সমললৈ যাওক

পৰাচিত (সামাজিক নাটক)/চতুৰ্থ অঙ্ক

ৱিকিউৎসৰ পৰা

চতুৰ্থ অঙ্ক।

প্ৰথম দৃশ্য।

কাছাৰী-ঘৰ।

(মেজত কাগজ-কলম লৈ চকীত জয়নাথ আৰু
বিড্‌চন্‌ বহি থাকে। গঙ্গাৰামৰ প্ৰবেশ।)

গঙ্গাৰাম।— (জয়নাথক নমস্কাৰ কৰি) ডাঙ্গৰীয়া, এইখন চাওকচোন (দৰ্খাস্ত দিয়ে)।
জয়নাথ।— (পঢ়ি চাই চাহাবক দিয়ে।)
বিড্‌চন্‌।— (পঢ়ি চাই গঙ্গাৰামক সোধে) এইঠু তোমাৰ গোচৰ আছেনে কি?
গঙ্গা।— (চেলাম কৰি) হয় হজুৰ।
বিড্‌চন্‌।— এই মানুহঠো থোমাৰ ককাই হয়নে কি?
গঙ্গা।— হয় হজুৰ, মোৰ ককাইদেউ হয়।
বিড্‌চন্‌।— (জয়নাথলৈ চাই) Peshkar, do you know why this man is doing so?
জয়নাথ।— sir, it is quite natural with the Assamese people to envy one another.
বিড্‌চন্‌।— (হাঁহি হাঁহি) Oh! it is your nature!(গঙ্গাৰামলৈ চাই) থুমি এই চম্পক চুৰি কৰিছে ভালকৈ ঝানিছে?
গঙ্গা।— হয় হজুৰ, এওঁৰ ওপৰত মোৰ চোভা হৈছে।
বিড্‌চন্‌।— (জয়নাথলৈ চাই) Peshkar, what is meant by “Sova”?
জয়নাথ।— Sir, he has suspicion on him.
বিড্‌চন্‌।— Oh yes, now I have come to understand.
জয়নাথ।— (গঙ্গাৰামক কয়) আপোনালোক দুয়ো একে ঘৰতে থাকেনে কি?
গঙ্গা।— হয় ডাঙ্গৰীয়া, দুয়ো একে ঘৰতে থাকোঁ।
জয়নাথ।— আপোনাৰ বৌৱেকৰ নো মাল নিবলৈ পালে কেনেকৈ?
গঙ্গা।— বৌ আগেয়ে মাজু ককাইদেউৰ লগত বাগিচাত আছিল, এতিয়া ঘৰতে আহি আছেহি; তাতে এওঁ এনেকুৱা কাম কৰিলে।
বিড্‌চন্‌।— থোমাব হাক্ষী আছে?
গঙ্গা।— হয় হুজুৰ আছে।
বিড্‌চন্‌।— (জয়নাথলৈ চাই) Now, file this petition and issue summons to Champak stating therein that he must appear in my Court on the Toth instant. (গঙ্গাৰামলৈ চাই) আচ্ছা, থুমি যাব ফাৰে এথিয়া, মোকৰ্দ্দমা দচ্ থাৰিখে হব। থুমি দচ্ বজাত হাক্ষী লৈ আহিবা।
গঙ্গা।— ভাল, হজুৰ ধৰ্ম্মৰাজ!

(চাহাব আৰু পেস্কাৰক দীঘল চেলাম কৰি
গঙ্গাৰামৰ প্ৰস্থান।)

বিড্‌চন্‌।— Now, I am going to my ‘Bunglow’. Issue summons to Champak to-day.

(চাহাবৰ প্ৰস্থান।)

জয়।— হেৰ পুনাই অ’!

(পুনাইৰ প্ৰবেশ।)

পুনাই।— দেউতা!
জয়।— (চমন দি) এই চমনখন লৈ যা; লাদৈগড়ৰ চম্পকধৰ বৰুৱাক দি আহ।
পুনাই।— ভাল দেউতা, যাওঁ এতিয়া।
জয়।— বাৰু যা।

(পুনাইৰ প্ৰস্থান।)

জয়নাথ।— (অকলে অকলে ) এইখনে নেৰে আৰু! পেস্কাৰ্‌ হৈ নো আৰু কিমান ‘পেচ’ কৰিবা! কেতিয়াবা কামত লাগি থাকোঁতেই গধূলি হৈ যায় আৰু কেতিয়াবা ঘৰলৈকো এবোজা মোকৰ্দ্দমাৰ ‘ফাইল’ নিব লাগেহে! বজাৰ-খৰচটো তেও বাহিবৰপৰা ওলাই থাকিলেও যহ-তহ; তালৈকো আজি হাতত আধলি এটিও নপৰিল। আজি কাৰ জানো মুখ চাই ওলাই আহিলোঁ!

দ্বিতীয় দৃশ্য।

চম্পকৰ চৰা-ঘৰ।

(চম্পক, প্ৰভাৱতী, পুনাবাম আৰু মোলোকা।)

চম্পক।— তোমালোকৰ কথা মতে চলাৰপৰা মোৰ এয়ে লাভ হৈছে। এতিয়া মইনো বাৰু অফিচলৈ কোনটো লাজেৰে যাওঁ? কালি গঙ্গাৰামে হেনো মোৰ ওপৰত চোভা কৰি মোকৰ্দ্দমা কৰিছেগৈ; কব পাৰানে?
প্ৰভাৱতী।— মোকৰ্দ্দমা কৰিছেনে কি?’
চম্পক।— ‘মোকৰ্দ্দমা কৰিছেনে কি’ বুলি মোক সুধিছাহে? এতিয়া মোৰ বা আকৌ কি দশা হয় তাঁক নোসোধা কেলেই?
পুনাৰাম।— দেউতা, কোনো চিন্তা নকবিৰ। মই এটা সজ উপায় দিওঁ, শুনক।
চম্পক।— কি উপায়, বোপাই, কচোন।
পুনা।— আমি যিখিনি মাল আনি থৈছোঁ তাৰেই আধাখিনি পুলি-চক দিলে লেঠা মৰিব। দেউতা, খাবলৈ পালেনো কাক কোনে বেয়া কৰে? আটাইবোৰ খোৱাৰহে যম।
প্ৰভা।— যদি মাল দিওঁতেই পুলিচে চুৰি মাল বুলি ধৰি নিয়ে তেতিয়া কি উপায় হব?
পুনা।— থোৱাঁহে! পুলিচে আৰু ভেটী খাবলৈ পালে ধৰিহে নিয়ে? কেইটামান ধৰি নিয়া দেখিছা?
চম্পক।— হওঁতে ধৰি নিয়া নাই। আমাৰ আকৌ তেনে কপাল হলেহে হৈছে!
প্ৰভা।— সেইটো কৰিবলৈ হলে মই সাহ কৰি কব নোৱাৰোঁ। নেদেখিছে, গৰাকীয়ে চোৰ বিচাৰিও নেপায়; আমাক আকৌ চোভাৰ ওপৰতহে ধৰাব খোজে। আমাৰ কপাল এনেহে হৈছে!
পুনাই।— ( দুৱাৰ-মুখৰপৰা) দেউতা আছেনে?
চম্পক।— কোন? কোন আহিছা ইয়ালৈকে সোমাই আহাঁ। (প্ৰভাৱতীক) কোনোবা আহিছে; তুমি ভিতৰলৈ যোৱাঁ।

(প্ৰভাৱতীৰ প্ৰস্থান।)

(পুনাইৰ প্ৰবেশ।)

চম্পক।— অ’ টেকেলা ’কাই! বহাঁ, খবৰ কি পাচে?
পুনাই।— বহিবৰ সময় নাই। খবৰ আৰু কি।—আপোনাৰ

নামে এইখন চুৰি মোকৰ্দ্দমাৰ চমন আহিছে (চমন দিয়ে)।

চম্পক।— (চমন পঢ়ি চাই) চৰ্কাৰৰ ঘৰৰ হুকুম যেতিয়া জৰুৰ পালিবই লাগিব।
পুনাই।— (জেপৰপৰা দোৱাত-কলমে সৈতে কাগজ এখন উলিয়াই দি) দেউতা, ইয়াতে চহি এটা কৰি দিয়কচোন।
চম্পক।— আজিকালি চহি কৰি দিব লাগেনে কি?
পুনাই।— হৈছে দেউতা! এইখন লেঠাৰ কথা নকব আৰু!
চম্পক।— (চহি কৰি দি) হৈছেনে?
পুনাই।— হৈছে, দিয়ক। ভাল তেন্তে দেউতা, এতিয়া বিদায়হে।
চম্পক।— বাৰু যোৱাঁ।

