প্ৰথম অধ্যায় - নৈৰ পাৰত

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
মিৰি জীয়ৰী
লেখক ৰজনীকান্ত বৰদলৈ
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
মিৰি জীয়ৰী
  1. প্ৰথম অধ্যায় - নৈৰ পাৰত
  2. দ্বিতীয় অধ্যায় - লক্ষীমপুৰ নগৰৰ ওপৰত
  3. তৃতীয় অধ্যায় - মিৰি গাঁৱত
  4. চতুৰ্থ অধ্যায় - পানেইৰ ঘৰত
  5. পঞ্চম অধ্যায় - সোৱণশিৰী নৈৰ বুকুত
  6. ষষ্ঠ অধ্যায় - ভূঁইতলিত আৰু ঘৰত
  7. সপ্তম অধ্যায় - মিৰি গাঁও দুখনত
  8. অষ্টম অধ্যায় - এন্ধাৰ নিশা
  9. নৱম অধ্যায় - হাবিৰ মাজত
  10. দশম অধ্যায় - লক্ষীমপুৰ নগৰত
  11. একাদশ অধ্যায় - আকৌ সোৱণশিৰী নৈৰ বুকুত
  12. দ্বাদশ অধ্যায় - ঘূণাসুঁতি গাঁৱত
  13. ত্ৰয়োদশ অধ্যায় - পানেই
  14. চতুৰ্দশ অধ্যায় - জঙ্কি
  15. পঞ্চদশ অধ্যায় - পৰ্বতৰ ওপৰত
  16. ষষ্টদশ অধ্যায় - বাৰেগামৰ মেল
  17. সপ্তদশ অধ্যায় - চোৰ-চুৰুণীয়ে পাপ কৰিছে। ইহঁতক নৈৰ পাৰলৈ নিব লাগে।
  18. সামৰণি - আকৌ সোৱণশিৰী নৈৰ বুকুত

এই অসম দেশৰ লক্ষীমপুৰ জিলাসোৱণশিৰী নামেৰে এখন নৈ আছে। এই নৈখন অসমৰ উত্তৰত থকা মিৰি আৰু ডফলাৰ পৰ্বতলানীৰ পৰা ওলাই উত্তৰ লক্ষীমপুৰৰ মাজেদি বাগৰি মাজুলীৰ খেৰকটীয়া নৈত পৰিছেগৈ।খেৰকটীয়া এখন বেলেগ নৈ নহয়। ব্ৰহ্মপুত্ৰ্ৰ ঠাল এটা মাথোন। ঘাই ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰীত পৰিছে। আজিকালিও লক্ষীমপুৰ আৰু মাজুলীৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে ব্ৰহ্মপুত্ৰ বাবাই আগবাঢ়ি আহি, তেওঁৰ পৰম ৰূপৱতী সৰ্বগুণে বিভূষিতা ভাৰ্য্যা সোৱণশিৰীক বাটৰে পৰাই আদৰি নিছে। যি ঠাইত সোৱণশিৰী আৰু খেৰকটীয়া লগ লাগিছে, সেই ঠাইৰে পৰা যিখন নৈ হৈছে,তাৰ নাম লুইত।লুইত লক্ষীমপুৰ আৰু মাজুলীৰ মাজেদি বাগৰি পশ্চিম মুখে ব্ৰহ্মপুত্ৰত পৰিছে।

সোৱণশিৰী নৈখন বহলে ব্ৰহ্মপুত্ৰৰ পাঁচ জোখৰ এজোখমান হৱ। ব্ৰহ্মপুত্ৰৰ পানীতকৈ ইয়াৰ পানী নিৰ্মল। যিমান ওপৰৰ ফাললৈ যোৱা যায়, ইয়াৰ পানী সিমান নিৰ্মল পোৱা যায়। আনকি ওপৰৰ ফালে পানী ইমান ফটফটীয়া যে তললৈকে দেখি। এই পানীৰ লগত ঠায়ে ঠায়ে অলপ সোণ মিহলি আছে। আগেয়ে সোৱণশিৰী অসমৰ এখন প্ৰধান সোণ কমোৱা নৈ আছিল। আজিকালিও ঠায়ে ঠায়ে সোৱণশিৰীৰ পানীত সোণৰ ৰেণু আছে। কিন্তু আজিকালি অসমীয়া মানুহে সোণ ধুবলৈ এৰিছে। বৃত্তিটো বৰ কষ্টকৰ, লাভ নহয়। কপালত থাকিলেহে এমাহ বালি ধুই এসিকি সোণ উলিয়াব পাৰি। আগেয়ে ৰজাৰ দিনত ধান-চাউল বৰ সস্তা আছিল। এসিকি সোণেৰেই এপৰিয়াল মানুহৰ গোটেইটো মাহ খাবলৈ আটিছিল। কিন্তু আজিকালি পাঁট-ছয় টকা ৰূপ নহলে এটা মানুহকে খাবলৈ নটাত পৰিল। সেইদেখি আজিকালি অসমীয়া মানুহে বাধ্য হৈ এনেবিলাক বৃত্তি এৰি পেলাইছে।কিন্তু আজিকালিও সোৱণশিৰী আইৰ দুখীয়া অসমীয়া মানুহক সোণ দান কৰা পুণ্য-ফাঁকি ৰহিত হলেও, আইৰ আন আন গুণ সকলো আগৰ দৰেই আছে।সেই কাৰণে আৰু তেওঁৰ শীতল সুকোমল বেথালগা আদৰতেই অসমীয়া মানুহে এতিয়াও আইক বখানিবলৈ এৰিব পৰা নাই, আইৰ ৰূপৰো সীমা নাই। কতবা বৰ বিতোপন বিতোপন হাবিৰ মাজেদি বাগৰিছে। কতবা গাঁৱৰ মাজেদি গৈ পাৰত থকা মানুহবিলাকক তেওঁৰ শীতল বতাহ আৰু নিৰ্মল পানী দি দেহে মনে ভালে ৰাখিছে।

আইৰ অসমীয়া মানুহতকৈ পৰ্বতৰ পৰা অহা সৰল ভাবৰ মিৰি মানুহবিলাকৰ ওপৰত চেনেহ বেছি। স্বভাৱৰ এই অজলা-আজলী লৰা-ছোৱালী মিৰি জাতিয়ে আইক এৰি কেতিয়াও থাকিব নোৱাৰে।পৰ্বতৰ শীতল ঠাইৰ পৰা নামি অহা[১] মিৰিহঁতৰ আইৰ কাষত নাথাকিলেই নহয়।"চৰগ পূজাত"[২] সিহঁতক শীতল কৰিবলৈ "মুগলীং মিৰেমাক"[৩] তাঙ্গ লেছিনাক চিনেক তাঙ্গ একি ৰাক্ বেচিনেক্ বেচি তাম ৰনেক্ বিদাক বঙ্কে, চিনকে তাককনে, টুকুইয়া আকিয়ে, কিময়কা, আচাৰে বিবি মতৈকা[৪] ইত্যাদি বুলি তুতি কৰা মিৰিহঁতৰ সোৱণশিৰী আইৰ শীতল বতাহ নাপালে জীৱ নাথাকে। সোৱণশিৰীৰ শীতল পানী নাখালে সিহঁতৰ পিয়াহ নপলায়। আই সোৱণশিৰীৰ কোলাত সৰু সৰু নাৱত উঠি উমলিব নাপালে মিৰিহঁতৰ মনত ৰং নালাগে। সেইদেখি এই মিৰি জাতি অধিকাংশ মানুহেই আই সোৱণশিৰীৰ পাৰত বাস কৰে।ঠায়ে ঠায়ে সোৱণশিৰীৰ দুয়ো পাৰে মিৰিহঁতৰ গাঁও। কতবা হয়তো এপাৰে মিৰিৰ গাঁও আনপাৰে হাবি। সেই হাবি ভাঙি মিৰিহঁতে ভূঁই কৰে।

