পৃষ্ঠা:Yugnayak Sankardeva.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
কন্-ফু-ছিয়াছ্, ছক্ৰেটিছ আৰু যীশুখৃষ্ট

কৰে, তেন্তে বুলিব লাগিব তেওঁ ভাল বেজ বা ভাল শাসক নহয়।’ ‘ভোগীৰ সুবিধাৰ বাবে নহয়, নিজৰ সুবিধাৰ বাবে যি বেজালি কৰে তাক নো মানিব লাগে কিয়? সেইদৰে শাসককো? আপোনপেটীয়া গুণ বাখানে কোনে? ‘সিহঁতক মানে, কিয়নো মানুহ অলপধতুৱা, নিৰ্বোধ, মূৰ্খ। চলাওঁতাই চলাব, কিয়নো তেওঁলোেক অবিচাৰী; অবিচাৰেই ধৰ্ম, অবিচাৰেই জ্ঞান, অবিচাৰেই বল, অবিচাৰেই সুখ। অবিচাৰীবিলাকেই বলৱন্ত, বুদ্ধিমন্ত সুবিচাৰত বিশ্বাস কৰা মুৰ্খবোৰক তেওঁলোকেই বায়। ছক্ৰেটিছে তাৰ্কিকৰ এই তৰ্কত খুত ধৰে, ‘অবিচাৰীবোৰেও অবিচাৰ কৰিবলৈ বিচাৰে, অবিচাৰ সহিবলৈ নিবিচাৰেঃ শাস্তিৰ ভয় নথকা হলে আটায়েই অবিচাৰী হলহেতেনঃ তেন্তে অবিচাৰ সহিব নালাগক বুলিয়ে আমি কাম কৰোঁ, কাম ভাল বা বেয়া বুলি নহয়? অবিচাৰ প্ৰতিৰোধ কৰিবলৈ আটায় সমৰ্থ নহয়, গতিকে মানুহ সমাজবদ্ধঃ মানুহ নিজত এটা, সমাজত এটা, এনে হব নোৱাৰেঃ গতিকে নিজত (আত্মাত) আৰু সমাজত, উভয়তে সুবিচাৰৰ শাসন হব লাগিব। (ৰাষ্ট্ৰ, ১ম পুথি)।

 তাৰ্কিকবোৰৰ নিজা মতবাদ একো নাছিল; বায়ুত ওপঙি ফুৰা কথাবোৰকে চপাই লৈ সিহঁতে সৰ্বসাধাৰণক ভালৰি লগোৱা কথাবোৰ কৈছিল। সিহঁতে কয়, ‘ই প্ৰকৃতিৰ আৱশ্যকীয় আৰু সাৰ্বজনীন নিয়ম যে বলৱন্তই ৰাজত্ব কৰে। উভয় পক্ষৰ শক্তি সমান হলেই সুবিচাৰৰ কথা ওলায়। সুবিচাৰ ধুনীয়া কথা; মুখৰ মাজত আকৰ্ষণীয় বক্তৃতা দিবলৈ এনেবোৰ ভাব লাগেই; পাছে ইয়াত সাৰ বস্তু একো নাই।’ স্বৰূপতে সেই কালৰ গ্ৰীছত প্ৰচলিত এনেবোৰ উপলুঙা মতৰ বিৰুদ্ধেই ছক্ৰেটিছ আৰু তেওঁৰ শিষ্য প্লেটোই বুজিছিল। ছক্ৰেটিছৰ মতে সুবিচাৰ সত্য; আৰু তাৰ বিৰুদ্ধে কোৱা পূৰ্ববৰ্তী দাৰ্শনিকবিলাকৰ কথা অসত্য : যিহেতুকে সেইবোৰ মতবাদৰ একো লক্ষ্য নাই, আৰু সেইবোৰে জীৱনৰ মূল্যাঙ্কত কোনো বৰঙনি যোগাব পৰা নাই। ছক্ৰেটিছে তেওঁৰ পূৰ্ববৰ্তীবিলাকৰ ‘আবোল-তাবোল’ কথা এৰি