প্ৰকাশক:অসম প্ৰকাশন পৰিষদ
অৱয়ব
ইতিহাস
[সম্পাদনা কৰক]অসম প্ৰকাশন পৰিষদ নিজাকৈ গ্ৰন্থ প্ৰকাশ কৰা অসম চৰকাৰৰ চৰকাৰী প্ৰতিষ্ঠান। অসম চৰকাৰে ১৯৫৮ চনৰ ২ মে' তাৰিখে শ্বিলঙত অসম প্ৰকাশন পৰিষদ প্ৰতিষ্ঠা কৰিছিল।[১] ১৯৫৮ চনৰ ৩০ অক্টোবৰত প্ৰথম পৰিষদ গঠন হৈছিল আৰু বিশিষ্ট সংস্কৃত পণ্ডিত আৰু বিশিষ্ট লেখক বিশ্বনাৰায়ণ শাস্ত্ৰী ইয়াৰ প্ৰথম সচিব পদত নিয়োজিত আছিল। ইয়াৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ বামুণীমৈদামত অৱস্থিত।[২]
প্ৰকাশিত গ্ৰন্থ
[সম্পাদনা কৰক]- শোণিত কুঁৱৰী (পুনৰ্মুদ্ৰণ), জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত

- ভানুমতী (পুনৰ্মুদ্ৰণ), পদ্মনাথ গোহাঞি বৰুৱাৰ দ্বাৰা ৰচিত

- আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ (১৯৭১, পুনৰ্মুদ্ৰণ), গুণাভিৰাম বৰুৱাৰ দ্বাৰা ৰচিত

- কৰ্মবীৰ চন্দ্ৰনাথ (পুনৰ্মুদ্ৰণ), দণ্ডিনাথ কলিতাৰ দ্বাৰা ৰচিত

- শোণিত কুঁৱৰী (পুনৰ্মুদ্ৰণ), জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা ৰচিত

- যৌন-তত্ত্ব (১৯৭৭), তৰুণৰাম ফুকনৰ দ্বাৰা ৰচিত

- অসমৰ বুৰঞ্জী
- সাহিত্য আৰু প্ৰেম
- মোৰ সোঁৱৰণী
- মৌ
- অলকা
- আসাম বুৰঞ্জী