইয়াক বেগতে আস্পতাললৈ নে।
ওৱাৰ্দ্দাৰ।— ভাল, অকলে নিব নোৱাৰি। আৰু এটা ওৱাৰ্দ্দাৰ মাতি বাৰু নিম।

[ ডাক্তৰ আৰু জেইলাৰৰ প্ৰস্থান। ]

(আন এটা ওৱাৰ্দ্দাৰ মাতি আনি তাৰে সৈতে ধৰাধৰি কৰি
চম্পকক নিয়ে।)


ষষ্ঠ দৃশ্য।

অস্পিতালৰ কোঠা।

(চম্পকক বান্ধি থয়। ওচৰত কম্পাউণ্ডাৰ, কৃষ্ণৰাম,
গঙ্গাৰাম আৰু পুনাৰাম থাকে।)

চম্পক।— এটা সাধু কথা কওঁ; ৰাইজহঁত শুনিবাহঁক। পুনাৰামক দদায়েকে মাৰিলে। সি আহি মোৰ আগত গোচৰ দিলেহি। মোৰ উঠিল খং। আমাৰ ঘৰৰ ঘৈণী, মই আৰু আমাৰ বংশধৰ বৰপুত্ৰ তিনিও গোটখাই ভাইহঁতৰ বস্তুখিনি দিহা লগালোঁ। ধৰা পৰি খুব সুখেৰে ফাটকত ডাইল-ভাত খাইছোঁ; যমদূতে মোক নিবলৈ আহিছে। চোৱাঁ, চোৱাঁ, সৌৱা সৌৱা, ধৰিলে! গঙ্গাৰাম, ভাই! ক’ত আছা? ধৰা ধৰাঁ। ৰক্ষা কৰা। ৰ—ক্ষা—ক— (ঢলি যায়।)
গঙ্গাৰাম।— (কম্পাউণ্ডাৰৰ প্ৰতি) সৰ্ব্বনাশ, সৰ্ব্বনাশ! বান্ধ মোকোলাই দিয়াঁ! (চম্পকক ধৰি আটাইকেইজনে বান্ধ মোকোলাই দিয়ে।) ককাইদেউ, ককাইদেউ!
চম্পক।— (ক্ষীণস্বৰে) ভাই, তোমালোক মোৰ ভাই হোৱা; তোমালোকক ম‍ই বহুত হিংসা কৰিলোঁ; মোক ক্ষমা কৰাঁ। (পুনাৰামলৈ চাই) পুনাৰাম, তই দদায়েৰহঁতক সন্তোষ দি ক্ষমা ভিক্ষা কৰ। মোৰ অবিহনে দদায়েৰহঁতকে তোৰ পিতৃ-জ্ঞান কৰিবি। মাৰক কোনো
কথাতে, বেজাৰ নিদিবি। ম‍ই আৰু নিজীওঁ। এয়ে মোৰ অন্তিম সময়।—ভাইহঁত, মোৰ ওপৰত ক্ৰোধ নেৰাখিবা; ক্ষমা কৰাঁ।
গঙ্গা।— ককাইদেউ, কিয় আপুনি এনেবোৰ কথা কয়? আপোনাক ঈশ্বৰে ভাল কৰক; একো ভয় নাই; আপুনি বেগতে ভাল হব।
চম্পক।— বোপা, সেইটো আশা নকৰিবা। মোক সকলোৱে ক্ষমা কৰাঁ, সেয়ে হলেই মোব যথেষ্ট, আৰু নৰকৰ হাতো সাৰিব পাৰিম। উস্! আৰু মাতিব নোৱাৰোঁ। পানী এটোপা দিয়াঁ। (গঙ্গাৰামে পানী দিয়ে।) উস্‌, ৰাম ৰাম! উস্‌, ৰাম ৰাম! ৰাম—ৰা—ম—ৰা—।
পুনাৰাম।— দেউতা, কি কৰিলে? দেউতা, কি কৰিলে?(ভৰিত ধৰি) দেউতা, দেউতা!—হায়, আজি মই দেউতাক হাতত হেৰুৱালোঁ! বিধতাই মোৰ কপালত ইয়াকে লিখিছিলে! (কান্দে।)
চম্পক।— পুনা—! উস্‌, ৰাম—ৰা—ম—ৰা—।

