প্ৰাৰ্থনা, তাত্‍পৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
নামঘোষা
লেখক শ্ৰীমন্ত মাধৱদেৱ
নামঘোষা
  1. ভজন, নমস্কাৰ, উপদেশ
  2. নিন্দা
  3. প্ৰাৰ্থনা আৰু অনুনাথনা
  4. মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ
  5. প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ
  6. নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন
  7. নমস্কাৰ, উপদেশ, খেদ
  8. নিন্দা, প্ৰাৰ্থনা
  9. নাম-মহিমা, নাম, প্ৰশংসা
  10. বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়
  11. ঈশ্বৰ নিৰ্ণয়, শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমাযুক্ত উপদেশ, আত্ম-উপদেশ
  12. নিন্দা, প্ৰাৰ্থনা, নিৱেদন, প্ৰশংসা, কলি-ধৰ্ম্ম, নাম, তাত্‍পৰ্য্য, বিৰকতি
  13. তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি
  14. নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি
  15. প্ৰাৰ্থনা, তাত্‍পৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়
  16. খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ
  17. শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমা, আত্ম-উপদেশ, নিন্দা, আত্ম-নিন্দা
  18. খেদ, মহিমা, কাৰুণ্য
  19. তাত্‍পৰ্য্য, কাকূতি, প্ৰাৰ্থনা, প্ৰাৰ্থনা-নিবেদন
  20. ঘোষা, খেদ

প্ৰাৰ্থনা, তাত্পদৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়

প্ৰাৰ্থনা

ব্ৰহ্মা আদি কৰি যত জীৱ         ৰাম ৰাম ৰাম ৰাম ৰাম

মায়া-শয্যা মাজে আছয় ঘুমটি যাই |

তুমিসে চৈতন্য সনাতন         ৰাম ৰাম ৰাম ৰাম ৰাম

আমি অচেতন নিয়োক নাথ জগাই ||৬৫৯

ক্ষুদ্ৰ সুখে বহু আশা কৰি         ভৱ-কূপে জীৱ আছে পৰি

কাল-সৰ্পে দংশি হাৰইল চেতন তাৰ |

মোক্ষ-ৰূপ তযু বাক্যামৃত         কৃপায়ে সিঞ্চিয়া প্ৰতি নিত

দায়াময় কৃষ্ণ কৰিয়ো তাক উদ্ধাৰ ||৬৬০

সৰোবৰে গ্ৰাহে ধৰি আছে         গজেন্দ্ৰে পীড়াক পায়া পাছে

আকাশে গৰুড়-কন্ধে চক্ৰ ধৰি হৰি |

দেখি সুবৰ্ণৰ পদ্ম ধৰি         বোলে দুখ আৰ্ত্তনাদ কৰি

নমো ভগৱন্ত গুৰু লৈয়ো দাস কৰি ||৬৬১

মধু-ৰিপু ৰাম ৰঘুপতি         তুমি ভকতৰ নিজ গতি

তোমাৰ চৰণে শৰণ কৰিলো সাৰ |

নমো দেৱ দীন-দুখ-হাৰী         দায়াশীল দামোদৰ প্ৰভু

আমি দুখিতক চৰণে কৰা উদ্ধাৰ ||৬৬২

হে কৃষ্ণ তযু পাদ-পদ্ম         পঞ্জৰ ভিতৰে মোৰ মন

ৰাজহংস পশি থাকোক প্ৰভু সৰ্ব্বথা |

প্ৰাণ-প্ৰয়াণৰ সময়ত         কফ বাত পিত্ত আদি যত

কণ্ঠ-নিৰোধনে তোমাৰ স্মৰণ কথা ||৬৬৩

হে কৃষ্ণ পুত্ৰ-পত্নী-সঙ্গ         তেজি তযু পদ চিন্তি নিত

গৰ্ব্ব-শূণ্য সন্তসৱৰ আশ্ৰমে যাইবো |

তাসম্বাৰ মুখ-পদ্মে বাজ         হুইবে তযু কথামৃত-নদী

তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবো ||৬৬৪
তাত্‍পৰ্য্য

চাৰিও বেদৰ চাৰি অক্ষৰ         সাৰ কাঢ়ি আনি ব্ৰহ্মাদেৱে

বেকত কৰিয়া থৈলা নাৰায়ণ-বাণী |

সেহি নাৰায়ণ-নাম-গায়া         শুদ্ধ কৰো আমি চিত্ত-কায়া

হৰি-সন্তোষৰ কাৰণ আন নজানি ||৬৬৫

একেখানি মাত্ৰ শাস্ত্ৰ নিষ্ঠ         দেৱকী-নন্দনে কৈলা যাক

দেৱো একে মাত্ৰ দেৱকী-দেৱীৰ সুত |

দেৱকী-পুত্ৰৰ পদ-সেৱা         কৰ্ম্মো একে এহিমানে মাত্ৰ

মন্ত্ৰো একে তান নাম-মাত্ৰ অদভুত ||৬৬৬

কৃষ্ণ-যশে চিত্ত-ধৌত হুয়া         সমস্তে ক্লেশক তৰি পুনু

কৃষ্ণ-দাসে কৃষ্ণ-চৰণ-মূল নেড়য় |

সকলে সম্পূৰ্ণ নিজ গৃহ         পথিকসকলে পায়া পুনু

দুখ এড়াই যেন সিটো গৃহ নছাড়য় ||৬৬৭

সকলে উপনিষদ ধেনু         দোগ্ধা ভৈলা তানে নন্দ-সুত

তাৰ বত্স ভৈলা কুন্তী-সুত ধনঞ্জয় |

দুগ্ধ ভৈল মহা গীতামৃত         কৃষ্ণৰ চৰণে দিয়া চিত্ত

সুবুদ্ধিসকলে সন্তোষে পান কৰায় ||৬৬৮
বস্তু-প্ৰকাশ

আদি সত্য যুগে শুদ্ধ ধৰ্ম্ম         আছিলেক মাত্ৰ হৰি-নাম

দেৱসৱে গুপ্ত কৰিলে কৰি কপট |

হেন হৰি-নাম ব্যক্ত কৰি         সমস্তে লোকক উদ্ধাৰিলা

শ্ৰীমন্ত শঙ্কৰে ভাঙ্গিলা সৱাৰো পট ||৬৬৯
আশ্ৰয়

নোহো জানা আমি চাৰি জাতি         চাৰি আশ্ৰমী নোহো আতি

নোহো ধৰ্ম্ম-শীল দান-ব্ৰত তীৰ্থ-গামী |

কিন্তু পুৰ্ণানন্দ-সমুদ্ৰৰ         গোপী-ভৰ্ত্তা-পদ-কমলৰ

দাসৰ দাস তাম দাস ভৈলো আমি ||৬৭০
প্ৰশংসা

সেহি ধন্য লোক শুচিমন্ত         সৰ্ব্ব গুণে শ্ৰেষ্ঠ বিদ্যাৱন্ত

যজ্ঞে তপে সিসিজন আতি শুদ্ধমতি |

সিসিজন মহাদাতা জ্ঞানী         সিসি সত্যবাদী মহামানী

পুৰুষোত্তম আছয় যাৰ ভকতি ||৬৭১
মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা

যিদিশত মহাভক্তসৱে         শ্ৰীমন্ত কমললোচনৰ

পৰম সন্তোষে কীৰ্ত্তন যিটো কৰয় |

সিদিশক নমস্কাৰ কৰি         দুৰ্ঘোৰ সংসাৰ সুখে তৰি

আপুনি অচ্যুত-স্বৰূপ সিটো হোৱয় ||৬৭২

ৰমানন্দ-পদ-যুগলৰ         মকৰন্দ-মধু-ব্ৰত-প্ৰায়

ভকতসকলে যিদিশত প্ৰকাশয় |

সিদিশ জানিবা গঙ্গাদেৱী         অনেক প্ৰৱাহ-ৰূপে সেৱি

পৰম নিৰ্ম্মল-স্বৰূপে শোভা কৰয় ||৬৭৩

শ্ৰীমধুদ্বিষ ঈশ্বৰৰ         কীৰ্ত্তন মঙ্গল নিৰন্তৰ

যিটো ভুমি-ভাগে শুদ্ধ-ৰূপে হোৱে জাত |

তাৰ ধুলি যিটো শিৰে ধৰে         নিছয়ে জানিবা সিটো নৰে

কৃষ্ণৰ পৰম বল্লভ হোৱে সাক্ষাত ||৬৭৪

হে দেৱ মহেশ্বৰ হৰি         তযু কথামৃত পান কৰি

বঢ়ায়া ভকতি মনক শুদ্ধ কৰয় |

বৈৰাগ্যেসে সাৰ ভৈলা যাৰ         হেনয় বোধক লভি পুনু

পৰম নিৰ্ম্মল বৈকুণ্ঠ গৈয়া পাৱয় ||৬৭৫
নামৰ অন্বয়

কৃষ্ণ নিগগতি অৰ্জ্জুনত         দেহাদিক আমি অতিক্ৰমি

হৈয়া আছে শুদ্ধ ব্ৰহ্মতো কৰি উত্তম |

এতেকেসে জানা ইটো লোকে         বেদতো প্ৰখ্যাত হুয়া আছে

মোৰ নাম ইটো প্ৰসিদ্ধ পুৰুষোত্তম ||৬৭৬