এনেকুৱা এখন মিৰি গাঁৱৰ পশ্চিম ফালে দুখন আহু ধানৰ ভূঁই আছিল। সেই ভূঁই দুখন সোৱণশিৰী নৈৰ পাৰতে। মুঠতে গড়াৰ পৰা দহ-বাৰ নল দূৰ। ভূঁই দুখনৰ মাজত দুখন চাঙ। মুঠেই পাঁচ-ছয় নলৰ আঁতৰা-আঁতৰি। এই চাঙ দুখনৰ এখনত এজনী আঠ-ন বছৰ বয়সীয়া ছোৱালী।আনখনত এটা তেৰ-চৈধ্য বছৰ বয়সীয়া লৰা। দুইৰো হাতত দুডাল টকা। মাজে মাজে টুনী টোকোৰা ইত্যাদি চৰাই ধানত পৰে। সেই চৰাইবিলাকক লৰা-ছোৱালীহালে টকা কোৱাই কোৱাই খেদিছে।

বেলি প্ৰায় চাইটামান বাজিল। সূৰুয দেৱতাই লাগে লাহে পশ্চিম আকাশত ঠাই ললেগৈ। ৰদৰ কিৰণ সোৱণশিৰী নৈত পৰি জিলমিলাইছে। লৰা-ছোৱালীহালে অকলৈ অকলৈ বহি আছে। এনেতে সিফালে হাবিৰ পৰা এটা ভালুক ওলাল। ভালুকটো ওলোৱা মাত্ৰেই লৰা-ছোৱালী হালৰ জীৱ উৰি গল। দুয়ো আতুৰ হৈ দৌৰ মাৰিলে। দৌৰত আঠ হাত নল গৈয়েই, ছোৱালীজনী উজুতি খাই পৰিল। কিন্তু তত্ক্ষনাত ভালুকৰ ভয় পাছ কৰিও লৰাটোৱে আহি ছোৱালীজনীক তুলিলে আৰু সুধিলে ---"পানেই দুখ পালি নেকি ?"

লৰাটোৰ এই কথাত ছোৱালীজনীয়ে খিল খিল কৰি হাঁহি কলে,-"জঙ্কি মই একো দুখ পোৱা নাই।" লৰাটোৰ নাম জঙ্কি আৰু ছোৱালীজনীৰ নাম পানেই। তেতিয়া জঙ্কিয়ে কলে,- পানেই আমি আৰু ইয়াত নাথাকোঁ, যাওঁ বল। পানেই-এৰা বল গুচি যাওঁগৈ। গধূলিও হৈছে। তেতিয়া এই মিৰি লৰা-ছোৱালী হালেই দুয়ো নাৱত উঠিলগৈ। লৰাটোৱে গুৰিত থিয় হৈ গুৰি-বঠাপাট চলাব।ছোৱালীজনীয়েও আগত থিয় হৈ আগ-বঠাপাট চবিয়াব ধৰিলে। নাৱৰ চাবে চাবে ছোৱালীজনীয়ে গাব ধৰিলেঃ-

(১)[৫]
দূৰৈকৈ নলবি বূঁই ঐ চেনেঙা[৬]
দূৰৈকৈ নলবি বূঁই-
আয়োঁতে বিষাব লায়ৰী কঁকাল ঐ
যাওঁতে বিষাব বৰি-

তাৰ পিছত লৰাটোৱেও গালেঃ-

(২)
বাৰে নৈৰ নিৰেমল পানী ঐ কনেঙ্[৭]
বাৰে নৈৰ নিৰমেল পানী-
তাতোকৈ নিৰেমল সৰুটি কনেঙ্ ঐ
যেন চৰিয়াৰে পানী-

এইদৰে নাম গাই গৈ থাকোঁতে নাও সিপাৰ পালেগৈ। তেতিয়া মিৰি লৰা-ছোৱালী হালেই পাৰত নাও এৰি নামিল। ঘৰাঘৰি যাবৰ পৰাত পানেয়ে জঙ্কিক কলে,-"হেৰ জঙ্কি! হেৰ জঙ্কি! কাইলৈ আমাৰ ঘৰত ধেমালি হৱ। তই আহিবি দেই।" জঙ্কি-"বাৰু যাম দেই পানেই।"

মিৰি সকলৰ বিষয়ে[সম্পাদনা কৰক]

  1. মিৰিসকলৰ নিজৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে তেওঁবিলাক আগেয়ে শদিয়াৰ ওপৰৰ বৰ আবৰৰ লগৰ মানুহ আছিল।তাৰ পিছত দেশত, সদায় খেলে খেলে কটা-ছিঙা হৈ থকাত তাত থাকিবলৈ শঙ্কা যেন বিবেচনা কৰি আমাৰ ভৈয়ামলৈ নামি আহে।তেওঁবিলাকে হেনো যি বাটে তৰা, কচু ইত্যাদি গছ আছিল সেইবিলাক বাটৰেহে আহিছিল।আহোঁতে সেই গছবিলাক কাটি কাটি থৈছিল। এফালৰ পৰা কাটি আহে মানে সেই গছবিলাক আকৌ গজালি মেলিছিল। বৰ আবৰে গছবিলাকৰ গজালি মেলা দেখি "মিৰিহঁত বহুদিনৰ আগেয়ে পলাইছে;সিহঁতক আৰু খেদি লগ পোৱা নাযাব"ইত্যাদি বিবেচনা কৰি উলটি গল।মিৰিসকলে তেতিয়া আহি ভৈয়ামত বসতি কৰে। তেওঁবিলাকৰ প্ৰধান খেল দুটা,-দহ গামৰ খেল, আৰু বাৰে গামৰ খেল। বাৰে গামৰ খেলৰ ভিতৰত হেনো চুতীয়া, দৈতিয়াল ইত্যাদি সৰু সৰু খেল আছে।দহ গামৰ খেলত আয়েঙিয়া, মায়েঙিয়া, চাৰেঙিয়া, দামুকিয়াল, শামুগুৰিয়া ইত্যাদি খেল আছে।এই গোটেই বিলাকেই আমাৰ ভৈয়ামত থকা মিৰি খেল।পৰ্বতৰ ওপৰতো নানা জাতৰ মিৰি আছে।ইহঁত এতিয়াও বৰ অসভ্যই হৈ আছে।সিহঁতৰ অনেক খেল আছে শুনা যায়। গাসি, ঘাসি, সাৰোগ, চিলি ইত্যাদি পৰ্বতীয়া মিৰি খেলৰ কথা আমি শুনিছোহঁক।আচাৰ-ব্যৱহাৰ, চলন-ফুৰণ, খোৱা-লোৱা, আমাৰ ভৈয়ামৰ মিৰি আজিকালি অসমীয়া। তেওঁবিলাকৰ বেলেগ মাত থাকিলেও সকলোৱে অসমীয়া কথা কয়।কানি-কাপোৰ অসমীয়া মানুহৰ দৰে পিন্ধে।তেওঁবিলাকে হিন্দু ধৰ্মও লৈছে।
  2. চৰগ পূজা-ই এটা মিৰি জাতীয় দৈবিক ক্ৰিয়া।ধন থকা যেই সেই মিৰিয়ে ইয়াক কৰিব পাৰে।পূজা বছৰেকে বা তিনি-চাৰি বছৰৰ আঁতৰে আঁতৰে কৰিব পাৰে। যি মানুহে এই পূজা এবাৰ কৰে সি সেই পূজা নিয়মিত সময়ত সদায় কৰি থাকিব লাগিব।পৰিয়ালটোৰ সকলোৰে ভালৰ অৰ্থে এই পূজাটো কৰে। ইয়াত মেঘ,বিজুলী,চন্দ্ৰ,সূৰ্য্য,তৰা,মাটি,পানী ইত্যাদি প্ৰকৃতিৰ দেৱতাসকলক মদ,গাহৰি,কুকুৰা দি পূজে।ক্ৰিয়া বহুত।ঠাইৰ অভাৱত ইয়াত বিস্তাৰিত বিৱৰণ দিব পৰা নগল।
  3. মুগলীং মিৰেমা-এওঁলোক বিজুলী আৰু মেঘৰ দেৱতা।সোৱণশিৰী নৈৰ পাৰত থকা মিৰি গাঁওবিলাকত অনেক সময়তে চৰগ পৰে। সেইদেখি আৰু সাধাৰণতঃ বিজুলীৰ চকামকা দেখিলে, মেঘৰ গাজনি শুনিলে ভয় লাগে দেখি স্বভাৱত অজলা মিৰি জাতিয়ে বিজুলী আৰু মেঘক দুজনা ডাঙৰ দেৱতা বুলি ভাবে।গাহৰি এটাক ধুৱাই-পখলাই পাত এখনত জীয়াই জীয়াই পেলাই লয়।তাৰ পাছত মাৰি এডালেৰে মূৰত মৰিয়াবলৈ ধৰে।মূৰটো ফাটিলে যি তেজ ওলায় সেই তেজ টোপা আন এখন পাতত ধৰি মুগলীং মিৰেমাৰ নামেৰে ওপৰত লিখাৰ দৰে বচন মাতি উছৰ্গা কৰে।
  4. বিজুলী আৰু মেঘ-আমি তোমালোকক এটা "৫ বছৰীয়া" "৪টা বগা খুৰা থকা" "শিঙাল" দঁতাল গাহৰি দিলো। তোমালোকে ইয়াকে খাই আমাক ভালে ৰাখা।আমাৰ যেন মূৰৰ কামোৰ, পেট বেয়া নহয়।আমাক শীতলে ৰাখা। পাঁচ বছৰ বয়সিয়াল বুলিলেই গাহৰিটো প্ৰকৃত্বতে পাঁচ বছৰ বয়সীয়া সিটি নহয়।পাঁচ বছৰ বয়সীয়া অৰ্থে ডাঙৰ।মিৰিৰ হেচাপ মতে পাঁচ বছৰ হোৱাই গাহৰিৰ ডাঙৰ আৰু শকত হোৱাৰ চিন।দুবছৰীয়া গাহিৰ এটি দিলেও ৫ বছৰৰ নাম লয়।গাহৰিৰ দাঁত থাকে;শিং নাথাকে।শিঙাল বোলাৰ ভাব এই যে আগেয়ে মিৰিসকলে গৰু মহো পূজাত লগাইছিল আৰু খাইছিল, কিন্তু আজিকালি হিন্দুৰ সংসৰ্গত পৰি আমাৰ ভৈয়ামৰ মিৰিয়ে গৰু-মহ খাব এৰিছে।মূৰৰ কামোৰ মিৰিসকলৰ এটি সাধাৰণ ৰোগ।তেওঁবিলাকে বৰকৈ মদ খায়।সেইদেখি মূৰৰ কামোৰ সৰহ। পেট বেয়ালৈ মিৰিয়ে বৰ ভয় কৰে।আনকি জহনী লাগিলে মৰা মানুহকো পেলাই থৈ হাবিলৈ পলায়।যি বাটেদি পলায় সেই বাটটোও হাবি কাটি কাটি মাৰি যায়, যাতে জহনীৰ দেৱতাই বাট চিনি পাব নোৱাৰে।মিৰিসকলে অলপ গৰমকে বৰ গৰম বুলি ভাবে।কাৰণ প্ৰবাদ আছে তেওঁবিলাক আগেয়ে পৰ্বতৰ শীতল ঠাইৰ মানুহ আছিল।
  5. মিৰি জাতিয়ে অসমীয়া কথা কলে সদায় 'খ' ৰ ঠাইত 'ক', 'ঘ' ৰ ঠাইত 'গ','ঠ' ৰ ঠাইত 'ট', 'ঢ' ৰ ঠাইত 'ড', 'ফ' ৰ ঠাইত 'প', 'ভ' ৰ ঠাইত 'ব', 'হ' আৰু 'স' ৰ ঠাইত 'অ' উচ্ছাৰণ কৰে। গীতত থকা মিৰি ভাষাৰ শব্দবিলাকৰ অৰ্থ-
  6. "চেনেঙ"-মৰমৰ ডেকা।
  7. "কনঙা"-মৰমৰ গাভৰু।