(পুনাইৰ প্ৰস্থান।)

পুনাই।— দেউতা, তাতনো কি লিখিছে?
চম্পক।— (পুনাৰামক চমন দি) কিনো কম, হোঁ, পঢ়ি চা।

(প্ৰভাৱতীৰ প্ৰবেশ।)

প্ৰভা।— সেইজননো কোন আহিছিল?
চম্পক।— এতিয়ানো আৰু আমাৰ ওচৰলৈ কোন আহিব? আমাৰ দূত মহাশয়।
প্ৰভা।— আমাৰ দূত! টেকেলানে কি?
চম্পক।— এৰা বোলোঁ ‘কওঁতেই কলা, যতৰতে শলা’।
প্ৰভা।— পিচে খবৰ কি দিলে-?
চম্পক।— খবৰ কি আৰু!—দহ তাৰিখে কাছাৰীলৈ যাব লাগিব।
পুনা।— (পঢ়ি এতাই) এতিয়ানো পাচে সাক্ষী কাক দিয়া হয়?
চম্পক।— গোলোককে—মনবৰকে দিলে কেনে হয়?
প্ৰভা।— কিজানি সিহঁতে কিবাকিবিখন বলকে!
চম্পক।— সেইটো কেনেকৈ কবা? বুঢ়াকালত যদি ফাটেক খাব লগা আছে খাম। তাক কেনেকৈ খণ্ডাবা!
প্ৰভা।— দহ তাৰিখনো কাহানিকৈ হল?
পুনা।— পৰশুলৈ।
চম্পক।— উকীল এজনো ধৰিব লাগিব নহয় হবলা!
পুনা।— চন্দ্ৰকান্ত উকীলকে ধৰিব লাগে। ফৌজদাৰী মোকৰ্দ্দমাত তেওঁ বৰ চোকা।
চম্পক।— এৰা, তেওঁকেহে ধৰিব লাগে।
প্ৰভা।— কাইলৈ বোপাটিয়ে সকলো ঠিক কৰিবিগৈ।
চম্পক।— হয় তয়ে যাবি। আগ-পাচ নেভাবি কাম কৰাৰ এয়ে শাস্তি।
পুনা।— ভাল, ময়ে যাম বাৰু।
চম্পক।— তেওঁবিলাকক কবি—যি হয় অলপ-অচৰপ দিমেই; গোচৰৰ শেষ ফল যেন ভাল হয়।
প্ৰভা।— বলক যাওঁ, সোনকালে এইবিলাকৰ সুবিধা কৰকগৈ!

(তিনিওৰো প্ৰস্থান।)

মোলোকা।– (অকলে অকলে) এতিয়াহে বাপেকে মজাটি পাইছে! মই মাছে নোজোৰে বুলি কলেও ডাবিহে দিয়ে। এতিয়া ডাবি দি দি কওকচোন বাৰু চাওঁ। ‘যেন কুকুৰ, তেন টাঙ্গোন’; জোৰাই জোখাই পৰিছে। এতিয়া মজাটো ভালকৈয়ে পাব। আমাৰ ওপৰতহে বৰ মতাটো ওলাব পাৰে। আমি যেন তেওঁৰ মানত মানুহেই নহওঁ। যদিহে তেওঁৰ কিবা এটা হবলৈ পায়, তেতিয়াহে সোৱঁৰাম বাপেকে। ‘যি কৰে পৰত, তাৰ মিলে ঘৰত।’ ঠিক হৈছে।বেলি হলে আকৌ কুকুৰৰ দৰে কেং কেঁং কৰিব, এতিয়া যাওঁহে।

( প্ৰস্থান। )


তৃতীয় দৃশ্য।

কানীয়াৰ বহা।

(দুটা কানীয়া কানি-সঁজুলি আগত লৈ কানি খাই খাই
বহি থাকে।)

১ম কানীয়া।— (২য় কানীয়ালৈ চাই) কিহে, তুমি কালি আহিম বুলি কিয় নাহিলা?
২য় কানীয়া।— এৰা বোপাই, কথা ৰাখি থাকিব পৰা হলে এনে দশা নহয়েই।
১ম কাঃ।— এঃ, আহিবও নোৱাৰিলা, মোকো কৈ নগলা, মিছাতে দুটা টিকিবা নষ্ট কৰালা!
২য় কাঃ।— কালি যি কৰিলোঁ নকৰিলোঁ ক্ষমা কৰ। এতিয়া টিকিৰা কেইটামান পুৰিব পাৰিলেই মনটো বাৰু লাগিব। নহয়নে বাৰু?
১ম কাঃ।— ওঁ, কেলেই নহয়, ঠিক কথা। হোৱাঁ ধৰাঁ (কানি-টিকিৰা দিয়ে)।
২য় কাঃ।— (হোকা লৈ জুই লগাই হোঁপে আৰু কাহে) ৰ বোপাই, মোৰ লৰাটিৰ মাকে কল দুটামান দি পঠিয়াইছে, উলিয়াই লওঁ। (মোনাৰপৰা কল উলিয়াই এটা নিজে খায় আৰু এটা ১ম কানীয়াক দিয়ে।)
১ম কাঃ।– বৰ বঢ়িয়া কথা দেওহে; আজি শুদা মুখেৰেহে
থাকিব লাগিলহেঁতেন; আজি মোৰ গুৰ-কুঁহিয়াৰ একো নাছিল। কালি ৰাতি কল-কুঁহিয়াৰ বিচাৰি যাব নোৱাৰিলোঁ।
২য় কাঃ।— এপিনে নহয় এপিনে হৰিয়ে জোৰা মাৰে। মোৰ পৰ্ভুৰ লীলা!
১ম কাঃ।– হয়তো, আমি অধৰ্ম্ম কৰিলেহে মৰণ।
২য় কাঃ।— এৰাতো, আমি কাকো অন্যায়-অধৰম কৰা নাই দেখিহে সময়ে অসময়ে যিহকে বিচাৰোঁ তাকে পাওঁ।
১ম কাঃ।– হয় দেখা, আমি এই দৰবপালি খাই নথকা হলে অধৰ্ম্মতে মজিব লাগিলহেঁতেন।
২য় কাঃ।— হয় বোপাই, ময়ো তাকেহে কওঁ। এইটি আমাৰ বৰ ‘ধৰ্ম্মিষ্ট’ বস্তু।
১ম কাঃ।– এৰাতো, ইয়াৰপৰা আমাৰ একো চিন্তা নাই, সদায় জুহালৰ কাষতে বহি থাকিবলৈ পাইছোঁ। অইন কি, ৰজায়ো জুহালৰ গুৰিৰ সুখ ভুগিবলৈ পোৱা নাই কিজানি।
২য় কাঃ।— এৰা, পায়নো কেনেকৈ? সদায় ৰাজ্যৰ চিন্তা কৰি থাকোঁতেই যায়। তদুপৰি কেনেকৈ কাৰ খাজনা বঢ়াব, কাৰ টেক্সি লগাব এইবোৰ চিন্তা আছেই।
১ম কাঃ।– হয় দেখা, ধৰ্ম্মত থাকিলেহে মানুহ সদায় জয়ত থাকিব পাৰে।
২য় কাঃ।— এৰা, নহয় কিয়? মোক আকৌ সিজনীয়ে সদায় খাওঁতে বওঁতে ‘এইবোৰ নো কেলেই খোৱা’ বুলি কেউকেটাইহে থাকে। এইয়া খোৱাৰপৰা যে ম‍ই
কিমান ধৰ্ম্মত আছোঁ তাই সেইবোৰ নেভাবে; কেৱল খেচখেচাবলৈহে চায়।
১ম কাঃ।– হয়তো, এই দৰবপালিয়ে যে আমাক কিমান ধৰ্ম্মত ৰাখিছে! ইয়াকে নোখোৱা হলে কতক অ্যায় কৰি, ডকা দি ফুৰিব লাগিলহেঁতেন তাৰ কি ঠিকনা আছে!
২য় কাঃ।— এবা, মই কওঁ বুলিছিলোঁ, তই কৈয়েই পেলালি। এয়ে নহয় জানো?
১ম কাঃ।– কিয় নহয় দেও?
২য় কাঃ।— আৰু আমাক ঘিণ কৰা মানুহব দশা কেনে হয় চম্পকহঁতলৈ চালেই তাৰ গম পাব নহয়। সিহঁতে আমাক ‘কানীয়া লুতুৰা’ বুলি ইতিকিং কৰে; এতিয়া বাপেকে তাৰ মজাটি পাইছে নহয়!
১ম কাঃ।– হয় ককাই, ঠিক কথা কৈছা। আমাক পেংলাই কৰাৰ ফলত এতিয়া চম্পকে ‘বগা ঘৰ’ দেখেহে লাগে। তদুপৰি ভাল মানুহৰ তিৰোতা হৈ তাৰ ঘৈণীয়েকো কাছাৰী-ঘৰত উঠিব লাগিব কিজানি। উস্‌ মোৰ পৰ্ভুৰ লীলা!
২য় কাঃ।— এইবোৰ কথাকেনো আৰু কিমান চোবাই থাকিবি!
১ম কাঃ।– কিনো কৰিব লাগে? টিকিৰা এটি পুৰিবলৈ পালে মনটোত হৰিষ লাগিব হবলা? বাৰু, একো কথা নাই। হোৱাঁ, ধৰাঁ। (টিকিৰা দিয়ে।)
২য় কাঃ।— বেচ কথা!

(টিকিৰা পুৰি দুয়ো খাই খাই গান গায়।)

গান।

কানি-দেৱতাৰ কথা কোনে কই এতাব?
ব্ৰহ্মায়ো পাঁচ মুখে নোৱাবে কই ঢুকাব।
কানি জপ, কানি তপ,
কানি প্ৰাণ, কানি ধ্যান,
কানিয়ে কলিত মাথোঁ মুকুতি দিয়াৰ।
কানিক কৰিলে ঘিণ
হাততেই পায় চিন—
কানিৰ কোপত পৰি আয়ুস ঢুকাব॥<
(প্ৰস্থান।)


চতুৰ্থ দৃশ্য।

গোলোকৰ চৰা।

(গোলোকে চিঠি লিখি থাকে; পুনাৰামৰ প্ৰবেশ।)

পুনাৰাম।— ডাঙ্গৰীয়, কি কৰিছেনো?
গোলোক।– অ’ বোপাটি! বহাঁ, বহাঁ।
পুনা।– (ঢাৰি পৰা থাকে, পাতে বহি ) কালৈনো চিঠি লিখিছে?
গোলোক।— এ, ছোৱালীজনীৰ আজি বহুত দিন একো খবৰ খাবাৰ পোৱা নাই। তাইলৈকেহে লিখিছোঁ।—পিচে, অহাৰনো সকাম কি?
পুনা।– আপুনি জানেই নহয় অহাৰ সকাম কি; আৰুনো কি কম! আজি তাৰ ফৌজদাৰী মোকৰ্দ্দমাৰ চমন এখন
পাইছোঁহঁক, আপোনাক তাকে জনাবলৈ আহিলোঁ। দহ তাৰিখে দহ বজাত কাছাৰী-ঘৰত হাজিৰ হবগৈ লাগে। দেউতাই কৈ পঠিয়াইছে বোলে যি হয় অলপ অচৰপ লবই, মোক যেন তেওঁ বিপদত নেৰে।
গোলোক।– সকলো মই শুনা কথাহে; মই তো নিজে দেখা নাই। মোক নিদি যদি আন এজনক দিব পাৰা তেনেহলে বৰ ভাল পাওঁ।
পুনা।– যি শুনিছে তাকে কবগৈ। শুনিছোঁ নুবুলি দেখিছোঁ বুলি কলে আৰু ভাল হব। আপোনাক নিদি আন এজনক দিবলৈ আপোনাৰ নিচিনা আত্মীয় আৰু বিশ্বাসী মানুহ আন কোনো নাই; যদি আপুনিয়েই গা এৰা দিয়ে, পৰলৈনো থাকিল কি?
গোলোক।– মই নকলে নহয় যদি কমগৈ বাৰু, একো কথা নাই। পিচে, অকল মোকে দিছানে আৰু কাৰোবাক দিছা?
পুনা।– অকল আপোনাকে নহয়, মনবৰকো দিছোঁ।
গোলোক।– তাক খবৰটো কোৱা হলনে?
পুনা।– তেওঁক কবলৈ লগকে পোৱা নাই। এতিয়া তেওঁৰ ঘৰলৈ যামহে।
গোলোক।– এতিয়া সি আমাৰ ঘৰতে আছিল; পিচে গলনে আছে সেইটোহে কব নোৱাৰোঁ।
পুনা।– ভিতৰ পোনে থাকিব পায়। মাতকচোন বাৰু। ইয়াতে পাওঁ যদি ভালেই হয়; দুয়ো সাজি-পাৰি একে কথাকে কব পাৰিব।
গোলোক।– (মনবৰক মাতে) মনবৰ, অ মনবৰ!

(মনবৰৰ প্ৰবেশ।)

মনবৰ।– কি অ’? (পুনাৰামলৈ চাই) অ’ তুমি আহিলা কেতিয়া?
পুনা।– মই অহা আধা ঘণ্টামান হৈছে। আপোনাৰ ঘৰলৈকো এতিয়া যাবহে খুজিছিলোঁ, পিচে এখেতে কলে বোলে ইয়াতে আছে।
মন।— মোৰনো ইমান দৰকাৰ হলনে?
গোলোক।— এওঁৰ দেউতাকৰ ওপৰত চোভা কৰি যে সেই মাল চুৰি মোকৰ্দ্দমাখন কৰিছে, তাৰে আজি ফৌজদাৰীৰ চমন আহিছে। তালৈকে এওঁক দেউতাকে আমাৰ ওচৰলৈ পঠিয়াই দিছে আৰু কৈছে বোলে আমি সাক্ষী হবগৈ লাগে; যি হয় অলপ দিবই।
মন।– মোকৰ্দ্দমাৰ দিন কাহানিকৈ?
তুনা।– দহ তাৰিখে হৈছে।
মন।– (গোলোকলৈ চাই) পিচে তই কি কৱ—সাক্ষী কবিনে—নকৱ?
গোলোক।— নকলে জানো তেওঁ ভাল পাব? পিচে, তই কি কৰ?
মন।— কি কৰিবি,,এই বিপদত তো আৰু এৰিব নোৱাৰি। (পুনাৰামলৈ চাই) দেউতাৰক কৰা—আমি তেওঁৰপৰা টকা লৈ এই মহা সঙ্কটত সহায় কৰিবলৈ নেযাওঁ; এনেয়ে যি পাৰোঁ কৰিম। পিচে, কবা যে মোকৰ্দ্দমাৰ ফল ভাল হলে আমাক খাহি মাৰি ভোজ এটাহে খুৱাব লাগিব।
পুনা।— (হাঁহি) তেতিয়া এটা নেলাগে দুটাও খাব, সেইটো আৰু কব লাগিছেনে?
গোলোক।– বোপাটি, তামোল-ছালি কিবা খোৱানে?
পুনা।— কিবা মন-গা ভাল লগা নাই, নেখাওঁ।
মন।— বোপা, বেজাৰ নকৰিবা, আমি থাকোঁতে মোকৰ্দ্দমা একোৱেই নহয়। আজিকালি আইনৰ জোৰত মিছাকো সঁচা, সঁচাকো মিছা কৰিব পাৰি।
গোলোক।– উকীল ধৰিলা কাক?
পুনা।— কাকো ধৰা নাই, এতিয়া চন্দ্ৰকান্ত উকীলৰ তালৈ যাওঁহে বুলিছোঁ।
মন।— বেলি নকৰিবা তেন্তে, যোৱাঁ।
পুনা।— ভাল তেন্তে, এতিয়া ম‍ই যাওঁহে। আপোনালোক দুয়ো দহ তাৰিখে সোনকালে পোৱাকৈ কাছাৰীলৈকে যাব; আমাকো তাতে লগ পাব।
গোলোক।– বাৰু তেন্তে যোৱাঁ।

(পুনাৰামৰ প্ৰস্থান।)

মনবব।– গোলোক, আমাৰ ঘৰলৈকে যাওঁ বল।

(দুইৰো প্ৰস্থান।)


পঞ্চম দৃশ্য।

চন্দ্ৰকান্ত উকীলৰ চৰা।

(চন্দ্ৰকান্তই চকী এখনত বহি বাতৰি কাকত পঢ়ি থাকে। পুনাৰামৰ প্ৰবেশ।)

পুনাৰাম।— ডাঙ্গৰীয়া, কাগজ পঢ়িছেনে?
চন্দ্ৰকান্ত।— (পুনাৰামলৈ চাই) কি হে, কৰপৰা ওলালাহি? (ওচৰত থকা টুল এখনলৈ আঙ্গুলিয়াই ) সেই তাতে বহাঁ।
পুনাৰাম।— (টুলত বহি) ঘৰৰপৰা আপোনাৰ ওচৰলৈকেহে আহিছোঁ।
চন্দ্ৰ।— কিয়, মোব লগত কিৱা দৰকাৰ আছেনে কি?
পুনা।— কি বুলিনো সুধিছে কিয়? আপুনি জানেই দেখোন, তাৰে কালি ফৌজদাৰী চমন আহিছে; সেই কাৰণে দেউতাই মোক আপোনাৰ ওচৰলৈ পঠিয়াই দিছে আৰু কৈছে বোলে যি হয় লবই, মই পিচত দিম। আপুনি দহ তাৰিখে আমাক কাছাৰী-ঘৰতে লগ পাব। পিচে মোকৰ্দ্দমাৰ ভাল ফলৰ আশা আপোনাৰ ওপৰতহে, আমি মাত্ৰ হাজিৰ হোৱাহে।
চন্দ্ৰ।— মই কালি দৰ্খাস্ত দিওঁতেই কাছাৰীতে সকলো শুনিলোঁ। পিচে, দেউতাৰক কবা মই হলে ফিজস্বৰূপে কুৰি টকা লম।
পুনা।– ভাল, যি হয় লবই; আমি জানো নিদিওঁ বুলিছোঁ?
চন্দ্ৰ।– নহয়, বতৰ কথা বতৰতে কৈ পেলোৱা ভাল; সেইহে কলোঁ, বেয়া নেপাবা।
পুনা।– এঃ, কিহৰ বেয়া পাম? টকাৰ কাৰণে একো ভয় নকৰিব।
চন্দ্ৰ।– ভয় কৰা হলে এতিয়াই ললোঁহেঁতেন।
পুনা।– তেন্তে এতিয়া যাওঁহে।
চন্দ্ৰ।– বাৰু, যোৱা।

(পুনাৰামৰ প্ৰস্থান।)

চন্দ্ৰ।– (জেপৰপৰা নোটবুক উলিয়াই নোট কৰে।)

ষষ্ঠ দৃশ্য।

চম্পকৰ কোঠা।

( চম্পক আৰু প্ৰভাৱতী। )

চম্পক।— বোপাটি দেখোন ইমান পৰলৈকে নাহিল!
প্ৰভাৱতী।– পাবহি এতিয়া। যাবৰনো কিমান পৰ হৈছে!

(পুনাৰামৰ প্ৰৱেশ।)

চম্পক।— (পুনাৰামলৈ চাই) সকলো ঠিক কৰিলিনে? তেওবিলাক মান্তি হলনে?
পুনা।– তেওঁবিলাক মান্তি হল, কেৱল গোলোকেহে অলপ চুচুক্‌-চামাক্‌ কৰিছিল; বৰকৈ টানি ধৰাত তেৱোঁ মান্তি হল।
চম্পক।— এতিয়া টানত পৰিলে কোনে উলটি চায়? ভালতহে তই-হে-তই, মই-হে-মই।
প্ৰভা।– সেইটো তো আজিকালিৰ ধৰণেই হৈছে। সম্পদৰ কালত বন্ধু বিচাৰি-বই নেলাগে, এনেয়ে ঢেৰ-নেঢেৰ।
চম্পক।— পিচে, পইচা-কড়ি কিবা খুজিছিলনে?
পুনা।– গোলোক আৰু মনবৰে পইচা খোজা নাই, মোকৰ্দ্দমা ভাল হলে ভালকৈ খাহি মাৰি ভোজ এটাহে খুৱাবলৈ কৈছে।
চম্পক।— সিহঁত দুয়ো হওঁতে মোৰ কথাত পাচ হোঁহঁকা, মানুহ নহয়। পিচে, উকীলে কলে কি?
পুনা।– তেওঁ কলে, “দেউতাৰৰ আগত কবা, মোক কুৰি টকা ৰূপ দিব লাগিব।” মই কৈ আহিছোঁ বোলোঁ টকাৰ কাৰণে ভয় নকৰিব।
চম্পক।— পিচে,তেওঁ আৰু কিবা কলেনে?
পুনা।– তেওঁ আৰু কি কব, কলে যে ভয় কৰা হলে পিচত নলৈ এতিয়াই ললোঁহেঁতেন।
প্ৰভা।– এধা, তেওঁবিলাক উকীল মানুহ, সেইদৰে নললেনো কৰ পৰা পায়!—কিবা চৰ্কাৰৰ ঘৰৰ দৰমহা পায়নে দেখা?
চম্পক।— (হুমুনিয়াহ কাঢ়ি) বোপাই, তহঁতৰ বুধি মতে চলি এতিয়া কাছাৰী-ঘৰ উঠিব লগা হল!
পুনা।– (কন্দনামুৱা হৈ) দেউতা, বেজাৰ নকৰিব। পূৰ্ব্বজন্মত এনে নাম পাবলৈ সাধি আহিছিল। বিধিৰ বিধান কোনেও খণ্ডাব নোৱাৰে।
প্ৰভা।– (কান্দি বিয়াকুল হৈ) ভাল খালি ঐ বোপাটি! বুদ্ধি
দি ইয়াকে কৰালি!! (চম্পকক সাবট মাৰি ধৰি) নাথ, আজিৰপৰা আপোনাক দেখিবলৈ পাওঁনে নেপাওঁ তাৰ ঠিক নাই। (মূৰ্চ্ছা।)
চম্পক।— (হাতত ধৰি) প্ৰাণেশ্বৰি, উঠাঁ; বেজাৰ কৰি অনাহকত শৰীৰত কষ্ট নিদিবা। কপালত যি হব লগা আছে হব; তাক কোনেও গুচাব নোৱাৰে! (প্ৰভাৱতীক তোলে।)
পুনা।– বৌ, কিয় মিছাতে বেজাৰ কবিছা? আমাৰ নো কি হব পাৰে? এতিয়া কেৱল কেনেকৈ সাৰিব পাৰি তাৰ চেষ্টা কৰাঁ। এনে কাম কৰিলোঁ যেতিয়া নিজেই নিজক চিনাকি দি উপস্থিত বুদ্ধি হেৰুৱাই পেপুৱা লগা

ঠিক নহয়। বিপদত ধৈৰ্য্য ধৰাহে জ্ঞানীৰ কাম।

চম্পক।— বোপাটি, যদিও মোৰ কিবা হয় বুঢ়াকালত বৌৱেৰক কেতিয়াও কষ্ট নিদিবি; আজিৰপৰা মই বৌৱেৰক তোৰ হাতত গতালোঁ।
পুনা।– (জোৰেৰে) দেউতা, কিয় এনে কথা কয়?আপুনিও দেখোন কিবা মাইকী মানুহৰ নিচিনা কথাহে কবলৈ ধৰিছে!
প্ৰভা।– (শোকেৰে) এতিয়া আমি, ভিতৰলৈকে যাওঁ বলক। কাইলৈ কাছাৰী-ঘৰলৈকো যাব লাগিব নহয়?
পুনা।– হয় বৌ, গলাঁ।

(প্ৰভাৱতী আৰু পুনাৰামৰ প্ৰস্থান। )

চম্পক।— (অকলে অকলে) বুঢ়াকালত এতিয়া মোৰ অৱস্থা কি হয় তাক ঈশ্বৰেহে জানে। ভাবিছিলোঁ, মোৰ জীৱনৰ
আৰু দুটা দিন আছে, ইয়াকে সুখেৰে নিয়াব পাৰিলেই মঙ্গল। পিচে, ইয়াকে কৰি সংসাৰত নাম বাথি যাব নোৱাৰিম যেনহে দেখিছোঁ। মইনো কাইলৈ কোনটো লাজেৰে কাছাৰীলৈ যাম? হায়, ম‍ই এতে দিনে এই নাম লৈ মৰিবলৈকে বাট চাই আছিলোঁ! যাওঁ, আৰু ভবাৰ সকাম নাই। ভাবিলে শোকহে লাগে। তথাপি মই যদি চম্পক হওঁ বিমুখ নহওঁ।

(প্ৰস্থান।)


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )