প্ৰগতিৰ গান

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
[  ]
[  ]

॥ প্ৰগতিৰ গান॥

 

উমেশ বৈশ্য

 
 


বিৰুবাৰী
গুৱাহাটী-১৬

[  ] PRAGATIR GAN : A collection of patriotic songs written by

UMESH BAISHYA and published by Rina Baishya, JEEVAN JYOTI SANGIT ASHRAM, Birubari, Guwahati-16.


॥ প্ৰগতিৰ গান॥
(এখনি দেশপ্ৰেমমূলক গীতৰ পুথি)
লিখক — উমেশ বৈশ্য

  • প্ৰকাশিকা : শ্ৰী ৰিণা বৈশ্য


  • প্ৰকাশন : জীৱনজ্যোতি সঙ্গীতাশ্ৰম

 বিৰুবাৰী, গুৱাহাটী-১৬

  • প্ৰথম প্ৰকাশ : ২০ ফেব্ৰুৱাৰী ২০১০ চন


  • বেটুপাত : শ্ৰী প্যাৰী মোহন ডেকা


  • © : প্ৰকাশিকাৰ দ্বাৰা সৰ্ব্বস্বত্ব সংৰক্ষিত


  • মুদ্ৰক : অমৰজ্যোতি প্ৰিন্টাৰ্ছ

 গুৱাহাটী-৭৮১০০৩

  • মূল্য : ৬৫.০০ টকা
[  ]

উমেশ বৈশ্য

জন্মঃ ৩ অক্টোবৰ, ১৯৩৯ ইং মৃত্যুঃ ১ আগষ্ট, ১৯৯৮ ইং
 বালিলেছা, বিৰুবাৰী
 নলবাৰী-৭৮১৩৩৫ গুৱাহাটী-৭৮১০১৬

[  ]
 

উছৰ্গা

মুকুতি যুঁজত ৰঙাফুল হৈ
মাতৃভূমিক চুমি
প্ৰাণ আহুতি দিয়া
বীৰ শ্বহীদ সকলৰ
স্মৃতিত।

[  ]
 

সমাজৰ হেৰ পৃষ্ঠপোষক
কবি শিল্পী মান্যবৰ
প্ৰাণৰ আপোন দেশ ৰাখিবলৈ।
শক্তিশালী কলম ধৰ॥

[  ]  ...........সহজ-সৰল আৰু সাৱলীল ভাষা, গীতিময় ছন্দ আৰু জীৱন্ত আবেগৰ

আবেদন গীতবোৰৰ বৈশিষ্ট্য।... গীতিকাৰৰ উদ্দেশ্য দেশসেৱা। অসমবাসীক হেৰোৱা অতীতৰ গৌৰৱৰ প্ৰতি সজাগ কৰি বৰ্ত্তমানৰ অৱসাদ আৰু এলাহৰ পৰা জাগি উঠিবলৈ আৰু শত্ৰুৰ আক্ৰমণৰ পৰা দেশ ৰক্ষা কৰিবলৈ তেখেতে উদাত্ত আহ্বান দিছে।.......

ড° হীৰেন গোহাঁই

১০/১১/৯০


 ............এই কাম জটিল হলেও মূৰ পাতি লোৱাৰ কাৰণ হ’ল শ্ৰী বৈশ্যৰ সঙ্গীত চৰ্চাৰ প্ৰতি থকা আন্তৰিকতা। তেওঁ অৰ্থ, খ্যাতি বিচৰা নাই, নীৰৱে তেওঁ তেওঁৰ কাম কৰি আছে৷........বৈশ্যৰ গানবোৰত বৰ্ত্তমান অসমৰ পৰিস্থিতিৰ সুৰীয়া প্ৰতিধ্বনি আছে। সেইবুলি তেওঁৰ ক’তো উগ্ৰতা নাই। তেওঁৰ দৃষ্টিৰ আলিবাটে অসমৰ সীমা অতিক্ৰম কৰিছে।....... জাতি-উপজাতিৰ মাজত বিভেদ, অৰ্থনৈতিক দুৰৱস্থা, সংস্কৃতিৰ বিকৃতি, যুৱ-মানসিকতা এনেবোৰ প্ৰসঙ্গ তেওঁৰ গানৰ ভাষাত ফুটি উঠিছে।...

নলিনীধৰ ভট্টাচাৰ্য

১১/১/৯১

[  ]

মোৰ দু আষাৰ

 সৰুৰে পৰা সঙ্গীতৰ প্ৰতি মোৰ এটা অনুৰাগ আছে। ছাত্ৰ জীৱনত এটা দীঘলীয়া সময় প্ৰণালীবদ্ধভাৱে সঙ্গীত সাধনাৰ মাজতে অতিবাহিত কৰোঁ। কিন্তু জীৱনৰ নানা ঘাট-প্ৰতিঘাতত সাধনা ৰূপ লৈ নুঠিল। পিছে সাধনা ৰূপ লৈ নুঠিল সঁচা, কিন্তু ই মৰা-সুতিৰ দৰে ঝিৰ-ঝিৰ কৈ বৈ থাকিল। সেয়েহে এৰো-এৰো বুলিও ইয়াক এৰিব পৰা নাই।

 সঙ্গীত চৰ্চাৰ আবেগময় সময়চোৱাত বিভিন্ন পৰিবেশত বিভিন্ন প্ৰয়োজনৰ তাগিদাত কিছুমান গীত লিখিছিলো। গীতবোৰৰ কেইটামান মোৰ প্ৰথম সঙ্গীতৰ গুৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথিতযশা শিল্পী চৈয়দ জমিৰুদ্দিন আহমেদদেৱক দেখুৱাইছিলোঁ।

 কেইটামান গীত মই নিজে সুৰ কৰি নিজে নিজে গাই পুলক অনুভৱ কৰিছিলোঁ। মোৰ প্ৰতিবেশী সঙ্গীতৰ সতীৰ্থ বন্ধু মাণিক দত্তই মোৰ সুৰে সুৰে গীতবোৰ নিজেও গালে আৰু আনকো শুনালে। শান্তি সাধনা আশ্ৰমৰ গুৰিয়াল শাস্ত্ৰজ্ঞ পণ্ডিত হেমভাইৰ নেতৃত্বত চলা সংস্কাৰমূলক অভিযানসমূহৰ জৰিয়তে সমগ্ৰ অসমত আৰু বৃন্দাবন আদি ভাৰতৰ কেইবা ঠাইতো কেইটামান গীতে সমাদৰ লাভ কৰিছে। মোৰ গীতক [  ] সাদৰে প্ৰচাৰ কৰোতা এই সকল ব্যক্তিলৈ মোৰ কৃতজ্ঞতা থাকিল।

 গীতসমূহ লিখোতে আজিকালিৰ সহজ ব্যাখ্যাৰ ঠাইত আঙ্গিকলৈ লক্ষ্য কৰিলে অপৈণত লিখকৰ কেতিয়াবা কেতিয়াবা স্বতঃস্ফুৰ্ত ভাবাবেগ উজুটি খায়। মোৰো তেনেই হৈছে। দক্ষ সুৰকাৰে অলপ কষ্ট কৰিলে গীতবোৰ গাব পৰা যাব বুলি এটা আশা ৰাখিছোঁ। কেইটামান গীত অলপ দীঘলীয়া হৈছে। কথাবস্তু খিনিৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি সেইকেইটা ছুটি কৰিবলৈ ইচ্ছা নকৰিলোঁ। এনেবোৰ কাৰণত মোৰ যদি কিবা দোষ ত্ৰুটি হৈছে তাৰ বাবে সহৃদয় পঢ়ুৱৈ সমাজ আৰু শিল্পী সমাজৰ ওচৰত মাৰ্জনা বিচাৰিলোঁ।

 অৱশেষত কিঞ্চিৎ পৰিমানে হলেও সমাজৰ উপকাৰ হোৱা বুলি জানিব পাৰিলে মোৰ শ্ৰম সাৰ্থক হোৱা বুলি ভাবিম।

উমেশ বৈশ্য

[ ১০ ]

প্ৰকাশিকাৰ ক’বলগীয়া

 আৰ্থিক দৈন্যতা আৰু শাৰিৰীক অসুস্থতাত ভূগিও দেশ মুক্তিৰ বাবে সত্তৰ দশকৰ পৰা আৰম্ভ কৰি নব্বৈ দশকলৈ এই বিস্তৰ সময়ছোৱাৰ ভিতৰত লিখি সন্নিৱিষ্ট কৰি যোৱা বৈশ্যদেৱৰ “প্ৰগতিৰ গান” আজি প্ৰায় দুটা দশক ধৰি পেৰাৰ চুকতে পৰি আছিল। পাণ্ডুলিপিৰ পাত লুটিয়াই দেখিলোঁ “প্ৰগতিৰ গান” পুথি আকাৰত সজাই-পৰাই উলিয়াই দিবলৈ লেখকে একো বাকী এৰা নাছিল। জীৱিত কালতে হয়তো ইয়াক ছপা ৰূপত চোৱাৰ হেঁপাহেৰে নিজ হাতে পাণ্ডুলিপিটো প্ৰস্তুত কৰি লৈছিল। কিন্তু এই আশা মুখ্যতঃ আৰ্থিক দিশত স্বচ্ছল নোহোৱাৰ বাবে তেওঁ পূৰ্ণ কৰিব নোৱাৰিলে।

 শিল্পী গৰাকীৰ ত্যাগ, সাধনা, দূৰদৰ্শিতা আৰু দেশপ্ৰেমৰ প্ৰতি শ্ৰদ্ধা জনাই আৰু বৰ্ত্তমানেও এনেধৰণৰ গীতৰ প্ৰয়োজনীয়তাৰ অনুভৱ কৰি মই পুথিখনি প্ৰকাশৰ দায়িত্ব ললোঁ। এই সন্দৰ্ভত মই বিভিন্ন গুণীজনৰ ওচৰত দিহা-পৰামৰ্শ বিচাৰিও উপকৃত হৈছো। পুথিখনিৰ ওপৰত অসমীয়া সাহিত্য জগতৰ পুৰোধা ব্যক্তি ক্ৰমে ড° হীৰেন গোহাঁই আৰু শ্ৰীযুত নলিনীধৰ ভট্টাচাৰ্যদেৱে আগবঢ়োৱা অভিমতকো মই শ্ৰদ্ধাৰে কৃতজ্ঞতা জনাইছোঁ। শেহতীয়াভাৱে ’সুগন্ধি পখিলা’ৰ কবি তথা বিশিষ্ট গীতিকাৰ শ্ৰীযুত হীৰেন ভট্টাচাৰ্যদেৱে পুথিখনিৰ প্ৰতি আগবঢ়োৱা দিহা-পৰামৰ্শৰ বাবে তেখেতলৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ।

