প্ৰহ্লাদ-চৰিত্ৰ
প্ৰহ্লাদ-চৰিত্ৰ।
কবি হেমসৰস্বতী ৰচিত
আৰু
স্বৰ্গীয় কালিৰাম মেধিৰ দ্বাৰা সম্পাদিত
প্ৰথম সংস্কৰণ—গৌহাটী ১৮৩৫ শঁক
স্বৰ্গীয় কালিৰাম মেধি এম, এ, ৰ দ্বাৰা প্ৰকাশিত; আৰু
শ্ৰীদূতীৰাম মেধিৰ দ্বাৰা শাস্ত্ৰ প্ৰকাশ প্ৰেচ, বড়পেটাত মুদ্ৰিত।
দ্বিতীয় সংস্কৰণ—গুৱাহাটী ১৯০০ শঁক
শ্ৰীৰামভদ্ৰ মেধিৰ দ্বাৰা প্ৰকাশিত।
পাতনি।
⸻
অতীত আন্ধাৰত আসাম আকাশত যিসকল তাৰা ফুটিছিল হেম
সৰস্বতী সেইসকলৰ ভিতৰত পুৱতী ভোটা। এওঁৱেই শঙ্কৰ-সূৰ্য্যৰ আগমন ঘোষণা কৰিছিল। এওঁৰ পাছতে নাৰায়ণদেৱ, দুৰ্গাবৰ, মাধৱকন্দলি আদি গ্ৰহৰ উজ্জ্বল আলো পাৱা হইছিল। কিন্তু তাৰ পাছত শঙ্কৰ সূৰ্য্যৰ আলো হে দিগ-দিগন্ত ব্যাপিছিল।
কবি হেম সৰস্বতীৰ লগত দুৰ্লভ নাৰায়ণ ৰাজাৰ বিশেষ সম্বন্ধ। দুৰ্লভ নাৰায়ণ ৰাজাৰ দেশ আৰু কাল নিৰ্ণীত হলে কবিৰো হব। প্ৰহ্লাদ চৰিত্ৰত কবি এই দৰে আত্ম-পৰিচয় দিছে :-
কমতা মণ্ডল দুৰ্লভ নাৰয়ণ
নৃপবৰ অনুপাম।
তাহান ৰাজ্যত ৰুদ্ৰ সৰস্বতী
দেৱযানী কন্যা নাম॥
তাহান তনয় হেম সৰস্বতী
ধ্ৰুৱৰ অনুজ ভাই।
পদবন্ধে তেহোঁ প্ৰচাৰ কৰিলা
বামন পুৰাণ চাই॥
“অতীতৰ ধুঁৱলি-কুঁৱলি আন্ধাৰত ইতিহাস দেৱ-দেৱীৰ ইতিবৃত্তৰ লগত সান-মিহলি। সেই অতীত-আন্ধাৰত ৰঙ্গপুৰ কামৰূপ ৰাজ্যত ভুক্ত আছিল আৰু কৰতোয়ানদী মৎস্যদেশ আৰু কামৰূপৰ সীমা আছিল।কুৰূক্ষেত্ৰৰ যুদ্ধত ভগদত্ত ৰাজাই দুৰ্য্যোধনৰ পক্ষে যুজি অৰ্জ্জুনৰ হাতত প্ৰাণত্যাগ কৰিছিল৷ আইনি-আকবৰি মতে ভগদত্তৰ পাছত তেওঁৰ বংশৰ ২৩ জন ৰাজাই কামৰূপত ৰাজত্ব কৰিছিল৷ যোগিনীতন্ত্ৰত তাৰ পাছৰ কেইজন মান ৰাজাৰো নাম পাৱা যায়। সেইসকলৰ মাজত জল্পেশ্বৰ এজন। এওঁ জল্লাইগুৰিৰ দুৱাৰত জল্পেশ নামে শিৱ-মণ্ডিৰ স্থাপিত কৰাইছিল। এই কিংবদন্তী এড়ি দিলেও আমি স্থানীয় ইতিবৃত্তৰ পৰা তিন বংশৰ বিবৰণ সঠিক বুলি ধৰিব পাৰোঁ।
“তাৰে প্ৰথম বংশৰ পৃথু নামে ৰাজাৰ স্মৃতি-চিহ্ণ অদ্যাপিও দেখা যায়। তেওঁৰ ৰাজধানীৰ চিন আজিও বডা আৰু বৈকুণ্ঠপুৰত আছে। পৃথু ৰাজাৰ অপঘাত মৃত্যু হৱাৰ কথা জানা যায়। একদল অশুদ্ধ কিচকে তেওঁৰ ৰাজ্য আক্ৰমণ কৰাত তেওঁ সিহঁতৰ স্পৰ্শনত চূৱা যাব ভাবি নিজ প্ৰাসাদৰ নিকটবৰ্ত্তী পুখুৰী এটাত ঝাঁপ মাৰি পৰিল; লগে ২ তেওঁৰ ৰাজধানীও আক্ৰমণকাৰীৰ হাতত ধ্বংস হল। তেওঁৰ প্ৰেতাত্মা এতিয়াও তাত বিদ্যমান থাকা বুলি স্থানীয় মানুহে ভাবে।
“তাৰ পাছত পালবংশী ৰাজাসকলে কামৰূপত ৰাজত্ব কৰে। এই বংশৰ চাৰিজন ৰাজাৰ নাম আমি জানো। তাৰ ভিতৰত ধৰ্ম্মপালেই প্ৰথম। এনে অনুমান হয় যে বঙ্গদেশৰ পাল ৰাজাসকল এওঁৰ ভাগি আছিল। এওঁৰ বংশৰ এক ৰাজাই ১১৭৫ খৃষ্টাব্দত আসামৰ কামৰূপত ৰাজত্ব কৰিছিল। ডিমলাৰ কেই মাইল মান দক্ষিণে ধৰ্ম্মপালৰ ৰাজধানীৰ চিন অদ্যাপিও বৰ্ত্তমান দেখা যায়। ধৰ্ম্মপালৰ ৰাজ্য বহুত বিস্তৃত আছিল। বাকাননে ব্ৰহ্মপুত্ৰৰ পাৰত আলিপুৰৰ পূবে ওৱাৰিত ধৰ্ম্মপালৰ পৰবৰ্ত্তী গোপীচন্দ্ৰ ৰাজাৰ ৰাজধানীৰ ভগ্নাৱশেষ দেখিব পাইছিল। গোপীৰ পুত্ৰ ভবচন্দ্ৰৰ হাউলিৰ ভগ্নাৱশেষ আজিও বাগদুৱাৰৰ উদয়পুৰত পাৱা যায়।
“ধৰ্ম্মপাল ৰাজাৰ মিনাৱতী নামে এক জনা ভাইবোৱাৰী আছিল। তেওঁ বিধবা হৱাত নিজে নিজপুত্ৰ গোপীৰ হই ধৰ্ম্মপালৰ বিপক্ষে যুজি জয়লাভ কৰিছিল। ইয়াৰ পাছত ধৰ্ম্মপাল নিৰুদ্দেশ হল। এইদৰে সিংহাসন শূন্য হৱাত গোপীচন্দ্ৰ ৰাজা হল। কিন্তু তেওঁ ৰাজ্য শাসন কৰিব পাৰা নাছিল। মিনাৱতী নিজ আৰ্জিত ৰাজ্য সহজে এড়ি দিব ইচ্ছা নকৰিছিল। তেঁও নিজ পুত্ৰক এক শ কন্যা বিয়া কৰাই দিছিল। গোপীচন্দ্ৰ শেষত সংসাৰৰ প্ৰতি বীতস্পৃহ হই আৰু এক যোগীৰ পৰা দীক্ষা লই নিৰুদ্দেশ হল। তেওঁৰ পাছত তৎপুত্ৰ ভৱচন্দ্ৰ ৰাজা হল। এওঁৰ আন এটি নাম উদয়চন্দ্ৰ আৰু এই নাম অনুসাৰে উদয়পুৰ নগৰৰ নাম হইছে। এওঁ আৰু এওঁৰ মন্ত্ৰী বৰ আজলা আছিল, আৰু নিজ দুৰ্বুদ্ধিত উভয়ে শূলত মৰিছিল। এওঁৰ পাছত এই বংশৰ শেষ ৰাজা পালে কামৰূপ শাসন কৰিছিল। তাৰ পাছত ৰাজ্য অৰাজক হল। কামৰূপ ৰাজ্য কোচ, মেচ, ভোট, লেপচা আদিজাতিৰ আক্ৰমণ আৰু লুণ্ঠনৰ বিষয় হল।
“তৎপৰবৰ্ত্তী বংশত তিনজন ৰাজা হইছিল;— নীলধ্বজ, চক্ৰধ্বজ, আৰু নীলাম্বৰ। প্ৰথম জন ৰাজাই কমতাপুৰ নগৰ পাতিছিল। এই নগৰৰ ভগ্নাৱশেষ কোচবিহাৰ ৰাজ্যত ধল্লা নদীৰ পূবপাৰে এতিয়াও আছে। এই নগৰ বৰ বিস্তৃত আছিল; বাকাননে ইয়াৰ পৰিধি ১৯ মাইল পাইছিল। ইয়াৰ ৫ মাইল ধল্লাই আৰু বাকীখিনি এটা প্ৰাচীৰ আৰু খালে ৰক্ষা কৰিছিল। এই পুৰাতন নগৰগিলাৰ লক্ষণ একে,— গড়ৰ ভিতৰত গড়, প্ৰাচীৰৰ ভিতৰত প্ৰাচীৰ, সম মাজত ৰাজাৰ হাউলি।
“এই বংশৰ তৃতীয় ৰাজা নীলাম্বৰ বৰ প্ৰতাপী আছিল। তেওঁৰ ৰাজ্যত কামৰূপৰ বেচি ভাগ, গোটাইখান ৰংপুৰ আৰু বঙ্গদেশৰ একাংশ ভুক্ত আছিল। দিল্লী-সম্ৰাটৰ পৰা নিজক স্বাধীন ৰাখিবৰ কাৰণে বঙ্গদেশৰ আফগান ৰাজাসবে যি যুদ্ধ কৰিব লাগাত পৰিছিল সেই যুদ্ধৰ সুযোগে এই ৰাজাই বঙ্গদেশ লব পাৰিছিল। তেওঁ কমতাপূৰৰ পৰা ঘোড়াঘাটক লাগি এটা বৰ সুন্দৰ আলি কৰাইছিল। এই আলিৰ অনেক অংশ আজিও ভাল অৱস্থাতে আছে৷ বহুঠাইত বহুত বিস্তৃত দুৰ্গৰ নাম এতিয়াও নীলাম্বৰ।
“নীলাম্বৰৰ পতন মন্ত্ৰী সচী-পাত্ৰৰ কোপানলৰ ফল। ৰাজাই মন্ত্ৰীপুত্ৰক কিবা দোষৰ নিমিত্তে বধ কৰাই তাৰ মাংস ৰান্ধাই মন্ত্ৰীক খুৱাইছিল। মন্ত্ৰী প্ৰতিশোধ লবৰ মনে গৌড়-দেশক যাই মুচলমানৰ দ্বাৰা ৰংপুৰ আক্ৰমণ কৰালে। কামৰূপত মুচলমানৰ প্ৰবেশ এই প্ৰথম। কমতা নগৰ বহুকালব্যাপী মুচলমানৰ আক্ৰমণতো থিয় থাকিল। সমশেষত মুচলমানৰ চক্ৰান্তত হে এই নগৰৰ পতন হল। মুচলমান সেনাপতি আৰু এইদেশ লব নৰে বুলি জানাই সন্ধি স্থাপনৰ প্ৰস্তাৱ কৰিলে আৰু মুচলমান মহিলাসবক হিন্দু কুঁৱৰী সকলে সহিতে দেখা-সাক্ষাত কৰাবৰ অনুমতি গ্ৰহণ কৰিলে। কিন্তু দোলাৰ ভিতৰত তিৰীৰ বেশে মুচলমান যোদ্ধ৷ যাই ক্ষন্তেকতে নগৰ দখল কৰিলে। নীলাম্বৰ বন্দী আৰু লোৱাৰ পিঞ্জৰাৰ ভিতৰত আবদ্ধ হল। কিন্তু গৌড়ক লাগি নেওঁতে বাটৰ পৰা তেওঁ পলাই গল; তেতিয়াৰে পৰা তেওঁ নিৰুদ্দেশ। বাকাননে কয় কামৰূপৰ মানুহে তেওঁৰ মুক্তিৰ নিমিত্তে আজিও বাট চাই আছে। তেওঁ উলটি আহিলে বোলে ভূটীয়া, অসমীয়া, কোচ আৰু যৱন উক্ত ৰাজ্যৰ পৰা বিতাড়িত হব।
“বহুতে এই মুচলমান বিজেতাক হুচেন-চাহ (১৪৯৭–১৫২১ খৃষ্টাব্দ) বুলি ভাবে। এওঁ অসমৰ বিপক্ষে একবাৰ যুদ্ধযাত্ৰা কৰি মহা শঙ্কটত পৰি ফিৰি আহিছিল।... হুচেনচাহৰ পৰবৰ্ত্তী ৰাজা নাচৰাট চাহৰ দিনত এই নগৰৰ পশ্চিম অংশৰ দখল পূৰ্ণ কৰা হইছিল।
“যিসকল প্ৰতাপী জাতি এই সময়ত কামৰূপত উৎপাত কৰিছিল আৰু আফগান হুচেন চাহক খেদি দিছিল তাৰ ভিতৰত কোচসকলেই প্ৰধান। এওঁলোকে হাজোৰ অধীনত একত্ৰিত হৈ কোচবেহাৰ বংশৰ বিজয় পতাকা উড়াব পাৰিছিল। হাজোৰ দুটী কন্যা আছিল— হীৰা আৰু জীৰা। হীৰা এটা মেচৰ লগত বিয়া বহিছিল : তেওঁৰ পুত্ৰ বিশু। জীৰাৰ পুত্ৰৰ নাম শিশু। বিশু কোচবেহাৰ বংশৰ প্ৰথম ৰাজ৷। শিশুৰ সন্তানসন্ততি জল্পাইগুৰিৰ বৈকুণ্ঠপূৰত ৰাজত্ব কৰিছিল। ১৫০৯ খৃষ্টাব্দকে বহুতে বিশুৰ ৰাজত্বৰ প্ৰথম বচৰ বুলি ধৰে। কিন্তু ১৫৮৩-৯১ খৃষ্টাব্দত ফিট্জৰ আসাম-ভ্ৰমণৰ সময়তো তেঁওৰ পুত্ৰ শুক্লধ্বজ জীবিত আছিল আৰু তাৰ আগৰ খেন বংশৰ পতন অতি আগে হলেও পঞ্চাদশ খৃষ্টীয় শতাব্দীৰ শেষাংশৰ আগে হৱা নাছিল, কিয়নো হুচেন চাহ ১৪৯৭ খৃষ্টাব্দৰ পৰা হে ৰাজত্ব কৰে। এতেকে ১৫০৯ খৃষ্টাব্দ হাজোৰ উত্থানৰ হে সময় হব পায়। এওঁৱেই এই বংশৰ আদি ৰাজা।”
উপৰোক্ত বিবৰণত দুৰ্লভনাৰায়ণৰ নাম নাই; অথচ কবি দুৰ্লভ-নাৰায়ণক কমতাপুৰৰ ৰাজা বুলি লেখিছে। ইয়াৰ পৰা এনে অনুমান হয় যে এওঁ নীলাম্বৰৰ পাছৰ ৰাজা নাছিল। নীলাম্বৰক জিতি হুচেন চাহ আৰু হুচেন চাহক খেদি হাজো ৰাজা হল। এনেস্থলত খেন আৰু কোচ বংশৰ মাজত দুৰ্লভ-নাৰায়ণ ৰাজা হৱা সম্ভৱ নহয়, কিয়নো দুৰ্লভ-নাৰায়ণৰ ৰাজধানী কমতাপুৰেই আছিল। এতেকে এওঁ নীলধ্বজৰ আগে কমতাপুৰৰ ৰাজা আছিল বুলি নিঃসন্দেহে ভাবিব পাৰি। পাল আৰু খেন বংশৰ মাজৰ কাল খিনিতে কামৰূপ অৰাজক হইছিল। এই সময়তে দুৰ্লভ-নাৰায়ণ কমতাৰ ৰাজা হৱা সম্ভৱ। নহলে তেওঁ তাতো কৰি আগৰ ৰাজা হব, পাছৰ নহয়। কিন্তু আগৰ হলেও বেচি আগৰ নহয়; তাক আমি পাছত দেখুৱাম। ইয়াত সম্প্ৰতি এক আখৰ কথা কলেই হব। দ্বাদশ শতাব্দী পৰ্য্যন্ত পাল-ৰাজাসকলে গুৱাহাটীত থাকি ৰাজত্ব কৰিছিল। আসামৰ তামৰ ফলিৰ পৰা ইয়াৰ প্ৰমাণ পোৱা যায়।
গ্লেজিয়ৰৰ ৰিপোৰ্টত দেখা যায় নীলধ্বজ ৰাজাই কমতা নগৰ পাতিছিল। মিঃ ৰবিনচন আৰু বাকাননেও এই কথা কয়। কিন্তু স্বৰ্গীয় ৰায় গুণাভিৰাম বৰুৱা বাহাদুৰে লেখিছে- “১২২০।৩০ শকঁতো কমতাপুৰৰ নগৰ আছিল। সেই কাৰণে এনে অনুমান হয় যে আগৰ কমতাপুৰ নগৰকে বিস্তাৰ কৰি নীলধ্বজে নিৰ্ম্মাণ কৰিলে আৰু বিস্তৃত খণ্ডৰো নাম কমতাপুৰ দিলে। এই ঘটনা ১২৫০-৬০ শকত হোৱা অনুমান হয়।” উক্ত মহোদয়ে দুৰ্লভ-নাৰায়ণক লক্ষ্য কৰি এই কথা লেখিছে।
দুৰ্লভ-নাৰায়ণৰ বিবৰণ ইতিহাসত নাই; কিন্তু গুৰু-চৰিত্ৰ কেইবাখানতো আছে। অৱশ্যে আমাৰ আলোচ্য পুথিৰ কথা ইয়াত কৱা নাই। তাত বাৰভূঞাঁসকলক আসামক আনা বিবৰণত দুৰ্লভ নাৰায়ণৰ নাম উল্লিখিত হৈছে। মিঃ গেইটে বাৰভূঞাঁ আগমনৰ সময় এইদৰে দিছে:—
“One of the legends of the Baro Bhuya mentions Durlabh Narayan as a Raja of Kamata and if it can be relied on, he would seem to have ruled at the end of the thirteenth century over the country between the Bar Nadi and the Karatoya”[২]
চৰিত্ৰ আৰু প্ৰহ্লাদ-চৰিত্ৰৰ কথা বিশ্বাস নকৰিবৰ আমি কোনো কাৰণ দেখা নাপাওঁ। সেই কালতে লিপিবদ্ধ হৱা কথা বিশ্বাস যোগ্য বুলি অনায়াসে ভাবিব পাৰি। ৰায় গুণাভিৰাম বৰুৱা বাহাদুৰৰ
বুৰঞ্জী মতে ভূঞাঁসকলৰ আগমন ইয়াৰ আগে হয়:—
“চণ্ডীবৰ প্ৰমুখ্যে ভূঞাঁসকল এই দেশলৈ অহাৰ সময় ১২২০ শকঁত (খৃষ্টাব্দত? ) অনুমান হয়, অৰ্থাৎ চুকাফা ৰাজা সৌমাৰ দেশলৈ অহাৰ প্ৰায় কিছু বছৰ পূৰ্ব্বে আহে। কিন্তু সেই সময়ৰ ইতিহাস
যেনে অস্পষ্ট তাৰ পৰা প্ৰকৃত সময় পোৱা বৰ কঠিন"।[৩]
চুকাফা ৰাজা ১২২৮ খৃষ্টাব্দত আসাম সোমায়। তাৰ অলপ আগে হলে খৃষ্টীয় দ্বাদশ শতাব্দীৰ শেষ ভাগত ভূঞাঁসকল আসামক আহিছে। উক্ত বৰুৱা বাহাদুৰে দুৰ্লভ-নাৰায়ণৰ বংশ নিৰূপণ কৰিব পাৰা নাই। তেওঁ এই মাত্ৰ লেখিছে— “এই দুৰ্লভ-নাৰায়ণ কোন বংশৰ ৰাজা তাৰ নিৰ্ণয় নাই। কোনোএ কয় পাল বংশৰ, কোনেএ কয় জিতাৰি বংশৰ”। নামটোৰ প্ৰতি চালে তেওঁক জিতাৰি বংশৰ ৰাজা বুলি ধৰিবৰ মন যায় [৪] দুৰ্লভ নাৰায়ণ এই বংশৰ ৰাজা হলে তেওঁ খৃষ্টীয় দশম বা একাদশ শতাব্দীৰ ৰাজা হব আৰু সম্ভৱতঃ হেম স্বৰস্বতী পুৰুষোত্তম গজ-পতিৰ বহু শতাব্দী, আগৰ কবি হব।
আন এক ঠাইত দুৰ্লভ নাৰায়ণৰ কাল এইদৰে নিৰূপিত হৱা পাইছোঁ :-
"The settlement of the Bhuya's in Assam is detailed in the Guru Charitra, in which work it is said that they were introduced by a king named Durlabh Narayan, who appears to have held sway in Goalpara and Kamrup, but whose lineage is still uncertain. This king engaged in war with a Hindu Prince, who called himself Gaureswar or "the ruler of Gaura." Durlabh was victorious and on the conclusion of hostilities, obtained seven families of Brahmans and seven of Kayasthas under twelve acknowledged heads, the chief of whom was a Kayastha. named Chandibar, alias Devidas. These people were settled by Durlabh Narayan in the country between Hajo and the Barnadi, and soon became powerful feudatories. The date assigned to their advent in Assam corresponds to the year 1220 A. D. Their leader Chandibar was the lineal ancestor of the celebrated Assamese religious reformer Sankar Dev."[৫]
বাবু এম্, এন্, ঘোষে লেখিছে-খৃষ্টীয় দ্বাদশ শতাব্দীৰ আদিতে কি তাৰ কিছু বছৰ আগে গৌড়েশ্বৰে (কমতেশ্বৰে ? কনৌজপুৰৰ ধৰ্ম্মেশ্বৰৰ লগত যুজি সন্ধি কৰে। ধৰ্মেশ্বৰে তেতিয়া চণ্ডীবৰ প্ৰমুখ্যে সাত ঘৰ কায়স্থ আৰু সাত ঘৰ ব্ৰাহ্মণ কমতেশ্বৰক দেই।[৬] এই বিবৰণ গুৰু-চৰিত্ৰৰ লগত নিমিলে ; ধৰ্ম্মেশ্বৰ বা ধৰ্ম্ম-নাৰায়ণে ভূঞাঁসকলক ( কমতেশ্বৰক ) দিয়া কথা মাত্ৰ মিলে। গুৰু-চৰিত্ৰ মতে দুৰ্লভ-নাৰায়ণ কমতেশ্বৰ আৰু ধৰ্ম্ম নাৰায়ণ গৌড়েশ্বৰ। কিন্তু উপৰোক্ত বিবৰণে দুৰ্লভ নাৰায়ণৰ ঠাইত গৌড়েশ্বৰ বুলিছে আৰু ধৰ্ম্মেশ্বৰ বা ধৰ্ম্ম-নাৰায়ণক কনৌজপুৰৰ ৰাজা বুলিছে। সি যি হক এই বিবৰণত গৌড়েশ্বৰক কমতেশ্বৰ আৰু কনৌজপুৰৰ ৰাজাক গৌড়েশ্বৰ বুলি ধৰিলে একো আউল নালাগে। আউল ভাঙক বা নাভাঙক এই বিবৰণৰ পৰা আমি দুৰ্লভ-নাৰায়ণ বা ভূঞাঁ-গমনৰ সময় পাওঁ দ্বাদশ শতাব্দী (খৃষ্টীয়)ৰ প্ৰথম বা একাদশ শতাব্দীৰ শেষ ভাগ ।
উক্ত ঘোষ মহাশয়ে আন এক ঠাইত লেখিছে :-
"Chandibar had no issue. A blessing was therefore pronounanced upon him by the king's subjects and at length he got a son who was named Rajyadhar or the gift of the kingdom.
Rajyadhar was also without any son and betook himself to
worshipping the sun and was rewarded with a son who was
Surjyavar or the gift of the sun. Surjyabar's son was
Kusum-gira, a worshipper of Siva."
চণ্ডীৱৰৰ বহুত কাল কোনো সন্তান হৱা নাছিল : শেষত ৰাইজৰ আশীৰ্ব্বাদৰ বলত এটি পুত্ৰ হল : তেওঁৰ নাম ৰাজধৰ। ৰাজধৰেও বহু বয়সত সূৰ্য্যক আৰাধনা কৰি হে এটি পুত্ৰ লাভ কৰিছিল; তেওঁৰ নাম সূৰ্য্যবৰ। কুসুম্বৰেও বহু কাল শিৱৰ আৰাধনা কৰি হে এটি পুত্ৰ পাইছিল; তেওঁৱেই শঙ্কৰ। মুঠতে কব পাৰি এই বংশত বয়স ভাঠি দিবৰ সময়ত হে সন্তান হয় : নহলে ৰাইজৰ আশীৰ্ব্বাদ লৱা, সূৰ্য্যক আৰাধনা কৰা বা শঙ্কৰক পুত্ৰৰ অৰ্থে পূজা কৰাৰ কোনো কাৰণ নাছিল। এনে স্থলত ৫০ বছৰ বয়সত এওঁলোকৰ সন্তান উপজিছিল বুলি ধৰিলে বৰ ভুল হব নাপায়। এতিয়া, আমি জানো শঙ্কৰদেৱৰ জন্ম প্ৰায় ১৪৪৯ খৃষ্টাব্দত হইছিল। ইয়াৰ পৰা উপৰোক্ত বয়স ধৰি উপৰ কালে গণি চালে চণ্ডীবৰ, দুৰ্লভ-নাৰায়ণ বা হেম-সৰস্বতীৰ সময় ওলাব। আমি তলত এই অঙ্ক দিলো :—
| চণ্ডীবৰ | . | . | . | . | ১২৪১ খৃষ্টাব্দ। |
| | | |||||
| ৰাজধৰ | . | . | . | . | ১২৯৯ ,, |
| | | |||||
| সূৰ্য্যবৰ | . | . | . | . | ১৩৪৯ ,, |
| | | |||||
| কুসুম্বৰ | . | . | . | . | ১৩৯৯ ,, |
| | | |||||
| শঙ্কৰদেৱ | . | . | . | . | ১৪৪৯ ,, |
আভ্যন্তৰিক প্ৰমাণৰ পৰাও কবি অতি প্ৰাচীন কালৰ মানুহ বুলি বিশ্বাস হয়। কবিৰ ভাষা সংস্কৃতমূলক কিন্তু বৰ্ণবিন্ন্যাস সম্পূৰ্ণ প্ৰাকৃতিক। জোজন, য়েক, মঞি আদি শব্দৰ বৰ্ণবিন্ন্যাসেই তাৰ প্ৰমাণ। অৱশ্যে ইয়াত যে নকলকাৰকৰ হাত নাই এনে কথা আমি কৱা নাই; কিন্তু নকলকাৰকৰো যে প্ৰাকৃত আৰ্হি আছিল ইও
এটা প্ৰাচীনতৰ প্ৰমাণ। শেষৰ কালৰ অৰ্থাৎ মাধবকন্দলি, দুৰ্গাৰ, আৰু শঙ্কৰদেৱৰ কালৰ মৈথিলী আদৰ্শ যেনে হি, হু, নাহ, পহু,
লাই, কেৰি আদিৰ অত্যধিক প্ৰয়োগ-প্ৰহ্লাদ চৰিত্ৰত সমুলি নাই। কিন্তু মৈথিলী প্ৰভাৱ নাথাকিলেও উড়িয়া প্ৰভাৱ—যেনে আঙ্ক, তাঙ্ক, ইত্যাদি—পূৰ্ণমাত্ৰায় ইয়াত দেখা যায়। আৰু উড়িয়া চিন সেইকালত থাকাও উচিত, কিয়নো আসাম আৰু উড়িষ্যাৰ আৰ্য্যসন্তান কলিতাসকল আদিতে একে লগে আছিল বুলি মানিবৰ
বিশেষ কাৰণ আছে। ইফালে হেমসৰস্বতীৰ গ্ৰন্থত এটাহে যাৱনিক শব্দ (অৰ্থাৎ) ‘নফৰ’ আমি বিচাৰি পাইছো। এতেকে কবি মুচলমান সকল গৌড়ত সোমোৱাৰ বহু আগে প্ৰহ্লাদ চৰিত্ৰ লেখিছিল বুলি মনে নধৰে।
উপৰোক্ত কথাৰ পৰা দেখা যায় দুৰ্লভনাৰায়ণ ৰাজা মিঃ গেইটৰ মতে খৃষ্টীয় ত্ৰয়োদশ শতাব্দীৰ শেষ ভাগৰ, আসামৰ প্ৰাকৃত-ভূগোল মতে ত্ৰয়োদশ শতাব্দীৰ আগ ভাগৰ, বৰুৱাৰ মতে দ্বাদশ শতাব্দীৰ শেষ ভাগৰ, ঘোষৰ মতে একাদশ শতাব্দীৰ শেষ ভাগৰ আৰু বংশাৱলী মতে ত্ৰয়োদশ শতাব্দীৰ আগ ভাগৰ মানুহ। আভ্যন্তৰিক প্ৰমাণেও উক্ত ৰাজাক এই কালতে হয়। এনে থলত খৃষ্টীয় দ্বাদশ শতাব্দীৰ শেষ বা ত্ৰয়োদশ শতাব্দীৰ আগ ভাগত দুৰ্লভ-নাৰায়ণে কমতাপুৰত ৰাজত্ব কৰিছিল বুলি ধৰিলে বৰ ভূল হব নাপায়।
দুৰ্লভ-নাৰায়ণৰ সময়ে হেম সৰস্বতীৰো সময়। এওঁ শঙ্কৰদেৱৰ চাৰি পুৰুষ আগৰ কবি। এওঁ দুৰ্গাবৰ আৰু মাধৱ-কন্দলিতো আগ। মাধৱ-কন্দলি খৃষ্টীয় চতুৰ্দ্দশ শতাব্দীৰ আৰু দুৰ্গাবৰ বিশ্বসিংহ ৰাজাৰ দিনৰ কবি। পুৰুষোত্তম গজ-পতিৰ সময় সম্বন্ধে বহুতৰ বহু মত। কিন্তু হেম-সৰস্বতী পুৰুষোত্তম গজ-পতিত কৰি আগৰ কবি বুলি আমাৰ বিশ্বাস। এতিয়াক লাগি যি জানা গইছে তাৰ ভিতৰত ডাক আসামৰ প্ৰথম আৰু হেম-সৰস্বতী দ্বিতীয় কবি।
হেম-সৰস্বতীৰ ঠাই সম্বন্ধে কবি কেৱল এইমাত্ৰ কইছে তেওঁ কমতা-মণ্ডল বা দুৰ্লভ-নাৰায়ণৰ ৰাজ্যত থাকি এই পুথি লেখিছিল। ‘মণ্ডল' বুলিলে সমুদায় ৰাজ্যকে বুঝায়। এখান ফলিত কামৰূপ মণ্ডলৰ প্ৰাগজ্যোতিষ ভুক্তিৰ বডা বিষয়ৰ বডা আৰু মুণ্ডৰা নামে দুখান গাওঁ দান দিয়া অৰ্থাৎ কামৰূপ ৰাজ্যৰ প্ৰাগজ্যোতিষ চব-ডিভিজনৰ বডা মৌজাৰ বডা আৰু মুণ্ডৰা নামে গাওঁ দান দিয়া কথা লেখা আছে[৭]। আৰু আমি উপৰত পাই আহিছো কমতা-মণ্ডলত কোচবেহাৰ, ৰংপুৰ; গোৱালপাড়া আৰু কামৰূপ জিলা গোটাই পৰিছিল আৰু দুৰ্লভ-নাৰায়ণে ভুঞাঁসকলক কামৰূপৰ হাজো আৰু বৰ-নদীৰ মাজত পাতিছিল। কবিৰ জন্ম-ভূমি এই চাৰি জিলাৰ কোনো এক ঠাইত হব। কবি জাতিত ব্ৰাহ্মণ আছিল বুলি অনুমান হয়। কবি এক জন বৈষ্ণৱ আছিল : তেওঁৰ উপাস্য দেৱতা ৰাম, দেৱ যদুপতি, নাৰায়ণ। কবি নিজক ৰাজকবি বোলা নাই আৰু তেওঁ যে কমতাপুৰ নগৰত বাস কৰিছিল তাৰো কোনো প্ৰমাণ নাই।
কবিৰ পদ সুললিত হলেও তাত দ্বিৰুক্তি দোষ আছে ভাষাত হলে কবিৰ ব্যুৎপত্তি অগাধ। ভাষাক যি দৰে ভাজ লগাব খুজে সেইদৰে ভাজ লগাই সুশ্ৰাব্য পদত অতি কম কথাতে বহুত অৰ্থ থই দিব পাৰে। আমি তলত কেইফাঁকিমান কথা তুলি দিলোঁ:—
(ক) পুৰিবাৰ প্ৰভায়ে অধিকে জ্বলে কান্তি।
তপ্ত সুবৰ্ণত কৰি অধিকে জ্বলন্তি॥
(খ) অৰ্দ্ধ কলেৱৰ সিংহৰ সদৃশ
অৰ্দ্ধেক মনুষ্য কাই।
হেনৰূপ ধৰি দেৱ চিৰি হৰি
শৰীৰ গোট বঢ়াই।
হাতৰ নখজে ত্ৰিশূল সদৃশ
বোলন্তে হিয়া বিদাৰো।
দিনত ৰাত্ৰিত একোতে নমাৰো
সন্ধ্যা সময়ত মাৰো।
(গ) কেহো সুখী কেহো দুখী বহুত অন্তৰ।
কেহো কাকো বাৱে কেহো কৰয় নফৰ।
কেহো হস্তি-স্কন্ধে চৰে হংসতুলি শোৱে।
কেহো কেহো জনে কিয় তৃণকো নপাৱে॥
এই সুযোগতে কবিৰ ব্যাকৰণৰ অলপ পৰিচয় দি আমাৰ মন্তব্য সমাপ্ত কৰিম।
উচ্চাৰণ আৰু বৰ্ণ-বিন্ন্যাস। ⸺ প্ৰাকৃতৰ সময়ত সংস্কৃত শব্দাৱলীৰ যি বৰ্ণবিন্যাস-বিভ্ৰাট ঘটিছিল প্ৰহ্লাদ চৰিত্ৰত তাৰ চিন পূৰ্ণ-মাত্ৰাত দেখা যায়। কিন্তু উচ্চাৰণৰ প্ৰতি দৃষ্টি কৰিলে জানা যায় অসমীয়া উচ্চাৰণ সেই কালতে বঙ্গালী, হিন্দী আদি ভাষাৰ বৰ্ত্তমান উচ্চাৰণৰ পৰা সম্পূৰ্ণ পৃথক আছিল। পুথিৰ শব্দাৱলীত বৰ্ণ-বিন্ন্যাসৰ ব্যতিক্ৰম হৱা সত্বেও তাৰ উচ্চাৰণত অসমীয়া বিশেষত্ব সম্পূৰ্ণ ৰক্ষিত হইছিল। প্ৰাকৃতৰ “শষোঃসঃ” সূত্ৰ প্ৰায়ে ৰক্ষিত হইছিল। কিন্তু এই কথা মনত ৰাখিব লাগে যে অসমীয়া ‘স’ ৰ দৰ উচ্চাৰিত হৱা ‘শ’ আৰু ‘ষ’ ক হে সদাই ‘স’ কৰা হইছিল: অন্যত্ৰ ‘ষ’ ৰ উচ্চাৰণ ‘খ’ আৰু ‘খ’ ৰ উচ্চাৰণ ‘ষ’ দি দেখুৱা পাইছো। মূৰ্দ্ধণ্য ণ আৰু দীৰ্ঘ ঈকাৰ আৰু উকাৰো পুথিত প্ৰায় নাই। ‘ব’ আৰু ‘ৱ’ ৰ উচ্চাৰণ অনুসৰি নামখৰি সদায় ব্যৱহৃত হৱা দেখা যায়। তলত কেইটামান শব্দ তুলিলো—
|
প্ৰকৃত নামখৰি। পুথিৰ নামখৰি।
|
প্ৰকৃত নামখৰি। পুথিৰ নামখৰি।
|
বহু বচনৰ চিন⸺‘গণ’, ‘মানে’, ‘লোক’।
মাৰিবে নপাৰি হস্তিগণ অন্তৰিলা।
নগৰৰ লোক মানে পলাইলা সকল।
শুনা নৰলোক।
শব্দ-ৰূপ। কৰ্ত্তাকাৰকৰ চিন⸺‘এ’। অনেক সময়ত কোনো চিন যোগ নহয়।
সৰ্পগণে খুন্টিয়াৱে বেৰি চতুৰ্দ্দিশ।
প্ৰহ্লাদ বদতি ৰক্ষা কৰা ঋষিকেশ।
মাধৱে বোলন্ত।
কৰ্ম্ম-কাৰকত⸺‘ক’ যোগ হয় : কেতিয়াবা নহয়ও।
মঞি উপদেশ যত দেঞোঁ ভাল কৰি।
তাক এড়ি প্ৰহ্লাদে সুমৰে হৰি হৰি॥
কৰণ কাৰকৰ চিন⸺‘এ’, ‘দিয়া’,।
শুণ্ডে মেঢ়াই আনি কতো চটকাৱে পাৱে।
জানে দিয়া কাটিলেক খাণ্ডায়ে ভাগিল।
একোএ প্ৰকাৰে আক মাৰণ নযাই।
পুৰিবাৰ প্ৰভায়ে অধিকে জলে কান্তি।
সম্প্ৰদানৰ চিন⸺‘ক’ আৰু ‘ক লাগি’।
মোৰ পুত্ৰ তোক ৰাজ্যভাৰ দেঞো
মাধৱক পাৰা গালি।
শতেক যোযন পন্থ উৰ্দ্ধক লাগি গৈলা।
অপাদানৰ চিন⸺৬ষ্ঠীৰ পাছত ‘পৰা’।
তৈৰ পৰা পৰিলেক জীৱে কেন কৰি।
সম্বন্ধ পদৰ চিন⸺‘ৰ’, ‘ক’।
আমাক ভয়ত পলাই থাকন্ত
পলাইবাৰ নাই ঠাই।
ৰাজাৰ বচনে শুক্ৰ চালিলন্ত গাৱ।
অধিকৰণৰ চিন⸺‘এ’, (ই), ‘ত’।
ফটিকৰ স্তম্ভত বসাইলা এক মুঠি।
মুঠিৰ প্ৰহাৰে স্তম্ভ ভৈলা দুই চিৰ।
চাৰি দিকি দৃষ্টিভিৰি চাহন্ত নিৰখি।
‘পৰে’ আৰু ‘বাজে’ শব্দ যোগে ৭মী বিভক্তি হয়, যেনে:—
‘প্ৰহ্লাদত বাজে’; ‘মাধৱত পৰে কোন আছে সংসাৰত’।
তুলনাৰ্থতো ৭মী বিভক্তি হয়, যেনে:—
‘তপ্ত সুবৰ্ণত কৰি অধিকে জ্বলন্তি’।
‘বিনে’ যোগে প্ৰথমা বিভক্তি হয়, যেনে:—
‘পিতৃ বিনে সংসাৰত আন নাহি কেৱ’।
সৰ্ব্বনাম:— মই, মঞি, আমি, তই, তঞি, তুমি, তবু, আপুনি,
আপুনাৰ, আক, তাক, তাঙ্ক, তান, তাহান, সিটো,
যিটো, যাক, তাতে, তেহোঁ, কেহো, সবাহাৰ
যাহাৰ, কোনে, ইত্যাদি।
মঞি উপদেশ দেওঁ।
তই হৰি সুমৰাষ। (সুমৰাহ)
শুক্ৰে উপদেশ দেই।
হন্ত মোৰ হৰি বৰ ভাই।
লোকে আছে চাই।
লোকে তৈলক তাৱয়।
অগনি শব্দ কৰয়।
জল শুখাই সকল।
অনুজ্ঞা:— দুৰাচাৰ পুত্ৰ তই এভো হেন কৰা
প্ৰাণখানি ৰৈক্ষা কৰা মিছাত নমৰা॥
মোৰ পুত্ৰ প্ৰহ্লাদক দিওক পঢ়াই।
ঝাণ্টে মাৰা বিলম্ব নকৰি।
আজি ধৰি হউ বাপু অজয় অমৰ।
ভূত:— তোমাৰ চৰণে শৰণ লৈলো। এবেসে জানিলো।
(বাপু) হেন বিদ্যা কৈত অভ্যাসিলি।
হেম সৰস্বতী (প্ৰহ্লাদ চৰিত্ৰ) বিৰচিলা।
দেৱ গণে উপায় চিন্তিলা।
দুনাই বিষ খুৱাইলেক বিষ নলাগিল।
ভবিষ্যত্,—আন কেহোঁ নেদেখিবে দেখিবিহি তই।
ফটিকৰ স্তম্ভত লুকাই থাকিম মই॥
শেষত কওঁ এই পুথিৰ মূল যেনে পাইছো, তেনে লেখিছো। কবিৰ ভুল শুদ্ধ কৰিবৰ আমাৰ বিদ্যাও নাই, সাহো নাই। অৱশ্যে নকলকাৰকে যে মাজে ২ অশুদ্ধ বৰ্ণবিন্যাস দিছে এনে অনুমান কৰিবৰ বহুত কাৰণ আছে। তথাপি— দেৱতাই য’ও পাৱ দিব সঙ্কুচিত হয় তাত নৃশংসসবে বেগে প্ৰবেশ কৰে (Fools rush in where angels fear to tread) কথা মই প্ৰমাণিত কৰিব নুখুজো। প্ৰহ্লাদ চৰিত্ৰ পুথি আমি কেৱল দুখান দেখিছো। এখান বৰপেটাৰ মাননীয় শ্ৰীশ্ৰীনাৰায়ণ চন্দ্ৰ দেৱমিশ্ৰ গোস্বামীৰ পৰা পোৱা আৰু আন খান ৰামদিয়াৰ পৰা পোৱা। বৰপেটাৰ খানত বহুত ভূল আছে; ইমান কি অনেক ঠাইত অৰ্থকে বুজিব নৰি। সেই দেখি ৰামদিয়াৰ পৰা পোৱা খানকে নকল কৰি ছাপাৰ নিমিত্তে পঠালো। মূল অলপো বিকৃত বা পৰিবৰ্ত্তিত কৰা নাই। য'ত শব্দ পৰা যেন পাইছে৷ তাত বন্ধনিৰ ভিতৰত একোটা শব্দ বহুৱাই দিছো। এই শেষোক্ত দোষৰ পৰা ৰাইজে মুক্তি দিব বুলি আশা কৰিলো। ইতি
২৮/২/১৩ শ্ৰীকালিৰাম মেধি।
তুৰা
প্ৰহ্লাদ-চৰিত্ৰ।
⸻✹⸻
শ্ৰীকৃষ্ণয়ে নমোঃ।
পদ।
জয় নমো নাৰায়ন বৈকুণ্ঠৰ পতি।
তোমাৰ চৰনে লৈলো সৰন সম্প্ৰতি॥
বামন পুৰান ইতো প্ৰহাদ চৰিত্ৰ।
হেম সৰস্বতি বিৰচিলা ইতো কৃত্য॥
এক দিনা দেৱগনে চিন্তিলা উপাই॥
কেন মতে দুৰাচাৰ দৈত্য বধা জাই॥
সৱে দেৱ চলি গৈলা বিষ্ণোৰ সভাক।
আদসিয়োঁ প্ৰভুদেৱ ৰাষিওঁ আমাক॥
হিন্য[৮] দৈত্যৰ পাষে খাটে সবে দেৱ।
তুমি বিনে ৰৈক্ষাকৰ্ত্তা আন নাহি কেৱ॥
সুনি নাৰায়নে দিলা দেৱক উপাই।
থাকিয়ো নিৰ্ভয় দৈত্য বধিবোহো মই॥
য়েহি বুলি নাৰায়নে সভা বিসৰ্জিলা।
আপুনাৰ থানে দেৱগন চলি গৈলা॥
হিৰনৈৰ পুত্ৰ ভৈলা বৈষ্ণৱ প্ৰহ্ৰাদ।
এক দিনা পিতাপুত্ৰে লাগিলা বিবাদ॥
সেহি দিনা প্ৰভুদেৱ জগতৰ পতি।
আদেষিলা বিবাদ লগাইলা সৰাস্বতি॥
স্বামিৰ বচনে দেৱি কৰি সিৰোগত।
প্ৰবেসিলা সৰাস্বতি তাহাৰ কণ্ঠত॥
সেহি বেলা প্ৰহ্লাদে বৈষ্ণৱ ৰূপধৰি।
হিৰন্যৰ আগে গৈয়া সুমৰিলা হৰি॥
হেন সুনি হিৰন্যৰ ক্ৰোধ ভৈলা মন।
দুৰাচাৰ পুত্ৰ তই কিনো অগিআন॥
কোঠেৰ হৰিক সুমৰাষ দুৰাচাৰ।
আমাৰ বঙ্শত তই ভৈলি কুলাঙ্কাৰ॥
পুনুৰুপি প্ৰহ্লাদে সুমৰে হৰি হৰি।
ৰাজা বোলে পুত্ৰ নৈত্য পঢ়ে সিশু[৯] ধৰি॥
সিকাৰনে মন্দ বাক্য উপজে মনত।
পাৰ্গত ভৈলেষে জানিবাহা মৰ্ম্মতত॥
হেন মনে গুনিয়া নৃপতি হিৰন্যক্য।
দৈত্যগুৰু সুক্ৰক বুলিলা হেন বাক্য॥
ঝাণ্টে লৈয়া জাহা গুৰু থৈইবে নুজুয়াই।
মোৰ পুত্ৰ প্ৰহ্লাদক দিওঁক পঢ়াই॥
ৰাজাৰ বচনে সুক্ৰ চালিলন্ত গাৱ।
প্ৰহ্লাদক লৈয়া গৈলা আপুনাৰ ঠাৱ॥
সুক্ৰ বদতি সুনা ৰাজাৰ তনয়।
পিতৃৰ বচনে তোৰ পঢ়িবে লাগয়॥
প্ৰহ্লাদে মাতন্ত পাচে সুক্ৰ মুখ চাই।
পঢ়িবাৰ শাস্ত্ৰ গুৰু দিওঁক বুঝাই॥
সুক্ৰে উপদেষ জেবে দেই প্ৰহ্লাদক।
অসুৰৰ শাস্ত্ৰ বামনয় বোলে জাক॥
হেন সুনি প্ৰহ্লাদে সুমৰে হৰি হৰি।
বামনয় সাস্ত্ৰ গুৰু পঢ়ো কেন কৰি॥
কিবা সাস্ত্ৰ পঢ়িবো পঢ়িতে নাহি জ্ঞান।
জন্মে জন্মে হৌক মোৰ হৰিত জে-ধ্যান॥
হৰি হেন বানি নচাৰোক সৰ্ব্বেক্ষন।
সুনি সুক্ৰ গুৰু আতি ক্ৰোদ্ধ ভৈলা মন॥
তাৱেক্ষনে গৈলা গুৰু নৃপতিৰ ঠাই।
তজু পুত্ৰ প্ৰহ্লাদক পঢ়ান নজাই॥
মঞি উপদেশ জত দেঞোঁ ভাল কৰি।
তাক এড়ি প্ৰহ্লাদে সুমৰে হৰি হৰি॥
হেন সুনি হিৰণ্যাক্ষৰ ক্ৰোদ্ধ ভৈলা মন।
মাতি আন প্ৰহ্লাদক আচে কোন থান॥
ৰাজাৰ আদেষে দুত গৈলা সিঘ্ৰ কৰি।
প্ৰহ্লাদক আনিয়া ঠেকালা ডৰাডৰি॥
ৰাজ সমজ্যাৰ লোকে আচে চাই চাই।
তথাপিতো প্ৰহ্লাদৰ ভ্ৰূ ভঙ্গ নাই॥
ৰাজাৰ আগত ৰৈলা মৌনৰূপ ধৰি।
তাৱক্ষনে সাত বাৰ সুমৰিলা হৰি॥
অধিকে জলিলা কোপ হিৰন্যকশিপু।
দুৰাচাৰ পুত্ৰ তই মোৰ ভৈলি ৰিপু॥
হৰি সুমৰস তই মোহোৰ আগত।
সুনি সুচি তাৰে জেন দখিন কৰ্ণত॥
একে জে অসুৰ আমি ব্যাধ জে তনয়।
হৰি সুমৰনে পাপ অধিকে চাপয়॥
বিসেসত হন্ত মোৰ হৰি বড় ভাই।
তাঙ্ক সুমৰন্তে হৃদয়ত বৰ ঘাই॥
মোত খাটে হৰিহৰ ব্ৰহ্মা পুৰন্দৰ।
কোন দেৱ আছে হেন মোহোৰ উপৰ।
তিনিয়ো ভুবনে দেখা মই অধিকাৰি।
মোৰ পুত্ৰ হুয়া তই সুমৰাস হৰি॥
দুৰাচাৰ পুত্ৰ তই এভো হেন কৰা।
প্ৰান খানি ৰৈক্ষা কৰা মিচাত নমৰা।
বিষেসত হন্ত মোৰ হৰি প্ৰানেৰ বৈৰি।
বামনয় সাস্ত্ৰক পঢ়িয়ো ভাল কৰি॥
প্ৰহ্ৰাদ বদতি বাপ নাখে আন বানি।
হৰি সুমৰন্তে মোৰ জাউক প্ৰানখানি॥
ক্ৰোধিলেক ৰাজায়ো পুত্ৰৰ সুনি বানি।
তুলাত লাগিলা জেন প্ৰচণ্ড অগনি॥ ২০
ক্ৰোধৰ বেগত ৰাজা নপান্ত উপাই।
ঠৰমৰ কৰিয়া পুত্ৰক আচে চাই॥
চাৰিদিকি দৃষ্টি ভৰি চাহন্ত নিৰখি।
কৌটী সহশ্ৰেক হস্তি মাউতে আচে ৰাখি॥
হস্তিগন আদেষিলা মাৰা ঝাণ্ট কৰি।
দেখো কেন মতে আক ৰৈক্ষা কৰে হৰি॥
ৰাজাৰ সুনিলা হেনে প্ৰচণ্ড বচন।
কৌটি সহশ্ৰেক হস্তি ধাইলা তেতিক্ষন॥
একো একো হস্তি জেন পৰ্ব্বত সদৃষ।
দান্ত ভিৰি গৰ্যিয়া ধাইলেক দসো দিস॥
ৰাজা বোলে ঝান্টে মাৰা বিলম্ব নকৰি।
প্ৰহ্লাদে বোলন্ত মোক ৰৈক্ষা কৰা হৰি।
অন্তকালে প্ৰহ্ৰাদে সুমাৰে ঋষিকেশ।
তেতিক্ষনে হৰি তাৰ হিআত প্ৰবেশ॥
মাধৱত পৰে কোন আচে সংসাৰত।
তাৱেক্ষনে প্ৰবেশিলা তান সড়িৰত।
তেতিক্ষনে বজ্ৰ সম ভৈলা কলেৱৰ।
অচেদ অভেদ দেহা অজয় অমৰ॥
হস্তিগন বেঢ়ি দান্ত ভিৰি ষিৰ কন্ধে।
ভেদিতে নপাৰে (তাক )[১০] অনেক প্ৰবন্ধে॥
সুণ্ডে মেঢ়াই আনি কতো চটকায়া পাৱে।
কিঞ্চিতো নটলে দেহা হৰিৰ প্ৰভাৱে।
দান্ত ভিৰিলেক জিতো দান্ত গৈলে ভাঙি।
সুণ্ড মেঢ়াইলেক জিতো সুণ্ড গৈলা চিঙ্গি।
মাৰিবে নপাৰি হস্তিগন অন্তৰিলা।
হেন সুনি হিৰন্যাক্ষ ৰাজায়ো ডৰিলা॥
মনে মনে গুনি ৰাজা কৰিলন্ত সাৰ।
হস্তিসাধা মন্ত্ৰ কিবা জানে দুৰাচাৰ॥
কৈৰ সৰ্প্প গনআসা ঝাণ্টে কৰি।
দন্তে হানি পেসা আক জমেৰ নগড়ি॥
ৰাজাৰ য়াদেষ সুনি হেন সৰ্প্পগনে।
ফোঙ্কাৰ কৰিয়া হেন ধাইলা তেতিক্ষনে॥
একো একো সৰ্প্প জেন দেখন্তে ভয়ঙ্কৰ।
ফেনাএ লঙ্ঘিলা জেন মেঘ আকাসৰ।
আকাসত সবে দেৱগন গৈলা ডৰি।
প্ৰহ্ৰাদে সুমৰে কৃষ্ণ বিষ্ণু হৰি হৰি॥
সৰ্প্পগনে খুণ্টীআয়ে বেৰি চতুৰ্দ্দিষ।
ভেদিতে নপাৰে সৰ্প্প নলাগয় বিষ॥
খুন্টিআতে দষন ভাঙ্গিলা সবেহাৰ।
দান্ত ভাঙ্গা সৰ্প্প জেন ফোকাৰে মাত্ৰ সাজ॥ ৩০
মাৰিবে নপাৰি সৰ্প্প গন অন্তৰিলা।
হেন সুনি হিন্যাক্ষ ৰাজায়ো ডৰিলা॥
হৰি সুমৰন্তে জে প্ৰহ্লাদ থাকি গৈল।
মন্ত্ৰিক বোলন্ত ঝান্টে তপ্ত কৰা তৈল্য॥
ৰাজাৰ আদেষ মন্ত্ৰি সিৰোগত কৰি।
ঝাঙ্কা গোট আনি তৈতে তৈল্য থৈইলা ভৰি॥
সহশ্ৰেক লোকে ধৰি তৈল্যক তাৱয়।
বাৰ্হয় অগনি যেন সবদ কৰয়।
গিৰ গিৰ কৰি অগ্নি তৈল্যত উঠয়।
মন্ত্ৰি বোলে ঝাণ্টে আন ৰাজাৰ তনয়॥
নাড়িকল গোট আনি পেলাইলেক পাচে।
ফুটি গৈলা নাৰিকল সবে দেখি আচে॥
তৈল্যত পেলাইবে লাগি লৈয়া জাই ধৰি।
প্ৰহ্লাদক তাতে পেলাইলেক ঢঙ্কা মাৰি॥
তাতে পৰি প্ৰহ্লাদে সুমৰে হৰি হৰি।
সদানন্দ ভগৱন্ত অনন্ত মুৰাৰি॥
ৰৈক্ষা কৰা হে প্ৰভু ভৈলো তজু দাষ।
ভকতবৎসল প্ৰভু নকৰা নৈৰাষ॥
জেবে হৰি সুমৰিলা ৰাজাৰ তনয়।
তপ্ত তৈল্য ঝুৰ ভৈলা জেন জলময়॥
অধিকে জলিলা কান্তি দেহা দশ গুনে।
হৰি ৰক্ষা কৰে জাক মাৰে তাক কোনে॥
দুনাই বিষ খুয়াইলেক বিষ নলাগিলা।
জানে দিয়া কাটিলেক খাণ্ডায়ে ভাগিলা॥
জলতো পেলাইলে তাতো নগইলেক তল।
মাৰিবে নপাৰি ভৈলা ৰাজায়ো বিকল॥
উৰ্দ্ধ শত জোজন পৰ্ব্বত গোট আচে।
তৈতে নিআ প্ৰহ্লাদক তুলিলেক পাচে॥
তৈৰ পৰা পেলাইলেক ৰাজাৰ আদেষ।
প্ৰহ্লাদ বদতি ৰৈক্ষা কৰা ঋষিকেশ॥
ধৰ্ম্ম ধৰ্ম্ম সুমৰন্ত দেৱ ঋষিগন।
ইবেলিসে প্ৰহ্ৰাদৰ নাহিকে ৰৈক্ষন॥
তৈৰ পৰা পৰিলেক জিবে কেন কৰি।
প্ৰহ্লাদক ৰৈক্ষা কৰিয়োক মহা হৰি॥
তৈৰ পৰা প্ৰহ্লাদক পেলাইলা তেখনে।
আলগতে ঝম্পদি ধৰিলা নাৰায়নে॥
অলক্ষিত ভাৱে নিয়া থৈলন্ত ভুমিত।
ৰাজা বোলে পুত্ৰ মৰি ভৈলা চুৰ্ণাকৃত্য॥
আথেব্ৰেথে ৰঙ্গে ৰাজা চাহিলন্ত পাচে।
দেখে হৰি সুমৰি প্ৰহ্লাদ বসি আছে॥
মাতে হিৰণ্যাক্ষে জে মন্তৃৰ মুখ চাই।
একোএ প্ৰকাৰে আক মাৰন নজাই॥
য়েবেসে জানিলো মোৰ মিলিলেক মৃত্যু।
মোহোৰ বঙ্শত উপজিলা ধূম্ৰকেতু॥
মন্তৃ বোলে ৰাজা মই জানো বুদ্ধি খানি।
কাষ্ট আনি তেতিখনে জালিলা অগনি॥
তাতে পুৰি তযু পুত্ৰ নমৰয় জেবে।
আক মাৰিবাৰ ৰাজা বুদ্ধি নাহি তেবে॥
ৰাজা বোলে জেন যুয়াই কৰিয়ো আপুনি।
জালিয়োক বহ্নি তেবে কাষ্টখৰি আনি॥
কাষ্ট আনি তেতিক্ষনে অগনি জালিলা।
সহশ্ৰেক ঘৃত আনি কলষে ঢালিলা॥
ঘৃত পাই তৈতিখনে জলিলা অগনি।
গগণে মণ্ডলে গৈয়া লাগিলেক ধ্বনি॥
জলন্তে ভৈগৈলা বহ্নি আকাষ সমান।
ৰাজা বোলে ঝাণ্টে কৰি প্ৰহ্লাদক আন॥
ৰাজাৰ আদেস (হেন) সুনি দুতগনে।
হাতগলে প্ৰহ্লাদক বান্ধিলা তেখনে॥
অগ্নিত পেলাইবে লাগি লৈয়া জাই ধৰি।
প্ৰহ্লাদে বোলন্ত মোক ৰৈক্ষা কৰা হৰি॥
সেহি সময়ত প্ৰভু জগতৰ বাপ।
বহিক বোলন্ত এবে এড়িয়ো প্ৰতাপ॥
তৈতিখনে শিতল ভৈগৈলা বৈস্বানৰ।
বান্ধি পেলাইলেক অগনিৰ ভিতৰ॥
সৰ্ব্ব জনে দেখি আচে বৰ বিপৰিত।
ৰাজা বোলেপুত্ৰ পুৰি ভৈলা চুৰ্ণাকৃত্য॥
হৰিৰ প্ৰভাৱে নজলয় বৈশানল।
প্ৰহ্লাদৰ গাৱে জেন চন্দন শিতল॥
বাহিৰে অগনি ভিতৰত জলময়।
হৰিক সুমৰি প্ৰহ্লাদ বসিয়াচয়॥
মাধৱে প্ৰহ্ৰাদে কিচো নাহিকে অন্তৰ।
নিৰঞ্জঁনে দেখি প্ৰবেশিলা দামোদৰ॥
চাৰি হাতে ধৰি সম্শ চক্ৰ গদা পদ্মোঁ।
প্ৰতেকে দেখিচা তুমি নকৰিবা চদ্মোঁ॥
মাধৱক প্ৰহ্লাদে দেখিলা সেই ঠাৱে।
অকপটে পৰিলা হৰিৰ দুই পাৱে॥৫০॥
জগত কাৰণ প্ৰভু তুমি নাৰায়ন।
নাহি আদি অন্ত প্ৰভু তুমি নিৰঞ্জঁন॥
অনাদি অনন্ত প্ৰভু নাহি অন্তভেদ।
তুমি চৈদ্ধ শাস্ত্ৰ প্ৰভু তুমি চাৰি বেদ॥
নমো নাৰায়ন প্ৰভু অনাদি ইশ্বৰ।
মস্যকুৰ্ম্ম আদি কৰি দশ ৰুপধৰ॥
ত্ৰাহি ত্ৰাহি মহাহৰি সৰন দিয়োক।
তোমাৰ নামক মোৰ মুখে নাচাৰোক॥
মাধৱে প্ৰহ্লাদে বহু মিলিলা আলাপ।
কৰজোৰ কৰি বহি এড়িলা প্ৰতাপ॥
এতেকতে বহিয়ো জোগাইলা সিঙ্হাসন।
তাতে ৰঙ্গমনে বসিলন্ত নাৰায়ণ॥
মাধৱ বদতি সুনা হিৰণ্য তনয়।
তোৰ দুখ দেখি মোৰ নসহে হৃদয়॥
মুখত চুম্বন দিয়া প্ৰবুধিলা তাঙ্ক।
কোনে তোক মাৰিলেক কহিয়োক মোক॥
সত্যে সত্যে সত্যে বাপু তোক দেয়োঁ বৰ।
আজি ধৰি হউ বাপু অজয় অমৰ॥
আৰু এক কথা কহো তোহোৰ আগত।
হিৰণ্যাক্ষ বিৰকো বধিবো প্ৰভাতত॥
অনি কেহো নেদেখিবে দেখিবিহি তই।
ফটিকৰ স্তম্ভত লুকাই থাকিম মই॥
কতো বেলা অন্তৰে হিৰণ্য বোলে বানি।
মৰিল পুতাই মোৰ গুচায়ো অগনি॥
হেন শুনি হৰি পাচে অন্তৰ্দ্ধান ভৈলা।
প্ৰহ্লাদক সম্বুধি আপুনি চলি গৈলা॥
অগনি নুমাই ৰাজা চাহিলন্ত পাচে।
দেখে হৰি সুমৰি প্ৰহ্লাদ বসি আচে॥
পুৰিবাৰ প্ৰভায়ে অধিকে জলে কান্তি।
তপ্ত সুবৰ্ণত কৰি অধিকে জলন্তি॥
দেখি হিৰণ্যাক্ষ আতি ভৈলা ভয়ভিত।
কম্পিলা শড়িৰ আতি দেহা জৰ্য্যৰিত॥
আথেব্ৰেথে আস্বাসিআ বোলে পুত্ৰ পুত্ৰ।
হেন বিদ্যা বাপু (তই) অভ্যাসিলি কৈত্য॥
নমো নমো নাৰায়ন দেৱ জদুপতি।
তোমাৰ চৰনে মোৰ থাকোক ভকতি॥
ভকত বৎস্বল প্ৰভু কৰুনা সাগৰ।
অপাৰ সাগৰে পাৰ কৰা দামোদৰ॥
হেম সৰস্বতি ভনে এড়ি আন কাম।
পাতেক চাৰোক ডাকি বোলা ৰাম ৰাম॥৬০॥
✹ ✹ ✹
দোলড়ি।
কমতা মণ্ডল দুল্লভ নাৰায়ন
নৃপবৰ অনুপাম।
তাহান ৰাজ্যত ৰুদ্ৰ সৰস্বতি
দেৱজানি কন্যা নাম॥
তাহান তনয় হেম সৰস্বতি
ধ্ৰুবৰ অনুজ ভাই।
পদবন্ধে তেহো প্ৰচাৰ কৰিল৷
বামন পুৰান চাই॥
আত অনন্তৰে মাধৱে বোলন্ত
মনে কৰি আসঋষ।
হিৰণ্য বিৰক কিমতে বধোহো
নপান্ত একো উদিস॥
পূৰ্ব্বে হিৰন্যক হৰে বৰ দিলা
কিচোতো নাহি মৰন।
কেশৱৰ চক্ৰ বজ্ৰআদি কৰি
জত আছে অস্ত্ৰগন॥
দেৱ অসুৰত একোত নপৰে
অচেদ অভেদ কাই।
কতো বেলি হৰি মনত গুনিয়া
পাইলন্ত কিচো উপাই॥
অৰ্দ্ধ কলেৱৰ সিংহৰ সদৃষ
অৰ্দ্ধেক মনুষ্য কাই।
হেন ৰুপধৰি দেৱ চিৰিহৰি
সড়িৰ গোট বঢ়াই॥
হাতৰ নখজে তৃসুল সদৃস
ৰোলন্তে হিআ বিদাৰো।
দিনত ৰাতৃত একোতে নমাৰো
সন্ধ্যা সময়ত মাৰো।
আতি ভয়ঙ্কৰ ৰূপ ধৰিলন্ত
দেখতে লাগে তৰাস।
সড়িৰ থৈবাৰ ঠাই নপায়ন্ত
যুৰিলা দিস আকাষ॥
দেখি দেৱগনে আনন্দক পাই
হৰিস কৰে অপাৰ
এবেসে জানিলো দেৱ নাৰায়ন
সাধিবন্ত প্ৰতিকাৰ॥
হেন ৰুপ ধৰি প্ৰবেশিলা হৰি
গৰুড়ৰ কন্ধে চৰি।
দুয়োৰত পাচে গৰুড়ক থৈই
ভুমি পাৱে জান্ত লড়ি॥
সিতো ৰুপগোট কেহো নেদেখয়
বৈষ্ণৱ প্ৰহ্লাদত বাজে।
দিনতে দুয়াৰি দুই চক্ষু খাইলি
পশিলি ওঁয়াৰি মাঝে॥
ওঁআৰি মধ্যত স্তম্ভ গোট আচে
বিপৰিত ফতিকৰ।
সৰ্ব্বদাই তাতে আৱজি থাকয়
হিৰান্যাক্ষ দৈত্য সুৰ॥
সিতো ফটিকৰ স্তম্ভৰ ভিতৰে
পসিলন্ত দেৱ হৰি।
প্ৰহ্ৰাদে দেখন্ত আচন্ত ইশ্বৰ
নৰসিংহ ৰুপধৰি॥
পাচে হিৰন্যাক্ষে মাতিবে লাগিলা
পুত্ৰৰ মুখক চাই।
ৰাতৃ দিনে তই হৰি সুমৰাষ
হৰি আচে কোন ঠাই॥
ইতিনি ভুবনে মই অধিকাৰি
জল স্থল আদি কৰি।
কেশ গাচ জেবে বিচাৰি চাহিলো
খুজিয়া নপাইলে৷ হৰি॥
আমাৰ ভয়ত পলাই থাকন্ত
পলাইবাৰ নাহি ঠাই।
তিনি ভুবনৰ অন্তত থাকয়
বতাসৰ আগ খাই॥
এহি দেখি পাচে মই নেদেখিলো
পলুয়া ভঙ্গুয়া বুলি।
হেনয় হৰিক তঞি সুমৰাস
তোহোৰ নপাইলো উলি॥
গজ সৰ্প ৰিষ অগনি পানি জে
মোহোৰ ভৃত্য সমান।
মোৰ পুত্ৰ বুলি কেহো নমাৰিলা
হেন খানি মনে মান॥
এতো হেন কৰা হৰি নুসুমৰা
থাকা মোৰ আজ্ঞা পালি।
মোৰ পুত্ৰ তোক ৰাজ্য ভাৰ দেওঁ
মাধৱক পাৰা গালি॥
সুনা নৰলোক প্ৰহ্ৰাদ চৰিত্ৰ
জি জাইবা সংসাৰ তৰি।
হেম সৰস্বতি ৰচিলা সম্প্ৰতি
ডাকি বোলা হৰি হৰি॥৭০॥🟎
x x x x x
পদ।
হেন সুনি প্ৰহ্লাদে সুমৰে হৰি হৰি।
মাধৱক গালি মই পাৰো কেনে কৰি॥
মাধৱেসে পিতা-মাতা মধিৱেসে প্ৰান।
মাধৱত পৰে কোন বন্ধু আচে আন॥
জত দেখা বাৰ্ঘ্ৰে[১১] জলস্থল গিড়িবন।
গজভুজ সবাত আচন্ত নাৰায়ন॥
তুমি আমি আদি কৰি তিনিয়ো জগত।
সবাতে আচন্ত হৰি নুহিকা বেকত॥
হিৰন্যাক্ষে বোলে অৰে সুনৰে বৰ্ব্বৰ।
পুনুৰুপি নিন্দিলোহো তোহোৰ উত্তৰ॥
বোলা জে সবাৰো গায়ে আচে দামোদৰ।
সবে লোকে নোহে কিয় তাক সমসৰ॥
কেহো সুখি কেহো দুখি বহুত অন্তৰ।
কেহো কাক বায়ে কেহো কৰয় নফৰ॥
কেহো হস্তি-কন্ধে চৰে হংসতুলি সোএ।
কেহো কেহো জনে কিয় তৃনক নপাৱে।
কোহো ভুঞ্জে ঘোল কেহো (জনে) ভুঞ্জে থিৰ।
কেহো জে শ্ৰীমন্ত হোয়ে কেহো হোয়ে চোৰ॥
একৰ জিৱন হৌক সবাৰে জিৱন।
য়েকৰ মৰন হৌক সবাৰো মৰন॥
একৰ ভোজন হৌক সবাৰ ভোজন।
তেবে জানা সবাতো আচন্ত নাৰায়ন।
প্ৰহ্ৰাদ বদতি বাপ নিন্দো তজু বানি।
তুমি কিচো নজানাস আমি আছো জানি॥
মই জে দেখোহো হৰি আচন্ত সবাত।
মলচক্ষু নিমিত্তে জে নেদেখো সাংখ্যাত॥
জি বোলা সকলে কিয় নোহে সমসৰ।
পাপপুন্য ফলে সুখদুখ ভুঞ্জেঁ নৰ॥
আচাৰত ভিন্ন হৰি বিচাৰত এক।
ফটিকৰ তম্ভ হৰি দেখায়ো প্ৰতেক॥
মহা ক্ৰোধে হিৰন্যাক্ষে গাৱ চালি উঠি।
ফটিকৰ তম্ভত বসাইলা এক মুঠি॥
মুঠিৰ প্ৰহাৰে তম্ভ ভৈলা দুই চিৰ।
বৰ কোপে কাম্পে তাৰ সকলে সড়িৰ॥
ফুটি বাজ ভৈলা পাচে নৰসিংহ ৰুপে।
গৰ্যণি দিয়া হিৰন্যক ধৰিলা আটোপে॥
হিৰন্যাক্ষে গোসাইক ধৰিলা আঙ্কোআলি।
তাৱক্ষনে হৰিয়ো ধৰিলা গাৱ চালি॥
হেন দেখি নাৰায়নে গুনে মনে মন।
মোকে জে এনুৱা চোট আন কোন জন॥
গিৰ গিৰ কৰিয়া লৰিলা ভুমি চাল।
পদে পদে কম্পয় পৃথিবি হয়ে খাল॥
চোবায়ে দশন আতি তেজৰ আটাষ।
স্বৰ্গমৰ্ত্ত্য পাতালত লাগিলা তৰাষ॥
থল জেবে যুঝে থল জাই ৰষাতল।
জল জেৰে যুঝে জল সুখাইলা সকল॥
গিৰি জেবে যুঝে গিৰি খণ্ড খণ্ড হয়।
দেৱাসুৰে নৰে বোলে মিলিলা প্ৰলয়॥
কতো বেলি অসুৰ যে কিচো চিদ্ৰ পাইলা।
উদ্ধক লাগিয়া হৰি খেপিয়া পঠাইলা॥
শতেক জোজন পন্থ উদ্ধক লাগি গৈলা।
পৃথিবিত পৰি পাচে অচেতন ভৈলা॥
দেখিআ অসুৰগনে কৰে জয় জয়।
কৈৰ সিংহ পসু গোটে ৰাজাক যুঝয়॥
পতঙ্গ (য়ো) হুয়া কৰে অগনিত ঝাস।
এহি বুলি অসুৰগনে তুলিলেক হাষ॥
কতো বেলি চেতন লভিলা নাৰায়নে।
নসহে হৃদয় দুখে সোকে অপমানে॥
এক লাম্ফ দিয়া হৰি হিৰণ্যক ধৰি।
মালবান্ধে বান্ধিলন্ত ধৰনিত পৰি॥
অসুৰৰ ৰঙ্গ দেখি মাধৱৰ খঙ্গ।
দুয়ো এক বিৰ সম জেহেন মাতঙ্গ॥
দিন গোট যুঝে সন্ধ্যা ভৈলেক প্ৰৰেষ।
চিদ্ৰকাল লভিলন্ত দেৱ ঋষিকেশ॥
ঘোবাই আনিলন্ত পানিপতনিক লাগি।
ঘডান্তে ঘষান্তে তাৰ হাৰ গৈলা ভাগি॥
দুই হাতে অসুৰক তুলি আলগাই।
জলস্থল কিচো নোহে উৰুত বৈসাই॥
অস্ত্ৰে সস্ত্ৰে নকাটিলা নখে বিদাৰিলা।
ৰাতৃদিনে কিচো নোহে সন্ধ্যাতে মাৰিলা॥
হৃদয় বিদাৰি পেলাইলেক মহিতলে।
নগৰৰ লোকমানে পলাইলা সকলে॥
গিৰিক ভেদিয়া যেন বহি জাই জল।
হিৰণ্যৰ তেজে বসুমতি জাই তল॥
হেন মতে নিসাচৰ গৈলা জমঘৰ।
(হেন) দেখি ৰঙ্গ ভৈলা সকল দেৱৰ॥
আকাসৰ পৰা সবে কৰে হৰি ৰাৱে।
অপেস্বৰা নাচন্ত গন্ধৰ্ব্বে গিত গাৱে॥
লয়ঙ্গ মালতী (সমে) গন্ধ পাৰিজাত।
কৃষ্ণৰ মাথাত বৃষ্টি কৰে অসংক্ষাত॥ ৯০॥
হেন মতে নিসাচৰ গৈলা জম-ঘৰে।
ইতো কথা সুনি সৰ্ব্বজন ৰুচিকৰ॥
এক[১২] পদবন্ধে হেম সৰস্বতী ভনে।
সুনন্তা কহন্তা ৰৈক্ষা কৰে নাৰায়নে॥
পিতৃৰ মৰন পাচে প্ৰহ্ৰাদে দেখিলা।
হৃদয়ত দাৰুন সন্তাপ লাগি গৈলা॥
হা-প্ৰানেৰ পিতৃ মই কিসত কি-কৰিলো।
তুমি কি নিজিলা মই প্ৰানে কি নমৰিলো॥
পিতৃষে পৰম গুৰু পিতৃ ইষ্টদেৱ।
পিতৃবিনে সংসাৰত বন্ধু নাহি কেৱ॥
যাহাৰ প্ৰসাদে মই দেখিলো সংসাৰ।
পিতৃ অবিহনে দেখো দিনতে আন্ধাৰ॥
প্ৰহ্ৰাদৰ বিলাপ দেখিলা নাৰায়নে।
আস্বাসিআ বুলিলন্ত মধুৰ বচনে॥
নাকান্দা নাকান্দা বাপু নকৰা সন্তাপ।
কৈৰ ভাৰ্য্যা পুত্ৰ (তব) কৈৰ মায়-বাপ॥
জেহেন বৃক্ষত পখি থাকে একে সঙ্গে।
নিশাগোট বঞ্চে জেন মতে ৰঙ্গে ঢঙ্গে॥
ৰঞ্জঁনি প্ৰভাত ভৈলে দসো দিসে জাই।
পিতৃৰ পুত্ৰৰ দেখা তেহ্নয় পৰায়ী॥
আৰু এক কথা কহো সুনা বিপৰিত।
তই মই উপজিচো হিৰণ্য বধিত॥
আপুনাক আপুনি নিচিনা কিয় তই।
প্ৰহ্লাদ স্বৰুপে উপজিয়া আচো মই॥
ইশ্বৰৰ বানি তাৰ লাগিলা হিআত।
এড়িলন্ত সন্তাপ আচিলা জত জত॥
মাধৱ গৈলন্ত আপোনাৰ নিজ থানে।
প্ৰহ্লাদ চৰিত্ৰ সমাপতি এহিমানে॥
নমো নমো নাৰায়ন দেৱ জদুপতি।
তোমাৰ চৰনে মোৰ থাকোক ভকতি।
ভকত বৎসল প্ৰভু কৰুনা সাগৰ।
অপাৰ সাগৰে পাৰ কৰা দামোদৰ॥
অভয় চৰনে মই পশিলো শৰন।
মই অনাথক নচাৰিবা নাৰায়ন॥
হেম সৰস্বতি ভনে এড়ি আন কাম।
পাতেক চাৰোক ডাকি বোলা ৰাম ৰাম॥ ১০০
× × × × ×
× × × × ×
সক ১৭৬৯ সক। তাৰিক্ষে মাঘৰ ১০।
পুসমাঘত প্ৰহ্লাদ চৰিত্ৰ সমাপ্ত॥
⸻
যথাদৃষ্টং তথা লিখনে লেখকু নাস্তি দোসনং।
সমাপ্ত।
শুধৰণি
| পৃষ্ঠা | শাৰী | হৈছে | হব লাগে | |
| জোৰণি | ২ | ১ | লেখা | লিখা |
| পাতনি | এ | ১ | দুৰ্গাৰ | দুৰ্গাবৰ |
| ,, | ঐ | ১৬ | যদুপতি নাৰায়ণ | যদুপতি আৰু নাৰায়ণ |
| ,, | ঐ | ফুটনোট | Bhakti | Bhukti |
| ,, | গ | ১৬ | ভূল | ভুল |
| ৬ | ১২ | সাজ | সাৰ | |
| ১০ | ৩ | সিঙহাসন | সিঙ্হাসন |
- ↑ A Report on the district of Rongpore by E. G. Glazier; PP. 8-14.}}
- ↑ History of Assam, by E A Gait : P 41
- ↑ গুণাভিৰাম বৰুৱাৰ, আসাম-বুৰঞ্জী, ৫৮ পিঠি।
- ↑ জীতাৰিৰ পাছত সুবলিক ৰাজা হয়। “এওঁৰ পাছত পদ্ম-নাৰায়ণ, চন্দ্ৰ-নাৰায়ণ মহেন্দ্ৰ-নাৰায়ণ, গজেন্দ্ৰ-নাৰায়ণ, ৰাম-নাৰায়ণ, জয়-নাৰায়ণ, খোব-নাৰায়ণ আৰু ৰামচন্দ্ৰ প্ৰত্যেকে ১০৫ বছৰ ৰাজত্ব কৰে”। গুণাভিৰাম বুৰঞ্জী, ৫০ পিঠি।
- ↑ Physical & Political Geography of the Province of Assam (reprinted from the Administration report of Assam for 1892-3).
- ↑ A brief sketch of the religious beliefs of the Assamese people, by M. N. Ghosh M A., B L.
- ↑ “The plate found at Benares and deciphered by prof Venis records the grant of two villages Bada and Mundara in the Vishaya of Bada in the Bhakti of Pragjyotisha in the maudala of Kamrup”-Gaite's Koch Kings of Kamrup.
- ↑ হিৰণ্য?
- ↑ শিশু?
- ↑ ইয়াত এটা শব্দ পৰিছে।
- ↑ ব্যাঘ্ৰ?
- ↑ আক?
