এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
হিৰণ্য গগৈ বৰুৱাৰ কবিতা অর্পন নাম তাৰ প্ৰশান্ত সাগৰ সাগৰ নহয় কিন্তু মহাসাগৰহে । ধৰ বিশাল পাৰ নাই যাৰ অপাৰ । ল’বালিতে সা সেই টুলুঙা নাওঁখন ক'ত থলো পাহৰিলো বিচাৰি নাপালোচোন— পোৱা হলে বিচাৰি তাতেই উটাই দিলোহেঁতেন উগুল-থুগুল লগাই থকা বেদনাৰ বোজাবোৰ আৰু জন্মভূমিৰ বাবে টোকা তপত চকুলোবোৰ ॥ স্বপ্নশিখা / ৩