 অতি আগ্ৰহেৰে পুথিখনিৰ বেটুপাতটি অঙ্কন কৰি দিয়াৰ বাবে শ্ৰীযুত প্যাৰী মোহন ডেকাৰ মই শলাগ লৈছো। অমৰজ্যোতি প্ৰিন্টাৰ্ছৰ সমূহ কৰ্ম্মকৰ্ত্তালৈ পুথিখনি সময়মতে ছপা কৰি উলিয়াই দিয়াৰ বাবে মোৰ কৃতজ্ঞতা আগবঢ়ালোঁ। পুথিখনি ছপাশালত দিয়াৰে পৰা উলিয়াই অনালৈকে সমস্ত দায়িত্ব আৰু কষ্ট মূৰ পাতি লোৱা মোৰ ডাঙৰ মাজু পুত্ৰ শ্ৰীমান শেখৰজ্যোতি বৈশ্য, পুথিখনি প্ৰকাশৰ যাৱতীয় সকলো খৰচ বহন কৰা জ্যেষ্ঠ পুত্ৰ শ্ৰীমান জীৱনজ্যোতি বৈশ্য আৰু আৰ্হি কাকত চোৱাত সহায় কৰি দিয়া সৰু মাজু পুত্ৰ অৰুণজ্যোতি, কনিষ্ঠ পুত্ৰ দীপজ্যোতি আৰু ডাঙৰ বোৱাৰী শ্ৰীমতী শুভ্ৰা বৈশ্যলৈ আশীৰ্ব্বাদসহ মোৰ হিয়াভৰা মৰম যাচিলোঁ। সদৌ শেষত মোৰ এই প্ৰচেষ্টাক আদৰি লোৱা সকলো ব্যক্তিলৈ মোৰ কৃতজ্ঞতা আগবঢ়ালোঁ।

 আশা ৰাখিছোঁ পঢ়ুৱৈ সমাজত পুথিখনিয়ে সমাদৰ পালে লেখকৰ কষ্ট সাৰ্থক হ’ব।

“উমেশ ভৱন”
বিৰুবাৰী, গুৱাহাটী-১৬

  ৰিণা বৈশ্য
[ ১১ ]
 

॥ প্ৰগতিৰ গান॥

[ ১২ ]

(১)

সুপ্ৰাচীন জনগোষ্ঠীৰ
কত যে স্ৰোতধাৰ।
বৈ বৈ আহি বৰ লুইতৰ
চুমিলে বিশাল পাৰ॥
  ০০০
নানা জাতিৰ সমন্বয়ত
আমি অসমীয়া,
সেয়েহে, আমাৰ সংস্কৃতি
বাৰে বৰণীয়া,
আমি ৰং বিৰঙৰ ফুল ফুলিছোঁ
নিজৰ নিজৰ ৰঙে
নাচি বাগি খেল খেলিছোঁ
এখন ফুলনিতে
যুগে যুগে আপোন সুখে
আমি জাতিষ্কাৰ॥
  ০০০
এই শান্তি ৰাখিম আমি
এই যে আমাৰ পণ
শান্তি হৰণ কৰিব যিয়ে
কৰিম তাক নিধন,
এই যে আমাৰ বজ্ৰবাণী
আমি দুৰ্নিবাৰ।

[ ১৩ ]

(২)

বড়ো, মণিপুৰী, খাচিয়া, ত্ৰিপুৰী,
খামতি ভগিনী গণ,
আহা আগুৱাই লুচাই, নাগিনী
কৰোঁ আমি আলিঙ্গন॥
০০০
আই অসমীৰ একেখন চোতালত
আমি সাতোজনী ভনী
যুগ যুগ ধৰি একেলগে মিলি
কৰিলোঁ কত ধেমালি,
আজি বিভেদকামীৰ চাতুৰী খেলত
হেজাৰ হাতীৰ হেৰুৱালোঁ বল।
শক্তিহীনা যে আমি,
সেয়েহে আমাৰ চৌদিশে আজি
এন্ধাৰৰ আৱৰণ॥
০০০
অতীতৰ যত ভুলৰ ডাৱৰ
হৈ য’ক অৱসান।
দূৰ অতীতৰ মৰম চেনেহ
হ’ক জ্যোতিষ্মান,
ঐক্য ডোলেৰে বান্ধ খাই কৰোঁ
পোহৰৰ অভিযান।৷

[ ১৪ ]

(৩)

বড়ো মণিপুৰী নেপালী বঙালী
ৰাভা মিকিৰ মুছলমান,
আহা পাঞ্জাৱী হিন্দুস্থানী
গাৰো খৃষ্টিয়ান
হিয়াৰ মৰম চেনেহ বিলাওঁ
গাওঁ মিলনৰ গান॥

০০০


পাহাৰ ভৈয়াম বাসী আমি
আদিম জনজাতি
বব্ৰুবাহন উলুপী দেশৰ
আমি মণিপুৰী
যুগ যুগ ধৰি সাৱটিছোঁ
এই দেশৰে মাটি
আমাৰ উদাৰ হিয়া প্ৰাণ
গাওঁ মিলনৰ গান॥

০০০


বঙ্গ আমাৰ বঙালী আমি
লুইতপৰীয়া হলোঁ আহি
নেপাল আমাৰ আমি নেপালী
লুইতপৰীয়া হলোঁ আহি
গঙ্গাতীৰৰ হিন্দুস্থানী
লুইতপৰীয়া হলোঁ আহি,
পশ্চিম দেশৰ বাসী আমি
মুছলিম আৰু মিছনাৰী

[ ১৫ ]

দেশ বিদেশ ঘূৰি ঘূৰি ঘূৰি
লুইতপৰীয়া হলোঁ আহি,
আমি অসমীয়া, আমি ভাৰতীয়
আমি মহাজাতি মাতৃভূমি ভাৰতী
আমাৰ দেশ মহান
গাওঁ মিলনৰ গান॥*

 
  • সুৰাৰোপিত আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত [ ১৬ ]

(8)

জনসমুদ্ৰ এই দেশৰ বিভিন্ন জাতিগণ
আহা আগবাঢ়ি নাশি ভেদাভেদ
গাওঁ মিলনৰ গান॥

০০০


পাহাৰ ভৈয়াম বাসী আমি
আদিম জনজাতি
এই দেশৰ বুকুত আমি
আদিম অধিবাসী
যুগ যুগ ধৰি সাৱটিছোঁ
এই দেশৰে মাটি
আমাৰ উদাৰ হিয়া প্ৰাণ॥

০০০


সিন্ধু নদীৰ তীৰত আমি
আৰ্য্য হিন্দু হলোঁ আহি
’বসুধৈব কুটুম্বকম’ বিশ্বজিনি দিলোঁ বাণী
‘অহিংসা পৰম ধৰ্ম’ বুদ্ধবাণী দিলোঁ আমি
পশ্চিম দেশৰ বাসী আমি
মুছলিম আৰু মিছনাৰী
দেশ বিদেশ ঘূৰি ঘূৰি ঘূৰি
ভাৰত ভূমি পালোঁ আহি
পালোঁহি হিন্দুস্থান।

০০০


ভাৰতবৰ্ষ আমাৰ দেশ
মিলন তীৰ্থ আমাৰ দেশ।
আমি মহাজাতি
মাতৃভূমি ভাৰতী
আমাৰ দেশ মহান
গাওঁ মিলনৰ গান॥*

  • সুৰাৰোপিত আৰু প্ৰচাৰিত [ ১৭ ]

(৫)

স্বাধীন ভাৰতৰ সমাজ আকাশত
শান্তিৰ কপৌ আজিও নুৰিল
দেশৰ জনতাৰ আশাৰ প্ৰদীপ
অতদিন পাৰ হ’ল জ্বলি নুঠিল॥

০০০


নানা জাতি-উপজাতি ভেদাভেদৰ
বিশাল কাৰাগাৰ নিৰ্ম্মিত হ’ল
বুদ্ধ গান্ধী অশোক আদৰ্শক
স্বাধীন ভাৰতত বলি দিয়া হ’ল।
পৰাধীনতাৰ যত অভিশাপ
পুনৰ আদৰেৰে বৰি অনা হ’ল
কলীয়া এন্ধাৰবোৰ আকৌ আহিল॥

০০০


হে ক্ষমতা, তোক ধিক্‌ শতধিক্
নেতা নেত্ৰীৰ তই প্ৰতিজ্ঞা ভুলালি
সেয়েহে, আজি তোক ধিক্
হে ডাৱৰ, তোক ধিক্ শতধিক্
দেশৰ নায়কৰ দৃষ্টি ঢাকিলি
দেশৰ নায়কৰ জ্ঞানত ছাঁ পেলালি
সেয়েহে, তোক শতধিক্;
দেশপ্ৰেমিক, তই ভুলপথে ওলালি।
ক্ষমতান্ধ হৈ প্ৰতিজ্ঞা ভুলিলি
জ্ঞানান্ধ হৈ তই আদৰ্শ নাশিলি,
তোৰেই ভুলতে আজি দেশৰ মাটিত
লেলিহান জুইশিখা জ্বলি উঠিল॥

[ ১৮ ]

(৬)

হে ধুমুহা, হে পচোৱা, বৰদৈচিলা তুমি আহা
তুমি আহা আহা আহা
আমাৰ চোতালত বিহগছ গজিছে।
ভাঙি ছিঙি উৰুৱাই নিয়া নিয়া॥

০০০


বিষবৃক্ষ ছায়াত অমানুহ বাঢ়িছে
ছলেৰে অমানুহ শিখৰত বহিছে
অজ্ঞৰ আদেশত বিজ্ঞ চলিছে
অজ্ঞৰ দম্ভই ধ্বংস কৰিলে
জ্ঞানৰ পৱিত্ৰ বিশালতা
শেষ হ’ল মানুহৰ মানৱতা॥

০০০


জ্ঞান বিজ্ঞান কলাকৃষ্টি
সাহিত্য সঙ্গীত সংস্কৃতি
য’ত জীপ লৈ সাজি-কাচি উঠে জিলিকি
সেই সমাজ দুৰ্ব্বৃত্ত গৰাহত আজি মৃত্যুমুখী
সেয়েহে, মাতিছোঁ ধুমুহা, পচোৱা, বৰদৈচিলা
উৰুৱাই যতমানে আৱৰ্জ্জনা
ৰুগ্ন সমাজ বচোৱা
নহ’লে নেবাচে কলুষ সমাজত
সুন্দৰ মানুহৰ সৎ ভাবনা॥ *

 
  • সুৰাৰোপিত আৰু প্ৰচাৰিত [ ১৯ ]

(৭)

শান্তি-ভূমি ৰাঙলী কৰি
ৰঙা শোণিতৰ আহিল বান
শত সন্তান হেৰুৱাই আজি
হ’ল জননী ম্ৰিয়মান॥

০০০


শত্ৰুবাহিনী পাহৰিলে
মহামানৱৰ নীতি মহান
সবাকো নেওচি শান্তভূমিত
চলালে নিষ্ঠুৰ অভিযান॥

০০০


চৌদিশে জ্বলি ৰণৰ অগনি।
দহিলে দেশৰ কোমল প্ৰাণ
নুমাব লাগিব লেলিহান শিখা
জাগাহে দেশৰ ন-জোৱান॥*

 
  • সুৰাৰোপিত আৰু প্ৰচাৰিত [ ২০ ]

(৮)

আই অসমীৰ মুখনি আজি
এন্ধাৰে আৱৰা
মাতৃমনৰ দুখৰ কাৰণ
এবেলি চিন্তা কৰা॥
০০০
কৰ্ম্মবিমুখ সন্তান তুমি
এলাহেৰে ভৰা
সেয়েহে আজি অসমীয়া
জীয়াততে মৰা
কু-সন্তানৰ কীৰ্ত্তি দেখি
আই মাতৃৰ দুগাল আজি
চকুলোৰে ভৰা॥
০০০
নিদ্ৰা এৰি উঠা অসমীয়া
এলাহ আঁতৰাই
জিলিকাই তোলা জননীৰ মুখ
পোহৰ ছটিয়াই
আঁকি দিয়া মলিন মুখত
হাঁহি মনোহৰা॥

[ ২১ ]

(৯)

দেশৰ নামত উচৰ্গি জীৱন
আহিছোঁ ওলাই
নাই কোনো ভয়
ভয়ক কৰিছোঁ আমি জয়॥

০ ০ ০


সত্য ধৰ্ম্মৰ সদায় জয়
আমি জানোঁ জানোঁ
সদায় অসত্যৰ ঘটে পৰাজয়
আমি জানোঁ জানোঁ
সেয়েহে, আমি নহওঁ নহওঁ কদাপি নহওঁ
অসত্যাশ্ৰয়ী কদাপি নহওঁ
সত্য পথত ৰৈ যুঁজিম আমি
নাই আমাৰ পৰাজয়॥

০ ০ ০


লাচিতৰ আদৰ্শ আমাৰ হাতত
মূলাৰ আদৰ্শ আমাৰ আগত
গান্ধীৰ আদৰ্শ আমাৰ শিৰত,
সেই আদৰ্শত দীক্ষিত হৈ
বীৰদৰ্পে যুঁজি লভিম বিজয়॥

[ ২২ ]

(১০)

মুক্ত কণ্ঠে আমি গাম প্ৰগতিৰ গান
নতুন পুৰুষ আমি গঢ়িম নতুন অভিযান॥

০ ০ ০


আমি হ’ম পচোৱা ধুমুহা
আমি যুৱক যুঁজাৰু দল
আমি হ’ম ধাৰাসাৰ বৃষ্টি প্লাৱন
আমি নাৰী বীৰাঙ্গনা দল।
আমি উৰুৱাম
আমি উটুৱাম
সংৰক্ষণশীল সমাজ বুকুত
সঞ্চিত যত আৱৰ্জ্জনা
পূতিগন্ধ বিষাক্ত বতাহ
আমি আঁতৰাম॥

০ ০ ০


আহ্বান কৰিছোঁ আহা জনগণ
আমি সবে কৰোঁ পণ
বিন্দুমাত্ৰ তেজ থাকে মানে শৰীৰত
প্ৰশ্ৰয় নিদিওঁ দুৰ্ব্বৃত্তক
যি দুৰ্ব্বৃত্তই দানৱ ৰূপ লৈ
আমাৰ পথত প্ৰাচীৰ হৈ ৰয়
সেই দুৰ্ব্বৃত্ত নিধন যজ্ঞত
যদি হয় প্ৰয়োজন
দিম হাঁহি হাঁহি আত্মবলিদান॥*

  • সুৰাৰোপিত আৰু প্ৰচাৰিত [ ২৩ ]

(১১)

প্ৰগতি প্ৰগতি বুলি টেটুফালি
কি যে নকৰিলোঁ আমি
বস্তু লোভত হিতাহিত জ্ঞান
ভৰিৰে থলোঁ যে ঠেলি॥

০ ০ ০


নৈতিকতাৰ মৃত্যু ঘটালোঁ
ধনৰে জয়গীত শুনি
চল-চাতুৰীৰে নিজকে গঢ়িলোঁ
নাচালোঁ একোকে গুণি
আদৰ্শ গলোঁ যে ভুলি॥

০ ০ ০


গুৰুৰ বাণী আওকাণ কৰি
ভুল পথে গলোঁ নামি
প্ৰগতিৰ নামত হ’ল অধোগতি
মানৱতা দিলোঁ বলি॥

[ ২৪ ]

(১২)

দুৰ্ব্বল বুনিয়াদ যদি অট্টালিকাৰ হয়
নোৱাৰে ৰাখিব মহাভাৰ
ঢলি ভাঙি ছিঙি হয় লয়
প্ৰয়োজন সেয়ে অট্টালিকাৰ
শক্তিশালী তল॥

০০০


সমাজ কাৰেং সজাৰ যদি
সপোন ৰচা হয়
চিনিব লাগিব সেই কাৰেঙৰ
ধৰাতল কোন হয়,
সেই ধৰাতল বিশাল সমাজ
সৰ্ব্বসাধাৰণ
যি শক্তিশালী ৰূপ ল’লেহে
তাৰ ওপৰত জিলিকি ৰ’ব
আকাশলঙঘী সমাজ কাৰেং
অমৰণ অভগন,
দুৰ্ব্বল জনজীৱন ভূমিত
সজা হয় যদি সমাজ কাৰেং
নিটলি পৰি চূৰমাৰ হ’ব
যাব ই ৰসাতল॥

[ ২৫ ]

০ ০ ০

সেয়েহে কওঁ সমাজ গঢ়োঁতা
শিল্পী খনিকৰ
যদি সাজিব খোজা বিশ্ববিজয়ী
সমাজ কাৰেংঘৰ
জনজীৱনক প্ৰথমেই কৰা
মহান শক্তিধৰ
তেতিয়াহে তোমাৰ আশাৰ কাৰেং
বিশ্ববুকুত জিলিকি ৰ’ব
জল্ মল্ জল্ মল্॥

[ ২৬ ]

(১৩)

মাজৰ হেৰ পৃষ্ঠপোষক
কবি শিল্পী মান্যবৰ
প্ৰাণৰ আপোন দেশ ৰাখিবলৈ
শক্তিশালী কলম ধৰ॥

০০০


চা চকুমেলি দেশ তহঁতৰ
হৈ গ’ল থানবান
থাকোঁতে তহঁত
দেশমাতৃৰ যাওঁ যাওঁ সন্মান,
এতিয়াও তোৰ আছে সময় হে প্ৰতিভাধৰ,
ক্ষুৰ তীক্ষ্ন যুক্তি বুদ্ধিৰ হেং দাং তুলি ধৰ॥

০০০


দেশ ৰক্ষাৰ সন্ধিক্ষণত
নামি আহ তই ৰণাঙ্গনত
এৰি তোৰ অভিমান,
নহ’লে আজি দেশ নৰয়
চৌদিশে আজি দেশৰ মাটিত
শত্ৰুৰ পয়োভৰ৷৷

[ ২৭ ]

(১৪)

শুনোঁ হাহাকাৰ চৌদিশে
অশান্ত জন্মভূমি
সমাজ আকাশ ধোঁৱাময় আজি
উঠে জুইশিখা জ্বলি॥

০ ০ ০


অগনি জ্বলাই শান্তিভূমিত
দূৰণিত সৌৱা কোন?
দহন জাৰণ যন্ত্ৰণা চাই
মিচিকি হাঁহিছে চোন,
সৌ চোৱা সৌ মুখাৰ আঁৰত
চাই আছে জুমি জুমি॥

০০০


সমাজত জুই জ্বলোৱা জনক
বধ কৰোঁগৈ আহ
দুখীয়াক লৈ খেল খেলোঁতাক
নাশ কৰোঁগৈ আহ,
দুৰ্ব্বৃত্ত নাশ হ’লেহে
সমাজ আকাশ ফৰকাল হ’ব।
উৰিব কপৌজনী॥*

  • সুৰাৰোপিত আৰু প্ৰচাৰিত [ ২৮ ]

(১৫)

সেউজী পথাৰত গৰু চৰি ফুৰে
ইৰিণা বিৰিণা খাই
বৰ বৰ বলধে ধাননি নাশিহে
আনন্দে পেট পুৰায়॥

০ ০ ০


সমাজ ধাননি ৰখিব খুজিলে
বলধক লগোৱা ৰচি
গৰু গৰু হৈ ঢাপলি মেলিব
ধাননি পেলাব খচি
মুঠি টান কৰি ধৰিবা ৰচি
সুলকি যাতে নাযায়॥

০ ০ ০


ৰং বিৰঙৰ পথাৰ আমাৰ
আমাৰ জীৱন তাত
নদন বদন শইচ আমাৰ
জিলিকি থাকে তাত
আহিব কাকতি ফৰিং
দিবা তাক উৰুৱাই।
প্ৰয়োজন হলে হ’বা প্ৰহৰী
অগনি শিখা জ্বলাই॥

[ ২৯ ]

(১৬)

দিন অকলে মই খোজ কাঢ়ি ওলালোঁ
সমাজৰ ৰূপ চাওঁ বুলি,
ঘূৰি ঘূৰি দেখিলোঁ সমাজ বুকুত
বীভৎস লেতেৰা মলি॥

০ ০ ০


মলিৰে বুকুতে বিজ বিজ কৰিছে
লেখিব নোৱাৰা পোক,
লেউ লেউ কৰিছে ৰক্ত বিচাৰি
বৰ বৰ পখৰা জোক,
বহু জোক দেখিলোঁ তেজ শুহি উঠি
আমেজত পৰিছে ঢলি॥

০ ০ ০


নিৰীক্ষণ কৰিলোঁ ক’তো নেদেখিলোঁ
শোষণ নিধন বেজালি
ভেটাৰ বুকুতে উদবোৰহে দেখিলোঁ
মাছ ধৰি কৰা ধেমালি॥

০ ০ ০


সমাজৰ ৰূপ চাই উভতি আহিলোঁ মই
দেখা পালোঁ সমাজৰ গতি
তাকেই প্ৰগতি বুলি জয়ঢোল বাজিছে
হাঁহি উঠে কথাটি ভাবি,
ৰজা-প্ৰজা আদি সকলোৱে দিলে
নৈতিকতাক বলি॥

[ ৩০ ]

(১৭)

বিপ্লৱ বিপ্লৱ হেজাৰ বিপ্লৱ
নাই বিপ্লৱৰ শেষ
এইখন স্বাধীন দেশ॥

০ ০ ০


‘ৰাইজেই ৰজা, ৰজাই প্ৰজা’
ই যে গণতন্ত্ৰৰ মূল
এই মন্ত্ৰ আমি মুখস্থহে মাতোঁ
কোনেও নুবুজোঁ মোল
ভাবানেকি এইদৰে ৰ’ব চিৰদিন
গণতান্ত্ৰিক দেশ॥

০ ০ ০


সমাজবাদী আমি বৰ বৰ নাগৰিক
শিক্ষাই ৰহণ চৰায়
পিছে, নিলাজ ভাবে আমি বিবেক বেচোঁ
এমুঠি ধনকে পাই
সেই পঙ্গু বিবেকেৰে ঘূণেধৰা খুঁটাকো
বৰঘৰ চালত লগাওঁ
সেই বৰঘৰ মজিয়াত মৃত্যুৰ ক্ষণ গণোঁ
নিৰাপত্তা আজি শেষ॥

০ ০ ০


চতুৰৰ চতুৰালি কেনেকৈ বুজিব
ৰংমন ভদীয়া-কাই
চিকিমিকি ৰং দেখি নেতা-নেত্ৰীগণৰ
নিজকে পাহৰি যায়।
আৰু সৰুকেই বৰ যেন পাই
সিংহাসনত বহুৱায়।

[ ৩১ ]

এনে অজস্ৰ সৰু জনে ক্ষমতাৰ বলতেই
কৰে মহাভুল অলেখ
সেই ভুলৰ বাবেই আজি দেশৰ মাটিত
সমস্যাৰ নাই শেষ॥

০ ০ ০


সজ্ঞান সচেতন হোৱা মোৰ ৰাইজ
দেশৰ স্বাৰ্থ বুজি উঠা মোৰ ৰাইজ
ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰা মোৰ ৰাইজ
দুষ্টক নিদিবা ঠাই
আহিলেই চয়তান লম্পট চেঙেলি
তাক ছটিয়াবা ছাই,
থাপ মাৰি ধৰিবা, পিছলিব নিদিবা
দুষ্টালি কৰিবা শেষ,
নহ’লে কেতিয়াও কোনোদিনে নহ’ব
নহ’ব বিপ্লৱ শেষ॥*

 
  • সুৰাৰোপিত আৰু প্ৰচাৰিত [ ৩২ ]

(১৮)

বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে আমি
জীৱনৰ পথ উজ্বলাওঁ
অন্ধ ভাবনাৰ বন্ধন ছিঙি থৈ
সাহসেৰে আমি আগুৱাওঁ॥

০ ০ ০


আদিম যুগ আজি পাৰ হৈ গ’ল।
ভয়াল প্ৰকৃতিৰ ৰহস্য আৱৰণ
বিজ্ঞান সাধনাত খোল খাই গ’ল
যুক্তি তত্ত্বৰ প্ৰমাণ বলত
ভ্ৰান্ত ধাৰণা নাইকিয়া হ’ল।
(সেয়ে) আজি পৃথিৱীত মুক্ত বিকাশ
জীৱনৰ নতুন প্ৰৱাহ
সেই প্ৰৱাহেৰে নিতে নৱ ৰূপেৰে
খোজে খোজে আগুৱাই যাওঁ॥

০ ০ ০


নতুনৰ পিতৃ হে বিজ্ঞানী,
তোমাৰ মহান উপহাৰ
জিলিকিব চিৰদিন সমাজ দেহত
হৈ উজ্জ্বল কণ্ঠহাৰ,
তোমাৰ কিৰণেৰে আলোকিত হৈ
আমি তোমাৰেই জয়গীতি গাওঁ॥

[ ৩৩ ]

(১৯)

লুষ কালিমা ধুই নিকা কৰি
সুন্দৰ শিল্পীদল
আহা আগুৱাই হিল্দল্ ভাঙি
দেশ গঢ়িবৰ হ’ল॥

০ ০ ০


সাধুকথাৰ ইন্দ্ৰজালত।
প্ৰগতি ৰুদ্ধ হ’ল।
 ৰুদ্ধ কোঠাৰ অন্ধকাৰত
 বিকাশ বন্ধ হ’ল
খোলা শিল্পী খিৰিকি দুৱাৰ
 নমাই যুক্তি ধল॥

০ ০ ০


নতুন যুগৰ জন্ম কথা
 জগতক শুনাই
দূৰ অতীতৰ ঘোৰ এন্ধাৰ
 দিয়াচোন গুচাই
হোৱা শিল্পী পথৰ আলোক
মানৱ সমাজৰ
কৰা সঞ্চয় তাৰেই বাবে
লৌহ মনোবল॥

[ ৩৪ ]

(২০)

যা যা যা যা অসমীয়া
সীমান্ত পাৰ হৈ যা
কেনেকৈ ঘূৰিছে বিশাল পৃথিৱী
চা চকু মেলি চা॥

০ ০ ০


জুহালত অতদিন সাত হাল বাই
যি সম্পদ ঘটিলি সিয়ে নুকুলায়
ধোঁৱাৰ কাষত বহি মূৰ খজুৱাই
যি জ্ঞান বুটলিলি সিয়ে নুকুলায়;
নতুনক বিচাৰি উৰি উৰি যা॥

০ ০ ০


(আজি) লাচিতৰ পুলি পোখাৰ চিন চাব নাই
ধোদৰ পুলি পোখাই জকেমকাই
কৰিছনে মন হেৰ অসমীয়া কাই?
টং কৰি চা আমাৰ কিনো বিলাই
জাগ্ৰত হ সেয়ে ধোদ পুতাই
এয়াতো শুৱাৰ সময় মুঠেই নহয়,
হিল্ দল্ ভাঙি তই আগবাঢ়ি যা
দীপ্তশিখাৰে আলোকিত হৈ
দিগন্ত পাৰ হৈ যা
পৃথিৱী-ভৰমি চা॥

[ ৩৫ ]

( )

প্ৰগতিৰ যাত্ৰাত স্থবিৰ অসমীয়াৰ
স্থান আজি নাই ক’তো নাই
কক্ষচ্যুত হৈ ক’ৰবাত পৰি ৰ’ল
নিজৰ আসন হেৰুৱাই॥

নিজৰ ভাল আৰু বিশ্বৰ ভাল
উভয়কে বুটলি মিলোৱাহে ভাল
এনে মিলনেৰে গতিপথে যিয়ে আজি
যায় আগুৱাই
সিয়েহে প্ৰগতিত ৰহণ চৰায়॥

আজিৰ অসমীয়াই
ভাল বেয়া নিচিনি
প্ৰগতিৰ দৌৰত আছে পিছুৱাই
সঙ্গীযাত্ৰীবোৰ গ’ল আগুৱাই॥

অতীতলৈ উভতি চাই
নিজৰ নিজত্ব ৰাখ উজ্জ্বলাই
বিশ্বৰ ভালখিনি ল মিহলাই
কৰ্ম্মযোগী হৈ প্ৰগতিৰ বাটলৈ
আহ ওলাই;
নহ’লে যাব তোৰ সকলো হেৰাই
অতীতৰ খিয়াতিও যাব নুমাই॥

[ ৩৬ ]

(২২)

আমি কলিফুল ৰং বিৰঙৰ
ফুলি আছোঁ ৰং মনে॥

০ ০ ০


ৰঙীন শিশুজীৱন আমাৰ
আমি নিষ্কলুষ
বিলাওঁ আমি প্ৰেমৰ আলোক
আমাৰ হাঁহিমুখ
আমি মিলিজুলি খেলি ফুৰোঁ
বনে উপবনে॥

০ ০ ০


শুনিছোঁ আমি এই পৃথিৱীত
মানৱ সমাজ আছে
য’ত অন্যায় প্ৰচণ্ড বতাহ
উত্তাল হৈ নাচে
সেই কলুষ সমাজ বুকুত আমি
পাৰিম নে ৰবলৈ?
জাগিছে মনত এই প্ৰশ্ন
বাৰে বাৰে ঘনে ঘনে॥

০ ০ ০


নেজানো আমি তোমাৰ স্বৰূপ হে সমাজ
যদি বিষাক্ত তোমাৰ স্বৰূপ হে সমাজ,
নাসাজিবা সেই ৰূপেৰে,
এই কামনাৰে॥*


  • সুৰাৰোপিত আৰু প্ৰচাৰিত [ ৩৭ ]

(২৩)

মি অনাখৰী হোজা গাঁৱলীয়া
আমি জানোঁ, আমি এক
আমিতো নেজানোঁ কোনে সিঁচি দিলে
জাতি ধৰ্ম ভেদাভেদ,
কোনেনো কৰিলে আমাৰে সমাজত
বিষময় পৰিবেশ॥

০ ০ ০


ভেদাভেদে আজি পাৰ ভাঙি দিলে
জাতিয়ে জাতিয়ে মৰে,
এই মৃত্যুবাণ কোনেনো সাজিলে
কোনে এই প্ৰশ্ন কৰে?
এই প্ৰশ্নৰ উত্তৰ বিচাৰি
গৱেষণা নকৰিলে
শেষ হৈ যাব এই দেশ॥

০ ০ ০


আমি গাঁৱলীয়া একোকে নেজানোঁ
পণ্ডিত তুমিতো জানা
তোমাৰে হাততে জ্ঞান
(পিছে) জ্ঞানৰে টোপোলা বুকুতে বান্ধি লৈ
দিছানো কিহতে ধ্যান?
যুক্তি তথ্য তোমাৰে হাততে
যিহেতু মগজু আছে,
সেই মগজুৰে শতৰু বিনাশী
সমাজৰ সৰু বৰ জাতিভেদ বিনাশী
বচোৱা আমাৰে দেশ॥

[ ৩৮ ]

(২৪)

কৃষক বনুৱা মোৰ দিয়াচোন মন
এতিয়াও কিয় নিদ্ৰামগন?॥

০ ০ ০


আমাৰ শ্ৰম দেখো ঘাম হৈ সৰে
বুকুৰ তেজ দেখোঁ পানী হৈ পৰে
তথাপি নুগুচে ভোক আমাৰ পেটৰ
কৰোঁ মাথো সংগ্ৰাম জীৱন মৰণ॥

০ ০ ০


সৌ চোৱা জিলিকে বিলাস ভৱন
তিল তিল তিল কৰি ৰক্তশোষণ
তোমাৰ দেহৰ আমাৰ দেহৰ
সহস্ৰ বনুৱাৰ কোমল দেহৰ
কিয় বাৰু বুজা নাই ক্ষুধাৰ্ত্ত জনতা
এতিয়াও কিয় হোৱা নাই সচেতন?॥

০ ০ ০


আমি জ্বালামুখী
আগ্নেয়গিৰি
আমাৰ বুকুত নাচে শোষক শ্ৰেণী
যদি আমি জাগি উঠোঁ জাগ্ৰত জ্বালামুখী
লেলিহান অগ্নিশিখা
ছাই হৈ উফৰিব অত্যাচাৰী দল
আঁতৰি পলাব ঘোৰ অমানিশা
হ’ব শেষ শোষণ পীড়ণ
আমি ল’ম নতুন জীৱন॥*


  • সুৰাৰোপিত আৰু প্ৰচাৰিত [ ৩৯ ]

(২৫)

ইতিহাস মেলি দেখো শ্ৰম পীড়িতৰ
শ্ৰমৰ ওপৰে ভোগ সম্ভ্ৰান্তৰ,
প্ৰাচীন সভ্যতাৰ বুকুত দেখোঁ
সদাগৰী দৰ-ভাও দাস মালিকৰ॥

০ ০ ০


মধ্যযুগতো দেখোঁ একেই জোঁৱাৰ
শ্ৰমিকৰ লাঞ্ছনা চলা দুৰ্ব্বাৰ
অভিজাতে কাঢ়ি নিয়া
সমতাৰ অধিকাৰ সৰুজাতৰ॥

০ ০ ০


আজি গণতন্ত্ৰতো দেখোঁ একেই বিচাৰ
সৰু-বৰ জাত-পাত শ্ৰমৰ বিভাগ,
শ্ৰম মৰ্য্যাদাৰ যিয়ে গান গায়
সিয়ে দেখোন শ্ৰমিকক দিয়ে লঠিয়াই,
শ্ৰমিক ভাতৃ বুলি সাৱটিবলৈ
অভিজাতে বৰ লাজ পায়।
যিহেতু সৰুৰ আজি সমাদৰ নাই
সৰুৰ কৰমৰো মৰ্য্যাদা নাই,
সেয়েহে মাতিছোঁ আমি হে অভিজাত,
সাৱটি ধৰাচোন আহি সৰু সৰু জাত
বৰে আদৰিলে সৰুৰ জীৱন
বৰে নিঘিণালে সৰুৰ কৰম
জিলিকিব মানৱতা হিৰণ কিৰণ,
তেতিয়াহে শ্ৰমে সীমা পাৰ হৈ
বিশাল পৰিধি চুব জনজীৱনৰ
তেতিয়াহে মৰ্য্যাদা আহিব শ্ৰমৰ॥

. [ ৪০ ]

(২৬)

যুৱ মানসত আজি যি সংঘাত
তাৰ কোনে বাৰু ৰাখিছে খবৰ?
হতাশগ্ৰস্ত হৈ ফুৰিছোঁ মাথো
স্থিৰতা হেৰুৱাই আমাৰ মনৰ॥

০ ০ ০


বন্ধ্যা শিক্ষাই নধৰে ফল
ফলহীন শিক্ষাত জীৱন অচল
অন্যায় বৃষ্টিৰ নামিল প্লাৱন
কৰিলে সমাজে তাত অৱগাহন
সেয়েহে নাপাওঁ আমি ক’তো সুবিচাৰ
ন্যায় বিচাৰি আজি লাগিছে ভাগৰ॥

০ ০ ০


শিক্ষিত যুৱক হেজাৰ যুৱতীৰ
পেটৰ ভোকত আজি নাহে ঘুমটি
সৰু সৰু কামলৈ ওলালে সাজি
বৰ সমাজে হাঁহে মিচিকি হাঁহি
সেয়েহে আজি আমি বিপথগামী।
সৰু কাম কৰিলে বৰে লাজ পায়
সৰু কামৰ মৰ্য্যাদা সমাজত নাই,
শিক্ষিত নিবনুৱা হৈ নিৰুপায়
হলোঁ আজি সমাজত সাঙী ভালুকৰ॥

০ ০ ০


নেতা নেত্ৰী গুৰু যত সমাজৰ
সমাজ গঢ়োঁতা যত কাৰিকৰ
লোৱাহে খবৰ আমাৰ ৰুগ্ন মনৰ
পঙ্গু অঙ্গ হলোঁ সমাজ দেহৰ
বচোৱা আমাক তুমি হে জ্ঞানীবৰ॥

[ ৪১ ]

(২৭)

কিমান ৰচিলা কিমান গালা
প্ৰণয় মধুৰ গান
কতো যে শুনিলোঁ শিল্পী তোমাৰ
বিৰহ গধুৰ তান॥

০ ০ ০


উদাস উদাস সুৰ ভুলি যোৱা
শিল্পী সুৰকাৰ
এই যে সময় জীৱন যুঁজৰ
শঙ্খ বজোৱাৰ
আমাক ৰণাঙ্গনৰ জয়গীতি গাই
কৰাহে শক্তিমান॥

০ ০ ০


আকাশে বতাহে ভাঁহিছে আজি
ক্ষুধাৰ আৰ্ত্তনাদ
চোতালে চোতালে নৰকঙ্কাল
মৃত্যু যন্ত্ৰণা,
গোৱা শিল্পী আৰ্ত্তজনৰ
জীয়াই থকাৰ গান
গোৱা শিল্পী কণ্ঠ কঁপাই
উদ্দীপনাৰ তান॥*

 
  • সুৰাৰোপিত আৰু প্ৰচাৰিত [ ৪২ ]

(২৮)

আমি জেতুকাৰ সেউজীয়া পাত
নাচি থাকোঁ হালিজালি
ৰঙা হিয়াবোৰ বেদনাৰে ভৰা
তথাপি থাকোঁ উমলি॥

০ ০ ০


আমাৰ ৰঙেৰে ৰঙিয়াল হৈ
উৰি ফুৰে কত অলি
সুযোগ বুজি কৰি দংশন
আমাক দিয়ে যে বলি
পৰি ৰওঁ আমি অন্ধকূপত
হৈ সমাজৰ মলি॥

০ ০ ০


জোনক বিচাৰি উৰিলে মানুহ
পৃথিৱী বিচৰা নাই
আমাৰ বুকুতে মজিছে মানুহ
আমাকে চাওঁতা নাই,
মানুহে মানুহক কিদৰে খেলিছে
বিচাৰ কৰোঁতা নাই
হে জ্ঞানীবৰ, তোমাৰ দেখোন
জ্ঞানৰ প্ৰকাশ নাই
ঢালাচোন তোমাৰ জ্ঞানৰ কিৰণ
কিজানি উঠোঁ উজ্বলি॥

[ ৪৩ ]

(২৯)

আজি দেৱালী ৰাতি
ঘোৰ অমানিশা আঁতৰি গ’ল
ঘৰে ঘৰে জ্বলে চাকি॥

০ ০ ০


ধনী-দুখীয়াৰ পদূলিমুখ
একাকাৰ হ’ল আজি
পোহৰ ভৰা বসুন্ধৰাৰ
জিলিকি উঠিল হাঁহি॥

০ ০ ০


ধাননি বুকুৰ কাকতি ফৰিং
জাক পাতি পাতি উৰি
অগনি শিখাৰ বুকুত পৰি
শেষ হৈ গ’ল মৰি
শতৰুৰ পৰা মুকুতি লভি
শইচে মেলিলে পাহি॥

০ ০ ০


গুচোৱা এন্ধাৰ সমাজ বুকুৰ
দীপান্বিতা তুমি
সমাজৰ যত কাকতি ফৰিং
নিধন কৰাহে তুমি
তোমাৰ বিমল পোহৰ ঢালি
সমাজ কৰা ৰূপালী॥

[ ৪৪ ]

(৩০)

ৰেই আমাৰ দেশ
ঘৰৰ মৰম ভৰিৰে ঠেলি
সোণৰ দেশৰ সপোন ৰচি
নোৱাৰে কোনেও গুচাব আজি
দেশৰ মলিন বেশ॥

০ ০ ০


আমাৰ দেশৰ ভাই ভনীটি
এন্ধাৰ পথে চলে
হেজাৰ ঘৰত জ্ঞান বিদ্যাৰ
চাকি নিজিলিকে
লিখা-পঢ়াৰ চাকিটিৰে
জিলিকাব নোৱাৰিলে
ঘৰবোৰ আমাৰ নহয় পোহৰ
নহয় পোহৰ দেশ॥

০ ০ ০


জ্ঞানবিহীন দেশপ্ৰেম
হয় দেশদ্ৰোহ
জ্ঞানবিহীন্ ঘৰত থাকে
চিৰ অসন্তোষ,
অজ্ঞানতাৰ এন্ধাৰ নাশি
নানোঁ যদি পোহৰ মাতি
ধীৰে ধীৰে ল’ব আমাৰ
ঘৰে মলিন বেশ
এন্ধাৰ হ’ব দেশ॥

[ ৪৫ ]

(৩১)

সূৰ্য্য উঠিল টোপনি ভাঙিল
উদাস জনতাৰ
কৰ্ম্মবিমুখ জড়তা নাশি
জাগিল কৰ্ণধাৰ॥

০ ০ ০


দলিত পীড়িত নিষ্পেষিতৰ
এই (যে) সময় মুকুতি যুঁজৰ
সমাজ জাতিষ্কাৰ
শুনোঁ আহ্বান আকাশ বুকুত
স্বদেশ সজোৱাৰ॥

০ ০ ০


কোচ কুমাৰ শালৈ যুগী মৰাণ চুটিয়া
নেপালী আহোম খৃষ্টান শিখ গণক মৰিয়া
পাহাৰ ভৈয়াম জনজাতি কৈৱৰ্ত্ত বনিয়া
গোঁসাই বামুণ যত জাতিগণ মিলাই হিয়াত হিয়া
আহা আগবাঢ়ি ভাঙি কাৰাগাৰ
হওঁ আমি একাকাৰ॥

০ ০ ০


ঐক্যবদ্ধ সুৰেৰে আমি প্ৰগতিৰ গীত গাওঁ
পথৰ কণ্টক আঁতৰাই আমি
সমাজ গঢ়ি যাওঁ
আজি নতুন দিনৰ নতুন পুৱাত
হ’ক এই অঙ্গীকাৰ॥*

  • সুৰাৰোপিত আৰু প্ৰচাৰিত [ ৪৬ ]

(৩২)

পুৰণি কলীয়া বিহুৰে অমিয়া
আজি যে পাবলৈ নাই
অতিকৈ চেনেহৰ বিহুৰে ৰূপটি
হেৰালে মঞ্চ পাই৷
নিজিলিকে দেখোন গাভৰু খোপাতে
কপৌ ফুলৰে পাহি
নানা বৰণীয়া কাগজৰে ফুল
পিন্ধে নাচনীয়ে আজি।
চেনাইৰে কপালত জিলিকি নুঠে ঐ
চেনেহীৰে বিহুৱান
বজাৰৰ বিহুৱান কপালত বান্ধি লৈ
মাৰে হুঁচৰিৰে তান।
বিহুৱা দিনতো অসমীৰ চোতালত
উদুলি মুদুলি নাই
কুলি কেতেকী চৰাই চিৰিকতি
কাৰো যেন সঁহাৰি নাই।
দূৰ পশ্চিমৰে বলীয়া বতাহে
কঁপালে সমাজখনি
জাবৰে-জোথৰে ভৰি পৰিলেহি
আমাৰে মজিয়াখনি।
সাৰি পুচি যদি নিদিয়া উলিয়াই
লেতেৰা এলান্ধু মলি
মাজ মজিয়াতে বাহ সাজিবহি
নিগনি এন্দুৰে আহি৷
ৰজা প্ৰজা মিলি আহা আগেবাঢ়ি
আমাৰে বিহুটি যায়
বাপতিসাহোন বিহু ৰাখিবলৈ
জাগা অসমীয়া ভাই॥

[ ৪৭ ]

(৩৩)

ৱবৰষত উলাহেৰে গোৱা
জীৱনৰ জয়গান
হাঁহিমুখে লোৱা বিজয় কৱচ
চেনেহৰ বিহুৱান॥

০ ০ ০


যুগৰ এন্ধাৰ আঁতৰাই আজি
সমাজ আগুৱায়
নতুন দিনৰ সংস্কৃতি
উঠে জিলমিলাই
আজি নানা জাতিৰ ৰঙ্গভূমি
ৰং বিৰঙৰ বিহুতলীত
ৰজনজনাই উঠিছে বাজি
সমন্বয়ৰ গান॥

০ ০ ০


বিহুৰ বৈজয়ন্তী তলত
কৰোঁ আমি পণ
গগণচুম্বী উদাৰ অসীম
হ’ক আমাৰ মন
বিশাল মনৰ পৰিধিৰে
বিশাল বিশ্বক আকোঁৱালি।
গাওঁ প্ৰগতিৰ গান॥

[ ৪৮ ]

(৩৪)

সমীৰ পদূলি উদুলি মুদুলি
ৰঙে ৰূপে মনোহৰা
পাহাৰ ভৈয়াম উখল মাখল।
বিহুৱা আবেশে ভৰা॥

০ ০ ০


গছে গছে আজি থুপি থুপি ফুল
ডালত পখীৰ খেলা
ৰঙিলী নাচনী ৰঙতে বাউলী
কি যে আনন্দ মেলা
জিলিকি পৰিল ধৰা॥

০ ০ ০


বৰদৈচিলাৰ পৰশ লাগি।
বসুমতী নিকা হ’ল
পুৱাৰ হিৰণ কিৰণ পৰি
পুৰণি আঁতৰি গ’ল
নতুন দিনৰ চমক লাগি
আমি যে আত্মহাৰা॥

[ ৪৯ ]

(৩৫)

সীম পথৰ যাত্ৰী আমি
যাত্ৰাৰ শেষ নাই
এই যে আমাৰ সন্ধিয়াপৰ
যাওঁ ভটিয়াই॥

০ ০ ০


সন্মুখত সৌ কাল ৰাত্ৰি
আছে বাট চাই
বাধা-বিঘিনি ডাৱৰ ধুমুহাই
মাতে যেন ৰিঙিয়াই॥

০ ০ ০


থাকিলে থাকক শিহু ঘঁৰিয়াল
পথৰ কণ্টক ভাই
আহিলে আহক মৃত্যুৰ ভয়
আমাৰ শঙ্কা নাই॥

০ ০ ০


যাম আগুৱাই লক্ষ্য পথত
জীৱন ডিঙা বাই
ধৰ জোৰে ধৰ গুৰি বঠা ধৰ
ভয় নাই ভয় নাই॥

[ ৫০ ]

(৩৬)

সৰাজৰ স্মিৰিতিৰে
হলোঁ আমি জলমল।
হিয়াত আজি পুলক জাগিল
ৰং উলাহৰ নামিল ধল
জোনাকী যুগৰ ছবিটি আহিল
হিয়ামন উখল-মাখল॥

০ ০ ০


চন্দ্ৰকুমাৰে কবিতা লিখিলে
নৱ ছন্দে লগালে ৰং
হেম গোসায়ে প্ৰবন্ধ ৰচিলে
মাজে মাজে বুৰঞ্জী হ’ল
ভাষা যজ্ঞৰ মহান বেদীত
লক্ষ্মীনাথো পূজাৰী হ’ল
ত্ৰি মুৰুতিৰ মিলন ঘটিল
জোনাকী যুগৰ সূচনা হ’ল॥

০ ০ ০


দূৰ সুদূৰৰ বিদেশী মজিয়াত
ভাষা যুঁজৰ সূচনা হ’ল
আমাৰ আপোন ৰসৰাজ
সেই যুঁজতে বিজয়ী হ’ল
অসম আকাশ মুকলি হ’ল॥

[ ৫১ ]

০ ০ ০



আজি আমি এই দিনতে
কিনো কথা শুনিছোঁ
অসম আকৌ ন-কৈ সজাৰ
নতুন সপোন দেখিছোঁ
নিজে মৰিও দেশ ৰাখিবলৈ।
ভীষ্মৰে পণ কৰিছোঁ
অসম মৰিলে আমিও মৰিম
এই কথাটি সকিয়ালোঁ।
প্ৰতি অসমীয়াক দেশ চিনিবলৈ
সাদৰ আহ্বান জনালোঁ
ৰসৰাজৰ ৰসতে আজি
গগণ পৱন মুখৰ হ’ল॥*

 
  • বেজবৰুৱাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ৰচিত আৰু কাৱালী সুৰত পৰিবেশিত। [ ৫২ ]

(৩৭)

শঙ্কৰ লাচিতৰ এয়েই অসম
 ধোদৰো হৈছিল ইয়াতে জনম
 পিছে আজি দেখো অসমৰ সাৰুৱা মাটিত
 শঙ্কৰ আদৰ্শ গজি নুঠিল।
 লাচিতৰ আদৰ্শ গজি নুঠিল।

ধোদৰহে পুলি লোখা লহপহে বাঢ়ি আহি
 দেশৰ মাটি আজি উপচি পৰিল।
 সেই ধোদৰ বতাহ লাগি
 নুমাই গ'ল যে আজি
 মহা মহা পুৰুষে জ্বলোৱা চাকি।

এলেহুৱা, কেলেহুৱা হেৰ অসমীয়া
 জাগ্ৰত হৈ তই আকৌ জ্বলাই তোল জ্ঞানৰ শিখা।
 দীপ্ত শিখাৰে আলোকিত হৈ,
 ভীৰু নাম দলিয়াই
 পুৰুষৰ চানেকিৰে
বিশ্বত ৰাখ নাম বীৰ অসমীয়া॥

[ ৫৩ ]

(৩৮)

ইবেলি বিহুতে কোনে হৰি নিলে
অসমীৰ মুখৰে হাঁহি
আকাশে বতাহে বিহুৰে সুৰতে
ৰণসুৰ উঠিছে বাজি।
এইবেলি কিয়নো নেনাচ বিহুৱা
চেনেহৰ বিহুৰে নাচ
বিহুনাচ নেনাচ যদিহে বিহুৱা
তাণ্ডৱ নাচকে নাচ।
নাচ নাচ নাচ নাচ বিহুৱা
নটৰাজ ৰূপ লৈ নাচ
এইবেলি বিহুতে নাচ হেৰ বিহুৱা
তাণ্ডৱ নাচ তোৰ নাচ।
দুষ্কৃতি অসুৰে দেশখন ছানিলে
এন্ধাৰ আমাৰ আকাশ॥

০ ০ ০

নাচ নাচ নাচনী নাচ
নাচ নাচ নাচনী অসুৰ মৰ্দ্দিনী ৰূপ লৈ
এইবেলি নাচ
দুৰ্গতি নাশিনী দুৰ্গা ৰূপিনী
নাচ তই নাচনী নাচ
নহ’লে নহয় যে
মহৰ্ষি অসুৰ শেষ।
নহ’লে নহয় শেষ
সমাজৰ ক’লা মেঘ।
নিজিলিকে আমাৰ আকাশ
এন্ধাৰ সমাজ আকাশ॥

[ ৫৪ ]

০ ০ ০


বৰ বৰ অসমৰ লোক
নাই কিয় তহঁতৰ চেনেহৰ বিহুটিত
দলদোপ দলদোপ হেন্দোলদোপ
পশ্চিমৰ বতাহত উটি বুৰি মৰিছ
পাহৰিছ তই হেৰ তোক
অসমীয়া, পাহৰিছ তই হেৰ তোক॥

০ ০ ০


আহ আহ আহ হেৰ অসমীয়া
এতিয়াও আহ আহ হেৰ অসমীয়া
বাহিৰে ভিতৰে হৈ অসমীয়া
জিলিকাই তোলো আমি
বিশ্বৰ দৰবাৰ
কৃষ্টিৰে বিলাই সুবাস॥*

 
  • সুৰাৰোপিত আৰু প্ৰচাৰিত [ ৫৫ ]

(৩৯)

ভাৰতবৰ্ষ তোৰ জ্ঞানৰ আলোই
নাশিছিল বিশ্বৰ গহীন এন্ধাৰ
তোৰ মহান আদৰ্শই বিয়পি পৰিছিল
বিশাল পৃথিৱীৰ ইপাৰ সিপাৰ॥

০ ০ ০


অতীতত আছিলি সবাৰো আগত
আজি দেখো তোৰ স্থান সবাৰো পাছত
জ্ঞানৰ বন্তি তোৰ নুমাল হাতৰ
পথহাৰা আজি তই অন্ধকাৰত।
কিয় হ’ল আজি তোৰ এনুৱা বিলাই
ভাবি-গুণি চা এটিবাৰ॥

০ ০ ০


যুগে যুগে জাহ গ’ল কালৰ বুকুত
তোৰ জ্ঞানবীৰ সন্তান অলেখ অযুত
সেই সবে পিন্ধালে যশৰ মুকুট তোক
জিলিকাই তুলিলে বিশ্ব বুকুত;
আৰু যুগে যুগে জনমিল তোৰেই বুকুত
কুলাঙ্গৰ সন্তানো অলেখ অযুত।
সেই জ্ঞানহীন সন্তানে দেশৰ নায়ক হৈ
সোলোকাই দিলে তোৰ যশৰ মুকুট
নিঃশেষ কৰিলে অতীতৰ সন্মান বিশ্ব বুকুত৷
নুমুৱাই দিলে তোৰ গৌৰৱ মণ্ডিত জ্ঞানৰ পোহৰ
ৰুদ্ধ কৰিলে তোৰ বিশ্ববন্দিত জ্ঞানৰ দুৱাৰ॥

[ ৫৬ ]

(৪০)

জিৰ অসমীয়াই
নিজৰ ভাল কি,
পৰৰ ভাল কি,
নিজৰ বেয়া কি,
পৰৰ বেয়া কি,
চিনিয়ে নেপায়;
ভাল বেয়া নিচিনি
বালিকেই সোণ বুলি
লক্ষ্যহীন হৈ ক’লৈ যে গৈ আছে
গমকে নাপায়।
বলিয়ালি কৰি
অনাই বনাই ঘূৰি
প্ৰগতিৰ দৌৰত আছে পিছুৱাই॥

০ ০ ০


নজনাৰ দুষ্টালি
 এৰ অসমীয়া তই
দানৱৰ বেশ
 এৰ অসমীয়া তই
মানুহৰ গুণ
 ল অসমীয়া তই।
সুন্দৰ অতীতলৈ উভতি চাই
নিজৰ নিজত্ব ৰাখ উজ্বলাই।
সত্যক সাৱটি অসত্য নেওচি
প্ৰগতিৰ পথে পথে আহ ওলাই;
নহ’লে যাব তোৰ সকলো হেৰাই
অতীতৰ খিয়াতি যাব যে নুমাই॥

[ ৫৭ ]

(৪১)

লুষ কালিমা ধুই নিকা কৰি
সুন্দৰ পূজাৰী দল,
আহা আগুৱাই জনমন্দিৰে
পূজাৰ বেলি যে হ’ল॥

০ ০ ০

সুন্দৰৰে স্ৰষ্টা তুমি শিল্পী খনিকৰ
 নোহোৱা কিয় স্ৰষ্টাতুৰ
 সুন্দৰ সমাজৰ।

(আজি) দেখিছোঁ তোমাৰ সৃষ্টিৰ মাজত
লক্ষ্যহীনতা,
ধনৰ মায়াত নিজক বেচাৰ
বিফল ব্যস্ততা,
তাৰেই বাবে শেষ হ’ল আজি
সমাজ সুন্দৰতা॥

০ ০ ০

হোৱা শিল্পী পৃষ্ঠপোষক সুন্দৰ সমাজৰ
কৰা সঞ্চয় শিল্পী তুমি ভীষ্মৰ মনোবল।
ই যে অন্যায়; ঘোৰ অন্যায়
দায়িত্বশীল ব্যক্তিৰ, এই যে মহা অন্যায়
এনে অন্যায়শীল কৰ্ম এৰি,
ক্ষুদ্ৰ মনৰ স্বৰূপ এৰি,
বিশাল মনৰ পৰিধিৰে
সত্য ৰূপত জিলিকি উঠা
শিল্পী শতদল।
জ্ঞানৰ আলোত সমাজ হওঁক
সুন্দৰ সুবিমল॥

[ ৫৮ ]

(৪২)

কান্দা লক্ষ্মীনাথ হিয়া ধুলি ধুলি
 অসমীৰ মুখলৈ চাই
তোমাৰে জীউলাউ অসমীয়া জাতি
 আজি মৰোঁ মৰোঁ হায়।
তাকেহে ভাবি মোৰ মন ভাঙি পৰে
 বুকু বেদনাৰে ভৰে
আই অসমীৰে দুচকুৰে আজি
 দুধাৰি চকুলো সৰে।
আকাশ বতাহ আজি উদাস উদাস লাগিছে
গছে বনে মনে মনে কিনো কথা শুনিছে
উদাস উদাস লাগিছে॥

০ ০ ০


 আজি বিহুতলীয়ে কি যে ৰূপ ধৰিছে।
 অসমীয়া জাতিয়ে কি যে ৰূপ ধৰিছে।
 অসমীৰ ঘৰতে বিহুৱা আবেশে
 দুখেৰে বিদায় মাগিছে॥

০ ০ ০


আই অসমীৰে জাতি-উপজাতি
আই ভাৰতীৰে জাতি-উপজাতি
বিহুতলীত আজি মিলিছে যে আহি
অসমীৰ চোতালত
ৰঙৰে মেলা বহিছে॥

[ ৫৯ ]

০ ০ ০

আই ভাৰতীৰে সকলো জাতিৰে
জিলিকি উঠিছে নিজৰে চিনাকি
নিজকে নিচিনা অসমীয়া জাতি
হেৰুৱাই চিনাকি মাৰিছে কিৰিলি
তাকে গুণি গুণি মোৰ আই অসমী
উচুপি উচুপি কান্দিছে॥

[ ৬০ ]

(৪৩)

সূৰ্য্য উঠিল টোপনি ভাগিল
 উদাস জনতাৰ,
কৰ্ম্মবিমুখ জড়তা নাশি
 জাগিল কৰ্ণধাৰ॥

০ ০ ০


দলিত পীড়িত নিষ্পেষিতৰ
 এই (যে) সময় মুকুতি যুঁজৰ
 সমাজ জাতিষ্কাৰ,
শুনোঁ আহ্বান আকাশ বুকুত
 সমাজ সজোৱাৰ॥

০ ০ ০


ধোলি মালী লাল বেগী হীৰা
 বাছফোৰ বনিয়া,
ধোবী মহৰা মেটৰ মুচী
 জালকেওট জালীয়া,
নমঃ শূদ্ৰ জালোমালো পাটনি সূত্ৰধৰ,
এক বাগিছাৰ কুসুম আমি গন্ধপুষ্পহাৰ॥
আহা আগবাঢ়ি ভাঙি কাৰাগাৰ
হওঁ আমি একাকাৰ॥

০ ০ ০


ঐক্যবদ্ধ সুৰেৰে আমি প্ৰগতিৰ গীত গাওঁ
পথৰ কণ্টক আঁতৰাই আমি
সমাজ গঢ়ি যাওঁ
আজি নতুন দিনৰ নতুন পুৱাত
হ’ক এই অঙ্গীকাৰ॥*

  • সুৰাৰোপিত আৰু প্ৰচাৰিত [ ৬১ ]

(৪৪)

মি সুৰৰ পূজাৰী দল
সুন্দৰ বিচাৰি যাওঁ।
সুৰৰ মায়াত মুগ্ধ আমি
সাধনাৰ শান্তি পাওঁ॥

০ ০ ০


প্ৰথম পুৱাত সুৰৰ লহৰ
আইৰ কোলাতে শুনোঁ,
নিচুকণি সুৰ শুনি তল যাওঁ
কান্দোন পাহৰো।
সুৰৰ মধুৰ মোহন তানত
সৰগলৈ উটি যাওঁ
সৰগ দেখা পাওঁ॥

০ ০ ০


ভৰ জীৱনৰ মিলন বেলাতো
জাউৰি-জাউৰি সুৰ,
বিয়লি বেলাৰ মৰণ পৰতো
বাজে বিদায়ৰ সুৰ।
সুৰ সাগৰত জীৱনে-মৰণে
ভাহি ভাহি ভাহি যাওঁ॥

[ ৬২ ]

(৪৫)

ই যে তীৰ্থ বিদ্যাভূমি
স্বৰ্গাদপি গৰীয়সী
এই যে আমাৰ জীৱন গঢ়া
পুণ্য তপোবন
শান্তি নিকেতন॥

০ ০ ০


দুচকু থাকিও অন্ধ আমি
 জ্ঞানৰ নেদেখো পথ
 আমাৰ ভগন মনোৰথ,
এই তীৰ্থই দেখালে আমাক
 আলোৰ স্বৰ্ণপথ।
সেয়েহে আমাৰ এই প্ৰাঙ্গণ
 জীৱনৰ মৌ বন॥

০ ০ ০


আমি ফুলি আছোঁ ভাগে ভাগে
 এই ফুলনিত মহাৰঙে
নতুন নতুন ৰঙীন সপোন
 জাগে আমাৰ প্ৰাণে প্ৰাণে
ফুল বাগিছাৰ মালী আমি
 আমাৰ চেনেহ প্ৰাণে প্ৰাণে
সুবাস বিলাই জগৎ জিনিম
সুবাস বিলাই জগৎ জিনি
 হ’ম কীৰ্ত্তিমান।
 এই যে আমাৰ পণ॥*

  • লিখকৰ কৰ্ম্মৰত বিদ্যালয়ৰ ’বিদ্যালয় সপ্তাহ’ উপলক্ষে ৰচিত। ২০/৩/৯৮ [ ৬৩ ]

(৪৬)

ই পখিলী
ৰূপে সোণোৱালী
উৰি উৰি উৰি ফুৰোঁ
 অননি বননি॥

০ ০ ০


এই পৃথিৱীৰ
 সবেই পৰাণী
 মোক বিচাৰি
 খায় হাবাথুৰি
ধৰা নিদিওঁ মই
যাওঁ আঁতৰি॥

০ ০ ০


মেঘৰ মাজৰ মই বিজুলী
মৰুৰ মাজৰ পানীৰ জিলিকনি
সপোন পুৰীৰ মই ৰূপহী
ধৰা নিদিওঁ মই
যাওঁ আঁতৰি।
মই সৰগী সুখৰ মাধুৰী
ধৰা নিদিওঁ মই
যাওঁ আঁতৰি॥

[ ৬৪ ]

(৪৭)

হে শ্বহীদ,
 তোমাৰ চৰণ তলে
 সমবেত হলোঁ আমি
 অকিঞ্চন সাহিত্য পূজাৰী;
 তোমাৰ স্মৃতিত আমাৰ
 বিদীৰ্ণ হৃদয়
 তপত চকুলো আজি
 পৰিছে বাগৰি।
 মুকুতি যুঁজত ৰঙাফুল হৈ
 চুমিলা মাতৃভূমি,
 তোমালৈ আমাৰ সহস্ৰ প্ৰণাম।
 লোৱা হে শ্বহীদ তুমি।

 
  • লিখকৰ কৰ্ম্মৰত বিদ্যালয়ৰ ’শ্বহীদ তৰ্পন’ উপলক্ষে ৰচিত। [ ৬৫ ]

বিশিষ্ট পণ্ডিত, সাহিত্যিক, সমালোচক
ড° হীৰেন গোহাঁইৰ একাষাৰ

 শ্ৰীযুত উমেশ বৈশ্যৰ গীতৰ সংকলন “প্ৰগতিৰ গান” পঢ়ি ভাল পালোঁ। সহজ-সৰল আৰু সাৱলীল ভাষা, গীতিময় ছন্দ, আৰু জীৱন্ত আবেগৰ আবেদন গীতবোৰৰ বৈশিষ্ট্য। গীতবোৰ শুনাৰ সৌভাগ্য মোৰ হোৱা নাই, কিন্তু মোৰ ধাৰণা গীতবোৰে গীতিকাৰৰ উদ্দেশ্য সফল কৰিব।

 গীতিকাৰৰ উদ্দেশ্য দেশসেৱা। অসমবাসীক হেৰোৱা অতীতৰ গৌৰৱৰ প্ৰতি সজাগ কৰি বৰ্ত্তমানৰ অৱসাদ আৰু এলাহৰ পৰা জাগি উঠিবলৈ আৰু শত্ৰুৰ আক্ৰমণৰ পৰা দেশৰক্ষা কৰিবলৈ তেখেতে উদাত্ত আহ্বান দিছে। এই শত্ৰু কোন, তাৰ সুস্পষ্ট ব্যাখ্যা নাই। মাজে সময়ে ধাৰণা হয় প্ৰতাৰণাকাৰী দেশনেতা, স্বাৰ্থপৰ বুদ্ধিজীৱী, শোষক আদিয়েই শত্ৰু। মাজে মাজে আকৌ ভাব হয় বহিৰাগতকে শত্ৰু বুলি অভিহিত কৰা হৈছে। অৱশ্যে বুদ্ধ, গান্ধী আদিৰ উল্লেখে প্ৰমাণ কৰে গীতিকাৰ সংকীৰ্ণমনা বিচ্ছিন্নতাবাদী নহয়।

 সি যি নহওঁক, গীতিকাৰে যে দেশৰ সৰ্ব্বসাধাৰণ ৰাইজকে দেশ বুলি বুজিছে, সি সন্তোষৰ কথা। দেশৰ মানুহৰ প্ৰগতি অবিহনে দেশৰ প্ৰগতি অসম্ভৱ। আৰু সেই দায়িত্ব প্ৰধানকৈ ৰাইজে নিজেই কান্ধ পাতি ল’ব লাগিব। আৰু এক আকৰ্ষণীয় বৈশিষ্ট্য এয়ে যে এই শ্ৰমজীৱী জনতাৰ মাজত অনৈক্য আৰু ভেদাভেদ নিৰ্ম্মূল কৰিবলৈকো গীতিকাৰে সঁকিয়নি দিছে। অৱশ্যে ভেদাভেদৰ কাৰণ সম্পৰ্কে গীতিকাৰ সিমান সচেতন নহয়। জনজাতীয় সকল কেৱল বাহিৰৰ উচটনিতে অ- জনজাতীয়ৰ বিৰুদ্ধে ক্ষুব্ধ হৈছে বুলিলে কথাটো বেছি সৰলীকৰণ কৰা হ’ব।

 কিন্তু সমাজৰ শত্ৰু যে মুখা পিন্ধি থাকে, মানুহে সহজে চিনিব নোৱাৰে, গীতিকাৰৰ সেই সাৱধানবাণী সময়োপযোগী :

অগণি জ্বলাই শান্তিভূমিত
 দূৰণিত সৌৱা কোন?
দহন জাৰণ যন্ত্ৰণা চাই।
 মিচিকি হাঁহিছে চোন।

[ ৬৬ ]

 তদুপৰি গীতিকাৰৰ মন নিঃসন্দেহে প্ৰগতিবাদী। তেওঁ অতীতৰ মোহত আচ্ছন্ন হৈ থকা নাই :

সাধুকথাৰ ইন্দ্ৰজালত
 প্ৰগতি ৰুদ্ধ হ’ল
ৰুদ্ধ কোঠাৰ অন্ধকাৰত
 বিকাশ বন্ধ হ’ল।

 শ্ৰীযুত বৈশ্যৰ গীতে বিকাশৰ বাট মুকলি কৰাত সহায় কৰক, ইয়াকে কামনা কৰিলোঁ।

ড° হীৰেন গোহাঁই
গুৱাহাটী বিশ্ববিদ্যালয়
১০/১১/৯০

[ ৬৭ ]

জ্যেষ্ঠ কবি, বিশিষ্ট সাহিত্যিক
শ্ৰীযুত নলিনীধৰ ভট্টাচাৰ্যদেৱৰ অভিমত

 সঙ্গীতৰ ৰস উপভোগ কৰোঁ যদিও তাৰ ব্যাকৰণৰ জ্ঞান মোৰ নাই। তথাপি শ্ৰীযুত উমেশ বৈশ্যই, তেওঁ ৰচনা কৰা আৰু সুৰ দিয়া গানৰ সংকলনটো হাতেলিখা অৱস্থাতে মোক চাবলৈ দিছে আৰু চাই-চিতি দুআষাৰ আগকথা লিখি দিবলৈ অনুৰোধ কৰিছে। এই কাম জটিল হ’লেও, মূৰ পাতি লোৱাৰ কাৰণ হ’ল শ্ৰী বৈশ্যৰ সঙ্গীত চৰ্চাৰ প্ৰতি থকা আন্তৰিকতা। তেওঁ অৰ্থ, খ্যাতি বিচৰা নাই; নীৰৱে তেওঁ তেওঁৰ কাম কৰি আছে। আজিৰ প্ৰতিযোগিতাৰ যুগত, সঙ্গীতৰ জগত গঢ়ি তোলাৰ বাবে যি নীৰৱ ধ্যানৰ প্ৰয়োজন, তাৰ আজি শোচনীয় অভাৱ হৈছে। মানুহ এতিয়া অৱক্ষয়ত পোত খাইছে। ইয়াৰ কাৰণ ৰাষ্ট্ৰীয় আৰু সামাজিক বিপৰ্যয়। সাহিত্য-সঙ্গীতত ইয়াৰ প্ৰভাৱ পৰিছে। অসমীয়া আধুনিক গীতত, বিশেষকৈ গণ-সঙ্গীতবোৰত এই বিপৰ্যয়ৰ ইঙ্গিত ফুটি উঠিছে। ৰাগ-সঙ্গীতত এই প্ৰভাৱ সুস্পষ্ট নহ’লেও, কোনো ব্যক্তিগত শিল্পীৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম নিশ্চয় ঘটিছে। সেই কথা বিজ্ঞসকলে নিশ্চয় জানিব। সাম্প্ৰতিক কালৰ আধুনিক অসমীয়া গীত বুলিলে যিটো ধাৰাক বুজায়, তাত এটা পেনপেনীয়া বিষাদৰ সুৰেই অধিক। তাত জীৱনৰ গভীৰ অনুভূতি বা উপলব্ধিৰ প্ৰকাশ ক্ষীণ। আনহাতে দেশ-প্ৰেমমূলক গীতবোৰৰ সাৰ্থকভাৱে প্ৰাণ প্ৰতিষ্ঠা হয় বুলিও কোৱা টান। কেৱল তাল, লয়েই হয়তো যথেষ্ট নহয়, ছন্দ আৰু সুৰৰ প্ৰতি নিবিষ্টতাও সঙ্গীতত অপৰিহাৰ্য্য। এনে নিবিষ্টতাইহে সঙ্গীতক অনন্য চৰিত্ৰ দান কৰে৷ অৱশ্যে ভাব, ৰাগ, তালৰ লগতে ভাষাৰ প্ৰশ্নটোও জড়িত হৈ থাকে। অতিশয় শব্দাড়ম্বৰ কৰাতকৈ, সহজ, সাৱলীল আৰু ব্যঞ্জনাপূৰ্ণ ভাষাই সঙ্গীতক শ্ৰোতাৰ আনন্দ আৰু উদ্দীপনাৰ কাৰণ কৰি তোলে। সম্ভৱতঃ শ্ৰোতাৰ এই আনন্দই সঙ্গীতৰ অন্তিম লক্ষ্য। সুৰ, ভাব আৰু ভাষাৰ আৱিষ্কাৰৰ বাবে নিৰ্ম্মোহ সাধনাইহে অসমীয়া সঙ্গীতক শিখৰলৈ লৈ যাব পাৰিব।

 শ্ৰীযুত বৈশ্যৰ “প্ৰগতিৰ গান” নামৰ স্বৰচিত গীতৰ সংকলনটি পঢ়ি এইবোৰ কথা মোৰ মনলৈ আহিছে। এইবোৰ কথাত কাৰোবাৰ দ্বিমত নিশ্চয় থাকিব, কিন্তু ব্যক্তিগতভাবে মই এনেকৈয়ে ভাবোঁ। বৈশ্যৰ গানবোৰত বৰ্ত্তমান অসমৰ পৰিস্থিতিৰ সুৰীয়া প্ৰতিধ্বনি আছে; অন্যায়ৰ সমালোচনা আছে। সেইবুলি তেওঁৰ ক’তো উগ্ৰতা নাই। তেওঁৰ দৃষ্টিৰ আলিবাটে অসমৰ সীমা অতিক্ৰম কৰিছে। উগ্ৰতা তেওঁৰ স্বভাৱ[ ৬৮ ] বিৰুদ্ধ, তেওঁ কৈছে :

 যা-যা-যা-যা অসমীয়া
 সীমান্ত পাৰ হৈ যা
কেনেকৈ ঘূৰিছে বিশাল পৃথিৱী
 চা চকু মেলি চা।

জাতি-উপজাতিৰ মাজত বিভেদ, অৰ্থনৈতিক দুৰৱস্থা, সংস্কৃতিৰ বিকৃতি, যুৱ-মানসিকতা এনেবোৰ প্ৰসঙ্গ তেওঁৰ গানৰ ভাষাত ফুটি উঠিছে আৰু তাৰ বিৰুদ্ধে থিয় দিবলৈ অসমীয়াক উদাত্ত আহ্বান জনাইছে।

 এনেবোৰ অনুভূতিৰ যে প্ৰয়োজন আছে তাত সন্দেহ নাই। তেওঁ কেতিয়াবা লোক সঙ্গীতৰ আৰ্হিত গণ-সঙ্গীতো ৰচনা কৰিছে। সি যি কি নহওঁক, তেওঁৰ গীতবোৰৰ সুৰৰ লাৱণ্য ক’ত, তাৰ বিশ্লেষণ কৰাৰ ধৃষ্টতা মোৰ নাই। তেওঁৰ কিছুমান গীত ৰাগ-ভিত্তিক হ’ব পাৰে; ৰাগ আৰু লোক-গীতৰ সুৰৰ পাৰ্থক্য থাকিলেও, প্ৰতিভাবানৰ হাতত এই দুয়োটাৰ সন্মিলনো ঘটিব পাৰে যেন লাগে। শ্ৰী বৈশ্যৰ ক্ষেত্ৰত সেইটো হৈছেনে নাই সেইটো জনাই জানিব আৰু তেওঁৰ গায়ন পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁৰ গীতৰ ভাষা প্ৰচাৰ-গন্ধী আৰু উচ্চ কণ্ঠ যেন অনুভৱ হয়; হয়তো উদ্দীপনাদায়ক গীতৰ ভাষা তেনেধৰণৰ হ’বও পাৰে। অৱশ্যে তেওঁৰ ভাষা কেতিয়াবা সৰল আৰু ব্যঞ্জনাময় :

সেউজী পথাৰত গৰু চৰি ফুৰে
ইৰিণা বিৰিণা খাই,
বৰ বৰ বলধে ধাননি নাশিহে।
আনন্দে পেট পূৰায়।

 এই ধৰণৰ কথাইহে সাধাৰণ মানুহক বেছিকৈ আকৃষ্ট কৰিব বুলি মোৰ ধাৰণা। অৱশ্যে শেষ বিচাৰত সুৰৰ মাধুৰ্যহে আকৰ্ষণৰ বস্তু হৈ পৰে৷ শ্ৰী বৈশ্যই গীত ৰচনা কৰে,তাত সুৰ দিয়ে;গতিকে,এই দুয়োটা দায়িত্ব তেওঁ সুচাৰুভাৱে পালন কৰিছে। তেওঁৰ গীত ইতিমধ্যে গণ-মাধ্যমযোগে প্ৰচাৰিত হৈছে। আশাকৰো তেওঁৰ এই সাঙ্গীতিক প্ৰতিভাৰ আৰু বিকাশ ঘটিব। সঙ্গীতপ্ৰেমীয়ে তেওঁৰ গীতসমূহ আদৰি ল’ব বুলি মই ভাবিছোঁ। তেওঁৰ সাধনা অব্যাহত থাকক— এয়ে কামনা।

নলিনীধৰ ভট্টাচাৰ্য
ৰূপনগৰ, গুৱাহাটী
১১/০১/৯১

[ ৬৯ ]

লেখকৰ চমু পৰিচয়

 প্ৰয়াত উমেশ চন্দ্ৰ বৈশ্য এম.এ., বি.টি., গুৱাহাটীৰ ৰিহাবাৰীস্থ বাণীকান্ত সোঁৱৰণী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ। কৃতী শিক্ষক হোৱাৰ উপৰি প্ৰয়াত বৈশ্য একেধাৰে এজন সুসাহিত্যিক, কবি, গায়ক, গীতিকাৰ, সুৰকাৰ, প্ৰবন্ধকাৰ আৰু সৰ্ব্বোপৰি এজন নীৰৱ সমাজ সংস্কাৰক আছিল। তেওঁৰ ভালেমান প্ৰবন্ধ, গীত, কবিতা আদি অসমৰ বিভিন্ন আগশাৰীৰ বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পাইছিল৷ তেখেতে লিখি থৈ যোৱা ভালেমান প্ৰবন্ধ, গীত আদি বৰ্ত্তমানেও নানা আলোচনী আদিত প্ৰকাশ হৈ আহিছে। বহুতো পাঠ্যপুথি, দেশপ্ৰেমমূলক কবিতা পুথি, কাব্য, গ্ৰন্থ আদি প্ৰকাশ কৰি অসমীয়া সাহিত্য-সংস্কৃতিৰ ভঁড়াল চহকী কৰি থৈ যোৱা বৈশ্যৰ ভালেমান বহুমূলীয়া গ্ৰন্থ এতিয়াও অপ্ৰকাশিত হৈ আছে৷

 সঙ্গীতৰ প্ৰতি থকা প্ৰবল শ্ৰদ্ধা আৰু আন্তৰিকতাৰ বাবেই নৱম শ্ৰেণীত পঢ়ি থাকোতেই নলবাৰীৰ সঙ্গীত বিদ্যালয় ‘গীতাশ্ৰী’ত নাম ভৰ্ত্তি কৰি গুৰুদেৱ চৈয়দ জমিৰুদ্দিন আহমেদৰ ওচৰত সঙ্গীত শিক্ষাৰ আৰম্ভণি কৰিছিল। পৰৱৰ্ত্তী সময়ত লক্ষৌৰ ভাটখাণ্ডে সঙ্গীত বিদ্যালয়ৰ পৰা সঙ্গীতৰ উপাধি লৈছিল আৰু মৃত্যু পৰ্যন্ত সঙ্গীত সাধনা কৰি গৈছিল।

 প্ৰায় এশটাৰো অধিক গীত ৰচনা কৰি সুৰ দিয়া বৈশ্যৰ কেইবাটাও গীত আকাশবাণী গুৱাহাটী কেন্দ্ৰ আৰু গণ মাধ্যম যোগে প্ৰচাৰিত হৈছে।

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যি কোনো কাৰণত বা যি কোনো উদ্দেশ্যেত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই যেতিয়ালৈকে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰে।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইখন পৃষ্ঠাত উল্লিখিত স্বৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱসকলৰ বাবে এই লিংকত উপলব্ধ আছে।