সমললৈ যাওক

প্ৰজাপতি

ৱিকিউৎসৰ পৰা
 

প্ৰজাপতি

 

শ্ৰীকৰুণাধৰ বৰুৱা

 

প্ৰজাপতি

(গীতি-নাটিকা)

 
 

শ্ৰীকৰুণাধৰ বৰুৱা
যোবহাট, অসম।

মুল্য—৸৹ অনা।

 

[সৰ্ব্বস্বত্ব সংৰক্ষিত।]
প্ৰথম তাঙৰণ, — নবেম্বৰ, ১৯৪৬

 

প্ৰকাশক:— শ্ৰীকৰুণাধৰ বৰুৱা, যোৰহাট।
প্ৰিণ্টাৰ:— শ্ৰীনিত্যানন্দ শৰ্ম্মা, দৰ্পণ প্ৰেচ, যোৰহাট।

 

শ্ৰীমান গিৰিজাধৰ বৰুৱাৰ হাতত
মৰমৰ উপহাৰ।

নিবেদন।

 ইংৰাজী নাট্য-সাহিত্যত "মিউজিকেল কমেদি" (Musical Comedy) বুলি এবিধ নাটক আছে। সেই নাটকবোৰৰ বিশেষত্ব হৈছে যে তাত সঙ্গীতৰ অংশলৈহে সৰহ মন দিয়া হয়। মোৰ সৰু ভাই শ্ৰীমান গিৰিজাধৰ বৰুৱাৰ কথা ৰাখি, এই সৰু নাটকখন সেই ঠাচেৰেই লিখিবলৈ যত্ন কৰিছিলো; কিন্তু, সেই যত্ন কি পৰিমাণে সফল হৈছে, পঢ়োতাসকলছে তাক বিচাৰ কৰাৰ উপযুক্ত লোক। ইতি—যোৰহাট, ৩০|১১|৪৬

 বিনীত,

নাটকৰ চৰিত্ৰ পৰিচয়।
— পুৰুষ —

লক্ষেশ্বৰ
ধনেশ্বৰ
ৰত্নেশ্বৰ
ৰসিকচন্দ্ৰ
সুৰকণ্ঠ
প্ৰীতিকণ্ঠ
পূজাৰী
মোলোকা
মনবৰ
জুৰমন
লাহেশ্বৰ
মনেশ্বৰ
জুৰাই
 
... ...
... ...
... ...
... ...
... ...
... ...
... ...


... ...
 
সুবৰ্ণপুৰৰ ধনাঢ্য সদাগৰ।
ৰতনপুৰৰ ধনাঢ্য সদাগৰ।
ধনেশ্বৰৰ পুত্ৰ।
ধনেশ্বৰৰ বন্ধু, সদাগৰ।
ধনেশ্বৰৰ বন্ধু।
সুৰকণ্ঠৰ পুত্ৰ, ৰত্নেশ্বৰৰ বন্ধু।
সুবৰ্ণপুৰৰ দেৱালয়ৰ পূজাৰী।
 
লক্ষেশ্বৰৰ লগুৱা।
 
ৰতনপুৰৰ দুটা গাৱঁলীয়া ডেকা।
 
ধনেশ্বৰৰ লগুৱা।

— তিৰোতা —


কাঞ্চনমতী
প্ৰভাৱতী
মধুমতী
চন্দ্ৰাৱতী
ৰেৱতী
মানিকী
লাহৰী
লিগিৰীহঁত।
  
... ...
... ...

... ...
... ...
... ...

 
লক্ষেশ্বৰৰ ভাৰ্য্যা।
লক্ষেশ্বৰৰ কন্য।
 
প্ৰভাৰ সখীয়েক।
 
প্ৰভাৰ লিগিৰী।
লাহেশ্বৰৰ ভনীয়েক।
মনেশ্বৰৰ ভনীয়েক।

প্ৰজাপতি।

প্ৰথম অঙ্ক।

১ম দৃশ্য – লক্ষেশ্বৰৰ জিৰণি-কোঠা।
[ কাঞ্চনমতীয়ে বাজলৈ চাই বহি আছে; লক্ষেশ্বৰৰ প্ৰবেশ। ]

লক্ষেশ্বৰ—

প্ৰেয়সী কাঞ্চন। (কাঞ্চনে নেমাতে)
কাঞ্চন প্ৰেয়সী — (ভালকৈ চাই)
কি কাৰণে কোৱাঁ প্ৰাণেশ্বৰী,
বাৰিষাৰ ঘনঘোৰ ডাৱৰ ৰাশিয়ে
ঢাকিছেহি ক’লাকই তোমাৰ বদন!
কোৱা মোৰ হৃদয় ঈশ্বৰী,
কি কাৰণে আছা তুমি মুখ ওলোমাই?

কাঞ্চন— আহিলেনে আকৌ আপোনাৰ সেইবোৰ গাবলৈ? আপোনাৰ বুজিছেনে, দিনে দিনে আৰু ৰবগ চৰিহে গৈছে।
লক্ষ—

সত্য, সত্য কথা ভাবিলা খেয়সী।
হয়তোন, দিনে দিনে দিন গই
বয়স বাঢ়িছে যত,

তাৰ মানে,— বুঢ়া হ'ব খুজিছোঁ যিমান,
সেইদৰে, পৰকিতি লৰি মোৰ
দিনে দিনে ৰং চৰি গৈছে সিমান।
সত্য, সত্য,
সুবৃহত সত্য বাক্য কৰিলা বেকত।

কাঞ্চন— হেৰি, এতিয়া বাৰু সেইবোৰ পদ গাবলৈ এৰকচোন। মই এটা ডাঙৰ কথা ক'ব খুজিছোঁ আপোনাক।
লক্ষ—

কি! কি ক'লা তুমি প্ৰাণেশ্বৰী!
পদ বুলি বখানিলা মোৰ বচনক!
নোহে পদ;
ইসব অমিত্ৰাক্ষৰী ছন্দৰ কবিতা
অতি মনোৰম,
সাহিত্যৰ উচ্চভাগ, দেৱতাৰ ভাষা।

কাঞ্চন— (হাঁহি ) বাৰু, বাৰু, পদ নহয়, দেৱতাৰে ভাষা। এতিয়া বাৰু এই দেৱতাৰ ভাষাবোৰ ৰৈ আমাৰ নৰ-মনিষৰ ভাষালৈ আহকচোন৷ মই এই ডাঙৰ কথা ক'ব খুজিছোঁ।
লক্ষ—

(নিজকে সম্বোধন কৰি)
শুনা লক্ষেশ্বৰ,
নাৰীয়ে নুবুজে এই দেৱতাৰ ভাষা।
মনুষ্য কথিত ভাষা—গদ্য ভাষা,
ব্যৱহাৰ কৰা হে'ৰা অলপ সময়।

 (ৰৈ) বাৰু কাঞ্চন, এতিয়া মই তোমালোকে বুজিব পৰা নৰ-মনিবন্ধ ভাষা কম। কোৱা, কি ডাঙৰ কথা ক'ব খুজিছা।
কাঞ্চন— মই ক’ব খুজিছো কি—
লক্ষ— ৰ’বা তাৰ আগতে মই এটা কথা কৈ লওঁ। সিদিনা যে সেই গঞ্জ-মুকুতাৰ মালা এচাৰৰ কথা কৈছিলা, সেইটোৱেই যদি আজিৰ এই ডাঙৰ কথা হয়, তেনেহলে এতিয়া মই সিমান ডাঙৰ কথা বলে নোৱাৰিম। এতিয়া হাত উদং; এইবেলি বাণিজৰ পৰা আহিলেগৈহে যদি মুকুতাৰ মালা ডাঙিবলৈ হাতত বল বান্ধিব পাৰোঁ তাৰ আগেয়ে নহয়।
কাঞ্চন— গজমুকুতাৰ মালাৰ কথা ক'ব খোজা নাই; অইন এটা কথাহে ক'ব খুজিছোঁ।
লক্ষ— তেনেহলে তেও মোৰ ভয় মাৰ গ'ল। কোৱা, কি ক'ব খুজিছা।
কাঞ্চন— ক'ব খুজিছো — প্ৰভাৰ কথা।
লক্ষ— প্ৰতাৰ কথা? কি কৰিলে তাই?
কাঞ্চন— কৰা একো নাই। পিছে, তাইক জানো আপুনি দেখা নাই?
লক্ষ— নাই, নাই দেখা; আজি ৰাতিপুৱাৰে পৰা তাইক দেখা নাই। ক'ৰবালৈ গৈছেনেকি? নাইযোৱা যদি মাতাচোন এবাৰ।
কাঞ্চন— এঃ, মই জানো সেইটো কথা কৈছো!
লক্ষ— জানো তুমি কি কৈছা তেনেহলে?
কাঞ্চন— ভাল দেও, আপুনি আৰু বুজা নাইনে মই কিটো ক'ব খুজিছো।
লক্ষ— তোমাৰ পেটৰ ভিতৰৰ কথাটোনো বাৰু মই কেনেকৈ বুজ পাওঁ? ফুটাই কলেহে যদি কিবা এটা ধৰিব পাৰোঁ।
কাঞ্চন— এঃ আপুনিও আৰু ভাল বুজিছেনে!
লক্ষ— এতিয়া হ’বলা মোৰ গাতহে ঘূৰি দায় লাগিলেগৈ? বাৰু, কোৱাচোন, এই ছোলাটোৰ তলত আজি মই কোনটো ছোলা পিন্ধিছো?
কাঞ্চন— মই ক’ব নোৱাৰো; কেনেকৈ ক’ম?
লক্ষ— ক’ব নোৱাৰা? এটা ছোলাৰ তলত থকা বস্তু এটাৰ কথাকে যেতিয়া তুমি কব নোৱাৰিলা, অতবোৰ কানিকাপোৰ আক সাত তৰপ ছাল, মঙ্গহ, হাড়ৰ তলত থকা তোমাৰ পেটৰ কথাটোনো বাৰু মই কেনেকৈ কও? মোৰ জগৰ কি?
কাঞ্চন— এঃ, কোনেনো আপোনাক জগৰ দৰিছে। ময়ে কওঁ, ক’বলৈ দিয়কচোন মোক, মাজতে নধৰিব আপুনি; শুনক।
লক্ষ— কথাটো চোৱা, এতিয়া মইহে কবলৈ নিদিয়াটো হ’ল!— বাৰু, মই মুখ জপালো; কোৱা, তুমিয়েই কোৱা, মই নেমাতো। (বহে)
কাঞ্চন— বোলো প্ৰভাব এতিয়া বিয়া দিবৰ বয়স হলহি নহয়; ভাল লৰা এটা চাওক। আপুনি কান নকৰেই, মোৰ লাহে লাহে চিন্তাহে লাগিছেগৈ। শুনিছেনে মই কি কৈছো? (লক্ষই মূৰ দুপিয়ায়) আৰু বেলি কৰিব নোৱাৰি, কি বোলে? (লক্ষই মূৰ দপিয়ায়) আপুনি কোনোবা ফালে কিবা চোৱা-চিতা কৰিছেনেকি? (লক্ষই মূৰ দপিয়াৰ) তেনে কওকচোন ক’ত? (লক্ষই মূৰ ছুপিয়ায়) কওকচোন শুনো। (লক্ষই মূৰ দুপিয়ায়) লৰাটো ভালনে? (লক্ষই মূৰ দুপিয়ায়) মূৰ ছুপিয়াবলৈ এৰকচোন, কওকচোন ক'তনো দৰা ঠিক কৰিছে? (লক্ষ ঠৰ) কওকচোন হেৰি। (লক্ষ ঠৰ) নকয়নেকি? (লক্ষ ঠৰ) তেনে নকয়? (লক্ষ ঠৰ) কাঞ্চনৰ খং উঠি) মাইকী, মানুহ
বাবেহে আপুনি মোক এনে কৰিছে, অইনক কৰিলেহেতেন নে? ভাল বাৰু, আজিৰপৰা মই যদি এই কথা উলিয়াওঁ, মোক যিহকে মন যায় তাকে কৰিব। প্ৰভা অকল মোৰে জী নহয়, আপোনাৰো। ( যাব খোজে )
লক্ষ—

ক্ৰোধ সম্বৰণ কৰা প্ৰিয়তমা,
নেযাবা, নেযাবা তুমি গুচি।
অজাপতি দেৱতাৰ বিধান বিবাহ;
সেইবাবে, দেৱতাৰ কাৰ্য্যবাবে,
বিবাহৰ সম্বন্ধীয় সকলো কথাকে
ক'ম মই দেৱতা ভাষাৰে।
শুনা প্ৰিয়া,
আছে মোৰ বন্ধুবৰ, নাম ধনেশ্বৰ,
নিবাস ৰতনপুৰ নামে নগৰীত।
তেওঁৰ স্নেহৰ পুত্ৰ
আছে এটি ৰত্নেশ্বৰ নামে।
যত্নেশ্বৰ মনোনীত পাত্ৰ মোৰ
প্ৰতাৰ কাৰণে।
পঠিয়াম সমাচাৰ অতি শীঘ্ৰে মই,
বিবাহৰ আয়োজন হ'ব শুনা
অতি সোনকালে।
গুছিলেনে কৌতূহল তোমাৰ প্ৰেয়সী?

কাঞ্চন— এতিয়াহে বুজিছোঁ। ইমান পৰেনো এই কথাটোকে ক'ব নেপায়নে?
লক্ষ— বুজিছা যদিহে তুমি

সঙ্গীতৰ আয়োজন কৰাছোঁ এতিয়া।
বহু কাম আজি মই আহিছো সমাপি,
অতি ক্লান্ত মই,
মন মোৰ সঙ্গীত পিয়াসী।
গোৱাঁ এটা গীত তুমিয়েই
নহলে মতাই আনা লিগিৰীহঁতক।

কাঞ্চন— লিগিৰীহঁতেই গাওক এতিয়া। ( ভিতৰলৈ) হে'ৰ তহঁত এইফালে আহহঁক; ভাল চাই গীত এটা গাহি।

[ লিগিৰীহঁতৰ প্ৰবেশ আৰু নৃত্য-গীত ]

— গীত —
কানুৰে মোহন বেনু,
যমুনা বায়ুতে  আছে উৰি উৰি
ৰিণিকি ৰিণিকি শুনো।
নেজানো বাঁহীয়ে কিনো মায়া কৰে
তৰু লতা বনে নাচে সুৰে সুৰে
যমুনা-লহৰি উঠে বাৰে বাৰে
তোমাৰে বাঁহীতে কানু।
আজিৰে সন্ধিয়া শুনাহে কলীয়া
নেলাগে বজাব বেনু হিয়া নিয়া
ৰাধিকাৰে মন বাঁহীতে বলিয়া,
তোমাৰে ভাবতে কানু।

—:পট:—

২য় দৃশ্য—ফুৰ্লান।

[ প্ৰভাৱতীয়ে গীত গাই গাই সোমাই আহে। ]
— গীত—

সন্ধিয়া সোণৰ ৰেখা
 জিলিকি দিলেহি দেখা
 গছে পাতে মনযোহা চানেকি সজাই,
কোমল কবিতা সানি
 আকিছোঁ যে ছবিখনি
 চাওঁ দুয়োখনি আজি মনতে মিলাই।
দিনমণি আহি পালে
 কমলে দুচকু তোলে
 লাজৰ গোলাপী আভা দুগালে চৰাই,
তাকেহে তপনে এই
 সন্ধিয়া আজৰি হই
 মেঘৰ মাজেদি দিয়ে ধৰাত বিলাই;
 — সোণোৱালী ৰূপ-ৰেখা কমলে অঁকায়।
বিচাৰি কুসুম পাহি
 আধাফুটা ঘিটি হাঁহি
 তাৰে কিবা এটি মই তুলিছো ফুটাই,
ফুটো ফুটো, ফুটা নাই
 মনে মনে আছোঁ চাই
 শেষৰ ৰেপাটি লাজে ৰাখিছে লুকাই।
 গোপনে ছবিটি চাও ভাবেৰে পুৰাই।

[ মধুমতী আৰু চন্দ্ৰাৱতীৰ প্ৰবেশ ]

চন্দ্ৰা— আজিয়েই ইমাননে? আৰু দিনচেৰেক হ'লে কি কৰিবা?
প্ৰভা— কি কৈছা সখী?
মধু— আজিয়েই যদি গোপনে ছবিটি চোৱা, তেনেহলে দেখাদেখি হ'লে কি কৰিবা?
চন্দ্ৰা— তেতিয়া ৰাজ-আলিৰ ওপৰত থিয় হৈ চকুৱে চকুৱে চাই হাত ধৰাধৰিকৈ মূছকঁছ যাবানেকি?
প্ৰভা— জানো দেও, কি কথাবোৰ কোৱা!
চন্দ্ৰা— এঃ এতিয়া একো নজনাই হ'ল। নিচেই কেচুৱা ছোৱালী দেহি!
প্ৰভা— মই সচাকৈয়ে একো ক'ব নোৱাৰো। কি জনা নজনাৰ কথা কৈছা?
মধু— হয়, হয়, এওঁ একো নেজানে! ৰতনপুৰৰ ধনেশ্বৰ সদাগৰৰ পুতেক ৰত্নেশ্বৰলৈ তোমাক বিয়া দিব খোজা কথাটোও নেজানানে তুমি? (প্ৰভাই লাজত তলমূৰ কৰে ) সেয়া মই বুজিছো নহয়। তুমি মোৰ আগত কি কথা লুকাবা?
প্ৰভা— লুকাব নোৱাৰোঁ যদি বাৰু নোৱাৰোঁ৷ পৰাজনীয়েই বাৰু এতিয়া সেইবোৰ কথা এৰি, গীত এটা গাওঁকচোন।
মধু— আমি নেগাওঁ যোৱা।
প্ৰভা— গোৱাঁ সখী, সচাকৈয়ে কৈছোঁ, তোমাৰ গীতবোৰ মোৰ বৰ ভাল লাগে — গোৱাঁ এটা সখী।
মধু— (হাঁহি ) আমাৰ সখীয়ে বুকুৰ সখি পাব — মোৰো বৰ আনন্দ লাগিছে। বাৰু গাওঁ এটা শুনা। তুমি এই গীতটো শিকি লবা দেই, পাচত তোমাৰ মন-জুৰণীয়াৰ আগত গাৱাঁগৈ।

—মধুমতীৰ গীত—

কোমল মালতী আনি  মনৰ কথাটি সানি
দিলে যদি প্ৰিয় মোৰ হিয়া নুজুৰাৱ,
আহা প্ৰিয় আহা আজি  বাহুৰে মণিকা সাজি
আবেশ ৰাগীতে দিও যাতনা বুৰাই।
দুয়োটি নিৰলে ব'ম  আদৰৰ কথা ক'ম
মনতে দেখিবা তুমি বিমল জোনাই,
কোনেও নুশুনাকৈ  মধু গীতি বাহি লই
সপোনৰ সুধা দিন কাণেৰে বোৱাই;
—তোমাৰ হাহিটি চাম দুচকু ভৰাই।

চন্দ্ৰা— বুজিছা, তুমি বাহুৰে মালিকা সাজি কাণেৰে সপোনৰ সুধা বোৱাই দিবা—তোমাৰ প্ৰিয়ৰ। বুজিলানে?

[ ৰেৱতী আহে ]

ৰেৱতী— আয়ে আপোনালোকক মাতিছে।
মধু— কেলৈ ক'ব পাৰনে?
ৰেৱতী— মই ক'ব নোৱাৰো। মোক মাতিবলৈহে পঠিয়াই দিছে।
মধু— বাৰু আমি গৈছো। সখী আহাঁহে।
প্ৰভা— ( ৰেৱতীক ) হে'ৰ ৰেৱতী, সৌ ফুল জোপাৰ পৰা দুটামান ফুল ছিঙি আনগৈচোন। আনি মোৰ তাতে থৈ যাবিহি। সখী আহা।

[ এফালে প্ৰভা, মধু আৰু চন্দ্ৰা যায়; আনফালে ৰেৱতী যায়। প্ৰভাহঁত যোৱা ফালৰ পৰা, অলপ পাচতে মোলোকা আছে। ]

মোলোকা— ক’লৈ গ'ল এই? আইদেউহঁতৰ লগতো দেখোন যোৱা
নাই। ( চাৰিওফালে চাই, ৰেৱতীক দেখি ) অ সৌটি, ফুল ছিঙিছে। মই বাৰু এখন্তেক ৰওৱেই এইখিনিতে।
ৰেৱতী— (হাতত দুটামান ফুলৰ সৈতে প্ৰৱেশ; মোলোকাক দেখি )

কি কৰিছাহে ইয়াত অকলে অকলে?

মোলোকা— (গম্ভীৰ হৈ ) অকল নহৈনো ক'ত লগৰ এজনী পাওঁ ও? —পিচে, মই তোক এটা বৰ ডাঙৰ কথাত এখন্তেক বিৰলে লগ পাবলৈ আহিছো, শুনিছনে?
ৰেৱতী— কি ডাঙৰ কথাৰেনো মোক লগ পাব লগা হ'ল?
মোলোকা— ( গম্ভীৰ হৈ ) বৰ ডাঙৰ কথা! বৰ ডাঙৰ কথা!! তই শুনা নাইনে অতপৰে?
ৰেৱতী— (ব্যগ্ৰ হৈ ) নাই শুনা। কোৱাচোন কি হৈছে।
মোলোকা— (গম্ভীৰ হৈ ) প্ৰভা আইদেউৰ দৰা বিচাৰি, সদাগৰ দেউতাই ৰতনপুৰলৈ মানুহ পঠিয়াইছে; তই শুনিছনে?
ৰেৱতী— (হাঁহি ) বা বৰাটো কৈছা, মই বোলো কিবা ডাঙৰ কথাহে। আমি অথনিয়েই শুনিলোঁ; তুমি হ'বলা এতিয়াহে শুনিছা?
মোলোকা— (গম্ভীৰ হৈ ) তই হাঁহিছ, কথা পাতলাই দিছ। নেহাঁহিবি, ই যেনে তেনে কথা নহয়; মানুহৰ মৰা-জীয়াৰ কথা

এইবোৰ।

ৰেৱতী― (ভয় খাই) কি হ'ল ও? কিহৰ মৰা জীয়াৰ কথা কৈছা? মই দেখোন সেইবোৰ একো শুনা নাই। কোৱাচোন কি হ'ল।
মোলোকা— মই চমুৱাইহে ক'ব পাৰিম, মোৰ এতিয়া আজৰি নাই।
ৰেৱতী— চমুৱায়েই কোৱা বাৰু, শুনো তেও কিটোনো হৈছে।
মোলোকা— মুঠতে কৈছো, অকল প্ৰতা আইদেউৰে বিয়াৰ বয়স
হোৱা নাই, তোৰো হৈছে। তয়ো জা-যোগাৰ কৰ; এতিয়াই বুজ বাজ ল। পাচত, নাকৰ পানীয়ে চকুৰ পানীয়ে একে হ'ব একা, মই এতিয়াই কৈ থলো। তই হওতে সৰহ দূৰলৈ খা-খবৰ কৰিবও নেলাগে, কাষতে পাৰি। বুজিছনে?

( কেৰাকৈ চায় )

ৰেৱতী— ( লাজ পাই ) এইবোৰকে ক'বলৈ আহিছা? চাও, বাটৰ পৰা গুচা, এই যাওঁ।
মোলোকা— মই তোক ৰখাই থৈছোনে? কিন্তু, মই কোৱা কথাটো হ'লে মনত ৰাখিবি। ( আকৌ কেৰাকৈ চায় )

—দুইৰো গীত—

ৰেৱতী— কেলৈ কেবাকৈ চাৱ বাঘেখোৱা কেলৈ কেৰাকৈ চাৱ?
মোলোকা— বুকুৰে জীয়া-জুই জানিও কুটুম ঐ নেজানো বুলিছ কিয়?
ৰেৱতী— নেলাগে বিহাৰ মানে মানে তই তেহেলৈ আঁতৰি যা।
মোলোকা — “পুৰুষ ব” নলৰি লাহৰি নইনা এবেলি মুখলৈ চা।
ৰেৱতী— গুচ্‌, মই 'বনলৈ যাওঁ।
মোলোকা— যাচোন কেনেকৈ চাওঁ।
ৰেৱতী— অ', ভালেৰে নিদিয় বাট।
মোলোকা— ও, যাকে মন যায় যাত।
ৰেৱতী— তোকে মোকে হে'ৰ এনেকৈ দেখিলে মানুহে বুলিৰ কি?
মোলোকা— আঙঠী পিন্ধাল, মূৰত কাপোৰ ল'লে, তেতিয়া বুলিৰ যি?

—পট—

৩য় দৃশ্য—ধনেশ্বৰৰ ঘৰৰ কোঠা।
[ ধনেশ্বৰ আৰু ৰসিকচন্দ্ৰ বহি আছে। ]

ধনেশ্বৰ— হে’ৰা, এটা কথা মন কৰিছানে?
ৰসিক— কেলৈ নাই কৰা, নিশ্চয় কৰিছোঁ। তুমি মন কৰাৰ আগতে মই মন কৰি গজগজীয়া হৈ বহি আছোঁ?
ধনে— তেনেহলে কি কৰিম এতিয়া? তুমি কি কোৱা?
ৰসিক— যিহকে মন যায় তাকে কৰা। খাব পাৰা, শুব পাৰা, আনন্দ কৰিব পাৰা। নহলে, পানীত পৰি মৰিব পাৰা, বিহ খাব পাৰা, টেটুত খোৰোচা লগাব পাৰা। আৰু, এইকিটাৰে এটাও ভাল নেলাগিলে; তোমাৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি সকলোখিনি মোক দান দি তুমি সন্নাসী হৈ ওলাই যাব পাৰা; অতি সহজ, কোনেও তোমাৰ হাতত ধৰিবলৈ নেযায়। তাৰ উপৰিও—
ধনে— (হাঁহি) ৰ’বা, ৰ’বা, মই কিটো ক’ব খুজিছো তুমি বুজিব পৰা নাই।
ৰিসিক— কি! মই বুজিব পৰা নাই!! নিশ্চয় বুজিছোঁ। অকল বুজিয়েই এৰিছো বুলি ভাবিছানে? —বুজিছোঁ, ভাবিছোঁ, চিন্তা কৰিছোঁ, আলোচনা কৰিছোঁ, সমালোচনা কৰিছোঁ আৰু সকলো শেষ কৰি, এতিয়া তোমাৰে সৈতে পৰামৰ্শ কৰিছোঁ।
ধনে— (হাঁহি ) কিহৰ পৰামৰ্শ কৰিছা?
ৰসিক— তুমি যিটো কথা কৈছা, তাৰ।
ধনে— (হাঁহি) মইনো কি কথা কৈছো?
ৰসিক— হেঃ হেঃ হেঃ, মোক তুমি সৰু লৰা বুলি ভাবিছা! ক'লা, শুনিলোঁ, একাণে সোমাই সিকাণে ওলাই গ'ল। তুমি
কিটো কৈছিলা মই এতিয়ালৈকে তাক মনত ৰাখি থৈছো বুলি ভাবিছানে? শুনাৰ লগে লগে পাহৰিলো—পৰিষ্কাৰ। যদি মই কিবা ক'ব লাগে, আকৌ কোৱাঁ; ক'ম৷
ধনে— কওঁ তেনে শুনা। ইয়াৰ, ৰত্নৰ কথা কৈছো, বিয়া এখন পাতিবৰ দিন হলহি নহয়।
ৰসিক— কি কোৱা তুমি? ৰত্নৰ তোমাৰ পুত্ৰৰ—বিয়া পাতিব খুজিছা মাত্ৰ এখন! কিয় এখন পাতিবা? দহখন, কুৰিখন, পঞ্চাশখন, এশখন পাতিবা।
ধনে— দহখন এশখন বাৰু পাচতো হ'ব, এখনকে পাতিবলৈ এতিয়া এজনী ছোৱালী লাগে নহয়।
ৰিসিক— ছোৱালীৰ বাবে তুমি ভয় নকৰিবা। ( নিজকে দেখুৱাই ) মই আছো।
ধনে— তেন্তে তুমি ক'ৰবাত দেখিছানে কি? কাৰ ছোৱালীৰ কথা কৈছা?
ৰসিক— মই কাৰো ছোৱালীৰ কথা কোৱা নাই। ছোৱালীৰ কি আকাল হৈছে। দেশত লাখ-বিলাখ ছোৱালী আছে,—এজনী এজনীকৈ ঠিক কৰি থাকা—বিয়া পাতি থাকা।

[ জুৰাই আহে ]

জুৰাই— দেউতা সুবৰ্ণপুৰৰ সদাগৰৰ তাৰপৰা এজোৰা মানুহ আহিছে। লগ পাব খুজিছে দেউতাক।
ধনে— যা, ইয়ালৈকে মাতি আনগৈ। ( জুৰাই যায় ) হে'ৰা, লক্ষেশ্বৰ সদাগৰৰ এজনী ছোৱালী আছেহে। মই আজি ছবছৰ মান আগতে দেখিছিলোঁ, ভাল ছোৱালীজনী। মোৰ এতিয়াহে মনত পৰিছে।
ৰসিক— তেন্তে ওলোৱাঁ তুমি। তুমিও ওলোৱাঁ, ময়ো ওলাওঁ, লগত এশ ছকুৰি মানুহ লওঁ, ধৰি আনোগৈ।
ধনে— ( হাঁহি ) ৰ'বা, ৰ'বাচোন। মোৰে সৈতে তেওঁৰ বৰ ভাল ভাব আছে। এষাৰ কলেই বা এটা বাতৰি দিলেই হ'ব; ধৰি আনিবলৈ যাব নেলাগে।
ৰসিক— সোপাকে মাটি কৰিলা তুমি!

[ জুৰাইৰ লগতে মনবৰ আৰু জুৰমন সোমাই আহে। মনবৰে এখন শৰাইত চিঠি এখন ধনেশ্বৰৰ আগলৈ আগবঢ়াই দিয়ে।]

মনবৰ— সদাগৰ দেউতা, আমাৰ সদাগৰ ডাঙ্গৰীয়াই এই পত্ৰখনি আপোনাসৱলৈ আনিবলৈ আমাক আজ্ঞা কৰিছিলে।
ধনে— ( চিঠি পঢ়ি ) হে'ৰ জুৰাই, এওঁলোকক ভিতৰলৈ লৈ যা, জা-জলপান খুৱাগৈ। ( মনবৰহঁতক ) তোমালোকে বাৰু জিৰোৱা-শতোৱাগৈ। মই তেখেত সদাগৰলৈ তোমালোকৰ হাততে ইয়াৰ উত্তৰ দিম।
মনবৰ— ভাল দেউতা। (জুৰায়ে মনবৰ আৰু জুৰমনক লৈ যায়।

ধনেশ্বৰে চিঠিখন ৰসিকচন্দ্ৰক দিয়ে এনেতে সুৰকণ্ঠ আহে ]

ধনে— ( হাঁহি ) তুমি ঠিক সময়তে আহিছা। লক্ষেশ্বৰ সদাগৰে ৰত্নলৈ তেওঁৰ জীয়েকক যাঁচিছে—সেইখন চিঠি।
সুৰকণ্ঠ— হয়নে? বৰ ভাল কথা, বৰ সন্তোষ পালো।
ৰসিক— সন্তোষ পালে নহয়—গীত গোৱাঁ, গীত গোৱা। মোৰো বৰ আনন্দ লাগিছে। —গোৱাঁ।
ধনে— হয়, গোৱাচোন গীত এটা।
ৰসিক— কেলৈ এটা গাব! এশ গাব, এহেজাৰ গাব। সাতদিন সাতৰাতি তুমি ইয়াতে বহি বহি গীত গাই থাকা—দিনে
সমানে, ছেদ-ভেদ নাই। —গোৱা, আৰম্ভ কৰা, নৰবা, ধৰাঁ।
সুৰকণ্ঠ— (হাহি) হয়নে? বাৰু।

—সুকণ্ঠৰ গীত—

মোহন বীণা আজু বাজিল ৰে।
ঝঙ্কাৰে সুৰ নৰ মুগুধ ৰে॥
 প্ৰাণ মন ৰঞ্জন
 ৰাগ লয় কম্পন
 গুণু গুণু গুঞ্জন
 উঠিল ৰে।
মুৰজ বাজত মন্ত্ৰ ত্ৰিতালি,
উঠত সঙ্গত অনুৰূপ বোলি,
 সুৰ ধাৰা কল্লোল
 সাৰিগম হিল্লোল
 ফাগুন উজ্বল
 আনিল যে,
 বিকশিত অন্তৰ স্বপন ৰে।

পট।

৪ৰ্থ দৃশ্য-বাট।
[ মনবৰ আৰু জুৰমনৰ প্ৰবেশ। ]

জুৰমন— হেৰ কথাটো কি?
মনবৰ— কিহৰ কথা সুধিছ?
জুৰ— দেখা নাইনে তই? তাতো দেখোন সদাগৰ দেউতাই মৰম-চেনেহ কৰি আই অ' বোপাই অ' বুলি পঠিয়াইছে। আকৌ ইয়াতো দেখোন এইজন সদাগৰে, গাখীৰে-গুড়ে, ঘিৱে-মৌৱে উঠিব নোৱাৰাকৈ খুৱালে। তাৰ উপৰিও আকৌ আহিবৰ বেলিকা গাইপতি দহটকা দহটকাকৈ চিকা ৰূপ দি পঠয়াইছে। মই একো টলকিব পৰা নাই।
মন— হেৰৌ অঁকৰা, বুজা নাইনে তই?
জুৰ— সচাই কৈছো! বুজিলেনো আৰু সোধোনে? মোৰ দেখোন এতিয়া ভয় ভয় লাগিছেগৈ। শুনিছো বোলে ৰজা মহা-ৰজাসকলে মানুহক পিং-বড়শীত দিবলৈ হলে, আগতে এনেকৈ মৰম-চেনেহ আদৰ সাদৰ কৰি লয়। কচোন হেৰ, আমাকো তেনেকুৱা কিবা কৰিবনেকি?
মন— তয়ো আৰু ভাল মানুহটো! হেৰ সচাকৈয়ে গম পোৱা নাইনে? তই জান বুলিহে মই আকৌ উলিউৱা নাই।
জুৰ— তোৰে শপত, মই একো ক'ব নোৱাৰো। কচোন হেৰ কিনো কথাটো?
মন— শুন তেনে অঁকৰা। আমাৰ প্ৰভা আইদেউক ইয়াৰ সদাগৰ দেউতাৰ পুতেকলৈ বিয়া দিব খুজিছে। পো-ৰ বোৱাৰী পাব বুলিহে ৰঙত ইয়াৰ সদাগৰে ইমান আলহ-দুলহ কৰিছে। তই কথাটো বুজা নাইনে গাধ?
জুৰ— বুজিছো, এতিয়াহে কথাবোৰ তেনেই ফটফটীয়াকৈ বুজিছো। (ৰৈ) পিচে, এওঁ সদাগৰে কি ক'লে? আইদেউক পুতেকলৈ বিয়া কৰাবনে?
মন— বৰটো বুজিলা তেনে! হে'ৰ, এনেকৈ সোধ-পোচ কৰিছে, এনেকৈ ধন-বিট দিছে, ইমানতো বুজিব নোৱাৰিলিনে কটা নেজ নোহোৱা চাৰি-ঠেঙীয়া?
জুৰ— মইনো কেনেকৈ ক'ম! সদাগৰে মোক কিবা কৈছেনে?
মন— শুন তেনে ময়ে কওঁ, সদাগৰে তোমাক কোৱালৈ আৰু ৰ’ব নেলাগে। কৰাব, বিয়া কৰাব।
জুৰ— ( আনন্দত ) কৰাবনে? হে'ৰ কি কৱ? মোৰ দেখোন বৰ ৰহইচ লাগিছে, পাক এটাকে দিওনেকি?
মন— ধৰ তেনে। মোৰো কমটো ৰং লাগিছে বুলি ভাবিছনে? ধৰ, ময়ো ধৰো।

—নাম—

চ'তে গৈয়ে গৈয়ে  বহাগে সোমালে
 ফুলিলে ভেবেলি লতা,
বিধিয়ে কপালত  দুখকে লিখিলে
 নুগুচে মনৰে বেথা॥

চৰাই মনোমতী  মনকে মুহিলে
 কোটোহা বেঙেনাৰ তলত,
কিনো মুহিনীয়ে  মোৰে মন মুহিলে
 থাকিব নোৱাৰো ঘৰত॥

কাপোৰ ধুই আছিলে  মোৰে ঐ লাহৰী
 ওপৰে উৰিলে টুনী,
টুনীৰে লগতে  উৰিম যেন লাগিলে
 ওচৰত নহলা তুমি॥

থুপি থুপি কৰি  ওলাই মাৰে গ'লে
 সৰগৰ সোণালী তৰা,
হাঁহিটি মাৰিয়ে  মোকে ঐ মুহিলে
 পানীৰে যুৱলীৰ পৰা॥

চকলা চকলি  ডাবে নাৰিকল
 জুতুলা জৰাৰে জিম,
ওচৰ হোৱাহ’লে  ইমান নহ'লহেতেন
 দেহা উবুৰিয়াই দিম॥

হালৰে বেচিমে  হলীয়া ডমৰা
 ভঁৰালৰ বেচিমে ধান,
তোমাকে পাবলৈ  সকলো এৰিম ঐ
 দেহাকো দিয়ে ঐ দান॥

—:পট:—

৫ম দৃশ্য–লক্ষেশ্বৰ সদাগৰৰ ঘৰ।
[ কাঞ্চনৰ প্ৰবেশ। ]

কাঞ্চন— ( ভিতৰলৈ ) মোলোকা, হে'ৰ মোলোকা, চাও এইফালে আহ। (নিজে নিজে) ৰতনপুৰৰ পৰা কালিয়েই মানুহ ঘূৰি আহিব লাগিছিল দেখোন। মোৰ চিন্তাহে লাগিছেগৈ। এওঁক কলেও বৰকৈ কাণ-মূৰ নকৰে, পদ-ঘোষা গাই উৰাইহে দিয়ে।

[ মোলোকা আহে ]

তই এটা কাম কৰচোন, ৰতনপুৰলৈ পঠোৱা নাও ঘূৰি আহিলেনে নাই ঘাটত এবাৰ বুজ লৈ আহগৈচোন যা। সোনকালে আহিবি বেলি নকৰিবি।

[ লক্ষেশ্বৰে হাতত এখন চিঠি লৈ সোমাই আহে ]

লক্ষ— ( হাঁহি ) বাতৰি লবলৈ যাব নেলাগে, পালেহি। (মোলোকাক ) যা তই অইন কাম-বন কৰগৈ। ( মোলোকা যায়।)

কাঞ্চন, প্ৰেয়সী, প্ৰেয়সী কাঞ্চন,
শুনা, শুনা, আনন্দ বতৰা।
মোৰ বন্ধু ধনেশ্বৰ সদাগৰে
অতি ৰঙ মনে
প্ৰভাক কৰাব বিয়া নিজ পুত্ৰলই।
চোৱাঁ, এয়া পত্ৰ দিছে
নিজ হাতে লিখি। ( পত্ৰ দিয়ে )

কাঞ্চন— ( পঢ়ি ) আজিহে মোৰ চিন্তা গুচিছে। (ৰৈ) লৰা-ছোৱালীহাল বৰ মিলিব, বৰ বঢ়ীয়া জোৰ হব, নহয়নে বাৰু?
লক্ষ—

অকল বঢ়ীয়া জোৰ নহয় প্ৰেয়সী,
জোৰো জোৰ আওপাৰ্ট জোৰ,
ভীষণ অদ্ভূত জোৰ,
পুথি পাঁজি সকলোৱে বোলে ৰাজ-জোৰ।
এতিয়া প্ৰেয়সী
আনন্দ কৰাঁ, আনন্দ কৰাঁ, নৰবা, নৰবা,
হাহাঁ, নাচাঁ, গীত গোৱাঁ, কৰা হুলস্থূল।
মাতি আনা লিগিৰীহঁতক
গীত গাই নাচি বাগি
কৰক গোটেইখন ধুৱলী-কুৱঁলী।
মাতা, আনা মাতি অতি সোনকালে।

কাঞ্চন— ( ভিতৰলৈ ) হে'ৰ ৰেৱতী,। লিগিৰীহঁতক মাতিছোঁ বুলি পঠিয়াই দে।
লক্ষ— সোনকালে।

ভিতৰত ৰেৱতী—ভাল দেউতা।

লক্ষ—

আহা প্ৰিয়তমা,
আমি দুয়ো বহি লও
পাৰি থোৱা সউ আসনত।
বহি বহি নৃত্য চাম
আৰু,
শুনিম দুকান ভৰি সঙ্গীতো লগতে। ( দুয়ো বহে )

[ লিগিৰীহঁত আছে ]

কাঞ্চন— হে'ৰ তহঁতে তাল চাই গীত এটা গা।
লক্ষ— নাচিবি লগতে আৰু নূপুৰ বজাই।

—লিগিৰীহঁতৰ নৃত্য-গীত—

গছে পাতে ফুলে ফুল  ফুলতে কলীয়া ভোল
 ফাগুনে ফুলাম সাজে ধৰাক সজায়,
মৃদু মধু সমীৰণে  কুসুমৰ ৰেণু আনে
 আমোলন ফুলে নিতে সুবাস যোগায়।

 কোকিলে মধুৰ স্বৰে ধৰে নানা তান
 কেতেকীয়ে দিয়ে তাতে জেউতি যোগান
নিৰলে জোনাক ৰাতি  জোনে আহি হাঁহি মাতি
 ধৰণীৰ ৰূপ চাই নয়ন জুৰায়।

লক্ষ— সঙ্গীত লহৰি হে’ৰ, তোল দোৱাবাৰ। ( লিগিৰীহঁতে নুবুজে )
কাঞ্চন— (হাঁহি ) বুজিব নোৱাৰিলি হ'বলা? আকৌ এটা গাবলৈ কৈছে, গা।

—লিগিৰীহঁতৰ নৃত্য-গীত—

বাজিছে মধুৰ বীণা শুনিছানে নাই,
মোহন লহৰি এটি আহিছে ওলাই।
নিজম তাৰত আজি  কিবা এটি উঠে বাজি
ৰাগিনীটি আধা ফুটি ফুটি উঠা নাই।
মনে ধৰো ধৰো কৰে  বুজো যেন সুৰে সুৰে
আনন্দ গীতিকা এটি বজাব বীণাই,
বীণৰ বাতৰি মনে উমানতে পায়।

—:অঙ্ক সমাপ্ত:—

দ্বিতীয় অঙ্ক।
১ম দৃশ্য—ৰত্নেশ্বৰৰ কোঠা।

[ তিনি চাৰিখন আসন পৰা আছে। জুৰাই সোমাই আহি প্ৰথমতে আসনবোৰ চাই জাৰি জোকাৰি ভাল কৰি থয়। তাৰ পাচত— ]

—গীত —

জুৰাই—

বোপাদেৱে “ভাৰযা” পাব মোৰ গোসাঁই ঐ
 বোপাদেৱে “ভাৰযা” পাব,
বেটীয়ে বন্দীয়ে ন-বৌ আহিব
 আইদেউৰ বোৱাৰী হ'ব।
মিচিকি হাঁহিৰে ভেলেকী মাৰিব
 বোপা একেথৰে ৰ'ব,
জুৰায়ে তেতিয়া ঠেহখন পাতিব
 বৌদেৱে দিলেহে খাব।

[ গীতৰ মাজতে পাচফালৰ পৰা ৰত্নেশ্বৰ সোমাই আহি গীত শুনি থাকি গীতৰ শেষত ]

ৰত্ন— (হাঁহি) কি “বৌদেৱে দিলেহে খাব” অ' জুৰাই? কোন “বোপা একেথৰে বব”? কি গাইছ?

[ জুৰায়ে উভতি চাই লৰ মাৰে। ৰত্নই হাঁহি হাঁহি বহেগৈ। এনেতে বাহিৰত—ৰত্ন আছানে? ]

ৰত্ন— ( বাহিৰলৈ ) কোন? প্ৰীতিকণ্ঠ নেকি? সোমাই আহাঁ৷

[ প্ৰীতিকণ্ঠ আহে ]

প্ৰীতি— কি কৰিছাহে অকলে অকলে?
বন্ধু— আছোঁহে; আহা, বহাঁ। (প্ৰীতি বহে )
প্ৰীতি— আছা বুলিছা হয়, কিন্তু ক'ত আছা, ইয়াতনে সুবৰ্ণপুৰত?
ৰত্ন— (হাঁহি ) আহিলানে আকৌ সেইবোৰ গাবলৈ?
প্ৰীতি— (হাঁহি) বাৰু সেইবোৰ থ'লো। এটা কথা সোধো কোৱাচোন, ক'বানে?
ৰত্ন— জনা কথা হ'লে ক'ম বাৰু।
প্ৰীতি— কোৱাচোন বাৰু তোমাৰ “তেওঁ” কিমান সুন্দৰী?
ৰত্ন— মই ক'ব নোৱাৰো দেও, মই দেখা নাই।
প্ৰীতি— দেখা নাই? বাৰু, মই ক'লে শুনিধানে?
ৰত্ন— (হাঁহি) কোৱাঁ, শুনিম।
প্ৰীতি— শুনা তেনে।

—গীত—

প্ৰিয়া মম চিত্ত হাৰিণী।
পদ্ম পলাশ আখি  ভাষত মৃদু হাসি
কোকিল স্ম মধুবাণী।

যৌবন-ভৰ-নতা ধীৰ গামিনী
কুঙ্কুম মুখ বিভা হেম বৰণী
তন্বী লতিকা সমা  সু-কেশী অনুপমা
(মম) অন্তৰ চিৰ-নিবাসিনী।

সুন্দৰী নুহাসিনী প্ৰিয়া কবিতা
ৰঞ্জিনী বিনোদিনী প্ৰীতি আনতা
পূৰ্ণ বিধুৰাননা  কুসুম সুকোমলা
(মম) মানসী কল-বীণা ধ্বনি।

প্ৰীতি— মিলিছেনে তোমাৰ ধ্যানৰ মূৰ্ত্তিৰ সৈতে?
ৰত্ন— (হাঁহি) মিলিছে, মিলিছে। আৰু কমান জানা এনেকুৱা গীত?

[ ভিতৰত ধনেশ্বৰ– ৰত্ন, এইফালে আহি যা এবাৰ। ]

ৰত্ন— ( ভিতৰলৈ ) গৈছো দেউতা। (প্ৰীতিক) তুমি অলপ ৰ'বা দেই। মোক দেউতাই মাতিছে, এবাৰ গৈ আহোঁ।
প্ৰীতি— বাৰু আহাগৈ যোৱা। ময়ো এবাৰ আইতাক দেখা কৰি আহোগৈ।
ৰত্ন— তুমি আকৌ নপলাবাঁ।
প্ৰীতি— (হাঁহি) মই আকৌ আহিম। [ দুইৰো দুফালে প্ৰস্থান ]

—:পট:—

 

২য় দৃশ্য—লাহেশ্বৰৰ ঘৰ।
[ লাহেশ্বৰ সোমাই আহে। ]

লাহেশ্বৰ— হে গোসাঁই, আমাৰনো এইদৰেই কাল নিয়াবানে? কিমান দিননো এনেকৈ ডাং-বৰলা হৈ থাকিম। মোৰো এটা
গতি কৰা প্ৰভু, এনেকৈ অকলে অকলে থাকি কিবা তিতা লাগিছেগৈ। লোকৰ, সেয়া সুবৰ্ণপুৰৰ পৰা আহি ঘৰতে ছোৱালী যাচি থৈ গ'ল। কোৱা-কাউৰীয়েও হ'বৰ দিনত ঘৰ পাতি দিয়েহি লোকৰ। আমাকো কাৰবাৰ চকুত পেলোৱা ঈশ্বৰ। দুখীয়া মানুহ, সিমান দুৰণীবটীয়া ছোৱালীলৈ আমি খোকা পতা নাই, ওচৰৰ এজনী হলেও হ'ব আমাৰ। খোলোচা কথা কৈছো, দাই দোষ নধৰিবা প্ৰভু।

 [ ভাবি-গুণি খোজ চলায়। মানিকী আহে ]

মানিকী— কি কৰিছা ককাইটি, আজি গাওঁ ফুৰিবলৈ নোযোৱানেকি? যোৱা যদি আহোতে বেলি নকৰিবাঁ; সোনকালে ভাত ৰান্ধিম বুলিছোঁ।
লাহেশ্বৰ— আজি ওলাই নেযাওঁ আৰু।
মানিকী— কেলৈ নোযোৱা?
লাহে— কিবা ভাল লগা নাই, নেযাওঁ আজি। ( বাহিৰলৈ কাণ কৰি ) হে’ৰ, কোনোবা আহিছে হ'বলা; চাওঁ, দুৱাৰখন মেলি দি মাতি আনগৈচোন যা। ( মানিকী যায়। ) আজি কিবা গা-মন ভাল লগা নাই, কোননো আহিল আকৌ পেক্‌পেকাবলৈ?

 [ মানিকীৰ লগত মনেশ্বৰ আৰু লাহৰী সোমাই আহে ]

লাহে— এহে, মিতা দেখোন। ক'ৰ পৰা আহিলা? ( লাহৰীক চাই ) এই, এই, তোমাৰ ভনীয়েৰাজনী নহয়নে? বৰজনী হ'ল দেখোন।
মনে— এৰা মিতা, হয়, ভনী এইজনী। ( মানিকীক দেখুৱাই ) এইজনী তোমাৰ ভনীয়েৰা নহয়নে? এয়ো দেখোন বৰজনী হ'ল।
লাহে— ( মানিকীক ) হে'ৰ, যাচোন বহিৰলৈ দেহি। ( মানিকী যায় ) পিচে মিতা, সুধিবলৈকে পাহৰিছো, ভালে আছানে?
মনে— হয় আছো এক ৰকমে। মিতা, ময়ো সুধিব খুজিয়েই পাহৰিলো, তোমালোকৰো ভালনে?
লাহে— আছো ভালে মিতা। (ৰৈ) এটা কথা সোধো মিতা, তোমাৰ ভনীয়েৰাক মাতা কি বুলি?
মনে— তাইৰ নাও লাহৰী। তোমাৰ ভনীয়েৰাৰ একা?
লাহে— লাহৰী, লাহৰী ও? আমাৰ জনীৰ নাম মানিকী।
মনে— মানিকী নে? মানিকী বুলিলা হবলা? মানিকী?
লাহে— এৰা।

 [ মানিকী আহি বহিবলৈ কঠ এটা পাৰি দিয়ে ]

মানিকী— (লাহৰীক) আহাঁ তুমি ভিতৰলৈকে, আমি তাতে বহোগৈ।

 [ মানিকী আৰু লাহৰী যায়। মনেশ্বৰ আৰু লাহেশ্বৰে ঠৰ লাগি সিহঁত যোৱা চাই থাকি অলপ পাচত— ]

লাহে— মিতা, বহাঁ, থিয়হৈ আছা কেলৈ?
মনে— বহোঁ মিতা, তুমি বহালৈহে বাট চাইছিলো।
লাহে— ময়ো আকৌ তোমালৈহে ৰৈ আছো।
মনে— আহা তেনে, দুয়ো একেলগে বহো। (দুয়ো বহে )
লাহে— পিচে মিতা, কি মন কৰিনো আহিলা এত দিনৰ মূৰত? এটা কথা, ভনীয়েৰাৰ কিবা বিয়া-বাৰুৰ দিহা কৰিছানে? দিবৰ হ'ল যেন দেখিছো।
মনে— একো দিহা কৰা নাই মিতা। পিচে, তোমাৰ ভনীয়েৰাজনীকো দেখোন তাইৰ সমান যেনেই দেখিছো। দিয়া মেলাৰ কিবা ঠিক-ঠিকনা কৰিছানে তুমিও?
লাহে— নাই কৰা মিতা। (ৰৈ) পিচে, তোমাৰ নিজৰ কিবা দিহা হৈছেগৈনে?
মনে— নাই হোৱা মিতা। তোমাৰ একা?
লাহে— সেই একে কথাই মিতা, ক'ত পাবা?
মনে― (ৰৈ) এটা কথা ক'ব খুজিছো মিতা।
লাহে— ময়ো তোমাক কথা এটা কওঁ বুলি ভাবিছো মিতা।
মনে— কোৱাঁ।
লাহে— তুমিয়েই কোৱাঁচোন বাৰু আগতে।
মনে― (ৰৈ) ক'লে জানোচা মিতা, লাজত পেলোৱা?
লাহে— ময়ো তাকেহে ভাবিছো মিতা, জানোচা তুমিও লাজত পেলোৱা।
মনে— এঃ এনে কথা কোৱানে?
লাহে— মোকো তুমি তেনে বুলি ভাবানে?
মনে— কওঁ তেনে শুনা।
লাহে— কোৱা; ময়ো ক'ম তেনে শুনিবা।
মনে— তোমাৰ আই-বোপাই নাই।
লাহে— তোমাৰো নাই।
মনে— ভনীয়েৰাক উলিয়াই দিলেই তোমাৰ ঘৰ উদং হ'ব।
লাহে— তোমাৰো উদং হ'ব।
মনে— ময়ো দুখীয়া।
লাহে— হয় দুখীয়া, ময়ো দুখীয়া মিতা।
মনে— আমালৈ চাওঁতা কোনো নাই।
লাহে― হয়, চাওঁতা কেও নাই আমালৈ।
মনে— তুমিও চাবলৈ গ'লে ডাং-বৰলা।
লাহে― হয় মিতা, চাবলৈ গ'লে আমি হয়ো ডাং-বৰলা।
মনে— তোমাৰ ভনীয়েৰা এজনী আছে।
লাহে– হয় আছে, তোমাৰো আছে।
মনে— (ৰৈ) ক'ব লাগিব জানো মিতা?
লাহে— ময়ো জানো মিতা ক'ব লাগিব আৰু?
মনে— তেনেহলে এতিয়া—(ৰয়)
লাহে— ময়ো ভাবিছো এতিয়া তেনেহলে—(ৰয়)
মনে— মিতিৰ বোলো তেনে?
লাহে— ময়ো তেনে এতিয়া মিতিৰ বোলো আৰু?
মনে— পাচত কিন্তু মোক মৰিয়াই নেমাৰিবা
লাছে— মোকো হ'লে নবধিবা মিতিৰ।
মনে— তেনেহলে মিতিৰ।

—গীত—

লাহে— তেনেহলে মিতিৰ ঐ, জলপান খাবলৈ ব'লা হে'ৰা মিতিৰ ঐ,

 জলপান খাবলৈ ব'লা।

মনে— এনেকৈ মাতিলে নেযাওঁ মিতিৰ ঐ, আছেনে কেকোঁৰা দোলা,

 মিতিৰ ঐ, আছেনে কেকোঁৰা দোলা?

লাহে— কেকোঁৰা দোলাখন শলিয়াই কুটিলে, আনোগৈ ঢকুৱা এটি।
মনে— ঢকুয়া নেলাগে যাম মই মিতিৰ ঐ, তোমাৰে বোকোচাত উঠি।
লাহে— বোকোচাত উঠিলে ৰাইজে হাঁহিব, ভৰিতে ভৰদি ব’ল৷

 মিতিৰ ঐ, ভৰিতে ভৰদি ব’লা।

মনে— সমানে সমানে আমি দুটি ঐ, সমানে সমানে পালো, মিতিৰ ঐ,

 সমানে সমানে পালো।

—:পট:—

৩য় দৃশ্য—লক্ষেশ্বৰৰ ঘৰৰ বাৰাণ্ডা।
[ ৰেৱতীয়ে ঠাই সাৰি সাৰি নাম গাই সোমাই আহে। ]
—নাম—

ৰেৱতী—

আই নাৰধীয়ে ভাত নেৰান্ধিলে
চাউল পৰলীয়া বুলিহে তুলাপাত, বৰ আইটী ওলাই মাত।
চালনী জোকাৰি মাছৰ মূৰ নেপালে
যাগৈ থুপৰী গুচিহে তুলাপাত, বৰ আইটী ওলাই মাত।

(ৰৈ )

আজলী গৰুৰে কাজলী পোৱালী
গালে কাটি কৰি পিয়েহে তুলাপাত, বৰ আইটী ওলাই মাত।
আম পাৰি দিয়া ছাগলী শিঙীয়া
কঠাল পাৰি দিয়া খাওঁহে তুলাপাত, বৰ আইটা ওলাই মাত।

[ মোলোকা আছে ]

মোলোকা— বোলো এই ছাট সেই ছাট, ভাল বিহু লাগিছে গাত।

—দুইৰো গীত—

ৰেৱতী— ভেঙুচালি কৰা বন্দী পাবি মোক চিনি।
মোলোকা— দোষ হ'ল “খোমা” দিয়া খালৰ গোসাঁনী।
ৰেৱতী— দিম মত অঁত কৰি,
মোলোকা— আম কঠাল দিম পাৰি।
ৰেৱতী— ঔ কটা শনিপাত,
মোলোকা— তুলাপাত তুলাপাত।
ৰেৱতী— মান ধৰো আহ তেনে নগাৰ মেঠোন,
মোলোকা— মিছাতে কৰিছ খং হে'ৰ কেচা সোণ।

—:পট:—

 

৪ৰ্থ দৃশ্য—মন্দিৰ।

[ মন্দিৰৰ মেলা দুৱাৰেদি মূৰ্ত্তি আৰু পূজাৰীক দেখা যায়। পূজাৰীয়ে পূজা কৰি শেষ কৰিছে। এনেতে প্ৰভাৱতী, মধুমতী, চন্দ্ৰাৱতী আৰু লিগিৰীবোৰ সোমাই আহে। ]

মধুমতী— পূজাৰী দেউ, আইতাই সখীক সেৱা কৰি যাবলৈ পঠিয়াইছে।
পূজাৰী— অতি ভাল কথা আই—বিবাহ, উপনয়ন আদিত কাৰ্য্যৰ আগতে মঙ্গলময়ৰ ওচৰত এটি সেৱা জনোৱা অতি উত্তম কথা। ( প্ৰভাক ) আহাঁ আই, সোমাই আহাঁ৷
প্ৰভা— ( সখীহঁতক ) আহাঁ সখী।
মধু— আমি এইখিনিৰ পৰা সেৱা কৰিম; তুমি ভিতৰলৈ যোৱাঁ।

[ প্ৰভাই সোমাই গৈ সেৱা কৰে। আনবোৰে বাহিৰৰ পৰা সেৱা কৰে। পূজাৰীয়ে আশীৰ্ব্বাদ দি উঠি, প্ৰথমে প্ৰভাক নিৰ্ম্মালী দিয়ে—প্ৰভা ওলাই আহে—পূজাৰীয়ে আহি বাকী সকলোকে
নিৰ্ম্মালী দি সোমাই যায়।
প্ৰভাই মধুক কাণে কাণে কিবা এটা কয় ]

মধু— দেউ, সখীয়ে আমাক দেৱতালৈ বুলি গীত এটি গাবলৈ কৈছে। পাৰিম নে গাব আমি?
পুজাৰী— গোৱাঁ, গোৱাঁ। নৃত্য-গীত এইবোৰ দেৱতাক সন্তোষ দিয়া বস্তু। ঋষি মুনিয়েও কৈছে—শতজপং সমগানং যদি ভাবেন গীয়তে। ভাল কথাহে—গোৱা, গোৱা আইহঁত।
মধু— ( সকলোকে ) ধৰা তেনে। (সকলোৱে গায়)

—গীত—

 প্ৰণমো প্ৰণমো দেৱ নাম বপুধৰ।
 পীত-বসন-ধাৰী দেৱ দামোদৰ॥
সুবেশ মনোহৰ  দিবা কলেবৰ
 বনবালা শোভিত চিৰ লীলা কৰ,
বাঞ্ছা কল্পতক  মূৰুতি মোহন চাৰু
 সিদ্ধি-মুকুতি দাতা আদি জ্যোতিধৰ॥
ভব ভয় তাৰণ  শোক তাপ হাৰণ
 ত্ৰিভূবন পাৱন পুৰুষ সুন্দৰ,
ভক্ত হৃদয়-গত  জ্ঞান বহিৰ্ভূত
 অনাদি নিৰঞ্জন পৰম ঈশ্বৰ॥

প্ৰভা— ( গীতৰ শেষত পূজাৰীক ) আমি এতিয়া বিদায়হে কৰিলোঁ।

[ সকলোৱে আকৌ সেৱা কৰে ]

পূজাৰী— ভাল আই। ঈশ্বৰে মনৰ কামনা পূৰ্ণ কৰক।

[ সকলোবে প্ৰস্থান ]
—:পট:—

 

৫ম দৃশ্য—গাঁৱলীয়া বাট।
[ লাহেশ্বৰৰ প্ৰবেশ। ]

লাহেশ্বৰ— সেইদিনাৰ পৰা মিতিৰ দেখোন আহিবলৈকে এৰিলে। অইন কোনোবা ফালে চাইছেনেকি আকৌ? তেনে এটা
কিবা ঘটিবলৈ হ'লে মই আৰু জীয়াই থাকিমনে? যাওঁ, নিজেই এবাব বুজ-বাজ লৈ আহোঁগৈ। এইবোৰ কথাত এনেকৈ নিতাল মাৰি থকা ভাল নহয়।

[ বিপৰীত ফালৰ পৰা মনেশ্বৰৰ প্ৰবেশ ]

মনেশ্বৰ— মিতিৰ দেখোন, কোন ফালেবা গমন?
লাহে— ( মনতে ) নকওঁ আচল কথা; (ফুটাই ) মইনে মিতিৰ, এফালৰ পৰা আহিব লগীয়া আছে। তুমি কোনফালে যাবা?
মনে— ( মনতে) কলৈ আৰু, তোমাৰ তালৈ। সেই বুলি আচল কথা নকওঁ। (ফুটাই) মোৰো এইফালে এজোৰা মানুহক লগ পাব লগীয়া আছে, তালৈকেহে আহিছোঁ।
লাহে— ভাল তেনে, যাবাঁ মিতিৰ। ময়ো যাওঁ, পলমহে হৈছে।
মনে— ভাল বাৰু, যোবাঁ মিতিৰ। ময়ো যাওঁ, তেহে সোনকালে ঘুৰিব পাৰিম। যাবাঁ এতিয়া। (লাহেশ্বৰ যাওঁ নেযাওঁকৈ যায়।) মিতাৰ দেখোন যোৱাৰ ছেওটো কেনেবা; ইফালে কথাও দেখোন চেঁচা চেঁচা! কি কৰিব খুইছে; মোক এই টাঙোন মাৰেইনেকি? বাৰু, যোৱা যেন দেখুৱাই সৌখিনিতে আঁৰ লৈ চাওচোন মিতিৰে কি কৰে। (যায়।)

[ অলপ পাচত লাহেশ্বৰ ঘূৰি আহি মনেশ্বৰ যোৱা ফালে ডিঙি মেলি চায় পাচত ]

লাহে— মিতিৰে ঢাকি ঢাকি কথা কোৱা যেন লাগিল। কথাবোৰো শীতল যেন পালোঁ। মোক বধিব খুইছেনেকি?

কি কৰো এতিয়া মই? যায়েইনে ওভতোৱেই? (ভাবে)

[ মনেশ্বৰ ঘূৰি আহে]

মনে— মিতিৰ, দেখোন উভতি আহিলা?
লাহে— কি ক’বা মিতিৰ, কিবা বস্তু এটা পাহৰি আহিলো, এতিয়াহে মনত পৰিছে। তুমিও দেখোন ঘুৰিলা?
মনে— যি জোৰা মানুহ লগ পাবলৈ আহিছো, তেওঁ আজি ঘৰত নেথাকে। আহিবলৈকে হাক দিছিলে আজি; মোৰ আকৌ আদ্‌বাট আহিহে মনত পৰিছে। ঘুৰি যাওগৈ এতিয়া।

[ দুয়ো দুইৰো ফালে অলপ পৰ চাই থাকে ]

লাহে― (ৰৈ) তুমি মোক পতিওৱা নাই মিতিৰ।
মনে— তুমি জানো মোক পতিয়াইছা মিতিৰ।
লাহে— কথাৰ যেতিয়া পাক এইটো, এটা কাম কৰো মিতিৰ, আমি এইকিদিন একেলগে থাকো।
মনে— এৰা ভাল কথা কৈছা। তেনে তোমালোক দুয়ো আমাৰ তালৈকে আহাগৈ, আজিয়েই।
লাহে— নহয় মিতিৰ, তোমালোকহে আমাৰ তালৈ আহাগৈ।
মনে— মই নোৱাৰি‍ মিতিৰ।
লাহে— ময়ো নোৱাৰিম।
মনে— ( ভাবি ) তেনে আমাৰ দুই ঘৰৰ সো-মাজতে এটা ঘৰ লওঁ।
লাহে— ঘৰ লৈ?
মনে— তুমিও উঠি আহা আৰু ময়ো আহে৷ তালৈকে। বিয়া এখন হৈ গ'লে দুয়ো ঘৰাঘৰি যাম নিজ নিজ তিৰোতা লৈ।
লাহে― ( আনন্দেৰে ) নিগুটি কথা কৈছা মিতিৰ, নিগুটি কথা কৈছা; মই তাত ৰাজী আছো। কিন্তু এটা কথা মিতিৰ, মোৰ বিয়াখন হ'লে আগেয়ে হ'ব লাগিব।
মনে— কি কৈছা মিতিৰ, মোৰ বিয়াখনহে আগতে পাতিম বুলি ভাবিছো ম‍ই!
লাহে— নহ'ব মিতিৰ।
মনে— ময়ো নোৱাৰিম মিতিৰ।
লাহে— তেনেহলে মিতিৰ গুণা ছিগিবইনে ইমানতে?
মনে— ছিগিবলৈ দিব নোৱাৰি মিতিৰ। ভাবা—–ভাবা, এতিয়া কি কৰিব পাৰি ভাবা।
দুয়ো— ( অলপ পৰ ভাবি ) পাইছো মিতিৰ, পাইছো পাইছো। এ-কে- দি-না-ই।
মনে— হয়, একে দিনাই মিতিৰ।
লাহে— ঠিক কথা মিতিৰ, একে দিনাই দুইখন বিয়া, দুইৰো।
মনে— এইবাৰ কথা গজগজীয়া মিতিৰ।
লাহ― হয় মিতিৰ, গজগজীয়া।

—গীত—

মনে— মিতিৰ তোমাৰে লেখীয়া নাই।
লাহে— মিতিৰ তোমাৰো লেখীয়া নাই।
দুয়ো— আমাৰে লেখীয়া নাই নাই মিতিৰ ঐ, আমাৰে লেখীয়া নাই।
মনে— তুমি সৈয়া কনি।
লাহে— তুমিনো কম কেনি?
মনে— ৰাম, সাত ঘাটৰ চেঙেলী তুমি।
লাহে— বোলাঁ সাত ঘাটৰ চেঙেলী আমি।
দুয়ো— সাত ঘাটৰ চেঙেলী আমি দুয়ো ঐ, আমাৰে লেখীয়া নাই।

—: অঙ্ক সমাপ্ত :—

 

তৃতীয় অঙ্ক।
১ম দৃশ্য—ফুলনি।
[ আসনত প্ৰভাৱতী, মধুমতী আৰু চন্দ্ৰাৱতী। ]
—লিগিৰীৰ নৃত্য-গীত—

কুসুমে অলিয়ে কিনো কথা পাতে
 কোনেনো বুজিব পাৰে,
আহিলে কলীয়া নেমাতে কুসুমে
 মুখতে কথাটি হৰে।
পাতৰ আঁৰতে লাজুকী কুসুমী
আহিছে বুলিয়ে থাকে ঘামি জামি,
গালৰ মুকুতা লাজতে নিজৰি
 দুবৰি বনতে সৰে।
ভোমোৰা কোঁৱৰে, সন্ধিয়া আহিলে,
থাকিবা বুলি কৈ মেলানি মাগিলে,
লাজুকী বাউলী, দেহাৰ পোৰণি
 মলয়া আহিহে মাৰে।

[ গীত চলি থাকোতেই মধুমতীয়ে প্ৰভা আৰু চন্দ্ৰাক কাণে কাণে কিবা কয়; সকলোৱে হাঁহে ]

মধু— ( গীতৰ শেষত প্ৰভাক) সখী, মই কোৱা কথাটো এতিয়া কৰোঁ দেই।
প্ৰভা— (হাঁহি ) বাৰু।
মধু— হে'ৰ তহঁতৰ এজনীয়ে সখীয়ে মাতিছে বুলি ৰেৱতীক মাতি আনগৈচোন; যা, বেগতে আহিবি। ( এজনী লিগিৰী এফালে যায়। —আন জনীক ) আৰু তই যা, মোলোকাক মাতি আনগৈ।
লিগিৰী— কোনে মাতিছে বুলি কম? আপোনাৰ কথা কমনে, আইদেউৰ কথা কম?
মধু— সখীয়ে মাতিছে বুলি কবি। বেগতে আহিবি। তাক এৰি নাহিবি, লগতে আনিবি; যা। (আনফালে লিগিৰীজনী যায়। বাকী কিজনীক ) তহঁত সৌ খিনিতে লুকাই থাকগৈ; মই মাতিলেই আহিবি। ( সিহঁত এফালে যায় )

[ ৰেৱতী আৰু প্ৰথমজনী লিগিৰী আহে ]

ৰেৱতী— মোক বোলে মাতিছে আইদেৱে?
মধু— ৰ অলপমান, এটা কথা আছে।

[ বিপৰীত ফালৰ পৰা মোলোকা আৰু দ্বিতীয়জনী লিগিৰী আহে ]

মোলোকা— ( ৰেৱতীক দেখি অলপ লাজ কৰি ) আইদেৱে কিহলৈ বা মাতিছিলে?
মধু— সখীয়ে তোক কথা এটা সুধিবলৈ মাতিছে; মোকে সুধিবলৈ কৈছে। তই বোলে ৰেৱতীক বিয়া কৰাব খুজিছ, হয়নে?

[ ৰেৱতীয়ে তলমূৰ কৰে ]

মোলোকা— ( মূৰ খজুৱাই ) এৰা—কিবা বুলিছেনে—হয় আইদেউ।
মধু— আইতাক অথনি সুধিছিলিগৈ নহয়, কি ক'লে, আইতাই?
মোলোকা— কৈছে আইদেৱে।
মধু— বাৰু, তই এতিয়া সৌখিনিতে থিয় হ। (মোলোকা মাজলৈ গৈ থিয় হয়) ৰেৱতী, তয়ো মোলোকাৰ বাও ফালে থিয় হ,
যা। ( ৰেৱতী লাজ কৰি নেযায়) যা। ( ৰেৱতী নেযায় ) (মধুমতীয়ে তেতিয়া লিগিৰীক কয় ) তহঁতে এইক ধৰি নি থিয় কৰাই দে। ( লিগিৰী দুজনীয়ে কৰে। ৰেৱতীয়ে লাজতে মুখ ঢাকি কুচি-মুচি থিয় হৈ থাকে।—বাহিৰলৈ ) হে'ৰ তহঁত আহ এতিয়া। ( বাহিৰৰ লিগিৰীবোৰ আহে ) তহঁত কেউজনীয়ে ইহঁত দুটাক মাজত লৈ ভাল চাই গীত এটা গা। তাৰ আগতে আৰু এটা কাম কৰ, ইহঁতৰ কাপোৰে কাপোৰে বান্ধি দে। (লিগিৰীবিলাকে বান্ধি দিয়ে) গা এতিয়া তহঁতে।

—লিগিৰীহঁতৰ নৃত্য-গীত—

ৰতনে ৰতনে আজি মিলিছে ৰতন,
হৰিষতে আজি মন আমাৰো মগন।
 দুয়োটিয়ে মিলি পৰি
 উঠিছে জেউতি চৰি
চাই যোৱাঁ আজি এই মধুৰ মিলন।
 আমাৰো নৰম ফেবি
 যাচিছোঁ গীততে ধৰি
ল'বা হে’ৰা দুয়োটিয়ে যুগল-ৰতন,
সোণত সুৱগা দুয়ো জুৰুৱা নয়ন।

মধু— এতিয়া তহঁতৰ এজনীয়ে ৰেৱতীৰ আচলত ধৰি নাম গাই লৈ যা। এজনীয়ে কইনা ধৰ; মোলোকা এনেয়ে যাওক। বাকী কিজনী পাচে পাচে যা। আইতাৰ ওচৰলৈ লৈ যাবি; আমি আগতে কওগৈ। (প্ৰভাক) আহা সখী। (প্ৰভা, চন্দ্ৰা আৰু মধু যায়গৈ। লিগিৰীহঁতে কোৱাৰ দৰেই সকলো কৰে। )

—নাম—

 ৰাম কৃষ্ণ, লাইনে ধেৰুৱা
 ৰাম কৃষ্ণ, তিৰোতা সেৰুৱা
হৰি মোৰ ঐ আইদেউৰ পাচে পাচে গ'লা।
 ৰাম কৃষ্ণ, য’লৈকে নিয়ে ৰাম
 ৰাম কৃষ্ণ, ত’লৈকে যাবা ৰাম
হৰি মোৰ ঐ ভাৰ্য্যাৰ অধীনে হ'লা।
 ৰাম কৃষ্ণ, শোকোতা পচলা
 ৰাম কৃষ্ণ, মোলোকা পিচলা
হৰি মোৰ ঐ এৰাল ছিঙি যাব চাবা।
 ৰাম কৃষ্ণ, গ'লে পঘা ছিঙি
 ৰাম কৃষ্ণ, আকৌ ধৰি আনি
হৰি মোৰ ঐ চকুত জলকীয়া দিবা।

[ সকলোৰে প্ৰস্থান ]

 

—:পট:—

 

২য় দৃশ্য—ধনেশ্বৰৰ ঘৰৰ বাৰাণ্ডা।
[ গীত গাই গাই প্ৰীতিকণ্ঠ সোমাই আহে। ]
— গীত —

ৰুণু ঝুণু ৰুণু ঝুনু নূপুৰ ধ্বনি,
চিৰ মন বিৰাজিনী আৱল ৰাণী।

অনুৰাগ ভৰামতী সুধীৰ গামিনী
সলাজ চৰণ গতি অৰুণ বৰণী
স্বপন স্বৰূপ দোহো মূৰুতি ধাৰিণী
 আৱল বান্ধৱ, হৃদয় ৰাণী,
 উঠত ৰুণু, ঝুণু নূপুৰ ধ্বনি।

প্ৰথম প্ৰণয় পূত কুসুম আহৰি
নবীন হৃদয় গীতি কবিতা লহৰি,
বিৰচ আসন সখি সুৰভি বিতৰি,
 উঠত মঙ্গল মিলন বাণী,
 আৱল বান্ধৱ, হৃদয় ৰাণী।

 [প্ৰস্থান ]

—:পট:—

 

৩য় দৃশ্য—নৈৰ ঘাট।

[ ভিতৰৰ পৰা “জলভৰি যশোদা, পিচলৈ নেচাবা” নামৰ জাত শুনি—মনবৰ আৰু জুৰমনৰ প্ৰবেশ। ]

মনবৰ— ( নামৰ শব্দ অহাৰ বিপৰীত ফালে চাই) হে'ৰ দুলীয়া, দোলা ঠিক কৰ, দোলা ঠিক কৰ। আইদেউসকল আহিছে।
জুৰমন— হে’ৰ, আইদেউৰ দোলাখন অলপ এহেলৈ থ। আগতে পানীডোঙা দেখা নাইনে? পানী খচকি যাবনে আইদেৱে! হোহোকা।

[ নাম গাই গাই কাঞ্চনমতী, মধুমতী, চন্দ্ৰাৱতী আৰু লিগিৰীহঁত সোমাই আহে। কাঞ্চন, মধু আৰু চন্দ্ৰাৰ হাতত পানী তোলা টেকেলি—এজনী লিগিৰীৰ হাতত এটা দুণৰি; তায়ে সকলোৰে আগ। নাম গাই গাই সকলোৰে বিপৰীত ফালে প্ৰস্থান। মনবৰ আৰু জুৰমনো লগতে যায় কিন্তু পাচত ঘূৰি আহে। ]

—নাম—

জলভৰি যশোদা পিচলৈ নেচাবা, ঐ ৰাম,
 সাগৰো আহিব ভাগি হে।
জলে এৰি দিয়া জলে নাৰায়ণী, ঐ ৰাম,
 তীৰতো নপৰা ৰাখি হে।
পাঞ্চ বৰণীয়া পাচোট টেকেলি, ঐ ৰাম,
 শিলা বৰণীয়া পানীহে।
ৰত্নৰে কলসি বসনে মলচি, ঐ ৰাম,
 অঞ্চলে লৈ যাবা ঢাকি হে।

গঙ্গা-জল আনিছোঁ, গয়া-জল আনিছোঁ, ঐ ৰাম,
 আৰু জল আনিছো কাশী হে।
গঙ্গা ভাগীৰথী মাথত লৈ আহিছোঁ, ঐ ৰাম
 লোৱাহি শিৰতে বাকি হে।

[ প্ৰস্থান ]


[ মনবৰ আৰু জুৰমন ঘুৰি আছে ]

মনবৰ— মনটো বৰ ভাল লাগিছে পাই।
জুৰমন— নেলাগিবনে? প্ৰভা আইদেউৰ, সাঁচি নিজৰ গৃহস্থৰ জীয়েকৰ বিয়া, এইটোনো কম ৰঙৰ কথানে? মোৰো কি কৰো কি নকৰো লাগিছে।
মন— তোৰো ভাল লাগিছে, মোৰো ভাল লাগিছে। আহ তেনে কাম এটা কৰো।
জুৰ— কি কৰিবি?
মন— দে পাক এটা, মই নাম ধৰো।
জুৰ— হওতে যেনেকুৱা ৰং লাগিছে, পাক এটানো কি কথা। দিওনে?
মন— দে, দে। মই নাম ধৰিছো, ধৰ তই।

[ মনবৰে চাপৰি বজাই ৰজাই যোজোনা আৰু নাম দিয়ে; জুৰমনে নাচে ]
—নাম—

মইনাৰ বাতৰি  নেপাও ভালে কৰি
 ভাটীত বেহাবলৈ গৈ,
চৰাই হলোহেঁতেন  উৰি গলোহেঁতেন
 মাজত বাৰিষাৰ নৈ॥

হাতৰে আঙুলি  তেজালি তেজালি
 ভৰিৰে আঙুলি ঘন,
কোনজন ঈশ্বৰে  তোমাক সৰজিলে
 চায়েনো থাকিবৰ মন॥

তেল পৰি পিচলে  তোমাৰে বৰণটি
 আছে তিৰেবিৰে কৰি,
তোমাৰে নিচিনা  ক'তো নেদেখিলো
 উজনি নামনি ঘূৰি॥

লোহাতে বিন্ধিলে  লোহাৰে মামৰে
 বাঁহতে বিন্ধিলে ঘুণে,
কপালৰ লেখনি  ফুৰো দূৰে দূৰে
 চাঁচিনো গুচাব কোনে॥

বিৰে বিৰে কৰি  বতাহ জাক মাৰিলে
 জ্বলিলে নুমুৱা জুই,
চকুত নাই টোপনি  তোমাৰে চিতনি
 দেখিমেনো কেতিয়া ঐ॥

 

—পট—

 

৪ৰ্থ দৃশ্য—লাহেশ্বৰ আৰু মনেশ্বৰৰ নতুন ঘৰ।

[ মনেশ্বৰৰ প্ৰবেশ ]

মনেশ্বৰ— এওঁ মিতিৰো আমাৰ কম নহয়। ভনীয়েকক বৰ পেৰাৰ ভিতৰত ৰখাদি ৰাখিছে নহয়, ক'ৰবাত মই এষাৰ কথা পাতো বুলি। এতিয়ানো বাৰু লগতে লৈ যাব পায়নে? বাৰু, মই চাইহে আছো; বিয়াখন হৈ যাওক, তেতিয়া ময়ো পাৰিম। (ৰৈ) মিতিৰ বাৰু ইমান পৰে নোলালহি কিয়? আকৌ কিবা হ'লনেকি? এটা কাম কৰো, পাচফালৰ তামোল গছ জোপাত উঠি চাওগৈচোন দূৰত দেখিনে নেদেখি। ( যায় )

[ বিপৰীত ফালৰ পৰা লাহেশ্বৰ আহে ]

লাহেশ্বৰ— ভাল কথা হ'ল! কি কৰো এতিয়া! উস্‌, মোৰ মূৰটো ‘অচন্দাই' কৰিছে। (বহি অলপ ৰৈ, ভিতৰলৈ) বোলো মিতিৰ, চাও এইফালে আহাঁচোন এবাৰ, কথা এটা শুনি যোৱাহি।

[ মনেশ্বৰ আছে ]

মনে— দেউৰ তাৰ পৰা আহিলাগৈনে? কি ক'লে বাপুদেৱে?
লাহে— আহিলোগৈ। বাপুদেৱে 'অতিপাত' কথা কৈছে। মোৰ মূৰটো ‘অচন্দাই’ কৰি আছে, কথাটো শুনাৰে পৰা।
মনে— কোৱাচোন কি ক'লে, শুনো।
লাছে— দুয়ো দৰা হ'লে বোলে ছোৱালী দান দিব কোনে? সেইদেখি একে দিনাই দুইখন বিয়া হ'ব নোৱাৰে।
মনে— কি! কি ক'লে!! একেদিনাই দুইখন বিয়া হব নোৱাৰে!!!
লাহে— এৰা, বোলে হ'ব নোৱাৰে।
মনে— উস্! (বহি পৰে )
লাহে— (ৰৈ ) কি হ'ব এতিয়া মিতিৰ?
মনে— এৰা মিতিৰ, এতিয়া কি হ'ব? কি কৰো?
লাহে— কি কৰিমনো বুলি ভাবিছা?
মনে— তুমিনো কি ভাবিছা?
লাহে— মোৰ গাত হুচ্‌​ নাই মিতিৰ।
মনে— মোৰো তেনেকুৱাই মিতিৰ।
লাহে— তেও ভাবা মিতিৰ।
মনে— তুমিও ভাবা। (দুয়ো ভাবে, অলপ পাচত—)
লাহে— হ'লনে মিতিৰ, কিবা পালানে?
মনে— তোমাৰ একা?
লাছে— মই এটা পাইছোগৈ। ( উঠে )
মনে— মোৰো এটা উঠিছেগৈ। ( উঠে )
লাহে— কোৱাঁচোন কি উঠিছে।
মনে— তুমি বাৰু কোৱাঁচোন কি পাইছা?
লাহে— তুমিয়েইচোন আগেয়ে কোৱাঁ।
মনে— নহয়, আগেয়ে তুমি কোৱাঁ।
লাহে— মই নকওঁ, তুমি কোৱাঁ।
মনে— নহয়, তুমি কোৱাঁ।
লাহে— মোৰ এক কথা।
মনে— মোৰো এক কথা।
লাহে— (ৰৈ) তেনে এটা কাম কৰা, তুমি কাণে কাণে কোৱাঁ।
মনে— তুমিও কাণে কাণে কোৱা।
লাহে— একে লগে।
মনে— ও, একে লগে।
লাহে— আহা কও।
মনে— ময়ো কওঁ আহাঁ।

 [ দুয়ো কাণে কাণে কৈ “মিতিৰ” “মিতিৰ” বুলি দুয়ো দুইকো সাবটি ধৰে ]

লাহে— তেনে মিতিৰ, আজিয়েই।
মনে— হয় মিতিৰ, আজিয়েই।
লাহে— নহয় মিতিৰ, এতিয়াই।
মনে— হয় মিতিৰ, এতিয়াই।
লাহে— আৰু এটা কথা কওঁ।
মনে— ময়ো কওঁ।
লাহে— মই কাণে কাণেহে কম।
মনে— ময়ো কাণে কাণেহে ক'ম। ( কয়—অলপ বেচিপৰ )
মনে— ঠিক?
লাহে— ও, ঠিক।
মনে— তেনে মাতা তুমি।
লাহে— তুমিও মাতা।
মনে— (ভিতৰলৈ ) হে'ৰ লাহৰী, চাওঁ এইফালে আহ।
লাহে― ( ভিতৰলৈ) হে'ৰ মানিকী, চাওঁ এইফালে আহ।
দুয়ো— এতিয়াই, থিতাতে আৰু।

 [ এফালৰ পৰা লাহৰী আৰু সিফালৰ পৰা মানিকী আছে ]

দুয়ো— ( মানিকীহঁতক ) তহঁত দুইজনী সোঁ-মাজতে শাৰী পাতি থিয় হ। ( দুয়ো থিয় হয় )
দুয়ো— (নিজৰ তৰ্জ্জনী আঙুলীটো মেলি দেখুৱাই ) এইদৰে হাত মেল। (দুয়ো মেলে )
দুয়ো— তহঁত অলপ ৰ, আমি আহিছোঁ।

[ মানিকী থকাফালে মনেশ্বৰ আৰু লাহৰী থকাফালে লাহেশ্বৰ
ওলাই গৈ থিতাতে সোমাই আহে। মনেশ্বৰ
মানিকীৰ ওচৰত আৰু লাহেশ্বৰ লাহৰীৰ
ওচৰত থিয় হয়। ]

লাছে— মিতিৰ ধৰাঁ।
মনে— ও ধৰাঁ মিতিৰ।
দুয়ো— এক—দুইতিন

 [ তিনি বোলাৰ লগে লগে মনেশ্বৰে মানিকীৰ আৰু লাহেশ্বৰে লাহৰীৰ আঙুলীত একোটা আঙুঠী পিন্ধাই দিয়ে ]

দুয়ো— এক—দুই—তিনি—
মনে— এতিয়া চকু মেলোনে?
লাহে— মেলাঁ। ময়ো মেলোঁ।
দুয়ো— ( মানিকীহঁতক) ভিতৰলৈ যা এতিয়া তহঁত।

[ যি যি ফালৰ পৰা আহিছিল সেই সেই ফাললৈ
মানিকী আৰু লাহৰী যাব খোজে
তাকে দেখি ]

দুয়ো— ৰ ( মানিকী আৰু লাহৰী ৰয় )
মনে— ( মানিকীক) তই সিফালে যা। ( যাব খোজাৰ বিপৰীত ফালে, পঠিয়াই দিয়ে )
লাহে— ( লাহৰীক ) তই সিফালে যা। ( যাব খোজাৰ বিপৰীত ফালে পঠিয়াই দিয়ে )
মনে― ( ৰৈ, হাঁহি ) পকা মিতিৰ ঔ।
লাহে― (হাঁহি ) পকা মিতিৰ ঔ।
মনে— ধৰা এষাৰ।
লাহে— তুমিও ধৰা এষাৰ।

—দুইৰো গীত—

মনে― ( যোৰ ) ভনীজনী থকা বাবেহে পালোহি তিৰোতাজনী।
লাহে— ময়ো এজনী তিৰোতা ঘটিলো আছিল বাবেহে ভনী।
মনে— বুইছা মিতিৰ, জিকিলো মই।
লাহে— নহয় মিতিৰ, জিকিলো মই।
মনে— গমকে নেপালা, মোৰ ভনীৰ নখ এটা মৰা।
লাহে— হেঃ হেঃ হেঃ হেঃ যোৰ ভনীৰো গুৰি দাতটো সৰা।
দুয়ো— ( আমি ) ৰতনপুৰৰ দুয়ো ৰতন, আচল ৰতন-জোৰা॥

[ গীতৰ শেষত মনেশ্বৰে মানিকী মানিকী বুলি মানিকী যোৱা ফালে, মাৰু, লাহেশ্বৰে লাহৰী লাহৰী বুলি লাহৰী যোৱা ফালে লৰ মাৰে। ]

 

—:পট:—

 

৫ম দৃশ্য–লক্ষেশ্বৰৰ ঘৰৰ সুসজ্জিত কোঠা।

[ মাজতে ভাল ঢলা বিচনা পৰা আছে; তাতে, ৰত্নেশ্বৰ, প্ৰভাৱতী, মধুমতী আৰু চন্দ্ৰাৱতী বহি আছে। লিগিৰীবোৰ তেওঁলোকৰ দুই দাতিয়ে দুশাৰী হৈ বহি আছে ]

মধু— ( ৰত্নক ) সখীক আপুনি নিবই। আজিয়েই আমি আৰু সখীৰ সৈতে ৰং ধেমালি কৰি লওঁ। ( ঠাট্টা কৰি ) আপুনি আকৌ বেয়া পাবনেকি? ( ৰত্নেশ্বৰে নেমাতে )
চন্দ্ৰা— (ৰৈ) আপুনি বেয়া পালে বাৰু নেলাগে। লোকৰ বস্তুত জানো আমি বল কৰিব পাৰো? কি বোলা সখী?
ৰত্ন— নাই নাই মই অলপো বেয়া নেপাও। (ৰৈ) মই বাৰু তেনে অইন এঠাইতে বহোগৈ, আপোনালোকে——
চন্দ্ৰা— কলৈ যায় আপনি?
মধু— (হাঁহি) আপুনি গ'লে আৰু আমাৰ সখী থাকিবনে?
ৰত্ন— (হাঁহি) জানো আপোনালোকে কি কথাবোৰ কয়। মই থাকিলে জানোচা আপোনালোকে আমনি—
মধু— আপুনি বৰ সুন্দৰকৈ কথা ক'ব জানে। ৰাধা শ্যাম দুইকো লাগে আমাক, তেহে এই মিলন উৎসৱৰ জেউতি ফুটি পৰিব; নেযাব আপুনি।
ৰত্ন— ভাল বাৰু মই আছো তেনেহলে।
চন্দ্ৰা— ( মধুক ) এতিয়া আৰু ৰৈ থাকিব লাগিছে কিয়?
মধু— তুমি লৈ আহাগৈ যোৱাঁ। ( চন্দ্ৰা যায় )
মধু— ( লিগিৰীহঁতক ) তহঁতে ভাল চাই গীত এটা ধৰচোন৷ আৰু,
তহঁতে যে নাচিব জান তাকো এখেতে জানি যাব লাগে; বুজিছনে?

[ চন্দ্ৰাই এখন ঢকা শৰাই আনি মধুৰ ওচৰত থয়হি। পাচত আগেয়ে বহা ঠাইলৈ গৈ বহে ]

মধু— ( লিগিৰীহঁতক ) হে'ৰ তহঁতে গা এতিয়া।

—লিগিৰীহঁতৰ নৃত্য-গীত—

আহিছে সখীয়া চোৱাঁ চকু তুলি
 ওৰণি সামৰি থোৱা,
লাজতে নেমাতি নৰবা সুৱাগী
 মনৰে কথাটি কোৱাঁ।
চকুতে চকুটি থই দুয়োজনে
এখনি সৰগ সাজা মনে মনে,
মধুৰ মলয়া, ফুলৰ সুবাস
 ওপৰে জোনটি লোৱাঁ।
মালতী পাহীয়া দলিচা খনিতে
আপোন পাহৰি বাহুৰ মালাতে
ক'বা যিটি কথা, শুনা কি নুশুনা,
 তাকে কাণে কাণে কোৱাঁ।

মধু— (গীতৰ শেষত শৰাইখনৰ ঢাকোন খুলি দুধাৰ মালা উলিয়াই এধাৰ ৰত্ন আৰু ইধাৰ প্ৰভাৰ হাতত দি) এতিয়া দুয়ো দুইৰো ডিঙিত পিন্ধাই দিয়ক। (তেওঁলোকে লাজত নিপিন্ধায়) পিন্ধালেহে আমাৰ সন্ধীক পাব।
চন্দ্ৰা— নহ'লে আমাৰ সখীক যাবলৈ নিদিওঁ।
[ ৰত্ন আৰু প্ৰভাই তেও লাজতে নিপিন্ধায়; পাচত মধু আৰু চন্দ্ৰাহঁতে ধৰি দুইৰে৷ হতুৱাই দুইকো পিন্ধাই দিয়ে। সকলোৱে উৰুলি দিয়ে ]
মধু– (লিগিৰীহঁতক) হে'ৰ এইবেলি মালা পিন্ধোৱাৰ সৈতে মিলাকৈ ভাল গীত এটা গা।
চন্দ্ৰা— (ৰত্নক) আপুনি বাৰু আমাৰ ইয়াৰ গীতবোৰ ভাল পাইছেনে?
ৰত্ন— হয়, মোৰ বৰ ভাল লাগিছে।
মধু— (ৰত্নক) তেনেহলে সখীক ক'ব, সখীয়ে ইয়াতকৈয়ো ভাল গীত গাই শুনাব পাৰিব। (লিগিৰীহঁতক) হে'ব, যা তহঁতে।

( লিগিৰীহঁতৰ নৃত্য-গীত )

দেখি আজি অৰুণৰ প্ৰভাতী খেলা
ৰচিছো এধাৰি ধীৰে কবিতা মালা।
 কুসুম সুবাস আনি
 দিয়া নাই তাত সানি
প্ৰীতিৰ পৰাগে পূৰ, যাচিছোঁ মালা,
বুজিলে বুজিম প্ৰিয়, তোমাৰে বোলা।
 সুকোমল ভাবে ভৰা
 মুকুতা মৰহি পৰা
কবিতা-মুকুতা-ধাৰি তোমাৰে মিলা,
মৰম গীতিকা এই তোমাৰে মালা।

 

—যবনিকা—

[ নবেম্বৰ, ১৯৩৭

এই লিখকৰ অন্যান্য কিতাপ।



মেঘদূত—( মহাকবি কালিদাসৰ "মেঘ")
 প্ৰাঞ্জল, সচিত্ৰ অসমীয়া।
মিলিটেৰী প্ৰেম— ( ধেমেলীয়া নাটক) ছপা হৈছে।
ৰত্নাকৰ— ( নাটিকা ) ছপা হৈছে।
'সীতা― ( নাটিকা; ২য় তাঙৰণ ) ছপা হৈছে।
মালঞ্চ— ( গানৰ কিতাপ ২য় তাঙৰণ, ছপা হৈছে।
সোণৰ ৰেখনি— ( নাটক ) —অলপতে ছপা হ'ব।
ৰাইবাহাদুৰ— ( সামাজিক নাটক )
 —অলপতে ছপা হ'ব

 

 স’ল প্ৰেজেন্ট:—
 দৰ্পণ প্ৰেচ,
 যোৰহাট, অসম।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )