প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
নামঘোষা
লেখক শ্ৰীমন্ত মাধৱদেৱ
নামঘোষা
  1. ভজন, নমস্কাৰ, উপদেশ
  2. নিন্দা
  3. প্ৰাৰ্থনা আৰু অনুনাথনা
  4. মহিমা, আত্ম-উপদেশ, আত্ম-নিন্দা আৰু বস্তু-প্ৰকাশ
  5. প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ
  6. নামৰ অন্বয়, দুলড়ি, শৰণ আৰু ভজন
  7. নমস্কাৰ, উপদেশ, খেদ
  8. নিন্দা, প্ৰাৰ্থনা
  9. নাম-মহিমা, নাম, প্ৰশংসা
  10. বস্তু-প্ৰকাশ, নিৱেদন, কলি-ধৰ্ম্ম-নিৰ্ণয়, হৰবাৰ, কৃষ্ণৰ পুৰুষ-লক্ষণ, যুগ-ধৰ্ম্ম-নিৰ্ণয়
  11. ঈশ্বৰ নিৰ্ণয়, শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমাযুক্ত উপদেশ, আত্ম-উপদেশ
  12. নিন্দা, প্ৰাৰ্থনা, নিৱেদন, প্ৰশংসা, কলি-ধৰ্ম্ম, নাম, তাত্‍পৰ্য্য, বিৰকতি
  13. তুতি, ঈশ্বৰ-নিৰ্ণয়,শৰণ, নমস্কাৰ, উপদেশ, ছবি, লেছাৰি, মহিমা-যুক্ত উপদেশ, ছবি, লেছাৰি
  14. নিন্দা, আত্ম-নিন্দা, মহিমা, নাম-মহিমা, তুতি
  15. প্ৰাৰ্থনা, তাত্‍পৰ্য্য, বস্তু-প্ৰকাশ, আশ্ৰয়, প্ৰশংসা, মহিমাযুক্ত কীৰ্ত্তন-প্ৰশংসা, নামৰ অন্বয়
  16. খেদ, ভাগৱত-প্ৰশংসা, উপদেশ, খেদ, পৰম-পুৰুষাৰ্থ
  17. শৰণ, ভজন, নমস্কাৰ, উপদেশ, মহিমা, আত্ম-উপদেশ, নিন্দা, আত্ম-নিন্দা
  18. খেদ, মহিমা, কাৰুণ্য
  19. তাত্‍পৰ্য্য, কাকূতি, প্ৰাৰ্থনা, প্ৰাৰ্থনা-নিবেদন
  20. ঘোষা, খেদ
প্ৰশংসা, অনুধিতা, নাম, পৰমাৰ্থ-সাৰ, সাৰ-নিৰ্ণয়, বৰ্ণাশ্ৰম, হৰবাৰ
প্ৰশংসা

বেদৰ বিহিত যত         আছে ধৰ্ম্ম সংসাৰত

সৱে হৰি-নামৰ কিঙ্কৰ |

হেন জানি যিটোজনে         নামৰ কীৰ্ত্তন কৰে

সেহিসে পৰম সাধু নৰ ||১১৪


অনুধিতা

হৰিৰ গৃহৰ দ্বাৰে         বেত্ৰৰ প্ৰহাৰ-যোগ্য

ব্ৰহ্মা ইন্দ্ৰ আদি দেৱজাক |

হেনয় দ্বাৰত বেত্ৰ-         প্ৰহাৰ পাইবাৰ যোগ্য

হঞো আমি কমন বৰাক ||১১৫


নাম

অচ্যুত কেশৱ বিষ্ণু         হৰি সত্য জনাৰ্দ্দন

হংস নাৰায়ণ অষ্ট নাম |

পৰম মঙ্গল-ৰূপ         যিটো অহৰ্নিশে লৱে

তাৰ পূৰ্ণ হোৱে মনকাম ||১১৬


পৰমাৰ্থ-সাৰ

মাধৱ মাধৱ নাম         বচনত সুমৰয়

মাধৱ মাধৱ হৃদয়ত |

নিৰন্তৰে সাধুসৱে         মাধৱ মাধৱ নাম

উচ্চাৰয় সমস্তে কাৰ্য্যত ||১১৭

পৰম মঙ্গল-ৰূপ         মাধৱ মাধৱ নাম

যিটো মহাজনে উচ্চাৰয় |

তাৰ অমঙ্গল-ৰূপ         গুচয় সংসাৰ-ভয়

মাধৱৰ নিকট পাৱয় ||১১৮

দু:স্বপ্ন-নাশন ইটো         মাধৱ মাধৱ নাম

দুষ্ট-গ্ৰহ-ভয়-বিমোচন |

পৰম সম্পদ-ৰূপ         জানি মাধৱৰ নাম

সৰ্ব্বদায়ে কৰিয়ো কীৰ্ত্তন ||১১৯

মাধৱেসে আত্মা নিজ         মাধৱেসে ইষ্ট গুৰু

মাধৱেসে দেৱতা পৰম |

পৰম ঈশ্বৰ স্বামী         জানি মাধৱক ভজা

মনুষ্যৰ ইসি নিজ ধৰ্ম্ম ||১২০

পৰম চতুৰ সিসি         বুদ্ধিত কুশল আতি

যিটো মাধৱৰ গুন গাৱে |

মিছা কলেৱৰগোটে         মুকুটি-বাণিজ কৰি

ভৱ তৰি মাধৱক পাৱে ||১২১

যিজনে একান্ত চিত্তে         মাধৱক ভজি নিতে

ফুৰে মাধৱৰ গুণ গাই |

দুৰ্ল্লভ অমৃত যেন         যিজনে কৰিলে পান

মধুৰ পিবাক আৰ নাই ||১২২


সাৰ-নিৰ্ণয়

ভগৱন্ত ঈশ্বৰ         গুণ-সমূহক যিটো

শুনিতে উদ্যত কৰে নৰ |

তেখণৰেপৰা সিটো         জানিবা নিশ্চয় কৰি

ভৈল আতি শুদ্ধ নিৰ্ম্মত্সbৰ ||১২৩

ঈশ্বৰ কৃষ্ণসে নিষ্ট         পৰম আৰাধ্য দেৱ

মোৰ তান নামে নিজ গতি |

হেনয় নিশ্চয় যিটো         কৰিলে কলিত আতি

সিসিজন পৰম সুকৃতি ||১২৪

সংসাৰৰ ইন্দ্ৰ কৃষ্ণ         তাহান নামক যিটো

অজ্ঞানতে চণ্ডালে লৱয় |

হেনয় পৱিত্ৰ সিটো         জানিবা যজ্ঞত আনি

পাত্ৰ পাতিবাৰ যোগ্য হয় ||১২৫

ৰাম ৰাম ৰাম বাণী         পৰম মঙ্গল-ৰূপ

যাৰ মুখে প্ৰকাশ কৰয় |

চিৰকালে মহাতীৰ্থ         কৰিয়া পৱিত্ৰ হুয়া

তাকো কদাচিতো তুল্য নুই ||১২৬

জগত-আশ্ৰয় কৃষ্ণ         তাহান অব্যয় স্থান

তাক প্ৰতি যেৱে আছে মন |

ভগৱন্ত ঈশ্বৰৰ         চৰণ-পঙ্কজে সদা

হুয়ো তেৱে একান্ত শৰণ ||১২৭

ভজ ভাই মাধৱক         স্মৰ ভাই মাধৱক

গাৱ ভাই মাধৱৰ গুণ |

নিচিন্ত আপুন মাৰ         সুখে আপুনাক তাৰ

হুয়ো ভাই পৰম নিপুণ ||১২৮

পৰম নিৰ্ম্মল ধৰ্ম্ম         হৰি-নাম-কীৰ্ত্তনত

সমস্তে প্ৰাণীৰ অধিকাৰ |

এতেকেসে হৰি-নাম         সমস্তে ধৰ্ম্মৰ ৰাজা

এহি সাৰ শাস্ত্ৰৰ বিচাৰ ||১২৯


বৰ্ণাশ্ৰম

বৰ্ণাশ্ৰম-ধৰ্ম্ম যত         যাৰ যেন বিহি আছে

তাৰেসে কেৱলে অধিকাৰ |

হৰি-নাম-কীৰ্ত্তনত         নাহিকে নিয়ম একো

এতেকেসে ধৰ্ম্ম মাঝে সাৰ ||১৩০


হৰবাৰ

অধমে কেৱলে দোষ         লৱয় মধ্যমে গুণ-

দোষ লৱে কৰিয়া বিচাৰ |

উত্তম কেৱলে গুণ         লৱয় উত্তমোত্তমে

অল্প গুণ কৰয় বিস্তাৰ ||১৩১

দোষৰ সাগৰ কলি         তাকো পৰীক্ষিত ৰাজা

গুণ দেখি কৰিলা ৰক্ষণ |

মহাপাপী অন্ত্য জাতি         তৰয় কলিত সুখে

মুখে কৰি হৰিৰ কীৰ্ত্তন ||১৩২

অবিদ্যা-জনিত সুখ         সত্য লোক আদি কৰি

আত নিৰপেক্ষ নিৰন্তৰ |

কেৱলে চিদাঙ্গ-শুদ্ধি         কৰণেসে মাত্ৰ জানা

পুৰুষাৰ্থ মুমুক্ষজনৰ ||১৩৩

বিদ্যা-অবিদ্যা-জন্য         সুখে নিৰপেক্ষ হুয়া

কৰিল আপুন মন থিৰ |

সকলে জগত ইটো         বাসুদেৱ্ময় মাত্ৰ

পুৰুষাৰ্থ জানিবা জ্ঞানীৰ ||১৩৪

সমন্তে সুখকে তেজি         পুৰুষোত্তম প্ৰেম

ভকতিক কৰিল আশ্ৰয় |

ভকতসৱৰ এহি         পুৰুষাৰ্থ মনোনীত

আনো সুখ অধিক পাৱয় ||১৩৫

মুমুক্ষজনৰ যেৱে         অবিদ্যা-জনিত সুখে

বিৰকতি ভৈল আতিশয় |

কেৱলে আত্মাত মাত্ৰ         সদায়ে ৰমণ কৰে

তেৱে বিধি-কিঙ্কৰ গুচয় ||১৩৬

জ্ঞান-নিষ্ঠজনে বিদ্যা-         অবিদ্যা-জনিত দুয়ো

সুখে বিৰকতি ভৈল যেৱে |

বাসুদেৱময় মাত্ৰ         দেখয় জগত ইটো

বিধিৰ কিঙ্কৰ গুচে তেৱে ||১৩৭

পোৰুষোত্তমৰ প্ৰেম         ভকতি-সুখক মাত্ৰ

নিশ্চয় কৰিলা যিটোজন |

শৰণ-কালৰেপৰা         বিধিৰ কিঙ্কৰ গুচি

কৰে সদা শ্ৰৱণ-কীৰ্ত্তন ||১৩৮

ভৰত ৰত্নৰ দীপ         মনুষ্য-শৰীৰ নৌকা

ৰাম-নাম মহাৰত্ন সাৰ |

হেনয় বাণিজ পাই         যিটো জীৱে নকৰিল

তাত পৰে দুখী নাহি আৰ ||১৩৯