(মৃত্যু।)
(কম্পাউণ্ডাৰৰ বাহিৰে সকলোৱে কান্দে।)

ডাক্তৰ।— (লৰি আহি পৰীক্ষা কৰি চাই) অকস্মাৎ মৃত্যু হল যেতিয়া ভাল মৃত্যু হে বুলিব লাগে। আঃ, আপোনালোকে কেলেই মিছাতে ইমান কান্দি-কাটি গোলমাল কৰিছে? যাওক, গুচি যাওক, মিছামিছিকৈ গোলমাল নকৰিব; জেলখানাৰ ভিতৰত গোলমাল কৰিবলৈ মানা।
গঙ্গাৰাম।— (কন্দনা-মুৱা হৈ) নহয় ডাক্তৰ বাবু, আমি মৃতদেহ নিব লাগিব আৰু শাস্ত্ৰমতে শৱ-সৎকাৰ কৰিব লাগিব।
ডাক্তৰ।— বাৰু, মই সেই বিষয়ে অলপতে কমহি। কি জানি ‘পোষ্ট্‌ মৰ্টম’ (post-mortem ) কৰিব লাগিব।

(প্ৰস্থান।)

পুনাৰাম।— (ইনাই বিনাই) দেউতা, তোমাৰ মৃত্যুৰ কাৰণ মই। মই পিতৃবধী; মোৰ নবকতো ঠাই নাই। (কান্দে।)

(আউলী-বাউলী হৈ প্ৰভাৱতীৰ প্ৰবেশ।)

প্ৰভাৱতী।— (কান্দি কান্দি) ঔ, মোৰ ভৈয়াইক মই হাততে হেৰুৱালোঁ!—পুনাৰাম, ভাল খালি! ভাল খালি! ভাল বুদ্ধি দি বাপেৰক বধ কৰিলি!!
গঙ্গা।— (বৌৱেকক ধৰি) বৌ, তুমি-আমি কি কৰিম! ককাইদেউৰ আয়ুস ইমানতে অন্ত। তুমি-আমি কি কৰিব পাৰোঁ? কেৱলমাত্ৰ কাৰণ হলোঁ। হায়, হায়, ককাইদেউক আৰু ইজন্মলৈ হেৰুৱালোঁ!
প্ৰভা।― (কান্দি কান্দি চম্পকৰ ভৰিত পৰি) মোকনো কাক গতাই গলা? আজিৰপৰা মোৰনো সুখ-দুখ কোনে বুজিব? পুনাৰামক কোনে মৰম কৰিব? মইনো আজিৰপৰা কাক মাতিম—কণা বিধতা! মোৰ

কপালত ইয়াকে লিখি থৈছিলি?

কৃষ্ণৰাম।— (কান্দি কান্দি) বৌ, বেজাৰ নকৰিব।ককাইদেউ মৰিছে, আমি আছোঁ নহয়। আমি থকাত আপোনাক দুখত পৰিবলৈ নিদিওঁ। আমালৈ মনত ক্ৰোধ নেৰাখিব
পুনাৰামকো আমি নিজৰ পো যেন দেখিম। মিছাতে কান্দি নেথাকিব।
প্ৰভা।― বোপা, মোৰ মনে প্ৰবোধ নেমানে। আজি মোৰ হিয়া ভাগিল, কপাল ফুটিল। মই জীৱন্ততে মৰা।—হায় হায়! লোকৰ অনিষ্ট কৰিবলৈ যাওঁতে মোৰ আজি মহামূল্য সম্পত্তি—পতি ৰত্ন—হেৰুৱালোঁ! পাপৰ পৰাচিত এয়ে!

গান।

প্ৰাণে নসয় যে ব্যথা,—
মিছা ই জীৱন মোৰ
সুখ মোৰ হল দূৰ,
আবৰিছে শোকে ঘোৰ।
কোনেনো চেনেহ কৰি
মাতিব হাঁহি সাদৰি?
কোনে আৰু মিঠা মাতে
পৰাণ কৰিব জুৰ?


সামৰণি পট পতন।


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )