|
|
এনেহে লাগে চাগৈ। বুঢ়া লোকে সেই হে কৈ গৈছে। বোলে “আয়ে চায় মুখলৈ, তিৰোতাই চায় হাতলৈ।”
|
| ১ম বাটৰুৱা।—
|
তোক কাটিব খোজেহে, মোক আকৌ চলত পালে কাটেই নহয়।
|
| ২য় বাটৰুৱা।—
|
হেৰ, তাই হঁতে নুবুজে আকৌ, এক ৰকমে চাবলৈ গলে আমাৰ জীৱনটোৱেই সুখৰ জীৱন।
|
| ১ম বাটৰুৱা।—
|
এৰা, নহয় নো কি আকৌ।ডাঙ্গৰবিলাকৰ কি হৈছে কব নোৱাৰ হব পায়?
|
| ২য় বাটৰুৱা।—
|
ওঁঃ, কি হৈছে; কব নোৱাৰোঁ। বাৰু ক চোন কি হৈছে।
|
| ১ম বাটৰুৱা।—
|
অ’ তই গা ৰাখিলি তেন্তে। গোটেই খন ফাটি ফুটি গৈছে, তই আকৌ কবকে নোৱাৰ। তইনো ক’ত থাক?
|
| ২য় বাটৰুৱা।—
|
অতদিন মই তোৰ লগতে ফুৰিলোঁ, এতিয়া আকৌ কত থাকোঁ নতুনকৈ চিনাকি দিব লাগে নে? ঘৰত থাকোঁ।
|
| ১ম বাটৰুৱা।—
|
ঘৰত থাক দেখিতো কব নোৱাৰ।
|
| ২য় বাটৰুৱা।—
|
কিমান নো এইবোৰ বাবে বাংকৰা কথা চোবাই থাক অ’? কি হৈছিল সঁচা কথাটো কৈ নেপেলাৱ কিয়?
|
| ১ম বাটৰুৱা।—
|
খং নেখাবিচোন ককাই, শুন বাৰু কওঁ।
|
| ২য় বাটৰুৱা।—
|
খং খোৱা নাই, ক বাৰু।
|
| ১ম বাটৰুৱা।—
|
জয়ে জয়ে কওঁ-লাদৈগড়ৰ চিনামন চাহাবৰ কেৰেণী চম্পকধৰ বৰুৱাক চিনি পাৱনে?
|
| ২য় বাটৰুৱা।—
|
ওঁ, চিনি পাওঁতো। সেই শাওঁ-বৰণীয়া শকতকৈ মানুহজন নহয়নে?
|
| ১ম বাটৰুৱা।—
|
হয়, হয়, তেওঁ হেনো কৰিছে কি—মাজুটো ভায়েকৰ ঘৈনীয়েকৰ (অৰ্থাৎ বোৱাৰীয়েকৰ) অলঙ্কাৰখিনি চুৰ কৰি আনি সুমুৱাই থৈছেগৈ, কালি হেনো সৰু ভায়েকে, অফিচতে গৈ ভাৱস্তিবে খুজিছিল গৈ, খোজাত, তেওঁ হেনো দুনাই “কি মাল” বুলি সুধিলেহে। সৰুটো গুচি আহি এতিয়া মাজুটোক চিঠি দি মাতিছে! মাজুটো পালেহি হেনো মোকৰ্দ্দমা কৰিব।
|
| ২য় বাটৰুৱা।—
|
তইনো বাৰু অতবোৰ কথা ক’ত শুনিলি?
|
| ১ম বাটৰুৱা—
|
মইতোৰ দৰে ঘৰতে তিৰোতাজনী কোনোবাই নিয়ে বুলি ৰাখি থাকোঁ জানো?
|
| ২য় বাটৰুৱা।—
|
সিনো কেলেই ভায়েকহঁতৰ মাল চুৰ কৰি সুমুৱাই থৈছে? সিহঁতে মোকৰ্দ্দমাহে কৰিব খুজিছে; মই হোৱা হলে কি ককাই, কি ভাই, কেইওটাকে ‘সিফলীয়া’ কৰিলোঁ হেঁতেন।
|
| ১ম বাটৰুৱা।—
|
এৰা, নহলি দেখিহে। মোৰ মনেৰে হলে এনে ককাই-ভাই, হোৱাতকৈ নোহোৱাই ভাল। তই আকৌ ‘কেলেই’ বুলি সুধিছহে? ইমানতো বুজা নাইনে? ভায়েকহঁতৰ হিংসাত।
|
| ২য় বাটৰুৱা।—
|
এৰা, এইবোৰ দেখি-শুনিয়েই মই আকৌ আমাৰ সিজনীক কওঁ বোলোঁ ‘দেওৰেৰ কেইটাক তই একো নকবি’। কেতিয়াবা আমাৰো এনে:হয় বুলিহে ভয়।
|
|
|
ঈশ্বৰে যেন আমাৰ ককাই ভাইৰ ভিতৰত অমিল নকৰক!
|
| ১ম বাটৰুৱা।—
|
এৰা বোপাই, আমাৰ ঘৰতহে এনেবোৰ হোৱা নাই, লোকৰ ডাঙ্গৰ মানুহৰ কথাই সুকীয়া, —ভেমত ওফন্দি গঙ্গাটোপ হৈ সমাজৰ মুখিয়াল (কিবা ‘নেতা’ নে ‘কেটা’) হব খোজে; ইফালে তেওঁ বিলাকৰ কাণ্ড কাৰখানা দেখিয়েই বিচুৰ্ত্তি। তেওঁ বিলাকৰ নিচিনা ডাঙ্গৰ মানুহ হব পৰা হলে আমাৰ মাজুটোকে নো কোনে পায়?
|
| ২য় বাটৰুৱা।—
|
হয় বোপাই, ককাই-ভাইৰ ভিতৰত এনে খোৱা-কামোৰা, এনে কাজিয়া-পেঁচাল ক’ত দেখিছা, ক’ত শুনিছা?
|
| ১ম বাটৰুৱা।—
|
আজি তেও শুনিলি। ভালকৈ মনত ৰাখিবি।
|
| ২য় বাটৰুৱা।—
|
মনত ৰাখিবই নেলাগে, মই এতিয়া গৈয়েই সিজনীক এনে নকৰিবলৈ কমগৈ নহয়। মোকৰ্দ্দমাত বা হয় কি?
|
| ১ম বাটৰুৱা।—
|
মই হলে এনে মানুহ থকাতকৈ মৰিলেহে ভাল পাওঁ। বোপাই, এনে মানুহৰ চৰ্চ্চা কৰি থকা ভাল নহয়; বল যাওঁ।
|
| ২য় বাটৰুৱা।—
|
মোৰ বোপাই, কথা শুনি যাবলৈকে ভয় লাগিছে! ডাঙ্গৰ মানুহৰ ভিতৰতে যেতিয়া এনে ঘটনা ঘটিছে আমালৈ আৰু থাকিল কি?
|
| ১ম বাটৰুৱা।—
|
বা বোপাই, ভাবিলেনো কি হব?কপালত
|
|
|
হব লগা আছে যদি হব। পিচে আমাৰ নিচিনা মানুহৰ ভিতৰত এনে হোৱা অলপ কঠিন।
|
| ২য় বাটৰুৱা।—
|
পিচে এটা কথা,—আজিকালি তই বোলে গান গাবলৈ শিকিছ? যাবৰ সময়ত পাক এটা দি গলে মনটো ফৰকাল লাগিব। গান এটা ধৰচোন, ময়ো লগতে উজাম।
|
| ১ম বাটৰুৱা।—
|
এৰা, কলি যেতিয়া জনাই-নজনাই এটা গান ধৰোঁ। আমাৰ লগত শুকুৰা ওস্তাদ্ থাকিব লাগিছিল, তেহে গান গাই সুখ লাগিল হেঁতেন। (গেলহেঁকেৰিয়াই গান ধৰে)।
|
আমি বাটৰুৱা কাই,
বাটত টিঘিল-ঘিলাই ফুৰোঁ নাম গাই।
যদি কেনেবাকৈ ভাই,
পায় লগ বন-বজাই,
(তাক) সিফলীয়া কৰি দিম একে কোবেই॥
(গান গাই গাই দুইৰো প্ৰস্থান)।
(গঙ্গাৰাম, লাৱণ্য আৰু গোলাই)।
| গঙ্গা।—
|
বোধ কৰোঁ মাজু ককাইদেউ আজি পাবহি।
|
| লাৱণ্য।—
|
আজি পাঁচ দিন হল নহয়; পাবহি পাৰে হয়!
|
| গঙ্গা।—
|
ঠিক নাই, পাবহি পাৰে। তুমি যোৱাঁ; লঘোনে-ভোকে আহিব, চাহ এটোপাকে ঠিক কৰাঁগৈ,—গোলাই, তয়ো বৌৰ লগতে যা, খৰি-খেৰ কেইডালমান চাই-চিতি দেগৈ।
|
(লাৱণ্য আৰু গোলাইৰ প্ৰস্থান।)
| গঙ্গা।—
|
(অকলে অকলে) আজি যদি মাজু ককাইদেউ পায়হি, তেন্তে পৰশুমানৰপৰা এসেকা দিব পাৰিম। সিহঁতৰ কেৰামতালি ভালকৈ চাম।
|
(হাতত বেগ এটা লৈ কৃষ্ণৰামৰ প্ৰবেশ।)
| কৃষ্ণৰাম।—
|
অকলে অকলে কি কৰিছ? ঘৰত সকলোৰে ভালনে?
|
| গঙ্গা।—
|
এ, ককাইদেউ, আপুনি ভালেমান দিন জীব; আপোনাৰ কথা কওঁতেই আপুনি আহি ওলালহি। কিনো কৰিম?–
|
|
|
আপুনি নহা দেখি বিমোৰ হৈ গুণা-গঁথা কৰি আছোঁ।ঘৰৰ ভাল বেয়াৰ কথানো কি কম?
|
| কৃষ্ণ।—
|
এইখন নো কি হৈছে, কচোন বাৰু।
|
| গঙ্গা।—
|
ভাল কম বাৰু, আপুনি অলপ জুৰাই লওক চোন। হেৰ গোলাই অ! মাজুককাইদেউ পালেহি; ধপাত এচিলিম লৈ আহচোন।
|
| গোলাই।—
|
(ভিতৰৰপৰা) ভাল দেউতা!
|
| কৃষ্ণ।—
|
বৰ ককাইদেউ ঘৰত নাইনে কি?
|
| গঙ্গা।—
|
তেওঁৰ কথা আমাক নুসুধিব,
আমি তেওঁৰ লায়েকৰ মানুহ নহওঁ।
|
(হোকা-চিলিম লৈ গোলাইব প্ৰবেশ)।
| গোলাই।–
|
(কৃষ্ণৰ ফালে টোৱাঁই) খাওক দেউতা!
|
| কৃষ্ণ।—
|
কি অ’ গোলাই, আয়েৰ গল কলৈ?
|
| গোলাই।—
|
কলৈকো যোৱা নাই, ভিতৰতে আছে।
|
| গঙ্গা।—
|
চাহ হলনে? হল যদি আনগৈচোন যা!
|
| গোলাই।—
|
ভাল, আনোঁগৈ বাৰু।
|
| গঙ্গা।—
|
আপুনি কিবা খালেনে? নাই খোৱা যদি ভাত বান্ধিবলৈ কাৰবাৰ কৰাওঁ।
|
| কৃষ্ণ।—
|
ভোক লগাই নাই দেখোন। ভাত নেখাওঁ, বাটতে কিবাকিবি অলপমান খাই আহিছোঁ; চাহটোপা হলেই হব।
|
(চাহ লুচি লৈ গোলাইৰ প্ৰবেশ।)
| গোলাই।—
|
( ঠাইখন হাতেৰে মচি দি ) এইয়া খাওক দেউতা, নহলে চেঁচা হৈ যাব।
|
| কৃষ্ণ।—
|
হেৰ, মুখ-হাত ধুবলৈ পানী এলোটা আন-চোন।
|
(গোলাইৰ প্ৰস্থান আৰু পানীলৈ পুনৰ প্ৰবেশ।)
| গোলাই—
|
এইয়া পানী দেউতা; মুখ ধোৱকগৈ। (পানী দিয়ে।)
|
| কৃষ্ণ।—
|
(পানী লৈ হাত মুখ ধুই চাহ খাবলৈ ধৰে।)
|
| গঙ্গা।—
|
(গোলাইক কয়) এইবোৰ লৈ যা।
|
| গোলাই।—
|
(সাৰি-পুচি সাফ্ কৰি ভিতৰলৈ লৈ যায়।)
|
| কৃষ্ণ।—
|
(গঙ্গাৰামক কয়) বৌৱেৰক মাতচোন।
|
| গঙ্গা।—
|
(চিঞৰি) হেৰ গোলাই, বৌক মাজু ককাইদেৱে মাতিছে বুলি কচোন।
|
| গোলাই।—
|
(ভিতৰৰ পৰা) গৈছে দেউতা।
|
(বটাত তামোল লৈ লাৱণ্যৰ প্ৰবেশ।)
| লাৱণ্য।—
|
(কৃষ্ণৰামক তামোল দি কান্দি-কাটি উত্ৰাৱল হয়)।
|
| কৃষ্ণ।—
|
(কন্দনামুৱা হৈ)কেলেই মিছাতে বেজাৰ কৰিছা? যি হব লগা হল আৰু; বেজাৰ কৰিলে কি হব?
|
| লাৱণ্য।—
|
(অলপ থিৰ হৈ) আমি দিয়া চিঠিখন আপুনি কাহানি পালে?
|
| কৃষ্ণ।—
|
কালি দহ বজাত তোমালোকৰ চিঠি পায়েই আহিছোঁ। তোমালোকৰ নো এইখন কি হৈছে? মই একো বুজিব পৰা নাই, কোৱাঁচোন।
|
| লাৱণ্য।—
|
বুজিব পৰা নাই যদি কেনেকৈনো ‘যি হব লগা হল’ বুলি কৈছে?
|
| কৃষ্ণ।—
|
তোমাৰ চিঠিত লিখা দন্দ লগাব কথাহে কৈছোঁ।
|
| লাৱণ্য।—
|
ভু পাবলৈ নাই আৰু। আমাৰ অলঙ্কাৰৰ বাকচটো
|
|
|
আৰু সৰু বোপাই অনা বেগটো আপোনাৰ ককাইদেৱেকে মনে মনে নি সুমুৱাই থৈছেগৈ বুলি, সৰু বোপাই সন্দেহ কৰি আপোনাকে মাতিলে।
|
| কৃষ্ণ।—
|
(মূৰে-কপালে হাত দি) উঃ, মই এতে দিনে হাড়ক মাটি, তেজক পানী কৰি কুলিৰ লগত থাকি ইমান টকা ইয়াকে কৰিবলৈকে হে ঘটিছিলোঁ! (অলপ পৰ টলকা মাৰি থাকি) মোৰ বিশ্বাস কোনোবা চোৰেহে নিলে। তেওঁ কেলেই এনে কাম কৰিব?
|
| গঙ্গা।—
|
মোৰে সৈতে তেওঁৰ কাজিয়া লাগিছিল। বোধ কৰোঁ সেই হিংসাতে এনে কাম কৰিছে।
|
| কৃষ্ণ।—
|
তইনো বাৰু তেওঁৰ লগত কিয় কাজিয়া কৰিছিলি? এতিয়া আৰু তেওঁক বুঢ়াকালত বেজাৰ দিবৰ দিন আহিছেনে?
|
| গঙ্গা।—
|
মই তেওঁক লগত একো কাজিয়াপেচাল কৰা নাই, তেওঁৰ পুতেকেহে মোক জোতাৰে কোবাব খুজিছিল। তাতে মই তাক চৰ এটাই ভুকু এটাই মাৰিলোঁ; তাৰ পৰাই ইমান হৈ উঠিছে।
|
| কৃষ্ণ।—
|
পুনাৰামেনো তোক কিয় জোতাৰে কোবাব খুজিছিল? তইনো তাক কি কৰিছিলি?
|
| লাৱণ্য!—
|
এওঁ একো কৰা নাই। বাইদেৱে এওঁক ভাত দিছিল; এওঁ কাপোৰে-কানিয়ে খালে। তাতে বাইদেৱে এওঁক কিবা একেষাৰ কলে। এৱোঁ কিবা একেষাৰ ওভোতাই কলে। তাতে সি মাত লগালে, “মোৰ আগত মোৰ আইক তই কেলেই এনে গালি পাৰিছ?” এই বুলি
|
|
|
এওঁক জোতাৰে কে।বাব খুজিছিল। তাতে এওঁৰ খং উঠি তাক চৰ এটাই ভুকু এটাই মাৰিলে। মাৰিলতে সি দেউতাকৰ আপিচলৈ গৈ তেওঁক কান্দি কান্দি কলেগৈ। দেউতাক আহি নৌপাওঁতেই দন্দ্খন্ লাগে বুলি এওঁক ওলাই যাবলৈ কলোঁ। এওঁ ওলাই গল। এওঁক নেপাই গালি-শপনি পাৰি তেখেতে হাই কৰাত, বাইদেৱে মোক মাতি নি তেওঁৰ কুঠৰীতে বহিবলৈ দিলেগৈ; তাতে দুয়ো বহি আছিলোঁ। তাৰ পাচত তেওঁবিলাক গলত চাওঁ দেখোন বাকচটো নাই। তাৰ পাচত বিচাৰ কৰি চাই দেখোঁ যে সৰুবোপাৰ বেগটোও নাই। তেতিয়া বাহিৰতো কোনো মানুহ নাছিল। আমাৰ হিংসাতহে তেওঁবিলাকে এনে কাম কৰিছে কিজানি। তেতিয়াৰ পৰা আমি আৰু তেওঁবিলাকৰ ভিতৰলৈ যোৱা নাই, এই কোঠা দুটাতে পাৰি আছোঁ।
|
| গঙ্গা।—
|
শুনিলে এতিয়া? মুঠ কথা এয়ে। মই গৈ কালি তেওঁৰ আফিচত ভাৱস্তিৰে মালকেইটা খুজিছিলোঁ। কিন্তু মাল দিয়ক ছাৰি তেওঁ মোক নানা ককৰ্থনা হে কৰিলে, এনেকৈ কোৱা সত্ত্বেও মই তেওঁক কলোঁ, ‘অইন নিদিয়ে যদিও মোৰ বেগটোকে দিয়ক।’ তেওঁ এপিনেও মান্তি নহল। বেগটো দিয়া হলে ইবিলাক উলিয়াব পাৰিলোঁহেঁতেন। মোৰ হলে তেওঁৰ ওপৰতে সম্পূৰ্ণ চোভা। আপুনিও এতিয়া তেওঁৰ ওচৰলৈ গৈ এবাৰ খুজি চাওকগৈ। যদিহে নিতান্তই নিদিয়ে তেনেহলে মোকৰ্দ্দমা কৰিবলৈ আমি বাধ্য হম।
|
| কৃষ্ণ।—
|
বাৰু, তেন্তে মই এতিয়া যাওঁ, তেওঁক এবাৰ খুজি চাওঁগৈ। (লাৱণ্যক দি) এই বেগটো নি ভালকৈ থৈ দিয়াঁগৈ; ইয়াতে ৰূপ আঢ়ৈ কুৰি আছে। ইয়াকো নিব লাগিলে আমাৰ ভিকাচন ভাগিব। সাৱধানে থবাগৈ। অত দিনৰ লাভ যিটো পাব লগা আছিল সেইটো পালোঁৱেই, বাকী এইকেইটকাৰো পাব লাগিলে হৈছে আৰু।
|
| গঙ্গা।—
|
মাজু ককাইদেউক বা কয় কি এথোন।
|
| লাৱণ্য।—
|
যিহকে কওক লাগে, মালখিনি দিলেই তেও ৰক্ষা পাওঁ।
|
| গঙ্গা।—
|
মোৰ ভোক লাগিছে, এতিয়া ভিতৰলৈ যাবহে লাগিল; অলপ কিবা-কিবি খাব লগা হল। তেওঁ বিনা মোকৰ্দ্দমাত মালখিনি উলিয়াই দিয়াটো বৰ টান পাইছোঁ।
|
| লাৱণ্য।—
|
বিনা মোকৰ্দ্দমাত দিলে তেওঁৰে মঙ্গল, নহলে তেওঁৰ মৰণ বুলিহে ভাবিছোঁ।—আহা, জলপান দিওঁগৈ।
|
(চম্পকে কাম কৰি থাকে, কৃষ্ণৰামৰ প্ৰবেশ।)
| কৃষ্ণৰাম।—
|
(সেৱা কৰি) ককাইদেউ, এনে কাম কিয় কৰিলে?
|
| চম্পক।—
|
তই কেতিয়া আহিলি? মইনো কি কৰিলোঁ?
|
| কৃষ্ণ।—
|
মোৰ বস্তুবোৰ কেলেই সুমুৱাই থৈছে? তাক যি কৰে কৰিব, মোলৈ চাই উলিয়াই দিয়ক। মই এই গোলমালৰ বিষয়ে সৰু বোপাৰপৰা চিঠি পাই কালি আহিলোঁ।
|
| চম্পক।—
|
হেৰ, তোৰ মাল মই কেতিয়া সুমুৱাই থৈছিলোঁ? মোৰ ওচৰলৈ মাল বিচাৰি ককায়েৰ-ভায়েৰ দুয়ো দুদিন আহ দেখোন! ইনো কি কথা বোলে!
|
| কৃষ্ণ।—
|
ই একো কথা নহয়, কাৰণ হে, দিয়ে যদি ভালে ভালে দিয়ক।
|
| চম্পক।—
|
অ’ই দেখো ভাল-বেয়া বিচাৰিছেহি! আনিলেহে দিব পাৰোঁ।
|
| কৃষ্ণ।—
|
ইমানতো নিদিলে যেতিয়া মোৰ গাত কিবা দায় আছে জানো? ইমানতো আৰু সহি থাকিব নোৱাৰি। আপুনি চাব বাৰু আপোনাৰ কি দশা হয়।
|
| চম্পক।—
|
মোৰ দশা আৰু নতুনকৈ চাবলৈ নাই, সদায় চায়ে আছো। তোৰ হাতত যদি কিবা ভালকৈ দেখুৱাব পৰা আৰ্চী..আছে তেনেহলে দেখুৱা,— ক্ষীণাইছোঁনে চিকুণ হৈছোঁ তোৰ যহতে চাই লওঁ।
|
·
| কৃষ্ণ।—
|
আপোনাৰ দশাটো আকৌ মই আৰ্চীৰেহে দেখুৱাব লাগে? কথা কলে পেংলাই কৰে! আমি ভাল কথা কলে আপোনাৰ কাণে বেয়া শুনে! বাৰু কেনেকৈ দেখুৱাওঁ পিচতহে জানিব। আপোনাৰে সৈতে মই চুপতি কৰিবলৈ অহা নাই। ভাল হক বুলি খোজাত নিদিলে; তাৰ প্ৰতিফল হাতে হাতে পাব। মই যাওঁ, আপোনাৰ যেনে ইচ্ছা কৰি থাকক। মোক আৰু দোষে নেপায়।
|
| চম্পক।—
|
যোৱা যোৱাঁ, আমাক বৰশীত দিবাগৈ তালৈকে আমাৰ ভয় লাগিছে! আজিকালি দাৰোগাক টকা খুৱাব পাৰিলে এয়েহে নেলাগে ইয়াতকৈ ডাঙ্গৰ ডাঙ্গৰ দোষৰপৰাও—মানুহ-মৰা জগৰৰপৰাও সাৰিব পাৰি। ই আকৌ মোক ভয়, খুৱাবলৈ আহিল! সি মোকৰ্দ্দমাহে কৰিব, তাতকৈনো আৰু চৰ্কাৰ বাহাদুৰৰ মুলুকত কি কৰিব পাৰিব? সি তো নিজে শাস্তি দিবই নোৱাৰে। সুমুৱাই থোৱা বস্তুৰে আদখিনি যদি দাৰোগাক ভেঁটীস্বৰূপে দিওঁ, লেঠা মিটি যাব। তালৈকেনো আৰু কিহৰ ভয়? তহঁতে যি কৰ কৰি থাক, মই তহঁতৰ ৰং চাই বহি থাকোঁ। মই চৰ্কাৰ বাহাদুৰৰ এজন কেৰেণী যেতিয়া মোক তো খামাখা ধৰিবই নোৱাৰে। ( কাম কৰি থাকে। )
|
| কৃষ্ণৰাম।—
|
(অকলে অকলে) হয়তো, সেই গুণেহে সৰু বোপাই কয়—তাৰ ওচৰলৈ গলে সি ডোমচলাহি কথাহে কয়। কথাটো মিছা নহয়। মোকৰ্দ্দমা নকৰি ভাই-ককাই বুলি থাকিলে মই এককালীন মৰা পৰিম। আমি দুবেলি তিনি বেলিকৈ খোজাতো নিদিলে যেতিয়া আমাক আৰু একো দোষে নেপায়। সৰুবোপা বা গল কলৈ! তাৰ লগত পৰামৰ্শ কৰি কাইলৈ আৰু কাছাৰী-ঘৰত দৰ্খাস্ত এখনহে দিব লাগিব। নহলে আৰু উপায় নাই। (গঙ্গাৰামক মাতে) সৰুবোপা, অ’ সৰুবোপা!
|
| লাৱণ্য।—
|
সৰুবোপা ঘৰত নাই, অলপতে এইফালে ফুৰিবলৈ ওলাই গৈছে। ককাইদেৱেকে কি কলে? মাল দিবনে?
|
| কৃষ্ণ।—
|
মাল দিবলৈহে নিছে! অত দিন হাড়ভগা পৰিশ্ৰম কৰি ঘটা টকাৰে জানিবা তেওঁৰ কোনোবা জনমত খোৱা ধাৰ মাৰিলোঁ। আন কথা একো নাই। তুমিনো এতিয়া কত আছিলা?
|
| লাৱণ্য।—
|
ঘৰত কোনো নাইকিয়া দেখি ভিতৰতে বহি আছিলোঁগৈ। আপুনি সৰুবোপাক মতা দেখি, মালৰ কিবা
|
|
|
অনুসন্ধান পালে বুলিহে ওলাই আহিলোঁ। পিচে এয়েহে হল?
|
| কৃষ্ণ৷—
|
নকবা তোমাৰপৰাহে হল তেও! তুমি যদি বস্তু বস্তু কৰি নেথাকিলাহেঁতেন তেনে হলে আমাৰ কিহৰ মৰণ!
|
| লাৱণ্য।—
|
হয়তো, মোৰপৰাহে হল; মই আকৌ বিধতা নহলোঁ।
|
| গঙ্গা।—
|
(কৃষ্ণৰামক সোধে) ককাইদেউৰ ওচৰৰপৰা কেতিয়া আহিলে? মাল দিয়া-নিদিয়াৰ বিষয়ে কিবা কলেনে?
|
| কৃষ্ণ৷—
|
এতিয়া অলপতেহে পাইছোঁহি; কি কৰোঁ কি নকৰোঁ তাকেহে ভাবিছোঁ। মাল দিয়ক ছাবি নিছোঁ বুলি সৈকে নেকাঢ়িলে।
|
| গঙ্গা।—
|
মই আগেয়েই নকৈছিলোঁ বোলে। সেই ডোম-চলাহিটোৱে বিনা মোকৰ্দ্দমাত সৈ কাঢ়ি মাল দিবনে। পিচে এতিয়া নো কি কৰে?
|
| কৃষ্ণ৷—
|
যেনে ভাল দেখ তেনে কৰ।
|
| গঙ্গা।—
|
ভাল-বেয়া লৈ মাল উলিয়াব নোৱাৰি। মোকৰ্দ্দমাহে কৰিব লাগে। তাৰ বাহিৰে আন একো উপায় মই হলে দেখা নাই।
|
| কৃষ্ণ৷—
|
মোকৰ্দ্দমা কৰিবলৈকে জানো কমখিনি পইচা লাগিব! উকীলৰপৰা মহৰীলৈকে দিব লাগিব নহয়। মোৰ হাতত সেই দিনা অনা আঢ়ৈ কুৰি আছে; তাৰে জানো জোৰা মৰিব?
|
| গঙ্গা।—
|
বাৰু, টকাৰ বিষয় লৈ পিচত যি হয় এটা কৰিৰ লাগিব;
|
|
|
বৰ্ত্তমান যে আঢ়ৈ কুৰি আছে, ইয়াকে সৰহ বুলি ধৰিবচোন।
|
| কৃষ্ণ৷—
|
তেনেহলে কাইলৈ দৰ্খাস্ত এখন দিব লাগে।
|
| গঙ্গা।—
|
সাক্ষীনো বাৰু কাক দিয়া হব?
|
| লাৱণ্য।—
|
মোৰ মনেৰে ডম্বৰু আৰু ভোকোন্দাইক দিলেই বেয়া নহব।
|
| কৃষ্ণ৷—
|
হয়, সিহঁত দুয়োকেহে দিব লাগে, সিহঁতহে যদি আমাৰ হকে দুই আষাৰ কথা কয়।
|
| গঙ্গা।—
|
তেনেহলে সাক্ষীৰ ঠিক হল। দৰ্খাস্ত নো বাৰু কাৰ হতুৱাই লিখাব?
|
| কৃষ্ণ৷—
|
দৰ্খাস্ত ধনেশ্বৰৰ হতুৱাই লিখালেই বেয়া নহব কিজানি; কাৰণ তেওঁ বহুত দিনীয়া পুৰণা মানুহ।
|
| গঙ্গা।—
|
হয়, তেওঁৰ হতুৱাইহে লিখাব লাগে।
|
| লাৱণ্য।—
|
উকীল জানো ধৰিব নেলাগিব?
|
| গঙ্গা।—
|
হয় লাগিব। পিচে উকীলনো কাক ধৰে?
|
| কৃষ্ণ৷—
|
বাণেশ্বৰ আৰু পূৰ্ণ এওঁবিলাক দুইকো ধৰিলে বেয়া হবনে?
|
| গঙ্গা।—
|
উকীল দুজন সিমান বাৰু নহয়। মোৰ বোধেৰে হলে ফজলুৰ ৰহমান আৰু দুৰ্গানাথক ধৰিলেই বেয়া নহব; কাৰণ তেওঁবিলাকৰ মুখ কিছু চোকা।
|
| কৃষ্ণ৷—
|
তেওঁবিলাক দুয়েই তেন্তে ভাল হব। যিহকে ভাল দেখ তাকে কৰ। এতিয়া সকলো পিনে ঠিক হল। পিচে, উকীল আৰু মহৰীক বা কিমান ধন দিব লাগিব?
|
| গঙ্গা।—
|
দৰ্খাস্ত-লিখা মহৰীক আঁঠ অনা দিব লাগিব; ইয়াৰ কম-
|
|
|
বেচ হব নোৱাৰে। উকীল দুজনক বৰ্ত্তমান গাইপতি দহ টকাকৈয়ে দিওঁ; পিচত যদি মোকৰ্দ্দমা ভাল হোৱা যেন দেখোঁ তেতিয়া অলপ টকা ধাৰ-ঋণ কৰি আনি দিব লাগে।
|
| কৃষ্ণ।—
|
তেন্তে কাইলৈ তয়ে গৈ সকলো ঠিকঠাক কৰি দৰ্খাস্তখন দিবিগৈ। মোৰ বেগৰে ৰূপ ডেৰ কুৰি উলিয়াই লৈ যাবি; তাৰে কাক ক’ত কিমান দিব লাগে দিবি। বাকী টকা খৰচ নকৰিবি; পিচত কৰবাত আটকত পৰিব লাগিব।
|
| গঙ্গা।—
|
ভাল, ময়ে যাম; আপুনি সেই সাক্ষীকেইজনৰ খবৰ কৰি আহিবগৈ।
|
| কৃষ্ণ।—
|
বাৰু, তেনেহলে ৰাতিপুৱা মই চাহ খাই উঠিয়েই তেওঁবিলাকৰ খবৰ কৰি আহিমগৈ।
|
(ফজলুৰ ৰহমান, দুৰ্গানাথ আদি বহি থাকে। গঙ্গাৰাম আৰু
কৃষ্ণৰামৰ প্ৰবেশ।)
| ফজলুৰ ৰহমান।—
|
(কৃষ্ণৰামৰ প্ৰতি) আপোনাৰ দৰ্খাস্ত লিখা হলনে?
|
| কৃষ্ণৰাম।—
|
হয়, হল। এইখন চাওকচোন (দৰ্খাস্ত দিয়ে)।
|
| ফজলুৰ।—
|
(হাতত দৰ্খাস্ত লৈ পঢ়ি) ওঁ, ভাল হৈছে। মিষ্টাৰ, চোৱাঁচোন (দুৰ্গানাথক দিয়ে)।
|
| দুৰ্গানাথ।—
|
(দৰ্খাস্ত চাই) ওঁ, ভাল হৈছে। এতিয়া বেলি হব। (কৃষ্ণৰামৰ প্ৰতি) আপুনি চাহাবৰ ফালে যাওকগৈ। যেতিয়া ফৌজদাৰী দৰ্খাস্ত ডাকিব, পেস্কাৰৰ হাতত ততালিকে দি দিব।
|
| গঙ্গা।—
|
(উকীলৰ ফালে চাই) ভাল, আপোনালোকো বলকচোন।
|
| দুৰ্গা।—
|
বৰ্ত্তমান আমি নহলেও হব। সময়ত যাম।আপোনালোকে গৈ দৰ্খাস্ত দাখিল কৰকচোন বাৰু।
|
(কৃষ্ণৰাম আৰু গঙ্গাৰামৰ প্ৰস্থান।)
| ফজলুৰ।—
|
মিষ্টাৰ, মোকৰ্দ্দমাটো সঁচা নে মিছা? ককাই-ভাইৰ ভিতৰত এনে অসভ্য ব্যৱহাৰ নিচেই বিৰল।
|
| দুৰ্গা।—
|
সঁচাও হব পাবে। ভাই-ককাইৰ আজিকালি যেনেহে হিংসাহিংসি!
|
| দুৰ্গা।—
|
Yes, goodmorning. আহক, আহক, বহক।
(চম্পক বহে।) আপোনালোকৰ ভিতৰত নো এইখন কি লাগিছে?
|
| চম্পক।—
|
মোৰপৰা একো হোৱা নাই। সিহঁতেহে দন্দ-হাই কৰি এইখন কৰিছে।
|
| ফজলুৰ।—
|
শুনিছে, এইবোৰ কথা ভাল নহয়। ভাল মানুহৰ তিৰোতা এতিয়া কাছাৰী-ঘৰত উঠিব লগা কাম নকৰিব। তিনিও গোট খাই মিট্-মাত কৰি পেলাওক।
|
| চম্পক।—
|
উঃ ৰাম! মোৰপৰা তেনে কাম হৈছে বুলি আপোনালোকে বিশ্বাস কৰেনে? আপোনালোকে নিশ্চয় জানিব, এইবোৰ মাথোন গঙ্গাৰামৰ চক্ৰান্ত।
|
| দুৰ্গা।—
|
সেইটো আপোনালোকেহে জানে; আমি কেনেকৈ জানিম?
|
| চম্পক।—
|
ভাল, এতিয়া মই যাওঁ। যি কৰে কৰি থাওক; সকলো মহাধৰ্ম্মে দেখিছে।
|
| দুৰ্গা।—
|
মিষ্টাৰ, ই বৰ জুৱাচোৰ; আজিলৈকে ধৰা পৰা নাছিল, এইবাৰ কিন্তু ধৰা পৰিব যেন লাগিছে।
|
| ফজলুৰ।—
|
এৰা, ‘এশ গৰু মাৰিলে বাঘৰো মৃত্যু’ বুলি কয়। ইনো অতবোৰ জাল-জুৱাচুৰি কৰি কিমান দিন সাৰিব?
|
| দুৰ্গা।—
|
আৰু শুনিছেনে, ই যেতিয়া ৰেলওৱেত কাম কৰে ইয়াৰ তলত কেইবাটাও কেৰেণী আছিল; ই কেইওটাকে লাৱে লাৱে পানী খুৱালে। অন্তত গৈ নতুনবোৰৰ কাকো দহ দিন, কাকো পোন্ধৰ দিন আৰু কাকো বিশ দিন কামত ৰাখি কামৰপৰা চক্ৰান্ত কৰি খেদি দিলে। এইদৰে ইনো কিমানক খেদিলে, কিমানক ৰাখিলে তাৰ লেখজোখ নাই; যিবিলাকে এমাহ, দহ দিন কাম কৰিছিল, সিহঁতক পইচা এটাও নিদি খেদি দিলে; ইপিনে সিহঁতক দৰ্ম্মহা দিয়া হল বুলি লিখি থৈ সেই টকা নিজৰ জেপত ভৰায়। কটা এনে চণ্ডাল!
|
| ফজলুৰ।—
|
উঃ বৰ চণ্ডাল হয়! মই তেওঁক ভালকৈ চিনি
|
|
|
পাওঁ, আগেয়ে মোৰ লগত বৰ ভাল আছিল। মোৰ ভাগিন লৰাটো মেট্ৰিকুলেচন পৰীক্ষা দি বহি আছিল; বোলোঁ পৰীক্ষাৰ খবৰ ওলায় মানে এইখনতে কাম-কাজকে শিকক, পিচে যি হয় হব। ইয়াকে গৈ তেওঁক কলোঁগৈ; কাজকে শিকক, কোৱাত কলে বোলে বাৰু কাইলৈ পঠিয়াই দিব। ময়ো পঠিয়াই দিলোঁ। সি দিনচেৰেক কাম-কাজ শিকিছিল। এদিন ভাগিনটোৰ বৰ মূৰ কামুৰিছিল। তেওঁ দুই বজাৰ সময়ত ঘৰলৈ গল, সিও মূৰ-কামোৰণি সহিব নোৱাৰি ঘৰলৈ গুচি আহিল। পিচ দিনা কামলৈ গলতে তেওঁ জলজলাবলৈ ধৰিলে। লৰাটোও অলপ খঙ্গাল, —দুইৰো ভিতৰত বহুত তৰ্ক-বিতৰ্ক হল। পিচে জানিবা সি গুচি আহিল। এনে ধূৰ্ত্ত, এনে দগাবাজ!
|
| দুৰ্গা।—
|
উঃ সি এপ্ৰেন্টিচ্ কৰোঁতেই তাৰ ওপৰত ইমান উৎপাত! তাৰ তলত দৰ্ম্মহা খাই কাম কৰিবলৈ হোৱাহেঁতেন দেখোন সৰ্ব্বনাশেই!
|
| ফজলুৰ।—
|
এৰা, নকব আৰু। চম্পকক চিনি নোপোৱা মানুহ নায়েই। আহকচোন বাৰু, Court-অব ফালে যাওঁ। আজি কেইবাটোও Civil case আছে।
|