সমললৈ যাওক

পোহনীয়া কুকুৰ

ৱিকিউৎসৰ পৰা
 

পোহনীয়া কুকুৰ।

 

শ্ৰীদণ্ডিনাথ কলিতা-ৰচিত।

 

বি, আৰ, কলিতা এণ্ড কোম্পানী
তেজপুৰ, অসম।

পোহনীয়া কুকুৰ।

(ধেমেলীয়া নাট)

 

দণ্ডিনাথ কলিতা প্ৰণীত।

তেজপুৰ

 

১৮৬৮ শক

 

প্ৰথম সংস্কৰণ।

 
বেচ— (অপঠনীয় ) অনা
 

প্ৰকাশক—
বি, আৰ, কলিতা
বি, আৰ, কলিতা এণ্ড কোম্পানী
তেজপুৰ, অসম।

 

৬৩নং বিডন স্ট্ৰীট, কলিকতা,
এলেম প্ৰেছত
শ্ৰীদেৱপ্ৰসাদ প্ৰসাদ মিত্ৰ দ্বাৰা ছপা হ'ল।

 

অৰ্পণ ।

 লেখকৰ প্ৰথম গ্ৰন্থ ফুলৰ প্ৰকাশক হৈ যিজনে লেখকক সাহিত্য ক্ষেত্ৰত আগ বাঢ়িবলৈ উৎসাহ দিছিল, সেই অগ্ৰজতুল্য শ্ৰীযুত দুৰ্গেশ্বৰ বৰাৰ হাতত "পোহনীয়া কুকুৰ" অৰ্পণ কৰিলোঁ।

তেজপুৰ।
২।৮।৪৬
নিবেদক
গ্ৰন্থকাৰ।
 

 

পাতনি।

 প্ৰায় এবছৰ নৰিয়া-পাটীত পৰি থাকি চিকিৎসকৰ উপদেশমতে ছাতব কাপ চুকত পেলাই থ'ব লগা হৈছিল। যোৱা ৯।৭।৪৬ তাৰিখৰ দিনা একেৰাহে বৰষুণ অনাত আৰু মনলৈ বৰ বেচিকৈ অৱসাদ অহাত, তাক শান কটাবৰ মনেৰে কাপ-কাকত চপাই লোৱা হ'ল। সেইদিনা নিত্য কৰ্ম্মৰ নিমিত্তে প্ৰয়োজনীয় সময়খিনিৰ বাহিৰে বাকী গোটেইখিনি সময় এই কামত লগোৱা হয়। তাৰ ফলতেই “পোহনীয়া কুকুৰৰ” উৎপত্তি।

 লেখকৰ অৱসন্ন মনক প্ৰসন্ন কৰাৰ দৰে “পোচনীয়া কুকুৰে” ৰাইজৰ মনতো সন্তোষ দিব পাৰিব বুলি ভাবি এতিয়া ইয়াক বান্ধ সোলোকাই এৰি দিয়া হৈছে। কামুৰিব বুলি মিছাতে ভয় খাই নপলালে ই যে কাৰো অনিষ্ট নকৰি ইষ্ট সাধন কৰিব তেনে বিশ্বাস প্ৰতিপালকৰ আছে। ইতি—


তেজপুৰ।
২।৮।৪৬
বিনীত
গ্ৰন্থকাৰ।
 

ভাৱৰীয়াসকল
মুনিহ।

আনন্দ বৰুৱা —এজন ডেকা মানুহ।
গুঞ্জানন বৰুৱা—আনন্দৰ বন্ধু।
গোবৰ্দ্ধন – উকীল।
গোপীকান্ত—মৌজাদাৰ।
ভোলাকান্ত—মৌজাদাৰৰ পুতেক।
মথুৰ চৌধুৰী— চৰকাৰী প্ৰচাৰ বিভাগৰ কৰ্ম্মচাৰী। ফকিৰ,
ফকিৰৰ চেলা, দুজন বৈষ্ণৱ, হাটৰুৱা মানুহবিলাক, লৰাবিলাক।

তিৰোতা।

সাবিত্ৰী সুন্দৰী—অভিভাবক নথকা অল্পশিক্ষিতা তিৰুতা।
পুহী-সাবিত্ৰীৰ বান্দী।


পোহনীয়া কুকুৰ।
প্ৰথম অঙ্ক।

প্ৰথম দৃশ্য।

 চৰকাৰী আলিবাট। সময় ৰাতি এপৰ। মতলীয়া অৱস্থাত গীত গাই আনন্দ সোমাই আছে। তেওঁৰ কঁকালত এখন ধূতী, তাৰে এফালে সৰু গাঁঠিলৈ আৰু আন ফালে আঠুত পৰা। গাত এটা কামিজ, তাৰ ডিঙিৰ আৰু হাতৰ গুদাম নাই। ভৰিত জোতা।

গীত

মদ খাবি, মজা পাবি, পাবি সুখৰ সাৰ।
এলাহ-ভাগৰ, বেমাৰ-বেজাৰ টিলিকিতে পাব।
অপেচৰী লৰি আহি  নিব মাতি হাঁহি হাঁহি,
বাটিত দিব অমৃত বাকি কেয়া মজাদাৰ।

(এনেতে গুঞ্জাননৰ প্ৰবেশ।)
গুঞ্জানন।— (হাতত থাপ মাৰি ধৰি) তই আৰু বলিয়ালি কৰিবলৈ ঠাই নাপালি, চৰকাৰী আলিত মৰিবলৈ আহিছ! চম্ভালিব নোৱাৰ যদি মূতনি খাৱ কিয়? ক’ৰবাৰ আলি-খাৱৈত পৰি ধাতুটো যাব শেহত।
আনন্দ।— খাৱৈত সোমালে ধাতু যায় নে ৰয়? দেখিছোঁ বিদ্যাৰ পক ভালকৈয়ে ধৰিছে! আগেয়ে কেঁকোৰা গাতত সোমাই ৰক্ষা পৰাৰ কথা মানুহৰ মুখত
শুনিছিলি। এতিয়া দেখোন দেখিছই জাপানী ব’ম পৰে বুলি বগা চিপাহীহঁতে কেনেকৈ একেটা গাততে দ’ম বান্ধি সোমায়। তেনেহ’লে খাৱৈত সোমাবলৈ ভয় কিহৰ? ই হৈছে সুৰক্ষিত দুৰ্গ, পৃথিবীৰ স্বৰ্গ আৰু ভকতসকলৰ চতুৰ্ব্বৰ্গ।
গুঞ্জ।— বাৰু আন দিনলৈকো স্বৰ্গ লাভ কৰিবি। এতিয়া বাটে বাটে ব’ল। পুলিচৰ হাতত পৰিব লাগিলে ৰাতিটো থানাৰ লক্‌আপত কটাব লাগিব বুলি নাজান হ’বলা?
আনন্দ।— পুলিচ! পুলিচলৈ আকৌ ভয় কিহৰ?তেওঁলোক যে মোৰ হৰি-ভকত। ( পিচ ফাললৈ চাই ) সৌজন কোন?
গুঞ্জ।— ( ভালকৈ লক্ষ্য কৰি ) গোপীকান্ত মৌজাদাৰ যেন লাগিছে। খবৰ্দ্দাৰ! বলিয়ালি নকৰিবি। তেওঁ দেখিবৰ হ’লে কালিলৈ তোক চাৰি ধেনু পৰাচিত কৰিহে এৰিব।
আনন্দ।— মোক পৰাচিত কৰে। তাৰ বাপেকৰ শকতি আছে!
গুঞ্জ।— ধেমালি নহয়। সিদিনা তেওঁৰ চৰাত মেল কৰিছে বোলে তই হেনো মদ খাৱ আৰু কৰবাৰ বেয়া ঠাইলৈ যাৱ। সেই কাৰণে কিবা ৰাজহুৱা সকাম পাতিলেই তোক পৰাচিত কৰি দণ্ড ল’ব, নহলে একেবাৰেই জুই-পানী নিষেধ কৰি সমাজৰ পৰা বাহিৰ কৰিব।
আনন্দ।— মোক সমাজৰ পৰা বাহিৰ কৰাটো কোন অ’? গোপীকান্ত মৌজাদাৰ! মই তাৰ লগত নে তাৰ বাপেকৰ
লগত বহি মদ খাইছিলোঁ! সি প্ৰমাণ কৰিব পাৰিব?

বাক দেখা যাওক কোনে কাক পৰাচিত কৰে। ( গোপীকান্তৰ প্ৰবেশ। কাফলতি তলত কাগজেৰে মেৰিওৱা এটা বটল। আনন্দই ঢলংপলংকৈ গৈ পিচ ফালৰ পৰা এহাতেৰে বটলটো আন হাতেৰে গোপীকান্তৰ ডিঙিত ধৰে। টনা আজোৰাত দুয়ো পৰি যায়। গোপীকান্তই উঠিয়েই আনন্দক দেখি বটল এৰি প্ৰাণ টাকি লৰ মাৰে। )

আনন্দ।— ( বটলটোৰ পৰা মেৰিওৱা কাগজখন এৰুৱাই

ঘূৰাই-পকাই চাই ) বাঃ বাঃ! কেনে মজা!

গুঞ্জ ।— কি? কি?
আনন্দ।— ( বটলটো দাঙি ধৰি ) দেখিছ! এই যুদ্ধ লাগিবৰে

পৰা দুই এটুপি লাওপানীৰ বাহিৰে বিলাতী মদ দেখাকে পোৱা নাছিলোঁ। আজি ঈশ্বৰে মিলাই দিলে বিনা পইচাই একেবাৰেই একছ নম্বৰ টু। ঠিক ঈশ্বৰ আছে; জৰুৰ আছে।

গুঞ্জ।— আচৰিত কথা! এওঁ ইমান ভকতালি দেখুৱায়,

সামান্য কথাতে মেল-দোৱান কৰি লোকক পৰাচিত কৰে : অথচ ৰাতি হ'লে ইফালে এই কাম!

আনন্দ। — এতিয়া তাৰ বাপেক আহকচোন মোৰ ওপৰত

মেল কৰিবলৈ! (বটলটোলৈ চাই ) পঞ্চমাকাৰৰ এক মকাৰ ফাওঁতে মিলি গ'ল! আৰু দুই এবিধ মকাৰ বাটে বাটে বুটলিব পাৰিলেই আজিলৈ চলি যাব। ( নিলগলৈ

চাই ) আকৌ সৌৱা কোন? অ' আৰু এক মকাৰ আহিব

লাগিছে।

গুঞ্জ।— আৰু এক মকাৰ কি?
আনন্দ। — মাইকী। প্ৰথম মকাৰ মদ হাততেই আছে।

( এনেতে মথুৰ চৌধুৰীৰ প্ৰবেশ। তেওঁৰ গাত এটা হাত নথকা বনিয়ান, কঁকালত এখন লুঙী, ভৰিত চেণ্ডেল। ডাঢ়ি-গোঁফ নিমজকৈ খুৰোৱা। )

আনন্দ। —(ঢলংপলংকৈ ওচৰ চাপি) কোন তুমি মনোমোহিনী?

এই আন্ধাৰ ৰাতি গতি কোন ফালে? অ' নহয়, মোকে বিচাৰি আহিছা! আহা, আহা, এইবাৰ ফাওতে আৰু এক মকাৰ। ( মথুৰৰ হাতত ধৰে। )

মথুৰ। — ( আছাৰ মাৰি ) গুচ,!ক'ৰ মদাহীটো।
আনন্দ।— ( হাত নেৰাকৈ ) খং কৰা কিয় সুন্দৰী? মদাহী

নহলে বজৰুৱা মাইকীৰ মোল বুজে কোনে?

গুঞ্জ।— এৰি দে, এৰি দে। মদৰ জালত মতা-মাইকীও চিনি

নোপোৱা হলি!

আনন্দ।— কি! মতা! আহ বাজি লগাওঁ। কঁকালত

মেখেলা, ভৰিত চেণ্ডেল, বুকত বতিচ, নিমজ গাল মুখ : গান্ধ তেল সানি চুলি মেলাই বাটত গা ঘেলাই ফুৰিছেহি মোক নে মোক নে কৈ;তুমি বুলিছা মতা! এইজনী যদি মতা হয় মাইকী কোন?তই নে কি?

মথুৰ।— এৰ বুলিছোঁ ভালে ভালে।

(হাত এৰুৱাব খোজে। )

আনন্দ। — হে মোহিনী, স্বৰ্গৰ পৰা খহি পৰা সুৰনন্দিনী,

আজি তুমি মোৰ হাতত বন্দিনী। তোমাক মই এৰিব নোৱাৰো। এনে মধুযামিনী আৰু ক'ত আহিব!

গুঞ্জ।— এৰি দে, এৰি দে। বাটৰ মানুহক এনেকৈ দিগ দাৰি

দিয়ে! ( মথুৰক সাহাৰ্য্য কৰি হাত এৰুৱাই দিয়ে। মথুৰ লৰমাৰে। )

আনন্দ। — তই গুচি যা। হাততে পোৱা বস্তু তোৰ পৰাই

হেৰুৱাব লগা হ'ল। (ডিঙি মেলি চাই ) আঃ! পলাল। ভালেখিনি পালেগৈ। হেৰা সুন্দৰী!

( গীত )

প্ৰাণ কাঢ়ি ল'ই কিন্তু গুচি যোৱা?
হেৰা লাহৰী, যোৱা কিয় আঁতৰি? ঘূৰি চোৱাঁ।

গুঞ্জ।— ব’ল, বল, ৰাতি বহুত হ'ল। ঘৰ পাবিগৈ কেতিয়া?
আনন্দ।— হ'ব নোৱাৰিছে ৰাতি। য'তেই টোপনি আছে

তাতেই পাটী, লাগে মুঠেই এটা পঞ্চমকাৰৰ ঘাঁটি।

গুঞ্জ।— মোৰ তো তোৰ দৰে নচলে। তোৰ লগতে মোৰো

ঘৰখন এৰিম নে?

আনন্দ।— নেৰ যাগৈ। মই এইফালেহে যাম।

( গীত )

পঞ্চমকাৰৰ সোৱাদ পালে তাৰ কি আছে দিন-ৰাতি!
কিহে টানে কোনে জানে নিয়ে কোনে ক'লৈ মাতি!

  তই যা, মই আহিলোঁ।

(প্ৰস্থান। )

গুঞ্জ।— যা, ক'ত মৰ মৰগৈ।তোৰ লগত ময়ো মৰিব নোৱাৰোঁ।

( আন ফালে প্ৰস্থান। )

⸻⸻

দ্বিতীয় দৃশ্য

 সাবিত্ৰী-সুন্দৰীৰ বহা খোটালী! মাজতে এখন মেজ, ছফালে দুখন মাচিয়া মেজৰ ওপৰত এটা ফুলদানি। এচুকত এখন টীপয়ৰ ওপৰত এটা হাৰ্ম্মোনিয়ম।

 দুৱাৰ মেলি সাবিত্ৰী আৰু গোবৰ্দ্ধন উকীল ভিতৰৰ পৰা ওলাই অলপ সময় দুয়ো আহি মেজৰ দুকাষে দুজন বহে। চকুৰে চোৱা-চুইকৈয়ে কটায়।

সাবিত্ৰী— ৰাতি বহুত হ'ল; এতিয়া আপুনি যোৱাইহে ভাল!


গোবৰ্দ্ধন — ওঁ, যাওঁ। পিচে মই এটা কথা ভাবিছোঁ।

কেতিয়াবা নাম মানুহৰ লগত মিলে; কেতিয়াবা আকৌ মানুহ নামৰ লগত মিলে। কিন্তু কেতিয়াবা একেবাৰেই মিল পোৱা নাযায়। “অমৰা মৰে, নিজৰা জৰে, ধনীয়ে বায় হাল।”


সাবিত্ৰী— তাৰ পৰা কি হ'ল?


গোবৰ্দ্ধন— হোৱাত, একো হোৱা নাই। তোমাৰ নামটোৰ

কথাই ভাবিছোঁ।


সাবিত্ৰী— মোৰ নামটো! মোৰ নামত নো কি নতুন তথ্য

ওলাল?

গোবৰ্দ্ধন— তোমাৰ নামটো হ'ল সাবিত্ৰী, কিন্তু কামটো হ'ল

উৰ্বশীৰ।

সাবিত্ৰী— কেনেকৈ?
গোবৰ্দ্ধন— নিজে গমি চালেই পাবা। সাবিত্ৰী হ'ল সতী,

উৰ্ব্বশী হ'ল নটী।

সাবিত্ৰী— চাওক আপুনি মোৰ ঘৰত বহি মুখৰ আগতে মোক

এনেকৈ অপমান কৰা উচিত হোৱা নাই। আপোনাৰ বাহিৰে জগতৰ কাৰো লগত মোৰ সম্পৰ্ক নাই।

গোবৰ্দ্ধন— ফাঁকি দিয়া কিয়? তোমাৰ ঘৰলৈ কিমান মানুহ

আহে, কাৰ কাৰ লগত বন্ধুতা আছে মই যেন নাজানোতো।

সাবিত্ৰী— জানিলে কি হ'ল! মানুহৰ ঘৰলৈ মানুহ আহে,

সকলোৰে ঘৰলৈ যায়। অইনৰ ঘৰলৈ গ'লে যদি দোষ নহয়, মোৰ ঘৰলৈ আহিলে নো জগৰ ধৰে কিয়?

গোবৰ্দ্ধন— কাৰণ আছে। অইনৰ ঘৰলৈ যায় কিবা কামলৈ।

যেনে কাৰবাৰ চাহ খাবৰ মন গৈছে, নিজৰ ঘৰত ব্যৱস্থা নাই। তেতিয়া তেওঁ এঘৰলৈ গৈ তামোল-ধপাতৰ লগতে চাহ এটোপা আৰু পাৰিলে তাৰ লগতে জলপান এটিও আদায় কৰাৰ দিহা কৰে। আন কোনোবা যায় কালিলৈ দিম বুলি কেইটামান টকা সৰকাবলৈ। আকৌ কোনো- বাই সময় কটাবৰ উপায় নাপাই ইঘৰ সিঘৰকৈ ফুৰি ভাত কেইটা জীন নিয়ায়।

সাবিত্ৰী — মোৰ ঘৰলৈকো তো তেনে উদ্দেশ্যত আহিব পাৰে।
গোবৰ্দ্ধন— আহিব পাৰে কিন্তু নাহে। আহে প্ৰেম কৰিবলৈ।

আৰু ধন-বস্তু সিহঁতে আদায় নকৰে, কৰা তুমি।

সাবিত্ৰী— বাৰু, প্ৰেম কৰিবলৈকে আহিল, তাত নো কি হানি

হ'ল! মোৰ পৰা তো তেওঁলোকে প্ৰতিদান নাপায়। “আহিল কণা, গ'ল কণা, খাগৰি কাটিলে তিনি কণা।” মাজতে যদি মোৰ কিবা উপাৰ্জ্জন হ'ল, সি কোনো দোষৰ কথা নহয়। আপুনি উকীল, আপোনাক কোনোবাই কিবা এটা বুধি শুধিলেই দেখোন ধন আদায় কৰে। তেনেহলে মোৰ ওচৰত বহি কথা পাতি পাতি মোৰ সময় নষ্ট কৰাৰ বাবে ম‍ই আদায় নকৰিম কিয়?

গোবৰ্দ্ধন— বাৰু সেই কথা যাওক। আচল কথা হৈছে, যাকে

তাকে তেনেকৈ আহিবলৈ দিলে মই বেয়া পাওঁ। কি লাগে মোক কলেই দেখোন হ'ল।

সাবিত্ৰী— ক’লেই হোৱা হ'লে দেখোন কথাই নাছিল। আজি

দহ-বাৰ দিন কুতুৰি থাকোতেও চিল্কৰ শাৰী এখনকে আনি দিব নোৱাৰিলে।

গোবৰ্দ্ধন — বজাৰত নহলে মই আনো ক'ৰ পৰা! আজি

কালি যুদ্ধৰ বজাৰত ধন দিলেও বস্তু নাপায়।

সাবিত্ৰী— ব্লেক মাৰ্কেটততো পায়। নই কোনো কথা নুশুনো।

আকৌ শুদা হাতে আহিবৰ হ'লে মই ওলাই গুচি যাম। গোবৰ্দ্ধন—

(হাতত ধৰে)

সাবিত্ৰী— পাইছোঁ। আপোনাৰ ভালপোৱাৰ চিন। ভাল পোৱা

হ'লে মোক এনেকৈ অপমান নকৰে।

গোবৰ্দ্ধন— মোৰ ভুল হৈছিল, উঠাই ললোঁ। এতিয়া যাওঁ,

খং নকৰিবা দেই। ( গোবৰ্দ্ধনে টৰ্চ জলায়, সাবিত্ৰীয়ে আগ বঢ়াই থয়। তাৰ পাচত কেই মিনিটমান একেৰাহে চাই থাকি আগৰ ঠাইতে বহে। অলপ পাচতে উঠি গৈ হাৰ্ম্মো- নিয়মটো আনি লয় আৰু বজোৱাৰ লগে লগে গীত গায়।)

সাবিত্ৰী—

গীত।

দিনৰ দিনটো তোমাল'কে বুলি গাঁথিছে। ইধাৰি মালা।
তুমি তো নাহিলা কৰি অৱহেলা; কোনেনো জুৰাব জালা?
 তোমাৰ কাৰণে জলে ধূপ-দীপ,
 তুমি নাথোঁ মোৰ জীৱন প্ৰদীপ,
তোমাৰ বিছনে যাব পৰি জয় কুসুম কোমলা বালা।

( আনন্দৰ প্ৰবেশ )

আনন্দ— ক’তা! ক'তা! কোনধাৰ মালা? দিয়া।

( সাবিত্ৰী উঠি গৈ মালা এবাৰ আনি পিন্ধাই দিয়ে। ) বেছ, বেছ! আজি এনগেজমেন্ট পকা হৈ গ'ল।

সাবিত্ৰী — তুমি ইমান পলম কৰিলা কিয়? কিমান কষ্টেৰে মই

তোমালৈ বাট চাই আছে॥

আনন্দ– বেয়া পাইছা! খং কৰিছা! (বটলটো মেজত থৈ )

সত্যমেৱাসি যদি হুদতি ময়ি কোপিনী
 দেহি খৰনয়নশৰঘাতম্।

জনয় ৰদখণ্ডনম্ ঘটয় ভুজবন্ধনম্
  যেন ৱা ভৱতি সুখজাতম্।
স্মৰগৰলখণ্ডনম্ মম শিৰসি মণ্ডনম্
  দেহি পাদপল্লৱমুদাৰম্‌।

সাবিত্ৰী— বহা, বহ৷ ( বহুৱাই দিয়ে ) এইটো কিহৰ বটল?
আনন্দ— মধু! মধু! ইয়াৰ নাম হৈছে একছ নম্বৰ টু।

এফালে এই বটল, আন ফালে তুমিও এক বটল। দুইটাতে ভৰ৷ সুধা, অকল নৌৰ কিয় দুয়ো গোট খাই নিবৃত্তি কৰিব পাৰা গোটেই বিশ্বৰ ক্ষুধা।

সাবিত্ৰী— তুমি এতিয়াও মদ এৰিব নোৱাৰিলা?
আনন্দ— মদ এবাৰ ধৰিলে কোনে এৰিব পাৰে! তোমাকেই

বা এবাৰ ধৰিলে কোনে এৰিব! হাঃ! হাঃ! তুমি নাজানা—

মদ্যং মাংসং তথা মৎস্যং মুদ্ৰা মৈথুনমেৱ চ।
মকাৰ পঞ্চকং কৃত্বা পুনৰ্জ্জন্ম ন বিদ্যতে॥

সাবিত্ৰী— যোৱা। তোমাৰ কথা কাম একোৰে লাগ-বান্ধ

নাই। তুমি মোক ভাল নোপোৱা।

আনন্দ— আও। এনে কথা কোৱা নে? ভাল নাপাওঁ যদি

এই ৰাতিখন আহিলোঁ কিয়?

সাবিত্ৰী— হাৰধাৰ আনিছা?
আনন্দ— নাই। তোমাৰ উপযুক্ত হাৰ ইয়াত ক'ত পাবা!

সেই দেখি একেবাৰেই কলিকতালৈ অৰ্ডাৰ দিলোঁ। বৰ সুন্দৰ ডিজাইন। খৰচ পৰিব প্ৰায় এহেজাৰ টকা।

সাবিত্ৰী— কেতিয়া আহিব?
আনন্দ— কলিকতাৰ পৰা আহিল, এতিয়া ক'ৰবাৰ বাটত। কালি পৰহিলৈ নিশ্চয় হাতত পৰিব।
সাবিত্ৰী— আহিলেই লৈ আহিবা।
আনন্দ— সেইটো—সেইটো —
সাবিত্ৰী— সেইটো আকৌ কি?
আনন্দ— সাবিত্ৰী, তোমাক এটা কথা কওঁ। তুমি জানা ম‍ই মদাহী আৰু মদাহীৰ মুখত সঁচা কথা ওলায়৷ মই তোমাৰ ওচৰলৈ আনৰ নিচিনাকৈ খুচুৰা কাৰবাৰ কৰিবলৈ অহা নাই। একেবাৰেই “হ’লচেল” পাইকাৰী কাৰবাৰতহে মোৰ মন।
সাবিত্ৰী— মই বুজা নাই।
আনন্দ— বাৰু বুজাই দিওঁ। তুমি দেখিছা, ম‍ই আহো আৰু তোমাৰ দুই-এটা গান শুনি গুচি যাওঁ। তাতেই তুমি বুজা উচিত যে মই তোমাৰ লগত দুদিন এদিন প্ৰেম কৰিবলৈ অহা নাই। তোমাৰ আপত্তি নাথাকিলে মই তোমাক বিয়া কৰাব খোজোঁ। যদি সেয়ে হয় তেন্তে অকল হাৰধাৰ কিয়, মোৰ ধন-সম্পত্তি মাটি বাৰী, শোৱনী ঘৰ, ৰান্ধনী ঘৰকে আদি কৰি সকলো ঘৰ, আন কি চকু-কাণ, নাক- মুখ, হাত ভৰিৰে সৈতে এই সম্পূৰ্ণ শৰীৰটোও তোমাৰ হ'ব। নহলে তোমাক মই আমনি কৰিব নোখোজো। বুজিছা?
সাবিত্ৰী— বুজিছোঁ।
আনন্দ— কি বুজিছা?
সাবিত্ৰী —
আনন্দ— তেন্তে তাৰ উত্তৰ ক'তা? বিয়াত তোমাৰ মত আছে

নে নাই নোকোৱা কিয়?

সাবিত্ৰী— মই আজি ক'ব নোৱাৰোঁ। ভাবি চাবলৈ সময়

লাগিব।

আনন্দ – ই আকৌ কি কথা! তোমাৰ কথামতেই তুমি মোক

ভাল পোৱা, দিনটো মোলৈ মালা গাঁথা, মোক নেদেখিলে এৱা চৰে। ইমানখিনি স্বীকাৰ কৰাৰ পাচত তোমাৰ ভাবি চাবলৈ কিটো আছে?

সাবিত্ৰী— আছে। এতিয়া ম‍ই ভাল পাওঁ মোৰ নিজৰ ইচ্ছাত,

বিয়া কৰালে পাব লাগিব বাধ্যবাধকতাত। মুঠতে তেতিয়া মোৰ স্বাধীনতা কিমান খিনিলৈ থাকিব, সমাজৰ বান্ধ-ছাট কিমানখিনিলৈ মানিব পাৰিম সেয়ে হৈছে ভাবিব লগীয়া বিষয়।

আনন্দ— কেইদিনত ভবা শেষ হ'ব?
সাবিত্ৰী— তিন দিন মান লাগিব।
আনন্দ— ভাল কথা। এই তিন দিনত মই এই সম্পৰ্কে কোনো

কথা নোসোধোঁ। তাৰ পিচদিনা খাতাং উত্তৰ ঠিক কৈ থ'বা। এতিয়া যাওঁ।

সাবিত্ৰী— আও! যোৱাই নে? ইমান লৰা-লৰিকৈ!
আনন্দ— মোৰ কামেই লৰালৰি। তাৰ উপৰি মোৰ কথাৰ

সমিধান নোপোৱালৈকে তুমিঃ ক'ৰবাৰ কোনোবা, ময়ো ক'ৰবাৰ কোনোবা। ইয়াত বেচি পৰ থাকিলে মদৰ ৰাগী চৰি যোৱাৰ ভয় আছে। থাকা। (বটলটো লৈ যাব খুজি ) আও! বাহিৰত বৰ বতাহ! জাৰ লগাই আনে। ( ইফালে সিফালে চাই ) এই স্কাৰ্ফখনকে লৈ যাওঁ! (হাঁকোটাত ওলোমাই থোৱা স্কাৰ্ফ খন ছটিয়াই লয় )।

সাবিত্ৰী— নিনিবা, নিনিবা। মই কি ল'ম?

আনন্দ—তুমি থাকিবা ঘৰৰ ভিতৰত, মই যে এমাইল বাট খোজ কাঢ়ি যাব লাগিব।

(প্ৰস্থান )

সাবিত্ৰী- সিদিনা নিলে ওঠৰ টকা দামৰ ছাতিটো, আজিলৈকে

ঘূৰাই নিদিলে। আজি আকৌ নিলে স্কাৰ্ফখন। হাৰধাৰে৷ নাপালোঁ। এওঁৰ মতলব কি?

( অলপ ইফাল-সিফাল কৈ ফুৰি ) বিয়া! বিয়াৰ ফান্দত

হাত-ভৰি বান্ধি মৰিবৰ মোৰ দৰকাৰ কি? স্বাধীন আহাৰ স্বাধীন বিহাৰ, স্বাধীন প্ৰেন, স্বাধীন ভেম একোতে মোৰ হেম-গেন ঘটা নাই। তেন্তে লোকৰ অধীন হবলৈ যাম কিয়? যি হওক, সোনকালে কোনো উত্তৰ নিদিওঁ। যেনে তেনে হাৰধাৰ হাত কৰি ল'ব নাগিব।

( ভিতৰলৈ সোমাই যায়। )

 দেওবৰীয়া হাটৰ দাঁতি। এখন চট পাৰি গেৰুৱা কাপোৰ পিন্ধা এজন ফকিৰ বহিছে, ওচৰতে ফকিৰৰ এটা চেলা। ফকিৰৰ সম্মুখত দুটা মোনা; তাৰে এটাত কিছুমান গুৰি, আনটোত কিছুমান তাবিজ। ওচৰতে অলপ ফটা কাকত, এটাৰে হেঁচা দিযোৱা। কেউকাষে কিছুমান হাটৰুৱা মানুহ।

ফকিৰ (হাতত অলপমান গুৰি লৈ ) এই ঔষধৰ গুণত

সংসাৰৰ যিমান প্ৰকাৰ ৰোগ-শোক আছে সকলো নষ্ট হয়, মোকৰ্দমাত জয় লাভ কৰিব পাৰি, যাকে তাকে বশ কৰিব পাৰি, লক্ষ্মীৰ কৃপা পাব পাৰি। মুঠতে এই ঔষধ লগত থাকিলে আধি-ব্যাধি, জৰা-মৃত্যু, গ্ৰহদোষ, দৈবদোষ সকলো খণ্ডন হয়। কাৰবাক লাগিলে নিব পাৰা। ইয়াৰ বাবে এটা ফুটা কড়িও দিব নালাগে। লোকক কৃপা কৰি মোৰ গুৰু পূজ্যপাদ স্বামী ভৈৰৱানন্দই ইয়াক বিনামূল্যে বিতৰণ কৰিবলৈ মোক আদেশ কৰিছে। গুৰুৰ আদেশমতে আমি য'তে ত'তে বিলাই ফুৰিছোঁ।

চেলা— আচৰিত এই ঔষধ। ইয়াক লোৱা মাত্ৰেই মোৰ

পোন্ধৰ বছৰীয়া বাত বিষ ভাল হৈ গ'ল।

( মানুহবিলাকে “মোক দিয়ক” “মোক দিয়ক”কৈ হুলস্থুল

লগাই দিলে। ফকিৰে অলপ অলপ গুৰি কাগজত বান্ধি প্ৰত্যেককে দিবলৈ ধৰিলে। )

প্ৰথম হাটৰুৱা — পিচে ইয়াক ব্যৱহাৰ কৰিব লাগিব কেনেকৈ?
ফকিৰ— এই যে গুৰিখিনি ইয়াক সাতোটা শনি বা মঙ্গলবাৰে

গঢ়া অষ্ট ধাতুৰ তাবিজত ভৰাই মতাৰ হ'লে সোঁ হাতৰ আৰু মাইকীৰ হলে বাওহাতৰ বাউসীত বান্ধি ল'ব লাগে।

প্ৰথম হাটৰুৱা - তেনেকুৱা তাবিজ পোৱাই টান হ'ব দেখোন।
ফকিৰ - সোণাৰিৰ লগত বন্ধৱন্ত কৰি কৰাই ল'ব লাগিব।

অৱশ্যে খৰচ কিছু পৰিব। যদি কোনোবাই কৰাই ল'বলৈ টান পায়, তেন্তে আমাৰ পৰাও নিব পাৰে। আমি আগত থাকি তৈয়াৰ কৰাই আনিছোঁ। খৰচ গোটে আঠ অনাকৈ পৰিছে। আমাক এটা পাইও লাভ নালাগে। খৰচটো অৱশ্যে লব'ই লাগিব। নহলে আমি দেখাতেই ফকিৰ মানুহ, ধন ক'ত পাম। ( মানুহবিলাকে আঠ অনাকৈ দি একোটা তাবিজ কিনি লয়। এনেতে আনন্দ সোমাই আহে আৰু কোনে৷ সোধ-পোছ নোহোৱাকৈ ফকিৰৰ ডিঙিত ধৰি জোকাৰি পেলায়। মানুহবোৰে অবাক হৈ চাই থাকে। )

আনন্দ— দগাবাজ! কৰতীয়াই ফলা কাঠৰ গুৰিখিনি বুটলি

আনি হোজা মানুহক ঠগি পইচা ঘটিবলৈ আহিছ! হাৰামজাদা (জোকাৰে। )

ফকিৰ— মই তো কাৰো পৰা পইচা লোৱা নাই।
আনন্দ— পইচা লোৱা নাই? আকৌ মিছা কথা! তই এই

তাবিজবোৰ মণিহাৰী দোকানৰ পৰা দুপইচাকৈ কিনি আনি আঠ অনাকৈ বেচা নাই? পইচা লোৱা নাই! কি লৈছ? জুৱাচোৰ! ঘূৰাই দে পইচা', দে বুলিছে৷ ভালে ভালে।

মানুহবিলাক — মাৰ ইয়াক। ফকিৰ হৈছে। এনেকৈ মানুহক

ঠগিবলৈ আহিছে ( ইটোৱে সিটোৱে হেঁচাটো ঠেলাটো মাৰে। )

আনন্দ— ৰ’বা, তোমালোকে গোলমাল নকৰিবা। ইয়াৰ

চেলাটে৷ ক'লৈ গ'ল। তাৰ ভালহোৱা বাত বিষটো বিচাৰি উলিয়াব লাগে। ( সকলোৱে কেওফালে চায়। )

প্ৰথম মা— ( চাৰিওফাললৈ চাই ) সি কেনিবা পলাল। উঃ

এনে ব্ৰহ্মঠগ ইহঁত।

আনন্দ— ( ফকিৰক ) ভালে ভালে পইচা ঘূৰাই দে। দিবি নে

নিদিয়? ( ভালকৈ এটা জোকাৰ মাৰে। )

ফকিৰ- মোৰ তাবিজ —
আনন্দ— তাবিজ নাপাৱ। পইচা ঘুৰাই দে। গাই পতি আঠ

অনা।

ফকিৰ— আটাইবোৰে তে৷ তাবিজ লোৱা নাই।

আনন্দ—যি লৈছে তাকে দে।

ফকিৰ- দিওঁ, দিওঁ। (গাই পতি আঠ অনাকৈ পইচা দিয়ে। )
আনন্দ— এতিয়া উঠ ইয়াৰ পৰা। আকৌ যদি তোক দেখা পাওঁ।
মই তোৰ ভেজ পিহে এৰিম। আহা হা! কি পৰোপকাৰী

মহাপুৰুষ! গুচ ( গোৰ শোধায়। )

 ( ফকিৰে কাঠৰ গুৰিখিনি পেলাই বাকীখিনি সামৰী লৈ লৰালৰিকৈ ওলাই যায়। )

আনন্দ— ফকিৰৰ খিনি শাস্তি দিব লাগিছিল তোমালোকক।

তোমালোকৰ চকু নাই? নে মূৰত গোবৰ আছে? এনেকৈ য’ৰে ত'ৰে ঠগ একোটা আহি তোমালোকক লুটি লৈ যায় কেনেকৈ? ভাবিব নোৱাৰানে এনে ঔষধ থকা হ'লে পৃথিবীত ডাক্তৰ-কবিৰাজৰ নাম গোন্ধো নাথাকিল- হেতেন আৰু প্ৰত্যেক মানুহেই ৰজা হ'লহেতেন।

দ্বি, মা— ঠিক কৈছা বোপা! আমাৰ মূৰতে ঘিউ নাই।

নেপথ্যত—“ৰাধা-কৃষ্ণ বল বল বল ৰে সবাই ”।

 (গীত গাই দুট৷ বৈষ্ণৱৰ প্ৰবেশ। সিহঁতৰ চুলি খুৰোৱা ডিঙিত মালা, কপালত ফোঁট। এটাৰ ডিঙিত খোল, আনটোৰ হাতত তাল। সিহঁতৰ পিচে পিচে এজাক লৰা। )

বৈষ্ণৱ— ৰাধা-কৃষ্ণ বল বল বল ৰে সবাই।

 ( আনন্দক দেখি প্ৰথম বৈষ্ণৱে এখন কাগজ আগ বঢ়াই দিয়ে। )

আনন্দ— কি লাগে?
প্ৰ, বৈষ্ণৱ— পঢ়ি চান।
আনন্দ— পঢ়ি যে চাব লাগে, কবলৈ মুখ নাই?
দ্বি, বৈষ্ণৱ— চুনেন তাহ'লে। এই আচামৰ মানুহ গিলাৰ
ধৰ্ম্মভাব নাই। ঢেই জন্য আমি মহাপ্ৰভুৰ বাণী চুনাইতে

একটা গৌড়ীয় মঠ সাজিবলৈ ঠিক কৰেছি। আপুনি অলপ সাহাৰ্য্য কৰেন।

আনন্দ— গৌড়ীয় মঠ কি?
প্ৰ, বৈষ্ণৱ — বাগবাজাৰেৰ গৌড়ীয় মঠ জানেন? ইয়াত হ'ব

তাৰেই চাখা।

আনন্দ— তোমাৰ ঘৰ ক'ত?
দ্বি, বৈষ্ণৱ — কামৰূপ বৰনগৰে। আগে দামোদৰী আছিলাম,

এতিয়া মহাপ্ৰভুৰ কৃপায় আচল ধৰ্ম্ম পাই সেই ধৰ্ম্ম ছাৰি দিলাম।

আনন্দ— মঠ হৈ নুঠোঁতেই তোমাৰ মাত কথাই যি গঢ় লৈছে

মঠ হ'লে যে সি কি হ'ব মই ভাবিয়েই পোৱা নাই। তাৰ লগতে যদি এক চালান নেড়া নেড়ী আনি ঘৰে ঘৰে বঙলুৱা ৰাধা-কৃষ্ণৰ কেলি কৰিবলৈ মেলি দিয়া হয় তেন্তে হৈছে আৰু আমাৰ ফালে! তেতিয়া তোমাৰ দৰেই নিজৰ ধৰ্ম্ম, নিজৰ ভাষা এৰি “গকুলৰ নৰ-নাৰী এৰিবন্ত ঘৰ বাৰী”। সেই কাৰণে ইমানতে তুমি আঁতৰ হোৱা—মনে মনে।

প্ৰ, বৈষ্ণৱ — কিছু দেন !
আনন্দ— একো নিদিওঁ। গুচ্‌।
দ্বি, বৈষ্ণৱ— বহুত মানুহে আমাক সিধা দিছেন, টাকা দিছেন,

আপুনি বেচি নাপাৰেন অলপ মানকে দেন।

আনন্দ— চুপ্‌।
দ্বি, বৈষ্ণৱ — অলপ — অলপ দেন। এটা সিধাকে—
আনন্দ— মোৰ সিধাই একেবাৰে চিধা কৰি দিব। লাগে?
দ্বি, বৈষ্ণৱ— ( অবাক হৈ নেহেঙামেহেভি কৰে। )
আনন্দ — শঙ্কৰ-মাধব-দামোদৰ হৰিদেৱৰ ইমানবোৰ সত্ৰ আৰু

নামঘৰে এটা নাই, আকৌ ইহঁতক লগা হ'ল গৌড়ায় মঠ! (ঠেলা নাৰি ) গুচ্‌।

 ( বৈষ্ণব কেইটা ওলাই যায়। বাকীবোৰ পিচে পিচে যায়। )

দ্বিতীয় দৃশ্য।

 হাটখলাৰ ওচৰৰ এখন বাকৰি। তাত কিছুমান খুটি মাৰি কাগজ লগাই থোৱা আছে। তাত লিখা আছে- "Grow more food" “সৰহ শষ্য উৎপাদন কৰা। এফালে এখন মেজ আৰু এখন যাচিয়া। মাচিয়াত চৰকাৰী কৰ্ম্মচাৰী মথুৰ চৌধুৰী। সন্মুখত হাটৰ পৰা উলটি যোৱা হাটৰুৱাৰিলাক, কোনো বাঁহৰ ওপৰতে বহিছে, কোনো থিয় হৈ আছে।

মথুৰ।— ৰাইজ সকল! আপোনালোকে দেখিছে আমাৰ দেশৰ

লগত জাপানৰ যুঁজ লাগিছে। ৰণুৱা চিপাহীহঁতে আমাৰ দেশ ৰক্ষা কৰিবলৈ প্ৰাণ দি যুঁজিছে। আমি নাখায়ো তেওঁলোকক খুৱাব লাগিব। সেই কাৰণে আমাৰ খোৱাবস্তুৰ নাটনি হৈছে। বঙাল দেশত খাবলৈ নাপাই মানুহ মৰিছেই। এতিয়া আমাৰ নিজৰ নিমিত্তে আৰু দেশৰক্ষক

মিলিটেৰীৰ যোগান ধৰিবৰ নিমিত্তে আপোনালোকে

সৰহকৈ শস্য উৎপাদন কৰক। যুদ্ধৰ জয় নিৰ্ভৰ কৰিছে সৰহকৈ শস্য উৎপাদন কৰাৰ ওপৰতে। এতেকে অপোনালোকে এলাহ-ভাগৰ, লাজ-কাজ সকলো এৰি খেতিত লাগক, নিজক ৰক্ষা কৰক, নিজৰ দেশ ৰক্ষা কৰক।

 ( আনন্দ সোমাই একেবাৰেই পিচফালে জুপুকা লাগি থাকে। )

মথুৰ — আৰু চাওক আমাৰ দেশত সূতাৰ কল, কাপোৰৰ কল

একো নাই। নিমখ, চেনি, ডাইল আদিও আনদেশৰ পৰা নানিলে নচলে। এতিয়া এই নাটনিৰ দিনত আমি আন প্ৰদেশক ধান-চাউলৰ যোগাৰ দিব নোৱাৰিলে, সেইবোৰ দেশৰ পৰাও আমাৰ লাগতিয়াল বস্তু পোৱাৰ আশা নাই। সেই কাৰণে সৰহকৈ খেতি কৰাৰ বাহিৰে আৰু উপায় নাই।

প্ৰ, হা। - সৰহকৈ খেতি আমিও কৰিব খোজে॥ পিচে

খাবলৈ নাপাই মানুহ হলে। বেমাৰী। সিফালে মাটি নাই, গৰু নাই, যি দুই এটা আছে তাক চৰাবলৈকো গোপচাৰ নাই। সৰহ খেতি নালাগে আগৰ সমানকে কৰো কেনেকৈ? মুখৰ কথাতে জানো খেতি হ'ব?

আনন্দ। — ( অলপ আগ বাঢ়ি ) নহব কিয়? খাব জানিলে

চাউলেই চিৰা, বহিব জানিলে মাটিয়েই পীৰা। তাহানি আহোম ৰজাই একেটা ভেটিৰ তলে তিনি মহলা, ওপৰে তিনিমহলা ঘৰ সাজি শতমহলীয়া তলাতল ঘৰ কৰিছিল।

আজি কালি পশ্চিমীয়া বগাকাইহঁতে মাটিৰ তলত

একোখন নগৰ পাতিছে, ৰেল চলাইছে। আমাৰো তেনেকৈ আচল পথাৰৰ তলে ওপৰে বেচি নালাগে একোখন আকাশী আৰু একোখন পতালী পথাৰ উলিয়াই ল'লেই তিনি গুণ খেতিৰ ঠাই ওলাই যায় দেখোন। তাৰ উপৰি ঘৰৰ মজিয়া, ভঁৰালৰতল, পিৰালিৰ চুক আছেই। তাৰ পাচত গৰু নাই নাই, ঘৰৰ বুঢ়া-বুঢ়ীয়ে যুৱলি ল'লে আৰু আইকন বাপুকণ হতে নাঙলৰ খুটিত ধৰি গলেই কাম চলি যাব। ভাবনা কিহৰ? (সকলোৱে হাঁহে। )

মথুৰ।— এইটো ক'ৰ বলিয়া ওলালহি। তাক উলিয়াই দিয়া।

আনন্দ।—( মথুৰৰ ওচৰলৈ গৈ ভালকৈ জুমি-জামি চাই ) বঢ়িয়া! বঢ়িয়া! কালি ৰাতি লগ পোৱা গাভৰু গৰাকী তুমিয়েই নোহোৱা নে? বাঃ! বাঃ!

(গীত)

 তুমি ৰাজকৰ্ম্মচাৰী।
দিনত তুমি হোৱা চাহাব, সন্ধিয়া ষোড়শী নাৰী।

মথুৰ।— এই মদাহী বলিয়াটো থাকিলে সভা নচলে। সভা

ভঙ্গ। ম‍ই আহিলোঁ।

( প্ৰস্থান। )

আনন্দ।— খেতি কেনেকৈ কৰিব তাৰ কোনো দিহা নাই,

অকল সৰহকৈ কৰ বুলিলেই হৈ যাব নহয়! ইয়াৰ

নিমিত্তেই হাজাৰে হাজাৰে ৰাইজৰ ধন ভাঙি এইবোৰক ৰাখিছে। মুখেৰে ক'লেই যদি হয় ময়ো ক'ব পাৰো— খেতি কৰা, বাণিজ্য কৰা, ৰজা হোৱা, পণ্ডিত হোৱা, ঘিউৱে-মৌৱে দবনি পিতি খোৱা আৰু দিনে-ৰাতিয়ে ফস্তি মাৰি শুৱা।


⸻⸻

আনন্দ ঢলংপলংকৈ গৈ থাকে। বিপৰীত ফালৰপৰা গুঞ্জানন

সোমায়।

গুঞ্জ।— আনন্দ! তই আৰু তোৰ স্বভাৱটো নেৰিলি।

ওলালি আকৌ এই গধূলিখন ঢলংপলংকৈ।

আনন্দ।– ঢলংপলং নকৰি জানো পাৰি। বোমাৰ কোবত

পৃথিবীখনেই ঢলংপলং। তোমাৰ জীৱনটোও টলং ভটং!আন নালাগে পৈত্ৰিক ভেটিটোও ঢলংপলং টলংভটং। ব্যৱসায় বাণিজ্য, আহাৰ-বিহাৰ, লাভ লোকচান নতুনত্বটো কি দেখিলি?

গুঞ্জ। — বাৰু সেইবোৰ যাওক। তোৰ দৰে সুস্থ, সবল, বিদ্বান

মানুহ এটা এনেকৈ লোক-হাঁহিয়াতৰ পাত্ৰ হোৱাটো কেনে কথা তই নিজে ভাবি চাচোন। তই মদ এৰ।

আনন্দ।— তোৰ লগত মই চুপতি নকৰোঁ। কাৰণ তই খাটি

মানুহ৷ সেই দেখি কওঁ শুন—তই মোৰ মুখত মদৰ গোন্ধ কিমান দিন পাইছ?

গুঞ্জ।– ক'তা! মনত নপৰে দেখোন।
আনন্দ। — আজি একা? (হাকৈ মুখ মেলি দিয়ে। )
গুঞ্জ।— নাই।
আনন্দ।– তেন্তে?
গুঞ্জ।— তেন্তে তই মদ নাখাৱ নে কি?
আনন্দ।— কেতিয়াবা মাহেকে-পষেকে যে এঢোকা নামাৰো

এনে নহয়।

গুঞ্জ-। তেন্তে সদায় মতোৱাল হৈ ফুৰ কিয়?
আনন্দ। - কিয় কওঁ। তই কিন্তু কাকো নকবি, কোনোবাই

গম পালে মই আহুকালত পৰিম। আচল কথা হৈছে আজি-কালি সঁচা কথা ক'ব নোৱাৰি। ৰজাৰ পৰা খৰিভাৰীলৈকে সকলো মিছাৰ ওপৰত প্ৰবৰ্ত্তিছে। তুমি সঁচা কথা কোৱা মুঠেই, কিবা এখন অৰ্ডিনেন্সে তোমাক বান্ধি-ছাটি ৰঙাঘৰলৈ লৈ যাব। বজাৰলৈ যোৱাঁ, দেখিবা বস্তুৰদান বন্ধ! আছে, বস্তু হ'লে নাই। পিচ দুৱাৰেদি যোৱা, বস্তু পাবা, কিন্তু বন্ধা দামৰ দহগুণ দি। ধৰি দিবও নোৱাৰা, কাৰণ তেতিয়া হ'লে বেচি দামত পোৱাৰে৷ মূৰ মৰিব। চৰকাৰী ভঁৰালত বস্তু নাই, তুমি খাবলৈ নাপাই মৰি যোৱা৷ তাৰ পাচত শুনিবা হাজাৰ হাজাৰ মোন চাউল-ডালি গুদামতে পচিল, গৰু মহৰে৷ অখাদ্য হ'ল। তাক হয় জুইত নহয় নৈৰ বুকত জাহ দিলে।

গুঞ্জ। তাৰ পৰা কি হ'ল?
আনন্দ। — তৎ নাপাৱ কিয়? মোক ক'বলৈ দে। মোৰ
জিভাখনৰ এটা দোষ আছে। তাক যিমানেই সঁচা ক'বলৈ

মানা কৰোঁ নুশুনে; আন কি, মুখত সোপা দিও বন্ধ কৰিব নোৱাৰোঁ। ভাবি-চিন্তি উপায় পালোঁ মদাহী হোৱাটো। মদাহীয়ে মাজে মাজে কাৰবাৰ চৰটো ভুকুটো খালেও সহজে অৰ্ডিনেন্সৰ ফান্দত নপৰে। আৰু এটা সুবিধা আছে। ধৰ এনে এঠাইলৈ যোৱাৰ প্ৰয়োজন আছে য'লৈ কোনো ভাল মানুহ যাব নোৱাৰে। কিন্তু মদাহী হ'লে যোৱাত কোনো বাধা নাথাকে। সেইদিনা মদাহী নোহোৱা হ'লে গোপীকান্তক ধৰা পেলাব পাৰিলোঁ- হেতেন জানো?

গুঞ্জ।— অ' তেন্তে এইবোৰ তোৰ দুষ্টালিহে, মদৰ ৰাগী নহয়।
আনন্দ। — নহ'লে যে বাগি দিবৰ সুবিধা নাই!
গুঞ্জ। - বাৰু এতিয়ালৈকে যি কৰিলি কৰিলি, আৰু মিছামিছি

ভাও দি নুফুৰিবি। মোৰ কথা শুন। শুনিবি?

আনন্দ। — মই হাতত লোৱা কাম এটাৰ অলপ বাকী আছে।

সেইখিনি শেষ হ'বলৈ দে।

গুঞ্জ।— আৰু এটা কথা, — তই বোলে সাবিত্ৰী সুন্দৰীক বিয়া

কৰাব খুজিছ?

আনন্দ।— তাত হানি কি? আনে যেনিবা গোপনে বিয়া

কৰাইছে, মই প্ৰকাশ্যে বিয়া কৰাব খোজোঁ। মোৰ বাটটো ভাল নে সিহঁতৰটো ভাল?

গুঞ্জ।— তই সঁচাকৈ কচোন, বিয়াৰ কথাটো সঁচা নে মিছা।
আনন্দ। — এতিয়া নকওঁ, সময়ত গম পাবি। আৰু ইয়াত ৰৈ

থাকিব নোৱাৰোঁ, সময় নাই। মন গ'লে তয়ো মোৰ লগতে আহিব পাৰ।

গুঞ্জ।- বাৰু ব'ল।

( দুয়োৰে প্ৰস্থান )

দ্বিতীয় দৃশ্য

সাবিত্ৰী সুন্দৰীৰ বহা খোটালী। সাজ-সজ্জা পূৰ্ব্ববৎ।

সাবিত্ৰী বহি থাকে।ওচৰত পুহী।

পুহী— পিচে নো কি ঠিক কৰিলা?
সাবিত্ৰী- কিহৰ?
পুহী— বিয়াৰ, ডেকা বৰুৱাৰ প্ৰস্তাৱৰ।
সাবিত্ৰী— মই এতিয়াও একো ঠিক কৰিব পৰা নাই।
পুহী— মই দেখাত কথাটো ভাল দেখিছোঁ। লৰাটো দেখাতো

মোহলগা, ধন-সম্পত্তিও আছে। ইফালে কিবা হেনো “হেন-তেন” পৰীক্ষা পাচ কৰা। তাতে আকৌ ঘৰত কোনো নাই। ইয়াত যেনেকৈ তোমাৰ ওপৰত কোনো নাই, তাতো কোনো নাথাকে। মই ক'বৰ হ'লে এনে সুবিধা আৰু নোপোৱা। দুই-এঢোকা মদ খাব পাবে, তাতনো তোমাৰ কি হানি হ'ব! তাতে তুমি এৰুৱাওঁ বুলি লাগিলে এৰোৱাও টান কথা নহয়।

সাবিত্ৰী— সেইবোৰ ভাবি মই কোঁচ খোৱা নাই। কোঁচ খাইছো

আন এটা কথাত। এই যে গোবৰ্দ্ধন উকীল, মৌজাদাৰৰ পুতেক, খোদাবক্স সদাগৰ, মোহনচিং ঠিকাদাৰ — এওঁলোকৰ লগত মোৰ বন্ধুতা বহুত দিনীয়া। তেওঁলোকক এৰো কেনেকৈ? তেওঁলোকৰ পৰা আজিলৈকে কিমান টকা পইচা, কিমান গহনা গাঠৰি, কিমান কাপোৰ-কানি আদায় কৰিছে। তাৰ লেখ নাই। এতিয়া বিয়া হৈ গ'লে তেওঁলোকক একেবাৰেই এৰিব লাগিব। ডেকা বৰুৱাই জানে। এওঁলোকক তেওঁৰ ঘৰলৈ যাবলৈ দিব! এই কথাকে লৈ মই মহা চিন্তাত পৰিছো।

( কোনোবাই দুৱাৰত টুকৰিয়ায়। সাবিত্ৰীৰ ঈঙ্গিত মতে

বুঢ়ীয়ে দুৱাৰ মেলি দিয়ে আৰু মৌজাদাৰৰ পুতেক ভোলা- কান্ত সোমাই আহে। বুঢ়ীয়ে আকৌ দুৱাৰ বন্ধ কৰি থৈ ভিতৰলৈ সোমাই যায়। )

ভোলা— ( বহি ) কি হ'ল! আজি দেখোন গভীৰ চিন্তাত মগ্ন।
সাবিত্ৰী— কিবা এটা ভাবিছোঁ।
ভোলা — কিবা এটা! কি? মই কৈ দিওঁ।—এইটো নহয়

নে তুমি ভবা বস্তু?

( এটা বাখৰ পতোৱা আঙঠি সাবিত্ৰীৰ হাতত দিয়ে। )
সাবিত্ৰী- ( আঙঠিটো ভালকৈ চাই, ) কিমান পৰিল?
ভোলা— ষাঠি টকা। পছন্দ হৈছেতো!
সাবিত্ৰী— হৈছে। পিচে এই মাজৰ বাখৰখনৰ ঠাইত এডোখৰ
হীৰা পতোৱা হ'লে বেছি ভাল হ'লহেতেন।(আঙুলীত পিন্ধে।)
ভোলা — ইয়াত তেনে বস্তু পাবলৈ নাই। বাৰু পিচে-পৰে

যোগাৰ কৰিব পাৰিলে সলাই দিয়া যাব। পিচে এটা কথা। আজি তোমাৰ মনটো মৰা যেন দেখিছোঁ।

সাবিত্ৰী- এৰা, মনত কিবা এটা ভাবনা সোমাইছে।
ভোলা— কি ভাবনা! অ' হয়, মই আজি ঘুনুক ঘানাককৈ

শুনিলোঁ বোলে আনন্দ বৰুৱাৰ লগত তোমাৰ বিয়াৰ কথা-বতৰা চলিছে। সঁচা নে?

সাবিত্ৰী— একেবাৰেই মিছা নহয়।
ভোলা— তুমি মত দিছা?
সাবিত্ৰী— এতিয়ালৈকে নাই দিয়া।
ভোলা— তুমি সেই মদাহীটোলৈ যাবা নে?
সাবিত্ৰী— মদাহী নহ'লে নো কোনে মোক সতকাই বিয়া

কৰাবলৈ আগ বাঢ়িব! এই ধৰা তুমি। তোমাকে ম‍ই ইমান ভাল পাওঁ! তুমিও দিনটোত এবাৰ মোক নেদেখিলে থাকিব নোৱাৰা। কিন্তু ক'তা! তুমি তো মোক বিয়া কৰাব নোখোজা!

ভোলা।— তোমাক বিয়া কৰাব পৰা হ'লে যে মই স্বৰ্গ সুখো

নিবিচাৰিলোঁহেতেন। কিন্তু কি হ'ব! পিতাদেউ ইমান নৈষ্ঠিক যে তেওঁ মোক তোমাৰ ঘৰলৈ অহা বুলি জানিলেও ত্যাজ্য পুত্ৰ কৰিহে এৰিব। মোৰ ইচ্ছামতে যে কাম নহয়।

( কোনোবাই দুৱাৰত খুন্দিয়ায় আৰু “দুৱাৰ মেলা,”

“দুৱাৰ মেলা”কৈ চিঞৰে। )

ভোলা।— সৰ্বনাশ! সেই মদাহীটোৱেই হ'ব পায়। ম‍ই

ক’লৈ যাওঁ?

( দুৱাৰত বেচিকৈ খুন্দিয়ায়।)
কি কৰিম! কেনি যাম!
সাবিত্ৰী। — মেজৰ তলত সোমোৱা।

(ভোলা মেজৰ তলত সোমায়, সাবিত্ৰীয়ে মেজ ঢকা কাপোৰখন সন্মুখৰ ফালে বেচিকৈ টানি দিয়ে। তাৰ পাচত দুৱাৰখন মেলি দিয়ে আৰু আনন্দ সোমাই আহে। )

সাবিত্ৰী। – ( আগভেটি থিয়হৈ ) ইমান তৎ-গুৰি নোহোৱা

হৈছে কিয়?

আনন্দ। — সেইটো মোৰ স্বভাৱৰ দোষ। লাহে-ধীৰে কাম

কৰা মোৰ অভ্যাস নাই।

সাবিত্ৰী।- তুমি কালিলৈহে আহিম বুলিছিলা।
আনন্দ। বোলাত তো বুলিছিলোঁ; পিচে ভৰি দুটাই দেখোন

আজিয়েই লৈ আহিল। সিহঁত বৰ উদণ্ড, মোৰ কথা শুনিবকে নোখোজে।

সাবিত্ৰী। মই তো আজিয়েই তোমাৰ কথাৰ উত্তৰ দিব

নোৱাৰিম।

আনন্দ।— নোৱৰা নাই। সেই বুলি বহা বুলি ক'ব ও

নোৱাৰানে?

সাবিত্ৰী। – (বিমৰ্ষভাবে ) বহাঁ, তাকো আকৌ মই ক'ব

লাগিছেনে?

আনন্দ।— এনেয়ে নালাগে, পিচে তুমি দেখোন বাট ভেটি

ধৰিছা! ( সাবিত্ৰী জাঁতৰি যায়। আনন্দ বহে, সাবিত্ৰীয়েও নিজৰ আসন লয়। )

আনন্দ।— তোমাৰ হাৰধাৰ পালেহি।
সাবিত্ৰী। - ক’তা?
আনন্দ। — অনা নাই। এতিয়া আনিলে কি হ'ব! তাতকৈ

জোৰণৰ দিনা আন আন অলঙ্কাৰ-পাতি, কাপোৰ কানিৰে সৈতে একেলগেই আনিম।

সাবিত্ৰী। — বিয়া হ'লে হে।
আনন্দ। — কিয়? মোৰ প্ৰস্তাবত তেন্তে তোমাৰ মত নাই?
সাবিত্ৰী।— আছে ও নাই ও।
আনন্দ।— তাৰ মানে?
সাবিত্ৰী। - বিয়া হৈ গ'লেও মই এই ঘৰ একেবাৰেই এৰি

নাযাওঁ। মন গ'লে কিছু দিন তোমাৰ ঘৰত থাকিম, আৰু তুমিও মন গ'লে মোৰ ইয়াত থাকিব পাৰিবা। এই বন্দবস্তু হ'লে বিয়াত মোৰ অমত নাই।

আনন্দ।- তাৰমানে তুমি ক'ব খোজা যে স্বাধীনভাবে যাবে

তাৰে লগত প্ৰেম কৰিবা আৰু কিবা লেঠা লাগিলে মোৰ ঘৰত দুই এদিন থাকি দায়িত্বৰ বোজাটো মোৰ কান্ধত তুলি দিবা। তোমাক এইখিনি সুবিধা দিবলৈকে মই

বিয়া কৰাব লাগে!

নহয়? বাঃ! বাঃ! ঠিক তোমাৰ বুদ্ধি আছে! কেতিয়াবা তুমি ৰাজপাটো খোৱা কি চোৱা হে!

সাবিত্ৰী। মোৰ কথামতে নহলে বিয়াত মোৰ মত নাই।
আনন্দ।— আৰু তোমাৰ কথামতে হ'ব লাগিলে মোৰো মত

নাই।

সাবিত্ৰী। তেন্তে বিয়া নহয়।
আনন্দ। — তেন্তে সকলো সম্পৰ্ক ইমানতেই শেষ।

( এঙা মূৰি দি মাচিয়াত আউজি ভৰিহাল পোনাই মেজৰ মাজলৈ মাৰি পঠিয়ায়। ) হ্যা! এইটো কি?

সাবিত্ৰী।— এহ! কুকুৰটো শুলেহি হবলা!
আনন্দ। - ই তো কম কুকুৰ নহয়।ই চোৰাং চোৱা হৈ মনে

মনে আমাৰ গুপ্ত কথা শুনিছেহি। গুচ্। ( গোৰ মাৰি দিয়ে।

আও! ই কেনে কুকুৰ! গোৰ খাই গোৰগোৰাই তো

নুঠিলেই, কাতি কুটাও নকৰিলে। চাওঁ।

 ( জেপৰ পৰা টৰ্চটো উলিয়াই মেজৰ তলত চাই )

বাঃ বাঃ! মস্ত ভলুকা কুকুৰ। আহ আহ কুৰ্ কুৰ্ কুৰ্‌ কুৰ্‌।

( কাণত ধৰি টানে। )

 ( গুঞ্জাননৰ প্ৰবেশ। )

সাবিত্ৰী। - আপোনাৰ ই অনধিকাৰ প্ৰবেশ। কি লাগে?
গুঞ্জ। — ক্ষমা কৰিব। বিশেষ জৰুৰী কামত আনন্দক লগ

পাব লাগে। হেই আনন্দ! কি কৰিছ?

আনন্দ।— ৰ, কুকুৰ পোৱালী এট৷ পাইছো। কুৰ্‌ কুৰ্‌

কুৰ কুৰ। ( কাণত ধৰি ভোলাক উলিয়াই আনে। )

গুঞ্জ।— এইটো দেখোন গোপীকান্ত মৌজাদাৰৰ পুতেক

ভোলাকান্ত।

আনন্দ।— নহয় নহয়। এওঁ শ্ৰীমতী সাবিত্ৰী সুন্দৰীৰ পোহনীয়া

কুকুৰ ভলুকা। আহ, আহ, কুৰ্‌ কুৰ্‌, কুৰ্‌,কুৰ্‌।

( কাণত ধৰি টানি লৈ ঘূৰায়। সাবিত্ৰী মূছকঁচ যায়। )


অন্ত।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )