পৃষ্ঠা:Yugnayak Sankardeva.djvu/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৪
যুগনায়ক শঙ্কৰদেৱ

মোৰ মুখে তান গুণ বৰ্ণাইবোঁহো কত।
অদ্যাপি আছন্ত বিষ্ণুপুৰ নগৰত॥৪৮৪।
ধীৰ মহন্ত সন্ত জগতে যে প্ৰধান।
তানো মোক দয়া আছে সৱাতে প্ৰমাণ॥” ৪৮৫।

শঙ্কৰদেৱৰ তিৰোভাবৰ ১৫|১৬ বছৰৰ পাছতে নৰনাৰায়ণৰ মৃত্যু হয়; গতিকে গুৰুজনৰ বৰ-পো আৰু সৰু-পোৰ নাতিয়েক পুৰুষোত্তম- চতুৰ্ভুজৰ কালত ভূষণ দ্বিজ নৰনাৰায়ণৰ ৰাজকবি হোৱাটো গছত গৰু উঠা কথা যে সন্দেহ নাই। সি যিহওক, নিজ গুণত এই গুৰু- চৰিতৰ প্ৰমাণ লবলৈ গ'লে পোৱা হয় জনগণৰ মুখৰ পৰা লুপ্ত-প্ৰায় শঙ্কৰ-চৰিত উদ্ধাৰৰ চেষ্টাত অ'ৰ-ত’ৰ পৰা শুনি তেওঁ এই চৰিত লিখিছেঃ

“পূৰ্বে যত যত মহা পণ্ডিত আছিলা।
অন্যো-অন্যে এহি কথা আনলে চৰ্চ্চিলা॥
অন্তকালে পাইলা সৱে বৈকুণ্ঠ ভূৱন।
সিসৱ কথাক আৰ কহে কোনজন॥ ৭।
লুপ্ত হোৱে কথা খেদ মিলিল মনত।
কহিলোঁ আমাৰ ইটো প্ৰয়োজন যত॥” ৮।

আচৰিত কথা, ৰামচৰণ আৰু দৈত্যাৰিৰ দুখন গুৰু-চৰিত আগত থকাতো তেওঁ লিখিছে-

“নুহি শ্লোক বন্ধে আৰু পদে নিবন্ধিব।
নাহিকে আৰিসি তাক চাহিয়া থাকিব॥
শুনা কথা কতো পৰে নপৰে মনত।
হোৱে আগ-পাছ মোৰ বুদ্ধিৰ দোষত॥” ৫৬।

“নাহিকে আৰিসি”বোলাজনৰ এই পুথিত ৰামচৰণ ঠাকুৰৰ পদ পাতে পাতে আছে! দৈত্যাৰিঠাকুৰেও সেইদৰে পিতাকৰ চিনাকি দিছে⸺