সমললৈ যাওক

পৰাচিত (সামাজিক নাটক)/দ্বিতীয় অঙ্ক

ৱিকিউৎসৰ পৰা

দ্বিতীয় অঙ্ক।

প্ৰথম দৃশ্য।


চম্পকৰ অফিচ।

(চম্পকে কাম কৰি থাকে; পুনাৰামৰ প্ৰবেশ।)

চম্পক।— (পুনাৰামলৈ চাই) কি? তই কেলেই আহিলি?
পুনাৰাম।— (কান্দি কান্দি) মোক সৰু দদাইদেৱে মাৰিলে।
চম্পক।— কেলেই মাৰিলে? সি বলিয়া হলনে কি?
পুনাৰাম।— তেওঁ বৌক গালি পাৰিছিল; ম‍ই গালি পাৰিবলৈ হাক দিয়াত তেওঁ মোক মাৰিলে।
চম্পক।— বৌৱেৰকনো সি কেলেই গালি পাৰিছিল?
পুনাৰাম।— বৌৱে কলে, বোলে “তুমিনো কাপোৰে-কানিয়ে ভাত খাব পোৱানে? তুমি বৰ মেলেছ হলা দেও”।
চম্পক।— এই বুলি কোৱাতে সি মাৰক গালি পাৰিব পায়নে! আৰু সি এতিয়া তোক তিৰোতাৰ আগত গালি পাৰিবৰ দিন আহিছেনে? বল বাৰু ঘৰলৈ, তাৰ বাহাদুৰী চামগৈ। সি জানিছে হবলা আমি আটাইবোৰ তাৰ বহতীয়া কুকুৰ! মই আকৌ বহুত দিনৰ মূৰত আহিছে বুলি তাক মৰম কৰাত সি চলছে পাই গৈছে। সি
এইটো ভাবিব নেপায়নে যে তাৰ এইখন ঘৰত একো স্বত্ব নাই? আৰু সি ঘৰৰ বিষয় লৈ ফুটা কড়ি এটা দিয়াও তাৰ মনত পৰেনে? সি ভাবিছে হব পায় ইহঁতৰ লগত কোনোমতে এটাৰি হৈ মাটি-ঘৰৰ ভাগটো লওঁ। পিচে আমুকাৰ ওচৰত সেইটি হলেহে হৈছে। সি ভাবিব লাগিছিল যে ককাইদেউৰ ঘৰলৈ আহিছো, দুদিন থাকি গুচি যাম। এইবোৰহে মিলা-প্ৰীতিৰ ভাব। সি আকৌ এইবোৰ নেভাবি দন্দ্‌হে কৰি লয়! মোৰ গাত আৰু কিবা দোষ আছেনে? ম‍ই ধৰ্ম্মক সাক্ষী কৰি সকলোকে কৈছো, মোৰ গাত আৰু দোষ নাই। মই নৌ ঘৰলৈ যাওঁতেই সি মোৰ ঘৰৰপৰা ওলাই যাওক, নহলে মই যাবলৈ হলে বেয়া হব। পুনাৰাম, তই আগ বাঢ়চোন; মোৰ অলপ কাম বাকী আছে, কৰিয়েই গৈছো।
পুনাৰাম।— ভাল দেউতা, বেগতে আহিব, আকৌ কৈছে কি, আপোনাকো হেনো ঘৰৰপৰা উলিয়াই দিয়ে।
চম্পক।— বাৰু, তই বল। মোকে উলিয়ায়নে, তাকে ডিঙ্গিত ধৰি উলিয়াওঁ, চাম।

( পুনাৰামৰ প্ৰস্থান। )

চম্পক।— স্বগতঃ আজি খঙ্গত মোৰ গা জ্বলিব লাগিছে।আপোন ভাইৰে এনে দৌৰাত্ম্য হলে কেনেকৈ সহিবা! কি কৰিবা, আমাৰ কপাল! এতিয়া আৰু কাম-কাজত একো মন বহা নাই। খৰ-ধৰ কৰি ঘৰমুৱাহে হোৱা যাওক। ( চৌকিদাৰক মাতে) চৌকিদাৰ! চৌকিদাৰ!

( বেগেৰে চৌকিদাৰৰ প্ৰবেশ। )

চম্পক।— আভি হাম্ ঘৰ্‌মে যায়েগা; দৰ্জ্জা লাগাইকে ৰাখ। যব চাহেব আৱেগা, বল দেও যে বাবু ঘৰ্‌মে গিয়াহে।
চৌকিদাৰ।— বহুত আচ্ছা বাবু!
 

দ্বিতীয় দৃশ্য।

চম্পকৰ মাৰল-ঘৰ।

( প্ৰভাৱতী আৰু মোলোকা। লাৱণ্য আৰু গঙ্গাৰাম
এদাঁতিত বহি থাকে। )

প্ৰভাৱতী।— অথনিয়েই লৰাটো লঘোনে-ভোকে দেউতাকৰ তালৈ যাব পায়, এতিয়ালৈকে নাহিল! সি সকলো কথা দেউতাকক কব পায়; সেইহে অত পৰ হৈছে। দেউতাকক যদিহে কৈছে, আহি পালেহি আজি এইখন ঘৰ নহৈ বাঁহতলহে হব। কি বিপদে পালে! এতিয়া কটাকটি-মৰামৰিখন হৈ মৰিবহি!
মোলোকা।— হয় আই, দেউতাক কবহে পায়; মোৰ মনেৰে কোৱা যেন হে লাগিছে।

( পুনাৰামৰ প্ৰবেশ। )

প্ৰভা।— কি অ’ বোপাটি! তই দেউতাৰৰ তালৈ গৈছিলি

নে?

পুনাৰাম।— হয় বৌ, গৈছিলো।
প্ৰভা।— পিচে তই দেউতাৰক ঘৰৰ কথাবোৰ কলিনে কি?
পুনা।— কলো তো। নহলেনো আকৌ কেলেই গৈছিলো?আমাক সি মাৰিব, গালি পাৰিব। আমি কিবা মুখলৈ চাই থাকিমনে?
প্ৰভা।— দেউতাৰে পিচে কি কলে?
পুনা।— দেউতাই আৰু কি কব শুনি সন্তোষ পাইছে।
প্ৰভা।— দেউতাৰৰ চাগৈ বৰ, খং উঠিব পায়।
পুনা।— ( হাঁহি হাঁহি ) দেউতাক কওঁতেই কঁপিবলৈ ধৰিলে। তেওঁৰ বৰ খং উঠিল আৰু উঠিবলগীয়া কথাও। এনে কথা শুনিলে নো বাৰু কাৰ খং নুঠিব?
প্ৰভা।— বাৰু যা। এতিয়া গা ধুই ভাত দুটামান খাই লহি। দেউতাৰ আহি পালেহি আজি এইখন কি হয় তাৰ ঠিক নাই। বল, ময়ো যাওঁ। দেউতাৰে ভাত খাবলৈ ঠাইখন অঁটাই থওঁগৈ।

( তিনিওৰো প্ৰস্থান। )

লাৱণ্য।— ( মাজলৈ আহি ) সৰুবোপা, শুনিলানে ইহঁতে কি ফাং পাতিছে? নিৰুপায়, কি কৰা এতিয়া? তেখেত আহি পালেহি আজি বৰ ঘটনা হৈ উঠিব। মোৰ মনেৰে দন্দ-হাই কৰাতকৈ এফালে এইপোনে ওলাই যোৱাটোৱেই মঙ্গল। কি কৰা এতিয়া? তেখেতো খঙ্গৰ ওপৰত আহিব। বেয়া হবলৈ বেচি পৰ নেলাগে, ভাল হোৱাটোহে টান কথা। কথাতে কয় বোলে “খন্তেকৰ ভোজ খাওঁতা নাই।”
গঙ্গা।— সি আহিলেনো মোক কি কৰিব পাৰে? ম‍ই কিবা তাৰ নিচিনা এটালৈ ভয় কৰা মানুহটো নে?
লাৱণ্য।— সৰু বোপা! মোৰে শপত, দন্দখন পাতি লোৱাতকৈ তুমি এফালে ওলাই যোৱাঁ।
গঙ্গা।— (অলপ পৰ ভাবি) বাৰু তুমি যাবলৈ কলা যেতিয়া যাওঁ; অৱশ্যে ইয়াত থকাৰপৰা ভালহৈ নুঠেগৈ। পিচে তুমি সাৱধান হৈ থাকিবা; মোৰ খং তোমাৰ গাত সাৰিব

চাবা।

(প্ৰস্থান।)

লাৱণ্য।— (অকলে অকলে) আজি ভাল বিপদে পালে! মোৰ কপালত বা আছে কি? ( অলপ ৰৈ ) ভাবিলে কি হব, যি হব লগা আছে হবই। বিধিৰ লিখন কোনে খণ্ডাব?

তৃতীয় দৃশ্য।

চম্পকৰ চৰা-ঘৰ।

(প্ৰভাৱতী আৰু পুনাৰাম।)

পুনাৰাম।— দেউতা দেখোন এতিয়ালৈকে নাহিল! কৰবাত কিবা হবহে পায়।
প্ৰভাৱতী।— তোৰ আগত নো কি কৈ পঠিয়াইছিল?
পুনা।— মোক কলে, “তই বল; মোৰ অলপ কাম বাকী আছে, শেষ কৰি গৈছো”।
প্ৰভা।— বায়ু-ধতুৱা মানুহ; তই তাতে সকলো কথা কলিগৈ। খঙ্গত বায়ু উধালে বা!

(চম্পকৰ প্ৰবেশ।)

চম্পক।— হেৰ পুনাৰাম! গঙ্গা গল কলৈ?
পুনা।— জানো, কলৈ গল কব নোৱাৰোঁ। ঘৰত নাই, আপুনি অহাৰ কিবা গম পাই কৰবালৈ গল হব পায়।
চম্পক।— পিচত আকৌ তহঁতৰ লগত কিবা লাগিছিল নে কি?
পুনা।— পিচত আৰু আমি তেওঁক দেখাকে পোৱা নাই।
চম্পক।— (প্ৰভাৱতীলৈ চাই) হেৰা, এইখননো কি লগালা? নই খন্তেক ঘৰত নথকাতে তোমালোকে এইখন বৰবিহু পাতি ললা!
প্ৰভা।— মোকনো সুধিব লাগিছে কেলেই? মোৰ গাত কিবা দোষ আছে যদি বোপাটিক সুধিলেই সকলোখিনি গম পাব নহয়।
চম্পক।— যি কৰিলা কৰিলা, এতিয়ানো বাৰু কি কবা? তাক সুধিবলৈ তো মই লগকে নেপালো।
প্ৰভা।— কাকনো সুধিছে? আপুনি জানে আপোনাৰ ভায়েক-ককায়েকে কি কৰে।
চম্পক।— তোমালোকে মই নথকাত যি পাৰামানে কৰিবা, মই আহিলে একো নজনাই হোৱাহঁক! মইনো কি জানো?
প্ৰভা।— নেজানে যদি থাওক, কিন্তু মোৰ ঘৰলৈ হলে ভায়েক নে চায়েক সেইপাটক আহিবলৈ নিদিওঁ। উস্‌, তাৰ ইমান কেৰামতালি! যদি ভায়েকলৈ মৰম আছে, ভায়েককে ৰাখক, নাইবা মোক খেদি দিয়ক।
চম্পক।— ( হাঁহি হাঁহি )বাৰু ববা, খেদি দিম।
প্ৰভা।— কিনো আকৌ কেচুৱা লৰাৰ নিচিনাকৈ ধেমালিখন

কৰে! ধেমালিয়ে আৰু গা নুজুৰায়। তাৰ কথাই মোৰ গোটেই কলিজা কলা পেলালে। আপোনালোকে মীমাংসা কৰি যি হয় কৰক, মোৰ কাম আছে; মই যাওঁ।

(প্ৰস্থান।)

পুনা।— এই কথাই কথা নহয়, দেউতা! তেওঁ থাকিলে মই ঘৰত কেতিয়াও নেথাকোঁ; আৰু এই বেলি চুপচুপাই থৈ দিলে পিচৰ কোবত আপোনাৰ নিজৰ গাৰ ফালেই টান পৰিব চাব। তেওঁ তো আহিবৰ দিনাৰেপৰা, বোধ কৰো, তাতে সাজি-পাৰি ৰুদ্ৰ-মূৰ্ত্তি ধৰি আহিছে। দেখা নাইনে, মানুহজনে কেনে খংমুৱা হৈ ঘোপা কৰি চায়! মাতিবলৈকে ভয় লাগে।
চম্পক।— পিচে এতিয়ানো কি কব?
পুনা।— বাৰু, আপুনি এই পিনে আহকচোন।

(দুইৰো প্ৰস্থান।)


চতুৰ্থ দৃশ্য।

লাৱণ্যৰ কোঠা।

(লাৱণ্যই অকলে কান্দি-কাটি বহি থাকে।)

লাৱণ্য।— মই অত দিন এপইচা দুপইচাকৈ সাঁচি সাঁচি অলঙ্কাৰ-কেইডাল চোৰৰ বুকত দিবলেহে লৈছিলো! সৰু-বোপাক পঠিয়াই মোৰ লাভ ইমানেই হল জানিবা! তাতোকৈ মোহনৰ দেউতাকে শুনিলেহে মৰিলো।

মই জানিবা অলঙ্কাৰকেইডাল ইয়াত শোধাই থৈ যাবলৈহে আনিছিলো! সৰুবোপাও অতপৰলৈকে নাহিল; নিৰুপায়,—মইনো মাইকী মানুহজনীয়ে কি কৰো! হওঁতে এতিয়াও কেছাৰী-ঘৰত দৰ্খাস্ত এখন দিব পৰা হলে চোৰ ধৰা পৰাৰ সম্ভৱ আছিল।

(গঙ্গাৰামৰ প্ৰবেশ।)

লাৱণ্য।— কিহে বৌ! তুমি দেখোন বলিয়া মানুহৰ দৰে হৈছা। ককাইদেৱে মোক নেপাই মোব খং তোমাতে সাৰিলেনে কি?
লাৱণ্য।— সৰুবোপা, কলে কি হব আৰু! মই একে বেলিয়েই মৰিলো।
গঙ্গা।— মোৰে শপত, বৌ, কোৱাঁচোন কি হল।
লাৱণ্য।— কওঁ বাৰু শুনা, কালি তেখেত কামৰপৰা আহি তোমাক বিচাৰি নেপাই গোটেই দপ্‌দপাই আছিল। মই আকৌ তেখেতৰ খং উঠা দেখি এদাঁতিত বহি আছিলো। তেনেকৈ বহি থকা দেখি বাইদেৱে মাতি নি তেওঁৰ কোঠালীতে বহিবলৈ দিলে। তাতে দুয়ো বহি কথা পাতি আছিলো। বোধকৰো তেতিয়াই কোনোবাই তোমাৰ বেগটো আৰু মোৰ অলঙ্কাৰৰ পেৰাটো চুৰ কৰি নিলে। তাৰ বাহিৰে মই কোঠালীৰপৰা কলৈকো যোৱা নাই।
গঙ্গা।— কি! বেগটোৱে আৰু অলঙ্কাৰৰ পেৰাটোৱে চুৰ কৰি নিলে! কোনে নিলে? বাহিৰত আৰু কোনোবা মানুহ আছিলনে?
লাৱণ্য।— বাহিৰত আৰু আন মানুহ কেও নাছিল, পুনাৰাম আৰু দেউতাক—দুয়ো বাপেক-পুতেক—হে আছিল।
গঙ্গা।— তেন্তে বাহিৰা মানুহ কেও নাছিল যেতিয়া এইটি কাম কাৰপৰা হব?—তেওঁবিলাকেহে বহালে।
লাবণ্য।— থোৱাঁ দেওহে, তেওঁবিলাকে ঘৰতে এনে কাম কৰিছে নে?
গঙ্গা।— তুমি মাইকী মানুহ, কি বুজিবা। দন্দ্‌ লগাই লোৱা নো আৰু গুৰি কিটো।—কেনেবাকৈ আমি ভাগৰ বস্তু বিচাৰো বুলিহে! তুমি আকৌ এইটো কথাকে বৰ টান পালা, চলত পালে মাজু ককাইদেউকে মোকে বিহ খুৱাই মাৰিবলৈকো চান্দেহে!
লাবণ্য।— জানো দেও, তোমালোকৰ ভাই-ককাইৰ ভিতৰতহে
ইমান খোচাখুচি—বিন্ধাবিন্ধি দেখিছো। আনকি সতিনীয়ে-সতিনীয়েও কিজানি ইমান নহয় হে।
গঙ্গা।— এতিয়া আৰু এইবোৰ কথা পাতি থাকিবৰ সময় নহয়। মই ককাইদেউৰ অফিচলৈ গৈ বস্তুবোৰ চুৰ কৰি নিয়া কথাষাৰ জনাই তেওঁৰ মনৰ ভাবটো বুজি আহি পৰশুলৈ চিঠি এখন দি মাজু ককাইদেউক বেগতে মাতি পঠিয়াওঁ। তেওঁ আহি পালেহি এটা কৰিব লাগে।
লাৱণ্য।— যদি আন চোৰে নিছে, তালৈ যোৱা মানে সকলো ভ্ৰষ্ট হব চাবা।
গঙ্গা।— কৰ অইন চোৰে নিবলৈ আহিছে! তেৱেঁইহে মোক নেপাই মোৰ হিংসাত এনে কাম কৰিছে। তেওঁৰ বাহিৰে আন কাৰো ওপৰত মোৰ চোভা নহয়।
লাৱণ্য।— ককাইদেৱেৰ নগাৱঁৰপৰা সোনকালে পাবহি জানো? কামৰপৰা ছুটী লওক, আহক; আহোতেই তিনি-চাৰি দিন লাগিব।
গঙ্গা।— যি হয় হব! মইনো বাৰু অকলৈ কিমান কৰি ফুৰিম! চোৱাঁচোন তোমাৰ কথা পালিবলৈ যাওঁতেই ইমানটো ঘটনা হৈ উঠিল!
লাৱণ্য।— সৰুবোপা, এইবোৰ কথা ভাবিলে কি হব, ভবিষ্যতৰ কথা জানিব পৰা হলে সদায় সুখতে দিন কটাব পাৰিলোহেঁতেন। কথাতে কয় নহয় ‘দুৰ্দ্দশালৈ কিমান সময় লাগিছে’। আগেয়ে জানিব পৰা হলে এনে নহয়েই। আমিনো তোমালোকৰ ভাই-ককাইৰ ভিতৰত ইমান ফেৰিয়া-ফেবি আছে বুলি জানিম কেনেকৈ?
গঙ্গা।— বাৰু, মই তেওঁৰ অফিচলৈকে যাওঁ। তুমি সাৱধানে থাকিবা।
লাৱণ্য।— যাবাহে যাবা; কিন্তু তাতে গৈ দন্দ্‌খন নেপাতিবাগৈ।
গঙ্গা।— বাৰু, মোৰ কাৰণে ভয় কৰিব নেলাগে।

(প্ৰস্থান।)

লাৱণ্য।— দেহি ঐ! অতদিন তেজক পানী কৰি টকা ঘটি ইয়ালৈকে অলঙ্কাৰকেইডালি লৈ দিছিল!

( প্ৰস্থান। )

 

পঞ্চম দৃশ্য।

চম্পকৰ অফিচ।

(চম্পকে চকীত বহি কাম কৰি থাকে। গঙ্গাৰামৰ প্ৰবেশ।)

গঙ্গাৰাম।— (চম্পকক সাবট মাৰি ধৰি কান্দি কান্দি) ককাইদেউ, মই পুনাৰামক মৰাতে কিয় আপুনি মোৰ ওপৰত ইমান খং খাইছে? সি কিবা আপোনাৰ হে লৰা, মোৰ জানো ভতিজা-পো নহয়? ম‍ই যদিও খঙ্গৰ ওপৰত এটা লপা-থপা মাৰিলো তাতেনো আপুনি ইমান বেয়া পাব পায়নে? এতিয়াও আপোনাৰ চৰণত ধৰি মাতিছোঁ, যি কৰিলে নকৰিলে, শত্ৰুক ৰং নেদেখুৱাই আমাৰ বস্তুখিনি দি দিয়ক।
চম্পক।— কি! তহঁতৰ বস্তু মই কেতিয়া আনিছোঁ? তই বলিয়া হলিনে কি?
গঙ্গা।— মই বলিয়া হোৱা নাই। ককাইদেউ, অইন নিদিলেও মোৰ কাপোৰ-কানি কেইডোখৰকে উলিয়াই দিয়ক। (ধুতি দেখুৱাই) চাওকচোন—কাপোৰৰ অভাৱত কেনে ফটা ধুতি পিন্ধিব লগীয়াত পৰিছো।
চম্পক।— বাৰু তই বল। ঘৰত কি কৰিছে ম‍ই কব নোৱাৰো। যদি নিছে, বাৰু মই দিমগৈ।
গঙ্গা।— আপুনি নগলেও হব; মোক উলিয়াই দিবলৈ বোপাৰ্টিলৈ কাগজ এডোখৰ লিখি দিলেই মই উলিয়াই লব পাৰিম।
চম্পক।— ঘৰত নিছেনে নাই খবৰ নকৰাকৈ মই কেনেকৈ লিখি দিও? এনেই লিখি দিলে বলিয়া হে বুলিব। সিহঁতে যে নিছে মোৰ এনে বিশ্বাস নহয়। তই যে কৈছ হেৰাইছে বুলি, বাৰু মই সুধি চাম। নিছে যদি পাবি বাৰু। মই থকাত হেৰাব নোৱাৰে। এতিয়া তই যা বাৰু।
গঙ্গা।— ভাল, মই এতিয়া যাওঁ হে তেন্তে।

(প্ৰস্থান।)

চম্পক।— (অকলে অকলে) হয় তো, টানত পৰিলেহে ৰাম বোলে। এতিয়া তাৰ সেকাটো পাই মোৰ ওচৰলৈ লৰি আহিছে। আগেয়ে হলে মোক কিলায়হে; এতিয়া আকৌ তই-হে-তই মই-হে-মই! (অলপ ৰৈ) তাৰ বুধিটো চোৱা—‘অইন নিদিলেও পিন্ধা কাপোৰ-কানিকেই ডোখৰকে দিয়া’। সি ভাবিছে— সিহে টেঙ্গব, ম‍ই আকৌ তাতোকৈ তিনিগুণ টেঙ্গৰ নহওঁ হবলা! এই
বাবহে চম্পক কেনেটো চিনি পাব। যি হওক, মুখেৰে ভালৰি বোলাই টু-টুৱাই থাকো। দেখা যাওক, কৰ পানী কলৈ যায়।

 

ষষ্ঠ দৃশ্য।

লাৱণ্যৰ কোঠা।

লাৱণ্য।— (অকলে অকলে) সৰুবোপা অতবেলিও নাহিল। বস্তুৰে কিবা সন্ধান পালেনে, নাই ককায়েকৰ লগত দন্দকে পাতিছে তাৰনো ঠিক কি? সেই মাল যে পাম এনে আশা নিচেই কম। তাতোকৈ এতিয়া সৰুকণ আহিলে আমাৰ বা অৱস্থা হয় কি তাৰো ঠিক নাইকিয়া হৈছে। আমি অত দিন ইয়াতে থাকিলো, অত মানুহ দেখিলো, তথাপি এনে ককাই-ভাই দেখা নাই আৰু এনে ককাই-ভাইৰ কথা শুনাও নাই। আগেয়ে ভাবিছিলো, এওঁবিলাকৰ ককাই-ভাইকেইজনৰ অনেকতকৈ মিল আছে, কিন্তু এতিয়া দেখোন দিনে দিনে জেউতি চৰিহে আহিছে, যি হওক, সৰুবোপা ওলালেহিয়েই তেওঁ ৰক্ষা পৰোঁ, তেওঁ যদি ককায়েকৰ লগতে সন্ধি পাতিলে তেন্তে মৰণেই হল। হে কণা বিধতা! ইমাননো বেজাৰ পাবলৈ মোক কেলেই জীয়াই থৈছা? মাৰি নিবও নেজানানে?

(গঙ্গাৰামৰ প্ৰবেশ।)

লাৱণ্য।— সৰুবোপা, কিবা গম পালানে? মই অত বেলিও নহা দেখি তেখেতৰ লগত কিবা হাই-কাজিয়া লাগিল বুলিহে ভাবিছিলো, পিচে তেখেতে নো কি কলে?
গঙ্গা।— তেওঁ আৰু দিবলৈ নিছেনে? মই তেওঁৰ কথাৰপৰা বেচ বুজিব পাৰিলোঁ, যে তেওঁৰ বাহিৰে আনৰপৰা এইটি কাম হোৱা নাই। এতিয়া আৰু পলম কৰি থকাৰ সকাম নাই, মই মাজু ককাইদেউক মাতোঁ; তেওঁ আহি পালেহি এটা কৰিব লাগিব। হেৰ গোলাই অ’!

(গোলাইৰ প্ৰবেশ।)

গোলাই।— দেউতা!
গঙ্গা।— কাপ-মৈলামজোৰে, লেফাফা এটাই, চিঠি লিখা কাগজ এখনে আনচোন।
গোলাই।— ভাল দেউতা, আনোগৈ। সেই বাকচটোৰ ওপৰতে আছে নহয়?
গঙ্গা।— ওঁ।

(গোলাইৰ প্ৰস্থান।)

লাৱণ্য।— এই চিঠি পালে মাজু ককাইদেৱেৰ বলিয়া হোৱা দৰে হব।

(কাপ-মৈলাম আৰু কাগজ লৈ গোলাইৰ প্ৰবেশ।)

গঙ্গা।— (হাতত লৈ চিঠি লিখে।)
লাৱণ্য।— কি লিখিলানো পঢ়াঁচোন।
গঙ্গা।— পঢ়োঁ বাৰু, শুনা। (চিঠি পঢ়ে।)

“শ্ৰীশ্ৰীহৰি সহায়।

লাদৈগড়, 

১২ মাঘ, ১৮৩২ শক।

শ্ৰীচৰণেষু—
 শ্ৰীযুক্ত মাজু ককাইদেউ,—পত্ৰে নিবেদন জনালো। দুখৰ বিষয় কি জনাম, গত দহ তাৰিখে শ্ৰীযুক্তা মাজুবৌৰ অলঙ্কাৰৰ বাকচ্‌টো আৰু মোৰ বেগটো চুৰি হল। মোৰে সৈতে শ্ৰীযুক্ত বৰ ককাইদেউৰ, সামান্য কথাৰপৰা, দন্দ্‌ লাগিছিল। বোধকৰোঁ তাৰে হিংসাতে তেৱেঁইহে হাত লগাব পায়। আপুনি বেগতে ছুটী লৈ আহক; আপুনি পালেহিয়েই এটা কৰিব পাৰো। জৰুৰ জৰুৰ আহিব, পলম নকৰিব। চিঠিৰ দ্বাৰাই কিমান জনাম? আপুনি আহিলে সকলো কথা খোলোচাকৈ জানিব পাৰিব। বৰ্ত্তমান আমাৰ শাৰীৰিক মঙ্গল। অধিক কি জনাম?
ইতি—

সেৱক,
শ্ৰীগঙ্গাৰাম।”

শুনিলা? কেনে হৈছে!

লাৱণ্য।— অতি উত্তম হৈছে।
গঙ্গা।— হেৰ গোলাই অ! এই চিঠিখন বেগতে ডাক-ঘৰত দি আহগৈচোন, যাহি। তই বাটত আকৌ কাকো দেখুৱাই নিনিবি।
গোলাই।— ভাল দেউতা! কাহানিবা জানো কাৰোবাক দেখুৱা দেখিছিল?
লাৱণ্য।— এই চিঠিখন কাহানিমানে পাবগৈ?
গঙ্গা।— আজি ডাকত গলে পৰশুলৈ দহ মান বজাত পাবগৈ।
লাৱণ্য।— মাজু ককাইদেৱেৰ আহিলেনো কি কৰিবা?
গঙ্গা।— মাজু ককাইদেউ আহিলে বৰ মানুহৰ ‘বেটা’ হঁতৰ ফুটনি চাম। তুমি একো চিন্তা নকৰিবা। ভাগ্যত পাব লগীয়া আছে যদি পাম; নেপাব লগীয়া থাকিলে নেপাওঁ। কোনেনো ২।৩ হেজাৰ টকাৰ লগত প্ৰাণ

এৰিছে? আমাৰ আকৌ কমেই। কাৰো কাৰো ২০।২২ হেজাৰকৈ যায় নহয়। টকালৈ কন্দা নাই, তাক এসেকা দিবলৈ পালেই হয়।

(গোলাইৰ প্ৰবেশ।)

গঙ্গা।— দিলিনে?
গোলাই।— দিলোঁ দেউতা।
গঙ্গা।— আজিৰ ডাক পালিগৈনে।
গোলাই।— আজিৰ ডাক ওলাওঁতেই পালোঁগৈ।
গঙ্গা।— ভাল কৰিলি। মইতো খোজাত নিদিলেই, অনেক ৰকমৰ উভঁহা কথাহে কলে। তেৱোঁ খুজি চাবহি, যদিহে নিদিয়ে পিচত তাৰ উপায় চিন্তা হব।
গোলাই।— হয় দেউতা, আপোনালোকক এনে কৰিব নেলাগিছিল। আমাৰ সিফালে হলে ভাই ককাইৰ ভিতৰত এনে ডকাইতি, এনে খোৱা কামোৰা নাই।
গঙ্গা।— নকবি বোপাই, সকলোৱে হাঁহিব লগা কথা হৈছে।
লাৱণ্য।— তহঁতৰ ‘দেশত’ আকৌ কৰপৰা হব। মানুহ মৰিবৰ দিনতহে মৰে।
গোলাই।— আই, বেজাৰ কৰাৰপৰা কি হব। মিছাতে বেজাৰ কৰি থকাৰ সকাম নাই। এতিয়া আৰু আমি যোৱাহে যুগুত।

(প্ৰস্থান।)



এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )