পৃষ্ঠা:Yugnayak Sankardeva.djvu/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১৩
নামঘৰ আৰু সত্ৰ-অনুষ্ঠানত শঙ্কৰী সংস্কৃতি

তাত অকল গাঁৱৰ গুৰুজনাৰ তিথি-মহোৎসৱ, জন্মাষ্টমী, ভাৱনা- সবাহকে পতাই নহয়, প্ৰয়োজন বুজি তাত গাঁৱৰ অন্যান্য সমস্যা- বোৰৰ সমাধান আদিৰ বাবে ৰাইজ গোট-খোৱা ঠাই হৈ পৰিল, আৰু আজিলৈকে সি সেইদৰে আছে।

 বৰ্ত্তমান গঢ়ত সত্ৰবিলাকৰ জন্ম কেতিয়া হল সঠিক কোৱা টান; কিন্তু নামঘৰৰ পৰাই যে তাৰ উচ্চ খাপ ৰূপে ইয়াৰ উৎপত্তি হয় তাত সন্দেহ কৰিবৰ কাৰণ নাই। সম্ভৱ সপ্তদশ-অষ্টাদশ শতিকাত আহোম ৰজাসকলে দিয়া সম্বল আৰু অনুগ্ৰহ লাভৰ বাবেই আড়ম্বৰ- পূৰ্ণভাৱে প্ৰতিষ্ঠিত হৈ বৰ্ত্তমান সত্ৰবোৰে সমাজতো উচ্চ স্থান লভিলে আৰু গাঁৱে গাঁৱে থকা নামঘৰবোৰ কোনো উপায়ে নিজ শাসনলৈ আনিবলৈ প্ৰত্যেক সত্ৰ অনুষ্ঠান উঠি-পৰি লাগিছিল। এইটো সম্ভৱ নুই কৰিব নোৱাৰি, এহাতে ৰাজকীয় সা-সুবিধা আৰু ইহাতে ব্যৱসায়ী আকাঙক্ষা, তাৰ মাজত সত্ৰবোৰ সাত্ত্বিক আদৰ্শৰ পৰা ৰাজসিক ভাবলৈ নামি আহিল। বিশেষ মন কৰিবলগা কথা, মূল আদৰ্শত পতা গাঁৱলীয়া কোনো নামঘৰ আৰু অনুকৰণত পতা ঘৰুৱা গোসাঁই-ঘৰবোৰৰ সিংহাসনত কেতিয়াও কোনো নথকা সত্ত্বেও ৰাজ-অনুগ্ৰহৰ লোভত পতা সত্ৰবিলাকে মহাপুৰুষীয়া ধৰ্মৰ মূল আদৰ্শকো বলি দি মূৰ্ত্তি স্থাপন কৰিবলৈ ধৰিলে। সাত্ত্বিক সত্ৰবোৰ ৰাজসিক আৰু ব্যৱসায়ী অনুষ্ঠানত পৰিণত কৰাৰ চেষ্টাৰ চিন বৰপেটা সত্ৰ আদিতে জলজল-পটপট হৈ ওলাই আছে। তাৰ মূল নামঘৰত কোনো মূৰ্ত্তি বা বিগ্ৰহেৰে আদৰ্শ কলঙ্কিত কৰা নাই বা কৰিবৰ সাহ নহ’ল সচা; কিন্তু কলীয়া গোসাঁই বোলা জড়পদাৰ্থ তাৰ বাহিৰে থাকি অনেক ৰাজ-অনুগ্ৰহ আৰু জড়োপাসক অনেক লোকৰ সেৱা সি আজিলৈকে পাই আছে।

 আন এটা মন কৰিবলগা কথা হল গুৰুগিৰি। এক ধৰ্মৰ গুৰুও এক, দুই বা অধিক হব নোৱাৰে। লৌকিকভাৱে মাধৱদেৱক সামৰি যদিও “দুজনা গুৰু” বোলা হয়, তথাপি পিতৃগুৰু-শিক্ষাগুৰু